যােৱা ২০ ছেপ্টেম্বৰৰ (২০২০) দিনা ভাৰত চৰকাৰে দেশৰ কৃষিখণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ঘোষণাৰে সংসদত তিনিখন আইন প্রণয়ন কৰিলে। এই আইনকেইখন গভীৰভাৱে অধ্যয়ন কৰিলে প্রতিফলিত হয় যে ভাৰতৰ বর্তমান কৃষি অর্থনীতি কৃষকভিত্তিক, কিন্তু এই আইনকেইখনৰ দ্বাৰা কৃষকভিত্তিক কৃষি অর্থনীতিক কৰ্প'ৰেটভিত্তিক কৃষি অর্থনীতি বা পুঁজিবাদী কৃষি অর্থনীতিলৈ বৈপ্লৱিক পৰিৱৰ্তন কৰিব বিচাৰিছে। বিশ্বত আমেৰিকাকে ধৰি উন্নত দেশবােৰত কৃষিখণ্ডক কৰ্প'ৰেটে দখল কৰিছে। ভাৰতত আজিলৈ কৃষিখণ্ড কৰ্প'ৰেটে দখল কৰিব পৰা নাই যদিও তেওঁলােকে বিভিন্ন প্রচেষ্টা চলাইছে।
ভাৰতত উদ্যোগখণ্ড, সেৱাখণ্ড বা অর্থনীতিৰ আন আন খণ্ডবােৰৰ উন্নতি ঘটিলেও বর্তমানৰ শিক্ষিত-অশিক্ষিতকে ধৰি বহু কোটি নিবনুৱাক কর্মসংস্থান দিব পৰা নাই। ভাৰতৰ কৃষিখণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনত ১৭ শতাংশ অৰিহণা যােগায়। যদিও দেশৰ মুঠ শ্রমশক্তিৰ ৪২.৩৯ শতাংশক কর্মসংস্থান দিয়ে আৰু দেশৰ প্ৰায় ৭০ শতাংশ লােক জীৱন নির্বাহৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বর্তমানৰ কৃষি নীতি আৰু কৃষি সংক্রান্তীয় আইনৰ প্রধান লক্ষ্য আছিল কৃষি আৰু কৃষকসকলৰ স্বার্থক (যথােপযুক্ত নহ'লেও) সুৰক্ষিত কৰা আৰু খাদ্য নিৰাপত্তা সুনিশ্চিত কৰা। উদাৰনীতিৰ পটভূমিত ১৯৯১ চনৰ পৰা এই লক্ষ্যৰ পৰা আঁতৰি আহিব বিচাৰিলেও বিভিন্ন প্রতিবাদৰ সন্মুখত এই লক্ষ্যৰ পৰা সম্পূর্ণ আঁতৰি আহিব পৰা নাই। ফচলৰ ন্যূনতম সহায়ক মূল্য, চৰকাৰী উদ্যোগত ফচল ক্রয়, মণ্ডিসমূহৰ জৰিয়তে ফচল বিক্ৰীৰ ব্যৱস্থা, অত্যাৱশ্যকীয় পণ্য আইনৰ নিয়ন্ত্রণৰে খাদ্য-সামগ্ৰীবােৰক চৰকাৰী নিয়ন্ত্ৰণত ৰখা ইত্যাদি প্রক্রিয়াবােৰক চৰকাৰে বাতিল কৰাৰ প্রচেষ্টাক দেশৰ বিভিন্ন কৃষক সংগঠনে আৰু গণতান্ত্রিক আন্দোলনে প্ৰতিৰােধ কৰিবলৈ সমর্থ হৈছিল। মােডী চৰকাৰে দেশৰ কৃষিখণ্ডৰ তথা কৃষকসকলৰবৰ্তমানৰ নিৰাপত্তাখিনিৰ বিলুপ্তি ঘটাবলৈ তিনিখন আইন প্রৱর্তন কৰিলে।
১৯৫৫ চনত জৱাহৰলাল নেহৰু মন্ত্রীসভাই ‘দ্য এছেনছিয়েল কমােডিটিজ” আইন প্রণয়ন কৰিছিল। এই আইনখনে জনসাধাৰণৰ জীৱন ধাৰণৰ অত্যাৱশ্যকীয় সামগ্রীবােৰ নিয়ন্ত্ৰণৰ উপৰি মজুতকাৰী, ক’লা ব্যৱসায়ীয়ে সীমাহীনভাৱে অত্যাৱশ্যকীয় সামগ্রীবােৰ গােপনে মজুত কৰি ৰাখিব যাতে নােৱাৰে তাৰ বাবে মজুত কৰি ৰাখিব পৰাৰ সীমা নির্ধাৰণ কৰি দিছিল। মােডী চৰকাৰে এই আইনখন সংশােধনীৰ মূল লক্ষ্য হ’ল অত্যাৱশ্যকীয় সামগ্রী বুলি কোনাে সামগ্রী নাথাকে আৰু মজুত কৰি ৰখাৰ সীমা উঠাই দি সীমাহীন কৰিছে। এই সংশােধনীৰ মূল লক্ষ্য হল কৰ্প'ৰেট হাউছবােৰে এতিয়াৰ পৰা জনসাধাৰণৰ জীৱন ধাৰণৰ অত্যাৱশ্যকীয় সামগ্রীবােৰকে ধৰি সকলাে খাদ্য-সামগ্রী বজাৰত কিনি কোটি কোটি টন জমা কৰি ৰাখিব পাৰিব তথা এই সামগ্ৰীবােৰৰ বজাৰ আমেৰিকাৰ একচেতীয়া খাদ্য-সামগ্রী ব্যৱসায়ীবােৰৰ নিচিনাকৈ নিয়ন্ত্ৰণত ৰাখিব।
আমেৰিকাত কণআগ্রা (Con Agra) কাৰগিল (Curgill) আইপিবি মিডলেণ্ড (Midland) আদি ছয়-সাতটা একচেতীয়া ব্যৱসায়ে আমেৰিকাৰ ৭০ৰ পৰা ৮০ শতাংশ চাউল, আটা, ময়দা, ফল, শাক-পাচলি, মাছ, মাংস, কণীকে ধৰি সমস্ত খাদ্য-সামগ্রী বা অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায় নিয়ন্ত্রণ কৰে। মােডী চৰকাৰৰ এই সংশােধনীৰ মুখ্য উদ্দেশ্য আমেৰিকাৰ ষ্টাইলত খাদ্য-সামগ্ৰীৰ কেইটামান একচেতীয়া কৰ্প'ৰেট হাউছ সৃষ্টি কৰা। মজুতৰ সীমা উঠাই দিয়াৰ উদ্দেশ্য হল আম্বানি-আদানিৰ নিচিনা কৰ্প'ৰেট হাউছবোৰে আধুনিক বৃহৎ ভঁৰাল তৈয়াৰ কৰি কোটি কোটি টন সামগ্রী কিনি জমা ৰখাৰ সুবিধা কৰি দিয়া। এতিয়া তেওঁলােকে দেশৰ খাদ্য-সামগ্ৰীৰ বজাৰখন একচেতীয়াভাৱে লৈ ল’ব পাৰিব। সেইবাবেই চাউল, দাইল, আটা, আলু, চেনি, পিঁয়াজ, খােৱা তেল, তেলৰ বীজৰ নিচিনা ২০টাতকৈ অধিকসংখ্যক কৃষিপণ্যক অত্যাৱশ্যকীয় পণ্যৰ তালিকাৰ পৰা বাদ দিছে। ইতিমধ্যে মুকেশ আম্বানিয়ে জিঅ’ মার্ট নামৰ (Jio Mart online grocery service) গেলামাল, ফল, পাচলি আদিৰ দেশৰ দুশ চহৰত অনলাইন ষ্টোৰ খুলিছে। এই পদক্ষেপে প্রতিফলিত কৰে যে ভাৰততাে আমেৰিকাৰ দৰে গেলামাল, শাক-পাচলি, ফল আদিৰ ব্যৱসায় কৰ্প'ৰেট হাউছবােৰে দখল লােৱাৰ প্রক্রিয়া দ্রুতগতিত আৰম্ভ হৈছে। এই সংশােধনীৰ দ্বাৰা দেশৰ বহু লাখ ক্ষুদ্র ব্যৱসায়ীৰাে ব্যৱসায়ৰ বিলুপ্তি ঘটিব। তেওঁলােকে একচেতীয়া ব্যৱসায়ীৰ লগত প্রতিযােগিতাত হাৰ মানিব। অর্থাৎ আমেৰিকাৰ আৰ্হিত আম্বানি, আদানিৰ নিচিনা একচেতীয়া ব্যৱসায়ীৰ দখলত সকলাে খাদ্য-সামগ্ৰীৰ বজাৰ গুচি যাব।
লক্ষণীয় যে উক্ত কৃষি আইন তিনিখন প্রণয়ন কৰাৰ পাছতে মুকেশ আম্বানি উৎসাহিত হৈ যােৱা আঠ অক্টোবৰত তেওঁৰ খুচুৰা ব্যৱসায়ৰ প্রতিষ্ঠান জিঅ' মার্টত ১১,৬৫০ কোটি টকাৰ অতিৰিক্ত বিনিয়ােগৰ সিদ্ধান্ত লৈছে। আনফালে জিঅমাৰ্টৰ ব্যৱসায়িক মূল্যও ৫.১৫ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। | দ্বিতীয় আইনখনৰ নাম হ’ল দ্য ফামাৰ্ছ প্রডিউচ ট্রেড এণ্ড কমার্চ (প্রমােচন এণ্ড ফেচিলিটেচন) এক্ট ২০২০। বর্তমানৰ আইনখনৰ ব্যৱস্থাত বজাৰ সমিতি, প্রডিউচ মার্কেট কমিটী (এ পি এম চি) আদিৰ সহায়ত কৃষকসকলে মণ্ডিৰ মাধ্যমত চৰকাৰে ঠিক কৰা ন্যূনতম সহায়ক মূল্যত (Minimum Suport Price) ফচল বিক্ৰী কৰাৰ সুবিধা আছে যদিও সহায়ক মূল্য স্বামীনাথন কমিটীৰ ফর্মুলা অনুযায়ী নহয়। দেশত এনেধৰণৰ বজাৰ ২৮ হেজাৰৰাে অধিক আছে। নতুন আইনখনত ন্যূনতম সহায়ক মূল্যৰ কোনাে উল্লেখ নাই। এতিয়াৰ পৰা কৃষকে মণ্ডিত যাব নালাগে, কৃষকৰ ইচ্ছা মতে খােলা বজাৰত বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ মতে হেনাে খােলা বজাৰত বেছি দাম পাব। প্রকৃততে চৰকাৰে দেশৰ খাদ্যসামগ্ৰীৰ একচেতীয়া ব্যৱসায়ীৰ সৃষ্টি কৰিবলৈ বিচাৰিছে একচেতীয়া ব্যৱসায়ীয়ে বাধাহীনভাৱে বজাৰৰ পৰা সমগ্র সামগ্ৰীৰ দখল ল’ব পৰাকৈ আইনখন সংশােধন কৰিছে। মােডীচৰকাৰে কৈছে কৃষক স্বাধীন হ’ল। বাস্তৱত স্বাধীন হ’ব জানাে। বিহাৰত এগ্রি এম চি আইন ২০০৬ চনতে বাতিল কৰিছিল। তাৰ কৃষকে নিজৰ ইচ্ছা মতে ব্যৱসায়ীক বিক্ৰী কৰে তেওঁলােকৰ ফচল। কিন্তু বিহাৰৰ কৃষকে দেশৰ প্ৰায়বােৰ ৰাজ্যৰ তুলনাত কম দামত বিক্ৰী কৰে।
অসমতে মাত্র ২২খন নিয়ন্ত্রিত বজাৰ আছে। অসমৰ কৃষকে সামগ্রিকভাৱে স্বাধীনভাৱে খােলা বজাৰতে তেওঁলােকৰ ফচল বিক্ৰী কৰে, কিন্তু তেওঁলােকে ন্যূনতম সহায়ক দামতকৈ কম দামত বিক্ৰী কৰে। তদুপৰি যিবিলাক সামগ্ৰীৰ নিয়ন্ত্রিত বজাৰ নাই সেইবােৰে ফচল বিক্রী কৰাৰ বাবে কৃষক স্বাধীন। এই স্বাধীনভাৱে বিক্ৰী কৰা সামগ্রীবােৰত কৃষকে প্রায় ক্ষেত্ৰত উৎপাদিত খৰচেই নাপায়। অসমত আলু উৎপাদনকাৰীয়ে প্রতি কেজি আলুৰ দাম পাঁচ টকাও নাপায়। লাখে লাখে কুইণ্টল আলু গেলি যায়, কিনােতা নাই আলুৰ খােলা বজাৰত। আচলতে মােডী চৰকাৰৰ এই সংশােধনীৰ দ্বাৰা কৃষকসকলক ন্যূনতম সহায়ক মূল্যৰ পৰা বঞ্চিত কৰিব আৰু কৃষকসকলক বাধ্য কৰিব খােলা বজাৰত কৰ্প'ৰেটৰ মর্জিত ফচল বিক্ৰী কৰিবলৈ যাতে একচেতীয়া ব্যৱসায়ীবােৰে কোটি কোটি টনৰ সামগ্রী কিনি জমা কৰি ৰাখিব পাৰে। ক্রমে ক্রমে চৰকাৰী আপদকালীন (Buffer stock) খাদ্য জমা ৰখা ব্যৱস্থাও উঠাই দিব। এক চেতীয়া ব্যৱসায়বােৰ পাৰ্গত তেওঁলােকে কৌশল জানে কৃষকে ফচল চপােৱাৰ সময়ত কেনেকৈ সামগ্রীবােৰৰ বজাৰ ভাও কমাই ৰখাই কম দামত বস্তু কিনিব লাগে। তদুপৰি এক দেশ এক বজাৰ বুলি কৈছে। অসমৰ প্রান্তিক বা ক্ষুদ্র খেতিয়ক এজনে বাংগালােৰ বা দিল্লীলৈ পাচলি বিক্ৰী কৰিবলৈ নাযায়। আম্বানি-আদানিৰ নিচিনা একচেতীয়া ব্যৱসায়ৰ বাবে কোনাে বাধা নাই অসমত সামগ্রী কিনি দেশৰ যিকোনাে ঠাইতে বিক্ৰী কৰিব পাৰিব। তেওঁলােকৰ বাবেহে এক দেশ এক বজাৰ, কৃষকৰ বাবে নহয়।
তৃতীয় আইনখন হ’ল ‘দ্য ফামাৰ্ছ (এম্পাৱাৰমেণ্ট এণ্ড প্রটেকচন) এগ্রিমেন্ট অন প্রাইচ এচিওৰেন্স ছাভিচেছ এক্ট ২০২০'। এই আইনখন চুক্তিভিত্তিক খেতিৰ। এই আইনখনত কৰ্প'ৰেট হাউছক মূল্য নিশ্চিত কৰাৰ কথা কোৱা হৈছে, চৰকাৰে মূল্য নিশ্চিত নকৰে। এই আইনখন ভালকৈ পর্যালােচনা কৰিলে প্রতিফলিত হয় যে কৃষকসকল ক্রীতদাসত পৰিণত হ'ব। চুক্তি অনুসৰি কৰ্প'ৰেট হাউছৰ কৃষকক সাৰ, বীজ, কীটনাশক আৰু অন্যান্য উপাদান কৰ্প'ৰেটে ঠিক কৰাৰ দামত যােগান ধৰিব। কৰ্প'ৰেট হাউছৰ লগত ফচলৰ দাম কিমান দিব শস্য খেতি কৰাৰ আগতে ঠিক কৰি ল'ব লাগিব পাঁচবছৰৰ বাবে আৰু সেই দামতে বিক্রী কৰিব লাগিব পাঁচবছৰৰ বাবে। গুণমান’ উন্নত নহ'লে কৰ্প'ৰেট হাউছে ফচলবােৰ নিকিনিব। দেশৰ ৮৬ শতাংশ কৃষক ক্ষুদ্র আৰু প্রান্তিক। এওঁলােকৰ গড়েপ্রতি মাটি আছে ১.১ হেক্টৰ এক তৃতীয়াংশৰ মাটি এক হেক্টৰৰাে কম। গতিকে এই কৃষকসকলৰ লগত কৰ্প'ৰেটে চুক্তি কৰিব কেনেকৈ। নিশ্চয় বহু কৃষকৰ মাটি লগ লগাই কোনােবাই দখল স্বত্ব লৈ খেতি কৰিব আধুনিক পদ্ধতিৰে। ফলস্বৰূপে এই কৃষকবােৰ কর্মহীন হ’ব, শেষপর্যন্ত মাটিবােৰ হেৰুৱাব। দক্ষিণ ভাৰতত নীল খেতিয়কসকলৰ ক্ষেত্ৰত এই অৱস্থা হৈছে। হেনাে। এই প্রক্রিয়াত দেশৰ ক্ষুদ্ৰ আৰু প্রান্তিক কৃষকসকল মাটিৰ মালিক হৈ থাকিব নােৱাৰে।
মুঠতে বিভিন্ন উপায়েৰে ধনী কৃষক বা কৰ্প'ৰেটে লৈ ল’ব ডাঙৰ ভূমিক্ষেত্র (Big holding) সৃষ্টি কৰিবলৈ। এই কৃষকসকলৰ লঘিষ্ঠসংখ্যকে কৃষি ফার্মবােৰত মজুৰ হ'ব আৰু অধিকাংশ মাটিহীন কৃষক নিবনুৱাত পৰিণত হ'ব। বিশ্বত বিভিন্ন দেশত কৃষিখণ্ডত এই প্রক্রিয়া আৰম্ভ হৈছিল বহু যুগ আগতেই। ১৯৩০ চনত আমেৰিকাত ৭০ লাখ কৃষি পাম আছিল। পুঁজিপতিৰ বা কৰ্প'ৰেটৰ কৃষিপাম সৃষ্টি কৰিবলৈ বৃহৎ ভূমিক্ষেত্র (Big holding) সৃষ্টিকৰাত কৃষি পামৰ সংখ্যা ১৯৯০ চনত হ্রাসহ’ল ১৮ লাখলৈ। সৰু খেতিয়কসকলে পুঁজিপতিক মাটি এৰি দিবলৈ বাধ্য হ’ল। কৃষ্ণাংগ লােকসকলৰ ১৯৩০ চনত আমেৰিকাৰ মুঠ কৃষি পামৰ ১৪ শতাংশ আছিল। কৃষিত পুঁজিবাদী ব্যৱস্থা প্ৰৱৰ্তন কৰাত কৰ্প'ৰেটে ডাঙৰ কৃষি পাম সৃষ্টি কৰিবলৈ দুর্বল কৃষ্ণাংগসকলৰ মাটিবােৰ লৈ ল'লে। বর্তমান আমেৰিকাত কৃষ্ণাংগসকলৰ এক শতাংশ কৃষি পামাে নাই। মােডী চৰকাৰৰ তৃতীয় আইনখনৰ একে লক্ষ্য। কৃষি পুঁজিবাদী ব্যৱস্থাত ৯০ শতাংশ খেতিয়ক তিষ্ঠি থাকিব নােৱাৰে কৃষিখণ্ডত। অনুসূচিত জাতি-জনজাতিসকলৰতাে কথাই নাই। আমেৰিকাৰ যেনেকৈ কৃষ্ণাংগসকলক বৃহৎ কৃষিপামে মাটিহীন কৰিব, ভাৰততাে অনুসূচিত জাতি-জনজাতিৰ লােকসকলে সমুলঞ্চে মাটিবােৰ এৰি দিব লাগিব। দেশত যেতিয়া কৃষিখণ্ড পুঁজিবাদীব্যৱস্থাত গুচি যায় অর্থাৎকৰ্প'ৰেটে দখল কৰি অতি আধুনিক তথা যান্ত্রিক পদ্ধতিৰে খেতি কৰে তেতিয়া প্রায় ৯৫ শতাংশ খেতিয়ক তথা কৃষি শ্রমিক হ্রাস পায়। আমেৰিকাৰ কৃষিখণ্ড বিশ্বৰ ভিতৰতে বৃহত্তম আৰু বিশ্বৰ অধিকতম শস্য উৎপাদন কৰে কিন্তু ইয়াত কৃষি শ্রমিক আৰু কৃষক মিলি অর্থাৎ কৃষিখণ্ডই দিয়া কর্মসংস্থানৰ পৰিমাণ আচৰিতভাৱে অতি সামান্যতম লােকেহে কাম কৰে কৃষিখণ্ডত। আমেৰিকাৰ মুঠ কর্মসংস্থানৰ মাত্র ১.৪ শতাংশ কর্মশক্তিকহে কৃষিখণ্ডই কর্মসংস্থান আগবঢ়ায়, ঠিক সেইদৰে ইউৰােপৰ দেশবােৰত। ইউৰােপৰ কৃষি উৎপাদনত অতি উন্নত নেডাৰলেণ্ডত মুঠ কর্মশক্তিৰ মাত্র ২.২ শতাংশ লােকেহে কর্মসংস্থান পাইছে। ব্রাজিলত মাত্র ৯.৪ শতাংশই আনকি চীনদেশতাে ২৬.৮ শতাংশইহে। এই দেশবােৰত কৃষিখণ্ডৰ পৰা উদবৃত্ত কর্মশক্তিক অর্থনীতিৰ আন খণ্ডবােৰত বিকল্প কর্মসংস্থান দিব পাৰিছে তথা নিবনুৱাৰ হাৰক নিয়ন্ত্ৰণত ৰাখিব পাৰিছে। ভাৰতত কৃষিখণ্ডই প্রত্যক্ষভাৱে কৃষিখণ্ডত কর্মসংস্থান দিয়ে ৪৩.৯ শতাংশ আৰু কৃষি আনুষংগিক লৈ প্রায় ৬০ শতাংশ লােকক কর্মসংস্থান দিয়ে ভাৰতৰ কৃষিখণ্ডই। ভাৰতৰ অৰ্থনীতিৰ আন আন খণ্ডবােৰে বাকী ৪০ শতাংশ কর্মশক্তিকে কর্মসংস্থান দিব পৰা নাই। বিশেষকৈ মােডী অর্থনীতিৰ প্রক্রিয়াত যােৱা ৪৫ বছৰৰ ভিতৰতে অধিকতম নিবনুৱাৰ সৃষ্টি হৈছে। কোভিডৰ ভিতৰত একমাত্র কৃষিখণ্ডই উৎপাদন অব্যাহত ৰাখি কর্মসংস্থান দি আছে কৃষি শ্রমিক আৰু কৃষকক।
যােৱা ২০ ছেপ্টেম্বৰত প্রণয়ন কৰা এই তিনিখন আইন ৰূপায়ণ কৰিলে ভাৰতৰ অর্থনীতি কৃষকভিত্তিকৰ সলনি কৰ্প'ৰেট ভিত্তিক হ'ব। অর্থাৎ পুঁজিবাদী ব্যৱস্থাৰ কৃষি উৎপাদন হ'ব ভাৰততাে আমেৰিকাৰ দৰে। আমেৰিকাৰ দৰে ভাৰততাে ৮৬শতাংশ ক্ষুদ্র কৃষকৰ অন্তর্ধান হ’ব। ২০১৭-১৮ৰ তথ্য অনুযায়ী দেশৰ গাঁওবােৰৰ ৭০ শতাংশ পৰিয়ালৰ জীৱন-জীৱিকাৰ পথ হ’ল কৃষি আৰু ইয়াৰে ৮২ শতাংশ কৃষক ক্ষুদ্র আৰু প্রান্তিক। দেশৰ জনসাধাৰণৰ উক্ত অর্থনৈতিক অৱস্থাৰ ভিত্তিত উক্ত তিনিখন আইন ৰূপায়ণৰ দ্বাৰা দেশৰ কৃষিখণ্ড কৃষকভিত্তিকৰ পৰা কৰ্প'ৰেট ভিত্তিক বা পুঁজিবাদী কৃষি উৎপাদন ব্যৱস্থালৈ পৰিৱর্তন। হ'ব আৰু আমেৰিকা, ব্রাজিল, ইউৰােপৰ দৰে কৃষিখণ্ডৰ কর্মসংস্থান হ্রাস হৈ ২০ শতাংশৰ তলত যাব যদিও উৎপাদন অটুট থাকিব বা বৃদ্ধি হ'ব। ইয়াৰ ফলত আৰু ৪০ শতাংশ কর্মশক্তিয়ে কৃষিৰ পৰা উদবৃত্ত হৈ বিকল্প কর্মসংস্থান বিচাৰিব লাগিব। তদুপৰি লাখ লাখ গেলামাল দোকানী, পাচলি বেপাৰী, ফল বেপাৰী, পাইকাৰী ব্যৱসায়ী কর্মহীন হ'ব। ভাৰতৰ অর্থনীতিৰ কৃষিখণ্ডৰ বাহিৰৰ আন খণ্ডবােৰে ৪০ শতাংশ কর্মশক্তিকে কর্মসংস্থান দিব পৰা নাই ইয়াৰে লগত যদি আৰু ৪০ শতাংশ কর্মশক্তি যােগ হয় দেশত নিবনুৱাৰ হাৰ ৫০ শতাংশ হ’বগৈ। এই অৱস্থাই ভাৰতৰ অর্থনীতিলৈ বিপর্যয় আনিব। কর্মহীন মানুহৰ সংখ্যা যেতিয়া ৫০ শতাংশ হ'ব তেতিয়া ৫০ শতাংশ লােকৰ ক্রয়ক্ষমতা নাথাকিব। ফলস্বৰূপে দেশৰ ঘৰুৱা বজাৰত সকলাে উৎপাদিত সামগ্ৰীৰে বজাৰ চাহিদা তীব্র হাৰত হ্রাস হৈ দেশৰ সামগ্রিক অর্থনীতি ভাগি পৰিব আৰু জনসাধাৰণৰ জীৱনলৈ কল্পনাতীত দুখ-দুর্দশা কঢ়িয়াই আনিব।
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক, ফোন : ৯৪৩৫০৪১২০৩)
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ
No comments:
Post a Comment