শ্ৰদ্ধাঞ্জলিঃ আদৰ্শবান বাওঁপন্থী কুল দাসলৈ শ্ৰদ্ধাঞ্জলি :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ আদৰ্শবান বাওঁপন্থী কুল দাসলৈ শ্ৰদ্ধাঞ্জলি :: ইন্দ্ৰজিত বৰা

শ্ৰদ্ধাঞ্জলিঃ আদৰ্শবান বাওঁপন্থী কুল দাসলৈ শ্ৰদ্ধাঞ্জলি :: ইন্দ্ৰজিত বৰা

Share This
আদৰ্শবান বাওঁপন্থী কুল দাসলৈ শ্ৰদ্ধাঞ্জলি
ইন্দ্ৰজিত বৰা
ৰাজনীতিৰ নিৰ্বাচনী ৰাজনীতিলৈ হোৱা অধোগতিক সমাজৰ ঐতিহাসিক বিৱৰ্তনৰ পৰা পৃথককৈ চাব নোৱাৰি । নিৰ্বাচনী ৰাজনীতি মানেই যেনেকৈ এম-এল-এ, এম-পি অথবা মন্ত্ৰীয়েই একমাত্ৰ লক্ষ, তেনেকৈ কাৰোবাৰ বাবে পদোন্নতি অথবা বিশেষ সম্পৰ্কৰ বাহাৰ । সমাজ গাঁথনিটোৰ ফাঁকে ফাঁকে সোমাই থকা এনে বিৱৰ্তনীয় জনসমষ্টিবোৰৰ যিহেতু সামাজিক শক্তি সমীকৰণৰ পৰা স্বতন্ত্ৰ অস্তিত্ব নাই, নিৰ্বাচনী ৰাজনীতিয়ে ৰাজনৈতিক গুৰুত্ব হেৰুৱাটো নিশ্চিত । সেয়ে সমাজৰ ঐতিহাসিক বিৱৰ্তন প্ৰক্ৰিয়াক এক প্ৰগতিশীল দিশত নেতৃত্ব দিয়াৰ বাটত নিৰ্বাচনী ৰাজনীতিৰ ভূমিকা গৌণ । নিৰ্বাচনত জয়-পৰাজয়ৰ মাপকাঠিডালে এই নেতৃত্বক আপোচকামী কৰি বিমুখ কৰাহে দেখা যায় । গতিকে মানুহৰ ভোটলাভ মানেই সমাজ সচেতনতাৰ সম্পূৰ্ণ প্ৰতিফলন কেতিয়াও নহয় । 
যোৱাবছৰ অসমলৈ যাওঁতে কেবাবছৰৰ পাছত তিতাবৰত লগ পাইছিলোঁ কমিউনিষ্ট নেতা কুল দাসক ৷ প্ৰায় আশী বছৰীয়া ককাজনৰ খোজবোৰ থৰক-বৰক হৈ পৰিছিল । তাহানি সেই কেইখন ভৰিৰে যোৰহাটৰ পৰা তিতাবৰলৈকে একেকোবে খোজ কাঢ়ি আহিছিল ৷ ১৯৮৫ চনৰ পৰা যোৱাবাৰৰ বিধান সভা নিৰ্বাচনলৈকে তিতাবৰ বিধান সভা সমষ্টিৰ তেওঁ চিপিআই দলৰ প্ৰাৰ্থী হিচাবে প্ৰতিদন্দ্বিতা কৰি আহিছে ৷ প্ৰতিবাৰেই ভোটগণনাৰ দিনা শেষত তিতাবৰৰ বাচত উঠি ঘৰলৈ ওভতে ৷ প্ৰায়বাৰেই তেওঁ নিকততম প্ৰতিদন্দ্বী হৈ হাৰিছে ৷ ছাত্ৰ জীৱনৰ পৰাই প্ৰগতিশীল ধাৰাৰ লগত জৰিত কুল দাস এজন নিঃস্বাৰ্থ সমাজ সংগঠক আৰু তৃণমুল পৰ্যায়ৰ পৰাই জনগনৰ প্ৰাপ্য অধিকাৰৰ বাবে দাবী জনাই আহিছে আৰু জনগনৰ মাজত থাকি জনসচেতনতা সৃষ্টি কৰি আহিছে ৷ তাহানিৰ ৰিফাইনেৰী আন্দোলনৰ পৰা আৰম্ভ কৰি কৃষক আন্দোলনলৈকে তেওঁ অগ্ৰনি ভূমিকা লৈছে ৷ তেওঁৰ বাবে নিৰ্বাচনী ৰাজনীতি গৌণ ।

ভাৰতবৰ্ষৰ জাতীয় আন্দোলনৰ পৰা সংসদীয় গণতন্ত্ৰৰ মাজেৰে দলগত নিৰ্বাচনী ৰাজনীতিতেই সীমিত হৈ পৰা প্ৰক্ৰিয়াটোৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আছে । তেতিয়াহে গম পোৱা যাব যে প্ৰকৃততে এই নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেকৈ গণতন্ত্ৰৰ নামত উপহাসলৈ ৰূপান্তৰ হৈ পৰিল । নিৰ্বাচন আৰু তাৰ পাছৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কৰা আপোচেই হ’ল প্ৰতিষ্ঠান বিৰোধিতাৰ দৰে পৰিঘটনাৰ মূল কাৰণ ৷ সেয়ে হয়তো তেখেত যিকোনো প্ৰাক-নিৰ্বাচনী চৰ্ত অথবা আপোচ কৰি কেৱল নিৰ্বাচনত জিকাৰ পক্ষপাতি কেতিয়াও নাছিল ৷ বৰঞ্চ নিৰ্বাচনক এক গণমুখী অভিযান হিচাবে জনগনৰ অধিকাৰ, সজাগতা আৰু উন্নয়নৰ পথ দেখুওৱাৰহে তেওঁ পক্ষপাতী আছিল ৷ 

এতিয়াও তাহানিতেই শুনা কথা এটা মনত পৰে ৷ এবাৰ নিৰ্বাচনী অভিযানত যাওঁতে এজনে তেখেতক ক’লে যে এইবাৰ আমাৰ জনগোষ্ঠীৰ দুজন প্ৰতিদন্দ্বী হোৱাৰ বাবে সিদ্ধান্ত লোৱাত অলপ অসুবিধা হৈছে । মানে একে জনগোষ্ঠীৰ এজন নিৰ্দলীয় প্ৰতিদন্দ্বীও আছিল । তেওঁ প্ৰশ্নকৰ্তাজনক বিনাদ্বিধাই উত্তৰ দিলে যে যদি আপোনাৰ ভোটদানৰ মাপকাঠিডাল কেৱল জনগোষ্ঠীয়েই হয় তেনেহ’লে নিৰ্দলীয়জনকেই ভোট দিয়ক । ন্যস্তস্বাৰ্থৰ বাবে কৰা আপোচে নিৰ্বাচনত ধৰ্ম অথবা গোষ্ঠীৰ নামত আবেগ সৃষ্টি কৰি আহিছে ৷ গতিকে স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা নিশ্চিতভাবে ক’ব পাৰি যে এনে নিয়মিত অথবা অনিয়মিতভাৱে কৰা আবেগ সৃষ্টিৰ মূলতেই হ’ল বিভিন্ন পৰিসৰত ন্যস্তস্বাৰ্থৰ বাবে কৰা আপোচ ৷ 

প্ৰতিদন্দ্বিতা কৰিও নিৰ্বাচনী ৰাজনীতিৰ প্ৰতি থকা তেখেতৰ এই নিৰ্লিপ্ততাৰ কাৰণ পাছলৈ অনুধাৱন কৰিছিলোঁ ৷ এতিয়া ভাৰতীয় সংসদীয় গনতন্ত্ৰত গন সংগঠনৰ মাধ্যম হিচাবে নিৰ্বাচনী ৰাজনীতিৰ সীমাবদ্ধতা প্ৰায় প্ৰতীয়মান হৈ পৰিছে ৷ গণতান্ত্ৰিক ৰাষ্ট্ৰটো শাসকীয় গণ্ডীৰ ভিতৰত থাকি গনমুখী হৈ থকাৰ কোনো গ্যাৰান্টি নাই ৷ স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নবাদী আধিপত্যৰ অৱক্ষয় আৰু ৰাষ্ট্ৰব্যৱস্থাৰ ওপৰত আৰ্থসামাজিক শক্তিবিলাকৰ বৰ্ধিত দাবী - এই দুই পৰস্পৰ বিৰোধী প্ৰক্ৰিয়াই কেৱল প্ৰতিষ্ঠান বিৰোধিতাৰ দৰে তাৎকালিক পৰিঘটনা এটাৰ সৈতে মকামিলা কৰিবলৈহে নিৰ্বাচনী ৰাজনীতি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰালে ৷ প্ৰশাসনিক দক্ষতাক ধাৰাবাহিকভাৱে আপোচ কৰি অহা হ’ল ৷ তেনেকৈ, নব্য উদাৰতাবাদৰ সৈতে ৰাজনৈতিক মৈত্ৰীবন্ধনৰ লগে লগে বিকাশ আৰু প্ৰশাসনিক দক্ষতাৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন অনিবাৰ্য হৈ পৰিছে ৷ কিন্তু তাৰ লগে লগে নিৰ্বাচনী ৰাজনীতিৰ সহযোগত নব্য উদাৰবাদে গনমুখী ৰাজনীতিৰ পৰিসৰ সংকোচন কৰি আনিছে ৷ সাম্প্ৰতিক নব্য উদাৰবাদী অৰ্থনৈতিক নীতিৰ যদি বিকল্প আছে সেয়া জনগনৰ সজাগতাতেই সীমাবদ্ধ আৰু নিৰ্বাচনত সেয়া প্ৰতিফলিত হোৱাৰ আশা ক্ষীণ ৷ তাৰ কোনো বিকল্প নিৰ্বাচনী ৰাজনীতিত দেখা পোৱা নাই ৷ সেয়ে নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধত প্ৰতিটো নীতিৰ গণতান্ত্ৰিক নৈতিকতা পৰ্যালোচনালৈ আহিব লাগিব ।
প্ৰশাসনিক প্ৰযুক্তিৰ উপাদানসমূহ নিৰ্ণয়ত নীতি-আদৰ্শগত দৃষ্টিকোণতকৈ আৰ্থ-সামাজিক শক্তিবিলাকৰ প্ৰভাৱহে মূল হৈ আহিছে। যদি আৰ্থ-সামাজিক শক্তিৰ পৃষ্ঠপোষকতা অবিহনে নিৰ্বাচনী ৰাজনীতি অসম্ভৱ, তেনেহলে আৰ্থসামাজিক সুৰক্ষাৰ প্ৰশ্নবোৰ নিৰ্বাচনী ৰাজনীতিৰ উৰ্দ্ধত । এই প্ৰশ্নবোৰেই সমাজৰ অস্তিত্ব, ইয়াৰ বাবে কোনো দলগত লেবেল নিষ্প্ৰয়োজন ৷ সংসদীয় গনতন্ত্ৰত বিভিন্ন দল অথবা ৰাজনৈতিক শক্তি হিচাবে দেখা পোৱা লেবেলবোৰ মাথো জড় ৰাজনৈতিক অংক ৷ এইখিনিতে একচেটিয়া স্বাৰ্থসিদ্ধিৰ বাবে যুক্তিবাদৰ উপস্থিতি একেবাৰে অপ্ৰত্যাশিত আৰু তাৰ বাবে প্ৰবল বুদ্ধিমত্তা-বিদ্বেষৰ দৰে নিচাসক্তিহে কাম্য । তেতিয়াহে ইতিহাসৰ নামত সাধুকথা লিখি আমোদ-প্ৰমোদ অথবা কৌতুক অভিনয় সম্ভৱ হ’ব ৷ গতিকে একচেটিয়া আৰ্থসামাজিক শক্তিৰ স্বাৰ্থই নিৰ্বাচনী ৰাজনীতিৰ মূল চালিকা শক্তি হৈ পৰিবই । নিৰ্বাচনী ৰাজনীতিয়ে সৃষ্টি কৰা এনে পন্থীগত লেবেলবিলাকে জন্ম দিয়া কৌতুকধৰ্মী আলোচনাবিলাক তেনেই খন্তেকীয়া । সেয়ে, নিৰ্বাচনী ৰাজনীতিৰ পৰা উচিত দূৰত্ব বজাই ৰখা বিশ্লেষণত বিনোদনধৰ্মিতা নথাকিব পাৰে, কিন্তু ই সুদুৰপ্ৰসাৰী। 

সৰ্বাধিকাৰৰ নামত নব্য সামন্তবাদৰ জন্ম দিয়াটো উত্তৰ-ঔপনিৱেশিক তৃতীয় বিশ্বৰ পৰিঘটনা ৷ গতিকে, এতিয়া নব্য-উদাৰবাদ অনিবাৰ্য হৈ পৰিছে আৰু আহক ৷ বজাৰৰ নৈতিকতাৰ ভেঁটিত পুঁজিৰ বিকাশ হওঁক ৷ গনতন্ত্ৰইও এই নব্য-উদাৰবাদৰ মাজতেই যিমান পাৰে অকণমান জেগা উলিয়াই লওঁক ৷ পিছে নব্য-উদাৰবাদে সৰ্বাধিকাৰবাদী সমাজ চেতনাক আমাৰ গনতান্ত্ৰিক পৰম্পৰাৰ পৰা জানো নিঃশেষ কৰি পেলাব পাৰিব ৷ গতিকে সংঘাতবোৰ আহিবই আৰু প্ৰতিদন্দ্বিতাও অব্যাহত থাকিব ৷ মুক্ত অৰ্থনীতিৰ নামত বজাৰৰ বন্যতাৰ মুখলৈ সকলো ঠেলি দিয়াৰ বিৰোধিতাও হবই ৷

এইখিনিতে, এটা গুৰুত্বপূৰ্ণ দিশ হ’ল গতিশীল আৰ্থসামাজিক বিৱৰ্তনত বহনীয় হৈ থকা মানুহৰ মৌলিকভাবে প্ৰয়োজনীয় সজাগতাখিনি ৷ কাৰণ মানুহৰ মাজত থকা আৰ্থ-সামাজিক সম্পৰ্কবিলাকৰ পুনৰ্নিৰ্মাণৰ প্ৰচেষ্টা কেৱল ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিতেই সীমাবদ্ধ নহ়য়, ব্যক্তিসত্তাবিলাকৰ সামাজিক সচেতনতা অবিহনে সেয়া অসাৰ ৷ কাৰণ ব্যক্তিসচেতনতাই হ’ল আৰ্থ-সামাজিক শক্তিবিলাকৰ ৰাজনৈতিক প্ৰকাশ ৷ মানৱ সমাজত ব্যক্তিসচেতনতা গঢ় দিয়ে সামাজিক-সাংস্কৃতিক বিৱৰ্তনেহে। সেয়ে, সামাজিক-সাংস্কৃতিক বিবৰ্তনেহে যে ৰাজনৈতিক সমাজব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগিব,তাত কোনো সন্দেহ নাই ৷ তাৰ বিপৰীতে কোনো ৰাষ্ট্ৰব্যৱস্থা কেৱল নিৰ্বাচনত জিকি ৰাজনৈতিকভাৱে ওপৰৰ পৰা জাপি দি প্ৰগতিশীল সামাজিক-সাংস্কৃতিক বিৱৰ্তন আনিব নোৱাৰি ৷ সেয়ে এয়া তৃণমূল পৰ্যায়ৰ পৰাই আৰম্ভ হ’ব ৷ কুল দাস তৃণমূলৰ সংগ্ৰামী নেতা, স্পষ্টতা আৰু স্বচ্ছতা এই নেতৃত্বৰ বৈশিষ্ট্য । 

আজি আমি কেৱল এজন সমাজ সংগঠকক হেৰুৱা নাই । আমাৰ সমাজৰ এজন প্ৰকৃত পৰিয়ালৰ মানুহক হেৰুৱাইছোঁ যি এৰি থৈ গৈছে সবাতোকৈ চহকী এখন ঘৰ আৰু এটা আদৰ্শ পৰিয়াল ।
-------------------------------
সম্পাদকৰ সংযোজনঃ কুল দাস দেৱৰ জীৱন ও ৰাজনৈতিক সংগ্ৰামৰ বিষয়ে দ্য টেলিগ্ৰাফ কাকতে প্ৰকাশ কৰা প্ৰতিবেদন তলৰ সূত্ৰত পঢ়িবলৈ পাব।
Titabar’s never-say-die Bruce - Telegraph India

No comments:

Post a Comment