মনৰ কথাঃ কৃষি বচাওক, কৃষক বচাওক, দেশ ৰক্ষা কৰক :: ভোগেশ্বৰ দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ কৃষি বচাওক, কৃষক বচাওক, দেশ ৰক্ষা কৰক :: ভোগেশ্বৰ দত্ত

মনৰ কথাঃ কৃষি বচাওক, কৃষক বচাওক, দেশ ৰক্ষা কৰক :: ভোগেশ্বৰ দত্ত

Share This
কৃষি বচাওক, কৃষক বচাওক, দেশ ৰক্ষা কৰক
(অসমীয়া কৃষকৰ সংগঠিত ৰাজনীতিৰ প্ৰয়োজনীয়তা)
ভোগেশ্বৰ দত্ত
অসম জাতীয় অর্থনীতি মূলত আজিও কৃষিভিত্তিক। আমাৰ ৰাজ্যখনৰ শতকৰা ৮০ ভাগ লােক পৰম্পৰাগত কৃষি কর্মত লিপ্ত। কৃষি প্রধান অসমত ভূমি সংস্কাৰ, কৃষিৰ উৎপাদন প্রণালীৰ পুনৰ গঠন আৰু কৃষি অর্থনীতিক আধুনিকীকৰণ কৰি 'অসমীয়া চহা কৃষকক' কৃষি-নিৰ্ভৰ চহকী কৰাত চৰকাৰী উদ্যম আজিও উল্লেখনীয় নহয়। কাজেই খাদ্যৰ শিতানত ৰাজ্যখন আজিও স্বাৱলম্বী হ’ব পৰা নাই। বীজ, ট্ৰেক্টৰ, সঁজুলি বিতৰণ এতিয়া হিতাধিকাৰী সৃষ্টিৰ ৰাজনৈতিক খেল হোৱাৰ বাহিৰে প্ৰকৃতাৰ্থত অসমীয়া কৃষকৰ অৰ্থনৈতিক অগ্ৰসৰতা বৃদ্ধিত কিমান কাৰ্যকুশল হৈছে, সেয়া ৰাইজে ইতিমধ্যেই দেখিছেই। প্ৰতিটো পদক্ষেপতে কেৱল ৰাজনৈতিক হিতাধিকাৰী উপকৃত হৈছে, প্ৰতিখন আঁচনিত কেলেংকাৰীৰ অভিযোগ যেন এতিয়া সহজ কথাত পৰিণত হৈছে। ফ্ৰী-চাউলৰ আঁচনিয়ে মানুহক এলেহুৱা কৰাৰ অভিযোগ উঠিছে। সামগ্ৰিক ভাৱে অসমৰ কৃষিজীৱী ৰাইজৰ জীৱন ভাগি পৰিছে। মূল্যবৃদ্ধি, জিএছটি, বিমুদ্ৰাকৰণৰ চেপাঁত পৰি এতিয়াও অসমৰ গাওঁ অঞ্চলত ৫২.১ শতাংশ লােক দাৰিদ্ৰতাৰ গ্ৰাসত পৰি আছে। এই সংখ্যা দেশৰ ভিতৰতেই সর্বাধিক। 
তেন্তে সফলতাৰ ঢাক-ঢোল বাজিলেই শাসনৰ গাদীত বহা সকলক জানো সফল বুলি কব পৰা যাব। বিভিন্ন সমাজৰ উন্নতি জোখা সূচকাংক নিম্নগামী হৈছে, সেইবোৰৰ তথ্যকে বিকৃতি কৰাৰ, ফলাফল ঘোষণা কৰাতো চেন্সৰ কৰাৰ অভিযোগ উঠিছে। প্ৰকৃততে দেশৰ অৰ্থনৈতিক অৱস্থা কি, মেডিয়ায়ো আলোচনা কৰিবলৈ এৰিছে। জনবিৰোধী আইনবোৰৰ জৰিয়তে কৰ্পৰেটৰ হাতলৈ কৃষি আৰু কৃষি ভূমিক গতাই দিয়াৰ প্ৰচেষ্টা চলাৰ বাবেই এতিয়া দিল্লীৰ চাৰিউদিশে কৃষকে এশৰো অধিক দিন অবিৰত ভাৱে ধৰ্ণা, প্ৰদৰ্শন প্ৰতিবাদত বহি থকা আমি প্ৰত্যক্ষ কৰিছো। কিন্তু ৰাজনৈতিক নেতৃত্বই এই প্ৰতিবাদলৈ কান কৰা নাই। বিৰোধী দলেও এই কথাবোৰক সংঘবদ্ধ ভাৱে ৰাইজৰ মাজলৈ নি তাক ভোটৰ ৰূপত চৰকাৰী পলিচিৰ বিৰোধি কৰি তুলিব পৰা নাই। এই দৃষ্টিত শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজতেই যেন নিজা নিজা দুৰ্বলতা পৰিস্ফুত হৈ উঠিছে।


অসমৰ জাতীয় অৰ্থনীতিৰ কথা আলোচনা কৰিলে অসংঘবদ্ধ চহা খেতিয়কৰ অৰ্থনৈতিক অৰিহণাৰ কথা তথ্যগত ভাৱে সদায়েই বাদ পৰি যায়। আলোচনা হয় যে, অসমত চাহ, তেল, গেচ, কাঠ, কয়লাৰ দৰেই অফুৰন্ত জলসম্পদো আছে। জল সম্পদৰ যথার্থ সদ্ব্যৱহাৰ কৰি অসমৰ কৃষি ব্যৱস্থাত নতুন জীৱন পদ্ধতি গঢ়ি তােলাৰ সম্ভাৱনা আৰু উদীয়মান মানব সম্পদৰ পৰিকল্পিত নিয়ােজনৰ চিন্তা-চৰ্চাৰ কথা আজিও তল পৰি আছে। অসমৰ জনজীৱন আৰু কৃষি অর্থনীতিক পংগু কৰি ৰাখিছে প্রলয়ংকৰী ৰূপ ধাৰণ কৰি অহা বানপানী আৰু খহনীয়াৰ সমস্যাই। সেয়ে অসমৰ জল সম্পদ সমৃদ্ধিৰ আহিলা নহৈ জনজীৱনৰ চকুলাে হৈয়ে আছে। বানপানীৰ গ্ৰাসত সর্বহাৰা হৈ ধেমাজি, ঢকুৱাখনা, মাজুলী, দক্ষিণ শালমাৰা মহকুমাকে ধৰি ৰাজ্যখনৰ বহু অঞ্চলত ৰাইজৰ জীৱন ডােক-ৰােগৰ যন্ত্ৰণাত দশক দশকজুৰি কঁপি আছে। পথ, দলং, মথাউৰি, বিদ্যালয়, চিকিৎসালয় আদি প্রতিষ্ঠানৰ ক্ষয়-ক্ষতি অপূৰণীয় হৈ আছে। যাতায়ত যােগাযােগ বিচ্ছিন্নতাই জন-জীৱনক উদ্বিগ্ন কৰি আছে। কিছু বাট-পথৰ উন্নতি হলেও তাৰ সময়ে সময়ে মেৰামতি কৰি অৱস্থা উন্নত কৰি ৰখাৰ কাৰ্যকৰী ব্যৱস্থা এতিয়াও গঢ় লৈ উঠা নাই।

আমাৰ জন-জীৱনৰ আর্থ-সামাজিক বিকাশৰ লগত জল-সম্পদৰ সদব্যৱহাৰৰ প্ৰশ্নটো অপৰিহাৰ্য বাবে জড়িত। ভল্লা আৰু ৰাইন নদীৰ জল সম্পদৰ সদ ব্যৱহাৰ কৰি ৰুচ দেশ আৰু জামান ভূমিত বিশাল জলবিদ্যুৎ যােগান, নগৰ, মহানগৰ, গাঁও অঞ্চলত বিশুদ্ধ খােৱাপানীৰ সু ব্যৱস্থা কৰি সেই দেশৰ মানব সম্পদ নিয়োেজন, আর্থ-সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত নতুবা জীৱন ধাৰা গঢ়ি তােলাত প্রত্যক্ষ উদাহৰণ আমি দেখিছাে। চীনৰ চকুলাে হােৱাংহুপৰীয়া ভূমিখণ্ড চীনৰ পিচ চোতাললৈ ৰূপান্তৰৰ কাহিনী শুনি মুগ্ধ হৈছে। প্রসংগক্রমে আঙুলিয়াব পাৰি যে আমাৰ - দেশৰ অংগ ৰাজ্যসমূহৰ জলসম্পদৰ শতকৰা ৪০ ভাগ ব্ৰহ্মপুত্ৰ-বৰাক অৱবাহিকাতে বিদ্যমান। কেন্দ্রীয় বিদ্যুৎ প্ৰাধিকৰণৰ মতে গােটেই দেশৰ জল বিদ্যুতৰ সম্ভাৱনা (potential) হৈছে ৮৪০০০ মেগাৱাট। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰ বৰাক নদীয়ে যােগান ধৰিব পাৰে ৪১০০০ মেগাৱাট অর্থাৎ শতকৰা ৪৯ ভাগ। জলবিদ্যুৎ উৎপাদনৰ এনে বিপুল সম্ভাৱনাক অসম তথা উত্তৰপূর্বাঞ্চলত 'ৰাইজৰ সুৰক্ষাৰ নিশ্চিতি দিয়াকৈ' কার্যকৰী কৰাত আমাৰ ৰাষ্ট্র নায়ক সকলৰ ৰাজনৈতিক মনােদৃষ্টি আজিও সক্রিয় হােৱা নাই। অৰুনাচল আৰু অসমৰ ভিন্ন ঠাইত নিৰ্মাণ হৈ থকা বান্ধ সমূহ বহুমুখী প্ৰকল্প নকৰি কেৱল জলবিদ্যুত উতপাদন কৰি নেচনেল গ্ৰীডলৈ নিয়াৰহে মিছন চলিছে।

প্ৰচুৰ জলসম্পদ থকা আমাৰ এই ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চন মাত্র ৬.৬ শতাংশ। সাৰ আৰু বিজুলী ব্যৱহাৰ তেনেই সীমাৱদ্ধ অৱস্থাতে আছে। ফলত ৰাজ্যখনত কৃষি উৎপাদন ক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাবোৰ প্রাথমিক স্তৰতেই আছে। অসমত গােটেই দেশৰ তুলনাত দুভাগহে খাদ্য সামগ্রী উৎপাদন হয়। যােৱা দহ বছৰত উৎপাদনৰ ক্ষেত্ৰত প্রতি হেক্টৰত গড়ে উৎপাদন হয় মাত্র ২.৯৬ টন, যিটো দেশৰ বহু উন্নত কৃষিৰ ৰাজ্যৰ তুলনাত একেবাৰেই নগন্য।

দেশৰ কৃষি উৎপাদন সম্পর্কীয় প্রচাৰিত তথ্যৰ পৰা দেখা যায় যে আলু, দাইল, ঘেঁহু, মৰাপাট, কুঁহিয়াৰ আদিৰ উৎপাদন অসমত কম। সৰ্বভাৰতীয় গড় হিচাপে প্রতি হেক্টৰত আলুৰ উৎপাদন ১৬১৯৫ কিলােগ্রামৰ বিপৰীতে অসমত প্রতি হেক্টৰত মাত্র ৭২৫ কিলাে। আনহাতে পশ্চিঙ্গত আলু উৎপাদন হয় ২২৯৯০ কিলােগ্রাম। কুঁহিয়াৰ উৎপাদনত প্রতি হেক্টৰত সর্বভাৰতীয় গড় হৈছে ৬৫২৬৯ কেজি। অসমত সেই কুহিয়াৰ উৎপাদন হয় ৪২৫১৪ কেজি তামিলনাড়ুত উৎপাদন হয় ১৯৭১৪০ কেজি। এই প্রসঙ্গতে ভাক্রানাঙ্গল বহুমূখী প্রকল্প সফলতাই পাঞ্জাৱ-হাৰিয়ানাৰ কৃষি উৎপাদন প্রণালীত ৰূপান্তৰ ঘটাই কৃষি অর্থনীতিক লাভ কৰা সমৃদ্ধিৰ তথ্য আমাৰ সকলাে সচেতন লােকেই জানে।

সেইকাৰণে দেশৰ অন্যতম অংগ ৰাজ্য হিচাপে অসমত কৃষি উৎপাদন বৃদ্ধি, কৃষি ভিত্তিক শিল্প উদ্যোগত বৰ্দ্ধিত মানৱ সম্পদৰ পৰিকল্পিত নিয়ােজনৰ বৃহত্তৰ স্বাৰ্থত জল-সংৰক্ষণ, বিজুলী উৎপাদন, জলসিঞ্চনৰ 'বহুমুখী' ব্যৱস্থাৰে আমাৰ জাতীয় অর্থনীতি সমৃদ্ধকৰণৰ প্ৰক্ৰিয়াত দিল্লী-দিছপুৰৰ শাসকবর্গই অগ্রাধিকাৰ দিবই লাগিব। নৈ সমূহ কেৱল জল-বিদ্যুতৰ একমাত্ৰ আহিলালৈ যাতে ৰূপান্তৰ কৰা নহয়, তাৰ কথাও চিন্তা কৰিব লাগিব। সকলো ডিজাইন, বান্ধৰ নামনিত পৰিব লগীয়া পৰিৱেশৰ ওপৰত প্ৰভাৱ, জলবোমা হোৱাৰ আশংকা আদি নিৰসন বিজ্ঞানসন্মত ভাৱে নকৰাকৈ 'বহুমুখী' বিহীন জল বিদ্যুত প্ৰকল্পবোৰ ৰূপায়ন কৰা উচিত নে সেই কথা ৰাইজেই বিচাৰ কৰিব লাগিব। এই ক্ষেত্ৰত অসমৰ কৃষক সংগঠন সমূহে অসমৰ সকলাে জাতি-জনজাতি, ভাষা-ধৰ্মাৱলম্বী কৃষিজীৱী ৰাইজক সংগঠিতভাবে জাগৰণ কৰাত আগৰণুৱা ভূমিকা পালন কৰাটো আজিৰ পৰিস্থিতিয়ে দাবী কৰে।

অসমৰ জনজীৱন কৃষি অর্থনীতিৰ লগত ৰাজ্যখনৰ পৰম্পৰাগত কুটীৰ শিল্প আৰু বৃত্তিমূলক শিল্পবোেৰৰাে পৰিপূৰক ভূমিকা আছে। সেয়ে কৃষিজীৱী লােকসকলৰ কুটীৰ শিল্প আৰু বৃত্তিমূলক শিল্পবােৰ সংকোচনমুখিতাৰ পৰা পুনৰ গঠনৰ প্ৰচেষ্টা চলােৱাটো কৃষক সংগঠন সমূহৰ কামৰ অন্য এটা সৱল দিশ হোৱা উচিত। অসমত কৃষক সংগঠনৰ দুৰ্বলতা আৰু অসংগঠিত ক্ষেত্ৰতে চহা কৃষক সকল ৰৈ যোৱাৰ বাবেই দেশজুৰি গ্ৰহণ কৰা নতুন কৃষি আইনৰ বিৰোধিতাৰ কোনো ঢৌ অসমত দেখিবলৈ নোপোৱাটো অতিশয় হতাশজনক কথা হৈ পৰিছে। ক্ৰমাত দুৰ্বল হৈ পৰা কৃষক সংগঠন সমূহ বিশেষকৈ বাওঁপন্থী সংগঠন সমূহৰ গণ-সংগঠন সমূহ পুনৰ সংগঠিত-সবৰ্ধিত নকৰিলে দেশৰ এই 'পলিচি সলনিৰ ধাৰাবাহিকতাৰ' পৰিস্থিতি মোকাবিলা কৰাত অসুবিধা হব। দেশত ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱর্তন আৰু পুনৰ বিন্যাসৰ প্রক্রিয়া দিনে দিনে দ্রুততৰ হ’ব ধৰিছে। এনে অৱস্থাত আমাৰ কৃষক সভা সমূহে ৰাজ্যখনৰ গাঁও উন্নয়নত অগ্রাধিকাৰ দি নিশ্চিত নিয়ােগ আঁচনিত গাঁৱৰ কর্মহীন গৰীৱক এনৰেগাৰ কামত নিয়ােগ কৰা, কাম কৰিহে পইচা লোৱাৰ মানসিকতা গঢ়ি তোলা, প্রতি গাওঁ পঞ্চায়তত পৰিকল্পিতভাৱে গৰীৱ কৃষিজীৱী পৰিয়ালক পৰ্য্যায়ক্রমে বাসগৃহৰ ব্যৱস্থা কৰা, জনস্বাস্থ্য, পশুধনৰ চিকিৎসা, গাঁৱৰ ৰাস্তা পথৰ দুৰৱস্থা দূৰ কৰাত গঠনমূলক ভূমিকা পালন, ৰাজহুৱা বিতৰণৰ যােগে চাউল, আটা, চেনি, কেৰাচিন, নিমখ সার্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থা যােগানৰ ক্ষেত্ৰত সহায় কৰি, চৰকাৰী আঁচনিৰ হিতাধিকাৰী যাতে প্ৰকৃতজনহে হয়, তাৰ নিশ্চিতি কৰি ৰাইজক সংগঠিত কৰিব লাগিব। জনবিৰোধী নীতিবোৰৰ ভাল-বেয়া দিশবোৰৰ বিষয়ে সজাগতা সভাৰে জাগৰণ অনাৰ ধাৰাবাহিকতা ৰক্ষা কৰাটোও এক জৰুৰী কথা। চৰকাৰৰ নিম্নতম চাহিদা আঁচনি মতে অনুসূচীত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ লােকৰ বাবে আবণ্টিত আৰু সংৰক্ষিত ব্যৱস্থাৰবােৰ ৰূপায়ণত বঞ্চিতজনৰ সৱল কণ্ঠ হৈ কৃষক সভাবোৰে নিজক সৱল কৰিব পাৰিব। ভূমি সংস্কাৰত অগ্রাধিকাৰ, চৰ অঞ্চলকে ধৰি সকলাে চৰকাৰী মাটি আৰু চিলিং উদ্ধৃত মাটিত যােগ্য লােকক পট্টন দিয়া, ভেটিহীন আৰু খেতিৰ মাটিহীন পৰিয়ালক আবণ্টন যােগ্য মাটি বিতৰণৰ বাবে কৃষক সভাই সংগঠিত ভাবে চৰকাৰক হেঁচা দিব লাগিব। যদিও শেহতীয়াকৈ চৰকাৰে পট্টা বিতৰণৰ 'সমাবেশ' পাতিছে, তাত প্ৰকৃততে কিমানে, কেনেকৈ পট্টা পাইছে, সেই কথাবোৰৰ তথ্য ভিত্তিক প্ৰতিবেদন পোহৰলৈ অনাটোও কৃষক সংগঠনবোৰৰে দায়িত্ব নহয় জানো। যি সময়ত সাংবাদিকৰ দায়িত্ব পালনৰ ওপৰতে পেশাগত হেঁচা, ৰাজনৈতিক হেঁচা আদিৰ প্ৰভাৱ সৱল হোৱা দেখা গৈছে, সেয়া সংগঠিত ৰূপত ৰাইজ ওলাই আহিলেহে 'পৰিৱেশ' সলোৱাটো সম্ভৱপৰ হৈ উঠিব। ৰাজ্যখনত চিলিং আইন, ৰায়তী আইন আদি নিম্নতম জৰুৰী কর্মসূচীৰ ভিতৰত খেতিৰ মাটিত জলসিঞ্চন, কৃষিজীৱী লােকৰ বসবাস তথা খেতিৰ এলেকা সমূহত বিজুলী কৰণৰ সম্প্ৰসাৰণ, উন্নত বীজ, সাৰ, কীটনাশক ঔষধ সস্তা দৰত যােগান ধৰা, ক্ষুদ্র ক্ষুদ্র কৃষকসকলক পথাৰ পৰিচালনা সমিতিত সংগঠিত কৰি কৃষক সমবায় গঠন আৰু পৰিচালনাৰ নতুন নতুন দায়িত্ব কৃষক সভা আৰু সংগঠনোৰে বহন কৰিব লাগিব। হাঁহ-কুকুৰা, গাহৰি, ছাগলী, মীনপালন, শাক-পাচলি, উদ্যান শস্যত কৃষিজীৱী লােকক আত্মনিয়ােগৰ বাবে কৃষক সভাই সগংঠিত ৰূপত কৃষকক সংগঠিত কৰিব লাগিব। আত্মনিয়ােগৰ বাবে কৃষক সভাবোৰে নিজাকৈ কর্ম প্রক্রিয়াৰ, ব্যৱসায়ীক সংগঠনো গঢ়ি তুলিব লাগিব। কৃষকৰ উৎপাদিত ফচলৰ লাভজনক দাম আদায়ৰ বাবে কৃষি বীমাৰ ব্যৱস্থাত প্রান্তিক কৃষক সকলক পথ দেখুৱাই কৃষিক বচাই, কৃষক বচোৱা গাওঁ আৰু দেশ ৰক্ষা কৰা কৃষি নীতি গ্রহণ আৰু ৰূপায়ন কৰি ব্যৱহাৰিক ক্ষেত্ৰত কৃষক জনগণৰ হিত সাধন কৰাটো হ’ব কৃষক সভা আৰু কৃষক সংগঠন সমূহৰ সামুহিক দৃষ্টিকোণ। কৃষকে সংগঠিত ৰূপত গাঁৱৰ কৃষিজীৱী লােকসকলক পঞ্চায়ত, জিলা পৰিষদ আদিত নিষ্ঠাবান লােকক জড়িত কৰি দল মত নির্বিশেষে স্থানীয় নিকায়বােৰ গাঁও উন্নয়নৰ গণতান্ত্রিক অনুষ্ঠানৰূপে গঢ়াত কৃষক কৰ্মীসকলৰ ৰাজনৈতিক মনোেযােগ সক্রিয় কৰিব লাগিব। সমবায় সমিতি সমূহে সক্রিয় কৰা কৃষক সংগঠনৰ অন্যতম কাম হ'ব।

আমাৰ ৰাজ্যখনৰ বিৰাট এটা অংশৰ লােক জনজাতীয় জনগােষ্ঠী সমূহৰ অর্ন্তভূক্ত। জনজাতি লােকসকলৰ শতকৰা ৯৯ জনেই মূলতঃ কৃষক। সেয়ে তেখেত সকলৰ স্বায়ত্ত শাসনৰ গণতান্ত্রিক অধিকাৰ, ভাষা, কৃষ্টি-সংস্কৃতিৰ বিকাশৰ স্পৃহা সামগ্রীকভাৱে আর্থিক ব্যৱস্থাৰ উন্নয়নৰ দাবীবােৰ কৃষক সভা/সংগঠনবোৰে তুলি ধৰিব লাগিব। আমাৰ ৰাজ্যখনৰ প্ৰাক্তন চাহকর্মী খেতিজীৱী গাঁৱৰ লােকসকলক আৰু চৰ-চাপৰিৰ কৃষকসকলৰাে দাবী আৰু অধিকাৰ সমূহ সাব্যস্ত কৰাত কৃষক সভা তথা সংগঠনবোৰে মনােযােগ সম্প্ৰসাৰণ কৰিব লাগিব।

 
আমাৰ ৰাজ্যখনৰ প্রায় আধালােক বিশেষকৈ গাঁৱৰ লােকসকল নিৰক্ষৰতাৰ কলৰ পৰা মুক্ত হােৱা নাই। গাঁও ৰূপান্তৰক প্রাথমিক স্তৰ হিচাপে নিৰক্ষৰ কৃষিজীৱী পুৰুষ-মহিলা সকলক “আদি পাঠ” দিয়াৰ স্বেচ্ছামূলক পঢ়াশালি গঢ়ি তােলাটো আজিৰ কর্তব্য হব। মহিলাসকলৰ ৰাজনৈতিক প্ৰশাসনীয় অধিকাৰ সমূহ সাব্যস্ত কৰা আর্থিক ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ প্রক্রিয়াত কৃষক সভাই অগ্ৰসৰ হ'বই লাগিব। উপৰােক্ত দিশ সমূহৰ উপৰিও অসমত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু থলুৱা জনজাতীয় জনগােট সমূহৰে নিজা নিজা ভাষা কৃষ্টি-সংস্কৃতিৰ ৰক্ষণাবেক্ষণ অর্থাৎ অসমত অধিবাসী/খিলঞ্জীয়া লােকসকলৰ জাতীয় স্বকীয়তা ৰক্ষাৰ প্ৰশ্ন এক প্রাথমিক প্রশ্ন হিচাপেই কৃষক সভা তথা সংগঠনবোৰে বিবেচনা কৰিব লাগিব।

অসমলৈ অ-ভাৰতীয় লােকসকলৰ প্ৰব্ৰজন ৰােধ কৰা, অধিবাসী লােকসকলৰ জনগাঁঠনিত কু-প্ৰভাৱৰ পৰা মুক্ত ৰখা, ভাৰতীয় সকলাে যােগ্য নাগৰিকৰ নাম অন্তর্ভুক্ত কৰি অসম চুক্তিৰ আধাৰত ভােটাৰ তালিকা প্রস্তুত কৰা, ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অসমত সােমাৱা অভাৰতীয় সকলক আইনমতে বিচাৰ কৰি ঘূৰাই পঠোৱা আদি দাবীবােৰতাে কৃষক সভা তথা সংগঠনবোৰে ৰাজনৈতিক ভাৱে সহযােগ কেন্দ্রীভূত কৰিব লাগিব। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া কিমান আঁসোৱাহপূৰ্ণ হৈছে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্ম-ভিত্তিক নাগৰিকত্বৰ প্ৰস্তাৱৰ কথাবোৰো ফঁহিয়াই ৰাইজক বুজাই সংগঠিত কৰিব লাগিব।

এই সময়ত আমাৰ দেশৰ ৰাষ্ট্ৰীয় গাঁঠনিটো যি যুক্তৰাষ্ট্ৰীয় গাঁঠনি, তাক সুৰক্ষিত কৰাৰ বাবে সকলাে জাতি-জনজাতি, ভাষা-ধৰ্মাৱলম্বী কৃষিজীৱী ৰাইজক সচেতন কৰি তােলাটো আজিৰ পৰিস্থিতিত কৃষক সভা তথা সংগঠনবোৰৰ সন্মুখত ৰাষ্ট্ৰীয় দায়বদ্ধতা হিচাপে বিবেচিত হৈছে। কৃষক ৰাইজৰ মাজত ধর্ম নিৰপেক্ষ দেশপ্রেমিক গণতান্ত্রিক চিন্তাধাৰাৰ কৰ্ষণ সমৃদ্ধ কৰি তুলিব লাগিব। এনে পদক্ষেপে আমাৰ ৰাজ্যখনৰ আর্থ সামাজিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত সুৰক্ষা দিব আৰু সাম্প্ৰতিকে অসমত ক্রিয়াশীল হৈ থকা বিদ্রোহী সংগঠন সমূহৰ বিৰােধ দ্বন্দ সংঘাতৰ উপাদানবােৰৰ ৰাজনৈতিক মীমাংসা কৰি নতুন সাঁচত জনঐক্য, শান্তি, সম্প্রীতি গঢ়ি তােলাত সহায়ক হ’ব। এনে বিশ্বাস আমাৰ আছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, নিখিল ভাৰত কৃষক সভাই সাম্রাজ্যবাদ বিৰােধী ৰাষ্ট্ৰীয় স্বাধীনতাৰ সংগ্ৰামত দেশৰ কৃষক সকলক সজাগ সচেতন কৰি সেই সময়ৰ সাম্রাজ্যবাদী শক্তিৰ অপশাসন শােষণৰ অৱসান ঘটোৱাৰ সংগ্ৰামত আগৰণুৱা ভূমিকা সাব্যস্ত কৰিছিল। স্বাধীনতাৰ পৰৱৰ্তী কালছােৱাত দেশত সাম্রাজ্যবাদ, সামন্তবাদ, একচেতিয়া পুঁজিৰ শাসন-শােষণৰ অৱসান ঘটাই সামাজিক ন্যায়ৰ আধাৰত ভাৰতত এখন সুখী সমৃদ্ধশালী ধর্মনিৰপেক্ষ গণতান্ত্রিক নতুন সমাজ ৰচনাৰ সংগ্ৰামত ব্ৰতী হৈ আহিছে।
অসমৰ কৃষক সংগ্ৰামৰ ইতিহাসে বুৰঞ্জী গৰকা, পথৰুঘাটৰ শহীদ কৃষকসকলক শ্ৰদ্ধাৰে সোঁৱৰে। ৰঙিয়াৰ ৰাইজমেল, ফুলগুৰিৰ ধেৱাৰ জংগী কৃষক জাগৰণ, বেলতলাৰ ৰায়তী আন্দোলন, বৰাক উপত্যকা আৰু গােৱালপাৰাৰ জমিদাৰী বিৰােধী কৃষক জাগৰণৰ ইতিবৃত্ত আমাৰ কৃষক সংগ্ৰামৰ জীৱন্ত প্ৰেৰণা হৈ আছে আৰু থাকিব। বহু জাতি, জনজাতি, ভাষা-সংস্কৃতি ভিন্ন ধর্মমতৰ বৈচিত্ৰতাৰে ঐক্যৱদ্ধ আমাৰ দেশ ভাৰতত শােষণহীন, শ্রেণীহীন, মানৱ ভাতৃত্বৰ সমস্বত্ব বিৰাজমান এখন নতুন সমাজ ৰচনাৰ স্বপ্ন লৈ মুক্তি সংগ্ৰামত শ্বহীদত্ব বৰণ কৰা কৃষক সন্তান মণিৰাম দেৱান, পিয়লী ফুকন, মধু কোছ, বাংকুৰু ওৰাং, কুশল কোঁৱৰ, লেৰেলা বড়াে, হেমােৰাম পাটৰ, কনকলতা বৰুৱা, ভােগেশ্বৰী ফুকননী, থগিৰাম সুত, মুকুন্দ কাকতি, মদন বর্মন, ৰাউতা কছাৰী, কমলা মিৰিৰ সপােন বাস্তবায়িত কৰিবলৈ অসমীয়া কৃষক ৰাইজ সদায়েই অংগীকাৰৱদ্ধ।
দেশৰ কৃষক সংগ্ৰামৰ তেজাল উদাহৰণ বেংগলৰ “ত্রেভাগা”, “তেলেঙ্গানা”ৰ কৃষক সংগ্রামকে ধৰি দেশৰ ভিন্ন অংগ ৰাজ্যৰ কৃষক সংগ্ৰাম। এইবোৰৰ শিক্ষা মালাৰে অসমৰ কৃষক সংগঠন সমূহে দেশৰ অপৰিহাৰ্য্য অংগ ৰাজ্যৰূপে অসমক এখন ধর্মনিৰপেক্ষ, গণতান্ত্রিক সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰিত কৰাত সকলাে জাতি, জনজাতি, ভাষা, ধৰ্মাৱলম্বী দল মত নির্বিশেষে ৰাইজ ঐক্যৱদ্ধ কৰাত আত্মনিয়ােগ কৰা উচিত হব। এনে ঐক্যৱদ্ধ সংগ্রামেই স্থিতাৱস্থাবাদী শাসক চক্ৰৰ অপশাসনৰ বিৰুদ্ধে গণতান্ত্রিক ঐক্য শিবিৰ গঢ়ি তুলিব পাৰিব। গণ-বিৰোধী, কৃষক বিৰোধী আইন, নীতি আদিৰ বিৰোধিতা কৰাৰ বাহিৰে আজিৰ তাৰিখত ভাৰতীয় কৃষকৰ কোনো গত্যন্তৰ নাই আর্থ-সামাজিক ব্যৱস্থাৰ পৰিৱর্তনৰ ৰাজনৈতিক পৰিবৰ্তনৰ যে কোনো বিকল্প নাই, সেই কথাও কিন্তু নিশ্চিত।
(লেখক অসমৰ এগৰাকী বৰ্ষীয়ান কৃষক নেতা। একালত নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বত আছিল।)
                                                                             

No comments:

Post a Comment