বিশ্লেষণঃ কৃষি আৰু কৃষকঃ অস্তিত্বৰ সংকট আৰু তাৰ ঐতিহাসিক পটভূমি :: ইন্দ্ৰজিৎ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ কৃষি আৰু কৃষকঃ অস্তিত্বৰ সংকট আৰু তাৰ ঐতিহাসিক পটভূমি  :: ইন্দ্ৰজিৎ বৰা

বিশ্লেষণঃ কৃষি আৰু কৃষকঃ অস্তিত্বৰ সংকট আৰু তাৰ ঐতিহাসিক পটভূমি :: ইন্দ্ৰজিৎ বৰা

Share This
কৃষি আৰু কৃষকঃ অস্তিত্বৰ সংকট আৰু তাৰ ঐতিহাসিক পটভূমি
ইন্দ্ৰজিৎ বৰা
কৃষি উৎপাদন মানুহৰ মৌলিক শক্তি উৎস বুলি কওঁতে কথাষাৰ যিমান সহজ আৰু পোনপটিয়া যেন লাগে, ইতিহাসৰ বুকুত কৃষিখণ্ডৰ লগত জৰিত মানুহখিনিৰ আৰ্থ-সামাজিক স্থিতি কিন্তু সিমানেই জটিল । সাম্প্ৰতিক ঐতিহাসিক সন্ধিক্ষণৰ ডাইলেমাটো হ’ল কৃষিখণ্ডত স্থিতাৱস্থাবাদী স্বাৰ্থই বৰ্তাই ৰখা ছদ্মবেশী জীৱনটোৱেই হওঁক অথবা পুঁজিবাদৰ উচ্ছেদ অভিযানে চহৰীয়া উপকন্ঠলৈ খেদি পঠোৱা অন্য এক ছদ্মবেশী জীৱনেই হওঁক কোনোটোতেই এই মেহনতী মানুহখিনিক এক নিৰ্বাহক জীৱনৰ সন্ধান দিব নোৱাৰে। গতিকে মনকৰিবলগীয়া যে সম্প্ৰতি যি দ্বিবিভাজিত ৰাগধাৰাই ৰাজনৈতিক প্ৰেক্ষাপটত তোলপাৰ লগাই আছে সেয়া প্ৰকৃততে কৃষিখণ্ডৰ লগত জৰিত মেহনতী মানুহখিনি অথবা ক্ষুদ্ৰ চহাৰ স্বাৰ্থৰ পৰা বহু নিলগত, বৰঞ্চ স্থিতাৱস্থাবাদী আৰু আগ্ৰাসনবাদী শ্ৰেণীস্বাৰ্থৰ সংঘাতেহে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিছে । পাশ্চাত্যৰ পুঁজিবাদী বিকাশৰ ক্ৰমনিকাৰ দোহাই দি এনে এটা সন্ধিক্ষণক অনিবাৰ্য হিচাবে জনমানসত প্ৰতিষ্ঠা কৰিবলৈ যেনেকৈ ৰাষ্ট্ৰযন্ত্ৰটো ব্যৱহৃত হৈ আহিছে, তেনেকৈ কৃষিখণ্ডত পৰম্পৰাগতভাৱে বৰ্তি থকা স্থিতাৱস্থাবাদী স্বাৰ্থইও নিজৰ আৰ্থ-সামাজিক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰযন্ত্ৰক পৰিচালিত কৰা ক্ষমতাৰ অংশীদাৰিত্ব লাভ কৰি আহিছে ।
এই অংশীদাৰিত্বৰ পটভূমিটো এনেধৰণৰ। অৰ্দ্ধ-পুঁজিবাদী বিকাশ উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰ এখনৰ বৈশিষ্ট্য। এই ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত পুঁজিপতিসকলৰ সামন্তীয় সম্পৰ্কৰ বিৰুদ্ধে গণতান্ত্ৰিক বিপ্লৱ গঢ়ি তোলাৰ ক্ষেত্ৰত সদিচ্ছাৰ অভাৱ। পুঁজিপতিসকলে সামন্তীয় সম্পৰ্কৰ লগত আপোচ কৰিলৈ লয় আৰু তেনে আপোচে গণতান্ত্ৰিক আকাংক্ষাৰ বিপৰীতে চহা জনগণৰ ওপৰত সামন্তীয় দমন অব্যাহত ৰাখিলে। পুঁজিপতিৰ সামন্তীয় শক্তিবিলাকৰ লগত সন্মিলনৰ মূল কাৰণ শ্ৰমিকৰ পুঁজিপতিৰ সম্পত্তিৰ ওপৰত সাম্ভাব্য আক্ৰমণৰ আশংকা। ফৰাচী বিপ্লৱৰ সময়ত চহা আৰু পুঁজিপতিসকল লগ লাগি সামন্তীয় ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল। চহা আৰু পুঁজিপতিৰ উমৈহতীয়া স্বাৰ্থ আছিল ব্যক্তিগত সম্পত্তিৰ ৰক্ষণাবেক্ষণ।

গতিকে কৃষিখণ্ডত কৃষিজীৱিৰ অস্তিত্বৰ সংকট যেনেকৈ ঐতিহাসিক, তেনেকৈ এনে সংকট অৱসানৰ গাঁথনিগত প্ৰত্যাহ্বানবোৰো ঐতিহাসিক৷ পশ্চিম ইউৰোপীয় দেশবিলাকৰ পুঁজিবাদী বিকাশৰ ক্ৰমনিকাই কৃষিখণ্ডৰ কেৱল সংকোচন প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাই নহয় ইয়াক ত্বৰাম্বিত কৰাৰো যুক্তিবাদ প্ৰতিষ্ঠা কৰে। সংকোচন মানে দেশৰ ৰাষ্ট্ৰীয় আয়লৈ কৃষিখণ্ডৰ অৰিহনাৰ সংকোচন আৰু লগে লগে কৃষিখণ্ডক উদ্যোগিক বিনিয়োগলৈ ৰূপান্তৰ । এই বিৱৰ্তিত প্ৰক্ৰিয়াৰ এক গতানুগতিক পৰিনাতি হ’ল কৃষিখণ্ডৰ নিজস্ব নিয়োগ ক্ষমতাৰ হ্ৰাস আৰু অনিশ্চয়তাৰ গহ্বৰত বন্দী হৈ পৰা কৃষিবনুৱাৰ অৱধাৰিত উদ্যোগিক প্ৰব্ৰজন । ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ লগত এতিয়াও মুঠ জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোক জৰিত হৈ আছে আৰু তাৰ বিপৰীতে কৃষিখণ্ডই দেশৰ ৰাষ্ট্ৰীয় উৎপাদনৰ মাত্ৰ ১৮ শতাংশহে অৰিহণা যোগায় । সম্প্ৰতি উপযোগীতাৰ (প্ৰকৃত ভোক্তব্য পৰিমাণ তথাকথিত উপযোগীতাতকৈ বহুত বেছি) ফালৰ পৰা মূল ফচলৰ উৎপাদনত ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হ’লেও কৃষিৰ সৈতে জৰিত মানুহখিনিৰ দুৰাৱস্থাৰ সম্ভেদ পোনপটীয়াকৈ উপৰোক্ত সংখ্যা দুটাই দিয়ে । তাৰোপৰি কৃষিখণ্ডৰ শ্ৰেণী সমীকৰণে কৃষিখণ্ডৰ লগত জৰিত গৰিষ্ঠসংখ্যক মানুহৰ জীৱনৰ অনিশ্চয়তাৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে । কৃষকৰ আয় দুগুণ কৰাৰ ওপৰত দিহা-পৰামৰ্শৰ বাবে ২০১৬ চনত গঠিত কমিটিৰ প্ৰতিবেদন অনুসৰি ক্ষুদ্ৰ কৃষকৰ ২০১৫-১৬ চনৰ গড় জনমূৰি আয় আছিল ৭৯,৭৭৯ টকা । তাৰ বিপৰীতে, ১০ হেক্টৰতকৈ বছি মাটি থকা ধনী কৃষকৰ সেই গড় আয় প্ৰায় আঠ গুণ বেছি অৰ্থাৎ ৬,০৫,৩৯৩ টকা । তাৰোপৰি, মধ্যম শ্ৰেণীৰ কৃষকে প্ৰায় ২,০১,০৮৩ টকা অৰ্থাৎ তিনিগুণ বেছি উপাৰ্জন কৰে । তেনেকৈয়ে, কৃষিক্ষেত্ৰত অৰ্থনৈতিক অসমতাৰ ছবিখন স্পষ্ট । প্ৰায় ৮৫ শতাংশ কৃষকে কৃষিখণ্ডৰ ৯ শতাংশহে উপাৰ্জন কৰে আৰু বাকী ১৫ শতাংশই ৯১ শতাংশ উপাৰ্জন কৰে । অন্যহাতেদি, ১৯৬০ চনত আৰম্ভ কৰা সেউজ বিপ্লৱে কৃষিৰ উৎপাদনশীলতা আৰু উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে । কিন্তু তেতিয়াৰ পৰা মাটিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত বৈষম্য বৃদ্ধি হ’ল । যোৱা সময়ছোৱাত ক্ষুদ্ৰ কৃষকৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি পালে, অৰ্থাৎ সম্প্ৰতি ৬৭ শতাংশ মাটিৰ মুঠ মালিকীস্বত্ব মাত্ৰ ০.৩৯ হেক্টৰৰ । উদাহৰণস্বৰূপে, ১০ হেক্টৰতকৈ বেছি মালিকীস্বত্বৰ কৃষকে বছৰি আয় দুগুণ কৰিবলৈ সক্ষম হয় যদিও ১ হেক্টৰতকৈ কম কৃষকে মাত্ৰ ৫০ শতাংশহে কৰিব পাৰে। 

প্ৰকৃতাৰ্থত ভূমি সংস্কাৰৰ পাছত পুৰণা জমিদাৰীৰ আংশিক অৱসান আৰু এক নতুন শ্ৰেণীৰ ধনী খেতিয়কৰ উত্থান হ’লেও মালিকীস্বত্ব ১৫ শতাংশৰ মাজতেই কেন্দ্ৰীভূত হৈ ৰৈছিল । আচলতে এই প্ৰায় সুষম শ্ৰেণীটোক পুঁজিপতি কৃষক হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰ যোগেদি যথেষ্ট সাহায্য পাই আহিছে । গতিকে দেশৰ কৃষি অৰ্থনীতি প্ৰকৃততে ওপৰৰ ১৫ শতাংশ ধনী খেতিয়কৰ আশীৰ্বাদত চলে, যিসকলে যোৱা সময়ছোৱাত চৰকাৰৰ কৃষি নীতি নিৰূপনৰ ক্ষেত্ৰত এক শক্তিশালী দাবীদাৰ হিচাবে নিজৰ প্ৰভূত্ব বৰ্তাই আহিছে । কৃষিখণ্ডৰ সংকোচনে স্বাভাৱিকভাৱেই এই দাবীদাৰসকলৰ শক্তিও লাহে লাহে হ্ৰাস কৰি আহিছে আৰু তাৰ লগে লগে গোটেই খণ্ডটোৰ লগত জড়িত গৰিষ্ঠসংখ্যক জনগনৰ অনিশ্চয়তাও বৃদ্ধি পাইছে । 

ওপৰত উল্লেখ কৰা ১৫ শতাংশ ভূমিপ্ৰভূৰ বাদে, ক্ষুদ্ৰ খেতিয়ক আৰু ভূমিহীন বনুৱাসকল আচলতে ছদ্মবেশী বনুৱা, যিসকলৰ চহৰীয়া প্ৰব্ৰজন অৱশ্যম্ভাৱী হৈ পৰিছে । বিশ্বস্তৰত গড় চহৰীয়া জনসংখ্যাই ২০০৭ চনতেই ৫০ শতাংশ অতিক্ৰম কৰাৰ পাছতো ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ চহৰীয়া জনসংখ্যা আছিল প্ৰায় ৩১ শতাংশ আৰু ২০১৮ চনৰ বিশ্ব বেংকৰ তথ্য মতে প্ৰায় ৩৪ শতাংশ । বিশ্ববেংকৰ ২০১৪ চনৰ তথ্য মতে বিশ্বব্যাপী মুঠ চহৰীয়া জনসংখ্যাৰ ২৪ শতাংশ অস্বাস্থ্যকৰ বস্তি এলেকাত বসতি কৰে । গতিকে চহৰীয়া উপকণ্ঠটো অন্য এক শ্ৰেণীৰ ছদ্মবেশী বনুৱাৰ সৃষ্টি হৈছে । গ্ৰাম্য-চহৰৰ এই দুই ছদ্মৱেশী পৰিস্থিতিৰ মাজত বনুৱাসকল দোদোল্যমান হৈ আছে । গতিকে আমি পুঁজিবাদী আৰু পূৰ্ব-পুঁজিবাদী এই দুই ধৰণৰ আৰ্থ-সামাজিক সম্পৰ্কই গ্ৰাম্য জীৱনত দেখা পাওঁ যি বৃহৎ সংখ্যক ক্ষুদ্ৰ কৃষকৰ বাবে পৰম্পৰাগতভাৱে দমনাত্মক হৈ আছে।

কৃষিখণ্ডৰ এনে জটিল সন্ধিক্ষণত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকা কি হ’ব পাৰে? কোনো গণতান্ত্ৰিক ৰাষ্ট্ৰই যেনেকৈ দেশৰ গৰিষ্ঠসংখ্যক জনগনৰ এনে অনিশ্চয়তাক আওকাণ কৰি নোৱাৰে, তেনেকৈ সমকালীন আৰ্থ-সামাজিক গাঁথনিৰ মাজতেই কোনো ঐতিহাসিক বিকল্প বিচৰাৰ ক্ষেত্ৰতো সীমাবদ্ধতা আছে । কাৰণ ৰাষ্ট্ৰব্যৱস্থাই আৰ্থ-সামাজিক গাঁথনিৰ মাজত সম্পৃক্ত হৈ থকা শ্ৰেণীগত সংঘাতবিলাকৰ মধ্যস্থতা কৰি আহিছে। এইক্ষেত্ৰত গাঁও-চহৰৰ শ্ৰমিক শ্ৰেণীৰ মৌলিক সংগ্ৰামখনেই প্ৰাথমিক। দ্বিতীয়তে বিভিন্ন শাসক শ্ৰেণীবিলাকৰ মাজত প্ৰধানকৈ বিভিন্ন খণ্ডৰ উদ্যোগিক পুঁজিৰ লগত জৰিত শ্ৰেণীবিলাকৰ মাজত আৰু উদ্যোগিক আৰু কৃষিভিত্তিক পুঁজিপতিসকলৰ মাজৰ সংঘাত। অন্যহাতেদি শাসক শ্ৰেণী আৰু তাৰ ক্ষুদ্ৰ উৎপাদনকাৰী বৃহৎ জন-গাঁথনিৰ মাজৰ সংঘাত। প্ৰকৃততে দ্বিতীয় বিধ সংঘাতেহে ৰাজনৈতিক স্থিৰতা হিচাবে প্ৰকাশ পোৱা শ্ৰেণীগত ভাৰসাম্যতাৰ প্ৰধান নিৰ্ণায়ক ভূমিকা লৈ আহিছে। সংগঠিত শ্ৰমিক অথবা চহাৰ আসন্ন সংগ্ৰামৰ দৰে প্ৰত্যাহ্বানে শাসকগোষ্ঠীৰ ভিতৰতে থকা শক্তি সমীকৰণ পৰিৱৰ্তিত কৰি থাকে । তেনেদৰে প্ৰাক-পুঁজিবাদী শক্তিবিলাকৰ উপস্থিতিয়ে এক সংযুক্ত ৰাজনীতিৰ পটভূমি ৰচনা কৰে । ৰাষ্ট্ৰব্যৱস্থাই বিভিন্ন ৰাজনৈতিক কাৰ্যসূচীৰে বৃহৎ পুঁজিপতি, আঞ্চলিক পুঁজিপতি, ভূসম্পত্তিশালী আৰু ধনী কৃষকৰ মাজত সন্মিলনৰ সৃষ্টি কৰে যাতে দেশৰ শ্ৰমজীৱিসকলৰ সাম্ভাব্য প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰা যায় । 

প্ৰসঙ্গক্ৰমে শ্ৰেণীৰ বিকাশ আৰু তাৰ লাগে লগে সমাজ গাঁথনিৰ গতিশীলতা উত্তৰ-ঔপনিৱেশিক সমাজ আৰু ৰাষ্ট্ৰৰ বিশেষত্ব । স্বৰাজোত্তৰ ভাৰতত নীতি আৰু আঁচনিবোৰ যেনে ভূমি সংস্কাৰক ভূমিহীনৰ মাজলৈকে লৈ যোৱা, মাটিৰ ম্যাদীকৰণ সুনিশ্চিত কৰা অথবা থলুৱা পুঁজিৰ বিকাশ সাধন কৰা, তৃণমূল পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰাৰ দিশত অহা তাৎকালিক প্ৰত্যাহ্বানবোৰ তেনে এটা পটভূমিতেই বিশ্লেষণ কৰিব পাৰি ৷ সামন্তীয় সমাজ গাঁথনিৰ অৱশেষ আৰু প্ৰশাসনত শিপাই থকা নব্য সামন্তীয় ঔপনিৱেশিক আমোলাতান্ত্ৰিক পৰম্পৰা তেনে এক গতিশীলতাৰেই নিদৰ্শন, যি দেশৰ কল্যানকামী নীতি আৰু আঁচনিবিলাকৰ বাস্তৱ ৰূপায়নলৈ সদায় প্ৰত্যাহ্বন জনাই আহিছে ৷ এই প্ৰশ্নবোৰ লৈ কৰা তৃণমূল পৰ্যায়ৰ আন্দোলনবোৰ নিৰ্বাচনী ৰাজনীতিয়ে কৌশলগতভাৱে আওকান কৰি আহিল ৷ কাৰণ সমাজ গাঁথনিটোলৈ পৰিৱৰ্তন আৰু তৃণমূল পৰ্যায়ৰ সংগঠনৰ প্ৰশ্নবোৰ শক্তিৱন্ত আৰু মুষ্টিমেয় আৰ্থ-সামাজিক শক্তিবোৰে কৌশলগতভাৱে ৰাজনৈতিক প্ৰশ্নৰ পৰা আঁতৰাই ৰাখিছিল ৷ তেনেকৈয়ে ইমাৰ্জেঞ্চিৰ সময়ৰ জনপ্ৰিয় কৃষক নেতৃত্বৰ লগত ভূমি সংস্কাৰ আৰু সেউজ বিপ্লৱৰ ঐতিহাসিক সম্পৰ্ক আছেনে? তেনেকৈয়ে অনাগত দিনত ১৫% ভূমিপ্ৰভু নিজৰ শক্তিপৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হয় সেয়া লক্ষনীয় হ’ব । আগতে উল্লেখ কৰা দ্বিতীয়বিধ সংঘাত কোনো নতুন মৈত্ৰীবন্ধনেৰে অৱসান ঘটিবনে?

সম্প্ৰতি কৃষিভূমিৰ তেনে এক ঐতিহাসিক দুৰাৱস্থাৰ মাজতেই ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত জনপ্ৰিয়তাৰ শিখৰত বিৰাজমান হৈ থকা বিকাশৰ পৰিভাষাই হ’ল নব্য উদাৰতাবাদৰ জয়গান । বিকাশৰ এই জনপ্ৰিয় পৰিভাষা হ’ল এনে ধৰণৰ । ক্ষুদ্ৰ, নিম্ন উৎপাদনশীল আৰু কৃষিৰ দৰে জনাকীৰ্ণ পৰম্পৰাগত খণ্ডৰ পৰা শ্ৰমিকসকলৰ অধিক উৎপাদনশীল আধুনিক পুঁজিবাদী খণ্ডলৈ প্ৰব্ৰজন এনে বিকাশৰ এক অপৰিহাৰ্য প্ৰক্ৰিয়া। এনে প্ৰব্ৰজনৰ বাবে অনিয়ন্ত্ৰিত পুঁজিবাদী বিকাশ হ’ব পূৰ্বচৰ্ত আৰু পুঁজিৰ জমা প্ৰক্ৰিয়াৰ বাটত দেখা দিয়া সকলো প্ৰতিবন্ধকতা নিঃশেষ কৰিলেহে সেয়া সম্ভৱ হ’ব । গতিকে পুঁজিবাদী বিকাশত কল-কাৰখানাৰ বাবে ক্ষুদ্ৰ কৃষকৰ কৃষিভূমিৰ আবণ্টনৰ দৰে ক্ষুদ্ৰ উৎপাদন খণ্ড স্থানচ্যুত হোৱাটো নিশ্চিত । কিন্তু তাক এক অন্তৰ্ৱৰ্তীকালীন সমস্যা হিচাবে নাকচ কৰা হৈছে কাৰণ সময়ৰ লগে লগে ক্ষুদ্ৰ উৎপাদন খণ্ডৰ পৰা অপসাৰিত শ্ৰমিকসকলে আধুনিক পুঁজিবাদী ক্ষেত্ৰত সম্পূৰ্ণকৈ কৰ্ম সংস্থাপন পাব । সেয়ে ক্ষুদ্ৰ উৎপাদনৰ সুৰক্ষাৰ নামত পুঁজিবাদী বিকাশক বাধা দিয়াটো অধঃপতনৰ লক্ষণ, যিটো কেৱল নিৰ্বাচনী ৰাজনীতিৰ পপুলিষ্ট বস্তু আৰু ইয়াৰ কোনো অৰ্থনৈতিক যুক্তিযুক্ততা নাই।

উপৰোক্ত বাগধাৰাটো মূলতঃ পশ্চিম ইউৰোপীয় দেশবিলাকৰ পুঁজিবাদী বিকাশৰ তেনে এক ক্ৰমনিকাৰে যুক্তিযুক্ত কৰিবলৈ চেষ্টা কৰা হয় । কাৰণ এই প্ৰক্ৰিয়াত ক্ষুদ্ৰ উৎপাদনৰ পৰা অপসাৰিত শ্ৰমিকসকল এক যন্ত্ৰনাকাতৰ সময়ৰ অন্তত পুঁজিবাদী খণ্ডত সংস্থাপিত হৈছিল । গতিকে ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক দেশত তেনে অভিজ্ঞতাৰ পুনৰাবৃত্তি হোৱা উচিত । আকৌ জনাকীৰ্ণ আৰু পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদন ক্ষেত্ৰৰ মজুৰি একেবাৰে নিৰ্বাহক স্তৰৰ আৰু ই ক্ষেত্ৰটোৰ গড় জনমুৰি আয়কৈ অধিক হোৱাটো অসম্ভৱ । কিন্তু পুঁজিবাদী বিকাশত যিহেতু বনুৱাৰ উৎপাদনশীলতা বেছি, সেয়ে অধিক মুনাফাই অধিক বিনিয়োগৰ সৃষ্টি কৰিব যি অপসাৰিত শ্ৰমিকক সংস্থাপিত কৰিব পাৰিব । গতিকে নিবনুৱা আৰু দৰিদ্ৰতাৰ উত্তৰ অবাধ পুঁজিবাদী বিকাশৰ মাজতহে আছে ।

কিন্তু এয়া প্ৰকৃততে এক অৰ্থনৈতিক ভ্ৰমহে মাত্ৰ । অনিয়ন্ত্ৰিত পুঁজিবাদী বিকাশত বনুৱাৰ উৎপাদনশীলতা বৃদ্ধি এক নিৰন্তৰ প্ৰক্ৰিয়া । গতিকে এক বিশেষ উৎপাদন বৃদ্ধিৰ হাৰ সাপেক্ষে নিয়োগ সৃষ্টিৰ ক্ষমতা হ্ৰাস হৈ গৈ থকাটো অৱশ্যম্ভাৱী । তেনেস্থলত অপসাৰিত বনুৱাৰ সংস্থাপন দূৰৰ কথা, উৎপাদনশীলতাই অন্তৰ্নিহিতভাৱে সৃষ্টি কৰা নিবনুৱাসকলৰ সংস্থাপনেই অসম্ভৱ হৈ পৰে। পশ্চিম ইউৰোপীয় দেশবিলাককৈ চালে দেখা যায় যে প্ৰকৃততে ক্ষুদ্ৰ উৎপাদনৰ পৰা অপসাৰিত শ্ৰমিকসকল সম্পূৰ্ণকৈ নিজৰ দেশৰ পুঁজিবাদী ক্ষেত্ৰত সংস্থাপিত হোৱা নাছিল । বৃহৎ সংখ্যক বনুৱা পশ্চিম ইউৰোপৰ উপনিৱেশবিলাকলৈ ৰপ্তানি হৈছিল আৰু সেই উপনিৱেশবিলাকত কম উৎপাদনশীল হিচাবে নিয়োজিত হৈছিল । একাংশ অপসাৰিত শ্ৰমিক আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দৰে শীতোষ্ণ অঞ্চলৰ দেশবিলাকলৈ প্ৰব্ৰজন কৰি তাত কৃষক হিচাবেই জীৱন আৰম্ভ কৰিছিল। তেনেকৈয়ে পশ্চিম ইউৰোপীয় দেশবিলাকত অধিক উৎপাদনশীলতাৰ মাজতো নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাক নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ হৈছিল । গতিকে সেয়া পুঁজিবাদী বিকাশৰ অন্তৰ্নিহিত ফলশ্ৰুতি নাছিল, ব্যাপক প্ৰব্ৰজনৰ কাৰণেহে সম্ভৱ হৈছিল । সাম্প্ৰতিক পৃথিৱীত তেনে ব্যাপক প্ৰব্ৰজন এক অসম্ভৱ কথা, য’ত নেকি প্ৰব্ৰজনৰ ইতিহাস খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপক হৈ পৰিছে।

গতিকে, অধিক উৎপাদনশীলতাৰ দ্বাৰা সৃষ্টি হোৱা বৰ্ধিত নিবনুৱা পুঁজিবাদী বিকাশৰ এক অন্তৰ্নিহিত প্ৰক্ৰিয়া । পুঁজিবাদী বিকাশে নিজৰ পৰিসৰৰ ভিতৰত অপসাৰিত শ্ৰমিকসকলক সংস্থাপিত কৰিব নোৱাৰে । বৰঞ্চ নিবনুৱা সৃষ্টিৰ দ্বাৰাহে পুঁজিবাদী বিকাশ সম্ভৱ হয় । তেনেস্থলত পুঁজিবাদী বিকাশে যদি কৃষিভূমিৰ আবণ্টনৰ যোগেদি কৃষিখণ্ডৰ দৰে ক্ষুদ্ৰ উৎপাদনৰ লগত জৰিত শ্ৰমিকসকলক স্থানচ্যুত কৰে, তেন্তে অৰ্থনৈতিক বৈষম্যই ভয়াবহ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

এই ঐতিহাসিক বাস্তৱতাৰ পৰ্যালোচনা মানে প্ৰচলিত বাগধাৰাৰ দৰে উদ্যোগিক বিকাশৰ বিৰোধিতা কৰা নহয়। উদ্যোগীকৰণ লাগিব । কিন্তু ই কেতিয়াও ক্ষুদ্ৰ উৎপাদন আৰু তাৰ লগত জৰিত বনুৱাৰ অপসাৰণৰ যোগেদি নহয় । আজি যদি সঁচালৈয়ে থলুৱা অৰ্থনীতিক সুৰক্ষিত কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব বিচাৰোঁ সেয়া ক্ষুদ্ৰ উৎপাদন ক্ষেত্ৰবোৰ উন্নিত কৰাৰ যোগেদিহে সম্ভৱ হ’ব । তাৰবাবে এক ব্যাপক স্বেচ্ছাসেৱী সমবায় ভিত্তিক গাঁথনি গঢ়ি তুলিব লাগিব যি ক্ষুদ্ৰ উৎপাদন ক্ষেত্ৰবোৰত বিনিয়োগ আৰু প্ৰযুক্তিগত বিকাশৰ নিৰ্ণায়ক ভূমিকা ল’ব । পিছে সেয়া কাৰ্যক্ষম কৰি তোলাটো সাম্প্ৰতিক আৰ্থ-সামাজিক সমীকৰণ, নব্য-উদাৰতাবাদ আৰু ৰাষ্ট্ৰব্যৱস্থাক প্ৰতিনিধিত্ব কৰিব বিচৰা আমোলাতান্ত্ৰিক যান্ত্ৰিকতাৰে সম্ভৱ হ’বনে ? অসংগঠিত শ্ৰেণীৰ সৃষ্টি যিহেতু পুঁজিবাদী বিকাশৰ এক অন্তৰ্নিহিত প্ৰক্ৰিয়া, সংগঠিত কৰাটো সদায় এক মৌলিক প্ৰশ্ন হৈ থাকিব।

যি ৰাজকীয় কৰ ব্যৱস্থা দেশৰ কৃষিৰ লগত জড়িত ৫০ শতাংশতকৈ অধিক জনগণৰ বাবে একমাত্ৰ আশাৰ সাৰথি, তাক দেশৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই পেলোৱাত নব্য-উদাৰবাদ বদ্ধপৰিকৰ আৰু আজি নব্য-উদাৰবাদী আমোলত কৰ যন্ত্ৰটো পুনৰ্জীৱিত কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিল । দেশৰ ৫০ শতাংশতকৈ অধিক জনগণৰ বাবে আঁচনি লোৱাটোক যদি কোনো ৰাজনৈতিক চিন্তাধাৰাই কেৱল তথাকথিত ৰাজনৈতিক বাধ্যবাধকতা (Political Compulsion) বুলি ভাৱে, তেনে এই ৰাজনীতি একেবাৰে অগণতান্ত্ৰিক । দেশৰ জনগণৰ বাবে ৰাজকৰ ব্যৱস্থা লাগিবই । আমি কি খেতিয়কক অনুদান (Subsidy) দিম, আচলতে আমাকহে আনুদান দি আহিছে । ওপৰৰ ১৫ শতাংশ খেতিয়কক বাদ দি বাকী ৮৫ শতাংশই ক্ষুদ্ৰ খেতিয়ক । তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়া হয়তো আজি বাণিজ্যিকভাৱে সাধ্যাতীত (Commercially infeasible) আৰু সেয়ে তেওঁলোকক ৰাজকৰ ব্যৱস্থাৰ যোগেদি নিৱেশ (Input) বা উৎপাদনৰ দামৰ ক্ষেত্ৰত অনুদান লাগিব । সেয়ে বিশ্বৰ প্ৰায়বিলাক দেশতেই কৃষিখণ্ড অনুদানৰ ওপৰত নিৰ্ভৰশীল । ৰাজকৰ অনুশাসনে (Fiscal Discipline) আচলতে ৰাষ্ট্ৰীয় অৰ্থনীতিত অনুশাসনহীনতাৰহে সৃষ্টি কৰিব পাৰে । বৃটিছ শাসনকালত ঔপনিৱেশিক চৰকাৰেহে সন্তুলিত বাজেট (Balanced Budget) প্ৰস্তুত কৰিছিল আৰু বিনিয়োগকাৰী খৰচৰ ক্ষেত্ৰটো কাঢ়া প্ৰতিফল দৰৰ (Strict Rate of Return) মাপকাঠি বান্ধি দিছিল । ফলস্বৰূপে পানীযোগান আৰু অন্যান্য কৃষিক্ষেত্ৰৰ বুনিয়াদী সা-সৰঞ্জামৰ ক্ষেত্ৰত বিনিয়োগ তেনেই সীমিত আছিল । এতিয়াও যদি ৰাষ্ট্ৰই ৰাজকৰ ঘাটি (Fiscal Deficit) নিম্ন স্তৰত ৰাখিবলৈ আই. এম. এফৰ চৰ্তসমূহ মানি লবলৈ বাধ্য হয় তেন্তে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ পাৰ্থক্য ক’ত? 
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবৰ বাবে তলৰ সূত্ৰত ক্লিক কৰকঃ # INDRAJIT-BORA (xukhdukh.com)
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment