মনৰ কথাঃ জেললৈ অৰ্ণৱ গোস্বামী আৰু সামাজিক গণ-মাধ্যমলৈ অসমীয়া বিশিষ্ট বুদ্ধিজীৱি :: দেৱব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ জেললৈ অৰ্ণৱ গোস্বামী আৰু সামাজিক গণ-মাধ্যমলৈ অসমীয়া বিশিষ্ট বুদ্ধিজীৱি  :: দেৱব্ৰত গগৈ

মনৰ কথাঃ জেললৈ অৰ্ণৱ গোস্বামী আৰু সামাজিক গণ-মাধ্যমলৈ অসমীয়া বিশিষ্ট বুদ্ধিজীৱি :: দেৱব্ৰত গগৈ

Share This
জেললৈ অৰ্ণৱ গোস্বামী আৰু সামাজিক গণ-মাধ্যমলৈ অসমীয়া বিশিষ্ট বুদ্ধিজীৱি 
দেৱব্ৰত গগৈ
(১)

মুম্বাইৰ দাঁতি কাষৰীয়া জিলা ৰায়গড়ৰ আলিবাগৰ আৰক্ষীয়ে ২০১৮ চনৰ এটা আত্মহত্যাৰ গোচৰত প্ৰৰোচনাৰ অভিযোগত ৰিপাব্লিক টিভিৰ মুখ্য-সম্পাদক পদত থকা অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিলে। শেহতীয়াকৈ সেই আত্মহত্যা কৰা ব্যক্তিৰ কনিষ্ঠা কন্যাই দিয়া পুনৰ আবেদনৰ ভিত্তিত ২০১৯ চনত বন্ধ কৰি দিয়া Abetment to suicide গোচৰৰ পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল মহাৰাষ্ট্ৰৰ গৃহ বিভাগৰ মন্ত্ৰী অনিল দেশমুখয়ে। শেহতীয়া বাতৰি মতে, সেই পুৰণি গোচৰটোত কোনো সাক্ষ্য প্ৰমাণ নাই বুলি বন্ধ কৰি দিয়া পুলিচৰ অনুসন্ধানকাৰী বিষয়াজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মালৈ আনিছে।  দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিদেশ মন্ত্ৰী আদি শাসকীয় নেতাই এই গ্ৰেপ্তাৰক গৰিহণা দি টুইট কৰাৰ লগতে সোঁপন্থী দলৰ পৃষ্ঠপোষকতাত বিভিন্ন স্থানত #stand with ARNAB হেচটেগেৰে প্ৰতিবাদ কৰাও দেখা গৈছে। অসমীয়াৰ পুত্ৰ হিচাবে তেওঁক লৈ অসমতো সামাজিক গণ-মাধ্যম আৰু প্ৰতিষ্ঠিত মেডিয়াত আলোচনা হোৱা দেখা গৈছে। বহুতেই নিজৰ নিজৰ অনুভৱ বা পক্ষ প্ৰকাশ কৰিছে।  এই পটভূমিতে কিছু মনৰ কথা প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।

অসমৰ বাহিৰত কেৱল অৰ্ণৱ গোস্বামীয়েইতো নাই, যে অসমীয়া হ'ল বুলিয়েই  অন্ধভাবে তেওঁৰ আমি পক্ষত থিয় দিম । অসমৰ বাহিৰত  বহু বিখ্যাত  অসমীয়া আছে , কুখ্যাতবোৰক বাদ দি সেইসকলক লৈ গৌৰৱ কৰিবলৈ আৰম্ভ কৰক।  হীমা দাস , অংগৰাগ মহন্ত , আদিল হুছেইন, জয়ন্ত তালুকদাৰ, ৰিয়ান পৰাগ, জীতেন্দ্ৰনাথ গোস্বামী ইত্যাদি। যদি অসমীয়াক লৈ  গৌৰৱ কৰিবলৈ মন গৈছে তেনেহলে এনেকুৱা বিখ্যাতসকলক লৈ গৌৰৱ কৰক। কোনোবা কুখ্যাত হোৱা টিভি প্ৰেজেণ্টাৰক লৈ গৌৰৱ কৰি নিজৰ মনত গোপনে সোমাৱাই ৰখা সাম্প্ৰদায়িক মৌলবাদী চৰিত্ৰটো আনৰ আগত উদঙাই নিদিব।  এবাৰ নিজে নিজক চিকুটি চাওকচোন, মৃণাল মিৰিদেৱক লৈ কেতিয়াবা গৌৰৱ কৰি পাইছেনে  এই জোৱাৰ তোলা 'তথাকথিত অসমীয়া' সকলে?

বহুতেই অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক 'দেশৰ চতুৰ্থ স্তম্ভ' আৰু বাক্-স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলিও কৈছে। সমালোচনা কৰিছে। আনকি মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰি সংবাদ শিৰোনাম দখল কৰিছে। তেওঁলোকে চাগৈ পাহৰি গৈছে যে, এই কেচটো অনাদায় ধনৰহে। জি.নিউজৰ ৱেবচাইটত প্ৰকাশ পোৱা চুইচাইড নোটৰ মতে প্ৰায় ৮৩লাখ টকা মুম্বাইত ৰিপাব্লিক টিভিৰ ষ্টুডিঅ'ৰ ইণ্টেৰিঅ'ৰ ডিজাইনৰ বাবদ পাব লগীয়া আছিল। আৰু দুজন ব্যক্তিৰ পৰাও মিলাই মুঠ কোটিৰ ঘৰত পাব লগা অনাদায় ধনৰ ফলত কোম্পানী দেৱলীয়া হব লগা হোৱাত সেই কোম্পানীৰ ডাইৰেক্টৰ মাতৃ-পুত্ৰই আত্মহনন কৰে। এতিয়া সেই ব্যক্তিগৰাকী পত্নী-কন্যাই সুশান্ত সিঙ ৰাজপুতৰ কেচত কোনো চুইচাইড নোট নথকাৰ পাছতো ধাৰাবাহিক ভাৱে হেঁচা প্ৰয়োগ কৰি মুম্বাই পুলিচক কাৰ্যব্যৱস্থা লবলৈ বাধ্য কৰোৱা 'অৰ্ণৱ গোস্বামী'ৰ নাম থকা 'চুইচাইড নোট'খনৰ প্ৰসংগত কিয় কাৰ্যব্যৱস্থা লোৱা নহব, তাকে লৈ মেডিয়াত প্ৰশ্ন তোলে। এক কথাত প্ৰশ্নৰ বুমেৰাঙত পৰিহে এতিয়া অৰ্ণৱ গোস্বামী ক্ৰিমিনেল কেচত জেললৈ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা যেন দেখা গৈছে। টাইমচ অৱ ইণ্ডিয়া কাকতো প্ৰস্তুত কৰা কেচটোৰ সাৰাংশ কাষত ইমেজ হিচাবে দিয়া হৈছে।

কেচটোৰ সাৰাংশঃ ইমেজ সৌজন্য টাইমচ অফ ইণ্ডিয়া

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, সংবিধানৰ Article-14 য়ে বাক-স্বাধীনতা দিছে, সংবাদ মাধ্যমৰ ওপৰতো PRESS FREEDOM ৰ সংজ্ঞা দিছে। কিন্তু, তাৰ অৰ্থ এইটো জানো যে, সাংবাদিক হ'ল বুলিয়েই তেওঁ কৰা কোনো 'ক্ৰিমিনেল এক্টিভিটি' যদি Indian Panel Codeৰ অন্য ধাৰাৰ দৃষ্টিত উঠা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হলেও সেয়া 'গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ'ত আঘাত হব। ব্যক্তিগত বাকীজাই গোচৰ আৰু ক্ৰিমিনেল কেচৰ সৈতে প্ৰকৃততে 'কাম কৰা সংস্থাৰ প্ৰফেচন' আচলতে একে নহয়। তথাপিও এই ঘটনাক লৈ বিভিন্ন ৰাজনৈতিক পক্ষই নিজৰ স্থিতি দৰ্শাইছে আৰু অসমতো পক্ষে-বিপক্ষে জোৱাৰ তোলা পৰিলক্ষিত হৈছে আৰু বাক্-স্বাধীনতাৰ ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।
(২)
এটা কথা শেহতীয়াকৈ দৃষ্টিগোচৰ হৈছে যে, লাহে লাহে অসমীয়া লেখক, বুদ্ধিজীৱিসকলে টিভিৰ ষ্টুডিঅ', পেপাৰৰ সম্পাদকীয় কোঠালী আদিৰ পৰাও ফেচবুকৰ মঞ্চত প্ৰৱেশ কৰিছেহি। কিছু বছৰৰ আগলৈকে ছচিয়েল মেডিয়াৰ অস্বিত্বক গুৰুত্ব নিদিয়া অসমৰ স্বনামধন্য লেখক , বুদ্ধিজীৱি , চিন্তাবিদসকলে অসমীয়া ফেচবুক সমাজখনলৈ অহাৰ আগতে এবাৰ ভাবি লওক । কেৱল ফেচবুকেই নহয় আন কোনো ছচিয়েল মেডিয়াৰ মঞ্চলৈ অহাৰ আগতে নিজকে মনৰে 'নতুন পৰিৱেশলৈ' সাজু কৰি লওক। কাৰণ এইখন আপোনালোকৰ শ্ৰুতলিপিত চলা কোনোবা বহতীয়া কাকত বা আলোচনী নহয়। 

ইয়াত আপোনাক কোনোবাই সমালোচনা কৰিলে হজম কৰিব পাৰিব লাগিব । আপোনাৰ কাকত আলোচনীত প্ৰকাশ পোৱা লেখাক বেয়া বুলি বা বিৰোধিতা কৰি কোনোৱে সমালোচনা এটা কাকতলৈ পঠালে আপোনাৰ বহতীয়া সম্পাদকে সেইটো প্ৰকাশ নকৰাকৈ আপোনাক ৰক্ষা কৰিব পাৰে কিন্তু ফেচবুকত সেইটো সুযোগ নাই । তাৰ বিপৰীতে তাৎক্ষণিক প্ৰশংসা বা সমালোচনা, মৰম বা গালি হজম কৰিবলৈ মানসিকভাবে সাজু হৈ থাকক । অতদিনে এক নিৰ্দিষ্ট সুবিধাজনক আৰু নিৰাপদ স্থিতিত থাকি ছপা আখৰত আপোনালোকে ৰাজত্ব কৰিছিল সেইখিনি সুবিধা আৰু নিৰাপত্তা এই ভাৰ্চুৱেল জগতখনত নাই। 

ইয়াত আপোনাৰ যিমান মত প্ৰকাশৰ অধিকাৰ আৰু সুবিধা আছে সিমানেই আছে‌ এজন সাধাৰণ ব্যক্তিৰ । যেনেকৈ গাঁৱৰ এজন অনাখৰী সাধাৰণ ব্যক্তিয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ কৃত্ৰিমতা নোহোৱাকৈ নিজৰ মনৰ ভাব প্ৰকাশ কৰে তেনেদৰে সাহিত্য চৰ্চা নকৰা সাধাৰণ ব্যক্তিয়ে শব্দৰ মায়াজাল নসজাকৈ ফেচবুকত নিজৰ ক্ষোভ প্ৰকাশ কৰে । সেয়ে ফেচবুক বা আন চচিয়েল মিডিয়াত কোনো অসাংবিধানিক শব্দ প্ৰয়োগ কৰা দেখি সমাজখন ৰসাতলে গল বুলি নাভাবিব ।সমাজখন একেই আছে , মাথো সময়বোৰ সলনি হৈছে, আপোনালোকৰ দৰে লেখক, বুদ্ধিজীৱীসকলে সাধাৰণ মানুহৰ মনৰ বতৰা নোলোৱাকৈ কাকত আলোচনীত এহালিচা এহালিচা লিখি শাসক আৰু চৰকাৰক তৈলমৰ্দন কৰা দিনবোৰহে নোহোৱা হৈ আহিছে । লগতে তেনে লেখাই সাধাৰণ জনতাক বিভ্ৰান্তি কৰাৰ দিন শেষ হৈ আহিছে । সেয়ে এতিয়াৰ পৰা ফেচবুকত কিবা লিখিলে , সেই লেখাটো পঢ়ি সাধাৰণ মানুহে কেনেকৈ প্ৰতিক্ৰিয়া কৰিব লাগিব তাৰ নিৰ্দেশ লেখাটোতে দিয়াৰ দৰে ধৃষ্টতা নকৰিব । কাৰণ এইখন আপোনালোকৰ নিৰ্দেশত চলা বহতীয়া কাকত আলোচনী নহয় , এইখন সাধাৰণ জনতাৰ মুক্ত মঞ্চহে!!

লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 

https://www.xukhdukh.com/search/label/DEBOBRAT-GOGOI

অসমীয়াৰ সুখ-দুখৰ 'সুখ-দুখ LIVE'ৰ ভিডিঅ' চাবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ
YOUTUBEত 'সুখ-দুখ LIVE'ৰ ভিডিঅ' চাবলৈ চেনেল xukhdukh চাৰ্ছ কৰিব লাগিব অথবা তলৰ সূত্ৰ ক্লিক কৰকঃ

No comments:

Post a Comment