‘জাতীয়’ আবেগ আৰু ‘নতুন’ সময়
কুমাৰ নৱজ্যোতি
সম্প্ৰতি অসমীয়া জাতি বহুধা বিভক্ত হোৱাৰ ফলত সমুখত আহি পৰা বিভিন্ন সংকটৰ ক্ষেত্ৰত জাতিটোৱে যে ঐক্যবদ্ধ হৈ সমাধান-সূত্ৰ বিচৰাত অপাৰগ হৈছে, সেই কথা অনস্বীকাৰ্য। বিভিন্ন সময়ত অসমৰ সমাজ-জীৱনক উদ্বুদ্ধ কৰি অহা আৰু এতিয়াও সক্ৰিয় হৈ থকা কেইটামান অনুষ্ঠানে সময়-সাপেক্ষ, তাৎক্ষণিক ভূমিকা সবল ৰূপত লোৱা হ’লে জাতিটো আজিৰ দুৰ্দশাৰ পৰা কিছু পৰিমাণে হ’লেও মুক্ত হৈ থাকিলহেঁতেন বুলি ভাবিব পাৰি। এই কথাখিনি মই মূলতঃ বিংশ শতিকাৰ আশীৰ দশকৰ পৰা বৰ্তমানলৈকে ব্যাপ্ত সময়খিনিৰ অধ্যয়নেৰেহে কৈছোঁ। তদুপৰি, এই বক্তব্য বিশেষতঃ বৃহত্তৰ অসমীয়া সমাজ-জীৱন বহুধাবিভক্ত হৈ পৰাৰ প্ৰসংগৰেহে জড়িত। স্বাভাৱিকতেই, মোৰ বক্তব্যৰে আনৰ মতৰ পাৰ্থক্য থাকিবই পাৰে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে এই মত ব্যক্ত কৰা মানেই যে মই সংশ্লিষ্ট সামাজিক অনুষ্ঠানকেইটাৰ আন শুভংকৰ পদক্ষেপসমূহৰো বিৰোধী, এনেও নহয়। অসমৰ সমাজ-জীৱনৰ প্ৰেক্ষাপটত আন সামাজিক-ৰাজনৈতিক অনুষ্ঠানৰ উত্থান, প্ৰভাৱো এই সময়ত পৰিলক্ষিত হৈছে । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰে জড়িত ৰাজনৈতিক-অৰাজনৈতিক উভয় ক্ষেত্ৰৰ কিছু অনুষ্ঠান বা সংগঠনৰ কিছুমান কাৰ্যইও সংশ্লিষ্ট সময়ছোৱাত অসমৰ সমাজ-জীৱন প্ৰভাৱিত কৰিছে। ¸ বহু ক্ষেত্ৰত সেইসমূহে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সাধাৰণতে আমাৰ ৰাইজে বুজা ‘জাতীয় আবেগ’ৰে জড়িত সামাজিক অনুষ্ঠান কেইটামান সময়সাপেক্ষে অধিক সক্ৰিয় হোৱা হ’লে যে অসমৰ সমাজ-জীৱন আজিৰ তাৰিখতকৈ কিছু পৰিমাণে হ’লেও সুস্থিৰ ৰূপত থাকিলহেঁতেন, সেই অনুভৱৰ অভিব্যক্তিহে এই লেখাৰ জুমুঠি।
অসমৰ সমাজ-জীৱনত সত্ৰসমূহৰ ভূমিকা অনস্বীকাৰ্য। শংকৰদেৱৰ আদৰ্শৰে সৃষ্ট এই সত্ৰসমূহৰ প্ৰায়সমূহতেই পৰৱৰ্তী সময়ত কেৱল জন্মসূত্ৰে ব্ৰাহ্মণসকলহে সত্ৰাধিকাৰ হোৱাৰ নিয়ম কিদৰে হ’লগৈ বা সত্ৰসমূহে কিদৰে সামগ্ৰিকভাৱে সমাজ-জীৱন প্ৰভাৱিত কৰি আহিছে, সেয়া পৃথক আলোচনাৰ বিষয়। এই সত্ৰসমূহে অসমৰ জাতীয়-জীৱনক বিভিন্ন দিশত সমৃদ্ধ কৰি অহাৰ কথাটো স্বাভাৱিকতেই অস্বীকাৰ কৰিব নোৱাৰি। শংকৰদেৱৰ দ্বাৰা সৃষ্ট নিৰ্দিষ্ট নৃত্যক সত্ৰসমূহে লালিত-পালিত কৰি আজিৰ তাৰিখত বিশ্ববাসীৰ সমুখলৈ উলিয়াই নিব পৰা কৰাত থকা ভূমিকাৰ বাবেই একাংশৰ আপত্তি সত্বেও ইয়াক ‘সত্ৰীয়া নৃত্য’ বুলি স্বীকাৰ কৰাত আমাৰ কোনো দ্বিধা নাই। সত্ৰসমূহৰ প্ৰসংগত সমাজ-জীৱনৰ আন বহু দিশ যোগাত্মকভাৱে স্পৰ্শ কৰি যোৱা এনে ধৰণৰ আন বহু কথাই আছে। কিন্তু, যিটো কথাই মোক অহৰহ আমনি কৰি থাকে সেইটো হ’ল -- মহাপুৰুষ শংকৰদেৱে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে আদৰি লোৱাৰ কথা তেওঁৰ সৃষ্টিৰাজিত কৈ যোৱাৰ পাছতো পৰৱৰ্তী সময়ত গড়মূৰীয়া সত্ৰাধিকাৰ, স্বাধীনতা সংগ্ৰামী প্ৰয়াত পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়া বা নিকামূল সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামীয়ে সেই আদৰ্শক ধৰি ৰখাৰ বাবে কৰা মহৎ প্ৰয়াস আনসকলে নকৰিলে কিয় বা কৰিব নোৱাৰিলেইবা কিয়? নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, প্ৰয়াত নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ দৰে দৰে আন দুই-এগৰাকীয়ে তেনে প্ৰয়াস নকৰা নহয়। এতিয়া হয়তো আনসকলেও ক্ৰমশঃ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমভাৱেৰে চাবলৈ প্ৰয়াস কৰিছে বা কৰিব। নিঃসন্দেহে এয়া ভাল খবৰ।
কিন্তু, এই ক্ষেত্ৰত বহু পলম হৈ যোৱাটোৱে আমাৰ জাতীয় জীৱনৰ বৃহৎ ক্ষতি নকৰিলেনে? সত্ৰানুষ্ঠানৰ পৱিত্ৰ ভূমি বুলি স্বীকৃত মাজুলীৰ বহু সত্ৰতেই এতিয়াও জনজাতীয় ভকতক আগ শাৰীত বহিবলৈ দিয়া নহয়। সেইসমূহ সত্ৰৰ পৰম্পৰাৰে আবৃত ৰাইজে এতিয়াও আনহে নালাগে কলিতা আৰু কোচ জনগোষ্ঠীৰ ডেকা-গাভৰুৰ মাজতে বিবাহত সহজে সন্মতি নজনায়। কলিতা জনগোষ্ঠীৰ ডেকাই নাথ জনগোষ্ঠীৰ যুৱতীক বিয়া কৰালে সংশ্লিষ্ট বিয়াৰ নিমন্ত্ৰণ ৰক্ষা নকৰা তথা উচ্চশিক্ষিত ব্যক্তিৰেও পৰিৱেষ্টিত সমাজ এতিয়াও কেৱল মাজুলীতে নহয়; অসমৰ বিভিন্ন ঠাইত আছে। তেনেহ’লে, যথাৰ্থতে সত্ৰানুষ্ঠানসমূহে অন্ততঃ সম্প্ৰীতিৰ ক্ষেত্ৰতে শংকৰদেৱৰ আদৰ্শ অনুসৰণ কৰিলেনে? এনে পৰিস্থিতিত মাজুলীৰ দৰে ঠাইত নিজকে অৱহেলিত অনুভৱ কৰি আমাৰ একাংশ জনগোষ্ঠীয় ভাই-ভনী খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’বলৈ মন মেলাত তেওঁলোকৰ দোষ ক’ত? শংকৰদেৱৰ আদৰ্শ এৰি সত্ৰৰ নামত অসমৰ সমাজ-জীৱনৰে জীণ নোযোৱা কথাবোৰেৰে সত্ৰানুষ্ঠানসমূহে নিজকে সংপৃক্ত কৰিবলৈ যত্ন কৰিলে সমাগত সময়ত যে এইসমূহৰ গুৰুত্ব আৰু লাঘৱ হ’ব--সেয়াও নিশ্চিত। একেদৰে, কুকুৰা-গাহৰি পোহা বা সেইসমূহৰ মাংসৰ ব্যৱসায় কৰা আদিৰ ক্ষেত্ৰত একাংশ সত্ৰীয়া নিয়মেৰে পৰিৱেষ্টিত সমাজে যোৱা সময়বোৰত বাধা নিষেধ প্ৰদান কৰি নিবনুৱা সমস্যাত বিধবস্ত অসমীয়া যুৱক-যুৱতীৰ অৰ্থনৈতিক উত্তৰণত বাধা দিয়াৰ দৰে কাৰ্যও দুৰ্ভাগ্যজনক। এনে ধৰণৰ দুই-এক বিতৰ্কৰে জড়িত হোৱা সত্বেও সামগ্ৰিকভাৱে শংকৰদেৱৰ আদৰ্শক বৌদ্ধিকভাৱে প্ৰতিষ্ঠাৰ দিশত কাম কৰাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু ভাল কাম কৰি থকাটো আশাব্যঞ্জক কথা। সেয়ে হ’লেও, সময়ৰ সৈতে মিলি কিছু ক্ষেত্ৰত এৰা-ধৰা কৰিলে সংঘৰ দ্বাৰা শংকৰদেৱৰ আদৰ্শ অধিক সুদৃঢ় ৰূপত প্ৰতিষ্ঠা হ’ব বুলি আমি ভাবোঁ। আশা কৰোঁ, এই সন্দৰ্ভত সংশ্লিষ্টসকলে পদক্ষেপ গ্ৰহণ কৰিব।
এনেবোৰ ক্ষেত্ৰত আমাৰ অতি শ্ৰদ্ধেয়, সমাজ-জীৱনত অৰিহণা থকা ব্যক্তিৰ মন্তব্যকো বহু ক্ষেত্ৰত নস্যাৎ কৰাৰ দৃষ্টান্ত থকাৰ বাবে আমি মনৰ কথাটো উল্লেখহে কৰিছোঁ মাত্ৰ। কিন্তু, এইহেন বৃহৎ অনুষ্ঠানটো থাকোতেও আনসকল বাদেই--আমাৰ আন বহু জনগোষ্ঠীৰ লোকৰ লগতে ঠাইভেদে চাহ-জনগোষ্ঠীৰ বহু ভাই-ভনীও অসমৰ বাহিৰৰ হিন্দু ধৰ্মীয় পন্থাত দীক্ষিত হ’ল। চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলে সংঘৰ অন্তৰ্ভুক্ত হ’ব খোজাৰ পাছতো স্থানীয় সমিতিয়ে প্ৰথমে তেওঁলোকে ‘হাড়িয়া’ এৰিলেহে, তেওঁলোকক দীক্ষিত কৰা হ’ব বুলি প্ৰদান কৰা চর্তইও হেনো কোনো কোনো অঞ্চলত সেইসকলক শংকৰদেৱৰ ধৰ্মীয় আদৰ্শৰ বৃত্তৰ পৰা আঁতৰাই নিছিল বুলি আমাক বিভিন্নজনে কৈছিল। পাছত সেইসকল যীশুৰ আদৰ্শত দীক্ষিত হৈছিল, ‘হাড়িয়া’ সেৱনো ক্ৰমশঃ এৰাৰ প্ৰয়াস কৰিছিল। তেনেহ’লে, ‘ভুল’টো ক’ত? সত্ৰ অথবা সংঘ--উভয়েই উপলব্ধি কৰা উচিত। ইতিমধ্যে বহু পলম হ’ল। লুইতৰ বুকুৱেদি বহু পানী বৈ গ’ল। তথাপি, এতিয়াও যদি সাৰ পাওঁ আমি! জাতিৰ মুখত দিব পাৰোঁৱেইবা এচলু সঞ্জীৱনী পানী!!
অসমৰ জাতীয় জীৱনত ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ ভূমিকাক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি। মই ভাবোঁ, ৰাজ্যখনৰ সামাজিক ক্ষেত্ৰৰ বিভিন্ন দিশত লৈ অহা সক্ৰিয় ভূমিকাৰ বাবে সংগঠনটো আজিৰ তাৰিখতো উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখনীয় সংগঠন হৈ আছে। ইয়াৰ উদ্যোগতেই ‘উত্তৰ-পূৱ ছাত্ৰ সংগঠন’ৰো জন্ম হৈছে আৰু সংগঠনটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় স্বাৰ্থজড়িত বিষয়সমূহত সময়ে-সময়ে মাত মাতি আহিছে।
মই ভাবোঁ, ‘সদৌ অসম ছাত্ৰ সন্থা’ অগণন ছাত্ৰ-সদস্য তথা শুভাকাংক্ষীৰে পৰিপূৰ্ণ এনে এটা বৃহৎ সংগঠনলৈ বৰ্তমান পৰিণত হৈছেগৈ যে সংগঠনটোক ‘বেয়া’ পাব পাৰি, সমালোচনা কৰিব পাৰি, কিন্তু ইয়াৰ শক্তিক ‘অৱজ্ঞা’ কৰিব পৰা নাযায়। বিভিন্নজনে সমালোচনা কৰিলেও, ইয়াৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য এগৰাকী অভিজ্ঞ লোক আৰু তেখেতৰ পৰিচালনাই হয়তো সংগঠনটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰিৱৰ্তিত পৰিস্থিতিত তেওঁ সংগঠনটোৰ সৈতে থাকিব নে জাতীয় স্বাৰ্থত নতুন পদক্ষেপ হাতত ল’ব --সেয়া এক সুকীয়া প্ৰসংগ। একেদৰে, সংগঠনটোৰ বৰ্তমানৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ কিছুমান চিন্তা-চৰ্চাৰ পৰিপ!তা সন্দৰ্ভত বিভিন্নজনৰ মতপাৰ্থক্য থাকিলেও দুই-এটা কথাৰ ব্যতিৰেকে সামগ্ৰিকভাৱে তেওঁৰ মেধা আৰু চিন্তা-শক্তিক কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলিয়েই ভাবোঁ। আন সংগঠনৰ লগতে এই সংগঠনৰ উদ্যোগতো হোৱা ‘নাগৰিকত্ব সংশোধনী আইন-২০১৬’ৰ বিৰোধিতা কৰা আন্দোলনৰ পটভূমিত আন সংগঠনৰ লগতে ইয়াৰ উদ্যোগতো আইনখন বাতিল কৰাৰ লক্ষ্যৰে ৰাজনৈতিক যাত্ৰাৰো সূচনা হৈছে আৰু সাধাৰণ ৰাইজৰ লগতে একাংশ বুদ্ধিজীৱীও ইয়াকে লৈ অতি আশাবাদীও হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰে কোনো ধৰণেৰে জড়িত নোহোৱাকৈ কিদৰে এই আইন আঁতৰাব পৰা যাব, বা বহুধা বিভক্ত হোৱাতকৈ বাঘে-ছাগে একেলগে পানী খোৱাটোহে ভাল হ’ব নে কি—এনে বহু কথা বিভিন্ন বুদ্ধিজীৱিয়ে কোৱাৰ পাছতো এই পৰ্যন্ত কৰ্ণপাত নকৰা এনে বহু নতুন দলৰ লোকে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শক্তিৰে সন্নিহিত হ’ব নে নহয়, সেয়াও নিশ্চয় লক্ষ্যণীয় হ’ব। এইবোৰ পৃথক প্ৰসংগ আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়।
নিজে কেতিয়াও ছাত্ৰ সন্থা বা আন সংগঠনৰ অন্তৰ্ভুক্ত নোহোৱাকৈ কলেজীয়া দিনত এগৰাকী নিৰপেক্ষ ছাত্ৰনেতা হিচাপে কার্যনিৰ্বাহ কৰি বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ হৈছিলোঁ। সেয়ে হ’লেও ৰাজ্যখনৰ ছাত্ৰ-সমাজৰ মাজত সঘনে তৰ্ক প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, অন্যান্য শৈক্ষিক কাৰ্যক্ৰম আদিৰ আয়োজনেৰে নতুন পুৰুষক এক মঞ্চ প্ৰদান কৰি সৰ্বভাৰতীয় পৰ্যায়তো জিলিকাই তোলাৰ ক্ষেত্ৰত সংগঠনটেৰ অত্যন্ত সক্ৰিয়, শুভংকৰ তথা নিৰন্তৰ প্ৰয়াস মই প্ৰত্যক্ষ কৰিছোঁ। ৰাজ্যবাসীৰ বিভিন্ন দুৰ্যোগৰ সময়তো সংগঠনটোৰ সদস্যসকলে গ্ৰহণ কৰা ভূমিকাই বিভিন্ন সময়ত প্ৰশংসা বুটলিছে। কিন্তু, ইমানৰ পাছতো আজিৰ তাৰিখত বহুধা-বিভক্ত অসমীয়া সমাজলৈ লক্ষ্য কৰিলে মোৰ মনলৈ আহে সংগঠনটোৰ কি ‘ভুল’ৰ বাবে সংগঠনটোৱে সমগ্ৰ অসমৰ জনগোষ্ঠীসমূহক সামৰি ল’ব নোৱাৰিলে? কিয়, বিভিন্ন জনগোষ্ঠীৰ নামত বিভিন্ন সংগঠনৰ সৃষ্টি হ’ল? এই সংগঠনটোৰ মূল ‘বেনাৰ’ত বহু সময়ত বহু সংগঠনে একেলগে কাম কৰিছে। বিভিন্ন জনগোষ্ঠীৰ সদস্যও সংগঠনটোত আছে। সংবিধান অনুসৰি আন লোকৰো নিজা সংগঠন আৰম্ভ কৰাৰ অধিকাৰ আছে। তথাপি, একেলগে অসম আন্দোলন কৰা বহু জনগোষ্ঠীয়ে নিজা সংগঠন কৰিবলগীয়া হোৱাৰ ফলত আমাৰ সামূহিক ঐক্য খৰ্ব হোৱা নাই নে? ক’ৰবাত জানো ‘ভুল’ হোৱা নাই! অবৈধ বিদেশী বিতাড়নৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণত থাকি যোৱা বিভ্ৰান্তিয়েই হওক বা এতিয়াও প্ৰকৃতাৰ্থত অৰ্থনৈতিক জাতীয়তাবাদৰ কাৰ্যক্ৰম হাতত নোলোৱাটোৱেই হওক অথবা সংগঠনটোৰ বিভিন্ন সমিতিত ছাত্ৰীক গুৰুত্বপূৰ্ণ দায়িত্ব নিদিয়াটোৱেই হওক-¬- এইসমূহ সংগঠনটোৰ বিয়োগাত্মক দিশ বুলি মই ভাবোঁ। একেদৰে, ‘অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ’ নামৰ সংগঠনটোও দীৰ্ঘকাল ধৰি অসমৰ জাতীয় জীৱনত সক্ৰিয় হৈ আছে। প্ৰাৰম্ভৰে পৰা সংগঠনটোৱে অন্যান্য দাবীৰ লগতে বিশেষকৈ অসমবাসীৰ বাবে ‘দ্বি-নাগৰিকত্ব’ৰ দাবী কৰি আহিছিল যদিও বিভিন্ন কাৰণত সেয়া এতিয়াও সম্ভৱ হৈ নুঠিল। আন সংগঠনৰ লগতে বিশেষকৈ এই দুয়োটা সংগঠনে যদি অসমৰ যুৱ-ছাত্ৰৰ মন একত্ৰ কৰিব পাৰিলেহেঁতেন, তেনেহ’লে হয়তো আজিৰ হতাশাৰ সৃষ্টি নহ’লহেঁতেন!
ৰাইজক সপোনৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি পৰৱৰ্তী সময়ত বহু নেতাই নিজৰ নিজৰ সোণৰ সংসাৰহে গঢ়া, অসমৰ ৰাইজৰ বহু আশা- ভৰষাৰ থল তথা বিংশ শতিকাৰ সত্তৰ দশকৰ শেষলৈ আৰম্ভ হোৱা তথা বিশ্ব কঁপোৱা অবৈধ বিদেশী বিতাড়ন আন্দোলন(পাছলৈ ‘অবৈধ বাংলাদেশী বিতাড়ন আন্দোলন’)ৰ প্ৰেক্ষাপটত গঢ় লোৱা আৰু এবাৰ চৰকাৰ গঠনৰ পাছত সেইবাৰৰ ‘ভুল’বোৰৰ বাবে ক্ষমা খুজি পাছৰবাৰো চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা ৰাইজৰ হেঁপাহৰ দলটোৰ কথাও উল্লেখ নকৰিলে নহ’ব। আনবোৰ কথা নক’লোঁৱেইবা! এই দলটোৰ প্ৰথম শাসনৰ সময়তে প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰে নেতাৰ নেতৃত্বত আমাৰ বড়ো ভাই-ভনীসকল হেঁপাহৰ ‘অসমীয়া’ পৰিচয়টোৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰথম সুযোগটো প্ৰদান কৰা হোৱা নাছিলনে? বিদেশী বিতাড়নৰ কথা বাদেই দিলোঁ, আমাৰ নিজৰ মানুহখিনিক একেলগে ৰখাৰ ব্যৱস্থা আমি কৰিলোঁনে? কৰিব পাৰিলোঁনে? কৰাৰ ইচ্ছা প্ৰকাশ কৰিলোঁনে? নকৰিলোঁ। নিবিচাৰিলোঁ। নাভাবিলোঁ।
মই আগতে কোৱাৰ দৰে, বহু পাঠকৰে হয়তো মনলৈ আহিব-- লুইতৰ বুকুৱেদি এতিয়ালৈ বহু পানী বৈ গ’ল। এতিয়া এইবোৰ ভাবি কি লাভ! তথাপি, এতিয়াও যদি আমি কথাবোৰ ভালকৈ ভাবোঁ, সম্প্ৰীতিৰ ধাৰণাৰে চিন্তা কৰোঁ--অন্ততঃ কিবা এটা হ’বগৈ! কেৱল দুজনমানে ৰঙা লাইটৰ গাড়ী, দেহৰক্ষীৰে পৰিৱেষ্টিত বিলাসী জীৱনৰ কথা ভবাতকৈ অথবা কেৱল অনুগামীৰ সমৰ্থন তথা দান-বৰঙণি বা চৰকাৰী সা-সুবিধাৰে এক কৰ্তৃত্বশীল জীৱনৰ কথা ভবাতকৈ আমাৰ একাংশই যথাৰ্থতে জাতিটোক কিদৰে আগ বঢ়াই নিব পাৰি সেই কথা ভবা ভাল। কাৰণ, এক ‘সংঘবদ্ধ শক্তি’ সেইসকলৰ আছে। তেতিয়াহে দৰাচলতে ‘জাতীয়’ বোলা আবেগটো কাৰ্যকৰী হ’ব। নহ’লে সমাগত নতুন সময়ে, নতুন পুৰুষে আমাক যে ক্ষমা নকৰিব সেয়া নিশ্চিত!
লেখাটি অসম আদিত্য কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ... ক্লিক কৰকঃ
No comments:
Post a Comment