জোনাকীঃ হিন্দী, হিন্দুত্বৰ সম্প্ৰসাৰণবাদ বনাম স্থিতাৱস্থাৰ ৰাজনীতি :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ হিন্দী, হিন্দুত্বৰ সম্প্ৰসাৰণবাদ বনাম স্থিতাৱস্থাৰ ৰাজনীতি :: ড° নগেন শইকীয়া

জোনাকীঃ হিন্দী, হিন্দুত্বৰ সম্প্ৰসাৰণবাদ বনাম স্থিতাৱস্থাৰ ৰাজনীতি :: ড° নগেন শইকীয়া

Share This
হিন্দী, হিন্দুত্বৰ সম্প্ৰসাৰণবাদ বনাম স্থিতাৱস্থাৰ ৰাজনীতি
ড° নগেন শইকীয়া
উত্তৰ ভাৰতবৰ্ষত বিহাৰৰ পৰা আৰম্ভ কৰি ঝাৰখণ্ড, হিমাচলপ্রদেশ, হাৰিয়ানা, মধ্যপ্রদেশ আনকি ৰাজস্থানতাে ঠায়ে ঠায়ে থকা পূর্বৰ লিখিত বা কথিত ভাষাৰ ঠাই পৰৱৰ্তী কালত গঢ় লৈ উঠা হিন্দীয়ে গ্রহণ কৰিলে। অথচ অকলশৰীয়াকৈ হিন্দী ভাষাৰ ঐতিহ্য বাকীবিলাকতকৈ বহুত পিছৰ পৰা গঢ় লৈ উঠিছে। আনকি সাহিত্যৰ ক্ষেত্ৰতাে মৈথিলী আৰু ৰাজস্থানীকে ধৰি যিবােৰ ভাষাত লিখিত আৰু মৌখিক সাহিত্য আছিল, বিশেষকৈ লিখি সাহিত্যৰ ক্ষেত্ৰত হিন্দীৰ পিছত বিকশিত হৈছে। 
আনকি আধুনিক সাহিত্যৰ ক্ষেত্ৰতাে শৰৎচন্দ্র চট্টোপাধ্যায়ৰ উপন্যাসৰ হিন্দী অনুবাদেই প্রথম উপন্যাস আছিল। কিন্তু ব্রিটিছ যুগতে উত্তৰ ভাৰতবৰ্ষৰ সমূহীয়া ভাষা হিচাপে হিন্দী লাহে লাহে গঢ় লৈ উঠিল। আনকি ইংৰাজ প্রশাসনীয় বিষয়াসকলেও প্রথম অৱস্থাত কলিকতাতে থাকিলেওঁ তেওঁলোকেও হিন্দীৰ কিছু শব্দ ব্যৱহাৰ কৰিবলৈ ধৰিলে। বিশেষকৈ সেনাবাহিনীৰ সৰহখিনি লােকেই উত্তৰ ভাৰতবৰ্ষৰ পৰা পাঞ্জাবলৈকে ধৰি এই অঞ্চলৰ মানুহ আছিল। ব্রিটিছ 'অহাৰ পুর্বে। বিশেষকৈ মােগল সম্রাটসকলৰ ৰাজত্ব কালত পাৰ্চী ভাষাৰাে প্ৰসাৰ ঘটিছিল। পিছলৈ লাহে লাহে পাৰ্চী আৰু হিন্দী মিহলি হৈ উর্দু ভাষাৰ জন্ম হ'ল। বংগদেশত ব্রিটিছ শাসনৰ আগতে। নৱাবৰ ৰাজত্ব থকাৰ বাবে বংগৰ ৰাজকীয় ভাষা আছিল পাৰ্চী। সেইবাবেই প্রশাসনীয় ক্ষেত্ৰত ব্যৱহৃত পাৰ্চী ভাষাৰ অনেক শব্দ ব্রিটিছ অধিকৃত অসমতাে আহি সােমালিহি। 

দক্ষিণ ভাৰতবৰ্ষত হিন্দী সােমােৱা নাছিল। সােমাবৰ উপায়াে নাছিল। কাৰণ দ্রাবিড় ভাষাসমূহৰ ইতিহাস অনেক প্রাচীন। শব্দসম্ভাৰত কিছু পৰিমাণে সংস্কৃত সােমালেও হিন্দীৰ ব্যৱহাৰ একেবাৰেই নাছিল। তেনেকৈ ব্রিটিছ অহাৰ আগলৈকে অসমত হিন্দীৰ দুই-এটা শব্দ  লিখিত ৰূপত সােমালেও তেনে শব্দৰ সামাজিক ব্যৱহাৰ নাছিল আৰু ভাষা হিচাপে সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ বাবে হিন্দী এটা অচিনাকী ভাষা আছিল। অসমত ব্রিটিছ যুগত বাংলাৰ ব্যৱহাৰ আছিল যদিও হিন্দীৰ ব্যৱহাৰ ইংৰাজ আৰু সেনাবাহিনীৰ মাজত কম পৰিমাণে আছিল। স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীজীৰ নেতৃত্বত হােৱা আন্দোলনৰ বিভিন্ন স্তৰত হিন্দী কিছু সােমাইছিল। গান্ধীজীয়ে সেইবাবে বিশেষকৈ উত্তৰ ভাৰতবৰ্ষৰ সকলাে ৰাজ্যৰ ব্যৱহাৰ কৰি থকা ভাষাৰ শব্দ হিন্দীত সােমােৱাৰ বাবে একপ্রকাৰ বাট উলিয়াই দি ইয়াক হিন্দুস্থানী বুলি কোৱাৰ এটা অধিকাৰ দান কৰিলে। কিন্তু সময়ত হিন্দুস্থানী শব্দটোৰ ব্যৱহাৰ নাইকিয়া হৈ হিন্দীয়েই হ'ল আৰু গােটেই উত্তৰ ভাৰতবৰ্ষৰ মানুহক এই ভাষাই সামৰি লৈ। এটা ডাঙৰ জনসমষ্টি হিন্দী ভাষীলৈ ৰূপান্তৰ কৰিলে। 

এই আটাইবােৰ ৰাজ্যত ওলাই অহা বিভিন্ন স্তৰৰ লেখক-লেখিকাৰাে এই ভাষাই প্ৰকাশৰ মাধ্যম হ'ল। আধুনিক হিন্দী সাহিত্যৰ বিকাশ, প্রচাৰ আৰু প্রতিষ্ঠা এনেভাৱেই উনবিংশ শতিকাৰ পৰা লাহে লাহে গঢ় লৈ উঠিল। উত্তৰ পূৱ ভাৰত, বংগ, ওড়িশা আৰু দক্ষিণ ভাৰতীয় ভাষাসমূহে নিজস্ব বৈশিষ্ট্য ৰক্ষা কৰি জীয়াই থাকিল। স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা ঐতিহ্যসম্পন্ন প্রাচীন ভাৰতীয় ভাষা সাহিত্যসমূহৰে নিজৰ নিজৰ সীমাৰ ভিতৰতে বিকশিত হল যদিও 'অকলশৰীয়াকৈ সংখ্যাৰে হিন্দীৰ লগত ফেৰ মাৰিব পৰা অৱস্থা নাথাকিল। দেখা গ'ল হিন্দী ভাষীৰ এনে সংখ্যাধিক্যই ৰাজনৈতিক, প্রশাসনিক সকলাে ক্ষেত্ৰতে প্ৰভাৱ পেলাবলৈ ধৰিলে। গুজৰাটী ভাষা আৰু মৰাঠী ভাষাৰ প্রাচীন ঐতিহ্য থাকিলেও আৰু আধুনিক ভাষা চহকী হলেও হিন্দী তেওঁবিলাকৰ বাবে প্ৰভাৱশালী চুবুৰীয়া ভাষা। 

ৰাজনৈতিক ক্ষেত্ৰত উত্তৰ ভাৰতবৰ্ষৰ সংখ্যাধিক্যই ভাৰতৰ ৰাজনীতি একপ্রকাৰ নিয়ন্ত্রণ কৰিবলৈ ধৰিলে। কাৰণ ভাৰতীয় সংসদত হিন্দীভাষী উত্তৰ ভাৰতীয়ৰ সংখ্যাধিক্যৰ আগত বাকী ৰাজ্যসমূহৰ প্রাধান্য অ-ঘােষিতভাবেই যেন কম হৈ থাকিল। যদিও বিশেষকৈ দক্ষিণ ভাৰতবৰ্ষৰ আপত্তিসত্ত্বেও হিন্দীক সংবিধানত ৰাষ্ট্র ভাষা (নেচনেল লেংগুৱেঞ্জ) বুলি অন্তর্ভুক্ত কৰিব নােৱাৰিলে যদিও ইংৰাজী আৰু হিন্দী দুয়ােটা ভাষা চৰকাৰী ভাষা হৈ থাকিল। ইয়াৰে সুযোগ লৈ অনেক হিন্দী ভাষীয়ে হিন্দীক ৰাষ্ট্র ভাষা বুলি ক'বলৈ ভাল পােৱা হ’ল। হিন্দী কোৱা মানুহৰ সংখ্যা বেছি হলেও আৰু তেওঁবিলাকে বসবাস কৰা অঞ্চল ডাঙৰ হ'লেও হিন্দী দৰাচলতে সংবিধানসন্মত অন্যান্য ভাৰতীয় ভাষাসমূহৰ সমান এটা। ভাষাহে। দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে চলে বলে-কৌশলে হিন্দীৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত যত্ন কৰি আহিছে। আনকি উত্তৰ পূৰ্বাঞ্চলত পার্বত্য অঞ্চলসমূহৰ সামাজিক, উমৈহতীয়া মাধ্যম স্বাধীনতাৰ পৰৱতী প্রায় তিনিটা দশকলৈকে অসমীয়া ভাষাই কম-বেছি পৰিমাণে উত্তৰ পূর্বক একগােট কৰিৰাখিলেও হিন্দীৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ যােগেদি তেওঁবিলাকৰ অসমীয়া ভাষাৰ লগত থকা সম্পর্কৰ পৰা বিচ্ছিন্ন কৰিলে।ইয়াৰ ফলস্বৰূপে অৰুণাচলৰ দৰে ৰাজ্যৰ পৰা যিসকল সৃষ্টিশীল লােক অসমীয়া মাধ্যমেৰে ওলাই আহিছিল আৰু ওলাই আহিল, হিন্দীৰ প্ৰচাৰৰ ফলত তেনে সৃষ্টিশীল লােক অসমীয়াতাে নােহােৱা হ’ল, হিন্দীততাে নায়েই। কিন্তু কেন্দ্রীয় চৰকাৰৰ আৰু এতিয়া বিজেপি চৰকাৰৰ সেই লৈ কোনো মুৰ-কামােৰণিও নাই। অসমীয়া ভাষাই যে গােটেই উত্তৰ পূবঞ্চিলক এড়াল 'অদৃশ্য জৰীৰে সম্পর্কিত কৰি ৰাখিছিল সেই জৰীডাল দিল্লীয়ে চিঙি দিলে। 

এতিয়া দিল্লীৰ বিজেপি চৰকাৰৰ তিনিটা নীতিয়ে ভাৰতবৰ্ষৰ ভৱিষ্যৎ অন্ধকাৰ কৰি আনি আছে। হিন্দী আৰু হিন্দুত্ববাদৰ সম্প্ৰসাৰণ নীতি, দ্বিতীয়তে ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য নষ্ট কৰাৰ নীতি। ভাৰতীয় ধৰ্নাঢ্যক অতি ধৰ্নাঢ্যলৈ ৰূপান্তৰিত হ'বলৈ দেশৰ সকলো উদ্যোগ আৰু ব্যৱসায় তেওঁলােকলৈ হস্তান্তৰ কৰাৰ নীতি। এওঁবিলাকৰ বাবে হিন্দীয়ে ভাষা হিচাপে ভাৰতবৰ্ষক একগােট কৰি ৰাখিব বুলি কৰা সিদ্ধান্ত হ’ল। ভাৰতীয় মানুহৰ মনত ভাষিক বিচ্ছিন্নতাৰ ভাব সুমাই দিয়া আৰু ভাৰতবৰ্ষত হিন্দী বলয়ৰ একাধিপত্য স্থাপন কৰা। তেওঁলােকে নাজানে যে ভাৰতবৰ্ষক ভাষিক বৈচিত্ৰ্যৰ মাজতো এক কৰি থৈছে ভাৰতীয় জীৱনবােধ আৰু বিশ্ববােধে। এই জীৱন আৰু বিশ্ববােধ ভাৰতীয় দৰ্শনৰ তত্ত্বই আৰু ভাৰতীয় কাব্য মহাকাব্য আৰু পুৰাণ আদিয়ে দি থৈ যােৱা মূল্যবােধৰ শিক্ষা। শ শ বছৰ আগতে সংস্কৃত ভাষাৰ পৰা ভাৰতীয় ভাষাসমূহলৈ বেলেগ বেলেগ ভাষাৰ পণ্ডিত আৰু কবিসকলে এই তত্ত্ব আৰু মূল্যবােধ অনুবাদ কৰি ভাৰতীয় মানুহৰ মন বান্ধি থৈছিল। 

এতিয়া বিজেপিয়ে দৰ্শনৰ তত্ত্ব নাজানে, ধৰ্মৰ বহিৰংগকে তত্ত্ব বুলি জানে। সেইবাবে পূজা-পাতলেই এওঁলােকৰ বাবে একমাত্র ধর্ম। বেদান্তৰ তত্ত্বজ্ঞান যে এওঁবিলাকৰ কমপৰিমাণে শূন্য সেই কথা তেওঁলােকৰ কাম আৰু কথাই, তেওঁলােকৰ আচৰণে প্রমাণ কৰিছে। সেইবাবেই তেওঁবিলাকে ধৰ্মৰ সংঘাত লগাবৰ আখৰা কৰি আছে। তেওঁলােকৰ এই আচৰণে কিছুসংখ্যক স্পর্শকাতৰ মানুহৰ মনত হিন্দু ধর্ম ত্যাগ কৰি বিশ্বৰ অন্যতম প্রাচীন ধর্ম বৌদ্ধ ধর্ম আৰু পশ্চিমৰ খ্রীষ্ট ধর্মৰ প্রতি স্বাভাৱিকভাৱেই আকৃষ্ট কৰিবলৈ লৈছে। হিন্দু ধর্মত সােমােৱা জাতিভেদ প্রথা আৰু তাৰ লগত সম্পর্কিত স্পৃশ্য-অস্পৃশ্যৰ ধাৰণাই এই ধৰ্মৰ বহিৰংগক সভ্য আৰু শিক্ষিত মানুহৰ বাৰে ক্ৰমাৎ অগ্রহণীয় কৰিছে। এই ক্ষেত্ৰত বিভিন্ন দেৱ-দেৱীৰ পূজা-পাতল আৰু এই পূজা-পাতলৰ লগত জড়িত বিভিন্ন আচাৰ-অনুষ্ঠানকে ধৰি প্রাণী বলিদান কৰা পর্যন্ত বিশ্বাস আৰু ব্যৱস্থাবােৰে গৰিষ্ঠসংখ্যক শিক্ষিত আৰু সভ্য লােককে বিতুষ্ট কৰি আহিছে। মধ্যযুগৰ সন্তসকলে যাৰ সলনি এক ঈশ্বৰৰ নাম লােৱাৰ প্ৰৱৰ্তন কৰা প্ৰথাটোও এতিয়া বহুক্ষেত্ৰত ধৰ্মৰ বাহ্যিক আড়ম্বৰে ঢাকি পেলাবলৈ ধৰিছে। 

বর্তমান এতিয়া বিজেপিৰ ধৰ্মৰ আঁচনিয়ে ভাৰতীয় দর্শন আৰু মূল্যবােধ দূৰলৈ ঠেলি দি সর্বসাধাৰণ মানুহক বাহ্যিক ধর্ম আচৰণৰ প্রতি আকর্ষণ কৰিবলৈ আৰু অন্য। ধৰ্মৰ প্রতি বিদ্বেষৰ মনােভাব পােষণ কৰিবলৈ শিক্ষা দিছে। ধৰ্মৰ নামত দিয়া এই অধৰ্মৰ শিক্ষাই ভাৰতীয় দার্শনিক আৰু মূল্যবােধৰ ঐতিহ্যৰ ঘাই শিপা কাটি দিছে। এই কথা নতুনকৈ ক'ব নালাগে যে এতিয়া আম্বেদকাৰৰ নাম ল'লেও, আম্বেদকাৰৰ প্রতিমূর্তি আঁতৰােৱাৰ চেষ্টা কেইবছৰমানৰ আগতে বিজেপিৰ সমর্থনতে কৰিবলৈ লৈছিল। গান্ধীজীৰ হত্যাকাৰীক নেতাস্বৰূপে প্রতিষ্ঠা কৰিব খোজা বিজেপিৰ নেতা-নেত্রীয়ে এতিয়াও সােঁশৰীৰেৰে দলীয় ৰাজনীতি কৰি আছে। এনে এটা অৱস্থাৰ পৰা দেশখনক মুক্ত কৰিবলৈ এক শক্তিশালী আৰু সকলােকে বিশ্বাসত লৈ কাম কৰিব পৰা নেতা জনসাধাৰণৰ মাজৰ পৰাই ওলাই আহিব লাগিব। এতিয়া ওপৰৰ পৰা তললৈকে ৰাজনীতি কৰাসকলৰ অনেকেই ৰাজনৈতিক পদবী, মর্যাদা, ক্ষমতা আৰু অর্থলাভৰ বাবেই কৰি থকা ৰাজনীতিয়ে দেশক উদ্ধাৰ কৰিব নােৱাৰে। ত্যাগৰ মনােভাব যাৰ মাজত নাই তেওঁ যােগ্য নেতৃত্বও দিব নােৱাৰে। নিজৰ ৰাজ্যখনৰ প্রতি প্রেম আৰু দায়িত্ববােধ নথকা, সৎ আৰু নিৰ্লোভি মানুহ নহ'লে নেতৃত্বৰ যােগ্যতা অৰ্জন কৰা সম্ভৱ নহয়। বিজেপিৰ যিটো সর্বগ্রাসী ৰূপ সেইটোৰে দেশখনক ভৱিষ্যতৰ নিৰ্ণায়কস্বৰূপে থিয় দি থাকিবলৈ হ'লে দেশ ভাৰতীয় সর্বসাধাৰণ মানুহৰ হৈ নাথাকে, ই হৈ উঠিব এমুঠি কোটিপতিৰ ভােগৰ থলী। বিজেপিৰ চতুৰ কথাত ভােল গৈ আমি তেনে এটা ভৱিষ্যৎ বিচাৰিমনে? মনত ৰাখিব লাগিব Every man is a political man. অৰাজনৈতিক বুলি কোনাে মানুহ নাই, থাকিব নােৱাৰে। যিসকলে ছাএই ৰাজনীতি কৰিব নালাগে বুলি কয়। তেওঁলােকে বিশ্ব ইতিহাসত চকু ফুৰালেই দেবি ছাত্র তথা যুৱকসকলেই বিভিন্ন দেশত আন্দোলনৰ গুৰি ধৰি দেশৰ ৰূপ কেনেকৈ সলনি কৰিছে। সেইবাবে মই বিভিন্ন সময়ত কৈছোঁ ছাত্র বা বয়সস্থ যিসকলে নিজকে ৰাজনৈতিক বুলি পৰিচয় দিব খােজে সেইসকলে  ‘স্থিতাবস্থাৰ সমৰ্থন কৰা ৰাজনীতি কৰে—সৰহক্ষেত্ৰতে জ্ঞাতে বা কেতিয়াবা অজ্ঞাতে। বৰ্তমানৰ অৱস্থাৰ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ স্থিতাৱস্থাৰ সমর্থকসকলৰ অৰাজনৈতিক চৰিত্ৰ'ক বিশ্বাসত লােৱা উচিৎ নহয় বুলি ভাবোঁ। বৰং স আৰু সততাৰে অসৎ আৰু অসত্যৰ বিৰুদ্ধে যুৱছাত্র সমন্বিতে মানুহ ওলাই আহিব লাগিব। মনত ৰাখিব লাগিব ভােটাধিকাৰপ্ৰাপ্ত ১৮ বছৰৰ পৰা ওৰৰ প্ৰত্যেক যুৱ-যুৱতীয়েই দেশৰ একো একোজন ৰাজনৈতিক অধিকাৰপ্ৰাপ্ত ব্যক্তি। 

আমি মনত ৰাখিব লাগিব ধার্মিক মানুহ সেইজনেই যি সকলােকে নিজৰ সমান বুলি ভাবিব পাৰে। ধমাৰ্ন্ধ সেইজনেই যি নিজৰ বাহিৰে বাকীসকলক শত্রুজ্ঞান কৰিব পাৰে। ধর্মান্ধতাৰ শিক্ষা লৈ সমাজ, জাতি, দেশৰ অপকাৰ কৰিব পাৰিব, কাৰে উপকাৰ কৰিব নােৱাৰে, তেওঁ হিন্দু ধর্মান্ধই হওক বা ইছলাম ধর্মান্ধই হওঁক। ধর্মান্ধতা হ’ল মানৱতাৰ বিৰােধী মনােভাব। ভাৰতীয় দর্শনে ভাৰতীয় মূল্যবােধে মানবতাবিৰােধী কোনো কথাকে কোনাে নিয়মকে, কোনাে আচৰণকে কেতিয়াও কতাে গ্রহণযোগ্যতা দান কৰা নাই। তেনেভাৱে ভাৰতীয় ভাষা-সংস্কৃতিৰ বিশিষ্টতাই এই দৃষ্টিভংগীও নষ্ট কৰা নাই, বৰং এই বিচিত্রতা সমগ্ৰ ভাৰতীয় ৰাষ্ট্রীয় জীৱনৰ অলংকাৰস্বৰূপ। ভাৰতৰ জনসাধাৰণৰ মুখৰ ভাত কাঢ়ি ভাৰতৰ ধণাৰ্ঢ্য এমুঠি ব্যক্তিৰ হাতত দেশৰ সকলাে সম্পদ গুজি দিয়াটো সাধাৰণ মানুহৰ জীৱনৰ বিৰুদ্ধে লােৱা স্থিতি। আমি এই তিনিওটা স্থিতিক দেশৰ ছাত্র-ছাত্রী, যুৱক-যুৱতী সমন্বিত কৃষক, বনুৱা, কর্মচাৰী জনসাধাৰণৰ এই সকলাে স্তৰকে গ্রহণ কৰিবলৈ কম নে বিৰােধ কৰিবলৈ কম, এই সিদ্ধান্ত গ্রহণ কৰিবলৈ সকলােৰে অধিকাৰ আছে। ইয়াৰ পিছতাে বর্তমান দেশৰ শাসক ৰাজনৈতিক শক্তিক আমি সমর্থন কৰিব লাগিবনে?
লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। ইউনিকোডীয় সংৰক্ষণৰ বাবে লেখকৰ মৌখিক অনুমতিসহ  পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ স্তম্ভ 'জোনাকী'ৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment