স্বাস্থ্য-চৰ্চাঃ স্মৃতিভ্ৰংশ বা ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ঘৰুৱা পৰিচৰ্যাৰ কৌশল ::চাইক'লজিষ্ট আৰাধনা বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
স্বাস্থ্য-চৰ্চাঃ স্মৃতিভ্ৰংশ বা ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ঘৰুৱা পৰিচৰ্যাৰ কৌশল  ::চাইক'লজিষ্ট আৰাধনা বৰুৱা

স্বাস্থ্য-চৰ্চাঃ স্মৃতিভ্ৰংশ বা ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ঘৰুৱা পৰিচৰ্যাৰ কৌশল ::চাইক'লজিষ্ট আৰাধনা বৰুৱা

Share This

স্মৃতিভ্ৰংশ বা ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ঘৰুৱা পৰিচৰ্যাৰ কৌশল
আৰাধনা বৰুৱা

মানুহজনে পৰিপাটিকৈ থাকি ভাল পায়৷ পকা থেকেৰাৰ দৰে গাৰ বৰণৰ তেওঁ ৰাতিপুৱা যেতিয়া ঘৰৰপৰা ওলাই যায় দিনটোলৈ, পিন্ধনত থাকে কাঢ়াকৈ ইস্ত্ৰি কৰা কাপোৰযোৰ। হাতত হাজাৰটা কাম। গান্ধী মৈদান,চিনেমাহল,চৰকা ফিচাৰীত মীনপালনৰ দিহা আদি ৰাজহুৱা কামত চৰকাৰী বিষয়ববীয়াৰ লগত মিটিং, মুক্তিযুজাৰু সন্মিলন, ভিন্ন সভা সমিতি, সমবায় আদি মুঠতে তেওঁৰ হিচাপ নোহোৱা লেঠা৷ সমগ্ৰ অঞ্চলটোতে তেওঁৰ পাণ্ডিত্য আৰু ব্যক্তিত্বৰ দৃঢ়তাভৰা প্ৰভাৱ৷ প্ৰত্যক্ষ ৰাজনীতিত জড়িত নহ’লেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা বিভিন্ন দলৰ সাংসদ আৰু বিধায়কৰ প্ৰাৰ্থীসকলে আশীৰ্বাদ লৈহে আগবাঢ়ে৷ আজৰি সময়খিনিত তেওঁ কিতাপৰ মাজতে ডুব গৈ থাকে৷ কেন্দ্ৰীয় চৰকাৰে তাম্ৰপত্ৰৰে সন্মান জনোৱা তেওঁ এগৰাকী মুক্তিযোদ্ধাৰ লগতে স্বাধীনতা আন্দোলনৰ এখন বুৰঞ্জীৰ প্ৰনেতাও। অসমীয়া আৰু সংস্কৃতত অগাধ পণ্ডিত মানুহজনে মুকুতা যেন সুন্দৰ সৰু সৰু আখৰেৰে দৰকাৰী কথাবোৰ নোট কৰি যায়৷এনে লাগে যেন কিতাপৰ পৰা এদিন আঁতৰি থাকিলেই তেওঁৰ উশাহ স্তব্ধ হৈ যাব৷
কিন্তু লাহে লাহে তেওঁৰ কথাবোৰ মনত নথকা হ’ল৷ ক’ৰবালৈ ওলাই গ’লে কলমটো বা ডায়েৰীখন ল’বলৈ পাহৰে। সময়ৰ চাহ কাপ খালে নে নাই, পাহৰি যায়। পিছত মনত পেলাই দিলে নিজেই হাঁহে৷ কিন্তু পিছলৈ পাহৰণি সঘন হ’ল, প্ৰথম অৱস্থাত পুৰণা কথাবোৰ ঠিকেই মনত আছিল৷ কেৱল নতুনকৈ একো মনত ৰাখিব পৰা নাছিল৷ দিনটোৰ ঘটনাবোৰ, ঘঁড়ীৰ কাঁটাৰ লগত মিলাই কৰা কামবোৰ খেলি মেলি হৈছিল, আউল লাগিছিল৷ কেতিয়াবা সন্ধিয়াৰ চাহ কাপ খাই উঠিয়েই আকৌ বিচাৰিছিল"আজি চোন চাহ একাপো নিদিলাহে কোনেও" বুলি। কেতিয়াবা আকৌ দুপৰৰ ভাত সাঁজ নোখোৱাকৈয়ে ভাৱি লৈছিল খালে বুলি৷ হাজাৰ বুজনিয়েও সৈমান কৰিব নোৱাৰি ঘৰৰ সকলোৱে মূল মানুহজনৰ লগতে লঘোন দিছিল৷ পিছলৈ তেওঁ চিনাকি আপোন মানুহবোৰক পাহৰিবলৈ আৰম্ভ কৰিছিল৷নব্বৈ বছৰীয়া মানুহজনে পৰিবাৰক অচিনাকিৰ দৰে 'আপুনি' বুলি মতা আৰম্ভ কৰিছিল, যিগৰাকীৰ বিচনাখন সদায়ে ৰাতি জাৰি-জোঁকাৰি পাৰি আঠুৱাখন খুচি দিছিল, যাৰ অলপীয়া বেমাৰতে কপালত হাত দি কাষত বহি ৰৈছিল তেওঁ৷ সৰু ল’ৰা ছোৱালীৰ দৰে অভিমান কৰিছিল, ল’ৰা আৰু নাতিনীয়ে লগ লাগি জোৰ কৰি গাটো ধুৱাই দিলে তেওঁ খং কৰিছিল, ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰিছিল। ব্যস্ত ৰাস্তালৈ ওলাই গ’লে কিবা অঘটন ঘটাৰ আশংকাত বন্ধ কৰি ৰখা গ্ৰীলৰ দুৱাৰখন খুলিব নোৱাৰি তেওঁ "ইহঁতে মোক জেলত থৈছে,মোক শাস্তি দিব" বুলি সৰু ল’ৰাৰ দৰে কুঁ কুৱাই কান্দিছিল৷

অনবৰতে কিতাপৰ মাজতে ব্যস্ত হৈ থকা মানুহজনে চহীটো কৰিবলৈও সম্পূৰ্ণকৈ পাহৰি গৈছিল৷ এক কথাত তেওঁ পৰিৱৰ্তিত হৈছিল এক অবোধ শিশুলৈ৷ এনেধৰণৰ সমস্যাক স্মৃতিভ্ৰংশ বা ডিমেনছিয়া বুলি কোৱা হয়৷

স্মৃতিভ্ৰংশ বা পাহৰাৰ সমস্যা বহু ধৰনৰ থাকে আৰু ই বহু কাৰণত হ’ব পাৰে৷সকলো পাহৰা সমস্যাই ডিমেনচিয়া নহয়৷ আই.চি.ডি.-১০(International Classification of Disease-10) অনুসৰি ডিমেনচিয়াৰ লক্ষণ সমূহ এনে ধৰনৰ,স্মৃতিশক্তি আৰু চিন্তা কৰিব পৰা ক্ষমতাৰ লক্ষ্যণীয় অৱনতি,নিজে নিজৰ দৈনন্দিন কাম কাজ কৰাৰ চকুতলগাকৈ অসুবিধা পোৱা,স্মৃতিৰ খেলিমেলি বিশেষকৈ নতুন কথা মনত ৰখা,আৰু মনত পেলোৱাত অসুবিধা আৰু পিছলৈ পুৰণা কথাবোৰো পাহৰি যোৱা, চিন্তাৰ অসংলগ্নতা আদি৷এই লক্ষণসমুহ ব্যক্তিজনৰ সম্পূৰ্ণ সজ্ঞান অৱস্থাত কমেও ছয়মাহ ধৰি থাকিলেহে ব্যক্তিজন ডিমেনচিয়াত আক্ৰান্ত বুলি চিহ্নিত কৰা হয়৷ডিমেনচিয়া কেইবাধৰণৰ হ’ব পাৰে৷তাৰ ভিতৰত এলজাইমাৰছ ডিমেনচিয়াই অধিকাংশৰ ক্ষেত্ৰত দেখা যায়৷ ২০১২ চনৰ পৰা চেপ্তেম্বৰ মাহটো বিশ্ব এলজাইমাৰছ মাহ আৰু ২১ চেপ্তেম্বৰ তাৰিখটো বিশ্ব এলজাইমাৰছ দিৱস হিচাপে পৃথিৱীজুৰি পালন কৰা হয়৷বৰ্তমান সময়ত ডিমেনচিয়া ৰোগে বিশ্বব্যাপি এক ডাঙৰ সমস্যা ৰূপে ঠিয় দিছে৷সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত প্ৰায় চৌৰাল্লিছ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত আৰু ভাৰতত এই সংখ্যা হৈছে চাৰি মিলিয়ন৷

এজন ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম কাজ, ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনত বেমেজালিৰ সৃষ্টি হোৱাৰ বাবে স্বাভাবিকতে ব্যক্তিজন অসহায় হৈ পৰে৷এনে ক্ষেত্ৰত পৰিয়ালৰ সহমৰ্মিতা,মনোযোগ আৰু আদৰ যত্ন অতি গুৰুত্বপূৰ্ণ ৷এনে ৰোগীৰ পৰিচৰ্যাৰ বাবে ৰোগ বিষয়ক জ্ঞান আৰু কৌশল জানি ল’লে ই পৰিয়ালৰ লোকৰ বাবে সহজ হয়৷সাধাৰণতে ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত দেখা আচৰণগত সমস্যা সমুহ আৰু এই ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা কিছুমান কৌশল তলত আলোচনা কৰা হ’ল৷

বহুসময়ত ৰোগীজন খোজকাঢ়ি উদ্দেশ্যহীন ভাৱে কৰ’বালৈ গুছি যাব বিচাৰে৷এনেৰোগী দুৰ্ঘটনাৰ চিকাৰ হোৱা ও দেখা যায়৷ এনে নহ’বৰ বাবে পৰিয়ালৰ লোকে কিছুমানব্যৱস্থা কৰিব পাৰে যেনে

• নিয়মীয়া শাৰীৰিক ব্যায়াম;ই অস্থিৰতা কম কৰাত সহায় কৰিব ৷

• বহু সময়ত এনে ৰোগীয়ে কেৱল চকুৰ পোনে পোনে থকা বস্তুহে মন কৰে৷সেয়ে দুৱাৰৰ তলত বা ওপৰত নতুন নিৰাপদ তলা চাবিৰ ব্যৱস্হা কৰিব পাৰে৷

• দুৱাৰত পৰ্দাৰ ব্যৱস্থা কৰা আৰু দুৱাৰৰ নব বিলাকত ' Child safe' প্লাষ্টিকৰ ক’ভাৰৰ ব্যৱহাৰ কৰা৷


• দুৱাৰমুখত ক’লা ডাঙৰ আকৃতিৰ মেট ৰাখিব পাৰে৷বহুসময়ত ইয়াক ব্যক্তিজনে পাৰ হ’ব নোৱাৰা গাঁত বুলি ভাবিব পাৰে৷

• ব্যক্তিজনৰ নাম ঠিকনা সম্বলিত ব্ৰেছলেটৰ পিন্ধাই ৰখা বা সাজপাৰত ঠিকনা চিলাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে ৷যদি সম্ভৱপৰহয় তেন্তে জি পি এছ ৰ ব্যৱস্থাও কৰিব পাৰে৷

• ওচৰ চুবুৰীয়াক তেওঁৰ এই অসুবিধাটোৰ বিষয়ে জনাই ৰখাৰ উপৰিও প্ৰয়োজনসাপেক্ষে পৰিয়ালৰ লোকক খবৰ দিব পৰাকৈ ফোন নম্বৰ দিয়াটো অতি প্ৰয়োজনীয়৷তাৰোপৰি সদায় ব্যক্তিজনৰ এখন নতুন ফটো ঘৰত ৰাখক৷

ডিমেনচিয়া বাঢ়ি যোৱাৰ লগে লগে শৌচ প্ৰস্ৰাবৰ ওপৰত নিয়ন্ত্ৰণ কমি যাব পাৰে৷বহুত সময়ত আকৌ ব্যক্তি জনে শৌচাগাৰ ক’ত আছে তাকেই পাহৰি যায়৷ এনেক্ষেত্ৰত ব্যক্তি জনক মনত আঘাট পোৱা বা অপ্ৰস্তুতবোধ কৰাৰ পৰা আঁতৰাই ৰাখিবৰ বাবে অৱলম্বন কৰিব পৰা কিছুমান উপায় এনেধৰনৰ, প্ৰতিদিনে একে সময়তে শৌচাগাৰলৈ যোৱাৰ অভ্যাস কৰোৱা, দুঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱগাৰলৈ যাবলৈ সোঁৱৰাই দিয়া,সহজে খোলা মেলা আৰুপৰিষ্কাৰ কৰিব পৰা কাপোৰ পিন্ধাৰ ব্যৱস্থা কৰা, ডিহাইড্ৰেচনৰ পৰা হাত সাৰিবলৈ পৰ্য্যাপ্ত পৰিমানৰ পানী আৰু জুলীয়া খাদ্য খুউওৱা কিন্তু গধুলীৰ পৰা ৰাতি শোৱাৰ আগলৈকে কম পৰিমাণে পানী আৰু অন্য পনীয়া খাদ্য দিয়া, ইত্যাদি৷ চাহ, কফী ,ক’ককোলা আদি পৰাপক্ষত খাদ্য তালিকাৰ পৰা বাদ দিয়া উচিত৷ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে ইউৰ’লজিষ্টৰ কাষ চাপিব লাগে৷

ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত কিছুমান সমস্যা দেখা যায় যেনে খিংখিঙীয়া স্বভাৱ,টোপনি কম হোৱা,আক্ৰমণাতমক ব্যৱহাৰ আদি৷ পৰিৱেশিক কাৰক,ভয়,ক্লান্তি আদিয়ে এই সমস্যাৰ সৃষ্টিত সহায় কৰে৷ এই সমস্যা সমুহ আঁতৰ কৰিবৰ বাবে ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখা,ৰোগীৰ দৈনন্দিন কাম কাজৰ বাবে একে সময়ৰ ৰুটিন মানি চলা,বিপদজনক সামগ্ৰী সততে পোৱাৰ পৰা আঁতৰাই ৰখা,ৰোগীৰ লগত কথা বতৰা পাতোতে কোমল স্বৰত কথা কোৱা,অধিক মানুহৰ সমাগমৰ পৰা আঁতৰত ৰখা,ঘৰৰ আচবাব পত্ৰ একে ঠাইতে ৰখা আদি জৰুৰী৷

এনে ৰোগীৰ অন্য এক সমস্যা হৈছে কথা বা কামৰ পুনৰাবৃত্তি৷ এংজাইটি, বিৰক্তি,ভয় বা আন পৰিৱেশিক কাৰণতো এনে সমস্যা বেছি হ’ব পাৰে৷এনে ক্ষেত্ৰত পৰিয়ালৰ লোকে ৰোগীক স্পৰ্শ আৰু কথাৰে নিশ্চয়তা তথা নিৰাপত্তা অনুভৱ কৰোৱা দৰকাৰ৷তাৰোপৰি এনে পৰিস্হিতিত অসুবিধা পোৱা বিষয়টোৰ পৰা আন কথালৈ আকৰ্ষিত কৰিবৰ চেষ্টা কৰিব পাৰে৷ৰোগীৰ আচৰণ লক্ষ্য কৰি বহুসময়ত পৰিয়ালৰ লোকে তেওঁ কি বুজাব বিচাৰিছে বা অসুবিধা পাইছে তাক অনুমান কৰাৰ চেষ্টা কৰা উচিত৷

ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ আন এটা সমস্যা হৈছে সন্দেহৰ ভাৱ৷বহুসময়ত নিকটাত্মীয়ৰ প্ৰতি সন্দেহ,অপকাৰ কৰিব বুলি কৰা ধাৰণা আদি দেখা যায়৷তেনেক্ষেত্ৰত পৰিয়ালৰ লোকে বুজি পোৱা তথা কথা আৰু স্পৰ্শৰে নিৰাপত্তা প্ৰদান কৰিব লাগে৷

এনেধৰনৰ সমস্যা সমুহ সাধাৰণতে সু্ৰ্য্য অস্ত পিছত বেছি হোৱা দেখা যায়৷এই বিলাক সমস্যাৰ উপৰিও এনে ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি তথা পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰতো অসুবিধাই দেখা দিয়ে৷ৰোগীক খাদ্য খুউৱা,গা ধুউৱা আদি ব্যক্তি জনে অশান্তি নোপোৱাকৈ পৰিয়ালৰ লোকে বা পৰিচাৰকে ধৈৰ্য আৰু আন্তৰিকতাৰে কৰা উচিত৷ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ আত্মীয়ৰ অৱহেলাই বহু সময়ত ৰোগীক কষ্টকৰ মৃত্যুলৈ ঠেলি দিয়ে৷ ৰোগীৰ অসহায় অৱস্থা অন্তৰেৰে বুজি পৰিয়ালৰ লোকে চিকিৎসাৰ লগতে যত্ন লোৱাৰ চেষ্টা কৰিলে নিশ্চয় কিছুপৰিমাণে হ’লেও সমস্যা সমুহ কম হ’ব৷
------------
লেখিকাৰ 'সুখ-দুখ LIVE' ৰ আলোচনা 'লক-ডাউন আৰু মানসিক স্বাস্থ্যৰ' লিংকঃ
লেখিকাৰ পূৰ্ব প্ৰকাশিত প্ৰৱন্ধবোৰ পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/Aradhana%20Borruah
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
তলত স্ত্ৰী ও প্ৰসূতিৰোগৰ বিশেষজ্ঞাৰ সৈতে সুখ-দুখ LIVE ৰ এটি অনুষ্ঠান চাব পৰাকৈ দিয়া হৈছে।
-------------------
91লেখিকা নগাঁৱত নিবাসী এগৰাকী চাইক’লজিষ্ট৷ 'উপশম' নামৰ এটি ব্যক্তিগত প্ৰকল্পৰ জৰিয়তে অলপমান মানসিক সজাগতাৰ কাম চলাই থকা লেখিকাৰ সদ্য-প্ৰকাশিত গ্ৰন্থখন হৈছে- 'মানসিক স্বাস্থ্যঃ জীৱন যাপন আৰু সুখৰ মন্ত্ৰ'

 গ্ৰন্থখনৰ বিষয়ে এটি সৰু মতামতঃ

"বিগত গ্ৰন্থমেলাৰ সময়তে তেখেতে "মানসিক স্বাস্থ্য জীৱন-জাপন আৰু সুখৰ মন্ত্ৰ" বুলি মানসিক সমস্যাৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।যাৰ এটা কপি মোলৈও উপহাৰ হিচাবে কেতিয়াবাই পঠিয়াইছে।তাৰবাবে তেখেতলৈ অশেষ ধন্যবাদ থাকিল।কিতাপখন পঢ়ি আমি আপ্লুত।মানসিক স্বাস্থ্যৰ ওপৰত লিখা অসমীয়া কিতাপ আগতে দেখা মনত নপৰে। সহজ-সৰল ভাষাত লিখা এই কিতাপখনে আমি বহুতে বুজি নোপোৱা কিছুমান সৰু-বৰ সমস্যাৰ গুৰিটো যে মানসিক সমস্যাহে তাক বুজিবলৈ সহজ হয় আৰু সেইমতেই তাৰ প্ৰতিকাৰৰ বাবেও আমি আগবাঢ়িব পাৰো।এক কথাত এই কিতাপখন সকলো পৰিয়ালৰে কামত অহা বিধৰ। আৰাধনা বৰুৱাৰ পৰা আৰু এনে কিতাপ বিচাৰোঁ।" — জনপ্ৰিয় উপন্যাসিক বৈদুৰ্য বৰুৱা

No comments:

Post a comment