মানুহে সাজে, ৰাজনীতিয়ে ভাঙে
ড° নগেন শইকীয়া
সমাজ, ভাষা, সংস্কৃতি এই আটাইবিলাক গঢ়ি তােলে। সাধাৰণ মানুহে। সমাজ গঢ়ি তােলাৰ সময়ত পুৰণিসকলে নতুনকৈ আহি সােমােৱাসকলক গ্ৰহণ কৰিব নােখােজে। কিন্তু ওচৰাউচৰিকৈ বসবাস কৰোঁতে কৰোঁতে প্ৰথমৰ সংঘাত সমন্বয়লৈ ৰূপান্তৰিত হয়। সমাজ একত্রিত হয়। সাধাৰণ মানুহে এই কথা জানে যে প্রাকৃতিক বিপর্যয়ে সমাজৰ মানুহ চাই চাই আঘাত নকৰে, সকলােকে একেলগে কৰে। পৰদেশৰ লগত ঘটা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰতে একেটা কথা। ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতাে ভাষাৰ ভেটি আৰু সংস্কৃতি সৌধ সাধাৰণ মানুহে গঢ়ি তােলে, পণ্ডিত আৰু কাৰিকৰসকলে গঢ়ি নােতোলে। পণ্ডিতে ভাষা ৰেহা লগায়, কাৰিকৰে সৌধ চুচি-মাজি জিলিকাই তােলে। সমাজ জীৱনৰ বাবে দুখৰ কথা এয়ে যে যেতিয়া সমাজৰ মূৰ জিলিকাসকলে সমাজ চলােৱাৰ দায়িত্ব লাভ কৰিবলৈ প্রতিপক্ষ বুলি ভবাসকলৰ লগত যুদ্ধ কৰে তেতিয়াই দুয়ােপক্ষৰ মূৰ জিলিকাসকলে মানুহক জাত, কুল, ভাষা, ধর্ম, সংস্কৃতি আদিক লৈ ভাগ ভাগ কৰে। সাধাৰণ মানুহক পণবন্দী কৰি কৰা এনে ৰাজনৈতিক যুদ্ধই অবিশ্বাস আৰু হিংসাৰ মনােভাব গঢ়ি তােলে তেওঁবিলাকৰ নিজৰ লাভৰ বাবে, জনসাধাৰণৰ মংগলৰ কাৰণে নহয়।
সমাজ জীৱনক নেতৃত্ব দিয়াসকলৰ মন যেতিয়ালৈকে উদাৰ, মহৎ, বিদ্বেষশূন্য হ'ব নােৱাৰে তেওঁবিলাকেই সমাজৰ মাজত দ্বন্দ্ব আৰু সংঘাত লগায় আৰু সমাজ ভাঙি টুকুৰা-টুকুৰ কৰে। এনে নেতাসকলে নিজৰ লাভৰ বাবে সমাজৰ অপকাৰ সাধন কৰিব পৰা যিকোনো স্তৰৰ বিষােদগাৰ কৰিবলৈ আৰু কাম কৰিবলৈ কুষ্ঠিত হয়। সম্প্রতি আমাৰ ৰাজ্য আৰু দেশখনত এনেধৰণৰ নেতাৰ দপদপনিয়েই বেছি হৈছে। ই শুভ লক্ষণ নহয়, অত্যন্ত অশুভ লক্ষণ।
নাকি চিঙা ম'হৰ দৰে প্রতিপক্ষক খেদা মাৰি যােৱাটো জান্তৱ প্রবৃত্তিৰ লক্ষণ। শেহতীয়াকৈ বিধায়ক শ্বেৰমান আলীয়ে গণ্ডগােল লাগিব বুলি জানি-শুনিয়েই বােধকৰোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা মিঞা মিউজিয়াম’ প্রতিষ্ঠাৰ প্ৰস্তাৱ সংশ্লিষ্ট সমিতিত দাঙি ধৰিলে আৰু বাকীসকল সদস্যই বিষয়-সম্পর্কে আৰু সদস্য স্বৰূপে নিজৰ দায়িত্ব সম্পর্কে ইমানেই 'সচেতন' যে তেওঁবিলাকে চকু কাণ মুদি তাত চহী কৰি দিলে। যদিও এই সমিতিৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ নকৰিলে কার্যকৰী হােৱাৰ প্ৰশ্ন নুঠে, তথাপি বিষয়টোৱে হিন্দু আৰু মুছলমান, বিশেষকৈ চৰ অঞ্চলৰ মুছলমান জনসাধাৰণৰ মাজত এটা বিষবাষ্প বিয়পােৱাৰ বাট খুলি দিলে।
‘মিঞা মিউজিয়ামৰ প্ৰসংগ উলিওৱা দেখি মােৰ মনত এটা প্ৰশ্নৰ উদয় হয়, কাইলৈ হজৰতবাল' ৰখা মছজিদত কোনাে হিন্দু দেৱ-দেৱীৰ ছবি এখন থােৱাৰ প্ৰস্তাৱ কৰিলে গ্রহণযােগ্য হ'বনে? মনত ৰাখিব লাগিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র স্থাপিত হৈছে অসম চুক্তিৰ ভিত্তিতহে। এই সত্যটো কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক কোনেও যাতে উলাই কৰি পাৰস্পৰিক বিষােদাগাৰ কৰিবলৈ যত্ন নকৰে।
আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে "মিঞা’ নামৰ জাতি এটা নাই। মিঞা শব্দটো সম্মানসূচক বিশেষণ শব্দৰ দৰেহে। এই কথাটো বিশেষ গুৰুত্বসহকাৰে বিবেচনাযােগ্য যে যােৱা শতিকাৰ চল্লিছৰ দশকতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ন-অসমীয়া মৈমনচিঙীয়া” বুলি পূর্ববংগৰ পৰা তাত থাকিব নােৱাৰি আহি অসমত থিতাপি লােৱাসকলক নতুন অসমীয়া বুলি তেতিয়াই গ্রহণ কৰিছিল। আমাৰ এগৰাকী বৰেণ্য সাহিত্যিক হােমেন বৰগােহাঞি নতুন অসমীয়া শব্দটোৰে চৰ-চাপৰিত বসবাস কৰা মুছলমানসকলক আদৰি লওঁতেই অনেকে কৈছিল, “আমি আৰু কিমান দিন নতুন হৈ থাকিম? এই প্রশ্ন বেলেগে উত্তৰ নিদি অসমৰ পুৰণি অসমীয়াসকলে নতুন শব্দটো আঁতৰাই দি তেওঁবিলাকক অসমীয়া স্বৰূপেই গ্ৰহণ কৰি আহিছে। এতিয়া যদি তেওঁবিলাকে নিজকে ‘মিঞা বুলি চিনাকি দিব খােজে তেওঁবিলাক দেখােন মৈমনসিঙলৈ মনত পেলাই ঘূৰি যােৱাৰ দৰেহে হয়।
মই সেইবাবে মােৰ পূৰ্বৰ এটা লেখাত আব্দুল হাই, ইলিমুদ্দিন দেৱান, ইছমাইল হােছেইন আদিৰ দৰে অসমীয়া পণ্ডিত আৰু সাহিত্যিকসকলৰ নাম লৈছিলো। বিধায়ক শ্বেৰমান আলীক মই ক'ব খােজোঁ সমাজ ভঙাৰ হাতুৰীটো হাতত নলব, সমাজ গঢ়াৰ কৰণিপাত লওঁক। আপুনি নিজকে মিঞা বুলি আঁতৰাই ৰাখিবলৈ যত্ন কৰিছে কিয়, এশ শতাংশ অসমীয়া বুলি নিজকে 'ভাবক। নিজে অসমীয়া বুলি বিশ্বাস কৰিলে আপােনাক কোনেও অসমীয়া নহয় বুলি নােৱাৰে। আন এগৰাকী বংগমূলীয় অসমৰ বিধায়ক পুৰকায়স্থই শ্বেৰমান আলী মিঞা মিউজিয়াম’ৰ প্ৰসংগত অসমৰ বাংলাভাষী অসমীয়াসকলৰ বাবেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা সংগ্রহালয় স্থাপনৰ প্ৰস্তাৱ দাঙি ধৰিছে। শ্ৰীপুৰকায়স্থ ডাঙৰীয়াই দাবী কৰিছে যে অসমত যিহেতু বংগমূলীয় লােকৰ সংখ্যা ত্রিছ শতাংশ, তেওঁলােকৰ বাবেও শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰত এটা সংগ্রহালয় লাগে।
মই তেখেতকে সুধিব খুজিছোঁ, কাইলৈ যদি 'জোড়াসাঁকো ঠাকুৰবাড়ী'ত অসমৰ মানুহে তাত সিংহাসন এখনবা ঢোল-খােলকে ধৰি কিছু সামগ্রী ৰাখিব খােজে কর্তৃপক্ষই সন্মতি প্রদান কৰিবনে? শ্ৰীমন্ত শংকৰদেৱৰ নামত প্রতিষ্ঠিত এই কলাক্ষেত্ৰত এটি নামঘৰ সমন্বিতে শংকৰী সংস্কৃতিৰসকলােবােৰ বিষয়ৰ উপৰিও অসমৰ প্রাচীন পুথি-পত্ৰকে ধৰি বিভিন্ন সম্পদসমূহ সংৰক্ষণ কৰাৰ আৰু প্ৰদৰ্শন কৰাৰ ব্যৱস্থা আছে। ইয়াত ইছলাম বা বাঙালী সংস্কৃতিৰ সংগ্ৰহালয় কৰিবৰ বাবে এই কলাক্ষেত্ৰৰ যিখন মূল প্রস্তাৱসহ নথি, তাত ক'ত উল্লিখিত হৈছে? আপোনালােকে নিজৰ নিজৰ বাবে বেলেগ একোটা সংগ্ৰহালয়ৰ যদি প্রয়ােজন আছে বুলি ভাবে দাবী কৰক। কিন্তু শ্ৰীমন্ত শংকৰদেৱক লৈ টনা-আজোৰা কৰাৰ এই ৰাজনীতি কিয় কৰিব খুজিছে? আপােনালােক দুয়ােৰে এই ৰাজনীতিয়ে অসমত সাম্প্রদায়িক মনােভাব বঢ়াব পাৰিব। আৰু সাম্প্রদায়িক সংঘর্ষও লগাব পাৰিব, ইয়াৰ বাহিৰে আপােনালােকে অসমৰাে উন্নতি সাধন কৰিব নােৱাৰে আৰু নিজৰ নিজৰাে উন্নতি সাধন কৰিব নােৱাৰে। এই স্তৰলৈ অসমৰ সমাজখনক নি টুকুৰা-টুকুৰকৰাৰ বাট কাটিব খুজিছে কিয়?
আপােনালােকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতাে আৰু শ্ৰীমন্ত শংকৰদেৱৰ নামটোকো এনে দাবীৰ যােগেদি অসন্মান কৰিছে, সেই কথা ভাবি চাইছেনে? প্রাচ্যতত্ত্বৰ এগৰাকী প্রথিতযশা পণ্ডিত বাসুদেৱ শৰণ আগৰৱালাই কৈ গৈছে, "There are poets composers, there are saints and religious teachers, there are musical masters, there are preachers, but Sankaradeva was a genious in whom all these qualities rolled into one". অসমৰ থলুৱা বাসিন্দাসকলে উদাৰভাৱে ইয়াত স্থায়ীভাৱে থাকিব খােজাসকলক সদায় সামৰি ল'বৰ যত্ন কৰিছে। এই মনােভাব প্রতি আপােনালােকে পােষণ কৰিবলগীয়া সদিচ্ছা তথা সদ্ভাৱনাৰ পৰিৱর্তে যুঁজিম বুলি থিয় হ'ব খােজে কিয়?
গণতন্ত্রত সংখ্যাৰ গুৰুত্ব আছে ঠিকেই কিন্তু দেশপ্রেমৰ সন্মুখত সংখ্যা নহয়, মনােবলেই প্রধান অস্ত্র। মই আগতাে এবাৰ লিখিছিলোঁ যে অসমীয়া মানুহখিনিৰ তেজত উত্তৰ পূর্বাঞ্চলৰ প্ৰায় সকলাে জনগােষ্ঠীৰ তেজৰ সংমিশ্ৰণ আছে। নৃতাত্ত্বিকভাবেই এই কথা প্রমাণ কৰি চাব পাৰি। আমাৰ সাধাৰণ জনগােষ্ঠীয় জীৱনৰ এটা ঘাই চৰিত্ৰ হ’ল সহিব পৰালৈকে একো মতি নমতাকৈ সহি যােৱা। কিন্তু যেতিয়া সহিব নােৱৰা হয় তেতিয়া সাধাৰণ মানুহখিনিৰ বাধা দিব পৰা শক্তি ওলোৱা সম্ভৱ হৈ নুঠে। তেনে অশুভ মুহুর্ত অসমৰ থলুৱা মানুহে সৃষ্টি কৰি ল'ব নােখােজে। কাৰণ তেওঁবিলাকৰ এই বােধ আছে যে অহিষ্ণুতাই পুনৰ এটা অসম আন্দোলনৰ জন্ম দিব পাৰে। আমি তেনে এটা দ্বিতীয় আন্দোলন কোনেও নিবিচাৰোঁ। সাম্প্রতিক কালৰ ৰাজনীতিয়ে যে তাৰ স্তৰ হেৰুৱাই পেলাইছে সেই বিষয়টো তলকি চোৱাৰ দায়িত্ব সক্রিয় ৰাজনীতিত থকাসকলৰ। তেওঁবিলাকে যদি ভােটৰ লােভিত মানুহৰ মনত বিদ্বেষৰ ভাব আৰু উগ্রতাৰ ভাব জগাই তােলে তাৰ ফল কাৰাে বাবে সুখকৰ হৈ নুঠিব। আপােনালােকৰ বয়ােকনিষ্ঠসকলে চাই আছে আপোনাসকলে কি কৈছে আৰু কিকৰিছে। বিদ্বেষৰ বিষবাষ্প বিয়পােৱা কথা আৰু কামেই যদি বয়ােকনিষ্ঠসকলৰ আদৰ্শ হৈ উঠে আমাৰ এই ৰাজ্যখনৰ ভৱিষ্যৎ কি হ’ব? ভদ্রলােকক কোনেও বাহিৰৰ পৰা নিয়ন্ত্রণ কৰিব নালাগে। তেওঁলােক নিজেই কথা আৰু কামত নিয়ন্ত্রিত হৈ থাকে। ৰাজনীতি সমাজ গঢ়িবৰ বাবেহে লাগে, ভাঙিবৰ বাবে নহয়। আপােনালােকে পিছে কি কৰি আছে, নিজেই এবাৰ ভাবি চাওকচোন।
লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। ইউনিকোডীয় সংৰক্ষণৰ বাবে লেখকৰ মৌখিক অনুমতিসহ পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ স্তম্ভ 'জোনাকী'ৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
Youtube চেনেল xukhdukh ত চাওক,
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA
---------------------
উদ্যমিতাক বিষয় হিচাবে লৈ 'নতুন ব্যৱসায় গঢ়িবৰ বাবে SMART উপায়'..... অভিজ্ঞতা সম্পন্ন অভিযন্তা-উদ্যমী শ্ৰীমন্ত বৰদলৈৰ সৈতে সুখ-দুখ LIVE ৰ এটি আলোচনা চাওক তলৰ ভিডিঅ'ত। আঁত ধৰিলে, xukhdukh.com ৰ Founder Editor, অজয় লাল দত্তই...
---------------------
উদ্যমিতাক বিষয় হিচাবে লৈ 'নতুন ব্যৱসায় গঢ়িবৰ বাবে SMART উপায়'..... অভিজ্ঞতা সম্পন্ন অভিযন্তা-উদ্যমী শ্ৰীমন্ত বৰদলৈৰ সৈতে সুখ-দুখ LIVE ৰ এটি আলোচনা চাওক তলৰ ভিডিঅ'ত। আঁত ধৰিলে, xukhdukh.com ৰ Founder Editor, অজয় লাল দত্তই...
No comments:
Post a Comment