শ্ৰদ্ধাৰ্ঘঃ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিক :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাৰ্ঘঃ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিক :: শ্যামকানু মহন্ত

শ্ৰদ্ধাৰ্ঘঃ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিক :: শ্যামকানু মহন্ত

Share This
এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিক
শ্যামকানু মহন্ত
তৰুণ গগৈ ছাৰক মই প্রথম লগ পাইছিলোঁ ও ২০০৮ চনত। সেই সময়ত মই আই এল এফ এছ(ILLFS)ত কৰ্মৰত আছিলো। চাকৰিৰ তাগিদাত এবাৰ-দুবাৰ তেওঁৰ সৈতে সাক্ষাৎ হৈছিল। এনেদৰে লগ পােৱাৰ পাছত মই মানুহজনৰ প্ৰতি আকর্ষিত হৈছিলোঁ। সেই সময়ত তৰুণ গগৈ তেওঁৰ মুখ্যমন্ত্রী হিচাপে দ্বিতীয়টো কার্যকালত আছিল। পৰৱর্তী পর্যায়ত তেওঁক বহুবাৰ লগ পাইছোঁ, ওচৰৰ পৰা দেখিছো। মানুহজনৰ ৰাজনৈতিক দূৰদৃষ্টি দেখিছোঁ।
তৰুণ গগৈ এজন সফল মুখ্যমন্ত্রী আছিল। একেৰাহে ১৫ বছৰ অসমৰ নিচিনা এখন সমস্যাবহুল ৰাজ্যৰ নেতৃত্ব দিয়াটো ইমান সহজ কথা নহয়। তাতােকৈ ডাঙৰ কথা তেওঁ বহুধাবিভক্ত অসমীয়া সমাজখনক একত্রিত কৰিবলৈ সক্ষম হৈছিল। প্রথমতে হু ইজ বদৰুদ্দিন বুলি মন্তব্য কৰি কংগ্ৰেছৰ পৰা আঁতৰি যােৱা অসমীয়া মানুহখিনিক আকৌ কংগ্ৰেছলৈ ওভতাই আনিব পৰাটো তেওঁৰ এক বৃহৎ কৃৰ্তিত্ব আছিল।

দুটা কার্যকাল প্রতিষ্ঠানবিৰােধী ঢৌৰ পাছতাে তেওঁ ২০১১ চনত বিপুল ভােটত জয়ী হৈছিল। ২০০৬-১১ৰ তেওঁৰ শাসনকালত অসমৰ যথেষ্ট পৰিমাণে উন্নয়ন হৈছিল। ছালফাৰ গুণ্ডাৰাজৰ সংস্কৃতিক তেৱেঁই শেষ কৰিবলৈ সক্ষম হৈছিল। আলফা সমস্যা তৰুণ গগৈয়ে বহু পৰিমাণে নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হৈছিল। তেওঁৰ সময়তে সমগ্ৰ অসমতে প্রধানমন্ত্রী গ্রাম্য চড়ক যােজনাৰ অন্তর্গত গাঁও অঞ্চলত বহু ৰাস্তা-পদূলি নির্মাণ হৈছিল। স্বাস্থ্যখণ্ডতাে যথেষ্ট কাম হৈছিল। হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ তত্ত্বাৱধানত বহু কাম কৰিবলৈ সক্ষম হৈছিল। সেই সময়ছােৱাত যথেষ্টসংখ্যক আন্তঃগাঁথনিক প্রকল্প হৈছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী আছিল ডঃ মনমােহন সিং। তেওঁৰ অসমৰ প্রতি দুর্বলতা আছিল আৰু তৰুণ গগৈয়ে প্রধানমন্ত্রী বা চৰকাৰৰ ৰাজ্যখনৰ বাবে টকা-পইচা কিদৰে আদায় কৰিব পাৰি, সেয়া ভালকৈ জানিছিল। আৰু বাস্তৱতেই তৰুণ গগৈয়ে বহুখিনি টকা-পইচা কেন্দ্ৰৰ পৰা সেই সময়ত অসমলৈ আনিবলৈ সক্ষম হৈছিল। অসমত উদ্যোগ বাণিজ্যৰ এটা পৰিৱেশ গঢ়ি তােলাত তৰুণ গগৈ সফল হৈছিল। উদ্যোগ-বাণিজ্যৰ চিন্তাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আগৰণুৱা আছিল। অসমলৈ সেই সময়ত যথেষ্ট উদ্যোগ অহা আৰম্ভ হৈছিল। বিশেষকৈ উত্তৰ-পূৱ ঔদ্যোগিক নীতিৰ পাছত বহুখিনি উদ্যোগ-প্রতিষ্ঠান অসমলৈ আহিছিল। 

তদুপৰি অসমীয়া জাতিসত্তাৰ কথা, ৰাজনৈতিক সমীকৰণ ভালদৰে বুজি পােৱা তৰুণ গগৈয়ে বিভিন্ন জাতি-জনগােষ্ঠীৰ লগত থাকি ৰাজনীতি কৰিছিল। ফলস্বৰূপে বড়ােসকলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ তেওঁ ইতিবাচক সঁহাৰি-সহযােগ পাইছিল। আৰু জাতিগত তথা ধর্মীয় সমীকৰণক তেওঁ ভালদৰে বুজি পাইছিল। ২০১১ চনত ৭৯খন আসন পােৱাৰ পাছতাে তেওঁ বি পি এফক চৰকাৰত অন্তর্ভুক্ত কৰিছিল। তেওঁ এটা বার্তা দিছিল যে কংগ্ৰেছে সহযােগী দলক সন্মান কৰে আৰু তাৰ লগতে বড়াে জনগােষ্ঠীৰ প্ৰতিও চৰকাৰৰ সদিচ্ছা আছে। 

তৰুণ গগৈৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে, তেওঁ প্রতিশােধপৰায়ণ নাছিল। তেওঁৰ তৃতীয় কার্যকালত অর্থাৎ ২০১১ চনৰ পাছত তৰুণ গগৈৰ প্রশাসনিক ক্ষমতা বহুখিনি কমি আহিছিল। সেই সময়ত তেওঁ পাৰদৰ্শিতাৰ সুউচ্চ শিখৰ পাৰ হৈছিল আৰু অলপ জনপ্রিয়তা কমিবলৈ আৰম্ভ হৈছিল।

সেই সময়ত তেওঁৰ চৰকাৰৰ প্ৰতি বহুতাে দুর্নীতিৰ অভিযােগ আহিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিসম্বাদ আৰম্ভ হৈছিল, সেইটোৱে চৰকাৰখনক বহুখিনি পিছুৱাই নিছিল। তেওঁৰ পাৰদৰ্শিতা নিম্নগামী হৈছিল। পুত্রস্নেহত দলটো দুর্বল হৈছে বুলি অভিযােগ আহিছিল। 

তৰুণ গগৈৰ শাসনৰ বিপক্ষে সেই সময়ত আমিও কৈছিলোঁ। বাতৰিকাকতত লিখিছিলোঁ। টেলিভিছনৰ মজিয়াতাে কৈছিলো। কিন্তু ইয়াৰ পাছতাে তেওঁক লগ পাওঁতে তৰুণ গগৈ পূর্বৰ তৰুণ | গগৈ হৈয়েই আছিল। কোনাে বিৰূপ মনােভাব দেখা নাছিলোঁ। 

মােৰ বহুতাে জ্যেষ্ঠ সাংবাদিক বন্ধুয়ে কয় যে তৰুণ গগৈয়ে কেতিয়াও কাৰাে প্রতি কোনাে আক্রোশ নাৰাখিছিল। সেইবাবেই হয়তাে মানুহজন ইমান জনপ্রিয়। প্ৰচাৰ মাধ্যমৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লােকৰ লগত অতি সুন্দৰ সম্পর্ক বজাই ৰাখিছিল।

হাঁহিমুখেৰে তেওঁ বহু সমস্যাৰ সমাধান কৰিব পাৰিছিল। নতুনচামৰ বহুতেই হয়তাে নাজানে যে তৰুণ গগৈয়ে ২০০৮ চনত বড়াে অধুষিত অঞ্চলত সংঘটিত ভয়ানক গােষ্ঠীগত সংঘর্ষক ক্ষিপ্রতাৰে দমন কৰিবলৈ সক্ষম হৈছিল। ২০০৭ চনত তেওঁৰ নেতৃত্বত অসমত অতি সফলতাৰে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। সেই সময়ত নির্মাণ কৰা ষ্টেডিয়ামসমূহ অসমৰ ক্রীড়া জগতৰ বাবে অমূল্য সম্পদ হৈ ৰ'ল।

অসম সম্পর্কে তেওঁৰ এক স্পষ্ট দৃষ্টি আছিল। অসমীয়া ডেকাচামৰ কৰ্মৰ প্রতি অনীহাৰ কথাটোক লৈ তেওঁ চিন্তিত আছিল আৰু এই বিষয়ে লিখি যাবলৈ মােক অনুপ্রাণিত কৰিছিল। তেওঁৰ সহজসৰল স্বভাৱ আৰু হাঁহিমুখীয়া ব্যক্তিত্ব আছিল। তেওঁৰ ৰাজনৈতিক জীৱনৰ সফলতাৰ আন এক কাৰণ। এই স্বভাৱৰ বাবেই এতিয়াও ৰাইজৰ মাজত অতি জনপ্রিয় হৈ থাকিল। বহু মানুহে তেওঁৰ আৰােগ্য কামনাৰে নামঘৰে-মছজিদে যিধৰণে প্রার্থনা জনালে, সেয়াই তেওঁৰ প্ৰচুৰ জনপ্ৰিয়তাৰ কথা সূচাইছে। 

তৰুণ গগৈ অসমৰ এজন সর্বকালৰ সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী। এয়া অনস্বীকার্য যে অসমৰ ৰাজনৈতিক ইতিহাসত তেওঁৰ নাম সােণােৱালী আখৰেৰে লিখা থাকিব। সন্ত্রাসেৰে জৰ্জৰিত অসমখনক বুদ্ধিদীপ্ততা আৰু ৰাজনৈতিক বিচক্ষণতাৰে তেওঁ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ'ল। আজিৰ নতুনচামে নেদেখা সন্ত্রাস জৰ্জৰিত অসমখনলৈ শান্তি বাতাৱৰণ অনাৰ ক্ষেত্ৰত তৰুণ গগৈয়ে এক যুগান্তকাৰী নেতৃত্ব দিলে। তেওঁৰ মনত হয়তাে আৰু কিছু কাম কৰাৰ স্বপ্ন আছিল। অশীতিপৰ বয়সতো তৰুণ গগৈ আছিল অদম্য স্পৃহাৰ অধিকাৰী। 

আমি তেওঁৰ সৈতে কেইমাহমান আগতে আমাৰ টেলিভিছনৰ অনুষ্ঠান ‘যােগাত্মক দৃষ্টিৰে কৰাৰ সময়ত তেওঁৰ অনাগত দিনৰ পৰিকল্পনাৰ বিষয়ে কৈছিল। আচৰিত হৈছিলোঁ তেওঁৰ মনােবল দেখি। তেওঁৰ সপােনৰ অসমখন বাস্তবায়িত হওঁক। দল তথা ৰাজনৈতিক মতাদর্শ নির্বিশেষে তেওঁৰ স্মৃতি যুগমীয়া কৰিবলৈ বিশেষ প্রচেষ্টা ল’বলৈ মই অসম চৰকাৰক অনুৰােধ জনাইছে। তেওঁৰ মৃত্যুত অসমে এজন সুযােগ্য সন্তান | হেৰুৱালে। অসমক মনে-প্রাণে ভালপােৱা সঁচা অর্থত এজন অসমীয়া। নতুনচামে এজন অভিভাৱক হেৰুৱালে। তেওঁৰ স্মৃতি যুগমীয়া হওক। তেওঁৰ আত্মাই চিৰশান্তি পাওক।
লেখকৰ টুইটাৰ @skmahanta2013, লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতিক্ৰমে ইউক'ড মাধ্যমত সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment