'চান্দা অপ-সংস্কৃতি' বনাম 'অসমৰ অৰ্থনৈতিক দুৰৱস্থা'ৰ আচল কেৰোণ
সমুদ্ৰজিৎ গোহাঁই
আজিৰ তাৰিখত অসমৰ কথা চিন্তা কৰিলেই তলৰ শব্দশাৰীয়েই মনত প্ৰধান হৈ উঠে। সেয়া হৈছে- "অসমৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰৰ ওপৰত তীক্ষ্ন নজৰ দিয়াৰ প্ৰয়োজন আছে"। ভৱিষ্য অসমৰ কথা চিন্তা কৰাৰ বাবে আমি প্ৰথমেই যাব লাগিব, এই চিন্তাৰ পটভূমিলৈ।
পটভূমিঃ আছুৰ নেতৃত্বত অসমত এটা নতুন আঞ্চলিক দল গঠন কৰা সময়ৰ কথা৷ নতুন ৰাজনৈতিক দলটোক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন ব্যক্তিয়ে শুভেচ্ছা দিয়াৰ সময়ত এজন বিশেষ ব্যক্তিৰ টেলিভিছনৰ সাংবাদিকৰ আগত প্ৰদান কৰা এক বিশেষ মন্তব্যই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ পূৰ্বৰ কংগ্ৰেছৰ আমোলত এইজন মহাপ্ৰতাপী মন্ত্ৰী এতিয়া BJP নেতৃত্বাধীন চৰকাৰৰ এক গুৰুত্বপূৰ্ণ মন্ত্ৰী পদত আছে৷ আনহাতে ,আমি কটনত উচ্চতৰ মাধ্যমিক বৰ্ষত অধ্যয়ন কৰি থকা সময়ত তেওঁ আছুৰ সদস্য আছিল৷ আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ পৰিপ্ৰৰেক্ষিতত এই মন্ত্ৰীজনে প্ৰদান কৰা বক্তব্যৰ সাৰমৰ্ম হ’ল যে নতুন দলটোৰ চান্দা বা বৰঙনি তোলা কাৰ্যৰ পৰা ৰাজ্যৰ ব্যৱসায়ী সকলৰ বেপাৰ বাণিজ্যৰ ক্ষতি হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ক্ষতিগ্ৰস্ত হ’ব নালাগে৷ বহুবল্কী এই প্ৰতাপী মন্ত্ৰীজনৰ এই মন্তব্যই মোক গোটেই বিষয়টোৰ গভীৰতালৈ যাবলৈ উৎসাহিত কৰিলে৷ সচাঁকৈয়ে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ অন্তৰালত কিছুমান দল সংগঠনৰ আন্দোলনৰ কাৰ্য বা দান-বৰঙনি তোলা কাৰ্যই প্ৰধানতঃ জগৰীয়া নেকি?নে আচল কেৰোণ বেলেগ ,অথচ আমাৰ ৰাইজে সততে এই বিষয়ে আলোচনা নকৰে?
বিগত কিছুবছৰৰ পৰা ৰিজাৰ্ভ বেঙ্কৰ বিভিন্ন প্ৰতিবেদন তথা CAG(Comptroller and Auditor General of India)ৰ বিভিন্ন প্ৰতিবেদন অধ্যয়ন কৰাৰ পাছত মোৰ এক দৃঢ় বিশ্বাস ক্ৰমান্বয়ে গঢ় লৈ উঠিছিল যে অসমৰ অৰ্থনৈতিক তথা ঔদ্যোগিক বিকাশৰ পয়াঁলগা অৱস্থাৰ বাবে প্ৰধানতঃ জগৰীয়া চৰকাৰ নিজেই৷ চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী,আমোলাসকল এই দুৰৱস্থাৰ বাবে প্ৰধানকৈ জগৰীয়া৷
সচেতন ৰাইজৰ মনত প্ৰশ্ন উঠিব সেইয়া কেনেকৈ? তাৰ উত্তৰ হ’ল চৰকাৰৰ বিভিন্ন শিতানত বাজেটত ধাৰ্য হোৱা ৰাজহুৱা পুঁজিৰ ব্যাপক অপ-ব্যৱহাৰ৷ তাৰোপৰি মন্ত্ৰী,আমোলাৰ হেমাহি তথা অকমণ্যতাৰ ফলস্বৰূপে বছৰ বছৰ ধৰি হাজাৰ হাজাৰ কোটি টকাৰ ব্যৱহাৰেই নোহোৱা কাৰ্য ৷ তাতোকৈ ভয়ানক কথা ইতিমধ্যে ব্যয় কৰা পুঁজিৰ এক বুজন অংশৰ সঠিক ব্যৱহাৰৰ প্ৰমাণ পত্ৰ বা UC(utilisation certificate)ৰাজ্যৰ বিত্ত বিভাগক প্ৰদান কৰিব নোৱাৰা বিষয়টো যাৰ ফলস্বৰূপে ৰাজ্যৰ বিত্ত বিভাগে CAGৰ ওচৰত ৰাজহুৱা পুঁজিৰ সঠিক ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ অসমৰ্থ হয়৷
এটা উদাহৰণেই যথেষ্ট হ’ব৷ বিগত ১৯ বছৰে অসমৰ বিভিন্ন বিভাগে আজিকোপতি প্ৰায় ১৯,০০০ কোটি টকাৰ ৰাজহুৱা পুঁজি ক’ত ব্যৱহাৰ হ’ল তাৰ কোনো প্ৰমাণ CAGক দিব পৰা নাই৷ তেন্তে এই বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন ক’ত অন্তধান হ’ল? কেইজন মন্ত্ৰী বা বিধায়কৰ ওপৰত এই ৰাজহুৱা ধনৰ হৰলুকিৰ বাবে আইনী ব্যৱস্থা হ’ল? ইয়াৰ উত্তৰ ৰাইজৰ ওচৰত ইতিমধ্যে আছেই৷ মই বহলাই কোৱাৰ প্ৰয়োজন নাই৷
CAG সাধাৰণ অডিটৰ বা হিচাপ নিকাচ ৰখা মুনিমজী নহয়:CAGৰ প্ৰতিটো প্ৰতিবেদনৰ যথেষ্ট গুৰুত্ব আছে৷ CAG হৈছে ভাৰতীয় সংবিধানৰ অন্তগৰ্ত এক স্বতন্ত্ৰ ব্যৱস্থা৷ CAGয়ে ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰৰ বছৰেকীয়া হিচাপ পত্ৰৰ প্ৰতিবেদন সংসদত দাখিল কৰে৷ এই ব্যৱস্থাটোত CAGক Public Accounts Committeeয়ে কিছু সহায় আগবঢ়ায়৷গুৰুত্বপুৰ্ণ কথাটো হ’ল CAGৰ হাতত ৰাজহুৱা ধন ব্যয় কৰাৰ কোনো ব্যৱস্থা নাই৷ CAGৰ দ্বাৰা হোৱা হিচাপ নিকাচ সেইবাবে নিৰপেক্ষ বুলি ভৱাৰ বহুত থল আছে৷
তাৰ বিপৰীতে মন্ত্ৰী বা আমোলাৰ দ্বাৰা দিয়া বিভাগীয় হিচাপ নিৰপেক্ষ বুলি ভাবিবলৈ কঠিন৷ কাৰণ বিভাগীয় মন্ত্ৰী আমোলাই ব্যয় কৰা ধন ৰাজহুৱা ধনহে৷ ব্যক্তিগত ধন নহয়৷ গতিকে আনৰ ধন ব্যয় কৰা তথা হিচাপ ৰখা ব্যক্তি একেজনেই হ’লে,নিৰপেক্ষতাৰ প্ৰতি প্ৰশ্ন অহা স্বাভাবিক৷ সেইবাবেই আইনৰ দৃষ্টিটো CAGৰ প্ৰতিবেদনৰ যথেষ্ট গুৰুত্ব আছে৷তৎসত্বেও CAG নিজে আইন নহয় বা আইন বলবৎকাৰী সংস্থা নহয়৷ CAGৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজহুৱা ধনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰক ক্ষমতাচ্যুত কৰা বা আইনী প্ৰক্ৰিয়াৰ যোগেদি দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত সচেতন ৰাইজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷
এই পটভূমিৰে এতিয়া আমি ৰাজহুৱা ধনৰ ব্যাপক অপব্যৱহাৰে কেনেকৈ ৰাজ্যৰ অৰ্থনীতি বা সমাজনীতি কোঙা কৰি পেলাইছে,তাৰ ওপৰত আলোচনা কৰাৰ প্ৰয়াস কৰিম৷
ৰাইজে ইতিমধ্যে মোটামুটি এক ধাৰণা কৰিব পাৰিছে যে কৃষি,উদ্যোগ,জলসিঞ্চন,শিক্ষা,চিকিৎসা,গ্ৰামোন্নয়ন ইত্যাদি বিভিন্ন বিভাগত বছৰ বছৰ ধৰি হাজাৰ হাজাৰ কোটি টকাৰ আচঁনি বা আধাৰশিলা উন্মোচন কৰিলেই ৰাজ্যৰ অৰ্থনৈতিক বা সৰ্বাঙ্গীণ বিকাশ নহয়৷ৰাইজে প্ৰত্যেক বছৰে CAG তথা ৰিজাৰ্ভ বেঙ্ক আদিৰ দ্বাৰা প্ৰকাশিত নিৰপেক্ষ প্ৰতিবেদনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা অত্যন্ত প্ৰয়োজন৷
বাজেটৰ আৱণ্টিত পুঁজিৰ সময়োপযোগী ব্যৱহাৰৰ অভাৱ অসমৰ সৰ্বাঙ্গীণ বিকাশৰ এক প্ৰধান অন্তৰায়৷ অসমৰ ঔদ্যোগিক তথা অনান্য বহুত অনগ্ৰসৰতাৰ মূল কাৰণ হৈছে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী বিষয়া আৰু মন্ত্ৰী/ বিধায়ক সকলে বাজেটৰ আৱণ্টিত ধন বা পুঁজি ব্যৱহাৰ কৰিব নোৱৰাটো৷দেখা গৈছে যে যোৱা ২০ বছৰত কেতিয়াও অসমত বাজেটৰ পুঁজি ৭৩% বা তাতকৈ বেছি ব্যৱহাৰ হোৱাই নাই৷ আনকি কিছু কিছু বছৰত এই পৰিমাণ ৬৫% ৰ আশেপাশে থাকে৷ বাজেটৰ আৱণ্টিত পুঁজি বিভিন্ন আঁচনিৰ ক্ষেত্ৰত ব্যৱহাৰ যদি কৰিবেই নোৱাৰে,তেন্তে অসমৰ অৰ্থনৈতিক উন্নতি কেনেকৈ হ’ব?চৰকাৰ তথা সাধাৰণ ৰাইজে এই বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগে৷
তলৰ টেবুলখনলৈ এবাৰ মন কৰক৷ প্ৰত্যেক বছৰে বাজেটৰ আৱণ্টিত ধনৰ এক বৃহৎ অংশ ধনৰ মন্ত্ৰী তথা আমোলাৰ হেমাহিৰ বাবে কাৰ্যতঃ ব্যৱহাৰেই নহয়৷ ২০১৮-১৯ বৰ্ষকে উদাহৰণস্বৰূপে লোৱা যাওক৷ এই বছৰটোত প্ৰায় ৩৩% বাজেটৰ ধনৰ ব্যৱহাৰেই নহ’ল৷ ইয়াৰ অৰ্থ হ’ল প্ৰায় ৩৬,০০০ কোটি টকা আঁচনিত ব্যৱহাৰ নহ’ল৷
আনহাতে অসমৰ বৰ্তমানৰ জনসংখ্যা প্ৰায় ৩.২ কোটি৷ গতিকে ২০১৮-১৯ বৰ্ষৰ ৰাজ্যৰ বাজেটত আৱণ্টিত ১০৮,৪৯০ কোটিৰ অৰ্থ হ’ল অসমৰ প্ৰত্যেকজন আবাসীৰ উন্নয়নৰ বাবে ৩৩,৯০৩ টকাৰ আৱণ্টন৷ তাৰ বিপৰীতে আঁচনিৰ ৩৬,০০০ কোটি টকাৰ বছৰটোত ব্যৱহাৰ নোহোৱাৰ অৰ্থ হ’ল ৰাজ্যৰ প্ৰত্যেকজন বাসিন্দাক ১১,২৫০ টকাৰ উন্নয়নৰ পৰা বঞ্চিত কৰা৷ অথচ এই ক্ষেত্ৰত সাধাৰণ কৰদাতা ৰাইজৰ কোনো দোষেই নাই৷
বাজেটৰ আৱণ্টিত পু্ঁজি থকাৰ পাছতো যদি বছৰৰ পাছত বছৰ ধৰি এক বৃহৎ সংখ্যক পুঁজিৰ ব্যৱহাৰেই নহয়,তেন্তে ৰাজ্যৰ সৰ্বাঙ্গীণ বিকাশ হ’ব ক’ৰপৰা? তাৰোপৰি মুদ্ৰাস্ফীতিৰ বাবে প্ৰত্যেক বছৰে একে প্ৰকল্পৰ বাবে প্ৰয়োজনীয় হোৱা পুঁজিৰ পৰিমাণো বৃদ্ধি হৈ গৈ থাকিব৷ তাৰ বোজা শেষত সাধাৰণ কৰদাতা ৰাইজেই ল’ব লাগিব৷ বিত্তীয় বৰ্ষ বাজেট আবন্টন(কোটি) বাজেটৰ পুঁঁজি ব্যৱহাৰৰ শতাংশ
চন ধন শতাংশ
২০১৪-২০১৫ ৬৫,৩৫১ ৭১.৭%
২০১৫-২০১৬ ৭৪,৮১৮ ৫৬.২%
২০১৬-২০১৭ ৮৩,০৬৯ ৭০%
২০১৭-২০১৮ ৯৯,৪৫৩ ৬৯%
২০১৮-২০১৯ ১০৮,৪৯০ ৬৬.৭%
মূলধন বনাম ৰাজহ ব্যয়(Capital vs. Revenue expenditure): ৰাজ্যৰ অৰ্থনৈতিক উন্নতিৰ বাবে এক উল্লেখযোগ্য মাপকাঠি তাৰোপৰি বাজেটৰ ধন অকল ব্যৱহাৰ কৰিলেই নহ’ব৷ বাজেটৰ আৱণ্টিত পুঁজি ব্যৱহাৰৰ দুটা শিতান আছে৷ এটা শিতান হৈছে revenue expenditure৷ আনটো শিতান হৈছে capital expenditure. Revenue expenditure হৈছে নিত্য নৈমিত্তিক শিতান যেনে চৰকাৰী কৰ্মচাৰীক দৰমহা,পেন্সন,আগতে লোৱা ঋণ ইত্যাদিৰ ওপৰত পৰিশোধ কৰিবলগীয়া সুত(interest) আদি৷ উল্লেখয়োগ্য যে revenue expenditureৰ বাবে এখন ৰাজ্যত কোনো নতুন সম্পদ বা asset সৃষ্টি নহয়৷ এখন ৰাজ্যত বা দেশত নতুন সম্পদ বা asset সৃষ্টি হয় কেৱল capital expenditureৰ যোগেদি৷ Capital expenditureৰ যোগেদি ৰাজ্যত নতুন বাট-পথ নিৰ্মাণ, দলং নিৰ্মাণ,শক্তি কেন্দ্ৰ,নতুন শিক্ষানুষ্ঠান বা চিকিৎসালয় ইত্যাদিৰ বাবে পুঁজি ব্যয় কৰা হয়৷ সেইবাবেই প্ৰত্যেক বছৰৰ বাজেটৰ কিমান অংশ capital expenditureত ব্যয় কৰা হয়,তাৰ ওপৰত গুৰুত্ব দিয়া বাঞ্ছনীয়৷ উল্লেখযোগ্য যে অসমত এই শতাংশ প্ৰায়ে ৬%-৭%ৰ মাজত থাকে৷ ভাৰতৰ অনান্য বহুত ৰাজ্যৰ তুলনাত এই শতাংশ যথেষ্ট কম৷ আনকি CAG ( comptroller and auditor general) অসম চৰকাৰৰ বিত্তীয় হিচাপ নিকাচ প্ৰত্যেক বছৰে পৰীক্ষা কৰোতে এই সংক্ৰান্তত উদ্বিগ্নতা প্ৰকাশ কৰিছে৷
কিন্তু আন এটা গভীৰ চিন্তনীয় বিষয় যে মুঠ বাজেটৰ যি ৬%-৭% Capital Expenditure শিতানত ধাৰ্য কৰা হয়,তাৰো আধা বা তাতকৈ কম শতাংশহে বছৰি কাৰ্যতঃ ব্যৱহাৰ হয়৷ CAGৰ শেহতীয়া প্ৰতিবেদনৰ পৰা পোৱা তথ্যৰ আধাৰত প্ৰস্তুত কৰা তলৰ টেবুলখনত এবাৰ চকু ফুৰালেই এই অপ্ৰিয় সত্য জলজল পটপট হৈ পৰে৷
বিত্তীয় বৰ্ষ Capital expenditure বাবে আৱ্ণ্টিত পুঁজি(কোটি) ব্যৱহাৰৰ শতাংশ-
চন ধন শতাংশ
২০১৪-১৫ ১০,১৩৩ ৩৮%
২০১৫-১৬ ১১,২৯৭ ২৪%
২০১৬-১৭ ১১,৯৩৬ ৪৬%
২০১৭-১৮ ১৪,৮৬০ ৫২%
২০১৮-১৯ ১৯,৬০৫ ৫৬%
এই capital expenditure শিতানত অসম চৰকাৰে ৰাইজে যাতে দীৰ্ঘম্যাদী আঁচনিৰ দ্বাৰা লাভাম্বিত হয় তথা ৰাজ্যখনৰ গড় জনমুৰি আয়(state GDP) বৃদ্ধি পায়,তাৰ বাবে বিভিন্ন আঁঁচনি ৰূপায়ণ কৰে৷ এনে আঁঁচনি সমূহৰ ভিতৰত ৰাস্তা ঘাট ,দলং, বিদ্যালয়, চিকিৎসালয়, শক্তি উদ্যোগ ইত্যাদি স্থাপন কৰে৷ কিন্ত ইয়াতো দেখা গৈছে যে বাজেটৰ capital expenditure শিতানত পুঁজি ব্যয় কৰাত অসম চৰকাৰৰ বিভিন্ন বিভাগ বছৰৰ পাছত বছৰ ধৰি শোচনীয় ভাৱে ব্যৰ্থ হৈছে৷ আনহাতে capital expenditure বিভাগৰ প্ৰায় ৩০% পুজি ৰাস্তা ঘাট নিৰ্মাণ আৰু আন ৯% জলসিঞ্চন বিভাগৰ আঁচনিত খৰচ কৰা হয়৷ তৎসত্বেও এই দুই বিভাগৰ অধীনত হোৱা কামৰ নমুনাৰ বিষয়ে সাধাৰণ ৰাইজ ভালদৰেই অৱগত৷যদি Capital expenditure শিতানত পুঁজি আৱণ্টন বৃদ্ধি নহয় তথা সুচাৰুৰূপে ব্যয় নহয়,তেন্তে ৰাজ্যখনৰ গড় জনমুৰি আয় বৃদ্ধি কৰা মুঠেই সম্ভৱ নহয়৷অকল Capital Expenditure শিতানত পুঁজিৰ আৱণ্টন বৃদ্ধি কৰিলেই নহ’ব, তাৰ সময়োপযোগী ব্যৱহাৰত গুৰুত্ব দিব লাগিব৷কাৰণ মুদ্ৰাস্ফীতি(inflation)ৰ বাবে আজি ধৰক যিটো প্ৰকল্পৰ বাবে ১০০ কোটি পুঁজিৰ প্ৰয়োজন হ’ব, ৫ বছৰৰ পাছত সেই একে প্ৰকল্পৰ বাবে হয়তো ১১৫ কোটি পুঁজিৰ প্ৰয়োজন হ’ব৷ ফলস্বৰূপে তাৰ বোজা সাধাৰণ জনতাৰ ওপৰতহে পৰিব৷
ৰাজ্য চৰকাৰৰ ঋণৰ বোজাৰ মাধমাৰ সৰ্বশেষত সাধাৰণ ৰাইজৰ ওপৰতেই পৰেগৈ। এতিয়া আহোঁ আমাৰ ৰাজ্যখনৰ ওপৰত থকা ঋণ বা ধাৰৰ বোজাৰ বিষয়ে৷ অসমৰ বৰ্ত্তমান জনসংখ্যা প্ৰায় ৩ কোটি ২০ লাখ৷ অসম চৰকাৰৰ শেহতীয়া ঋণৰ বোজা প্ৰায় ৫৯,৪২৬ কোটি৷সেই হিচাপে অসমৰ প্ৰত্যেকজন লোকৰ ওপৰত ১৮,৫৭০ টকাৰ ঋণৰ বোজা৷অৰ্থাৎ অসমত এটা শিশু জন্ম হোৱাৰ দিনতেই আজিৰ দিনত ১৮,৫৭০ টকাৰ ঋণৰ বোজা লৈ আহে৷
কিন্তু তাতোকৈ ভয়ানক কথা হৈছে ঋণৰ বৃদ্ধিৰ হাৰ বা শতাংশ৷ তলৰ টেবুলখনৰ পৰা দেখা গৈছে যে ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৮-১৯ বৰ্ষৰ অসম চৰকাৰৰ ঋণ বৃদ্ধিৰ হাৰ প্ৰায় ২০%৷তাৰ পূৰ্বৰ বছৰত অসম চৰকাৰৰ ঋণ বৃদ্ধিৰ হাৰ প্ৰায় ১২% আছিল৷ যোৱা ২০বছৰমানৰ বিভিন্ন চৰকাৰী তথ্য তথা CAGৰ প্ৰতিবেদন পৰীক্ষা কৰি দেখা গৈছে যে অসম চৰকাৰৰ বছৰি ঋণ বৃদ্ধিৰ হাৰ প্ৰায় ৰাজ্যৰ গড় জনমূৰি আয় (state GDP)ৰ বৃদ্ধিৰ হাৰৰ সমান৷ এইটো মুঠেই বাঞ্ছনীয় নহয়৷ঋণ বৃদ্ধিৰ হাৰ ৰাজ্যৰ গড় জনমুৰি আয়ৰ বৃদ্ধিৰ হাৰতকৈ যিমানেই কম হয়,সিমানেই ৰাজ্যবাসীৰ বাবে মঙ্গল৷
আন এটা গুৰুত্বপুৰ্ণ কথা হৈছে যে ক্ৰমান্বয়ে ৰাজ্যখনত ৰাজ্যৰ মুঠ জনমুৰি আয়ৰ শতাংশ হিচাপে চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধি হৈ আহিছে৷ইয়াৰ অৰ্থ হৈছে যে ৰাজ্য চৰকাৰৰ ওপৰত ঋণৰ সুত তথা মুলধন ঘূৰাই দিয়াৰ বোজাও ক্ৰমান্বয়ে বৃদ্ধি হৈছে৷
বিত্তীয় বৰ্ষ মুঠ ঋণৰ পৰিমাণ(কোটি) ঋণ/ৰাজ্যৰ মুঠ জনমুৰি আয়(%)-
চন ধন শতাংশ
২০১৪-১৫ ৩৫,৪০৩ ১৮.০৯%
২০১৫-১৬ ৩৯,০৫৪ ১৭.১৫%
২০১৬-১৭ ৪৩,৯৮১ ১৭.২৮%
২০১৭-১৮ ৪৯,২৭৫ ১৭.০৪%
২০১৮-১৯ ৫৯,৪২৬ ১৮.৮৪%
আগন্তুক দিনসমুহত অসমবাসীয়ে ৰাজ্য চৰকাৰে ৰাজ্যৰ গড় জনমুৰি আয় বা গড় জনমুৰি আয়ৰ বৃদ্ধিৰ তুলনাত ঋণৰ বোজা কিদৰে অসমবাসী ৰাইজৰ ওপৰত জাপি দিয়ে,তাক সুক্ষ্মভাৱে পৰ্যবেক্ষন কৰাৰ যথেষ্ট প্ৰয়োজন আছে৷
বিত্তীয় বৰ্ষ ৰাজ্যৰ গড় জনমুৰি আয় বৃদ্ধিৰ শতাংশ ৰাজ্যৰ ঋণ বৃদ্ধিৰ শতাংশ-
চন পূৰ্ব নতুন
২০১৪-১৫ ১০.১১% ১১.৪৫%
২০১৫-১৬ ১৬.৪৭% ১০.৩১%
২০১৬-১৭ ১১.৬৩% ১২.৬২%
২০১৭-১৮ ১৩.৩৭% ১২.০৪%
২০১৮-১৯ ৯.৩২% ২০.৬০%
এইবাৰ আহোঁ অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা কেনেকৈ ঋণ লৈছে? দেখা গৈছে অসম চৰকাৰৰ প্ৰায় ৭০% ঋণৰ উৎস নিজাববীয়া৷ তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিয়া ঋণৰ পৰিমাণ মাত্ৰ ২%৷ পাৱলিক একাউণ্ট লায়েবিলিটী বা ৰাইজৰ পৰা বিভিন্ন শিতানত সংগ্ৰহ কৰা ঋণৰ পৰিমাণ ২৮%৷ CAGৰ প্ৰতিবেদনত উল্লেখ কৰা মতে অসম চৰকাৰে এইদৰে লোৱা বিভিন্ন ঋণৰ ওপৰত বছৰি প্ৰায় ৬%-৭% হাৰত সুত দিব লাগে৷গতিকে ৬% হাৰ হিচাপত অসম চৰকাৰে শেহতীয়া প্ৰায় ৫৯,৪২৬কোটি ঋণৰ ওপৰত বছৰি প্ৰায় ৩৫৬৫ কোটি টকাৰ অকল সুতেই পৰিশোধ কৰিব লাগিব৷এতিয়া ৰাজ্যবাসীয়ে গুৰুত্ব দিব লাগে যে কেন্দ্ৰীয় চৰকাৰে ২% ৰ স্থানত অসম চৰকাৰক প্ৰায় ৫-১০% ঋণ দিব লাগে৷ তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বছৰি সুতৰ হাৰ অসম চৰকাৰে বৰ্তমানে পৰিশোধ কৰি থকা ৬%-৭% সুতৰ তুলনাত বহুত কম হ’ব বুলি আশা কৰিব পাৰি৷ ইয়াৰ দ্বাৰা অসমৰ ঋণৰ বোজা যথেষ্ট হ্ৰাস হ’ব ৷ সেই ৰাহি হোৱা ধন ৰাইজৰ কামত ব্যৱহাৰ কৰিব পৰা যাব৷
ঋণৰ উৎস ঋণৰ পৰিমাণ (কোটি) শতাংশ
ৰাজ্যৰ আভ্যন্তৰীণ ঋণ ৪১,৫১১ ৭০%
কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া ঋণ ১,৩০৯ ২%
পাবলিক একাউণ্ট লাইএবিলিটী ১৬,৬০৬ ২৮%
UC(utilisation certificate) বা ৰাজহুৱা পুঁজিৰ ব্যৱহাৰৰ উপযুক্ত প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ভয়ানক বিসঙ্গতি এইবাৰ আহোঁ ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰৰ বিষয়ে চৰকাৰৰ বিভিন্ন বিভাগে প্ৰত্যেক বছৰে বিত্ত বিভাগক প্ৰদান কৰিব লগা utilisation certificates বা UCৰ বিষয়ে৷ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰ তথা দুৰ্নীতি ৰোধ কৰাত এই UC ব্যৱস্থাৰ যথেষ্ট গুৰুত্ব আছে৷ সঠিক ভাৱে UC প্ৰদান কৰিব নোৱাৰিলেই CAGৰ দৃষ্টি আকৰ্ষণ হয়৷ CAGৰ প্ৰতিবেদনত এই বিষয়টোৰ আলোচনা কৰা হয় যাতে ৰাইজে গম পাই কথাবোৰ কেনেদৰে হৈ আছে৷
অতি পৰিতাপৰ কথা যে বিগত ১৯ বছৰত অসমৰ ৰাজহুৱা ধনৰ প্ৰায় ১৯,৬৭২ কোটি টকাৰ ব্যৱহাৰৰ কোনো UC এতিয়ালৈকে প্ৰদান কৰা হোৱাই নাই৷এই বৃহৎ ৰাজহুৱা পুঁজিৰ এক বিয়াগোম দুৰ্নীতি হৈছে বুলি সহজেই অনুমান কৰিব পাৰি৷১৯,৬৭২ কোটি টকাৰ অৰ্থ হৈছে অসমৰ বৰ্তমানৰ ৩.২ কোটি ৰাইজৰ গাইপতি ৬১৪৭ টকা৷অসমৰ বৰ্তমানৰ গঢ় জনমুৰি আয় প্ৰায় ৯৫,০০০৷গতিকে হিচাপবিহীন ১৯,৬৭২ কোটি টকাৰ অৰ্থ হৈছে একেখিনি পুঁজিৰে অসমৰ গঢ় জনমুৰি আয় প্ৰায় ৬.৫% বৃদ্ধি হ’লহেঁতেন৷ গতিকে অনাগত দিনসমুহত অসমৰ ৰাইজে এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো গভীৰ ভাৱে পয্যবেশন কৰিব লাগে৷
বিত্তীয় বৰ্ষ প্ৰদান নকৰা UCৰ সংখ্যা পৰিমাণ(কোটি)
২০০১-২০০৬ ৩৬.৪৭ ৬৩৬.৪৭
২০০৬-২০১১ ১৮৯১ ১৫৭৬.৬২
২০১১-২০১৬ ২২৪৭ ৭২২০.৭৮
২০১৬-২০১৭ ৩৩ ২০১৩.৯৩
২০১৭-২০১৮ ১৬৩৭ ৮২২৪.২৬
সৰ্বমুঠ=৯৪৫৫ সৰ্বমুঠ=১৯,৬৭২.০৬
CAAGৰ একেখন শেহতীয়া প্ৰতিবেদনত অসম চৰকাৰৰ কোনকেইটা প্ৰধান বিভাগে বছৰৰ পাছত বছৰ ধৰি ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰৰ প্ৰমাণপত্ৰ বা UC দিব পৰা নাই,সেই বিষয়ে তথ্য সদৰি কৰিছে৷ৰাইজে এই বিশেষ বিভাগকেইটাৰ সংশ্লিষ্ট মন্ত্ৰী ,আমোলাৰ ওপৰত তীক্ষ্ণ নজৰ দিয়া অতিকে প্ৰয়োজন৷নহলে এই দৰে ৰাজহুৱা ধনৰ বৃহৎ অপব্যৱহাৰ বৃদ্ধি পাব ৷ তাৰ বিষম পৰিণতি সাধাৰণ কৰদাতা ৰাইজেই ভূগিব লাগিব৷
বিভাগৰ নাম UC প্ৰদান নকৰা পুজিঁৰ পৰিমাণ(কোটি):
সচিবালয় প্ৰশাসন ২৮৪৯.৩৬
ভৈয়াম জনজাতি তথা পিছপৰা জাতি কল্যাণ বিভাগ ২৪৫৭.৬১
শিক্ষা ২১২৫.৭৭
স্বাস্থ্য ১৮৮৬.৩৬
খনিজ তথা শক্তি ১৬৬১.৩৫
সমাজ কল্যাণ ১৪১৫.৫৬
গ্ৰামোন্নয়ন ৯৯৮.৯
পঞ্চায়ত তথা গ্ৰামোন্নয়ন ৯১০.৩১
গুৱাহাটী উন্নয়ন ৮১১.৫৬
কৃষি ৭৮৭.৬৬
আনহাতে আমাৰ অসমৰ বিভিন্ন জনজাতি তথা জনগোষ্ঠীয় ভাই ভনীসকলৰ বাবে ৰাজ্য চৰকাৰে বিগত সময়চোৱাত বিভিন্ন স্বায়ত্ত্বশাসিত পৰিষদ(Autonomous council),উন্নয়ন পৰিষদ (development council) বা উন্নয়ন কৰ্তৃপক্ষ(development authority ) নিযুক্তি দিছে৷তাৰ বাবে ষষ্ঠ অনুসুচীত অন্তভুৰ্ক্ত নোহোৱা এই পৰিষদ ইত্যাদিৰ বাবে যোৱা ৫ বছৰত অসম চৰকাৰে প্ৰায় ১১৭৬.২৫ কোটি টকাৰ আৱণ্টন দিছে৷
কিন্তু ৰাইজে জানি আচৰিত হ’ব যে ইমান বৃহৎ সংখ্যাৰ ধনৰ CAG ৰ দ্বাৰা কোনো audit হোৱাই নাই৷ অথচ ২০১৩ চনৰ অক্টোবৰ মাহতে অসম চৰকাৰে এই ৬ autonomous council,১৯ development council ৰ auditৰ দায়িত্ব CAGক দিছিল৷ তৎস্বত্বেও CAG এই বৃহৎ সংখ্যক ৰাইজৰ ধনৰ সঠিক খৰচ হৈছে নে নাই, তাৰ audit কৰিবলৈ অসমৰ্থ হোৱাৰ কাৰণ হৈছে CAGৰ ওচৰত কোনো accounts দাখিল কৰা হোৱাই নাই৷ জনজাতীয় বা জনগোষ্ঠীয় ভাই সকলৰ বাবে autonomous council বা development council বা development authority স্থাপন কৰাত আমাৰ আপত্তি নাই৷
কিন্তু কৰদাতা ৰাইজৰ ধনৰ সঠিক ব্যৱহাৰ দাবী কৰা আমাৰ অধিকাৰ আছে৷নহ’লে এই autonomous council বা development council বা development authorityৰ নেতৃত্বত থকা এচামৰ বাবে খিৰতী গাই হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ফলস্বৰূপে সেই জনজাতিৰ বা জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক ৰাইজ চৰকাৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ পাছতো উপকৃত নহ’ব৷
এই জনজাতি বা জনগোষ্ঠীৰ দল-সংগঠনৰ ওপৰিও অসমৰ সকলো জাতি জনগোষ্ঠীয় দল – সংগঠন ইত্যাদিয়ে এই গুৰুত্বপুৰ্ণ বিষয়টোত মনোযোগ দিয়াৰ সময় আহি পৰিছে৷ নহ’লে নিজৰ লাভালাভৰ বাবে এই লোকসকলৰ নেতাসকলে বিভিন্ন অজুহাতত চৰকাৰী ধনৰ শৰাধৰ মেলা পাতিব৷
সামৰণি: আমি কিয় প্ৰত্যেক ৫ বছৰৰ ব্যৱধানত ভোটাধিকাৰ সাব্যস্ত কৰোঁ? আমাৰ এই সংবিধান প্ৰদত্ত অধিকাৰৰ পৰিপূৰক এটা অত্যন্ত গুৰুত্বপুৰ্ণ দিশ হৈছে যে ভোটাধিকাৰ সাবস্ত্য কৰাৰ সময়ত বিগত ৫ বছৰত বা ১০ বছৰত শাসনাধিষ্ঠ দলৰ চৰকাৰে ৰাজ্যৰ বিকাশৰ বাবে কৰা প্ৰতিটো পদক্ষেপৰে উপযু্ক্ত হিচাপ ৰখা৷ দুৰ্ভাগ্যজনক কথাটো হ’ল যে তাৰ বাবে আজিকালি সংবাদমাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উথাপন হৈছে৷ সেইবাবেই CAG তথা RBIৰ দৰে সাংবিধানিক সংস্থাৰ প্ৰতিবেদনৰ গুৰুত্ব ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷
লেখক ডুবাইত অৰ্থনীতিৰ বিশেষজ্ঞ পৰামৰ্শদাতা হিচাবে কৰ্মৰত। লেখাটিৰ তথ্য আৰু বিশ্লেষণ লেখকৰ নিজা। লেখাটি পূৰ্বতে এখন স্মৰণিকাতো প্ৰকাশ পাইছে। তেখেতৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত অন্য লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment