অসম-নাগালেণ্ডৰ সীমা বিবাদ ও ইতিহাস, বাস্তৱ আৰু সম্ভাৱনা
ড° কৌস্তুভ ডেকা
কেইখনমান প্রাচীন অৰণ্য, ইতিহাসে গৰকা পাহাৰৰ পাদদেশ, এক ঘটনাবহুল ঐতিহ্যৰ সাক্ষী হৈ ৰােৱা নদনদী জুৰি আৰু এই আটাইবােৰ সামৰি জলন্ত সমস্যাত পৰিণত হােৱা আজিৰ বর্তমান। প্রায় ৪৩৪ কিলােমিটাৰ দৈর্ঘ্যৰ আৰু ৬৬০০০ হেক্টৰ মাটিকালি সামৰি লােৱা এই অসম-নাগালেণ্ড সীমা অঞ্চল আজি কেইবাদশক জুৰি বিবদমান হৈ আছে। বিবাদে সময়ে সময়ে লৈছে সংঘাতৰ চূড়ান্ত ৰূপ। নগা দুৰ্বৃত্তই হাতে হাতে অস্ত্ৰ লৈ ‘অসমীয়াক মাৰি-কাটি খেদাই দিয়াৰ খবৰ আমাক মিডিয়াই দিয়ে, আনফালে নাগালেণ্ডত খবৰ ওলায় যে ‘অসমীয়া’ই তেওঁলােকৰ মাটি বেদখল কৰি এৰি দিয়া নাই৷ প্ৰশ্ন হয়, বাতৰিবােৰ ইমান নিৰ্ভৰযােগ্য আৰু কথাবোেৰ সঁচাকৈয়ে ইমান স্পষ্ট নে?
কেইবাদশক ধৰি চলি অহা ঘটনাবােৰৰ ব্যাখ্যা কেৱল গােষ্ঠীগত ভূমি আগ্রাসন বুলিয়েই ব্যাখ্যা কৰিব পৰা যায় নে? আজিৰ গােলকীয় প্রেক্ষাপটত এই সমস্যাক আমি কেনেদৰে চোৱা উচিত? আমাৰ বােধেৰে এইক্ষেত্ৰত তিনিটা দিশলৈ মন দিয়াটো অপৰিহার্য। সেইকেইটা হ'ল ঔপনিৱেশিকতাৰ পৰা উত্তৰ ঔপনিৱেশিকতালৈ চলি অহা সীমা ( colonial frontier) ৰ ধাৰণাটোৰ ধাৰাবাহিকতা, আজিৰ উত্তৰ ঔপনিৱেশিক সময়ত দক্ষিণ গােলকত ‘বিক্ষিপ্ত সার্বভৌমত্ত্ব’ৰ ( unsettled sovereignty) পৰিস্থিতি আৰু শেষত ‘বজাৰ-ৰাষ্ট্রৰ উমৈহতীয়া দৃষ্টিত উত্তৰ-পূৰ্বাঞ্চলৰ এক সম্পদৰ উপকণ্ঠ ( resource frontier ) হিচাপে উপস্থাপন।
আমাৰ ঔপনিৱেশিক উত্তৰাধিকাৰ :সীমাৰ তিক্ততা
“মেপ প্রস্তুত কৰা মানুহবােৰে কয় যে সিহঁত ‘ক’, কিন্তু সিহঁতে কয় যে সিহঁত হ’ল ‘খ’ আৰু সদায়ে সেয়ে ofsal” ( James Scot, “The Art of Not Being Governed : An Anarchist History of Upland South East Asia’, p.142.Yale university press, 2009).
সমস্যাটো আচলতে আৰম্ভ হ'ল চাহৰ পৰাই৷ হাবি-বন, পৰিৱেশ-প্রকৃতি গুচি যেতিয়াৰে পৰা ঔপনিৱেশিক বণিজৰ গাঁথনিলৈ ৰূপান্তৰিত হ'ল সেই তাৰিখৰ পৰাই মাটিৰ মানুহৰ মাজৰ সহাৱস্থান ক্রমান্বয়ে ৰূপান্তৰিত হ’ল সংঘাতলৈ। পাৰস্পৰিক বুজা-পৰা আৰু প্ৰয়ােজনৰ মাজেৰে (যত মাজে মাজে সংঘাত আৰু মাজে মাজে নিৰ্ভৰশীলতা দেখা গৈছিল) গঢ় লৈ উঠা সময়ৰ সাক্ষী ৰৈ গৈছে বুৰঞ্জীৰ পাতত আৰু শিলালিপিৰ লেখত।সৌ সিদিনালৈকে ৰাষ্ট্র ব্যৱস্থাই বান্ধি দিয়া এই সীমাৰ ধাৰণাই খােপনি পুতিব পৰা নাছিল। এক বিশিষ্ট জনগাঁথনিযুক্ত আৰু বিশিষ্ট ভৌগােলিক পৰিৱেশৰে ভৰা আমাৰ এই উত্তৰ-পূর্বাঞ্চলত পথাৰ-পাহাৰ একেলগে থকাটোৱেই আমাৰ বাবে বাস্তৱ আৰু ইয়ে আমাৰ প্ৰয়ােজন আছিল।কিন্তু নতুনকৈ অহা ঔপনিৱেশিক শাসকৰ বাবে এই ঠাইবােৰ আছিল ছন পৰা, এৰা-পৰলা অপ্রয়ােজনীয় মাটি- waste land'। তাৰপিছত প্ৰথমতে আহিল চাহ৷ তাৰপিছত পােৱা গ'ল প্ৰচুৰ কাঠ। গতিকে যিমানেই ‘সম্পদ’ৰ সন্ধান পােৱা গ'ল
সিমানেই সীমাৰ ৰেখা’ডাল গাঢ় হ'বলৈ ধৰিলে। কিন্তু এয়া আছিল এক সাম্রাজ্যবাদী সীমা! প্রথমতে ১৮৭৩ চনত আহিল ‘ইনাৰ লাইন --আভ্যন্তৰীণ সীমা। এই নতুন সীমাৰে ঘেৰি পেলােৱা হ’ল কিছুমান পাহাৰী জনজাতিক৷ তাৰ ফলত পাহাৰৰ বহু জনজাতিক অকলশৰীয়া কৰি পেলােৱা হ'ল আৰু পাহাৰ-ভৈয়ামৰ কৌটিকলীয়া মিলা-প্রীতিত আওপাকে হেঙাৰ দিয়া হ'ল।এয়াই আছিল ৰীতিৰ আঁৰৰ গােপন নীতি৷
এনেদৰেই উমৈহতীয়া (যিবােৰ পাহাৰ-ভৈয়ামৰ মানুহে ঠাইভেদে ব্যৱহাৰ কৰিছিল, দুয়ােপক্ষৰে য'ত নিজা দাবী। আছিল—যেনে ইতিহাস হৈ ৰােৱা ‘নগাখাত’ বােৰ ) হাবি-বনবােৰ আঁতৰাই চাহ বাগানবােক দিয়া হ'ল ইনাৰ লাইনৰ সুৰক্ষা যাতে “উদণ্ড আৰু বৰ্বৰ জনজাতিবােৰে’ ( বাগানৰ নামত মাটি হেৰুৱাই যিসকল অতিষ্ঠ হৈছিল) ইয়াৰ বেহুৰ পৰা ওলায় বাগানত আক্রমণ কৰিব নােৱাৰে।
সেইসময়ৰ বিষয়াসকলৰ টোকাবহীৰ পৰা জনা যায় যে বাঢ়ি অহা অর্থনৈতিক চাহিদা আৰু ঔপনিৱেশিক ৰাষ্ট্রৰ নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিৰ বাবে । ‘ইনাৰ লাইন’বােৰ সময়ে সময়ে সলাই থকা হৈছিল। এক কথাত কবলৈ গলে মাটিবােৰে প্ৰশাসন আৰু অনা-প্রশাসনৰ আওতাৰ মাজত যেন অহা-যােৱা কৰিহে আছিল। কিন্তু আমাৰ সমাজ-জীৱনত আটাইতকৈ। সুদূৰপ্ৰভাৱী কথাটো হ'ল এয়ে যে, ইনাৰ লাইনডাল কেৱল মেপতে আঁকা যােৱা নাছিল; ই আঁকা গৈছিল মানুহৰ বুকুৰ মাজতাে, কেতিয়াও মচিব নােৱৰাকৈ।
চাহাবৰ টোকাবহীত ‘মূৰ কটা’, ‘ উদণ্ড,' ইত্যাদি ব্যাখ্যাৰে পাহাৰৰ ‘অসভ্য নগাসকলৰ যিখন ‘বিপদজনক’ ছবি তুলি ধৰিলে, সেইখনেই হৈ পৰিল পৰম সত্য; গদাপাণি-ৱাটলং, কনচেং ইত্যাদি বর্ণিল ইতিহাস হৈ পৰিল বাস্তৱৰ লগত সম্পর্ক নথকা ধূসৰ কিম্বদন্তী। ইনাৰ লাইনৰ বেহুৰ সিপাৰে পাহাৰৰ ‘মিতা'হতাে লাহে লাহে নতুন সমাজৰ নতুন ব্যৱস্থাৰ দিশে আগবাঢ়ি গল।ইতিহাসৰ এই সন্ধিক্ষণত ওলমি ৰ'ল কিছুমান অঞ্চল। মাজতে থকা এই হাবিবােৰ এই নদী-জুৰিবােৰ যিবােৰে বেলি মাৰ নােযােৱা সাম্রাজ্যৰ সীমা মানিব পৰা নাছিল—সিহঁত অসমীয়া নে নগা? সংঘাত স্বত্ত্বেও ( বিশেষকৈ লােণৰ পুং আৰু তীখৰ খনিক লৈ) এটা কথা সকলােৱে বুজিছিল যে প্রকৃতিদত্ত সম্পদবােৰ মূলতে উমৈহতীয়া। সেয়ে এটা বুজাবুজিৰ অতি প্রয়ােজন। কিন্তু পাহাৰ-ভৈয়ামৰ মানুহৰ প্ৰভেদবােৰৰ ‘সামাজিক ধাৰণা এটা আমি ইতিমধ্যে ঔপনিৱেশিক উত্তৰাধিকাৰ ৰূপে মনৰ মাজত এনেকৈ লালন কৰি আহিছাে যে সহাৱস্থানৰ পৰিৱেশ এটা লাহে লাহে জটিল হৈ আহিছে।
সীমা বিবাদ : ৰাষ্ট্রৰ সীমাবদ্ধতা নে বিশেষ চৰিত্ৰ ?
এফালৰ পৰা চাবলৈ গলে পাঁচ দশক জোৰা ভূমি দখল’ বিবাদৰ মূলতে হ’ল সাংবিধানিক আৰু ঐতিহাসিক সীমাৰেখাক বেলেগ বেলেগ দৃষ্টিৰে চোৱা কাৰ্যা সংঘাতৰ মূল বিচাৰি উভতি যাব লাগিব ১৯৬৩ চনৰ এক ডিচেম্বৰলৈ, যি সময়ত প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু ‘নাগা পিপলছ কনভেনছনৰ মাজত ১৬ দফীয়া চুক্তিখন ১৯৬০ চনত চহী হােৱাৰ পিছত নাগালেণ্ডক এখন ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। ভাৰত চৰকাৰে কথা দিছিল যে বৃটিছে অসম প্ৰদেশৰ লগত যুক্ত কৰি অসমৰ ভিতৰুৱা কৰি পেলােৱা নাগালেণ্ডৰ সকলাে ভূ খণ্ড পুনৰ হস্তান্তৰ কৰিব। কিন্তু কথাবােৰ চোৱা-চিতা কৰিব বাবে ১৯৭২ চনত স্থাপন কৰা সুন্দম কমিটিয়ে সীমা জৰীপ কৰিবলৈ দিয়া পৰামৰ্শত নাগালেণ্ডে সহযােগিতা নকৰাৰ ফলত এই হস্তান্তৰ এতিয়াও সম্ভৱ হৈ নুঠিল। মুঠতে ৬৬,০০০ হেক্টৰ ভূমি এতিয়াও বিবদমান অৱশত আছে।
এই গােটেই কথাখিনি আধৰুৱা হৈ ৰ'ব যদিহে আমি এই আলােচনাবােৰৰ ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাত এক বিশেষ প্রান্তীয়কৰণৰ প্ৰসংগটোলৈ নাহে। সীমা-বিবাদগ্রস্ত এই অঞ্চলবােৰে আকর্ষণ কৰে ঠিকাদাৰ, ৰাজনীতিক, ভেৰােণীয়া ঘাটক আদি এক নির্দয় শ্রেণীক যিবােৰৰ সম্পদময় এই অঞ্চলৰ অৰণ্যৰ কাঠ, শস্যপূর্ণ পথাৰবােৰ (যিবােৰৰ কিছুমানত কেতিয়াবা প্রব্রজিত শ্রমিকো ব্যৱহাৰ কৰা হয়), বিশেষকৈ তেল আৰু কয়লাৰ দৰে খনিজ সম্পদ নিজৰ দখললৈ অনাৰ লােভত নিৰপৰাধ সাধাৰণ শ্রেণীক নির্বিবাদে হত্যা কৰিব পাৰে। বৈধ-অবৈধৰ পৰিধিৰ মাজেদি বহুকাল ধৰি এক অস্পষ্ট স্থিতিৰ মাজত থকা এই অঞ্চবােৰৰ এয়ে যেন ঐতিহাসিক ভূমিকা।বিষয়টো অধিক জটিল কৰি তুলিছে সশস্ত্র বিদ্রোহে, কিন্তু এয়াও যেন এটা বিধি হে, ব্যতিক্রম নহয়।
তাৎপর্যপূর্ণ ভাৱে ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক কালৰ পৰা ওলমি থকা এই অঞ্চলবােৰ আৰু ইয়াৰ মানুহখিনি দুয়ােখন ৰাজ্যৰ ভূমিভাগত নিজা নিজা অধিকাৰৰ দাবীৰ কেন্দ্ৰ হৈ পৰিছে৷ দুয়াে ৰাজ্যৰ চৰকাৰে এই কথা প্রমাণ কৰিবলৈ উঠি পৰি লাগিছে যে এই ঠাইবােৰ অসমীয়া অথবা নগা (ৰেংমা, লােঠা অথবা চেমা) সকলৰ পৈতৃক সম্পত্তি৷ ৰাষ্ট্র, বজাৰ আৰু এই দুটাৰ মধ্যভােগী এক শ্ৰণী মানুহৰ পাশা খেলত আবদ্ধ হৈ ৰ'ল অসংখ্য সাধাৰণজন—যাৰ যাবলৈ অন্য ঘৰ নাই। সাধাৰণৰ আলৈ-আথানি ঘটোৱা ‘অর্থনৈতিক অৱৰােধ’ এই ক্ষেত্ৰত এক প্ৰভাৱহীন অকামিলা কৌশল, পৰম্পৰক অপকাৰ কৰা আহিলা-- যাৰ দীৰ্ঘম্যাদী। ফলাফল একো পােৱা নাযায়৷ আচল দাবী হােৱা উচিত, দুইখন চৰকাৰকে দাবী জনাই ভাৰতীয় শাসন ব্যৱস্থাত প্রান্তীয় অঞ্চলৰ সম্পদক লৈ এটা সুস্থ নীতি পৱৰ্তনৰ দাবী—যত থাকিব ইে অঞ্চলসমূহৰ জনসাধাৰণৰ কল্যান চিন্তা, কথাবােৰ যেতিয়া শােষণৰ অৰ্থনীতিৰ পৰা তৃণমূল পর্যায়ৰ গণতন্ত্ৰলৈ আহিব তেতিয়া সীমা-বিবাদৰ চৰিত্ৰ আৰু ধৰণাে নিজে নিজে সলনি হ'ব। মনত ৰখা ভাল যে চি.আৰ.পি এফে সমাধান আনিব পাৰে কেৱল এখন মিলিটাৰি ৰাষ্ট্ৰতহে। আমাৰ ইতিহাস আৰু ঐতিহ্য ইমানো দুখ লগা নহয়৷
লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত আৰু দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ অৰিহণা যোগোৱা নিৱন্ধকাৰ। লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। তেখেতৰ নিজা ব্লগৰ ঠিকনাঃ https://frontierfootnotes. wordpress.com/
No comments:
Post a Comment