ৰূপালী পৰ্দাঃ অসমীয়া চিনেমা আৰু OTT প্লেটফৰ্মে অনা সুবৰ্ণ সুযোগ :: বৃতুল শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ অসমীয়া চিনেমা আৰু OTT প্লেটফৰ্মে অনা সুবৰ্ণ সুযোগ :: বৃতুল শৰ্মা

ৰূপালী পৰ্দাঃ অসমীয়া চিনেমা আৰু OTT প্লেটফৰ্মে অনা সুবৰ্ণ সুযোগ :: বৃতুল শৰ্মা

Share This
অসমীয়া চিনেমা আৰু OTT প্লেটফৰ্মে অনা সুবৰ্ণ সুযোগ
বৃতুল শৰ্মা
অসমীয়া চলচিত্ৰ উদ্যোগৰ দুৰৱস্থা হোৱাৰ দিনৰে পৰা অসমৰ চুকে কোনে থকা ছবিঘৰবোৰ নাইকীয়া হʼল। সম্প্ৰতি, এনে অৱস্থা এটা আহি পৰিছে যে যদি দুই এখন অসমীয়া চলচিত্ৰ নিৰ্মাণ হয়ো, সেইবোৰ চাবলৈ চিত্ৰগৃহ নাই। ফলত এক বৃহৎ সংখ্যক দৰ্শক চলচিত্ৰ দৰ্শনৰ পৰা বঞ্চিত হয়। সদ্য প্ৰকাশিত কাঞ্চনজংঘা, ৰত্নাকৰ ইত্যাদি চিনেমাই চলচিত্ৰ প্ৰেমীৰ মাজত খুবেই জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু ঢুকি পোৱা দূৰত্বত কোনো চিত্ৰগৃহ নথকাৰ বাবেই বহু চলচিত্ৰপ্ৰেমীয়ে চাও চাও বুলি আশা পালি থাকিও এনেবোৰ চলচিত্ৰ উপভোগ কৰাৰ পৰা বঞ্চিত হব লগা হʼল।
দূৰৈৰ কোনো ঠাইলৈ গৈ চিনেমা চোৱাটো সকলোৰে বাবে সম্ভৱপৰ নহব পাৰে। তাৰোপৰি নানান ব্যস্ততাৰ মাজেৰে সপ্তাহটো পাৰ হোৱাৰ পিচত ৰবিবাৰৰ দিনটো ৩০-৪০ কিলʼমিটাৰ দূৰৈৰ এটা চিনেমা হলত এখন চিনেমা চাবলৈ যোৱাটো সঁচাকৈ দুৰ্বিষহ। আৰু যদি প্ৰথম কেইসপ্তাহমানৰ ভিতৰত চোৱা নহয় তেন্তে লাহে লাহে চিনেমাখন চোৱাৰ ইচ্ছাও নাইকীয়া হৈ আহে। চিনেমা চোৱাটো এটা জীৱনশৈলীৰ অংগ। সেয়েহে, একো চিন্তা-পৰিকল্পনা নকৰাকৈ অলপ সময়ৰ ভিতৰতে অনলাইন টিকট বুক কৰি আৰামত চিনেমা চাবলৈ সকলোৱে বিচাৰে। এয়া সম্ভৱপৰ হʼলহেতেন যদিহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন মফচলীয়া টাউনবোৰত দেখিবলৈ পোৱা সৰু সৰু চিনেমা হলবোৰ আজিও চলিত অৱস্থাত থকিলহেতেন। ইয়েই অসমীয়া চলচিত্ৰই সম্মুখীন হোৱা সমস্যাৰো নিখুঁত সমাধান হʼলহেতেন। কিন্তু অসমীয়া চিনেমাৰ দুৰ্দিনৰ সময়ত বন্ধ হৈ পৰা চিত্ৰগৃহ বোৰৰ অভাৱ এতিয়া বাৰুকৈয়ে অনুভৱ কৰা গৈছে।

মিচন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ ইত্যাদি চলচিত্ৰবোৰ চিত্ৰগৃহৰ অভাৱৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিন্তু সেইবুলি দুই এখন চিনেমা ওলালেই তাৰ ভিত্তিত চিনেমা হল এটা চলাই ৰাখিব পৰা নাযাব। চিনেমা হল আৰু চিনেমা - এই দুয়োটাই এটাই আনটোৰ গ্যেৰান্টি হিচাপে কাম কৰে। কিন্তু এই দুইৰ এটাইও নিৰ্ভৰযোগ্যতা ৰক্ষা কৰিব পৰা নাই। সেয়েহে অসমীয়া চলচিত্ৰ উদ্যোগ মুঠেও আগ বাঢ়িব পৰা নাই আৰু চলচিত্ৰপ্ৰেমীয়েও অসমীয়া চলচিত্ৰ উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে।

এটা সাম্ভাৱ্য সমাধান হʼল, OTT Platform(Over The Top Platform) বোৰৰ জড়িয়তে অসমীয়া চলচিত্ৰ প্ৰচাৰ কৰা। ইয়াত হয়তো বিভিন্ন কাৰিকৰি সমস্যা থাকিব পাৰে। কিন্তু বৰ্তমান সময়ত এয়াই সকলোতকৈ ফলপ্ৰসূ সমাধান। OTT প্লেটফৰ্ম বুলিলে আমি যিবোৰ নাম সচৰাচৰ শুনি থাকো যেনে, Netflix, Amazon Prime, Zee-5, Disney+ Hotstar, Voot, Sony liv, JioCinema ইত্যাদি, - এইবোৰ সকলোতেই অসমীয়া চিনেমাৰ উপলভ্যতা শূন্যপ্ৰায়। মিচন চাইনা, ৰত্নাকৰ, কাঞ্চনজংঘা ইত্যাদি সদ্য প্ৰকাশিত জনপ্ৰীয় বোলচবি নেটফ্লিক্সত নাই। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, অসমীয়া চলচিত্ৰ প্ৰযোজক-পৰিচালকে OTT Platform ত অসমীয়া চিনেমা প্ৰচাৰৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া নাই।

Moviesaint নামৰ আন এটা OTT Platform আছে আৰু শেহতীয়াকৈ ইয়াত দুই এখন অসমীয়া চিনেমা উপলব্ধ হৈছে যদিও, Moviesaints সিমান জনপ্ৰিয় নহয়। জনপ্ৰিয় নোহোৱাৰ কাৰণো আছে। Moviesaint ত প্ৰত্যেকখন চিনেমা ক্ৰয় কৰি চাব লাগে। এবাৰ ক্ৰয় কৰাৰ পিচত চিনেমাখন মাত্ৰ এবাৰ হে চাব পাৰি। এয়া ঠিক চিনেমা হলৰ দৰে। কিন্তু, মোবাইল বা কম্পিউটাৰত চিনেমা চোৱাটো অসুবিধাজনক। বিশেষকৈ বয়সস্থ মানুহৰ বাবে মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণত চিনেমা চোৱাটো এক দুৰ্বিষহ কাম। তাৰ বিপৰিতে চিনেমা হলত চিনেমা চোৱাটো বহুতৰে প্ৰিয় অৱসৰ বিনোদন আৰু ই এক সমূহীয়া সুখকৰ অভিজ্ঞতা। গোটেই হলটোতে হাঁহি ৰোল উঠাব পৰা ব্যঙ্গাত্মক চিনেমা এখন অকলশৰে ঘৰত চাই সিমান মজা নিশ্চয় নালাগিব। এনে কিছু কাৰণতেই OTT Platform বোৰে চিত্ৰগৃহৰ জনপ্ৰীয়তাৰ লগত ফেৰ মাৰিব নোৱাৰে। সেয়েহে OTT platform বোৰ সুচল হোৱাটো খুবেই দৰকাৰ। তাকে নকৰি OTT Platformও ঠিক চিনেমা হলৰ নিচিনা চলাবলৈ গʼলে জনপ্ৰিয়তা হ্ৰাস পোৱাৰ সম্ভাৱনাই অধিক। Moviesaints ৰ ক্ষেত্ৰত তেনেকুৱাই হৈছে যেন লাগে। দৰ্শকৰ সুবিধাৰ্থে, নেটফ্লিক্স বা আমজন প্ৰাইমৰ নিচিনা ঠাইত চিনেমা এখন উপলব্ধ হ'লে ভাল। ই দৰ্শকৰ বাবে চিনেমা সহজলভ্য কৰি তুলিব আৰু জনপ্ৰীয়তা বৃদ্ধিত সহায় কৰাৰ লগতে ব্যৱসায়িক দিশটোও সবল কৰি তুলিব।

কোৰোণা মহামাৰী আৰু লকডাউনৰ সময়চোৱাত সচৰাচৰ মোবাইলত চিনেমা নোচোৱা মানুহেও নতুনকৈ মোবাইলতে চিনেমা চাবলৈ ধৰিছে। সেয়েহে বহু সংখ্যক হলিউড আৰু বলিউডৰ চিনেমাও OTT Platform ৰ জড়িয়তেই ৰিলিজ দিয়া হৈছে। যি সময়ত অসমীয়া চলচিত্ৰই চিনেমা হল নোহোৱা বাবে দৰ্শক হেৰুৱাব লগা হৈছে তেনে সময়ত লকডাউনে দি যোৱা বাধ্যবাধকতা আচলতে এক সুৱৰ্ণ সুযোগ হে। এই সুযোগ অসমীয়া চলচিত্ৰ জগতে হেৰুওৱা অনুচিত।
(লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে।) লেখকৰ আন আন প্ৰকাশিত লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰকঃ 

No comments:

Post a Comment