বিশ্লেষণঃ মোদী চৰকাৰৰ নতুন লেবাৰ কোডঃ শ্ৰমিক-কৰ্মচাৰীলৈ অনিশ্চয়তাৰ 'উপহাৰ' :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ মোদী চৰকাৰৰ নতুন লেবাৰ কোডঃ শ্ৰমিক-কৰ্মচাৰীলৈ অনিশ্চয়তাৰ 'উপহাৰ' :: অনন্ত কলিতা

বিশ্লেষণঃ মোদী চৰকাৰৰ নতুন লেবাৰ কোডঃ শ্ৰমিক-কৰ্মচাৰীলৈ অনিশ্চয়তাৰ 'উপহাৰ' :: অনন্ত কলিতা

Share This
মোদী চৰকাৰৰ নতুন লেবাৰ কোডঃ শ্ৰমিক-কৰ্মচাৰীলৈ অনিশ্চয়তাৰ 'উপহাৰ'
অনন্ত কলিতা
জনসাধাৰণলৈ তথাকথিত ‘আচ্ছে দিন’ অনা চৰকাৰখনে কংগ্ৰেছ চৰকাৰৰ দিনতাে যি সামান্যতম শ্রমিক-কর্মচাৰীৰ বাবে আইনী সুৰক্ষা আছিল বৃহৎ পুঁজিপুতিৰ স্বাৰ্থত সেইখিনিৰাে অৱসান ঘটালে। আজি ভাৰতৰ শ্ৰমিককর্মচাৰীৰ কোনাে নিৰাপত্তা নাই, বন্ধা শ্রমিক হিচাপে মালিকৰ মর্জিত জীয়াই থাকিব লগা হৈছে। 
কৰ’না মহামাৰীৰ লকডাউনৰ সময়ত বিশ্বই দেখিছে প্রবাসী শ্রমিকসকলে কেনেকৈ মাইলৰ পাছত মাইল পথ খােজকাঢ়ি ঘৰলৈ ওভতি গৈছে। আশ্বর্যজনক যে মাত্র চাৰি ঘণ্টাৰ জাননীত কিভাৱে দেশৰ কোটি কোটি শ্রমিক-কর্মচাৰীক সপৰিয়ালে ৰাস্তাত নমাই দিছিল মােডী চৰকাৰে। পদব্রজে ঘৰলৈ ওভতি যাওঁতে অনেক শ্ৰমিকৰ মৃত্যু ঘটিছে ট্রাকৰ খুন্দাত, অনেকে আকৌ চলন্ত ট্ৰেইনৰ খুন্দাত আৰু অনেকে ট্ৰেইনৰ ভিতৰতে। চৰকাৰখন চৰমহীন যে শ্রম মন্ত্রীয়ে লােকসভাত হাত দাঙি দাঙি ঘােষণা কৰিছে যে লকডাউনৰ পর্বত কিমানজন শ্রমিকে মৃত্যুবৰণ কৰিলে চৰকাৰৰ হাতত তথ্য নাই। কোনখন ৰাজ্যত কোনজন ঠিকাদাৰৰ অধীনত কিমানজন প্রবাসী শ্রমিকে কাম কৰে মােডী চৰকাৰৰ ‘অকুপেচনেল চেফটি, হেলথ এণ্ড ৱার্কিং কণ্ডিচনছ কোড (সংক্ষেপে ও এছ, এইচ কোড)ত ইয়াৰ কোনাে হিচাপেই নাই তথা হিচাপ নাৰাখে। অকল প্রবাসী শ্রমিকে নহয় দেশৰ সমস্ত চুক্তি-ভিত্তিকৰ পৰা কাৰখানা শ্ৰমিকৰ পেচাগত নিৰাপত্তা, স্বাস্থ্য আৰু কামৰ পৰিৱেশ সুৰক্ষা আদিৰ বিলুপ্তি ঘটাইছে মােডী চৰকাৰৰ নতুন লেবাৰ কোডত ফেক্টৰী এক্ট, প্লেন্টেচন ৱার্কার্চ এক্ট, মাইনচ এক্ট, মটৰ ট্রেন্সপাের্ট ৱার্কার্চ এক্ট, ইণ্টাৰ ষ্টেট মাইগ্রেন বার্কার্চ এক্টসহ ১৩খন শ্রম আইন তুলি দি প্ৰৱৰ্তন কৰিছে। শ্ৰমিকসকলৰ পেচাগত নিৰাপত্তা, স্বাস্থ্য কর্ম বিষয়ক কোড।

মজুৰি কোড এক্টঃ মােডী চৰকাৰে সমস্ত শ্রমিক কর্মচাৰীৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা নকৰি মজুৰি বিষয়ত বর্তমান থকা সমস্ত এক্ট বা আইন তুলি দি চালু কৰিছে মজুৰি কোড বিধি। এই মজুৰি কোড বিধিত মজুৰি স্থিৰ কৰাৰ যি পদ্ধতি শ্রম সন্মিলনত গৃহীত হৈছিল সেইটোৰ কোনাে ধৰণে উল্লেখ নকৰিলে। একধৰণৰ ফ্লোৰ মজুৰিৰ নিয়ম প্রৱৰ্তন কৰিছে। কোৱা হৈছে যে কোনাে ৰাজ্যই এই ফ্লোৰ মজুৰিতকৈ কম মজুৰি দিব নােৱাৰিব। সেই ফ্লোৰ মজুৰিৰ পৰিমাণ হ’ল দৈনিক মাত্র ১৭৮ টকা। মাহিলি মজুৰি আহিব ৫ হেজাৰ ৩৪০ টকা। ইতিমধ্যেই অনেক ৰাজ্যত ন্যূনতম মজুৰিৰ হাৰ ১৭৮ টকাৰ অধিক। ফলত নতুন মজুৰি কোডত মজুৰি বৃদ্ধি হােৱাৰ বিপৰীতে আৰু অধিক পৰিমাণে কমােৱাৰ আইনী ব্যৱস্থাহে কৰিলে। 

শ্রমিক সংগঠনবােৰে পৰীক্ষিত যুক্তিৰ ওপৰত ভিত্তি কৰি মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাৰ লক্ষ্যত যে ন্যূনতম মজুৰিৰ দাবী কৰিছিল সেইটোৰাে অৱসান ঘটোৱা হ’ল মজুৰি কোড আইনত।মজুৰিৰ পাছতে আহিছে সামাজিক সুৰক্ষাৰ বিষয়টো। মজুৰি কোড বিধিৰ নিচিনা শ্ৰমিকৰ সামাজিক সুৰক্ষা সংক্রান্তীয় বর্তমান চলি থকা ১৫খন শ্রম আইনৰ বিলুপ্তি ঘটাই আনিলে সুৰক্ষা কোড আইন। আগৰ শ্রম আইনত শ্ৰমিকসকলে যি সামাজিক সুৰক্ষা পাই আহিছিল ইয়াৰ কোনাে উল্লেখ নাই সুৰক্ষা কোড আইনত। খচৰা সুৰক্ষা বিল আলােচনাৰ সময়ত বিজেপিৰ শ্রমিক সংগঠনৰ বাহিৰে দেশৰ সমস্ত ট্রেড ইউনিয়ন সংগঠনে আপত্তি জনাইছিল। চলিত সুৰক্ষা আইনত শ্ৰমিকসকলে পাই থকা সুবিধা যিখিনি শ্ৰমিকসকলে আন্দোলনৰ মাজেৰে আদায় কৰিছিল, সেইখিনি সুৰক্ষাৰ সুবিধা নতুন কোড আইনত ৰখাব দাবী জনাইছিল। 

কিন্তু মােডী চৰকাৰে এই দাবী প্রত্যক্ষভাৱে প্রত্যাখ্যান কৰিছে। বৰ্তমানৰ ১৫খন সামাজিক সুৰক্ষা আইন বিলােপ ঘটাই এই সুৰক্ষা কোড আইন প্ৰৱৰ্তন কৰিলে। সেই আইনসমূহ আছিল– (১) এমপ্লয়িজ ষ্টেট ইনচুৰেঞ্চ এক্ট, (২) এমপ্লয়িজ প্রভিডেন্ট ফাণ্ড | এণ্ড মিচেলেনিয়াছ প্রতিজন এক্ট, (৩) এমপ্লয়িজ কম্পেনছেচন এক্ট, (৪) মেটাৰনিটী বেনিফিট এক্ট, (৫) পেমেন্ট অব গ্রেচুইটি এক্ট (৬) আনঅর্গেনাইজড ৱার্কার্চ ছােচাল চিকিউৰিটী এক্ট, (৭) বিল্ডিং এণ্ড আদাছ কনষ্ট্রান ৱার্কার্চ ৱেলফেয়াৰ চেছ এক্ট, | (৮) বিড়ি ৱার্কার্চ বেলফেয়াৰ চেছ এক (৯) আয়ৰণ এণ্ড মাইন লেবাৰ ৱেলফেয়াৰ চেছ এক্ট, (১১) মেংগনিজ ওৰ মাইন্স ক্রোম ওৰ মাইন্স ৱেলফেয়াৰ ফাণ্ড এক্ট (১২) মাইকা মাইন্স লেবাৰ বেলফেয়াৰ চেছ এক্ট, (১৩) লাইম ষ্টোন। এণ্ড ডলােমাইট মাইন্স লেবাৰ ৱেলফেয়াৰা এক্ট, (১৪) চিনে ৱার্কাচ ৱেলফেয়াৰ চেছ এক্ট, (১৫) চিনে ৱার্কার্চ ফাণ্ড এক্ট। এইসমূহ আইনৰ ভিত্তিত ইমান দিনে যে শ্ৰমিকসকল সামাজিক সুৰক্ষা পাই আহিছিল সেইবােৰ কোডৰ বিলুপ্তি ঘটালে।

শ্ৰমিকসকল সুৰক্ষাৰ ফাণ্ড ই এছ আই আৰু ই পি এফকো আনকি  কৰ্পৰেটৰ হাতত তুলি দিয়াৰ পৰিকল্পনা কৰিছে। বর্তমান শ্ৰমিকসকল ই এছ আইৰ চিকিৎসা আৰু ইপিএফৰ পেন্সন আৰু প্রভিডেন্ট ফাণ্ডৰ যিসমূহ সুযােগ পাই আছিল—এতিয়া পাব নে নাই ইয়াৰ কোনাে নিশ্চয়তা দিয়া নাই। প্ৰকৃততে শ্ৰমিকৰ মজুৰি হ্রাসকৰণৰ এক্টৰ দৰে শ্ৰমিক সুৰক্ষাৰ নামত জালিয়তি কৰিছে।

প্রধানমন্ত্রী মােডীয়ে উচ্চস্বৰে ঘােষণা কৰিছে শ্রমযােগী মানধন পেন্সন প্রকল্পৰ কথা। এই পেন্সন প্রকল্পৰ প্ৰকৃত ৰূপটো ওলাই পৰে, অংকটো কৰিলে। কোৱা হৈছে ১৮ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়স পর্যন্ত মুঠ ৪২ বছৰ ধৰি শ্ৰমিকসকলে মাহে দিব লাগিব ৫৫ টকা আৰু চৰকাৰে ইয়াৰ মেচিং অনুদান ৫৫ টকাকৈ জমা দিব। মাহে ১১০ টকাকৈ ৰেকাৰিং ডিপ’জিত জমা হলে ৪২ বছৰৰ মূৰত এই টকা ফিক্সড ডিপ’জিত ৰাখিলে মাহিলি সুত পােৱা যাব ৫ হেজাৰ ৪২ টকা। কিন্তু চৰকাৰে মাহে তিনি হেজাৰ টকা পেন্সন দিয়াৰ কথা কৈছে। তদুপৰি প্ৰতি বছৰে যি হাৰত মূল্যবৃদ্ধি হাৰ ৪২ বছৰৰ পাছত ৩ হেজাৰ টকাৰ এক হেজাৰৰাে সমান মূল্য নাথাকিব। তদুপৰি মােডী চৰকাৰে কৈছে। শ্রমিকৰ নামত প্রতি মাহে ৫৫ টকা চৰকাৰে দিব। কিন্তু এইবছৰত এই আঁচনি আবণ্টন কৰিছে ৫০০ কোটি টকা মাত্র। বিশেষজ্ঞসকলে হিচাপ কৰি কৈছে এই ৫০০ কোটি টকাৰ পৰা প্রতি শ্রমিক মাহে এক টকাকৈহে দিব পাৰি। 

মােডীৰ শাসনকালত শ্ৰমিকসকলে তেওঁলােকৰ জীৱন সুৰক্ষাৰ বাবে কোনাে সুবিধাই আশা কৰা উচিত নহয়। প্রতিদিনৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰি যে শ্ৰমিকসকলৰ ৰুটিৰুজিক লৈ শাসকৰ তামচা আৰু নিৰন্তৰ ভণ্ডামি। দেশৰ বৰ্তমানৰ ৪৪ খন শ্রম আইনৰ বিলুপ্তি ঘটাই চাৰিটা শ্রম কোড বিধিৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে উল্লিখিত মজুৰি, স্বাস্থ্য, কর্মক্ষেত্ৰ নিৰাপত্তা আৰু শিল্প সম্পৰ্কত কোড বিল। বর্তমান সামাজিক সুৰক্ষা আইনত বিভিন্ন ৰাজ্যত সুৰক্ষা তহবিল পৰিচালনা ব'র্ড আছে। তাত চেছ বাবদ সুৰক্ষা তহবিলত প্ৰচুৰ অর্থ জমা আছে। যেনে দুই দশক আগতে আইন কৰি সৃষ্টি কৰিছিল নির্মাণ কর্মীসকলৰ সামাজিক সুৰক্ষা তহবিল। নির্মাণ উদ্যোগত চেছ বহুৱাই শ্রমিক সুৰক্ষা তহবিল তৈয়াৰ কৰা হৈছে। ইয়াতে ৪৫ হেজাৰ কোটি টকা চেছ সংগ্রহ কৰি নির্মাণ শ্রমিকৰ বাবে কল্যাণ প্রকল্পৰ সৃষ্টি হৈছে। কিন্তু এই টকাবােৰ শ্ৰমিকৰ কল্যাণত খৰচ হােৱা নাই আৰু অধিকাংশ পৰি আছে ৰাজভঁৰালত। নতুন সুৰক্ষা কোড আইনত এই তহবিল আৰু ইয়াৰ সুৰক্ষা প্রকল্পৰ ৰূপায়ণক লৈ মােডী চৰকাৰ সম্পূর্ণ নীৰৱ। 

বর্তমান বিভিন্ন ৰাজ্যত বিভিন্ন সামাজিক সুৰক্ষাৰ যিসমূহ তহবিল আছে এই সকলােবােৰ কেন্দ্রীয় তহবিললৈ অনাৰ কথা কৈছে। ইয়াতে শ্ৰমিকৰ সুৰক্ষাৰ বিষয়টো কেন্দ্রীয়ভাৱে নিয়ন্ত্ৰণৰ কথা কৈছে। শ্রমিক সংগঠনবােৰৰ আশংকা নতুন সুৰক্ষা কোড আইনৰ নামত কার্যতঃ বৰ্তমানৰ সুৰক্ষা পুঁজি লুটি নিব কেন্দ্রীয় চৰকাৰে। শ্রমিক সংগঠনবােৰে কৈছে যে এই নতুন সুৰক্ষা কোড আইন জালিয়াতি বিনে একো নহয়। সংসদত শ্রম মন্ত্রী সন্তোষ গংগেৱাৰে জনাই যে দেশৰ ৪৪ খুন শ্রম আইন বিলােপ কৰি চাৰিখন শ্রম কোড বিধি কৰা হৈছে। এই কোড আইনত সামাজিক সুৰক্ষা যেনেকুৱাকৈ বিলােপ কৰা হৈছে সেই ধৰণেই শিল্প সম্পর্কিত কোড আইনত শ্রমিককর্মচাৰীসকলৰ চাকৰিৰ যিখিনি সুৰক্ষা তথা নিৰাপত্তা আছিল সেইখিনিৰ বিলুপ্তি ঘটাইছে। 

এই আইনত শ্ৰমিকসকলৰ দাবী আদায়ৰ বাবে আলাপ-আলােচনাৰ মৌলিক অধিকাৰৰ কোনাে সুযােগ ৰখা হােৱা নাই যিটো বর্তমান আইনত আছিল। আনকি ইউনিয়ন বিষয়ববীয়া নির্বাচনৰ বাবে শ্ৰমিকৰ অধিকাৰ নাথাকিব, উদ্যোগৰ মালিকে মনােনীত কৰি দিব। তদুপৰি আন্তর্জাতিক শ্রম সংস্থাৰ নির্দেশবােৰ এই আইনত সম্পূর্ণ উপেক্ষা কৰি লংঘন কৰিছে। এই শ্রম কোডত শ্ৰমিকৰ সংগঠন কৰাৰ অধিকাৰ মানি লােৱা নাই। এই শ্রম কোডত ব্যৱস্থাৰাখিছে যে যিবােৰ উদ্যোগ বা প্রতিষ্ঠানত ৩০০ৰ অধিক শ্রমিক কর্মচাৰী থাকে তাত শ্রমিক চাটাই কৰিবলৈ প্রশাসনিক অনুমতি লাগিব, কিন্তু ৩০০ কর্মীৰ কম শ্রমিক-কর্মচাৰী থাকিলে তাত চাটাই কৰাৰ বাবে কোনাে অনুমতিৰ প্রয়ােজন নাই। অর্থাৎ Hire and Fire নীতি। দেশত ৯০ শতাংশ উদ্যোগ প্রতিষ্ঠানতে ৩০০ৰ কম শ্রমিককর্মচাৰীৰ— অর্থাৎ দেশৰ অধিকাংশ বা সমস্ত প্রতিষ্ঠানতে মালিকৰ হায়াৰ এণ্ড ফায়াৰ অধিকাৰ থাকিব, শ্রমিক-কর্মচাৰীৰ চাকৰিৰ কোনাে নিৰাপত্তা নােহােৱা কৰি দিলে। 

আনফালে স্থায়ী বা নিয়মীয়া শ্রমিক কর্মচাৰী নিয়ােগ নীতিৰাে অৱসান ঘটাইছে। অবাধ চাটাই, ইউনিয়নৰ অধিকাৰ খর্ব কৰাৰ উপৰি স্থায়ী মিয়াদী চাকৰি চুক্তিৰ মাধ্যমে নিয়ােগৰ আইনী ব্যৱস্থা সমস্ত দেশত চালু কৰাৰ নীতি প্ৰৱৰ্তন কৰিব। স্থায়ী মিয়াদীৰ মেয়াদ তিনিমাহৰ পৰা ছয় মাহ হ'ব। এই মেয়াদ চুক্তিত নিয়ােগ হ’ব দেশৰ সর্বত্র। বর্তমান চুক্তিবদ্ধ মিয়াদী নিয়ােগ ঠিকাদাৰবােৰে কৰিছিল। এতিয়া যিকোনাে সংস্থাই প্রত্যক্ষভাৱে নির্দিষ্ট মিয়াদৰ চুক্তি কর্মী নিয়ােগ কৰিব পাৰিব আৰু এতিয়াৰ পৰা ঠিকা শ্রমিক আইনী হ’ল। এতিয়াৰ পৰা চৰকাৰী বেচৰকাৰী প্রতিষ্ঠানবােৰে স্থায়ী শ্রমিক-কর্মচাৰীৰ পৰিৱর্তে ঠিকা শ্রমিক নিয়ােগ কৰিব। কাৰণ এওঁলােকৰ স্থায়ী কর্মচাৰীৰ বাবে বিভিন্ন সুবিধা দিব নালাগে আৰু প্রতিষ্ঠানবােৰৰ অনেক খৰচ কম হ’ব। তদুপৰি চাটাইৰ ভয় দেখুৱাই ঠিকা শ্রমিকক শােষণ কৰি বিনা মজুৰিত অধিক সময়ৰ বাবে কাম কৰাব পাৰিব। 

মােডী চৰকাৰে দেশৰ শ্রমিক কর্মচাৰীসকলক দাস যুগৰ নিচিনা বন্ধা শ্রমিকত পৰিণত কৰিব পুঁজিপতিৰ স্বাৰ্থত। আনফালে দেশৰ ৰাজহুৱা সম্পদ যেনে— ৰেলৱে, প্রতিক্ষা, বেংক, বীমা, পথ পৰিবহণ, বন্দৰ, বিমানবন্দৰ, কয়লাখনি, বিদ্যুৎ, তীখা, পেট্রলিয়াম তথা সকলাে প্রাকৃতিক সম্পদক দেশীবিদেশী বৃহৎ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰাৰ প্রস্তুতি চলাইছে। উল্লেখ্য যে কপ'ৰেট গােষ্ঠী তথা পুঁজিপতিসকলে কামৰ সময় বৃদ্ধি কৰা, সামাজিক সুৰক্ষা খর্ব কৰা, স্থায়ী শ্রমিক প্রথা তুলি দিয়া, মজুৰি সংকোচন কৰা, ট্রেড ইউনিয়ন অধিকাৰৰ বিলুপ্তি | ঘটোৱা, হায়াৰ এণ্ড ফায়াৰনীতি প্রবর্তন কৰা ইত্যাদি দাবীদীর্ঘদিন ধৰি কৰি আহিছিল। এই দাবীৰ ভিত্তিতে মােডী চৰকাৰে শ্ৰমিকৰ স্বাৰ্থৰ আইনবােৰৰ বিলুপ্তি ঘটাই শ্রমিক কোড আইনবােৰ প্রণয়ন কৰিছে। 

যােৱা ছেপ্টেম্বৰ মাহত শ্ৰমিকসকলৰ আইনী অধিকাৰসমূহক সম্পূর্ণ বাতিল কৰি লােকসভা আৰু ৰাজ্যসভাত নতুন লেবাৰ আইন একপক্ষীয়ভাৱে অনুমােদন কৰাইছে মােডী চৰকাৰে। ব্রিটিছ চৰকাৰে ১৯২৬ চনতে ইণ্ডিয়ান ট্রেড ইউনিয়ন এক্ট প্রণয়ন কৰিছিল। তাৰ পাছত ভাৰতবৰ্ষৰ শ্রমিক শ্রেণীৰ দুৰ্বাৰ আন্দোলন আৰু আত্মত্যাগৰ ফলত ৪৪খন গুৰুত্বপূর্ণ শ্রম আইন প্রণয়ন কৰিবলৈ বাধ্য হৈছিল কেন্দ্রীয় চৰকাৰে। মােডী চৰকাৰে ভাৰতৰ শ্ৰমিক শ্রেণীৰ দীর্ঘদিনীয়া সংগ্ৰামৰ আৰু ত্যাগৰ ফলক নস্যাৎ কৰি দেশৰ মেহনতী জনসাধাৰণক দাসযুগৰ দাসত পৰিণত কৰি এনেদৰেই তেওঁলােকৰ ‘আচ্ছে দিন’ অনাৰ পৰিকল্পনা কৰিছে। মােডীৰ নেতৃত্বাধীন আৰএছএছ-বিজেপি চৰকাৰৰ শ্রমিক বিৰােধী জনস্বার্থবিৰােধী নীতিক পৰাস্ত কৰিবলৈ শ্রেণী ঐক্য আৰু শ্রমিক শ্রেণীৰ সংগ্রামেই জৰুৰী আৰু শ্রমিক শ্রেণীৰ নেতৃত্বৰ সংগ্রামেই আশু ৰাজনৈতিক পৰিৱৰ্তন আনিব পাৰিব। এই সংগ্রামৰ দ্বাৰাই ফেচিষ্ট আৰু সাম্প্রদায়িক শক্তিৰ প্রতিভূ নৰেন্দ্ৰ মােডীৰ নেতৃত্বাধীন আৰ এছ এছ-বি জে পি চৰকাৰক পৰাস্ত কৰিবলৈ সক্ষম হ'ব আৰু নব্য উদাৰ নীতিৰ বর্তমান পর্যায়ৰ প্ৰধান মুখপাত্র মােডীৰ পতনৰ লগে লগেহে শ্রমজীৱী মানুহৰ ওপৰত আক্রমণাত্মক অভিযান বন্ধ কৰা বা স্থগিত কৰা সম্ভৱ হ'ব।
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক, ফোন : ৯৪৩৫০৪১২০৩)
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 


No comments:

Post a Comment