নতুন কৃষি আইন আৰু অসমৰ কৃষক
আশ্বিক জামান
অসমৰ কৃষি খণ্ডক এই আইনে কিমান প্রভাবিত কৰিব? ভাৰতীয় প্ৰেক্ষাপটৰ কথা আমি পূৰ্বতে আনপ্লাগডঃ নতুন কৃষি আইন সঁচাকৈয়ে ভয়াবহ নেকি? :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ (xukhdukh.com) এই লেখাটিত আলোকপাত কৰিছিলো। অসমৰ পটভূমিত নতুন কৃষি আইনৰ সাম্ভাব্য প্ৰভাৱৰ বিষয়ে কিছু কথা আলোকপাত কৰিব বিচাৰিছো। নতুন কৃষি আইনৰ ফলত সুখ-দুখৰ পাতত প্ৰকাশিত প্ৰৱন্ধ প্ৰৱন্ধঃ তিনি কৃষি আইনঃ খেতি, মাটি, বজাৰ এইবাৰ কৰ্পৰেটৰ হাতোৰালৈ :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ (xukhdukh.com) ত কিছু দিশ ইতিমধ্যে উন্মোচিত হৈছে। আগ্ৰহী পাঠকে এই লেখাটিৰ পৰিপূৰক হিচাবে এই দুয়োটা লেখা 'শিৰোনামাৰ লিংকত' ক্লিক কৰি পঢ়িব পাৰিব।
অসমত কৃষি এতিয়াও মূলত গ্রাসাচ্ছাদন পর্যায়তে আছে। সৰহভাগ খেতিয়কে মূলতঃ নিজে খাবলৈহে খেতি কৰে। অত্যাধিক বা বিশাল শস্য বিক্ৰী কৰি উপাৰ্জনৰ ধাৰণা বিদ্যমান যদিও বাণিজ্যিক কৃষি বুলিলে যি বুজা যায়, সেয়া অসমত এতিয়াও তেনেই চালুকিয়া অৱস্থাতে আছে। বেছিভাগ শস্যৰ ক্ষেত্ৰতে অসম স্বয়ংসম্পূর্ণ নহয়, আন ৰাজ্যৰ পৰা শস্য ক্রয় কৰিব লাগে। গতিকে ন্যূনতম সমর্থন মূল্য অসমত কার্যকৰী কৰাৰ তেনেকুৱা কোনাে ব্যৱস্থা বা কৃষি বিভাগৰ কোনাে বিশেষ সদিচ্ছা পৰিলক্ষিত নহয়। অসমত শেহতীয়াকৈ বিনামূলীয়া বা ১টকীয়া চাউল প্ৰৱল প্ৰচলনে মানুহক ধান খেতিত ধন-শ্ৰমৰ বিনিয়োগ কৰাত নিৰুতসাহ যোগোৱা বুলিও সামাজিক অভিমত গঢ় লৈ উঠা দেখা যায়।
অসমৰ কৃষক নিজেও কৃষিজাত প্ৰডাক্তৰ মাৰ্কেটিঙৰ ধাৰণাৰ বিষয়ে অল্প বা উদাসীন। আছাম এগ্রিকালচালে মার্কেটিং ব'র্ডৰ অধীনত কিছু নিয়ন্ত্রিত বজাৰ স্থাপন কৰা হৈছে যদিও সেইবােৰ | সাধাৰণতে সাপ্তাহিক বজাৰহে আৰু মার্কেটিং ব'র্ডৰ ভূমিকা কৰ-কাটল সংগ্রহ কৰাতেই সীমাবদ্ধ। দেশৰ আন প্ৰান্তৰ তুলনাত অসমৰ কৃষি বিপণন ব্যৱস্থা বা আন্তঃগাঁঠনি অতি অসংগঠিত, পৰম্পৰাগত। চৰকাৰী সংস্থা কেইবাটাও আছে যদিও সেয়া কাগজে পত্ৰতহে!! বাস্তৱিক কাৰ্যকাৰিতা বজাৰত দেখিবলৈ পোৱা নাযায়। আনকি ভাৰতীয় খাদ্য নিগমৰ স্কীমৰ সুফলতা দেশৰ অন্য ৰাজ্যৰ কৃষকৰ দৰে অসমৰ কৃষকে লাভ নকৰাৰ কথাহে সংবাদ পত্ৰত প্ৰকাশ পোৱা দেখা যায়।
অসমৰ কৃষক নিজেও কৃষিজাত প্ৰডাক্তৰ মাৰ্কেটিঙৰ ধাৰণাৰ বিষয়ে অল্প বা উদাসীন। আছাম এগ্রিকালচালে মার্কেটিং ব'র্ডৰ অধীনত কিছু নিয়ন্ত্রিত বজাৰ স্থাপন কৰা হৈছে যদিও সেইবােৰ | সাধাৰণতে সাপ্তাহিক বজাৰহে আৰু মার্কেটিং ব'র্ডৰ ভূমিকা কৰ-কাটল সংগ্রহ কৰাতেই সীমাবদ্ধ। দেশৰ আন প্ৰান্তৰ তুলনাত অসমৰ কৃষি বিপণন ব্যৱস্থা বা আন্তঃগাঁঠনি অতি অসংগঠিত, পৰম্পৰাগত। চৰকাৰী সংস্থা কেইবাটাও আছে যদিও সেয়া কাগজে পত্ৰতহে!! বাস্তৱিক কাৰ্যকাৰিতা বজাৰত দেখিবলৈ পোৱা নাযায়। আনকি ভাৰতীয় খাদ্য নিগমৰ স্কীমৰ সুফলতা দেশৰ অন্য ৰাজ্যৰ কৃষকৰ দৰে অসমৰ কৃষকে লাভ নকৰাৰ কথাহে সংবাদ পত্ৰত প্ৰকাশ পোৱা দেখা যায়।
অসমত কৃষিখণ্ডত এই পাৰম্পৰিক ব্যৱসায়িক পৰিৱেশ বিৰাজমান হৈ থকাৰ বাবে যিকোনাে ব্যৱসায়ীয়ে যিকোনাে কৃষকৰ পৰা যিকোনাে স্থানত পৰস্পৰে সন্মত হােৱা মূল্যৰ বিনিময়ত কৃষি সামগ্রী ক্রয়, বিক্ৰয় কৰিব পাৰে। ন্যূনতম সমর্থন মূল্যৰ ব্যৱস্থা বা আন কোনাে বাধ্যবাধকতা নাই। কিন্তু অসমৰ কৃষকে কৃষিজাত ফচলৰ 'উচিত মূল্য নােপােৱাৰ অভিযােগ চিৰদিনৰ। খেতিয়কে পাইকাৰি, মধ্যভােগীৰ শােষণৰ বলি হৈ পানীৰ দামত সামগ্রী বিক্ৰী কৰিব লাগে বুলি প্রায়ে অভিযোগ উত্থাপন হয়। খাৰুপেটীয়াৰ শাক-চবজি পানীৰ দামত পাইকাৰী হোৱা আৰু গুৱাহাটীত তাৰেই সোণৰ সমান দাম হোৱাৰ অভিযোগ সতকাই দেখা যায়। গতিকে সূক্ষ্মভারে বিশ্লেষণ কৰিলে দেখা যাব যে যিহেতু মূল্য নিশ্চয়তা বা ন্যূনতম সমর্থনি মূল্য কার্যকৰীৰাৰ কোনাে ব্যৱস্থা অসমত আগতাে নাছিল, গতিকে আইনখনে অসমৰ কৃষকৰ বৰ্তমানৰ অৱস্থাৰ বিশেষ একো অৱনতি ঘটাব বুলি অসমৰ কৃষকে অনুভৱ কৰিব নোৱাৰে। যিটো পলিচি লেভেলত দেশজুৰি কৃষি খণ্ডলৈ ব্যাপক প্ৰভাৱ পেলোৱাৰ শংকাৰ কথা এতিয়া দেশজুৰি চৰ্চা হৈছে আৰু পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে দিল্লীৰ সীমাত আন্দোলনত ব্ৰতীও হৈছে। আনকি শেহতীয়াকৈ ভাৰত বন্ধৰো আহ্বান দিছে।
দেশৰ এই আইনৰ ফলত কৃষি খণ্ডত বৃহৎ ব্যক্তিগত পুঁজিৰ আগমনৰ ঘটিব বুলি যিহেতু আশা কৰা হৈছে, সেয়া বাস্তৱায়িত হলে তাৰ সুফল অসমৰ কৃষকেও নিশ্চিতভাৱে পাব বুলি আশা কৰিব পাৰি। অসমৰ কৃষিজাত সামগ্ৰীৰ বজাৰখন আগৰে পৰা মুক্ত আৰু মার্কেট ফৰ্চৰ দ্বাৰা যিহেতু প্রভাৱিত, গতিকে বৃহৎ পুঁজি নিৱেশৰ নামত কোনেও যাতে মন ভুলাব নােৱাৰে, কৃষকক শােষণ কৰিব নােৱাৰে আৰু কৃষকৰ স্বাৰ্থ ৰক্ষা পৰে, তাৰ প্ৰতি চৰকাৰ আৰু সচেতন সমাজে দৃষ্টি ৰাখিব লাগিব। আনহাতে, বর্তমান অসমৰ শিক্ষিত নিবনুৱা অথবা মধ্যবিত্তুৰ মাজত বাণিজ্যিক কৃষিৰ প্ৰতি এক নতুন আকর্ষণ সৃষ্টি হৈছে। সম্প্রতি যুৱপ্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্ক অসমৰ কৃষি খণ্ডৰ এম্বেছাৰাে ঘােষণা কৰা হৈছে। আৰু ঠিক এই মুহূর্ততে এই আইনখনৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ আন্তৰাজ্যিক বিপণন তথা বাধাহীন প্রবহন সম্বন্ধীয় সকলাে প্রতিবন্ধক দূৰ ৰা হৈছে। এই প্রবিধান নিঃসন্দেহে অসমত নতুনকৈ আৰম্ভ হােৱা বাণিজ্যিক কৃষিৰ বাবে অতি গুৰুত্বপূর্ণ প্রমাণিত হ'ব পাৰে, কাৰণ ইয়াৰ দ্বাৰা অসমৰ শিক্ষিত আৰু মধ্যবিত্ত কৃষকে বহিঃৰাজ্যত নিজৰ সামগ্ৰীৰ বজাৰ লব পাৰিলে, কিছু মূল্য পাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি। কিন্তু অসমৰ পৰা বৰ্হি ৰাজ্যলৈ ফচল বিক্ৰীৰ নেটৱৰ্ক গঢ়াৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব।
এই খিনিতে প্ৰশ্ন হৈছে, যে এই কৃষি আইনৰ ফলত দেশত সাংবিধানিক অচলাবস্থা সৃষ্টি হব নেকি? ইতিমধ্যে কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ধন আৰু সৰলীকৰণ) আইন, ২০২০ক বিভিন্নপক্ষই অসাংবিধানিক তথা ভাৰতৰ যুক্তৰাজ্জিায় পৰিকাঠামােত মােক্ষম আঘাত বুলি অভিযােগ উত্থাপন কৰিছে। 'ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত তিনিখন তালিকা আছে- প্রথম তালিকা, যাক ইউনিয়ন লিষ্ট বুলি কোৱা হয়, সেইবােৰ বিষয়বস্তুক সন্নিৱিষ্ট কৰে যিবােৰ কেন্দ্ৰৰ অধীনস্থ, এই বিষয়সমূহৰ ওপৰত আইন প্রণয়ন কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰৰহে আছে যেন প্রতিৰক্ষা, বৈদেশিক সম্পর্ক, মুদ্রা আদি। দ্বিতীয় তালিকাখন ৰাজ্যিক তালিকা, য'ত ৰাজ্যসমূহৰ অধীনস্থ বিষয়সমূহ সন্নিৱিষ্ট কৰা হৈছে যেনে পুলিচ, কাৰাগাৰ, জনস্বাস্থ্য ইত্যাদি। আনহাতে তৃতীয় তালিকাখনক কোৱা হয় ant বা সমৱর্তী তালিকা, এই তালিকতি সেইবােৰ বিষয়বস্তু আছে যাৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্রণয়নৰ অধিকাৰ আছে, যেনে শিক্ষা, পৰিৱেশ, বিদ্যুৎ ইত্যাদি। বিৰােধীৰ অভিযােগ হল যে কৃষি বিষয়টো ৰাজ্যিক অলিকাত অন্তর্ভুক্ত, গতিকে তাৰ ওপৰত আইন প্রণয়নৰ অধিকাৰ ভাৰতীয় সাংবিধানিক ব্যৱস্থাত লে ৰাজ্যসমূহৰহে অধিকাৰ। কিন্তু কেন্দ্রই বাৰে বাৰে কৃষি বিষয়ক আইন প্রণয়নৰ দ্বাৰা সংবিধানৰ যুক্তৰাজ্যিয় পৰিকাঠামােক দুর্বল কৰি আছে। এই আইনৰ দ্বাৰা আনকি ৰাজ্যসমূহে প্রণয়ন কৰা এপিএমচি আইসমূহক না কৰাৰ চেষ্টা কৰা হৈছে। চৰকাৰৰ ‘এক দেশ এক বজাৰ সৃষ্টিৰ দাবীয়ে ভাৰতীয় ফেডাৰেলিজিমক দুর্বল কৰি সকল ক্ষমতা কেন্দ্রভূত কৰাৰ চেষ্টাকে প্ৰতিফলিত কৰে বুলিও বহুতে অভিযােগ উত্থাপন কৰিছে।
কেৰালাৰ এজন সাংসদে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ভাৰতীয় সংবিধানৰ বেছিক ধাৰণাৰ পৰিপন্থী বুলি এই আইন কেইখনৰ সাংবিধানিক ন্যায্যতাক প্ৰত্যাহ্বান জনাইছে। | কিন্তু চৰকাৰীপক্ষৰ মতে উত্থাপিত বিষয়টো ১৯৮৩ চনত ৰাজ্য আৰু কেন্দ্র সম্পর্ক চালি-জাৰি চাবলৈ গঠন কৰা চৰকাৰীয়া কমিছনে ইতিমধ্যে স্পষ্ট কৰি দিছে। কৃষি যদিও ৰাজ্যিক তালিকাৰ বিষয়, কিন্তু কনকাৰেণ্ট লিস্তৰ ৩৩নং এন্ট্রতি এই কথা স্পষ্ট উল্লেখ আছে যে কৃষিজাত কেঁচা সামগ্ৰী আৰু খাদ্যশস্যৰ উৎপাদন, বাণিজ্য, যােগান আৰু বিতৰণ সম্বন্ধীয় আইন প্রণয়ন অধিকাৰ ৰাজ্য আৰু কেন্দ্র উভয়ৰে আছে। আনহাতে এন্ট্রী ৩৪য়ে ‘মুল্য নিয়ন্ত্ৰণৰ ওপৰত আইন প্রণয়ন কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়কে ক্ষমতা প্রদান কৰে। কনকাৰেণ্ট লিষ্ট এন্ট্রী ৩৩ আৰু ৩৪ ব্যৱহাৰ কৰিয়েই ১৯৫৫ চনত কেন্দ্রীয় চৰকাৰে অত্যাৱশৰ্কীয় সামগ্রী আইন প্রণয়ন কৰিছিল। তাতােকৈ ডাঙৰ কথা ভাৰতীয় সাংবিধানিক ব্যৱস্থাত ভাৰত এখন ফেডাৰেল বা যুক্তৰাজ্যিয় ৰাষ্ট্র যদিও ইয়াৰ ইউনিটেৰী' বিশেষত্ব অতি স্পষ্ট। ভাৰতৰ সংবিধানে কেন্দ্রক অধিক ক্ষমতা প্রদান কৰিছে। তেনেকুৱা এটি অনুচ্ছেদ যি আন কোনাে ফেডাৰেল ৰাষ্ট্ৰত নাই, সেয়া হ'ল অনুচ্ছেদ ২৪৯। এই অনুচ্ছেদ মতে ৰাষ্ট্রৰ হিতৰ বাবে প্রয়ােজন হলে কেন্দ্রই যিকোনাে বিষয়ত, আনকি যিবােৰ বিষয়বস্তু ৰাজ্যিক 'তালিকাত সন্নিবিষ্ট কৰা আছে, সেইবােৰৰ ওপৰতাে আইন প্রণয়ন কৰিব পাৰিব। গতিকে, কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ধন আৰু সৰলীকৰণ) আইন, ২০২০ সম্পূৰ্ণৰূপে ভাৰতীয় সংবিধানে নির্ণয় কৰি দিয়া সীমাৰ ভিতৰতে প্রণয়ন কৰা হৈছে আৰু এই আইনৰ দ্বাৰা হয়তো কোনােপধ্যে যুক্তৰাজ্যিয় পৰিকাঠামােক উলংঘা কৰা হােৱা নাই।।
আনহাতে, মুখ্য বিৰােধী দল কংগ্ৰেছৰ সভানেত্রী ছােনিয়া গান্ধীয়ে | কংগ্ৰেছশাসিত ৰাজ্যসমূহক সংবিধানৰ ২৫৪ অনুচ্ছেদ মতে বিধানসভাত আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য, সংবিধানৰ ২৫৪ অনুচ্ছেদৰ দ্বিতীয় ধাৰা মতে যদি কনকাৰেন্ট লিষ্ট কোনাে বিষয়ত ৰাজাৰ বিধানসভাই কোনাে বিধেয়ক গৃহিত কৰে আৰু ৰাষ্ট্ৰপতিয়ে উক্ত বিধেয়কৰ প্রতি নিজৰ সন্মতি প্রদান কৰে, তেনেক্ষেত্ৰত যদি এই আইন ইতিমধ্যে সংসদে প্রণয়ন কৰা কোনাে আইনৰ পৰিপন্থী হয়, তেন্তে ৰাজ্যৰ বিধানসভাই প্রণয়ন কৰা আইন উক্ত ৰাজ্যত প্রযােজ্য হ'ব। অৱশ্যে সেই বিষয়ে নতুন আইন প্রণয়ন, আনকি বিধানসভাৰ উক্ত আইনখনক বাতিল কৰাৰ ক্ষমতাও সংসদ আছে। গতিকে কংগ্ৰেছশাসিত ৰাজ্যসমূহে কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ন আৰু সবলীকৰণ) আইন, ২০২০ প্রবিধানসমূহক নাকচ কৰি ২৫৪ অনুচ্ছেদ অনুযায়ী যদি ৰাজ্যৰ বিধানসভাত বিধেয়ক প্রেৰিত কৰেও, সেই বিধেয়কে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ যে কৰিব সেই বিষয়ে সন্দেহৰ অৱকাশ আছে। অৱশ্যে, ৰাষ্ট্ৰপতিৰ সন্মতি লাভ নকৰিলেও কোনাে সাংবিধানিক অচলাবৃস্থা বা সংকটৰ সৃষ্টি নহয়, কাৰণ সংবিধানৰ স্থিতি এইক্ষেত্ৰত অতি স্পষ্ট; কিন্তু তেনেক্ষেত্ৰত নিঃসন্দেহে ভাৰতীয় যুক্তৰাজ্যিয় পৰিকাঠামােৰ ভিতৰত ৰা আৰু কেন্দ্র সম্পর্ক নতুনকৈ চালি-জাৰি চোৱাৰ প্রয়ােজন হ'ব। ৰাজ্য সমূহৰ লগতে অসমৰ বিধান সভায়ো অসমৰ কৃষক সকলক দীৰ্ঘদিনীয়া হিতৰ কথা বিবেচনা কৰি এনে বিকল্প কথাৰো নিশ্চয়কৈ অৱতাৰণা কৰিব পাৰে। অসমৰ কৃষকৰ কম মাটিৰ খেতি, ফচলৰ উচিত দামৰ নিশ্চিতি, উচিত সাৰৰ ব্যৱহাৰ, বিজ্ঞানসন্মত তথা প্ৰযুক্তিগত কৃষিৰ সম্ভাৱনা, সমবায় ভিত্তিক খেতিৰ সংগঠিত ক্ষেত্ৰৰ সৱলীকৰণ, অসমীয়াৰ খেতিৰ উদ্যমলৈ বেংকৰ পুঁজিৰ নিশ্চিতি আদিকে ধৰি অসমৰ কৃষি খণ্ডত কৰণীয় বহু কথাই আছে। দেশৰ কৃষাণ আন্দোলন আৰু কৃষি আইনৰ প্ৰেক্ষাপটত এই কথাবোৰৰ বিশদ আলোচনা কৰাৰযে সময় আহিল সেই কথাও নিশ্চিত।
(প্রকাশিত মতামত সম্পূর্ণৰূপে লেখকৰ ব্যক্তিগত তথা শৈক্ষিক, পদবী-কার্যালয়ৰ সৈতে কোনাে সম্পর্ক নাই), ফোনঃ ৯১৯৬৭-৪৮৩৫৮, লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখাবোৰ পাবলৈ একত্ৰ লিংকত ক্লিক কৰকঃ
No comments:
Post a Comment