জোনাকীঃ কাঁৰ বছেৰেকীয়া, কৃষকৰো বিদ্ৰোহঃ দেশ কোন দিশে? :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ কাঁৰ বছেৰেকীয়া, কৃষকৰো বিদ্ৰোহঃ দেশ কোন দিশে?  :: ড° নগেন শইকীয়া

জোনাকীঃ কাঁৰ বছেৰেকীয়া, কৃষকৰো বিদ্ৰোহঃ দেশ কোন দিশে? :: ড° নগেন শইকীয়া

Share This

কাঁৰ বছেৰেকীয়া, কৃষকৰো বিদ্ৰোহঃ দেশ কোন দিশে?

ড° নগেন শইকীয়া

বিজেপি দল আৰু চৰকাৰে যে নিজৰ দলীয় এজেণ্ডা কার্যকৰী কৰিবলৈ গণতন্ত্র শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবােধ নকৰে তাৰ দেখ দেখ উদাহৰণ হ'ল জাতিধর্ম-বর্ণ-ভাষা-সম্প্রদায় নির্বিশেষে অসমৰ জনসাধাৰণৰ ৰাজ্যজুৰি হােৱা প্রবল প্রতিবাদকো নেওঁচা দি অনা নাগৰিকত্ব সংশােধনী বিধেয়ক। সংসদত প্রথমবাৰ আনিবলৈ যত্ন কৰিও সক্ষম হােৱা নাছিল যদিও দ্বিতীয়বাৰ তেওঁবিলাকে সকলাে নৈতিক মূল্যবােধ পদদলন কৰি ঘৰ বিভীষণস্বৰূপ অগপৰ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য আৰু কংগ্ৰেছৰ ভুবনেশ্বৰ কলিতাৰ সমর্থনত অসমৰ জাতীয় জীবনবিৰােধী এই বিলখন সংসদত গ্ৰহণ কৰিলে আৰু একেদিনাই ৰাতিৰ ভিতৰতে ৰাষ্ট্ৰপতিৰ অনুমােদন লৈ আইনত পৰিণত কৰিলে। এতিয়া এই আইন অনুসৰি বাহিৰৰ দেশত থকা হিন্দু,  বৌদ্ধ, খ্রীষ্টিয়ান আদি শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব পােনপটীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিলে। সংবিধানৰ ধর্মনিৰপেক্ষতাৰ ঘােষণাত 'হাত নিদিয়াকৈ' কূট কৌশলেৰে এই আইন গ্ৰহণ কৰি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ ক্ষতি কৰিব পাৰক বা নােৱাৰ অসমৰ যে ক্ষতি কৰিবলৈ লৈছে, সেই বিষয়ে সন্দেহ নাই।

এই আইন গ্ৰহণ কৰাৰ আগতেই ‘ডনাৰ মন্ত্রী ভি কে সিঙে বাংলাদেশী হিন্দুক অসমত সংস্থাপন দিব বুলি কৰা ঘােষণাই তেওঁবিলাকৰ ধ্বংসাত্মক অভিপ্রায়ৰ ইংগিত দিছিল। মই তেতিয়া লিখিছিলোঁ যে সেনাবাহিনীৰ উচ্চস্তুৰীয় বিষয়াস্বৰূপে কাম কৰি অহা ভি কে সিঙৰ এনে তর্জন-গর্জন জনসাধাৰণে গ্রহণ নকৰে। অসমজুৰি নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলি থাকিল যদিও বিজেপি দল আৰু চৰকাৰে তালৈ কেৰেপ নকৰিলে আৰু যোৱা ২০১৯ খ্রীষ্টাব্দ ১১ ডিচেম্বৰত ৰাজ্যসভাতে এই সংশােধনী গ্ৰহণ কৰি আইন কৰিলে আৰু দিল্লীৰ হুকুম অমান্য কৰিব নােৱৰা হয় হজুৰ অসম চৰকাৰেও অসমৰ মানুহক প্রতিনিধিত্ব কৰাৰ চূড়ান্ত অক্ষমতা প্রদর্শন কৰি জনসাধাৰণক প্ৰতাৰণা কৰিলে। বিজেপি দল আৰু চৰকাৰে যে চলে-বলে-কৌশলে, নৈতিক মূল্যবােধ বলি দি তেওঁবিলাকৰ দলীয় লক্ষ্য পূৰণ কৰাৰ বাহিৰে জনসাধাৰণৰ দাবীলৈ ভ্ৰুক্ষেপ নকৰে, তেওঁবিলাকৰ এই মনােবৃত্তি নাগৰিকত্ব সংশােধনী আইনে স্পষ্টভাৱে মুকলিকৈ প্ৰমাণ কৰিলে। এই আইন গ্ৰহণৰ এবছৰ পূৰ্ণ হ'ল। তেওঁবিলাকে এই আইন গ্ৰহণ কৰাৰ দিনাৰ পৰা হােৱা প্রতিবাদ নেওচি আনকি প্রতিবাদকাৰীক জেল-হাজোতলৈ পঠোৱাৰ ব্যৱস্থা কৰিলে। এইক্ষেত্ৰত আপােচবিহীন ভূমিকা লােৱাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে পূর্বৰ বিভিন্ন সময়ৰ ইটোৰ পিছত সিটো গােচৰ উলিয়াই জামিন নিদিয়াকৈ আজিপর্যন্ত কাৰাৰুদ্ধ কৰি ৰাখিছে। এনে মনােবৃত্তিক মানুহে গৰিহণা দিছে। কিন্তু আইনে নিজৰ বাট ল’ব' বুলি অখিলক কাৰাৰুদ্ধ কৰি থােৱাৰ ব্যৱস্থা কৰিলে। 

এই চৰকাৰে যে গণতান্ত্রিক কোনাে দাবী বা প্রতিবাদ নামানে তাৰ বিভিন্ন প্রমাণ যােৱা বছৰৰ ভিতৰতে দেশৰ জনসাধাৰণে লাভ কৰিছে। শৰনাথীৰ প্রতি প্রীতি দেখুওৱা এই চৰকাৰৰ দেশৰ প্রকৃত নাগৰিকৰ প্রতি যে কোনাে দৰদ নাই, দায়িত্বও নাই— সেই কথা বাৰে বাৰে প্রমাণিত হৈছে। তেওঁলােকৰ দৰদ দুটা পক্ষৰ বাবে। এক হ’ল, উত্তৰ মেৰু দক্ষিণ মেৰু য'তেই থাকক হিন্দুৰ প্ৰতি আৰু দ্বিতীয়টো হ'ল দেশৰ কৰ্পোৰেট হাউছৰ প্রতি। ক্ষমতালৈ আহিয়েই বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ যােগেদি দেশৰ মানুহৰ উপকাৰ সাধন কৰিব বুলি দেশৰ সাধাৰণ মানুহক বিপদত পেলোৱাৰ কথা মানুহে পাহৰা নাই। আনকি দেশৰ যিমানবিলাক ৰাজহুৱা খণ্ডৰ ডাঙৰ উদ্যোগ বা ব্যবসায় বাণিজ্য কেন্দ্র আছে এই সকলােবােৰ এই দল আৰু চৰকাৰে আম্বানি, আদানি আদিৰ দৰে কোটি কোটি অর্থ গৰাকীৰ হাতত এটা এটাকৈ তুলি দিছে। 

সাধাৰণ মানুহক এতিয়া বিনামূলীয়া চাউল আৰু ৮৩০ টকাৰ সাহায্যৰে নিৰ্বাচনত তেওঁবিলাকৰ সমর্থন লাভৰ বাট মােকলাইছে। বিনামূলীয়া চাউলে কেৱল খেতি কৰি খােৱা মানুহখিনিক খেতিৰ পথাৰৰ পৰা লাহে লাহে আঁতৰাই অনাৰ যত্ন কৰিছে। তেওঁবিলাকে আনকি চাহ বনুৱাসকলৰ ক্ষেত্ৰতাে দিন-মজুৰি ১৬৭ টকাৰ পৰিৱর্তে ৩৫০ দিবলৈও ৰাজী নহয়।

ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ দুজনকৈ অত্যন্ত উপযুক্ত গৱৰ্ণৰ দায়িত্ব এৰি যাবলৈ বাধ্য কৰি ভাৰতবৰ্ষৰ ইতিহাসত প্রথমবাৰৰ বাবে এজন কেন্দ্রীয় প্রশাসনীয় বিষয়াক এই গৱৰ্ণৰ পদত বঢ়ালে, যাতে আগৰ দুজনৰ দৰে তৃতীয়জনে ৰিজাৰ্ভ বেংকৰ ধন চৰকাৰী কোষলৈ নিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নােৱাৰে। শেহতীয়াকৈ যি তিনিখন কৃষি আইন এই চৰকাৰে বলৱৎ কৰিবলৈ গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকে ৰাতিক দিন কৰি কেনেভাৱে আন্দোলন কৰিছে আৰু দেশৰ বিভিন্ন অঞ্চলৰ লােকে কেনেভাৱে তেওঁবিলাকক সমর্থন দিছে সেই কথা সকলােৱে জানে। আনকি ব্রিটেইন, কানাডা আদিৰ দৰে দেশেও এই কৃষি আইনৰ বিৰুদ্ধে মাত মাতিছে। ৰাষ্ট্ৰসংঘতাে তাৰ প্রতিধ্বনি নুঠাকৈ নাথাকিব। বােধকৰোঁ প্ৰথম বাৰৰ বাবে ভাৰত চৰকাৰে লােৱা এখন আইনৰ বিৰুদ্ধে এনেভাৱে বিদেশী চৰকাৰেও মাত মাতি এটা নতুন ইতিহাস ৰচনা কৰিলে। 

মই ভাবোঁ যে অসমৰ কা’ বিৰােধী জনসাধাৰণে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰকৃষকে যেনে স্থিতি আজি লৈছে, তেনে স্থিতি গ্ৰহণ কৰিব পৰাকৈ একমুঠ হ'ব লাগিব। এইক্ষেত্ৰত বিজেপিৰ বাহিৰে বাকী সকলাে দল ঐক্যবদ্ধ হ'ব পাৰিলে আৰু চৰকাৰে দিয়া সামান্য ‘মিঠা খাই' লক্ষ্যচ্যুত হ'ব পৰা প্ৰতাৰকসকল যাতে আন্দোলনৰ মাজলৈ সােমাব নােৱাৰে তাৰ ব্যৱস্থা কৰি লব পাৰিলে আন্দোলন শক্তিশালী হব। নাগৰিকত্ব সংশােধনী আইনৰ বিৰােধিতা আমাৰ জাতীয় জীৱনৰ স্বার্থ ৰক্ষাৰ যুদ্ধলৈ ৰূপান্তৰকৰাৰ দৃঢ় স্থিতি ল'ব নােৱাৰিলে অসম উটি-ভাহি যাব। এনে কঠোৰ স্থিতি ল'ব পৰা মানসিকতা দেখুৱাব নােৱাৰিলে আমাৰ এই ৰাজ্যখন আৰু অসমীয়াৰ অস্তিত্ব নাথাকে। মনত ৰাখিব লাগিব, বিজেপি দল আৰু চৰকাৰে লর্ড ক্লাইৱৰ “ডিভাইড এণ্ড কল অথাৎ ভাগ ভাগ কৰা আৰু শাসন কৰা এই কৌশলৰ প্ৰয়োগ কৰি আহিছে আৰু কৰি থাকিব। অসমৰ বিভিন্ন ভাষা, ধর্ম, সম্প্রদায়ৰ তথা কৃষকবনুৱা, কর্মচাৰী-বিষয়া সকলােৱেই চৰকাৰৰ কুট কৌশলৰ জালত ভৰি নিদি ৰাজ্যখন ৰক্ষাৰ লক্ষ্য চকুৰ আগত ৰাখিব লাগিব। 

ভাৰতীয় কৃষকসকলে চৰকাৰৰ বিভিন্ন তােষামােদ, উপঢৌকন, নানা প্রস্তার উপেক্ষা কৰাৰ বাবে তেওঁলােকে সমস্যাটোৰ গুৰি আৰু তাৰ পৰা হ'ব পৰা বিপদৰ কথা ভালকৈ জানি সদৃঢ় স্থিতি ল'ব পাৰিছে। কাঁৰ বিৰােধিতাৰ ক্ষেত্ৰত আমি নিজকে সুধিব লাগিব আমি তেনে দৃঢ় স্থিতি ল'বৰ বাবে নিজকে উপযুক্ত কৰি তুলিব পাৰিম নে নােৱাৰিম। উপযুক্ত কৰিব পাৰিলেই আমি 'জীবন লাভ কৰিম, সেয়ে নহ'লে মৰণ'ৰ মুখামুখি হম। যােৱা বছৰত অসমৰ উন্নয়নৰ বাবে আৰু মংগলৰ বাবে ব্রহ্মপুত্র নিয়ন্ত্রণকে ধৰি যিবােৰ প্ৰস্তাৱ দাঙি ধৰিছিল, কাগজকল খােলাকে ধৰি যিবােৰ প্রতিশ্রুতি দিছিল, অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি যি প্রতিজ্ঞা কৰিছিল সেইবােৰ কলৈ গল? আমি যদি প্রতিবাদ নকৰোঁ, বাধা নিদিওঁ, তেনেহ'লে সােৱণশিৰি বান্ধৰ মুকলি কৰি দিয়া পানীয়ে উত্তৰ অসম, মাজুলীসহ এদিন উটুৱাই লৈ যাব। এতিয়া কাৰ ক্ষেত্ৰত আমাৰ সকলােটি ঐক্যবদ্ধ শক্তি দেখুৱাবলৈ সকলো বাধা নেওচি ওলাই আহক, এয়ে সময়ৰ আহ্বান।

                                                ------------------------------

লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। ইউনিকোডীয় সংৰক্ষণৰ বাবে লেখকৰ মৌখিক অনুমতিসহ  পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ স্তম্ভ 'জোনাকী'ৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment