বিশ্লেষণঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ অনিশ্চয়তা বনাম ভাৰতীয়ৰ মনত উদয় হোৱা কিছুমান উত্তৰবিহীন প্ৰশ্ন :: সমুদ্ৰজিত গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ অনিশ্চয়তা বনাম ভাৰতীয়ৰ মনত উদয় হোৱা কিছুমান উত্তৰবিহীন প্ৰশ্ন :: সমুদ্ৰজিত গোহাঁই

বিশ্লেষণঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ অনিশ্চয়তা বনাম ভাৰতীয়ৰ মনত উদয় হোৱা কিছুমান উত্তৰবিহীন প্ৰশ্ন :: সমুদ্ৰজিত গোহাঁই

Share This
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ অনিশ্চয়তা বনাম ভাৰতীয়ৰ মনত উদয় হোৱা কিছুমান উত্তৰবিহীন প্ৰশ্ন 

সমুদ্ৰজিত গোহাঁই
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অলপতে 'India Energy Forum'ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তৰাষ্ট্ৰীয় বজাৰত তেল তথা প্ৰাকৃতিক গেছৰ মূল্যবৃদ্ধিৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰতে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উথাপন কৰে৷ উল্লেখযোগ্য যে বিশ্ব অৰ্থনীতিত এক গভীৰ প্ৰভাব পেলোৱা তেল তথা প্ৰাকৃতিক গেছৰ মূল্যৰ তাৰতম্য হোৱা বিষয়টো যথেষ্ট ধূসৰ৷ অৰ্থনীতিৰ প্ৰচলিত সূত্ৰসমূহৰ আধাৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল বা প্ৰাকৃতিক গেছৰ মুল্যৰ তাৰতম্য হোৱা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা কাৰ্য যথেষ্ট কঠিন৷ ফলস্বৰূপে তেল তথা প্ৰাকৃতিক গেছ আমদানি কৰা দেশসমূহ যেনে ভাৰত বা চীনে কিছুমান বিশেষ সমস্যাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই আমাৰ দেশে সন্মুখীন হ’বলগীয়া এনে বিশেষ সমস্যাৰ কথা উপলব্ধি কৰিয়েই আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল তথা প্ৰাকৃতিক গেছৰ মূল্যৰ তাৰতম্য হোৱা প্ৰক্ৰিয়াটো স্বচ্ছ (transparent) হোৱাৰ যথেষ্ট প্ৰয়োজন আছে বুলি উক্ত ভাষণ প্ৰসংগত উল্লেখ কৰিছিল৷
      

এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা হয়৷ তেলৰ মূল্যৰ স্বচ্ছতাৰ অভাৱ কেৱল আন্তৰাষ্ট্ৰীয় বজাৰতে পৰিলক্ষিত হয় নেকি?উদাহৰণস্বৰূপে ভাৰতীয় উপভোক্তাসকলে পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰা সময়ত বহন কৰিবলগীয়া মুল্যৰ লগত আন্তৰাষ্ট্ৰীয় বজাৰৰ তেলৰ মুল্যৰ পোনপটীয়া সম্পৰ্ক আছে নে ? আন কথাত কবলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধি হোৱাৰ প্ৰায় সমান্তৰালকৈ যেনেকৈ ভাৰতীয় উপভোক্তা সকলে বৰ্ধিত মুল্যত পে’ট্ৰল বা ডিজেল ক্ৰয় কৰিবলগীয়া হ’য়, ঠিক সেইদৰে আমাৰ উপভোক্তাসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস হোৱাৰ সমান্তৰালকৈ কম মুল্যত পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰাৰ সুবিধা লাভ কৰেনে? সহজ ভাষাত ক’বলৈ গ’লে আমাৰ দেশৰ প্ৰয়োজনীয় ইন্ধন (মুলতঃ পেট্ৰ’ল তথা ডিজেলৰ) আভ্যন্তৰীণ মূল্য নিৰ্ধাৰণৰ মাপকাঠি কিমান স্বচ্ছ?আজি দেশৰ গৰিষ্ঠ সংখ্যক সাধাৰণ জনতা তথা পেট্ৰ’ল/ডিজেল ক্ৰয় কৰা সময়ত বহন কৰিবলগীয়া উপভোক্তাৰ মনত এই মৌলিক প্ৰশ্ন বাৰম্বাৰ উথাপন হ’ব ধৰিছে৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য নিৰ্ধাৰণত OPEC(organization of petroleum exporting countries)ৰ অত্যন্ত গুৰুত্বপুৰ্ণ ভূমিকা আছে৷ OPEC নো কি বা কিয় গঠন হৈছিল,সেই বিষয়ে বুজিবলৈ আমি ১৯৭০ দশকলৈ ঘূৰি যাব লাগিব৷ মধ্য প্ৰাচ্যত সেই সময়ত সন্মিলিত আৰৱ শক্তিৰ সৈতে ইজৰাইলৰ সামৰিক শত্ৰুতাৰ চৰম পয্যায়ত উপনীত হৈছিল৷ ইজৰাইলৰ বিপক্ষে মধ্যপ্ৰাচ্যৰ তেল উৎপাদনকাৰী আৰৱ ৰাষ্ট্ৰসমূহে বিভিন্ন অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী হাতত ল’লেও বৰ বেছি ফলপ্ৰসূ হোৱা নাছিল৷ গতিকে এই আৰৱ ৰাষ্ট্ৰসমূহে এইবাৰ তেলক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এক উমৈহতীয়া মঞ্চ OPEC গঠন কৰিলে ৷ OPECৰ সদস্য দেশসমূহৰ তেল উৎপাদনৰ কোটা নিৰ্ণয় কৰা হ’ল ৷ OPECৰ আভ্যন্তৰীণ নীতিৰ আধাৰতহে এতিয়া আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য উৰ্ধগামী বা নিম্নগামী হ’বলৈ আৰম্ভ কৰিলে৷ সচৰাচৰ অৰ্থনৈতিক সূত্ৰসমুহৰ পৰিৱৰ্তে(যেনে উপভোক্তাৰ চাহিদা বৃদ্ধি হ’লে উৎপাদনকাৰীৰ যোগান বৃদ্ধিৰ প্ৰবণতা বৃদ্ধি হয় বা অৱশেষত চাহিদা -যোগানৰ মাজত এক সমতুল্য পৰিস্থিতিৰ সৃষ্টি হয়) OPECৰ নিজস্ব নীতিৰ আধাৰতহে তেলৰ মূল্য নিৰ্ধাৰিত হ’বলৈ আৰম্ভ হ’ল৷ 'স্বচ্ছতাৰ' প্ৰশ্নটো তেতিয়াই প্ৰথমবাৰৰ বাবে উত্থাপন হৈছিল৷

অৱশ্যে পৰৱৰ্তীকালত লক্ষ্য কৰি দেখা গ’ল যে কেৱল OPEC নামৰ অনুষ্ঠানকে এইক্ষেত্ৰত দোষী সাব্যস্ত কৰিব নোৱাৰি৷ বিগত ৩০বছৰত বৃহৎ বৃহৎ বিনিয়োগকাৰী বিত্তীয় প্ৰতিষ্ঠান(investment bank) যেনে গোল্ডমেন ছাকস, ৰগেন ষ্টেনলী, ক্ৰেডিট চুইছ ইত্যাদি প্ৰতিষ্ঠানে বিশ্বৰ প্ৰধান প্ৰধান কেঁচা সামগ্ৰী যেনে কয়লা, তীখা, এলুমিনিয়াম ইত্যাদিৰ লগতে ইন্ধন জাতীয় দ্ৰব্য যেনে তেল,প্ৰাকৃতিক গেছ ইত্যাদিৰ derivatives market ত বৃহৎ পুঁজি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে৷ এই বিনিয়োগকাৰী বিত্তীয় প্ৰতিষ্ঠানবোৰ প্ৰকৃততে তেল বা প্ৰাকৃতিক গেছ বা তীখাৰ উপভোক্তা নহয়৷ এই প্ৰতিষ্ঠানবোৰৰ উদ্দেশ্য হ’ল এই দ্ৰব্যবোৰৰ মূল্যৰ উৰ্ধগামী বা নিম্নগামী দিশৰ ওপৰত speculate বা অনুমান কৰি আগতীয়াকৈ derivatives marketত অৱস্থান গ্ৰহণ কৰি কম সময়ৰ ভিতৰতে এক বৃহৎ মুনাফা অৰ্জন কৰা৷ অথচ এই বৃহৎ বিনিয়োগকাৰী বিত্তীয় প্ৰতিষ্ঠানবোৰৰ দ্বাৰা বিলিয়ন হিচাবে পুজি বিনিয়োগ কৰিবলৈ ধৰাত দ্ৰব্য সমুহ যেনে তেল,প্ৰাকৃতিক গেছ,তীখা ইত্যাদিৰ মূল্যৰ ব্যাপক তাৰতম্য (volatility) হ’বলৈ ধৰিলে৷ ফলস্বৰূপে এনে বিনিয়োগকাৰী বিত্তীয় প্ৰতিষ্ঠানবোৰক একাংশ বিশেষজ্ঞই কৃত্ৰিম ভাৱে তেল, প্ৰাকৃতিক গেছ ইত্যাদিৰ মূল্যৰ ব্যাপক তাৰতম্যৰ বাবে দোষাৰোপ কৰিবলৈ ধৰিলে৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত উপৰোক্ত প্ৰধান দুই কাৰকৰ বাবে তেলৰ মূল্য নিৰূপণত ‘স্বচ্চতাৰ’ অভাৱ বুলি ভৱা হয়৷ ইয়াৰ বিপৰীতে এজন সাধাৰণ ভাৰতীয় উপভোক্তাই প্ৰধানতঃ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ কাটল, চেছ(cess)ইত্যাদিৰ বাবে পেট্ৰল বা ডিজেল ক্ৰয় কৰাৰ সময়ত ভাৱিব লগা হয়৷ আজিৰ দিনত এজন ভাৰতীয় উপভোক্তাই পেট্ৰ’ল বা ডিজেলৰ ৰিফাইনেৰীৰ (refinery)ৰ মূল্যৰ তুলনাত প্ৰায় ৬৯% অতিৰিক্ত কৰ-কাটলৰ বোজা বহন কৰিবলীয়া হয়৷ এই ৬৯% কৰ-কাটলৰ বোজাৰ তুলনাত কিন্তু বিশ্বৰ অন্যতম ধনী দেশ যেনে ইটালী, স্পেইন, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান ইত্যাদি দেশৰ উপভোক্তাই যথেষ্ট কম কৰ-কাটলৰ বোজা বহন কৰিবলগীয়া হয়৷

Indian Oil Corporationৰ দ্বাৰা প্ৰস্তুত কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইটালী(৬৪%), ফ্ৰান্স(৬৩%), জাৰ্মানী(৬৩%), ব্ৰিটেইন(৬২%), স্পেইন(৫৩%), জাপান(৪৭%), কানাডা(৩৩%), আমেৰিকা যুক্তৰাষ্ট্ৰ(১৯%) হাৰত এজন সাধাৰণ উপভোক্তাই পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰাৰ সময়ত কৰ-কাটলৰ নামত যথেষ্ট ব্যয় কৰিবলগীয়া হয়৷অথচ ওপৰোক্ত প্ৰতিখন দেশৰে গঢ় জনমূৰি আয় ভাৰতৰ তুলনাত ৭-১০ গুণে বেছি৷ এই পৰিসংখ্যাই প্ৰমাণ কৰে যে মাত্ৰ $2000 গড় জনমূৰি আয়ৰ দেশ ভাৰতত এজন সাধাৰণ উপভোক্তাই অত্যাধিক কৰ-কাটলৰ বোজা বহন কৰিবলগীয়া হয় এইবোৰ সামগ্ৰী ক্ৰয় কৰাৰ সময়ত৷

উদাহৰণস্বৰূপে দিল্লীৰ কথাকে ধৰা হওঁক৷এই বৰ্ষৰ এপ্ৰিল/মে মাহত আন্তৰাষ্ট্ৰীয় বজাৰত জানুৱাৰী মাহত এই মূল্য আছিল প্ৰায় $৬০ প্ৰতি বেৰেলত৷অথচ জানুৱাৰীৰ পৰা এপ্ৰিলৰ মাজত দিল্লীৰ উপভোক্তা এজনে প্ৰতি লিটাৰ ডিজেলৰ মুল্য ৬৬ টকাৰ পৰিৱৰ্তে ৬২.৫ টকা ভৰিবলগীয়া হৈছিল৷ গতিকে আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মুল্য প্ৰায় $৫০ হোৱাৰ সময়ত দিল্লীত ডিজেলৰ মূল্য হ্ৰাস হৈছিল মাত্ৰ ৩.৫ টকা /লিটাৰ৷অথচ তেলৰ মুল্য মে মাহৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈ $৪০ প্ৰতি বেৰেলত হোৱাৰ সময়ত দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য বৃদ্ধি হৈ জুলাইৰ মাজভাগত প্ৰায় ৮২.৫/লিটাৰ পয্যন্ত হ’ল৷তাৰপৰা ক্ৰমান্বয়ে হ্ৰাস হৈ বৰ্ত্তমান দিল্লীত ডিজেলৰ মুল্য ৭১/লিটাৰ হয়৷অথচ আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মুল্য জুলাই মাহৰ পৰা বৰ্তমানলৈ প্ৰায় প্ৰতি বেৰেলত প্ৰায় $৪০ ৰ আশে -পাশে থকা লক্ষ্য কৰা হৈছে৷

গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ তেলৰ মূল্যৰ গতিপথৰ লগত ভাৰতৰ এজন সাধাৰণ উপভোক্তাই পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰাৰ সময়ৰ মূল্যৰ কিবা সামঞ্জস্য আছে জানো? সেইবাবেই এটা জনপ্ৰিয় প্ৰবচনৰ কথা মনলৈ আহে৷ Charity must begin at home.

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ তেল বা প্ৰাকৃতিক গেছৰ মূল্যৰ ক্ষেত্ৰত ‘স্বচ্ছতাৰ’ প্ৰয়োজন হোৱাৰ সমান্তৰালভাৱে ভাৰতৰ এজন সাধাৰণ উপভোক্তাৰ বাবেও ইন্ধন ক্ৰয় কৰাৰ সময়ত ‘স্বচ্ছতাৰ’ প্ৰয়োজন আছে৷ খুচুৰা মূল্য বঢ়াবৰ সময়ত আন্তঃৰাষ্ট্ৰীয় দৰৰ বৃদ্ধিক দোষাৰোপ কৰা সকলে, আন্তঃৰাষ্ট্ৰীয় দৰ কমিলেও তাৰ লাভালাভ সাধাৰণ জনতালৈ 'খুচুৰা দাম হ্ৰাস'ৰ ৰূপত নকৰাটোক লৈ ভাৰতত ৰাজনৈতিক দলাদলি চলি আহিছে। ৰাইজে সেয়ে গোটেই প্ৰক্ৰিয়াটোক লৈ যাতে অধিক সচেতন হব পাৰে, সেয়ে  www.newsfile-online.com ত প্ৰকাশিত লেখাটিৰ অসমীয়া ৰূপ সুখ-দুখৰ যোগেদি আগবঢ়োৱা হৈছে। 

লেখক ডুবাইত অৰ্থনীতিৰ বিশেষজ্ঞ পৰামৰ্শদাতা হিচাবে কৰ্মৰত। তেখেতৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত অন্য লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SAMUDRAJIT%20GOHAIN

No comments:

Post a Comment