প্ৰৱন্ধঃ অপাৰেশ্যন “বৰফ”:: জাপানে পাৰ্ল হাৰ্বাৰত কৰা আক্ৰমণ :: কানাই গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ অপাৰেশ্যন “বৰফ”:: জাপানে পাৰ্ল হাৰ্বাৰত কৰা আক্ৰমণ  :: কানাই গগৈ

প্ৰৱন্ধঃ অপাৰেশ্যন “বৰফ”:: জাপানে পাৰ্ল হাৰ্বাৰত কৰা আক্ৰমণ :: কানাই গগৈ

Share This
অপাৰেশ্যন “বৰফ”:: জাপানে পাৰ্ল হাৰ্বাৰত কৰা আক্ৰমণ 
কানাই গগৈ
(১)
জাপানে পাৰ্ল হাৰ্বাৰত থকা মাৰ্কিন নৌঘাটিত আক্ৰমণ কৰিছিল ১৯৪১ চনৰ ৭ ডিচেম্বৰত। মস্কোক আগুৰি থকা নাৎছিবাহিনীৰ ওপৰত ছৱিয়েত সেনাৰ প্ৰত্যাক্ৰমণো আৰম্ভ হৈছিল প্ৰায় একে সময়তে, অৰ্থাৎ ১৯৪১ চনৰ ৫-৭ ডিচেম্বৰৰ কালছোৱাত। প্ৰথম দৃষ্টিত ঘটনা দুটা কাকতালীয় যেন লাগিব পাৰে। কিন্তু প্ৰকৃততে সিবোৰ কাকতালীয় নাছিল, বৰঞ্চ আছিল সুপৰিকল্পিত ঘটনাহে – ছৱিয়েত চোৰাংচোৱাই অতি সংগোপনে আৰু সুচতুৰভাবে সংঘটিত কৰা ঘটনা। এই সন্দৰ্ভত বিতংকৈ জানিবলৈ হ'লে নেপথ্যৰ কিছু কথা প্ৰথমে জানি লোৱাটো আৱশ্যক হ'ব।
যোৱা শতিকাৰ ৩০-৪০ৰ দশকত পূব আৰু পশ্চিম দুয়ো দিশৰ পৰা ছৱিয়েত সংঘৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ আশংকা গঢ় লৈ উঠিছিল। ১৯৩৬ চনৰ ২৫ নৱেম্বৰত নাৎছি জাৰ্মানী আৰু সাম্ৰাজ্যবাদী জাপানৰ মাজত ‘কমিন্টাৰ্নবিৰোধী' চুক্তি স্বাক্ষৰিত হৈছিল আৰু জাৰ্মানীয়ে পশ্চিম, অৰ্থাৎ প'লেণ্ডৰ সীমান্তৰ পৰা আৰু জাপানে পূব, অৰ্থাৎ ছৱিয়েত সংঘৰ ‘সুদূৰ পূব' অঞ্চলৰ পৰা সংঘক আক্ৰমণ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছিল। নাৎছি জাৰ্মানীৰ লগত সংঘৰ যুদ্ধ অৱধাৰিত আছিল, কিয়নো বিভিন্ন চক্ৰান্তৰে ইউৰোপে – মূলতঃ ফ্ৰান্স আৰু ব্ৰিটেইনে – তথা হিটলাৰৰ মুখ্য পৃষ্ঠপোষক হৈ আমেৰিকাই জাৰ্মানীক এই দিশত আগবঢ়াই দিছিল। জাৰ্মানীৰ লগত হ'বলগীয়া যুদ্ধ ভয়ানক আছিল, আৰু সেইবাবে জাপানৰ লগত যুদ্ধ পৰিহাৰ কৰিবলৈ সংঘই পাৰ্যমানে চেষ্টা চলাইছিল। আৰু ইয়াৰ বাবে সংঘই পৰিকল্পনা হাতত লৈছিল জাৰ্মানীৰ লগত যুদ্ধত অৱতীৰ্ণ হোৱাৰ আগতেই।

এই ক্ষেত্ৰত তৎপৰ হৈ পৰিছিল ছৱিয়েত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা NKVD (কেজিবিৰ পূৰ্বসূৰী – ৰুছ উচ্চাৰণ ‘এনকেৱেদে')। সংস্থাটোৱে ১৯৪১ চনৰ মে' মাহৰ মাজভাগত নিজৰ বহিঃচোৰাংচোৱা ৱিতালি পাৱলৱক আমেৰিকালৈ পঠিয়াইছিল – আমেৰিকাৰ তদানীন্তন বিত্তমন্ত্ৰীৰ সহকাৰী হেৰী ডেক্সটাৰ ৱাইটক সাক্ষাৎ কৰি তেওঁক কিছু নথি প্ৰদান কৰিবলৈ। মাৰ্কিন চৰকাৰৰ শীৰ্ষমহলত ৱাইটৰ ব্যাপক সম্পৰ্ক থকাৰ সমান্তৰালভাবে তেওঁ তদানীন্তন ৰাষ্ট্ৰপতি ৰুযৱেল্টৰো বিশ্বাসভাজন আছিল। আদৰ্শগত দিশত তেওঁ আছিল ফেশ্বিবাদবিৰোধী, আৰু সেয়ে এনকেৱেদে তেওঁৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। সংস্থাটোৰ লক্ষ্য আছিলঃ ৱাইটৰ জড়িয়তে প্ৰথমে মাৰ্কিন প্ৰশাসনত, আৰু অৱশেষত ৰাষ্ট্ৰপতিৰ ওপৰত প্ৰভাৱ পেলাই মাৰ্কিন চৰকাৰক এনে সিদ্ধান্ত ল'বলৈ প্ৰৰোচিত কৰা, যাতে তাৰ ফলত জাপান আৰু আমেৰিকাৰ মাজত যুদ্ধ সংঘটিত হয়। এইখন যুদ্ধ সংঘটিত হ'লে জাপানে সংঘ আক্ৰমণ কৰাৰ সম্ভাৱনা নাইকিয়া হ'ব আৰু সংঘই তেতিয়া সমস্ত মনোযোগ পশ্চিমত স্থাপন কৰিব পাৰিব।

‘ৱাইট' শব্দৰ অৰ্থৰ লগত সংগতি ৰাখিয়েই এনকেৱেদে-ই এই গোপন পৰিকল্পনাটোৰ নাম ৰাখিছিল অপাৰেশ্যন ‘বৰফ'।

অৱশ্যে এই সাক্ষাতৰ ভিত্তি তৈয়াৰ কৰিছিল আন এজন ছৱিয়েত চোৰাংচোৱাইহে, আৰু তেওঁ আছিল ইছসাক আসম্যেৰৱ (ইয়াত ‘স'ৰ উচ্চাৰণ অসমীয়া ভাষাৰ দৰে)। আমেৰিকাত তেওঁ চোৰাংচোৱাৰ দায়িত্ব পালন কৰিছিল পত্নী হেলেন লৌৰীৰ সৈতে। হেলেন আছিল আমেৰিকাৰ তদানীন্তন কমিউনিষ্ট দলটোৰ নেতাজনৰ ভতিজী। হেলেনকো ছৱিয়েত বহিঃচোৰাংচোৱাত অন্তৰ্ভূক্ত কৰা হৈছিল আৰু ছদ্মনাম ৰখা হৈছিল ‘ৱ্যেৰা'। আৰু সেই সময়ত আসম্যেৰৱৰ চোৰাংচোৱা নাম আছিল ‘বিল'। বিলে ১০ জনতকৈও অধিক মাৰ্কিন নাগৰিকক ছৱিয়েত চোৰাংচোৱা তন্ত্ৰত অন্তৰ্ভূক্ত কৰিছিল – এওঁলোকৰ কেইজনমান আছিল মাৰ্কিন বিদেশ মন্ত্ৰ্যালয়ৰ কৰ্মচাৰী। আন এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰদূতৰ কন্যা মাৰ্থা ডড।

ৱাইটৰ লগত বিল, অৰ্থাৎ আসম্যেৰৱ চিনাকি হৈছিল ১৯৩৯ চনত। বিলে নিজৰ চিনাকি দিছিল চীন বিশাৰদ হিচাবে। ৱাইটৰ সৈতে হোৱা আলাপত তেওঁ অলপতে কৰা মাঞ্চুৰিয়া ভ্ৰমণ তথা অঞ্চলটো দখল কৰি থকা জাপানীসকলৰ কথা কৈছিল। লগতে তেওঁ ইয়াকো উল্লেখ কৰিছিল যে তেওঁ পুনৰ মাঞ্চুৰিয়ালৈ যাব। ৱাইটে অনুৰোধ কৰিছিল যাতে ঘূৰি আহি বিলে তেওঁক যেন সকলো বিতংকৈ জনায়। ফেশ্বিবাদী জাৰ্মানীৰ বন্ধু জাপানে অঞ্চলটোত কি কি কাণ্ড সংঘটিত কৰিছে, তাক জানিবলৈকে হয়তো ৱাইটে বিলক সেই অনুৰোধ কৰিছিল।

ৱাইটৰ সৈতে হ'বলগীয়া অতি প্ৰয়োজনীয় সেই দ্বিতীয় সাক্ষাতৰ বাবেই ৱিতালি পাৱলৱক আমেৰিকালৈ পঠিউৱা হৈছিল।

পাৱলৱ নিউ য়ৰ্কলৈ গৈছিল ছৱিয়েত বাণিজ্য দূতাৱাসৰ কুৰিয়েৰ হিচাবে। দূতাৱাসত ডাকবোৰ দি তেওঁ ৰাওনা হৈছিল ৱাশ্বিংটনলৈ। আসম্যেৰৱৰ পৰামৰ্শ অনুসৰি ঠিক পিচৰ মংগলবাৰটোত (মংগলবাৰবিলাকত মাৰ্কিন বিত্ত মন্ত্ৰ্যালয়ত মিটিং হোৱা নাছিল) পাৱলৱে ৱাইটলৈ ফ'ন কৰিছিল আৰু জনাইছিল যে বন্ধু বিলৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সাক্ষাৎ কৰিব বিচাৰিছে; বিল আহিব নোৱাৰিলে, কিয়নো তেওঁ এতিয়াও মাঞ্চুৰিয়াতে আছে, আৰু ৱাইটে বিচৰা নথিবোৰ এতিয়া তেওঁৰ হাততে আছে।

সৰু ৰেষ্টুৰেন্ট এখনত সাক্ষাৎ কৰাটো ঠিক কৰা হৈছিল। ৰেষ্টুৰেন্টখনলৈ আগতেই আহি ভিতৰৰ ফালৰ চকী এখনত পাৱলৱ এনেকৈ বহিছিল, যাতে তাৰ পৰা প্ৰৱেশদ্বাৰ সুন্দৰকৈ দেখা যায়। ৱাইটে কোৱাৰ দৰে চিনাক্তকৰণৰ চিহ্ন হিচাবে পাৱলৱে টেবুলৰ ওপৰত ‘দ্য নিউ য়ৰ্কাৰ' সাপ্তাহিক আলোচনীখন এনেকৈ ৰাখিছিল, যাতে দূৰৰ পৰাই নামটো চকুত পৰে। প্ৰায় খালী ৰেষ্টুৰেন্টখনৰ প্ৰৱেশদ্বাৰত অলপ পিচত মানুহ এজনে ভূমুকি মাৰিছিল – আসম্যেৰৱে দিয়া বিৱৰণ অনুসৰি পাৱলৱে তেওঁক ৱাইট বুলি লগে লগে চিনি পাইছিল।

চিনাকিৰ পিচত পাৱলৱে কৈছিল যে বিলে এতিয়া জাপান-মাৰ্কিন সম্পৰ্কত থকা সমস্যাবিলাকক লৈ অধ্যয়ন কৰি আছে; এই সন্দৰ্ভত বিলে কিছু প্ৰতিপাদ্য প্ৰস্তুত কৰিছে আৰু অনুৰোধ কৰিছে, যাতে ৱাইটে সিবোৰ এবাৰ পঢ়ি চায়। কোৱা বাহুল্য যে সেই ‘প্ৰতিপাদ্য' প্ৰকৃততে আছিল ছৱিয়েত চোৰাংচোৱা তন্ত্ৰই প্ৰস্তুত কৰা কেতবোৰ নথি। সেই নথিবোৰত আছিল জাপানী সেনাৰ গতিবিধিৰ লগতে সেনাৰ শীৰ্ষমহলৰ অতি গোপন আঁচনিবোৰৰ কথা তথা জাপানে আগ্ৰাসন কৰিবলৈ ওলোৱা অঞ্চলবোৰৰ তথ্য – এই অঞ্চলবোৰৰ ভিতৰত আমেৰিকাৰ স্বাৰ্থ থকা হাৱাই দ্বীপটোও আছিল। নথিবোৰত অতি গুৰুত্বসহকাৰে উল্লেখ কৰা হৈছিল যে জাপান নৌবাহিনীৰ সক্ৰিয়তা আৰু দক্ষিণ দিশলৈ গমন – ই জাপানৰ সামৰিক কাৰ্যকলাপ আৰম্ভণিৰ সংকেত।

নথিবোৰ পঢ়ি ৱাইট উৎফুল্লিত হৈ উঠিছিল আৰু কৈছিল যে তেওঁ আৰু বিলে একেদৰেই চিন্তা কৰিছে। লগতে তেওঁ ইয়াকো কৈছিল যে জাপানেই এই মুহূৰ্তত আমেৰিকাৰ প্ৰধান শত্ৰু বুলি তেওঁ বিশ্বাস কৰে। তেওঁ বিলৰ প্ৰতিপাদ্য গ্ৰহণ কৰিছিল আৰু বিত্তমন্ত্ৰীক এই সন্দৰ্ভত প্ৰতিৱেদন দাখিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

(২)
১৯৪১ চনৰ ২২ জুনত নাৎছি জাৰ্মানীয়ে উত্তৰ, মধ্য আৰু দক্ষিণ – এই তিনি দিশৰ পৰা ছৱিয়েত সংঘ আক্ৰমণ কৰিছিল। ছৱিয়েত সেনা প্ৰায় ছেদেলি-ভেদেলি হৈছিল, আৰু আগষ্টত নাৎছি মধ্যবাহিনীটো পূবলৈ অগ্ৰসৰ হৈ ছেপ্টেম্বৰত মস্কো আগুৰি ধৰিছিল। নাৎছি সেনাৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিবলৈ ছৱিয়েতবাহিনীক অতিৰিক্ত সেনাৰ আৱশ্যক হৈছিল। ১ মিলিয়নতকৈও বেছি সেনা থকা তেনে অতিৰিক্ত বাহিনীও আছিল, কিন্তু আছিল সংঘৰ ‘সুদূৰ পূবত' – জাপানৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে তাত ৰখা হৈছিল। এই সেনাখিনিক তাৰ পৰা মস্কোলৈ আনিবৰ বাবেই জাপানৰ মনোযোগ মাঞ্চুৰিয়াৰ পৰা আন ঠাইলৈ আঁতৰোৱাৰ আৱশ্যক হৈছিল, আৰু ইয়াৰ বাবেই অপাৰেশ্যন ‘বৰফৰ' পৰিকল্পনা কৰা হৈছিল।

১৯৪০ চনৰ মাজভাগলৈ জাপানে চীনদেশৰ প্ৰায় সমগ্ৰ উপকূল অঞ্চল নিজৰ দখললৈ নিছিল। এই অঞ্চলবোৰত যিহেতু আমেৰিকা আৰু ব্ৰিটেইনৰ বাণিজ্যিক স্বাৰ্থ জড়িত আছিল, সেয়ে দেশ দুখনে জাপানলৈ পঠিয়াই থকা আৰু সামৰিক ক্ষেত্ৰত প্ৰয়োগ হোৱা আকৰৰ পৰিমাণ কম কৰি দিছিল। আৰু তাৰ এবছৰৰ পিছত আমেৰিকাৰ বেংকবোৰত থকা জাপানী একাউন্টবোৰ ফ্ৰিজ কৰি দিয়াৰ সমান্তৰালভাবে জাপানলৈ ইন্ধনৰ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। অৱধাৰিতভাবেই জাপানত আৰম্ভ হৈছিল ইন্ধনৰ নাটনি। দেশখনৰ সম্মুখত দুটা পথেই খোলা আছিলঃ আমেৰিকাৰ সৈতে আলোচনা কৰি, অথবা সামৰিক শক্তি প্ৰয়োগ কৰি সমস্যাৰ সমাধান উলিউৱা।

১৯৪১ চনৰ নৱেম্বৰৰ মাজভাগত জাপানে আমেৰিকালৈ প্ৰস্তাৱ আগবঢ়াইছিলঃ দেশ দুখনৰ মাজত বাণিজ্যিক সম্পৰ্ক পুনৰ স্থাপন হ'লে ইণ্ড'চাইনা আৰু দক্ষিণ-পূব এছিয়াৰ আনবোৰ অঞ্চলৰ পৰা সেনা অপসাৰণ কৰিবলৈ জাপান প্ৰস্তুত আছে।

ইফালে বিলে দিয়া প্ৰতিপাদ্য, অৰ্থাৎ ছৱিয়েত চোৰাংচোৱা তন্ত্ৰই যুগুতোৱা তথ্যৰ ভিত্তিত ৱাইটে মাৰ্কিন বিত্তমন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ বাবে প্ৰতিৱেদন তৈয়াৰ কৰি উলিয়াইছিল। প্ৰতিৱেদনত ৱাইটে প্ৰদৰ্শন কৰা যুক্তিত বিত্তমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সচিব-সহায়কসকল পতিয়ন গৈছিল।

আলোচনাৰ প্ৰস্তাৱ দিলেও জাপানে ইন্ধনৰ সমস্যা সমাধানৰ দুয়োটা বিকল্পই খোলা ৰাখিছিল। ২৩ নৱেম্বৰত জাপানৰ নৌসেনাই ঘাটি এৰি দক্ষিণৰ দিশত গতি কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে নৌসেনাবাহিনীৰ মুৰব্বী যুদ্ধাৰম্ভৰ তাৰিখৰ সন্দৰ্ভত অৱগত নাছিলঃ নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছিল যে আলোচনা সফল হ'লে যুদ্ধ নহ'বও পাৰে।

কিন্তু জাপান নৌসেনাৰ সেই গতিবিধি ধৰা পেলাইছিল ব্ৰিটিশ্ব চোৰাংচোৱাই, আৰু লগে লগে তথ্যবোৰ আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল। সেই তথ্য আৰু ৱাইটে প্ৰস্তুত কৰা প্ৰতিৱেদন তদানীন্তন ৰাষ্ট্ৰপতি ৰুযৱেল্টৰ টেবুললৈ আহিছিল একেটা সময়তে। প্ৰতিৱেদনটোত দৃষ্টি আকৰ্ষণৰ বাবে বিশেষভাবে প্ৰদৰ্শন কৰা হৈছিল সেই বাক্যটোঃ জাপান নৌবাহিনীৰ সক্ৰিয়তা আৰু দক্ষিণ দিশলৈ গমন – ই জাপানৰ সামৰিক কাৰ্যকলাপ আৰম্ভণিৰ সংকেত।

ৰুযৱেল্টে লগে লগে জাপানলৈ চৰমপত্ৰ পঠিউৱাৰ নিৰ্দেশ দিছিলঃ দখলীকৃত অঞ্চলবোৰৰ পৰা জাপানে বিনাচৰ্তে আৰু অনতিবিলম্বে সমস্ত সেনা প্ৰত্যাহাৰ কৰিব লাগে।

জাপানৰ বাবে আলোচনাৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল। আমেৰিকাস্থিত ছৱিয়েত চোৰাংচোৱা তন্ত্ৰই এই খবৰ পঠিয়াইছিল সংঘলৈ, আৰু ‘সুদূৰ পূবৰ' পৰা ছৱিয়েত সেনাৰ অপসাৰণ আৰম্ভ হৈছিল।

১৯৪১ চনৰ ৭ ডিচেম্বৰত জাপানে পাৰ্ল হাৰ্বাৰত থকা মাৰ্কিন নৌঘাটিত আক্ৰমণ কৰিছিল। আৰু প্ৰায় একে সময়তে, অৰ্থাৎ ৫-৭ ডিচেম্বৰৰ কালছোৱাত ছৱিয়েত সেনাই মস্কোৰ উপকণ্ঠত নাৎছিবাহিনীৰ ওপৰত আৰম্ভ কৰিছিল প্ৰত্যাক্ৰমণ। আৰু ছৱিয়েত সেনাৰ হাতত নাৎছি সেনাবাহিনী প্ৰথম পৰাস্ত হৈছিল মস্কোৰ উপকণ্ঠতে।
লেখাটি পূৰ্বতে “অসমীয়া খবৰত” কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ অসমীয়াৰ সুখ-দুখ : KANAI-GOGOI (xukhdukh.com)

No comments:

Post a Comment