বিশ্লেষণঃ অৰ্ণৱ গোস্বামীৰ কেচঃ আলোচিত নোহোৱা পাঁচটা পইণ্ট :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ অৰ্ণৱ গোস্বামীৰ কেচঃ আলোচিত নোহোৱা পাঁচটা পইণ্ট :: অজয় লাল দত্ত

বিশ্লেষণঃ অৰ্ণৱ গোস্বামীৰ কেচঃ আলোচিত নোহোৱা পাঁচটা পইণ্ট :: অজয় লাল দত্ত

Share This

অৰ্ণৱ গোস্বামীৰ কেচঃ আলোচিত নোহোৱা পাঁচটা পইণ্ট
অজয় লাল দত্ত
ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ সৰ্বত্ৰে আলোচনা-প্ৰতিবাদ, ট্ৰেণ্ডিং, টুইট আদি দেখি আছো। কিন্তু তাৰে ভিতৰত কেইটিমান কথা আলোচনা নোহোৱাকৈ ৰৈ গৈছে যেন লাগিছে। মানে বাজিব লাগিছিল টেমি কটাৰী, বাজিব লাগিছিল হাঁচতি ধৰণেৰে। 
ক. বুজিব পৰা নাই, কি কাৰণত ইমান বিশেষজ্ঞ আইনজ্ঞৰ দলে আলিবাগ থানাৰ কেচত ৰায়গড় জিলাৰ চেছন ন্যায়াধীশৰ তাত জামিনৰ আবেদন দাখিল নকৰিলে? ফলত ছয়টা দিন, হাইকৰ্টৰ দুৱাৰ টুকুৰিয়াই গোস্বামী ডাঙৰীয়া জেলতে থাকিব লগা হ'ল। হাইকৰ্টেও ছেছন কৰ্টত আবেদন নকৰাকৈ বা আবেদন গ্ৰাহ্য নকৰাকৈ ৰিট-পিটিছন বা পুনৰীক্ষণ আবেদনৰ জৰিয়তে জামিন দিলে কথাটোৱে দেশৰ ন্যায়িক ব্যৱস্থালৈকে দৃষ্টান্তমূলক বেয়া নজিৰ সৃষ্টি হব বুলিহে মত প্ৰকাশ কৰিলে। লৱাৰ কৰ্টৰ মৰ্যদা ৰখাৰ বাবেই এই সিদ্ধান্ত বুলিও কৈছে। বুজিব নোৱাৰিলো, এই সাধাৰণ কথাটোকে ন্যায়বিদ সকলে কিয় আগতীয়াকৈ নাভাবিলে। আনকি, অৰ্ণৱ গোস্বামীৰ দৰে এগৰাকী 'জনাশুনা মানুহে' পুলিচৰ গাড়ীৰ পৰা উচ্চতম ন্যায়ালয়ক জামিনৰ মৌখিক আবেদনৰ আহ্বান জনোৱা ভিডিঅ' দেখা পালো। আমি সাধাৰণ নাগৰিক হিচাবেও, কোনো সাধাৰণ ক্ৰিমিনেল গোচৰত প্ৰথমে নিম্ন আদালত, তাৰ পাছত উচ্চ ন্যায়ালয় বা তাৰ পাছতো পুনৰ প্ৰয়োজনত উচ্চ ন্যায়ালয়ত বিভিন্ন বেঞ্চত পুনৰীক্ষণৰ আবেদনৰ কথাহে জানো। উচ্চতম ন্যায়ালয়ে ব্যক্তি বিশেষৰ কোনো আইপিচিৰ গোচৰ বিবেচনা কৰে জানো। উচ্চতম ন্যায়ালয়ে, ৰাজ্য চৰকাৰৰ সৈতে সংঘাতৰ কথা আহিলে হয়তো, বিবেচনা কৰিব, বিশেষকৈ মহাৰাষ্ট্ৰ বিধান সভাই বিশেষ-অধিকাৰ গোচৰত হস্তক্ষেপ কৰাৰ দৰে। কিন্তু বৰ্তমানৰ গোচৰতো 'ব্যক্তি বিশেষৰ ধন অনাদায়'ৰ গোচৰহে!! এই কথাটো ৰিপাব্লিকৰ দৰে টিভিয়েও আলোচনা নকৰি, পলিটিকেল হাৰাশাস্তিৰ বিৰুদ্ধেহে প্ৰতিবাদী ধাৰা অব্যাহত ৰখা দেখা গৈছে।

খ. বিশেষকৈ উল্লেখ কৰিব লাগিব যে, বৰ্তমানৰ গোচৰতো ধন অনাদায়ৰ ফলত মানসিক হেঁচাত আত্মহত্যা কৰা এটা কোম্পানীৰ দুগৰাকী ডাইৰেক্টৰৰ চুইচাইড নোটৰ ভিত্তিতহে এই কেচ। এই কেচ ভালকৈ অনুসন্ধান নকৰি, কেচ ক্লজাৰ কৰাৰ খবৰ কৰ্টৰ পৰা নোপোৱাকৈ টুইটাৰ যোগে গম পোৱাৰ বাবেহে, পুনৰ কেচ খুলি ন্যায় প্ৰাপ্তিৰ বাবে এগৰাকী কন্যাই আবেদন জনাইছিল। যিহেতু, কেচ ক্লজাৰৰ নটিছ, Summary Report, ভুক্তভোগীৰ পৰিয়ালক জনোৱাৰ কোনো পিয়ন বুক বা অন্য তথ্য পোহৰলৈ অহা নাই! গতিকে সেই LAPSE ৰ বাবে এতিয়া সেই কেচটো পুনৰীক্ষণলৈ অনাৰ বাবে দিয়া নিৰ্দেশক অবৈধ ঘোষণা কৰিব নোৱাৰিলে হাইকৰ্টে। গোস্বামী ডাঙৰীয়াৰ আইনী বিশেষজ্ঞই 'গ্ৰেপ্তাৰক অবৈধ ঘোষণা'তহে গুৰুত্ব দিলে, জামিন পোৱাৰ নিয়মমাফিক বাটটোক নেওচা দিলে! তাৰ ফলত এতিয়া দিৱালী পাৰ নোহোৱা পৰ্যন্ত গোস্বামী ডাঙৰীয়াই 'ন্যায়িক ৰেহাই' পোৱাৰ পৰা বঞ্চিত হ'ল। আনকি, উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষত গ্ৰহণ কৰা precedent of Prashant Kanojia's release in a habeas corpus petition ৰ হস্তক্ষেপৰ উদাহৰণো গ্ৰহণ কৰিবলৈ বম্বে উচ্চ ন্যায়ালয় ৰাজী নহ'ল, কাৰণ দুয়ো ক্ষেত্ৰতে ফেক্টবোৰ একেই নহয়!! লগতে সেই কেচত ব্যৱহাৰ হোৱা Article 142 of the Constitution(extraordinary powers to pass necessary orders to do complete justice) ৰ ক্ষমতা কেৱল উচ্চতম ন্যায়ালয়ৰহে আছে, হাইকৰ্টৰ নাই বুলিও স্পষ্ট কৰি  দিয়ে। গোস্বামী গ্ৰেপ্তাৰ হোৱা কেচটো IPCৰ ৩০৬ ধাৰাৰহে আৰু সেয়া ছেচন আদালতৰ বিচাৰযোগ্যহে।Section 439 of the Code of Criminal Procedureৰ অধীনত চেছন আদালতত নিয়মমাফিক জামিনৰ আবেদন কৰিলে চাৰিদিনৰ ভিতৰত শুনানি হব বুলিও আদালতে পৰামৰ্শ দিয়ে। 

গ. ৰিপাব্লিক টিভিৰ কেমেৰাই যদিও অৰ্ণৱ গোস্বামী ডাঙৰীয়াক পুলিচে স্থানান্তৰ কৰাৰো লাইভ দিছে, কিন্তু আন সংবাদ মাধ্যম সমূহে কথাবোৰ এনেকৈ গুৰুত্ব দি প্ৰচাৰ কৰা নাই। সাংবাদিক গ্ৰেপ্তাৰ, সংবাদ মাধ্যমক আক্ৰমণ ধৰণৰ প্ৰপাগাণ্ডা যদিও ৰিপাব্লিক সংবাদ সংস্থাই কৰিছে, কিন্তু দেশৰ সকলো সাংবাদিক একগোট হৈ এই গ্ৰেপ্তাৰৰ প্ৰতিবাদ নকৰাটো পৰিলক্ষিত হৈছে। বহুতেই অৰ্ণৱ গোস্বামীক আনকি সাংবাদিক নহয়, সূত্ৰধাৰ বা এংকৰহে বুলিও উল্লেখ কৰিছে। সংবাদ পৰিবেশনৰ কোনো ঘটনাৰ বাবে নহয়, ধনৰ অনাদায়ৰ কেচটো 'ব্যক্তিগত অপৰাধৰ শাৰীৰহে" বুলিও গণ্য কৰাৰ বাবেও এই প্ৰতিবাদৰ সুৰ ক্ষীণ হোৱা বুলি অনুমান কৰিব পাৰি। তাৰ বিপৰীতে সোঁপন্থী ৰাজনীতিৰ ভিন্ন সংগঠন, কৰ্ণী সেনাকে ধৰি, তেওঁলোকেহে তেওঁলোকৰ ধাৰাৰ প্ৰপাগাণ্ডাৰ এজন ধ্বজবাহকক গ্ৰেপ্তাৰ কৰিছে বুলি দুখ প্ৰকাশ কৰি ৰাজপথতো প্ৰতিবাদ কৰিছে। আনকি আল-জজিৰাৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেনেলে, ভাৰতত সোঁ-পন্থী প্ৰেজেণ্টাৰ আটক বুলিহে সংবাদ শিৰোনাম প্ৰকাশ কৰিছে। 

ঘ. এই একেই গোচৰত আন দুগৰাকী কোটিপতি ব্যৱসায়ীকো আলিবাগ পুলিচে গ্ৰেপ্তাৰ কৰিছে। সেই দুজনৰ গ্ৰেপ্তাৰৰ কথা বা স্থিতিক লৈ বেছিভাগ মেডিয়াই আশ্চৰ্যজনক নিৰৱতাহে অৱলম্বন কৰা দেখা গৈছে। হাই-কৰ্টৰ কেছটোতো তেওঁলোকৰ অধিবক্তাই সহ-আবেদকৰ ৰূপত অংশ লোৱাৰ কথা লাইভ-ল.ইনৰ দৰে ৱেবচাইটে প্ৰকাশ কৰিছে। কিন্তু গ্ৰেপ্তাৰ হোৱা তিনিওটা পক্ষই, মুঠ দেয় পাঁচ কোটিতকৈ অধিক ধনৰ আচলতে কিমান টকা কোন দিনা দিয়া হৈছিল, তাৰ প্ৰমাণ, বা টকা দিব লগীয়া নাছিল, এনেয়ে চুইচাইড নোটত নাম লিখি থৈ যোৱা 'কল্পনাপ্ৰসূত' কেচহে বুলি কৰা কোনো ক্লেইম কৰা বুলি ৰাজহুৱা মাধ্যমত দেখিবলৈ পোৱা নাই। আনকি আন সংবাদ মাধ্যম সমূহেও কেচটোৰ এই দিশটোৰ কথাক 'ইনভেষ্টিগেটিভ জাৰ্নেলিজিম' কৰাও দেখিবলৈ নোপোৱাটো আন এটা আশ্বৰ্যজনক কথাই।

ঙ. শেষত আলোচনা কৰিব খুজিছো, সমালোচনামূলক ঢৌৰ। যদিও #IamwithARNAB ৰ দৰে হেজটেগত তিনি চাৰিলাখতকৈ বেছি টুইট হোৱা বুলি ৰিপাব্লিক টিভিৰ পৰ্দাত দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে আকৌ #IamINDIANbutNOTwithARNAB ধৰণৰ হেজটেগৰ মতামতেও চ'ছিয়েল মেডিয়াত ঢৌ তোলা দেখা গৈছে। কিন্তু কোনোটোৱেই 'ৰাজনৈতিক হস্তক্ষেপ' আৰু 'অৰ্ণৱ গোস্বামীয়ে সাংবাদিকতাৰ নামত কিছু সীমা চেৰাই গৈছিল' ধৰণৰ চিন্তাৰ পৰিসীমাক নেওচি যাব পৰা নাই।  অসমৰ সামাজিক গণ-মাধ্যমতো অৰ্ণৱ গোস্বামীৰ হকে আৰু বিপক্ষে দুয়ো ধৰণৰেই মতামত প্ৰকাশ পাইছে। কিন্তু বহুতে অসমীয়া স্বত্বেও অন-স্ক্ৰীণ দম্ভালিৰ কাৰণতেই বিৰূপ মনোভাৱ লোৱা দেখা গৈছে আৰু সোঁ-পন্থীৰ সাম্প্ৰদায়িক শক্তিৰ ঘৃণাৰ খেতিৰ পুৰোহিত হোৱাৰ ভূমিকা লোৱাৰ বাবেই সমালোচনা কৰাটো স্পষ্ট হৈ পৰিছে। কিন্তু অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিয়ে অসমৰ কা-আন্দোলন আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবে এক ধাৰাবাহিক চেষ্টা কৰাৰ কথাও সহৃদয়তাৰে ৰাইজে উল্লেখ কৰিছে। কিন্তু দীৰ্ঘদিনত দেশৰ সম্প্ৰীতিৰ হানিকাৰক শক্তিৰ সৈতে 'ব্যক্তিগত কেৰিয়াৰৰ তাড়ণা'ত হাত মিলোৱাৰ বাবে ক্ষোভো সমান্তৰালকৈ প্ৰকাশ পাইছে।

আমি আশা কৰিছো, উচিত ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্ণৱ গোস্বামীয়ে নিজকে 'দোষমুক্ত' বুলি প্ৰমাণ কৰি মুক্ত হৈ আহিবলৈ সক্ষম হব। পুলিচৰ জিম্মাত নিদিলেও ছেছন ন্যায়াধীশে আলিবাগ পুলিচক দৈনিক তিনি ঘণ্টাকৈ জেলতে জেৰা কৰাৰ বাবেও আজি অনুমতি প্ৰদান কৰিছে। গতিকে অনাগত সময় যে গোস্বামীৰ বাবে এক প্ৰত্যাহ্বানমূলক হব, সেয়া নিশ্চিত হৈ পৰিছে। কাৰাবাসৰ এই সময়ত আত্ম-বিশ্লেষণৰ বাবে পোৱা সুযোগ অৰ্ণৱ গোস্বামী ডাঙৰীয়াই নিশ্চয়কৈ লব লাগে আৰু অভিজ্ঞতা এক গ্ৰন্থৰ ৰূপত লিপিবদ্ধ কৰিব লাগে। তেখেতৰ এই 'সংঘাতময় সময়' ভাৰতৰ সংবাদ বুৰঞ্জীৰ বাবেই এক দৃষ্টান্তমূলক হৈছে। এই ক্ষণবোৰৰ সঠিক বিশ্লেষণেৰে আত্ম-উপলদ্ধি কৰা আৰু নিজ প্ৰতিভাক দেশৰ ঐক্য-সংহতি, সম্প্ৰীতি আৰু উন্নতিৰ দিশৰ ইতিবাচক কথাবোৰত মনোনিবেশ কৰিবলৈ নিজকে প্ৰেৰিত কৰাৰ প্ৰত্যাহ্বানো যে গোস্বামী ডাঙৰীয়াই লব লাগিব, সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে।

No comments:

Post a Comment