চিন্তনঃ সাংবাদিকৰ দায়বদ্ধতা বনাম দায়বদ্ধ সাংবাদিকতা :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ সাংবাদিকৰ দায়বদ্ধতা বনাম দায়বদ্ধ সাংবাদিকতা :: কুমাৰ নৱজ্যোতি

চিন্তনঃ সাংবাদিকৰ দায়বদ্ধতা বনাম দায়বদ্ধ সাংবাদিকতা :: কুমাৰ নৱজ্যোতি

Share This
সাংবাদিকৰ দায়বদ্ধতা বনাম দায়বদ্ধ সাংবাদিকতা
কুমাৰ নৱজ্যোতি
এগৰাকী ‘ভাল’ বা ‘প্ৰকৃত অৰ্থৰ সাংবাদিক’ হোৱাটো সহজ কথা নহয়৷ নতুন প্ৰজন্মৰ স্বৰ সমাজখনক বাস্তৱ ৰূপ প্ৰদান কৰাত সাংবাদিক এগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ প্ৰয়োজনীয় যুক্তিনিষ্ঠ অনুশীলনেৰে নৱাগত এগৰাকীয়েও কেৱল তথাকথিত খ্যাতিয়েই নহয়, সমাজ-জীৱনত উল্লেখনীয় বৰঙণি আগ বঢ়াব পৰাকৈ কাম কৰাৰ সুযোগ সাংবাদিকতাৰ ক্ষেত্ৰখনত আছে৷
যথাৰ্থতে এগৰাকী সাংবাদিক হোৱাৰ বাবে প্ৰয়োজনীয় গুণবিশেষৰ লগতে আন যিকোনো বৃত্তিৰ দৰেই তেওঁৰ কিছু দায়বদ্ধতাও স্বাভাৱিকতেই আছে৷ কিছু কিছু ক্ষেত্ৰত, এই দায়বদ্ধতা আন বৃত্তিতকৈ বহু পৰিমাণে বেছি বুলিবও পাৰি৷ সাধাৰণতে সাংবাদিক বুলিলে জনসাধাৰণৰ অধিকাংশৰ মনলৈ সংবাদদাতা এগৰাকীৰ কথাই আহে বাবে এই লেখাত আমি মূলতঃ সংবাদদাতাকেন্দ্ৰিক দায়বদ্ধতাখিনিকে অৱলোকন কৰিব বিচাৰিছোঁ ৷ সংবাদদাতা এগৰাকীৰ সাধাৰণ ভুল এটাই সংবাদ-প্ৰতিষ্ঠানটোৰ লগতে সমাজৰো অসাধাৰণ ক্ষতি কৰিব পাৰে৷ প্ৰকৃততে সাংবাদিক হ’ব খোজাসকলে কথাবোৰ মন কৰা ভাল৷ 

এতিয়া প্ৰথমে আমি সংবাদ-প্ৰতিষ্ঠান এটাৰ প্ৰতি সংশ্লিষ্ট সংবাদদাতাগৰাকীৰ থাকিবলগীয়া দায়বদ্ধতা (responsibility towards the media-establishment)ৰ কথা আলোচনা কৰিম৷ 

যথাৰ্থ সংবাদ-প্ৰতিষ্ঠান এটাক অন্যায়ৰ বিৰূদ্ধে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা এটা পক্ষ বুলি ধৰিলে সংবাদদাতাগৰাকী হ’ব যুদ্ধক্ষেত্ৰৰ এজন সৈনিকসদৃশ৷ এজন সৈনিকৰ দৰে তীক্ষ্ণ দৃষ্টি, সাহস, সক্ষমতা,নিৰ্ভীকতা, দক্ষতা সংবাদদাতা এজনৰ পৰা আশা কৰা যায়৷ পাৰ্থক্যটো হ’ল-সংবাদদাতাগৰাকীৰ অস্ত্ৰ হ’ল মাথোঁ তেওঁৰ কলমটো, ৰেক’ৰ্ডাৰ বা বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত কেমেৰাটোও৷ সংবাদাদাতাগৰাকীয়ে নিজে কৰ্মৰত সংবাদ-প্ৰতিষ্ঠানটোৰ সুনাম অক্ষুণ্ণ ৰখাৰ বাবে প্ৰতিনিয়ত সতৰ্ক থকা ভাল৷ তেওঁৰ কোনো কাম-কাজে যাতে সংবাদ-প্ৰতিষ্ঠানটোৰ নামত চেকা নলগায়– তাৰ প্ৰতি সদা-সতৰ্ক হোৱাটো তেওঁৰ অন্যতম দায়িত্ব৷ 

প্ৰতিষ্ঠানটোৰ দ্বাৰা নিৰ্ধাৰিত নীতি-আদৰ্শৰ আওতাতে সংবাদদাতাগৰাকী চলিব লাগিব, তাৰ বাহিৰত নহয়৷ ভাল নালাগিলে, তাত যোগদান নকৰাৰ বা নীতি-নিয়মৰ মাজেৰে পদ এৰি দিয়াৰ নিয়ম নিশ্চয় থাকিব৷ সংৰক্ষণশীল প্ৰতিষ্ঠান হ’লে বেলেগ কথা, কিন্তু সংবাদৰ ক্ষেত্ৰত গতিশীলতাক আদৰি লোৱা তথা অনুসন্ধানমূলক সংবাদত গুৰুত্ব দিয়া প্ৰতিষ্ঠান হ’লে অনুসন্ধানধৰ্মী বাতৰিত জড়িত হ’বই লাগিব৷ শুদ্ধতা আৰু সংক্ষিপ্ততা এনে ক্ষেত্ৰত হৈ পৰিব গুৰুত্বপূৰ্ণ কথা৷ 

আন এটা গুৰুত্বপূৰ্ণ দায়বদ্ধতা হ’ল–বাতৰিৰ ‘উৎস’সমূহৰ প্ৰতি থাকিবলগীয়া আৰু ৰাখিবলগীয়া দায়বদ্ধতা (responsibility towards sources)৷ নিজৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰি সংশ্লিষ্ট ব্যক্তিসকলক বাতৰিৰ অন্যতম ‘উৎস’ৰূপে ল’ব পৰাটো সংবাদদাতা এগৰাকীৰ বাবে এটা যোগ্যতা৷ কিন্তু, তেওঁলোকৰ পৰা অনুসন্ধানমূলক বাতৰিৰ সূত্ৰ আহৰণ কৰাৰ পাছত তেওঁলোকে নিবিচাৰিলে তেওঁলোকৰ নাম বাতৰিত উল্লেখ নকৰাৰ লগতে কোনো ক্ষেত্ৰতে সেই উৎস প্ৰকাশ নকৰাটোও সংবাদদাতাৰ অন্যতম দায়বদ্ধতা৷ তাকে কৰিব নোৱাৰিলে সংবাদদাতাজনৰ বিশ্বাসযোগ্যতা নষ্ট হোৱাৰ লগতে ’উৎস’যোগানকাৰী ব্যক্তিগৰাকী বিভিন্ন ভাবুকি তথা অবাঞ্ছিত ঘটনাৰ মুখামুখি হ’ব পাৰে৷ সৎ সংবাদদাতাই নিজৰ বিপদ হ’লেও বাতৰিৰ উৎস প্ৰকাশ নকৰে৷ একান্ত জৰুৰী পৰিস্থিতিত সংবাদদাতাগৰাকীয়ে নিজৰ বুদ্ধিমত্তা অনুসৰি কাম কৰিব৷ আমেৰিকান সংবাদ-পত্ৰিকা এখনৰ সাংবাদিক এজনে ১৯৬০ চনতে মধ্য প্ৰাচ্যৰ শাসক এজনে বিভিন্ন দেশৰ চৰকাৰৰ পৰা স্বদেশৰ নামত সাহায্য লৈ সেই সমুদায় অৰ্থ নিজৰ কামত ব্যৱহাৰৰ তথ্য পোৱাৰ পাছতো তেওঁ কেৱল তেওঁৰ উৎসৰ সম্ভাৱ্য বিপদৰ কথা ভাবিয়েই বাতৰিটো ১৯৭৭ চন পৰ্যন্ত প্ৰকাশ নকৰাকৈ ৰাখিছিল৷ সেই বছৰটোত আমেৰিকান অনুসন্ধান সংস্থা CIA-ৰ দ্বাৰা নিৰ্দিষ্ট ‘ফাইল’টো সংবাদ-মাধ্যমৰ বাবে মুকলি কৰি দিয়াৰ পাছতহে সাংবাদিকগৰাকীয়েও বাতৰিটো প্ৰকাশ কৰিছিল৷

পাঠক/দৰ্শকবৃন্দ তথা সমাজৰ প্ৰতি দায়বদ্ধতা (responsibility towards readers/viewers and society)ও সংবাদদাতা এগৰাকীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কথা৷ শুদ্ধ, নিৰপেক্ষ, বস্তুনিষ্ঠ তথ্য পাঠকক পৰিৱেশন কৰাটো সংবাদদাতাৰ দায়িত্ব৷ তথ্যৰ সকলো ধৰণৰ শুদ্ধতাৰ প্ৰতি সচেতন নোহোৱাগৰাকী, হ’ব নোখোজাগৰাকী অন্ততঃ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ নহাটোৱেই সকলোৰে বাবে মংগলজনক৷ কোনো পূবৰ্ধাৰণাৰ ওপৰত যাতে বাতৰি এটা প্ৰতিষ্ঠিত নহয় আৰু সকলো দৃষ্টিকোণৰ পৰা বাতৰিটো সমতুল হয়–তাৰ প্ৰতি চকু ৰখাটোও সাংবাদিক এগৰাকীৰ দায়িত্ব৷ ভাল সাংবাদিকতাৰ আধাৰেই সেই সংবাদসেৱাৰ প্ৰতি থকা পাঠকৰ শুভ বিশ্বাস৷ এই বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ হ’লে বাতৰি যুগুতোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ‘সুযোগ’ বা ‘উপহাৰ’ৰ মোহৰ পৰা আঁতৰত থকাৰ লগতে নিৰপেক্ষতা, নিৰ্ভীকতা আৰু শুদ্ধতাৰ প্ৰতি সুতীব্ৰ আকৰ্ষণেৰে কাম কৰিব লাগিব৷ বাতৰিৰ বিশ্বাসযোগ্যতা বেছি বাবে আজিৰ দিনত প্ৰতিষ্ঠানসমূহে কিছু বিজ্ঞাপনো বিজ্ঞাপকৰ পৰা মাননি লৈ বাতৰিৰ ৰূপত প্ৰকাশ কৰে৷ এনে ক্ষেত্ৰত সংশ্লিষ্ট বাতৰিটো লিখিবলগীয়া হোৱা সংবাদদাতাগৰাকীয়ে বাতৰিটোৱে যাতে জনস্বাৰ্থ বিঘ্নিত নকৰে--- তাৰ বাবে, লগতে এনে বাতৰিৰ আধিক্যৰ দ্বাৰা তেওঁ যাতে শোষিত অনুভৱ নকৰে – সেই ক্ষেত্ৰতো নিজা চিন্তা-চৰ্চাৰেই সিদ্ধান্ত ল’ব লাগিব৷ এইসমূহৰ লগতে সংবাদদাতাগৰাকীয়ে সুৰক্ষা, মৰ্যাদা তথা জীৱন-জীৱিকাৰ ক্ষেত্ৰত নিজৰ প্ৰতি দায়বদ্ধতা (responsibility towards self) প্ৰদৰ্শন কৰাটোও স্বাভাৱিকতেই আন এক গুৰুত্বপূৰ্ণ কথা৷

No comments:

Post a Comment