বিশ্লেষণঃ জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ ::  অনন্ত কলিতা

বিশ্লেষণঃ জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ :: অনন্ত কলিতা

Share This

জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ, BJP WILL DESTROY INDIAN ECONOMY

জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ

অনন্ত কলিতা

প্রথম পর্যায়ৰ ভােটদান প্রক্রিয়াৰ অন্তত অসমৰ বাকী দুটা পর্যায়ৰ নিৰ্বাচনত অধিকাংশ সমষ্টিতে তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হােৱাৰ সম্ভাৱনাই দেখা দিছে। স্পষ্টভাৱে তিনিটা ফ্রন্ট বা জোঁট নির্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি-অগপ-ইউ পি পি এল, বনাম কংগ্রেছ -বাওঁপন্থী-এ আই ইউ ডি এফ-বি পি এফ আৰু এজেপি-ৰাইজৰ দলৰ। প্ৰশ্ন হৈছে, এই পৰিস্থিতিত অসমৰ ভােটদাতাই কোনটো জোঁটক নির্বাচিত কৰা উচিত। 

জাতি ৰক্ষাৰ জনাদেশ আৰু পুঁজিপতিৰ হাতলৈ জাতীয় সম্পদ, BJP WILL DESTROY INDIAN ECONOMY

অসমৰ প্রধান সমস্যা কি? ভাৰত স্বাধীন হােৱাৰ দিনৰে পৰা অসমৰ অর্থনৈতিক তথা জীৱন-জীৱিকাৰ সমস্যাৰ লগতে অন্যতম মুখ্য সমস্যা হৈ পৰিছে অসমীয়া তথা বিভিন্ন খিলঞ্জীয়া জাতি-জনগােষ্ঠীৰ অস্তিত্ব ৰক্ষা। ধর্ম-বর্ণ-ভাষা-সংস্কৃতিৰ বৰণীয়া ৰাজ্য অসম। কিন্তু এই বৈচিত্র্যৰ মাজত ঐক্য বজাই ৰাখিছে অসমে সদায়। অর্থাৎ অসমৰ চৰিত্ৰ বহুত্ববাদী। কিন্তু অসমীয়া জাতিয়েই মুখ্য জাতি অসমত। বিভিন্ন জাতিৰ বহুসংখ্যক লােক প্রব্ৰজনৰ পিচতাে সংমিশ্রণ প্রক্রিয়াৰে অসমীয়া জাতিয়ে অসমত ইয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ সমৰ্থ হৈছে। অৱশ্যে বিভিন্ন সময়ত সংকট আহিছে আৰু অসমীয়াভাষী লােকৰ সংখ্যা দিনে দিনে হ্রাস পাই আহিছে। এই পৰিস্থিতিৰ মাজতে বর্তমান শাসকীয় দল বিজেপিয়ে ‘কা আইন বলবৎ কৰিছে, যাৰ পৰিণাম স্বৰূপে অসমীয়া লােকৰ শতাংশ হ্রাস হৈ অসমীয়া জাতি অসমতে সংখ্যালঘু জাতি হৈ পৰাৰ আশংকাই দেখা দিছে। অসমৰ চেতনাসম্পন্ন লােকসকলৰ নেতৃত্বত অসমীয়া লােকসকলে ধৰ্মৰ ভিত্তিত কা আইন বলৱত কৰি হিন্দু জাতি শক্তিশালী কৰাৰ নামত অসমীয়াভাষী লােকক সংখ্যালঘুত পৰিণত কৰাৰ তীব্র বিৰােধিতা কৰিছে।


আমি স্পষ্টকৈ জনা উচিত যে জাতি আৰু ধর্ম একে নহয়। অসমীয়া জাতি মানেই হিন্দু নহয়। অসমত কোনটো ভাষা বা গোষ্ঠীৰ লোক সংখ্যাগৰিষ্ঠ হয়, সেই লৈ শাসকপক্ষৰ কোনাে উদ্বেগ নাই, হিন্দু জাতি ৰক্ষাহে মুখ্য কথা। আইন বলৱতৰ দ্বাৰা বাংলাদেশী হিন্দু বাংলাভাষী লােক অসমত আহি বসবাস কৰাৰ তথা ইতিমধ্যে থকাখিনিক নাগৰিকত্ব প্রদান কৰিলে অসমীয়াভাষী লােক সংখ্যালঘুত পৰিণত হৈ অসমীয়া জাতি ধ্বংস হৈ গ'লেও যাওক। যােৱা ১২ মার্চত মৰিগাঁৱত মুখ্যমন্ত্রী সােণােৱালে ভাষণ দি কৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ জাতিৰ মহাশত্রু। বিজেপি দলে ‘ক আইন বলবৎ কৰি অসমক ৰক্ষ কৰিব, অসমীয়া জাতি ৰক্ষা কৰিব। সেয়ে আজি প্রশ্ন আহি পৰিছে বিশেষকৈ অসমীয়াপ্রেমী বা অসমপ্রেমী লােকসকলৰ মাজত যে কোন জোঁটে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব। কা আইন বাস্তবায়িত কৰিলে অসমত অসমীয়া জাতি ৰক্ষা পৰিবনে? বিজেপিৰ তত্ত্ব হ'ল ধর্মভিত্তিক জাতি, ভাষা মুখ্য নহয়৷ ধর্মহে মুখ্য। আন জোঁট দুটাই কৈছে ধৰ্মৰ ভিত্তিত জাতি নহয়, ভাষাৰ ভিত্তিতহে জাতি। বিশ্বত কতাে ধৰ্মৰ ভিত্তিত জাতি গঠন হােৱা নাই। ধৰ্মৰ ভিত্তিত ৰাষ্ট্র গঠন হলে পাকিস্তানাে দুভাগ নহ'লহেনে। সেইদৰে খ্রীষ্টান ধর্মীয় লােকসকলৰ ভাষাৰ ভিত্তিত ইউৰােপ, আমেৰিকা, আফ্রিকাত বিভিন্ন জাতিৰাষ্ট্ৰৰ সৃষ্টি হৈছে। 


বিজেপি মূলত হ'ল এক দেশ এক ধর্ম এক ভাষা, হিন্দুস্তান-হিন্দু-হিন্দী। অসমৰ নিৰ্বাচনত ভোটদাতাৰ সেয়ে মুখ্য লক্ষ্য হােৱা উচিত অসমীয়া তথা অসমৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰাটো। যােৱা পাঁচ বছৰে যিটো দলে অসমীয়া জাতিলৈ সংকট লৈ আনিছে, সেইটো দল পুনৰ নির্বাচিত হলে 'কা’ আইন বাস্তবায়িত কৰিব। গৃহ মন্ত্রী অমিত শাহে পশ্চিমবংগত নির্বাচনী সভাত দৃঢ় ঘােষণা কৰিছে, এই নির্বাচনৰ পিচতে কা" আইন বাস্তবায়িত কৰিব।


দ্বিতীয় প্রশ্নটো হৈছে অর্থনীতি। কেন্দ্ৰত বিজেপি চৰকাৰৰ যিটো উগ্র পুঁজিবাদী অর্থনৈতিক নীতি, সেই নীতিৰে অসমতাে কাৰ্যসূচী ৰূপায়ণ কৰিব। অসমৰ বাবে কোনাে পৃথক অর্থনৈতিক নীতি নাই। বিজেপি চৰকাৰে ভাৰতক 'তথাকথিত' পাঁচ ত্ৰিলিয়ন ডলাৰ অর্থনীতিলৈ উন্নীত কৰিবলৈ গৈ দেশৰ অৰ্থনীতিত চৰকাৰী ভূমিকাৰ অৱসান ঘটাই দেশৰ বৃহৎ কেইটামান পুঁজিপতি গােষ্ঠীক দায়িত্ব অর্পণ কৰিছে আৰু জাতীয় সম্পদ, প্রাকৃতিক সম্পদ সকলােবােৰ ক্রমান্বয়ে তেওঁলােকক হস্তান্তৰ কৰি আছে। পৰােক্ষভাৱে দেশৰ অৰ্থনীতিৰ পৰিচালনাৰ দায়িত্ব অর্পণ কৰিছে এই পুঁজিপতিগােষ্ঠীসমূহক। পৰােক্ষভাৱে দেশৰ অৰ্থনীতিৰ পৰিচালনাৰ দায়িত্ব এই পুঁজিপতিগােষ্ঠীসমূহক দি দিছে।


কংগ্ৰেছেই নব্য উদাৰ অর্থনীতি প্ৰৱৰ্তন কৰিছিল। কিন্তু ২৫ বছৰ কংগ্ৰেছে অর্থনীতিক যিমানখিনি সংস্কাৰ কৰিছে, বিজেপি চৰকাৰে ছবছৰতে ইয়াৰ চাৰিগুণ "সংস্কাৰ" কৰিছে। এই "সংস্কাৰ" মানে আন একো নহয়, কেৱল দেশৰ অর্থনীতি ব্যক্তিগত দেশী-বিদেশী পুজিক গতাই দিয়া। এয়ে হ’ল বিজেপিৰ ব্রিগেডৰ মূল বার্তা। তেওঁলােকে ঘােষণা কৰিছে, যে জবাহৰলাল নেহৰুৰ দিনৰ পৰা ৭০ বছৰে কংগ্ৰেছে দেশৰ কাৰণে একো কৰা নাই। কিন্তু কংগ্ৰেছে যদি দেশৰ বাবে একো কৰাই নাই, বর্তমান বিজেপি চৰকাৰে দেশৰ বাৰে একো সৃষ্টি নকৰি, কেৱল কংগ্ৰেছে সৃষ্টি কৰা সম্পদবােৰে বিক্ৰী কৰিবলৈ ধৰিছেচোন। জনগণৰ অর্থ আৰু পৰিশ্ৰমত গঢ়ি উঠা গৌৰৱ কৰিব পৰা উদ্যোগ পৰিসেৱাসমূহ দেশৰ চাৰি-পাঁচজন বৃহৎ পুঁজিপতিক উপহাৰ হিচাপে অৰ্পণ কৰাত লাগিছে। 


বর্তমানৰ বিত্তীয় বছৰত লক্ষ্য লৈছে ৰাজহুৱা খণ্ডৰ ১০০টা প্রতিষ্ঠান বিক্ৰী কৰাৰ। তাৰ বাবে DIPAM নামৰ এটি বিভাগক জোৰদাৰ ৰূপত কামত লগাইছে। প্রধানমন্ত্রী মোডীয়ে সমাবেশসমূহত অভিযােগ কৰি আহিছে যে কংগ্ৰেছ চৰকাৰে দেশৰ অর্থনীতি সংকটত ডুবাই ৰাখি গৈছে। তেওঁৰ চৰকাৰে হেনাে দেশৰ বিত্তীয় অর্থনীতি উদ্ধাৰ কৰি বিশ্বৰ ভিতৰতে বিকশিত অর্থনীতিত পৰিণত কৰিছে। মােডী অর্থনীতিৰ এই উচ্চতম বিকশিত অৱস্থাৰ স্বৰূপ হ'ল চৰম বিত্তীয় সংকটহে! দেশৰ এই বিত্তীয় সংকট মােকাবিলা কৰিবলৈ অহা চাৰি বছৰত পাঁচ লাখ কোটি টকাৰ ৰাজহুৱা সম্পদ বিক্ৰীৰ লক্ষ্য লৈছে।  পেট্রল-ডিজেলৰ দামে শীৰ্ষতম স্তৰ পাইছে। ৰন্ধন গেছৰ দাম ৪১০ টকাৰ পৰা ৯০০ টা হৈছেগৈ। বস্তু বেহানিৰ দাম এতিয়া অগ্নিমূল্য। কৃষকে ফচলৰ প্রকৃত মূল্য নাপায় আৰু সাধাৰণ মানুহে চাউল-সাইল, পাচলি আমি কিনিবলৈ গৈ কপালত হাত দি লগা হৈছে। মােডী চৰকাৰৰ আমােলত ধাৰাবাহিকভাবে হ্রাস পাইছে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)। মহামাৰীৰ বাৰে নহয়, ইয়াৰ বহু আগৰে পৰা জিডিপিৰ অধঃপতন ঘটিছে। ক'ৰনা মহামাৰীৰ সময়ত অর্থনীতি ক্ৰমাত অন্ধকাৰ গহ্বৰলৈ সােমাই গৈছে। কর্মসংস্থানৰ বাবে হাহাকাৰ এতিয়া দেশত। এটাৰ পিচত এটা সমীক্ষাই উদঙাই দিছে কি ধৰণে কর্মসংস্থান সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে কর্মসংস্থান হাস পাইছে, ভূমি, উদ্যোগ, পৰিসেৱা, চৰকাৰী খণ্ড আদি সকলাে ক্ষেত্ৰতেই।


আনফালে দেশৰ সাংবিধানিক গণতন্ত্র আক্রান্ত হৈছে গভীৰভাৱে। সংবিধানৰ মূল্যবোেধ ধূলিসাৎ হৈছে। |এক দল আৰু এজন নেতাৰ আধিপত্যৰ কুৎসিত প্রদর্শনী প্রতিফলিত হৈছে। দেশৰ এটাও প্রতিষ্ঠান যেন নিৰাপদে নাই। সাংসদ, প্রশাসন, যুক্তৰাষ্ট্ৰীয় ব্যবস্থা, আনকি বিচাৰ-ব্যবস্থা কোনােটোৱে নিৰাপদ নহয়। বিৰােধী কণ্ঠস্বৰ দমনৰ যিমানবােৰ পথ আছে সেই সকলােবােৰ নির্দয়ভাবে, কঠোৰভাৱে ব্যৱহাৰ কৰা হৈছে। মত প্রকাশৰ স্বাধীনতা শিকলি লগােৱা হৈছে। সংবাদ মাধ্যমক হয় অনুগত হ'বলৈ কোৱা হৈছে, অন্যথা বিধিৰে বান্ধি ৰাখি নির্জীৱ কৰি ৰখাৰ কু-প্ৰচেষ্টা চলােৱা হৈছে। কেন্দ্রীয় সংস্থাবােৰক সন্ত্ৰাসৰ সৃষ্টিৰে ব্যৱহাৰ কৰা হৈছে প্রতিবাদী শক্তিৰ মুখ বন্ধ কৰিবলৈ। তাতকৈ ডাঙৰ কথা দেশৰ বাবে ভয়ানক বিপদ আনিছে বৰ্ধিত সাম্প্রদায়িকতাই। দেশৰ সম্প্ৰীতি, ধর্মনিৰপেক্ষতাৰ ধাৰণাক ধ্বংস কৰিবলৈ বিষ ছটিওৱা হৈছে সমগ্র দেশতে। জনগণৰ ঐক্য-সংহতি বিপযস্ত হৈ পৰিছে। বৈৰিতাৰ বাতাৱৰণৰ সৃষ্টি কৰি দেশৰ জনগণক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ চলােৱা হৈছে। আনকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ লক্ষ্য-উদ্দেশ্যক মানিবলৈ অস্বীকাৰ কৰি ঘােষণা কৰিছে যে ধৰ্মনিৰপেক্ষতাই দেশৰ বৃহত্তম বিপদ। দেশত এইদৰে অৰাজকতাৰ সৃষ্টি হৈছে। স্বয়ং মুখ্যমন্ত্রী এজনেও সংবিধানবিৰােধী শ্লগান দিব পৰা হৈছে। দেশ সংহতিৰ ধাৰণাকেই ধ্বংস কৰিছে বিজেপি চৰকাৰে। 


অসমতাে এই বিদ্বেষ-বিভাজনৰ ফেঁটী সাপবােৰ মেলি দিয়া হৈছে। অসমৰ চিৰায়ত ঐতিহ্যক ধংস কৰিবলৈ ব্রহ্মাস্ত্ৰ ক্ষেপন কৰিছে। সােণৰ অসম গঢ়িবলৈ বিষভৰ্তি বানবাটি লৈ উপস্থিত হৈছে শাসক। ৰাজ্যত শাসক দলে বিষভাণ্ডাৰ তৈয়াৰ হােৱাত ভূমিকা গ্রহণ কৰিছে। গণতন্ত্রক ধ্বংস কৰি, সাম্প্রদায়িক শক্তিক অবাধে শক্তিশালী হ'বলৈ দি, লুটপাত আৰু কু-শাসন প্রতিষ্ঠা কৰিবলৈ এই বিষাক্ত শক্তি উঠি-পৰি লাগিছে।


ৰাজ্যৰ ৰাজনীতিৰ এই পটভূমিতে ভোটদাতা সকলৰ মহান দায়িত্ব আহি পৰিছে জাতি, ভাষা-সংস্কৃতি আৰু সংবিধান মূল্যবােধ ৰক্ষাৰ। লগতে ৰাজহুৱা সম্পদ, প্রাকৃতিক সম্পদ ধ্বংসকাৰীক বিতাড়িত কৰাৰ। বৃহৎ পুঁজিপতি স্বার্থ ৰক্ষাকাৰী অৰ্থনীতিৰ বিপৰীতে জনসাধাৰণৰ জীৱন-জীৱিকাৰ পথ সৃষ্টিৰে সুষম অর্থনীতি গঢ়ি তুলিবলৈ প্ৰকৃত গণতন্ত্র প্রতি দায়বদ্ধ দলক নির্বাচিত অৰ্থে জনগণ এতিয়া ঐকবদ্ধ হোৱাৰ সময়।

লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ সকলো লেখাৰ ইউনিকড সংৰক্ষণ প্ৰকল্পৰ অধীনত পুনৰ প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment