বিশ্লেষণঃ ভোট দিব কাকঃ বিবেকেৰে নে আবেগেৰে? ::ৰয়েল পেগু - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ভোট দিব কাকঃ বিবেকেৰে নে আবেগেৰে? ::ৰয়েল পেগু

বিশ্লেষণঃ ভোট দিব কাকঃ বিবেকেৰে নে আবেগেৰে? ::ৰয়েল পেগু

Share This
ASSAM ELECTION অসমৰ নিৰ্বাচন, ভোট দিব কাক
ভোট দিব কাকঃ বিবেকেৰে নে আবেগেৰে?
আগন্তুক বিধানসভা নিৰ্বাচন আৰু ছদ্মবেশী জাতীয়তাবাদী
ৰয়েল পেগু
অহা ২৭ মার্চৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ'ব লগা বিধানসভা নির্বাচৰ প্ৰচাৰ অভিযান ক্ৰমাত তীব্রতৰ হৈ উঠিছে। বিগত ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত অসমৰ ৰাইজে কংগ্রেছ চৰকাৰৰ অবাধ দুর্নীতি আৰু ৰাজনৈতিক ব্যভিচাৰত অতিষ্ঠ হৈ বিজেপি দলক দিছপুৰৰ গাদীত বহুৱাইছিল। 
ASSAM ELECTION অসমৰ নিৰ্বাচন, ভোট দিব কাক
মুখ্যমন্ত্রী সর্বানন্দ সােনােৱালেও অসমবাসী ৰাইজক জাতি-মাটি-ভেটি সুৰক্ষাৰ প্রতিশ্রুতি প্রদান কৰিছিল। দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মােদীয়েঅসমৰ পৰা বাংলাদেশী বিতাড়নৰ লগতে বিকাশৰ বিভিন্ন প্রতিশ্রুতি দিছিল। কিন্তু বিগত পাঁচ বছৰত অসমৰ ৰাইজে বিজেপি চৰকাৰৰ সৈতে যি তিতা-কেঁহা অভিজ্ঞতা লাভ কৰিলে, বিজেপি চৰকাৰৰ পৰা যি বঞ্চনাৰ সন্মুখীন হ'বলগা হ’ল তাক কৈ শেষ কৰিব নােৱাৰি। কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ‘কা’ জাপি দিলে, বাংলাদেশক অসমৰ ভূমি দিলে, অসমৰ সম্পদ বিক্ৰী কৰিলে সর্বতােপৰি সাম্প্রদায়িক আগ্রাসী ৰাজনীতিৰে অসমৰ জাতি-জনগােষ্ঠীসকলৰ স্বকীয় পৰিচয়, সংস্কৃতি, সম্প্রীতি বিনষ্ট কৰি পেলালে। আগ্রাসী গেৰুৱা দলে অসমত সাম্প্রদায়িক ৰাজনীতিৰ বিষবাষ্প বিয়পাইছে। যিয়ে অসম ভূমিত অদূৰ ভৱিষ্যতে অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি। নিজৰ ভূমিতে আজি খিলঞ্জীয়া ভূমিপত্র অসমীয়াৰ অস্তিত্ব বিপন্ন। কিন্তু প্রায়বােৰ খিলঞ্জীয়া জাতি-জনগােষ্ঠীৰ দল-সংগঠন তথা নেতাক গেৰুৱাকৰণ প্রক্রিয়া বা গেৰুৱাৰ ওচৰত আঁঠুকাঢ়ি জায়ীই থকাৰ এক সু-পৰিকল্পিত ৰণকৌশল চলি আছে। মুঠতে অসমত জাতীয়তাবাদ সত্তাক নিঃশেষ কৰি গেৰুৱাকৰণৰ ষড়যন্ত্র সংগােপনে চলিছে। 
কিন্তু গেৰুৱাৰ আগ্রাসন খিলঞ্জীয়া অসমীয়া জাতিৰ পৰিচয়, সংস্কৃতি, সাতামপুৰুষীয়া ভাতৃত্ববােধ বিপন্ন কৰিব, তাক দোহৰাৰ প্রয়ােজন নাই। কৌশলী ৰাজনীতিৰে অসমৰ বিভিন্ন আঞ্চলিক আৰু উপ-আঞ্চলিক ৰাজনৈতি দলৰ লগতে জাতি-জনগােষ্ঠীয় দলসংগঠন আৰু নেতাক গেৰুৱাকৰণ প্ৰক্ৰিয়াৰে বিজেপি দলে অসমত ক্ষমতাত বৰ্তি থকাৰ যি নিকৃষ্ট ৰাজনীতি কৰিছে, তাত বহু পৰিমাণে সফলো হৈছে। বিজেপিৰ এনে আগ্রাসী নীতিত আঞ্চলিক দলবােৰ ক্ৰমে নিশকটীয়া হৈ অহাৰ বিপৰীতে ছদ্মবেশী জাতীয়তাবাদ আৰু কংগ্ৰেছ তথা অন্য দলৰ পৰা অহা নেতা-পালিনেতাৰে ভাৰক্ৰান্ত হৈ পৰিছে অসম বিজেপি। বিপৰীতে পুৰণি তথা নিষ্ঠাৱান বিজেপি নেতাকর্মীসকলে দল মজিয়াত এলাগি হ’বলৈ ধৰিছে। বিজেপি দল ছদ্মৱেশী জাতীয়তাবাদীৰে ভৰি পৰিছে। প্রকৃত সুস্থ জাতীয়তাবাদে জাতিৰ ঐক্যক সুদৃঢ় কৰে, শক্তিশালী কৰে। কিন্তু ছদ্মৱেশী জাতীয়তাবাদীসকলে নিজৰ ক্ষুদ্র স্বার্থ পূৰণ আৰু ক্ষমতা দখলৰ বাবে গােপনে জাতিৰ স্বাভিমানক লৈ খেলা কৰিছে, ষড়যন্ত্রত লিপ্ত হৈছে। এনে ছদ্মবেশী জাতীয়তাবাদীৰ পৰা সাৱধান হ'বৰ হ’ল। ইপিনে বিজেপি চৰকাৰে সস্তীয়া চমক সৃষ্টিৰ ৰাজনীতিৰে পুনৰ ক্ষমতা দখলৰ সপােন দেখিছে। হিতাধিকাৰী আঁচনিৰে নগদ ধন বিলাই ভােটাৰ ৰাইজক যি আকর্ষণ চেষ্টা কৰিছে। পেট্র'ল-ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ ফলত বিজেপি চৰকাৰৰ পৰিৱৰ্তন যাত্ৰাৰ পৰা অসম তথা দেশৰ জনতাই আজি পৰিত্ৰাণ বিচাৰিছে। মুঠতে দেশত প্ৰৱঞ্চনা তথা ভুৱা প্রতিশ্রুতিৰে বহু ৰাজনীতি কৰা হ'ল। এতিয়াও মানৱীয় প্রমূল্যবােধ সম্পন্ন ৰাজনীতি সুদূৰ পৰাহত। 
প্ৰাসংগিক লেখাঃ পঢ়িবলৈ শিৰোনামত ক্লিক কৰক
বর্তমান অসমত আদর্শ তথা মূল্যবােধৰ ৰাজনীতিৰ বিপৰীতে সস্তীয়া চমক সৃষ্টি কৰা নীতি-আদর্শহীন বহুৱালি ৰাজনীতিৰ ধাৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এনে চমক সৃষ্টি কৰা সস্তীয়া ৰাজনীতিৰ ধাৰা সােমােৱাই দিবলৈ প্ৰভাৱশালী নেতাই অহৰহ চেষ্টা কৰি আহিছে। মুঠতে কর্ম-সংস্কৃতিৰহিত এক অবাস্তৱ, অসমাপ্ত সপােনৰ পম খেদি যুৱ প্ৰজন্মক দৌৰাই নিজৰ অভীষ্ট সিদ্ধিৰ ৰাজনৈতিক আখৰা চলিছে। যিটো সুস্থ গণতন্ত্র তথা যুৱ প্ৰজন্মৰ ভৱিষ্যৎ ৰাজনীতিৰ বাবেই অশনি সংকেত। এতিয়া বিশেষকৈ অসমৰ যুৱ প্ৰজন্মই অন্ধভাৱে কোনাে নেতা বা ৰাজনৈতিক দলক অনুসৰণ বা বিশ্বাস কৰাৰ সময় নহয়। সঠিক সিদ্ধান্ত গ্রহণৰ বাবে প্রতিমুহূর্তত বিবেক আৰু যুক্তিৰে পৰিচালিত হ'বলৈ শিকা, চেষ্টা কৰা আৰু নেতৃত্ব লােৱাৰ সময়।
প্ৰাসংগিক লেখাঃ পঢ়িবলৈ শিৰোনামত ক্লিক কৰক
ইপিনে এইবাৰ নিৰ্বাচনত বৃহৎ নদীবান্ধৰ প্ৰসংগই বৰ্তমানলৈ তল পৰি থকা পৰিলক্ষিত হৈছে। আনকি বৃহৎ নদীবান্ধ আতংকই খেদি ফুৰা উত্তৰ অসমৰ বিশেষকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহতাে দলীয়নির্দলীয় প্রার্থীসকলৰ মুখতাে পূর্বৰ দৰে বৃহৎ নদীবান্ধ প্রসংগই উত্থাপিত হােৱা পৰিলক্ষিত হােৱা নাই। উত্তৰ অসমৰ বান্ধবিৰােধী জনতাই এইবাৰ নিৰ্বাচনত কাক ভােটদান কৰিব, কাক বিশ্বাসত ল’ব তাক লৈ চিন্তিত হৈ ৰৈছে। বিজেপি-কংগ্ৰেছ দুয়াে দলেই নদীবান্ধৰ পক্ষত। 

এইবাৰ নিৰ্বাচনত উত্তৰ অসমৰ প্রভাৱশালী উপ-আঞ্চলিক দল সন্মিলিত গণশক্তি, অসমৰ নিজা প্রার্থী নাই। দলে বিজেপিক সমর্থন কৰিছে। ইপিনে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুটাই বৃহৎ নদীবান্ধ বিৰােধী যদিও নির্বাচনৰ সময়ত এই ইচ্ছু আকর্ষণীয় তথা সৱল ৰূপত তনতাৰ সন্মুখত তুলি ধৰা পৰিলক্ষিত হােৱা নাই। তদুপৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্রার্থী উত্তৰ অসমৰ সমষ্টিসমূহৰ বিজয়ৰ সম্ভাৱনা অনিশ্চিত। এনে এক নিমিলা ৰাজনৈতিক অংকৰ মাজত বান্ধবিৰােধী জনতাই গুজৰি-গুমৰিব লগা হৈছে। অসমৰ ভিতৰতে লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলা সর্বাধিক পিছপৰা অনগ্ৰসৰ আৰু সমস্যা জর্জৰিত এলেকা। বানপানী, গৰাখহনীয়া, যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলাে দিশতে সীমাহীন সমস্যা-যন্ত্রণাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে উত্তৰ অসমৰ ৰাইজে। একেদৰে চুবুৰীয়া অৰুণাচল প্রদেশৰ বিভিন্ন নদীত নির্মাণ কৰিব লােৱা বৃহৎ নদীবান্ধে অসমৰ লগতে বিশেষকৈ উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাৰ জনজীৱনক ভীষণভাৱে আতংকিত কৰি ৰাখিছে। দেশ স্বাধীনতাৰ বিগত তিনিকুৰি বছৰে উন্নয়নৰ মুখ নেদেখা আৰু বৃহৎ নদীবান্ধৰ আতংকই খেদি ফুৰা এই উত্তৰ অসমৰ ৰাইজৰ বাবে স্বাভাৱিকতে সমাগত বিধানসভা নির্বাচন অতি গুৰুত্বপূর্ণ। বিগত দিনত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এই লখিমপুৰ-ধেমাজিৰ পৰাই আৰম্ভ হৈছিল গণআন্দোলন। 

বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত পােন প্রথমে আৰম্ভ হােৱা বৃহৎ নদীবান্ধ বিৰােধী আন্দোলনে অসম তথা দেশজুৰি আজিও অব্যাহত আছে। নামনি সােৱণশিৰি বৃহৎ নদীবন্ধৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশৰ বিভিন্ন নদীত নির্মাণ কৰিব লােৱা ১৬৫ টাৰাে অধিক বৃহৎ নদীবান্ধে সােৱণশিৰি আৰু ব্ৰহ্মপুত্র উপত্যকাৰ সভ্যতা-সংস্কৃতি ধ্বংস মাতিব বুলি বহু বিশেষজ্ঞই ইতিমধ্যে সঁকীয়াই দিছে। বিশেষকৈ নৈপৰীয়া মিচিং জনগােষ্ঠীয়ে এই বৃহৎ নদীবান্ধৰ পৰা প্রত্যেক্ষভাৱে ক্ষতিৰ সন্মুখীন হ'ব। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলে বৃহৎ নদীবান্ধৰ পৃষ্ঠপােষক এই কথা সকলােৱে জানে। সর্বোপৰি কংগ্ৰেছ কি, বিজেপি কি দুয়াে দলৰ চৰকাৰেই নদীবান্ধ আন্দোলনৰ ওপৰত কঠোৰভাৱে দমন নীতি গ্রহণৰ পক্ষপাতি। অসমৰ সভ্যতা-সংস্কৃতি ধ্বংস কৰিব পৰা বৃহৎ নদীবান্ধৰ পৃষ্ঠপােষক কংগ্ৰেছ-বিজেপি দলক সমাগত নির্বাচনত উচিৎ প্রত্যুত্তৰ দিয়াৰ সুযােগ আহিছে। কংগ্ৰেছ চৰকাৰৰ দিনত জনগণৰ নদীবান্ধ বিৰােধী আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰে বৰ্বৰভাৱে চলােৱা অত্যাচাৰৰ দিনবােৰ পাহৰিলে নহ'ব। কংগ্ৰেছ-বিজেপিৰ তথাকথিত ভুৱা উন্নয়নৰ শ্লগানত ভােল যােৱাতকৈ বৰঞ্চ অতীতৰ দুঃস্বপ্নৰ দৰে পাৰ হৈ যােৱা দিনবােৰৰ কৰুণ অভিজ্ঞতা আৰু ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি সমাগত নির্বাচনত অসমৰ ৰাইজে মতদান কৰিব লাগিব। 
সুস্থ জাতীয়তাবাদী চৰকাৰেহে অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰিব। তদুপৰি ৰাইজে বিধানসভাৰ মজিয়াত নিপীড়িত জনগণৰ কণ্ঠক সৱলভাৱে প্রতিনিধিত্ব কৰিব পৰা কর্মোদ্যমী প্রার্থীৰ সপক্ষে বিবেকভােট দিব লাগিব। চৰকাৰৰ শােষণবঞ্চনাৰ নমুনা বিচাৰি আমি বেছি দূৰলৈ যাবই নেলাগে। অসমৰ নৈপৰীয়া ৰাইজৰ জীৱন যাত্রাক এবাৰ চকু ফুৰালেই যথেষ্ট। উদ্যোগবিহীন লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত আজিও অন্তহীন সমস্যাৰে জৰ্জৰিত। বান-খহনীয়াত হেজাৰ হেজাৰ খিলঞ্জীয়া কৃষক-শ্রমজীৱী পৰিয়াল সর্বস্বান্ত হৈ অঘৰীৰ দৰে জীৱন যাপন কৰিছে। চৰ চাপৰি, বনাঞ্চলসমূহ সন্দেহভাজন বাংলাদেশীৰে ভৰি পৰিছে। কর্ম সংস্থাপন বিচাৰি হেজাৰ হেজাৰ নিবনুৱা যুৱক ৰাজ্যৰ বাহিৰলৈ গুচি যাবলগা হৈছে। সর্বোপৰি অবাধ নীতি-আদর্শহীন, দুর্নীতি, ভ্রষ্টাচাৰী, মাফিয়াগিৰি ৰাজনীতিয়ে জনকণ্ঠক ৰুদ্ধ কৰি পেলাইছে। সুস্থ গণতন্ত্রণ বিপন্ন হৈ পৰিছে। এনে সন্ধিক্ষণত ভােটাৰ ৰাইজে বতাহৰ গতিত উটি-ভাহি ফুৰা তুলাপাতৰ দৰে চমক সৃষ্টিৰ নির্বাচনী প্রচাৰত ভােল গৈ মতদান কৰিলে নহ'ব। এতিয়া এবাৰ হ'লেও বিবেকক প্রশ্ন কৰাৰ, চিন্তা কৰাৰ সময়। নির্বাচনত ভােটাৰ ৰাইজে নিৰপেক্ষ হৈ থাকিলে শােষকে সুবিধা পাব। তদুপৰি নিৰ্বাচনত নিৰপেক্ষ পক্ষ— এই দুই স্থিতিৰ এটা পক্ষ ল'বই লাগিব। এতিয়া ভােটাৰ ৰাইজে নিজেই ভাবক কাক ভােট দিয়া উচিত। জনকণ্ঠ চেপি ধৰাসকলকনে, নে উন্নয়ন, ভৱিষ্যৎ সুৰক্ষা তথা গণতন্ত্রক সবল কৰাৰ সাপেক্ষে।
লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক। ধেমাজি জিলাৰ জোনাই নিবাসী আৰু কেইবাদশক জুৰি জিলাখনৰ সাংবাদিকতাৰ ক্ষেত্ৰখনক নেতৃত্ব দি আহিছে। তেখেতৰ কেইবাখনো প্ৰকাশিত গ্ৰন্থ আছে আৰু তেখেতৰ সম্পাদনাত কুৰিতকৈ অধিক স্মৰণিকা, স্মৃতিগ্ৰন্থ আদিও প্ৰকাশ পাইছে। তেখেত এগৰাকী বিশ্লেষক আৰু নিৱন্ধকাৰ ৰূপেও অসমৰ বৌদ্ধিক সমাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতিত ইউনিকডত পুনৰ প্ৰকাশ কৰা হৈছে।
লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংক
https://www.xukhdukh.com/search/label/ROYAL_PEGU

No comments:

Post a Comment