ভাৰতত ধৰ্ম-নিৰপেক্ষতাঃ আজি প্ৰত্যাহ্বানৰ সমুখত কিয়?
অনন্ত কলিতা
১৯৪৭ চনৰ আগত সাম্রাজ্যবাদবিৰােধী সংগ্রাম জাতীয় ঐক্যৰ পক্ষত এক শক্তিশালী বাহিনী আছিল। অনেক দুর্বলতা সত্ত্বেও হিন্দু-মুছলমান, শিখ সাম্প্রদায়িকতাবাদসহ সকলােবিশৃংখল সৃষ্টিকাৰী আৰু বিভেদপন্থী শক্তিসমূহক প্রতিৰােধ কৰি ৰাখিব পাৰিছিল। এই পটভূমিতে তথা এই সংগ্ৰামৰ ফলতে ১৯৪৭ চনৰ পাছত ভাৰতত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র প্রতিষ্ঠা হয় আৰু ভাৰতীয় জনগণে ধর্মনিৰপেক্ষ মতাদর্শ হিচাপে আমাৰ সমাজৰ মৌলিক বৈশিষ্ট্যৰূপে গ্রহণ কৰিছিল। অনুৰূপভাৱে সাম্প্রদায়িকতাবাদ আৰু জাতি বৈষম্য আদি অন্ধকাৰৰ ভাবধাৰাসমূহক নির্মূল কৰা নগ'লেও এইবােৰক প্ৰতিৰােধ কৰি ৰাখিব পৰা গৈছিল, কাৰণ জাতীয় আন্দোলনৰ লক্ষ্য তথা প্রৱণতা আছিল আধুনিক বৈজ্ঞানিক, মানৱতাবাদী আৰু যুক্তিবাদী ভাবধাৰাৰ দিশৰ প্ৰভাৱৰ।
দুর্ভাগ্যবশতঃ জাতীয় আন্দোলনৰ ধৰ্মনিৰপেক্ষ চিন্তাধাৰাই যি উদ্যম যােগাইছিল সেইটো ধীৰে ধীৰে আৰু অৱশ্যম্ভাৱীৰূপে ১৯৪৭ চনৰ পাছত শেষ হ'বলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছ চৰকাৰেও ১৯৪৭ চনৰ পাছত সাম্প্রদায়িকতাক সিমান গুৰুত্ব নিদিছিল, উপেক্ষা কৰি চলিছিল যদিও প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ সাম্প্রদায়িকতাৰ ক্ষেত্ৰত কঠোৰ স্থিতি আছিল। কংগ্রেছ চৰকাৰৰ আশা আছিল যে অর্থনৈতিক বিকাশ, শিক্ষা আৰু বিজ্ঞান-প্রযুক্তিৰ বিস্তাৰ আৰু জলবিদ্যুৎ প্রকল্প, তীখা কাৰখানা, বৈজ্ঞানিক পৰীক্ষাগাৰৰ নিচিনা বিজ্ঞান-প্রযুক্তিৰ নতুন নতুন ‘মন্দিৰ গঢ়ি তােলাৰ মাজেৰেই সাম্প্রদায়িকতাবাদ (আৰু জাতি-বৈষম্য) আপােনাআপুনি দুর্বল হৈ পৰিব আৰু শেষত নিঃশেষ হৈ যাব। অনুৰূপভাৱে বাওঁপন্থী শক্তিসমূহেও আশা কৰিছিল যে গণআন্দোলন আৰু শ্রমিক আৰু কৃষকসকলৰ শ্রেণী সংগঠন আৰু বাওঁপন্থী ৰাজনৈতিক চিন্তাৰ প্রসাৰে আপােনা-আপুনি সাম্প্রদায়িক শক্তি আৰু জাতি বৈষম্যৰ শক্তিসমূহক দুর্বল কৰি দিব। এইধৰণে ধর্মনিৰপেক্ষ শক্তিবােৰৰ মাজত সাম্প্রদায়িকতাবাদৰ (আৰু জাতিভেদ প্রথাৰ) বিৰুদ্ধে প্রত্যক্ষ মতাদর্শগত সংগ্রামক উপেক্ষা কৰাৰ এটা সাধাৰণ প্ৰৱণতা আছিল। নেহৰু, সামজতন্ত্রীসকল আৰু কমিউনিষ্টসকলৰ ক্ষেত্ৰতাে এইটো সত্য আছিল। উল্লেখ্য যে দেশত সাম্প্রদায়িকতাবাদৰ বিভিন্ন মাত্রাই ভাৰতীয় জনগণৰ আৰু সামাজিক বিকাশৰ প্রতি কিধৰণৰ বিপদ আনিব পাৰে আৰু তাৰ বিৰুদ্ধে কেনেকুৱা পদক্ষেপ ল'ব লাগে সেইটো নেহৰুৱে ভালকৈ বুজিছিল। নেহৰুৰ ‘লেটাৰ টু চিফ মিনিষ্টাৰ, ১৯৪৭-৪৯ খণ্ড-১'ত প্রকাশিত স্বাধীন ভাৰতৰ প্ৰধানমন্ত্রী হিচাপে তেওঁৰ দুবছৰৰ অন্তর্ভুক্ত ৰচনাবােৰত স্পষ্টভাৱে প্রতিফলিত হয় তেওঁৰ সাম্প্রদায়িকতাবাদৰে জাতি বৈষম্যৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ কথা (তেওঁ বাৰে বাৰে সাম্প্রদায়িক সংগঠকসকলৰ বিষয়ে বর্ণনা কৰিছিল। হিন্দু, মুছলমান আৰু শিখ বেশধাৰী ফেচিবাদী বুলি (পৃঃ ১১, ৩৩, ২৪০, ৪২৮)। তেওঁ ৰাজনৈতিক প্রয়ােজনত ধর্মক ব্যৱহাৰ কৰাৰ বিৰুদ্ধে দৃঢ়ভাৱে সাৱধান কৰি দিছিল (পৃঃ ৬০, ৩২৯)। নেহৰুৱে কৈছিল- “যিমানদিন আমি চৰকাৰত আছে, সিমানদিন এই অন্যায় মতাদৰ্শৰ প্রতি মত দিয়াটো আৰু ইয়াৰ প্ৰসাৰ সহ্য কেতিয়াও কৰিব নােৱাৰাে। এই কথা ঘােষণা কৰি নেহৰুৱে ৰাজ্য চৰকাৰবােৰক কৈছিল— ‘যিকোনাে ৰূপতেই হওক কিয় সাম্প্রদায়িক তত্ত্বৰ প্ৰচাৰ অনুমােদন নকৰিবলৈ।' (পৃঃ ১৭৯)।
নেহৰুৱে আৰু কৈছিল যে আৰ এছ এছ প্রচাৰিত সাম্প্রদায়িকতাবাদ ‘আমাৰ জাতীয় জীৱনক বিষাক্ত কৰি তুলিব, এইটো হ'বলৈ দিয়া নাযায় আৰু আমি ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব।' (পৃঃ ২৬১)। আন এটা সময়ত তেওঁ লিখিছিল জৰুৰী প্রয়ােজন হিন্দু, মুছলমান, শিখ সম্প্রদায়িকতাবাদীসকলৰ সাম্প্রদায়িক প্রচাৰৰ বিৰুদ্ধে সমস্তভাৱে সংগ্রাম কৰা, কাৰণ এইটো কৰা নহ'লে এই সাম্প্রদায়িকতাই দেশখনক দ্বন্দ্ব আৰু ভাঙোনৰ দিশত লৈ যাব’ (পৃঃ ৫১৩)। কিন্তু এইটো অতি দুখৰ বিষয় আছিল যে যিকোনাে চাপৰ বাবে বা কংগ্ৰেছৰ ভিত্ৰৰ পৰা কিছু অংশৰ চাপৰ বাবে নেহৰুৱে জনগণক আৰু ধৰ্মনিৰপেক্ষ শক্তিসমূহক সাম্প্রদায়িকতাৰ বিপদ প্ৰতিৰােধৰ বাবে ৰাজনৈতিক আৰু মতাদর্শগত সংগ্ৰামৰ বাবে প্রস্তুত কৰাৰ নিচিনা কোনাে পদক্ষেপ লােৱা নাছিল। আনকি ১৯৫০ দশকৰ শেষৰ ফালে সাম্প্রদায়িকতাবাদৰ উমান দেখাৰ পাছতাে ১৯৬১ চনত জাতীয় সংহতি কাউন্সিল প্রতিষ্ঠা কৰাৰ পাছতে তেনে কোনাে পদক্ষেপ লােৱা নাছিল। জাতীয় সংহতি কাউন্সিল এটা মাত্র শােভাবর্ধনকাৰী মঞ্চত পৰিণত হৈছিল, আজিতাে তাৰ কোনাে ভূমিকাই নাই।
১৯৪৭ চনৰ আগত মুছলমান সাম্প্রদায়িকতাবাদ জাতীয় ঐক্যৰ প্রধান ক্ষতিকাৰক আছিল। ১৯৪৭ চনৰ পাছত হিন্দু সাম্প্রদায়িকতাবাদেই ফেচিবাদী; বিপদ লৈ আহিছিল। ধর্মনিৰপেক্ষ শক্তিসমূহে দুটা। দিশৰ প্রতি লক্ষ্য ৰাখিব লাগে। সংখ্যাগৰিষ্ঠ সাম্প্রদায়িকতাবাদৰ পৰিণতি যেনেকৈ ফেচিবাদ, তেনেকৈ সংখ্যালঘু সাম্প্রদায়িকতাৰ পৰিণতি বিচ্ছিন্নতাবাদ। ১৯৩৭ চনৰ অক্টোবৰ মাহত মুছলিম লীগৰ লক্ষৌ অধিৱেশনৰ সময়ৰ পৰা ফেচিষ্ট সাম্প্রদায়িকতাবাদৰ দিশত গঢ় লৈছিল। ভি ডি ছাভাৰকাৰৰ নেতৃত্বত হিন্দু মহাসভায়াে ফেচিষ্ট সাম্প্রদায়িকতাৰ দিশত গতি লৈছিল। অৱশ্যে আৰ এছ এছ প্রথমৰ পৰা ফেচিষ্ট লাইনত সংগঠিত হৈ আছিল। সাম্প্রদায়িক প্রচাৰৰ বিস্তৃতি আৰু স্তৰ, যিটোৰ চৰিত্ৰ আৰু পদ্ধতি আছিল ফেচিবাদৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত আৰু এই সময়ত এই প্রৱণতা তীব্র হৈ উঠিছিল। দক্ষতাসম্পন্ন ফেচিবাদৰ অনুৰূপ প্ৰচাৰ অভিযান তেতিয়াৰ পৰা চলাবলৈ আৰম্ভ কৰিছিল। ফেচিবাদৰ এটা মৌলিক দিশ হ’ল যে ই ফেচিষ্ট দুষ্কৃতিকাৰী দল আৰু হিংসুক বাহিনী আৰু হিংসাৰ পৰিৱেশ আৰু বিৰােধীসকলৰ প্রতি হিংসাৰ আৰােপন। উগ্র সাম্প্রদায়িকতাবাদীসকলৰ মাজত শক্তিমত্তা’আৰু হিংসা তথা শৃংখলা আৰু আনুগত্যক ৰাজনৈতিক প্রয়ােজনতকৈও অধিকভাৱে মহিমামণ্ডিত কৰাৰ প্রৱণতা পৰিলক্ষিত হয়। আৰ এছ এছৰ সাম্প্রদায়িক মতাদর্শ থিয় হৈ আছে ইতিহাসৰ এক বিকৃত দৃষ্টিভংগীৰ ওপৰত, যিটো জনগণৰ মনত সােমাই দিয়া হয় শৈশৱকালৰ পৰা বিভিন্ন প্রচাৰ মাধ্যম আৰু সাহিত্যৰ দ্বাৰা আৰু পৰিয়াল, স্কুল, চুবুৰি আদিৰ সামাজিকতাৰ দ্বাৰা।।
এই কথাটো খুব কম লােকেই জানে যে গৈৰিক বাহিনীৰ অবিসম্বাদী নায়ক বীৰ ছাৰকাৰে ১৯১৩ চনৰ ১৪ নৱেম্বৰত আন্দামানৰ ছেলুলাৰ জেইলৰ পৰা মুক্তি পাবলৈ ব্রিটিছৰ ওচৰত মার্জনা ভিক্ষা কৰি চিঠি লিখিছিল। এই আত্মসমর্পণৰ ফলত তেওঁ ব্রিটিছ শাসক বৰ্গৰ প্রকাশ্য মিত্ৰত পৰিণত হৈছিল। এই ছাভাৰকাৰেই ভাৰতত প্রথম ‘হিন্দুত্ব’ কথাটো ৰাজনীতিত আমদানি কৰে। নিজৰ মুক্তিৰ কাৰণে জেলবন্দী ছাভাৰকাৰে মার্জনা ভিক্ষা প্রার্থনা কৰি ব্রিটিছ ৰাজশক্তিক এইদৰে চিঠি লিখিছিল— ‘ভাৰতৰ মংগলকাংক্ষী হৃদয়বান কোনাে মানুহেই শান্তি আৰু প্ৰগতিৰ পথ পৰিত্যাগ কৰি ১৯০৫-০৭ চনৰ এইউত্তেজনাপূর্ণকণ্টাকাকীর্ণ আশাহীন অন্ধকাৰ পথ বাছি নলয়। সেয়ে চৰকাৰে যদি আমাৰ ক্ষমা ভিক্ষাৰ আর্জি মঞ্জুৰ কৰি মােক মুক্তি দিয়ে তেতিয়াহ'লে মই সর্বোতভাৱে সাংবিধানিক পথত প্রগতি সপক্ষত থিয় হম আৰু সেই উন্নতিৰ স্বাৰ্থত বর্তমান পৰিস্থিতিত ইংৰাজ চৰকাৰৰ প্রতি পূর্ণ আনুগত্যত অবিচল থাকিম।' (ৰমেশ চন্দ্র মজুমদাৰ, পেনেল ছেটেলমেন্ট ইন আন্দামান, পৃঃ ২১১-২১৩)
দেশৰ ৰাজনীতিৰ এই পটভূমিত ছাভাৰকাৰৰ ৰাজনৈতিক তত্ত্বৰ ৰাজনৈতিক দলে ভাৰতৰ শাসনৰ গাদীত যােৱা ছয় বছৰে বহি শাসন চলাইছে। এই ৰাজনৈতিক পৰিস্থিতিত আমি লক্ষ্য কৰিছাে যে ফেচিবাদসুলভ সাম্প্রদায়িকতাবাদে আমাৰ দেশৰ ধর্মনিৰপেক্ষ গণতন্ত্রৰ ওপৰত অভূতপূর্ব আক্রমণ নমাই আনিছে আৰু এই প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰি জাতীয়তাবাদ আৰু ৰাজনৈতিক মূল্যবােধৰনতুন ব্যাখ্যা দিছে। স্বদেশীৰ শ্ল’গান তুলি ভােট দখল কৰাৰ পাছত বিজেপি চৰকাৰে কাৰ্যতঃ ‘বিদেশী অর্থনৈতিক নীতি আমদানি কৰি আনি ভাৰতত ৰূপায়িত কৰাৰ আক্রমণাত্মক অগণতান্ত্রিক প্রচেষ্টা চলাইছে।
এইটো স্পষ্ট যে ভাৰতত ধৰ্মনিৰপেক্ষ গণতন্ত্রক ৰক্ষা কৰিবলৈ হ'লে হিন্দু সাম্প্রদায়িকতাৰ বিৰুদ্ধে সংখ্যালঘু ধর্মীয় মৌলবাদক থিয় কৰাই দিলে কাম নিদিব। বস্তুতঃ সকলােধৰণৰ মৌলবাদেই- সেইটো হিন্দু, মুছলমান, খ্রীষ্টান বা শিখ প্রকৃততে পৰস্পৰৰ পৰিপূৰক। ভাৰতৰ ধৰ্মনিৰপেক্ষ নীতি তথা গণতন্ত্র এতিয়া মহা বিপদত। ধর্মনিৰপেক্ষতাৰ প্রতি বিৰাট প্রত্যাহ্বান আহি পৰিছে। ধর্মনিৰপেক্ষতাৰ প্ৰতি অশনি সংকেত যে ভাৰতত ধৰ্মনিৰপেক্ষ নীতি জীয়াই থাকিব পাৰিব নে নাই। ভাৰতৰ ধৰ্মনিৰপেক্ষ গণতন্ত্রক ৰক্ষা কৰা আৰু ইয়াক আৰু শক্তিশালীকৰি তােলাৰ কাৰণে বৈচিত্র্য আৰু বিবিধ ধৰ্মৰ সাধাৰণ মানুহৰ মাজত সুদৃঢ় ঐক্য গঢ়ি তােলাটো অতি জৰুৰী। আৰ এছ এছ আৰু ইয়াৰ নেগুৰবােৰৰ ফেচিবাদীসুলভ কার্যকলাপৰ বিৰুদ্ধে প্রতিৰােধ গঢ়ি তােলাৰ বাবে ঐক্যবদ্ধ সংগ্রাম অতি জৰুৰী। হিটলাৰৰ প্ৰচাৰ মন্ত্রী গােয়েবলছৰ বিখ্যাত কৌশল আছিল ক্রমাগত মিছাৰ পাছত মিছা কৈ যােৱা, এটা সময়ত মানুহে সত্য বুলি মানি ল'ব। প্রচাৰৰ কৌশলৰ কায়দাৰে মিছা প্রচাৰৰ লগতে জাতীয়তাবাদৰ জাগৰণ আৰু নীতিনৈতিকতাৰ আদৰ্শক অস্ত্র হিচাপে ব্যৱহাৰ কৰি থাকে তথা ধর্মীয় উত্তেজনা বৃদ্ধি কৰে। উগ্র জাতীয়তাবাদ, হিন্দু জাতীয়তাবাদে ধর্মীয় উত্তেজনাক উচটাই দি চিঞৰ বাখৰ কৰি জাতীয় স্বার্থক বিসর্জন দি জাতীয় নিৰাপত্তাক বিপন্ন কৰি আপােন স্বার্থসিদ্ধি কৰিবলৈ অকণাে লজ্জাবােধ সংকোচ নকৰে। শাসন ক্ষমতা ৰক্ষাৰ বাবে ৰাজনৈতিক অসততাৰ কেনে ধৰণৰ। আশ্রয় ল’ব পাৰে, বিশেষকৈ বর্তমান চৰকাৰখন আৰু বিজেপি দলটোৰ বিভিন্ন কর্মকাণ্ডই স্পষ্টভাৱে প্রতিফলিত কৰে।
লেখক অসমৰ এগৰাকী জ্যেষ্ঠ চিন্তাবিদ। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩। লেখকৰ আন আন বিশ্লেষণাত্মক লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
No comments:
Post a Comment