মনৰ কথাঃ অসমীয়া জাতি গঠনত উচ্চ-বৰ্ণৰ ভূমিকা আৰু বৰ্তমানৰ প্ৰত্যাহ্বান :: দেৱব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ  অসমীয়া জাতি গঠনত উচ্চ-বৰ্ণৰ ভূমিকা  আৰু বৰ্তমানৰ প্ৰত্যাহ্বান :: দেৱব্ৰত গগৈ

মনৰ কথাঃ অসমীয়া জাতি গঠনত উচ্চ-বৰ্ণৰ ভূমিকা আৰু বৰ্তমানৰ প্ৰত্যাহ্বান :: দেৱব্ৰত গগৈ

Share This

 অসমীয়া জাতি গঠনত উচ্চ-বৰ্ণৰ ভূমিকা  আৰু বৰ্তমানৰ প্ৰত্যাহ্বান

দেৱব্ৰত গগৈ
বৃটিছৰ দিনত মিছনেৰী সকলে উত্তৰ পূবৰ বহুবোৰ অঞ্চলৰ মানুহক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব পাৰিছিল। বিশেষকৈ পাহাৰৰ জনজাতীয় লোকসকলক তেনেকুৱা কৰিব পাৰিছিল কিন্তু তাৰ তুলনাত অসমীয়া মানুহৰ মাজত বেছি প্ৰসাৰতা লাভ কৰিব পৰা নাছিল। কাৰণ মিছনেৰীসকলে যিটো কাম ওঠৰ শতিকাত আৰম্ভ কৰিছিল সেইটো কাম আধুনিক বুৰঞ্জীয়ে ঢুকি নোপোৱাৰ কালতে অসমত ব্ৰাহ্মণসকলে কৰিছিল । ইয়াত মিছনেৰী আৰু হিন্দু ধৰ্মৰ এই পুৰোহিত শ্ৰেণীৰ মাজত এটা মূল পাৰ্থক্য আছিল যে মিছনেৰীসকলে যিসকল জনজাতীয়লোকক নিজৰ ধৰ্মটোত দিক্ষীত কৰাইছিল তেওঁলোকৰ পৰম্পৰাগত ধৰ্মীয় নীতি-নিয়মবোৰক গুৰুত্ব দিয়া নাছিল। সেয়ে আজি নগা , মিজো বা খাচীয়াসকলৰ পৰম্পৰাগত লোক-কৃষ্টিসমূহ অস্বিত্বৰ সংকটত পৰিছে কিন্তু ইয়াৰ বিপৰীতে ব্ৰাহ্মণসকলে অসমৰ জনজাতীয়সকলৰ ধৰ্মীয় বিশ্বাসক স্বীকৃতি জনাই তেওঁলোকক হিন্দু ধৰ্মলৈ আদৰণি জনাইছিল। সেয়ে আজিও কামাখ্যা মন্দিৰ , কেঁচাইখাতী , মহা ভৈৰৱৰ দৰে জনজাতীয়সকলৰ পৌৰাণিক উপাসনাথলীবোৰ হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় থলী হিচাপে জিলিকি আছে। 
যদিহে ব্ৰাহ্মণসকলে এইবোৰক কোনো গুৰুত্ব নিদি পোনে পোনে ৰাম, বিষ্ণু আদিবোৰক জনজাতীয়সকলৰ ওপৰত জাপি দিলেহেঁতেন তেনেহলে অসমত হিন্দু ধৰ্মৰ অৱস্থিত আজিৰ দৰে হলহেঁতেন যে তাত সন্দেহ আছে । ব্ৰাহ্মণসকলৰ এইধৰণৰ উদাৰ পদক্ষেপৰ দ্বাৰা অসমত প্ৰথম অসমীয়া জাতিৰ বীজটো ৰোপণ হৈছিল । সেইফালৰ পৰা চাবলৈ গ'লে অসমীয়া জাতিৰ পিতৃপুৰুষ শংকৰদেৱ , চুকাফা , চিলাৰায় বুলি কোৱাতকৈ আধুনিক বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতে অসমলৈ প্ৰব্ৰজন কৰা ব্ৰাহ্মণসকলহে বুলি কব পাৰি। অসমত ব্ৰাহ্মণসকলৰ ইতিহাসৰ তুলনাত শংকৰদেৱ , চুকাফা বা চিলাৰায়ৰ ইতিহাস সৌসিদিনাৰহে কিন্তু ব্ৰাহ্মণসকলৰ কোনো এজন বিশেষ ব্যক্তিক অসমীয়া জাতিৰ অন্যতম জনক বুলি কোৱাৰ কোনো সুযোগ নাই কাৰণ তেওঁলোকে এক সমুহীয়া প্ৰচেষ্টাত অসমৰ ইতিহাসৰ ভিন ভিন সময়ত জাতিটো নিৰ্মাণৰ কাম কৰিছিল । ব্ৰাহ্মণসকলে কৰা এই গুৰুত্বপূৰ্ণ কামটোত অসমৰ প্ৰতিটো ৰাজবংশই পৃষ্ঠপোষকতা কৰাৰ প্ৰমাণ আছে। 

জাতি গঠন প্ৰক্ৰিয়াটোত অতীতৰে পৰা ইমান এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এইসকল উচ্চ বৰ্ণহিন্দুৰ লোকসকলৰ প্ৰতি অসমৰ আজি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লোকৰ এক ব্যাখাহীন ক্ষোভ দেখা পৰিলক্ষিত হয়। এই ক্ষোভৰ ফলতেই আজি বহু জনগোষ্ঠীয়ে অসমীয়া বুলি কবলৈ অস্বীকাৰ কৰে । যি কছাৰী ৰজাৰ পৃষ্ঠপোষকতা ব্ৰাহ্মণসকলে তেওঁলোকৰ ৰাজ্যত ধৰ্মীয় জ্ঞান বিলাইছিল, কছাৰীসকলক হিন্দু ধৰ্মত দিক্ষা দি শৰণীয়া ৰূপে নতুন পৰিচয় দি অসমীয়া জাতিৰ অংগ কৰিছিল সেই কছাৰীসকল আজি জাতিটোৰ পৰা বহু নিলগত। এসময়ত জাতি গঠন প্ৰক্ৰিয়াটোত মুখ্য ভূমিকা পালন কৰা ব্ৰাহ্মণসকলে এনে কি ঐতিহাসিক ভুল কৰিলে বা কৰি আছে যে অতীতত তেওঁলোকৰ পুৰ্বপুৰুষসকলে আদৰি লোৱা জনজাতীয়সকল আজি অসমীয়া জাতিটোৰ প্ৰতি নাৰাজ? 

এনেকুৱাটো নহয় যে অতীতত ব্ৰাহ্মণসকল এই স্থানীয় লোকসকলৰ সামাজিক পৰিৱেশত মিলি পৰা নাছিল। আজিও অসমৰ ব্ৰাহ্মণসকলৰ সৈতে ভাৰতৰ আন ব্ৰাহ্মণসকলৰ সামাজিক ৰীতি-নীতিৰ লগত বহু পাৰ্থক্য আছে। বৰঞ্চ অসমৰ স্থানীয় জনজাতিসকলৰ সৈতেহে বহু মিল দেখা যায় । এসময়ত অসমৰ আন আন সম্প্ৰদায়ৰ নাৰীৰ দৰেই ব্ৰাহ্মণ নাৰীয়েও তাঁত বৈছিল , (আজিকালি বাৰু কোনো অসমীয়া সম্প্ৰদায়ৰ নাৰীয়ে তাঁত নবয়) , খাদ্যভাসো আন থলুৱালোকসকলৰ দৰেই, অতীতত নিশ্চয় ব্ৰাহ্মণসকলৰ আন আন স্থানীয় সম্প্ৰদায়ৰ লগত আনুষ্ঠানিক বৈবাহিক সম্বন্ধ স্থাপন হৈছিল। কাৰণ চুকাফাহঁতে অসমত প্ৰৱেশ কৰাৰ সময়ত লগত মহিলা ননাৰ দৰেই ব্ৰাহ্মণসকলেও অসমলৈ প্ৰব্ৰজন কৰাৰ সময়ত মহিলা যে আনিছিল, সেই কথাত সন্দেহ আছে। কাৰণ মানুহে সংসাৰ পতাৰ আগতেই জীৱন-জীৱিকাৰ সন্ধানত প্ৰব্ৰজন কৰে আৰু সাধাৰণতে যত থিতাপি লয় তাৰে স্থানীয় মানুহৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰে । এতিয়া উন্নত যোগাযোগৰ বাবে নিজৰ ঠাইৰ পৰা বিবাহ কৰাৰ সুযোগ আছে কিন্তু আজিৰ পৰা এহেজাৰ বছৰৰ আগতে সেই সুযোগ নাছিল। তাতে অসমৰ দৰে যাদু মন্ত্ৰৰে ভৰপুৰ দেশত এবাৰ সোমালে ঘুৰি যোৱাটো সম্ভৱ নহয় । সেয়ে নিজৰ বংশবৃদ্ধিৰ বাবে কোনোবা স্থানীয় ৰমণীক আপোন কৰি লোৱাটো সাধাৰণ কথা আছিল। যেনেকৈ চুকাফাই কৰিছিল বা পাছৰ কালত নৱৰংগ আগৰৱালাই কৰিছিল।

তেন্তে অসমৰ ইতিহাসৰ কোনটো পৰ্যায়ত ব্ৰাহ্মণসকলে স্থানীয় সম্প্ৰদায়সমূহৰ লগত আনুষ্ঠানিক বৈবাহিক সম্বন্ধ স্থাপন কৰা কামটো বাদ দি কেৱল নিজৰ সম্প্ৰদায়ৰ মাজতেই এই কামটো কৰিবলৈ আৰম্ভ কৰিলে সেয়া এক গৱেষণাৰ বিষয় হ'ব পাৰে । ইয়াৰ পাছতেই ব্ৰাহ্মণসকলৰ প্ৰতি অসমৰ আন আন সম্প্ৰদায়ৰ এক সমুহীয়া ক্ষোভৰ কাৰণ হ'ল যে ব্ৰাহ্মণসকলে এই সকলো সম্প্ৰদায়ৰ মানুহৰ প্ৰতি প্ৰৰ্দশন কৰা এক নীচাত্মক মনোভাৱ । এই মনোভাৱ প্ৰকাশ্যে নহয় যদিও বহুতেই এয়া অনুভৱ কৰে । ইয়াৰ উদাহৰণ বহু আছে । বৃটিছৰ দিনত এবাৰ হেনো সত্ৰৰ প্ৰভূ ঈশ্বৰে চহৰ ফুৰিবলৈ আহি দিখৌ নদীৰ ঘাটত উঠিলহি । প্ৰভূৰ লগত অহা বহু কেইখন নাৱৰ ভিতৰত এখনত চাউল আছিল। ঘটনাক্ৰমে সেইখন নাৱৰ টিঙতে কোনোবা এজন আহোম মানুহে বহি দিলে । লগে লগে আহোমে প্ৰভূৰ নাওঁ চুলে বুলি গোটেই নাৱৰ চাউলবোৰ হেনো নৈত পেলাই দিলে । এই সৰু ঘটনাটোৱেই এসময়ত আহোম সভা গঠনত লাগনি খৰিৰ কাম কৰিছিল। অতীতত ভিন ভিন সম্প্ৰদায়ৰ মানুহক হিন্দু ধৰ্মলৈ আদৰি আনি উদাৰ আৰু সম-মনোভাৱ প্ৰৰ্দশন কৰা ব্ৰাহ্মণসকলে ইতিহাসৰ কোনটো ক্ষণত এনেধৰণৰ উচ্চাত্মিকতা ভাব মনত শিপাই ললে সেয়াও এক গৱেষণাৰ বিষয় হ'ব পাৰে । 

অসমীয়া জাতিৰ ভাষা , সাহিত্য , সংস্কৃতিৰ উত্তৰণত ব্ৰাহ্মণসকলৰ অবদান একক আৰু অনন্য । বৃটিছৰ শাসনকালত অসমীয়া ভাষাক বঙালী ভাষাই গ্ৰাস কৰিবলৈ ধৰাৰ সময়ত ভাষাটোক উদ্ধাৰ কৰিছিল তেতিয়াৰ একাংশ উচ্চ শিক্ষিত অসমীয়া ব্ৰাহ্মণ নৱ-প্ৰজন্মই । অতীত যেনেকৈ ব্ৰাহ্মণসকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ আৰম্ভণি কৰিছিল ঠিক তেনেকৈ আজি থান-বান হবলৈ উপক্ৰম হোৱা জাতিটোক পুনৰাই গঠন কৰাৰ বাবে‌ পদক্ষেপ লব লাগে । অতীতৰ সেই উদাৰ মনোভাৱ ঘুৰাই আনি আন আন সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ লগত আনুষ্ঠানিক বৈবাহিক সম্বন্ধ স্থাপন কৰিব লাগে । ভাৰতবৰ্ষৰ আন ৰাজ্যৰ ব্ৰাহ্মণসকলৰ জীৱন যাপন প্ৰণালীক অনুসৰণ কৰি এক একাকী আৰু বিছিন্ন সমাজ গঢ়ি তোলাতকৈ অসমৰ আন আন সম্প্ৰদায়ৰ লগত পুনৰাই মধুৰ সৰ্ম্পক গঢ়িব লাগে। কাৰণ অসমৰ বাকী সম্প্ৰদায়ৰ মানুহে ব্ৰাহ্মণসকলৰ দৰে মেধাৱী , অৱস্থাপন্ন আৰু আগবঢ়া লোকসকলৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ ততালিকে সাজু হ'ব । 

আন এটা অতি দুৰ্ভাগ্য আৰু উদ্বেগজনক কথা হ'ল যে এচাম ব্ৰাহ্মণলোক আজিকালি ৰাজনৈতিকভাবে উগ্ৰ হিন্দুত্ববাদৰ সৰ্মথক। এয়া আমাৰ জাতিটোৰ বাবে শুভলক্ষণ নহয় । উগ্ৰ হিন্দুত্ববাদক ত্যাগ কৰি সকলো জনগোষ্ঠীক লগত লৈ থান-বান হবলৈ ধৰা জাতিটোক পুনৰুদ্ধাৰ কৰাৰ সময় এয়া ।

No comments:

Post a comment