পেশাদাৰী নাৰীৰ বাবে মাতৃত্বও এতিয়া "বোজা" নেকি?
মণিকংকনা দাস
অলপতে ছ’চিয়েল মিডিয়াত ভিডিঅ’ কিয়দাংশ এটি ভাইৰেল হৈছিল। দৃশ্যটো চণ্ডীগড়ৰ ৰাজপথৰ। কোচত কেচুঁৱা লৈ কৰ্তব্যত নিয়োজিত হৈছিল এগৰাকী মহিলা ট্ৰেফিক আৰক্ষী। মাতৃত্বকালীন ছুটী সমাপ্ত কৰি কিছুদিন আগেয়ে তেওঁ পুনৰ যোগদান কৰিছিল কৰ্মক্ষেত্ৰত। কৰ্তব্যস্থল ঘৰৰ কাষতে নিৰ্ধাৰণ কৰি দিবলৈ তেওঁ ওপৰ মহলত আবেদন কৰিছিল। সিদিনা ঘৰত কোনো নথকা বাবে মহিলা আৰক্ষীগৰাকীয়ে কৰ্তব্যস্থলীলৈ আনিবলগীয়া হৈছিল পাচঁমহীয়া কেচুঁৱাটোক। আৰু এখন হাতত কেচুঁৱাটি লৈ তেওঁ যান-জঁট নিয়ন্ত্ৰণ কৰি আছিল। দৃশ্যটো সংবাদ শিৰোনামলৈও আহে।
এইধৰণৰ দৃশ্য বা ঘটনা এয়াই প্ৰথম নহয়। কোনোবা মহিলা কৰ্মচাৰীয়ে কেচুঁৱাটিক ঘৰত এৰিব নোৱাৰি কাৰ্যালয়লৈ আনি মজিয়াত শুৱাই থোৱা অথবা ক’ৰবাত শ্ৰমিকৰ কাম কৰিবলৈ গৈ কোনো মহিলাই বাটৰ কাষতে কেচুঁৱা থোৱা... এনেবোৰ দৃশ্য বহু সময়তে আমি দেখিবলৈ পাওঁ। কিছুদিন বিষয়টো লৈ বৰকৈ চৰ্চা চলে, তাৰ পাছতে কথাবোৰ তল পৰে। এফালে মাতৃত্বৰ দায়িত্ব, আনপিনে বৃত্তিগত কৰ্তব্য, দুয়োটাই সমানে চলাই নিয়া বিশেষ কিছুমান সময়ত কিমান যে কঠিন হৈ উঠে!
গৃহস্থৰ বান্ধৱী এজনীৰ কথা এইখিনিতে উনুকিয়াব বিচাৰিছোঁ। আমাৰ বিয়াৰ বহু পাছতহে তেওঁৰ সৈতে চিনাকী হৈছিলোঁ। আচলতে সেই বান্ধৱী আৰু গৃহস্থৰ মাজতে বহুদিন যোগাযোগ নাছিল। স্কুল-কলেজ শেষ হোৱাৰ পাছত প্ৰায়বোৰ সহপাঠীৰ লক্ষ্যস্থান, কৰ্মস্থান বেলেগ বেলেগ হৈ উঠে আৰু সকলোৱে নিজৰ ৰাস্তাত ব্যস্ত হৈ পৰে। প্ৰত্যক্ষ যোগাযোগ কৰ্তন হ’লেও আজিকালি ছ’চিয়েল মিডিয়াৰ বদান্যতাত কোনে ক’ত কিদৰে ব্যস্ত হৈ আছে সেইখিনি জানিব পৰা হৈ থাকে। কিন্তু এই বান্ধৱীগৰাকী ছ’চিয়েল মিডিয়াৰ পৰাও আতঁৰি থকা বাবে তেওঁলোকৰ যোগাযোগ একেবাৰে বিচ্ছিন্ন হোৱা যেন হৈছিল। তেনেতে হঠাৎ এদিন পুনৰ যোগাযোগ স্থাপন হোৱাত বৰ উল্লাসিত হৈছিল দুয়ো। বান্ধৱীয়ে কেতিয়াবাই বিয়া পাতিলে, তেওঁলোকৰ সংসাৰত ৬-৭বছৰীয়া সন্তান এটিও আছে। আমাৰ সৈতেও নতুনকৈ বন্ধুত্ব গঢ়ি উঠিল, ফোনত কথা বতৰা, অহা-যোৱা আৰম্ভ হ’ল। তাৰ মাজতে বান্ধৱীজনীয়ে কোৱা কথা এষাৰে প্ৰায়ে আমনি কৰে। উচ্চশিক্ষা সমাপ্ত কৰি কৰ্মসংস্থাপন বিচাৰি থাকোঁতেই হঠাৎ ঘৰৰ পছন্দৰ দৰা মিলাত বিয়াখন পাতি দিয়া হ’ল তেওঁৰ। অৱশ্যে তেওঁৰ অনিচ্ছাত নহয়। বিয়া পতাৰ পাছত কিবা এটা কৰাৰ চিন্তা কৰোঁতেই সন্তানসম্ভৱা হ’ল আৰু তাৰ পাছতে আহি পৰিল সন্তান প্ৰতিপালনৰ দায়িত্ব। ইপিনে তেওঁৰ গিৰিয়েকৰ চাকৰিৰ কৰ্তব্যস্থলো ইয়াত-তাত সলনি হৈ থাকে। যিসময়ত বৃত্তিমুখী শিক্ষাৰে উচ্চশিক্ষিত লগৰ প্ৰায়বোৰ বন্ধু-বান্ধৱীয়ে চাকৰি বা আন কৰ্মসংস্থাপনেৰে কেৰিয়াৰ গঢ়াত মনোনিয়োগ কৰিছিল, তেনে সময়ত সন্তান আৰু সংসাৰৰ দায়িত্বই ঘেৰি ধৰা বান্ধৱীক যথেষ্ঠ হতাশ কৰিছিল। ছ’চিয়েল মিডিয়াত বন্ধু-বান্ধৱীৰ চাকৰি লাভ, কেৰিয়াৰৰ ৰেখা উচ্চ লৈ যোৱা খবৰবোৰ পাই তেওঁ অধিক মনোকষ্টত ভূগিবলৈ লৈছিল। আৰু এই হতাশা-দু:শ্চিন্তাৰ পৰা মুক্তি পাবলৈ ছ’চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে আতঁৰি অহাটোৱে একমাত্ৰ উপায় হৈ উঠিছিল। হতাশাই আধৰুৱা কেৰিয়াৰ আৰু সংসাৰ-সন্তানৰ দায়িত্ব পালন, দুয়োটাতে প্ৰভাৱ পেলাব বুলি ভয় খাইছিল। যাৰ বাবে সকলোকে ঠেলি তেওঁ কেৱল পলায়ন কৰিছিল। অৱশ্যে সন্তানটি ডাঙৰ হোৱাৰ পাছত এতিয়া নতুন চিন্তা-পৰিকল্পনাৰে নিজাকৈ কামত লাগিছে বান্ধৱী।
কথাৰ মাজতে বহু কথা মনলৈ আহে। অসমৰ বাহিৰত থকা বন্ধু এজনৰ সৈতে কিছুদিন আগতে কথা হৈছিল। পঢ়াত যথেষ্ট চোকা বন্ধুৱে এতিয়াও ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠান এটিত কাম কৰি আছে। তেওঁৰ পত্নীও একেটা প্ৰতিষ্ঠানতে দায়িত্ববাহী পদবীত কৰ্মৰত। ক’ভিড পৰিস্থিতিৰ বাবে বৰ্তমানেও বাহিৰৰ বহু প্ৰতিষ্ঠানৰ কাম ঘৰৰ পৰাই চলি আছে। সেই সূত্ৰে বন্ধু আৰু বন্ধুপত্নীও কাম কৰিছে ঘৰৰ পৰাই। সন্তানসম্ভৱা বন্ধুপত্নীৰ বাবে এফালে সুবিধাই হৈছে। কিন্তু লাহে লাহে মনলৈ চিন্তাও আহিছে। লাহেকৈ কাৰ্যালয় খুলিব। ইপিনে অসমৰ বাহিৰত সেই ঘৰখনত তেওঁলোক দুয়ো অকলে। সন্তানটি জন্মৰ সময়ত মাতৃত্বকালীন ছুটী পালেই যেনিবা ছমাহৰ, কিন্তু তাৰ পাছত কৰিব কি? বছৰ সলনি নৌহোওতেই আহিবলগীয়া সন্তানটিক ‘ক্ৰেছ’ ত থ’ব লাগিব অথবা গটাই থৈ যাব লাগিব কোনোবা ঘৰুৱা সহায়িকাৰ হাতত। সন্তানটিক তেনেদৰে থৈ কৰ্মক্ষেত্ৰত আগৰ দৰে মনোযোগ দিব পাৰিবনে? মনোযোগ দিব নোৱাৰিলে চাকৰিটো থাকিবনে? সন্তানৰ দায়িত্ব আৰু চাকৰিৰ মাজত যিকোনো এটা বাচিবলগীয়াত পৰি লগৰ বহুতে কেৰিয়াৰ আধাতে সামৰিছে। গতিকে অনাহুত চিন্তা নহয় এইবোৰ।
আমাৰ লগৰ আন এজনী বান্ধৱীয়ে গুৱাহাটীৰে সৰু প্ৰতিষ্ঠান এটিত কাম কৰি আছিল। কিন্তু অসংগঠিত প্ৰতিষ্ঠানটিত ছুটীৰ বিশেষ ব্যৱস্থা তথা নীতি নিয়ম ধাৰ্য নাছিল। সন্তান জন্মৰ সময়ত তাই চাকৰি বাদ দিবলৈ বাধ্য হৈছিল। তাৰ পাছত দীঘলীয়া সময়ৰ বিৰতি। এতিয়া সন্তানটি ৩-৪বছৰীয়া হ’ল।সন্তানক ‘ক্ৰেছ’ত থোৱাৰ ব্যৱস্থা কৰি আজি কিছুদিন আগতে পুনৰ নতুন প্ৰতিষ্ঠান এটিত যোগদান কৰিছে তাই। ইয়াতো ছুটীৰ একোৱে সা-সুবিধা নাই। কি প্ৰতিষ্ঠান ভালকৈ গ’ম লোৱা নাই। মাত্ৰ গ’ম পালো যিদিনাই কৰ্মক্ষেত্ৰলৈ নাযায়, সিদিনাই দৰমহা কৰ্তন হয়। ইমান সীমাৱদ্ধতাৰ মাজতো বৰ উৎসাহেৰে কামত মন দিছে; কিন্তু বৰ্তাই ৰাখিব পাৰিবনে চাকৰিটো!
কাহিনীবোৰ কোনোবা এটা বিন্দুত সকলোৰে যেন মিলি যায়। যোৱা বছৰ আমাৰ ৰাজ্যৰে এটা সংবাদ প্ৰতিষ্ঠানে গৰ্ভৱতী অৱস্থাত সাংবাদিক এগৰাকীক চাকৰি এৰিবলৈ বাধ্য কৰা ঘটনাত কিছুদিন বিৰাট হৈ-চৈ হৈছিল। সেই সময়ত বহুতো মহিলা সাংবাদিক তথা সংবাদ কৰ্মীয়ে সন্মুখীন হৈ অহা নিজৰ তিক্ত অভিজ্ঞতাৰ কথা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা দেখিছিলো। আচৰিত হৈছিলো।
আজিৰ আধুনিক সময়ত নিজৰ পৰিচয় গঢ়িবলৈ, অৰ্থনৈতিক স্বাধীনতা বিচাৰি, আত্মনিৰ্ভৰশীল হ’ব খুজি প্ৰতিটো ক্ষেত্ৰলৈ ওলাই আহিছে যুৱতী তথা মহিলাসকল। ফলস্বৰূপে কৰ্মক্ষেত্ৰত মহিলাৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে। যিয়ে দেশৰ প্ৰগতি আৰু সমাজৰ অগ্ৰগতিৰ ছবি এখনকে দাঙি ধৰে। তাৰ লগতে অৰ্থনৈতিক দিশতো আশাবঞ্জ্যক বাৰ্তা কঢ়িয়াইছে। নাৰী সমাজে প্ৰতিপন্ন কৰিব পাৰিছে যে তেওঁলোক ক’তোৱে পিছ পৰি থকা নাই। বৃত্তিমুখী চাকৰিতো শীৰ্ষ পৰ্যায়লৈ গৈ গুৰু দায়িত্ব লৈছে তেওঁলোকে। কিন্তু ইয়াৰ সমান্তৰালকৈ মাতৃত্বৰ দায়িত্ব পালন কৰিবলৈ গৈ কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে বহু মহিলা। জীৱন সকলোৰে বাবে জটিল, কিন্তু এগৰাকী চাকৰিয়াল মাকৰ জীৱন তাতোকৈ কঠিন। বিশেষকৈ ব্যক্তিগতখণ্ডৰ বৃত্তিমুখী চাকৰিত নিজকে প্ৰতিদিনে প্ৰস্তুত কৰি ৰাখিব লাগে প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে। তাতেই যেতিয়া সন্তানৰ লালন-পালনৰ দায়িত্ব আহি পৰে, তেতিয়াই যেন বহু মহিলাই থমকি দিব লাগে! বহু প্ৰতিষ্ঠানৰ মাতৃত্বৰ দায়িত্বৰ প্ৰতি সদয়ভাৱ তথা গভীৰ অনুভৱ নথকাৰ বাবে একান্ত নিষ্ঠা আৰু দক্ষতাৰে কাম কৰা মহিলা কৰ্মচাৰীকো বিভিন্ন অজুহাতত চাকৰি ত্যাগ কৰিবলৈ বাধ্য কৰে মূহুৰ্তৰ ভিতৰতে। মাতৃত্বৰ দায়িত্ব অহাৰ পাছতে মহিলা এগৰাকীয়ে এনেদৰে ৰৈ দিবলগীয়া হোৱাটো মহিলাৰ জীৱনৰ এক বিৰাট ট্ৰেজিডী হৈ পৰিছে এই সময়ত। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মাতৃত্বকালীন ছুটী, সন্তান যতনৰ ছুটী, দৰমহা অবিহনে ছুটী, অন্যান্য ছুটীৰ নিয়মমাফিক ব্যৱস্থা থকাত ব্যক্তিগতখণ্ডৰ তুলনাত মহিলা কৰ্মচাৰীয়ে কমকৈ সংশয় কঢ়িয়াব লাগে। ব্যক্তিগতখণ্ডৰ ক্ষেত্ৰতো চৰকাৰীভাৱে নিয়ম বান্ধি দিয়া হৈছে যদিও সেইবোৰ কিমান দূৰ কাৰ্যকৰী হৈছে সেয়াহে বিচাৰ্যৰ বিষয় হৈ ৰৈছে। আইন সংশোধনেৰে ২০১৮ চনত চৰকাৰে ১০ জন বা তাতকৈ বেছি কৰ্মচাৰী থকা প্ৰতিটো কৰ্মক্ষেত্ৰতে মাতৃত্বকালীন ছুটী ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে। কণমানি সন্তানক এৰি কৰ্মক্ষেত্ৰলৈ অাহিবলগীয়া হোৱাতো কিমান চিন্তনীয়, সেই বিষয়ত নজৰ দি ৫০ গৰাকী বা তাতকৈ বেছি কৰ্মচাৰী থকা প্ৰতিটো প্ৰতিষ্ঠানৰ চৌহদত বা ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ‘ক্ৰেছ’ থকাটো বাধ্যতামূলক বুলি আন এক নিৰ্দেশনাও দিছিল একেটা বৰ্ষতে। কৰ্মচাৰী এগৰাকীয়ে মাতৃত্বকালীন ছুটী সমাপ্ত কৰি পুনৰ যোগদানৰ নিশ্চয়তাৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি হৈছে। কিন্তু কিমান প্ৰতিষ্ঠানত সেইবোৰ কাৰ্যকৰী হৈছে? এটা ডাঙৰ প্ৰশ্ন।
ব্যক্তিগতভাৱে অনুভৱ কৰা আৰু অলপ কথা ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ। ঘৰৰ পৰা, আপোনজনৰ পৰা আতঁৰি থাকি কাৰনো ভাল লাগে! তৎস্বত্তেও প্ৰতিযোগিতামূলক এই সময়ত মানুহে কৰ্মসংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই আহি দূৰৈত থাকিবলগীয়া হৈছে। তেনেকৈ থাকিবলৈ বাধ্য কৰিছে আজিৰ পৰিস্থিতিয়ে। যাৰ ফলত সৃষ্টি হৈছে একোটা ক্ষুদ্ৰ পৰিয়ালৰ। এই পৰিয়ালত উদ্ভৱ হৈছে নতুন কিছুমান সমস্যাৰ। উদাহৰণস্বৰূপে সন্তান লালন-পালনৰ ক্ষেত্ৰতে এনেবোৰ পৰিয়ালে বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখী হৈছে। যি সমস্যা আগৰ যৌথ পৰিয়ালত হয়তো নাছিল। পৰিয়ালৰ সদস্য কম হোৱাত কত ভয়-শংকাৰ মাজতে সন্তানটিক আনৰ হাতত তুলি দিছে অথবা মাক-দেউতাকৰ কোনো এজনে নিজৰ কেৰিয়াৰ, চাকৰি আধাতে এৰিবলগীয়াত পৰিছে। সেই হতাশাত অনাহক জঞ্জাল বাঢ়িছে। আমাৰ চৌপাশে এবাৰ চকু ফুৰালে মাক এগৰাকীয়ে আধাতে চাকৰি সামৰা বা দীঘলীয়া বিৰতি লৈ আকৌ নতুনকৈ সকলোবোৰ আৰম্ভ কৰা সৰহকৈ দেখা পাওঁ। কাৰণ ভ্ৰূণ এটি গৰ্ভত কঢ়িওৱাৰ পৰা দুগ্ধ পান কৰোৱালৈ মাকৰ দায়িত্বই সন্তানৰ ক্ষেত্ৰত অপৰিসীম। সেয়েতো মাতৃৰ সৈতে আন একোৰে তুলনা নহয়। গতিকে কৰ্মক্ষেত্ৰত মাতৃ এগৰাকীয়ে পাবলগীয়া আটাইখিনি সা-সুবিধা কাৰ্যকৰী হ’ব লাগে। ইয়াত চৰকাৰ-প্ৰশাসনেও কাঢ়া নজৰ ৰাখিব লাগে আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজ দি অহা সংগঠনবোৰেও সষ্টম হোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ উঠিছে। আজিকালি বহুতো প্ৰতিষ্ঠানে মাতৃত্বক উদগনি দিবলৈ বিভিন্ন কাৰ্যৱলী গ্ৰহণ কৰিছে। সেই বৈপৰীত্যৰ পৰিসৰ প্ৰতিটো স্তৰতে বিস্তাৰ হ’লেহে মহিলা এগৰাকীয়ে আগুৱাই যাব পাৰিব আৰু মানুহৰ সফলতাৰ নতুন এক অধ্যায়ৰ সূচনা হ’ব।
লেখিকা নিয়মীয়া বাৰ্তাত কৰ্মৰত আৰু এই লেখা তেখেতৰ স্তম্ভ 'ডায়েৰী' হিচাবে কাকতখনতো প্ৰকাশ পাইছে। তেখেতৰ আন আন প্ৰকাশি লেখা পঢ়িবলৈ ক্লিক কৰকঃ
No comments:
Post a Comment