আনপ্লাগডঃ নতুন কৃষি আইন সঁচাকৈয়ে ভয়াবহ নেকি? :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
আনপ্লাগডঃ নতুন কৃষি আইন সঁচাকৈয়ে ভয়াবহ নেকি? :: আশ্বিক জামান

আনপ্লাগডঃ নতুন কৃষি আইন সঁচাকৈয়ে ভয়াবহ নেকি? :: আশ্বিক জামান

Share This
নতুন কৃষি আইন সঁচাকৈয়ে ভয়াবহ নেকি?
আশ্বিক জামান
ভাৰতৰ কৃষি বিপণনৰ প্রতিবন্ধকসমূহ দূৰ কৰি কৃষি খণ্ডক মুক্ত কৰিবলৈ প্রয়ােজনীয় ন্যায়িক পৰিকাঠামাে প্রদান কৰিবলৈ চৰকাৰে সম্প্রতি সংসদত তিনিখন কৃষি সম্বন্ধীয় বিধেয়ক পাছ কৰাইছে। ৰাষ্ট্ৰপতিৰ প্ৰয়ােজনীয় সন্মতি লাভ কৰি উক্ত বিধেয়ক তিনিখন ইতিমধ্যে আইনত পৰিণত হৈছে। কিন্তু আইন তিনিখনক লৈ সমগ্র দেশতে তীব্র বিতর্ক সৃষ্টি হৈছে। বিৰােধী ৰাজনৈতিক দলসমূহ আৰু কৃষক সংগঠনসমূহে আইন তিনিখনক কেৱল কৃষকবিৰােধী বলি আশা দিয়েই ক্ষান্ত হােৱা নাই, এয়া ভাৰতৰ কৃষি খণ্ডক বৃহৎ কৰ্প'ৰেট আৰু পুঁজিপতিৰ হাতত গতােৱাৰ ষড়যন্ত্র বুলিও অভিযােগ উত্থাপন কৰিছে। তাৰ বিপৰীতে এই আইন তিনিখনৰ দ্বাৰা ভাৰতৰ কৃষি প্ৰশুৰ বহু আকাংক্ষিত সংস্কাৰ সংশােধন সাধন হ'ব আৰু কৃষকৰ উপার্জন দুগুণ কৰাৰ প্ৰধান মন্ত্ৰীৰ যি নির্বাচনী প্রতিশ্রুতি আছিল সেয়াও সম্ভৱ হ'ব বুলি চৰকাৰী পক্ষই দৃঢ়তাৰে দাবী কৰি আছে। আইন তিনিখনৰ বিষয়ে পর্যায়ক্রমে বিতং আলােচনা কৰা হ'ব, কিন্তু আজিৰ প্ৰবন্ধত সময় আৰু পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি কেবল 'কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ধন আৰু সৰলীকৰণ) আইন, ২০২০ৰ (Farmers' Troduce Trade and Commerce Promotion and Facilitation Act, 2020) ওপৰতে আলােচনা কৰা হ'ব। আইনখনত কি আছে, আইনখনৰ দ্বাৰা চৰকাৰে কিধৰণে কৃষি বিপণন খণ্ডৰ সংস্কাৰ বা সংশােধন কৰিব বিচাৰিছে আৰু বিৰােধী তথা কৃষক সংগঠনসমূহৰ আপত্তিৰ কাৰণ কি এই বিষয়সমূহ সন্দৰ্ভত আলােকপাত কৰাৰ আগতে আমি আন দুটা বিষয় আলােচনা কৰিব লাগিব। প্রথম বিষয়টো হল— Agricultural Produce Market Committee Act [APMC Act] at কৃষিজাত সামগ্রী বিপণন সমিতি আইন আৰু আনটো হ'ল Minimum Support Price (MSP) বা ন্যূনতম সমর্থন মূল্য। 
বিশ্বায়ন আৰু ভাৰতীয় অর্থনীতিৰ উদাৰীকৰণৰ পাছত কৃষি বিপণনক অর্থাং কৃষিজাত সামগ্ৰীৰ ক্ৰয় আৰু বিক্রয়ক কৃষি খণ্ডৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ অনিশ্চয়তা ভাৰতীয় কৃষি খণ্ডৰ এটা পুৰণা পৰিকাঠামােগত প্রতিবন্ধক। ভাৰতৰ প্ৰায় ৮৬ শতাংশ কৃষকেই হয় প্রান্তীয় কৃষক (অর্থাৎ এক হেক্টৰতকৈ কম পৰিমাণৰ নিজৰ বা আনৰ মাটিত খেতি কৰা কৃষক), নহ'লে ক্ষুদ্র কৃষক (অর্থাৎ দুই হেক্টৰ বা তাতােকৈ কম পৰিমাণৰ নিজৰ বা আনৰ মাটিত খেতি কৰা কৃষক)। গতিকে সৰহভাগ কৃষকেই ফচল চপােৱাৰ লগে লগে ঋণৰ বােজা মাৰিবলৈ নিজৰ কৃষিজাত সামগ্রীৰ একধৰণৰ ‘আপদকালীন' বিক্ৰী কৰিবলৈ বাধ্য হয়। তদুপৰি প্ৰান্তীয় বা ক্ষুদ্র কৃষকৰ পক্ষে যিহেতু নিজৰ ফচলৰ ভাণ্ডাৰীকৰণ বা সংৰক্ষণৰ আর্থিক বা লজিষ্টিক ক্ষমতা নাই, গতিকে ফচল চপােৱাৰ সময়ত বজাৰত যেতিয়া চাহিদাতকৈ শস্যৰ যােগান বেছি থাকে, সেই। সময়তে কৃষকে নিজৰ শস্য বিক্ৰী কৰিব লাগে। যােগানক নিয়ন্ত্রণ কৰি মূল্যক প্ৰভাৱত কৰাৰাে কোনাে ক্ষমতা যিহেতু এই সকল কৃষকৰ হাতত নাই, ফলত বজাৰৰ বেপাৰী, মহাজন, পাইকাৰি বা মধ্যভােগীসকলে যি দাম দিয়ে, সেয়াই বিনা প্রতিবাদে কৃষকে গ্ৰহণ কৰিব লাগে। কিন্তু বেপাৰী, মহাজন, পাইকাৰি, মধ্যভােগীয়ে নিৰূপণ কৰা আৰু কৃষকে লাভ কৰা কৃষিজাত সামগ্ৰীৰ বজাৰ মূল্য দৰাচলতে এটা কৃত্রিম মূল্য, যি প্রকৃত মূল্যতকৈ বহুগুণে কম। ভাৰতত ফিল্ড টু ৱৰ্ক মূল্য সংযােজন অর্থাত কৃষকে পােৱা দাম আৰু আপােনাৰ ডাইনিং টেবুলত আহি পােৱালৈকে উক্ত শস্যৰ দামৰ যি পার্থক্য সেয়া সমগ্র পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ। গতিকে, পথাৰত কৃষকক দিয়া মূল্য আৰু আপুনি ডাইনিং টেবুললৈ আনিবলৈ খুচুৰা বেপাৰীক দিয়া মূলৰ মাজত যি আকাশ-পাতাল পার্থক্য, তাৰ পৰা এটা কথা প্রমাণ হয় যে ভাৰতত কৃষিজাত সামগ্ৰীৰ মূল্য ঠিকেই আছে, কেৱল সেই মূল্য কৃষকে নাপায়, তাৰ কিয়দংশও কৃষক নাপায়। প্রায় সামগ্ৰী খিনিয়ে কৃষক আৰু চূড়ান্ত গ্ৰাহকৰ মাজত থকা মধ্যভোগীয়ে আত্মসাৎ কৰে। কৃষকে নিজৰ শস্যৰ উচিত মূল্য কেতিয়াও নাপায়। ফলত যুগ যুগ ধৰি এই দেশত কৃষি বিপণনৰ সমগ্র প্রক্রিয়াটোৱেই কৃষকক শােষণ কৰাৰ এটা বৃহৎ আৰু হৃদয়হীন যন্ত্ৰত পৰিণত হৈছে। 

কৃষকক বৃহৎ বেপাৰী, মহাজন, মধ্যভােগীৰ শােষণৰ পৰা সুৰক্ষা প্রদান কৰিবলৈ ১৯৬০ আৰু '৭০ৰ দশকত বিভিন্ন ৰাজ্যত কৃষি সামগ্রী বিপণন সমিতি আইন (APMC Act) গৃহিত কৰা হয়। আইনৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ বজাৰক সংগঠিত কৰাৰ চেষ্টা কje হয়। আইনৰ অধীনত কৃষিজাত সামগ্ৰীৰ বাবে নিয়ন্ত্রিত বজাৰ স্থাপন কৰা হয়, যাক উত্তৰ আৰু পশ্চিম ভাৰতত 'কৃষি মাণ্ডী’ বুলি কোৱা হয়, কিছু ৰাজ্যত বজাৰ সমিতি' বুলিও কোৱা হয়। মাণ্ডী বা নিয়ন্ত্রিত বজাৰসমূহ স্থাপন কৰাৰ উদ্দেশ্য আছিল কৃষকক বিক্রেতা হিচাপে সংগঠিত কৰা আৰু এটা সংগঠিত বজাৰ প্ৰদান কৰা, য'ত সংগঠিত কৃষকৰ গােটে কৃষি বিপণনৰ দৰ-দাত অধিক অংশগ্রহণৰ সুবিধা তথা ক্ষমতা লাভ কৰিব। আইনৰ দ্বাৰা নিয়ন্ত্রিত বাবে কৃষকৰ শােষণ আৰু বঞ্চনাও বহু পৰিমাণে ৰােধ কৰিব পৰা যাব। বহু ৰাজ্য যেনে পাঞ্জাব, হাৰিয়ানাই আনকি আৰু এখােজ আগুৱাই গৈ সমগ্র কৃষি বিপণন খণ্ডকে নিয়ন্ত্রিত বজাৰৰ অধীনলৈ আনিলে। এই ৰাজ্যসমূহত কৃষকৰ পৰা কৃষিজাত সামগ্ৰীৰ সকলো ধৰণৰ বেচা কিনা কেৱল A PMC আইনৰ অধীনত স্থাপিত নিয়ন্ত্রিত মাণ্ডীসমূহৰ নােটিফাইড এৰিয়াৰ ভিতৰতে বাধ্যতামূলক কৰা হ'ল। মাণ্ডীসমূহৰ নােটিফাইড এৰিয়াৰ বাহিৰত এই সকল কৃষকৰ পৰা কোনেও সামগ্রী ক্ৰয় কৰিব নােৱাৰিব। লগতে মাণ্ডীসমূহত যিহেতু নিলামীৰ দ্বাৰা সর্বোচ্ছ মূল্য দিয়া ক্রেতাৰ ওচৰতহে কৃষকে সামগ্রী বিক্ৰী কৰে, গতিকে মাণ্ডীৰ নিলামত যাতে কেরল প্রকৃত ক্রেতাইহে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে প্রমাণিত বিশ্বাসযােগ্যতা থকা লোকেহে মাণ্ডতি ক্ৰয় কৰিবলৈ অনুজ্ঞাপত্র প্রদান কৰা হ’ল। আনহাতে, মাণ্ডী পৰিচালন সমিতিয়ে বিপণন, স্টোৰেজ, নিশ্চয়তা আদি প্রদানৰ বিনিময়ত কমিছন লােৱা আৰম্ভ কৰিলে। 

কিন্তু APMC আইন অথবা বাধ্যতামুলক মাণ্ডীকেন্দ্রিক কৃষিজাত বিপণনৰ ব্যৱস্থা কৰা ৰাজ্যসমূহেও কৃষকক উচিত মূল্য প্রদান কৰিবলৈ সম্পূর্ণ সফল নহ'ল। বিশেষকৈ ভাৰতীয় কৃষি খণ্ড এতিয়াও প্রাকৃতিক কাৰক যেনে বৰষুণ-খৰাং আদিৰ ওপৰত সম্পূর্ণ কৈ নির্ভৰশীল। গতিকে যি বছৰ ফচল প্রত্যাশা কৰাতকৈ ভাল হয়, সেই বছৰ অধিক উৎপাদনৰ সুফল লাভ কৰাৰ সলনি কৃষকে আত্মহত্যা কৰিবলগা অৱস্থাৰ সৃষ্টি হয়। কাৰণ বজাৰত শস্যৰ উভৈনদী হােৱাৰ ফলত বজাৰ দৰ দ্রুত হাৰত কমি যায়, শেষত পানীৰ দামত কৃষকে নিজৰ সামগ্রী বিক্ৰী কৰিব লাগে। বাম্পাৰ ফচলে ভাৰতৰ কৃষকৰ বাবে আনন্দৰ সলনি মৃত্যু পৰােৱানাহে কঢ়িয়াই আনে যেন। কৃষকক এনেকুৱা মূল্যৰ  পতনৰ পৰা ৰক্ষা কৰিবলৈ আৰু কৃষিজাত সামগ্ৰীৰ ন্যূনতম মূল্যৰ নিশ্চয়তা প্রদান কৰিবলৈ ১৯৬০ৰ দশকৰ শেষৰফালে কেন্দ্রীয় চৰকাৰে Minimum Support Price [MSP] বা নুনতম সমর্থন মূল্যৰ প্রচলন কৰে। বীজ সিঁচাৰ সময়তে চৰকাৰে ঘােষণা কৰে যে উক্ত নির্দিষ্ট শস্যৰ বাবদ সেই বছৰ চৰকাৰে নূন্যতম কিমান মূল্য দিব।

উল্লেখ্য, চৰকাৰে ৰাজহুৱা যোগান ব্যৱস্থাৰ বাবে প্রয়ােজনীয় খাদ্য-শস্য ভাৰতীয় খাদ্য নিগম বা আন চৰকাৰী সংস্থাৰ যােগেদি বৃহৎ পৰিমাণে ক্রয় কৰে। সেয়ে বীজ সিঁচাৰ সময়তে কৃষকে এটা নিশ্চয়তা পায় যে তেওঁ কুইণ্টল প্ৰতি অন্তত ইমান দাম পাব, গতিকে সেই মতে খেতিত নিৱেশ কৰিব পাৰে। অধিক উৎপাদনক ভয় কৰাৰাে আৰু প্ৰয়োজন নহয়। কিন্তু বাস্তৱটো ভবাৰ দৰে নহ'ল। যদিও নূন্যতম  সমর্থন মূল্যই কৃষকক বহুখিনি সকাহ দিলে, কিন্তু সেই সকাহ কেৱল তেনেকুৱা ৰাজ্যৰ কৃষকেহে লাভ কৰিলে যি ৰাজ্যত কৃষি বিপণন মাণ্ডীৰ নােটিফাইড সীমনাৰ ভিতৰত বাধ্যতামূলক কৰা হৈছে। যিহেতু মাণ্ডীৰ বাহিৰে কোনেও কৃষিজাত সামগ্রী ক্রয় কৰিব নােৱাৰে, গতিকে নূন্যতম সমর্থন মূল্যৰ মেকানিজম বলবৎ কৰাটো সহজ হ'ল। গতিকে সেই ৰাজ্যসমূহত কৃষকে নিৰ্দিষ্ট সামগ্ৰীৰ যি বজাৰ মূল্য লাভ কৰে, সেয়া নূন্যতম সমর্থন মূল্যতকৈ কম নহয়। গতিকে APMC আইন আৰু নূন্যতম সমর্থন মূল্যৰ প্রক্রিয়াই এইদৰে পাঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যসমূহৰ কৃষকক কৃষিজাত সামগ্ৰীৰ মূল্যৰ সৈতে থকা অনিশ্চয়তাক দৃঢ় কৰিলে। কিন্তু যিবােৰ ৰাজ্যত APMC আইন গৃহিত হােৱা নাই অথবা APMC থাকিলেও কৃষিজাত সামগ্রী বিপণন বাধ্যতামূলকভাবে কেৱল মণ্ডীৰ জৰিয়তে কৰােৱাৰ কোনাে ব্যৱস্থা নাই, সেইবােৰ ৰাজ্যত নূন্যতম সমর্থন মূল্য বলৱত কৰাৰ কোনাে আনুষ্ঠানিক মেকানিজম গঢ়ি নুঠিল। সেইবােৰ ৰাজ্যত যিহেতু খেতিপথাৰতে হওক বা কৃষকৰ ঘৰতে হওক বা স্থানীয় বজাৰতে হওক যিকোনাে ঠাইতে কৃষিজাত সামগ্রী ক্রয়-বিক্রয় সম্ভৱ, গতিকে কৃষি উৎপাদনৰ মূল্য বজাৰ শক্তিৰ দ্বাৰা নিৰ্ধাৰিত হৈ থাকিল আৰু কৃষকৰ মূল্যৰ ক্ষেত্ৰত অনিশ্চয়তা আৰু শােষণে অব্যাহত থাকিল। চৰকাৰী তথ্য মতে ভাৰতৰ কেৱল ৬ শতাংশ কৃষকেহে ন্যূনতম সমর্থন মূল্যৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হয়, অসমৰ দৰে বাকী ৰাজ্যসমূহত ন্যূনতম সমর্থন মূল মূলতঃ এক গুৰুত্বহীন চৰকাৰী ঘােষণা হিচাপে পৰি থাকে।

কিন্তু নিয়ন্ত্রিত আৰু কৃষিজাত সামগ্ৰীৰ বাধ্যতামূলক বিপণন কেন্দ্র হিচাপে কৃষক উচিত মূল্য প্রদানৰ দাবী বা মণ্ডী আৰু তাৰ পৰিচালন ব্যৱস্থাৰ ওপৰতাে লাহে লাহে বহু প্রশ্ন উত্থাপন হ'বলৈ ধৰিলে। মাণ্ডীসমূহৰ পৰিচালন সমিতি আৰু পাইকাৰি বেপাৰী সকলৰ মাজত থকা নেক্সাছৰ ফলত কৃষকৰ কৃষিজাত সামগ্রীৰ উচিত মূল্যৰ নিশ্চয়তা প্রদানৰ সলনি প্রায়ে মণ্ডীসমূহে মূল্য নিয়ন্ত্রণহে কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল। ন্যূনতম সমর্থন মূল্যতকৈ শস্যৰ বজাৰ মূল্য বেছি থাকিলে সেই মূল্যক নিয়ন্ত্রণ কৰাৰ অপচেষ্টা আৰম্ভ হ'ল। তদুপৰি বিভিন্ন অজুহাতত যেনে শস্যৰ গ্ৰেড, আর্দ্রতা, শিল-বালি-অপদ্রব্য আদিৰ নামত প্রাপ্য মূল্যতকৈ কৃষকক কম মূল্য প্রদান কৰা হয় আৰু প্ৰায়ে এইবােৰ অজুহাতৰ বাৰে কৃষকৰ হাতত পৰা মূল্য বা কেছ ইন হেণ্ড ন্যূনতম সমর্থন মূল্যতকৈ কম হয়। তদুপৰি মাণ্ডীলৈকে সামগ্রী লৈ যোৱাৰ পৰিবহণ খৰছ আৰু মাণ্ডী কর্তৃপক্ষই আদায় কৰা উচ্চ হাৰৰ কমিছনেও কৃষকৰ প্রকৃততে হাড় ভাঙিছে। নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডী ব্যৱস্থাৰ সমস্যা তথা ত্ৰুতিসমূহৰ বিৰুদ্ধে প্রায়ে বিভিন্ন কৃষক সংগঠন তথা অর্থনীতিবিদে মাণ্ডী ব্যৱস্থা আৰু ন্যূনতম সমর্থন মূল্য প্রক্রিয়াৰ সংস্কাৰ বা সংশােধনৰ দাবী উত্থাপন কৰি আহিছে। চৰকাৰী পক্ষই দাবী কৰা মতে কৃষি খণ্ডৰ সেই কাংক্ষিত সংস্কাৰ বা সংশােধনৰ বাবেই কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ধনা আৰু সৰলীকৰণ) আইন, ২০২০ সংসদত গৃহীত কৰা হৈছে। ইয়াৰ দ্বাৰা APMC আইন বাতিল বা অকার্যকৰী কৰা হােৱা নাই যদিও উক্ত আইনৰ অধীনত পাঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যত বাধ্যতামূলকভাৱে মাণ্ডীৰ নােটিফাইড অঞ্চলৰ ভিতৰতহে কেৱল কৃষিজাত সামগ্রী ক্রয়-বিক্রয়ৰ যি বাধ্যবাধকতা আছিল, সেয়া উঠাই দিয়া হৈছে। লগতে ইমানদিনে কৃষিজাত সামগ্রী ক্রয় কৰিবলৈ সেই ৰাজ্যসমূহত প্রয়ােজন হােৱা বান্ধোন এই ব্যৱস্থাত নাইকিয়া কৰা হৈছে। এতিয়া সেই ৰাজ্যসমূহত APMC আইনৰ অধীনত স্থাপিত মাণ্ডীসমূহৰ বাহিৰত যিকোনাে লােকে কৃষিজাত সামগ্রী ক্ৰয় কৰিব পাৰিব, কৃষিজাত সামগ্ৰীৰ ব্যক্তিগত বজাৰৰ স্থাপন কৰিব পাৰিব। তাৰ বাবে কোনাে অনুজ্ঞাপত্ৰৰ প্ৰয়ােজন নাই। এই আইনৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ অন্তঃৰাজ্যিক আৰু আন্তঃৰাজ্যিক ব্যৱসায়কে মুক্ত কৰা হৈছে, অর্থাৎ কৃষিজাত সামগ্ৰীৰ অন্তঃৰাজ্যিক বা আন্তৰাজ্যিক যােগানৰ বাবে কোনাে কৰ-কাটল বা লাইচেঞ্চ আদিৰ প্রতিবন্ধকতা নাথাকিব, দেশৰ এটা প্ৰান্তৰ পৰা আন প্রান্তলৈ কৃষিজাত সামগ্ৰীৰ মুক্ত প্রবহন নিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। বৈদ্যুতিন ব্যৱস্থাৰ যােগেদিও যাতে কৃষকে উৎপাদিত সামগ্রী বিক্ৰী কৰিব পাৰে আৰু দেশৰ যিকোনাে প্রস্তুত বহি ব্যৱসায়ীয়ে সেয়া ক্ৰয় কৰিব পাৰে, তাৰ বাবে এটা ফ্ৰেমৱৰ্ক তৈয়াৰ কৰাৰ কথা কোৱা হৈছে এই আইনত।

আইনখনৰ সপক্ষে দিয়া যুক্তিসমূহ :
চৰকাৰী পক্ষ তথা স্বতন্ত্র অর্থনীতিবিদসকলে আইনখনত থকা প্রবিধানসমূহক যুগান্তকাৰী আখ্যা দি আইনখনৰ সপক্ষে মত প্ৰকাশ কৰিছে। তেওঁলােকৰ প্রধান যুক্তিসমূহ হ'ল-

আইনখনে অৱশেষত ভাৰতীয় কৃষকক প্রকৃত স্বাধীনতা প্রদান কৰিলে। বাধ্যতামূলক মাণ্ডীৰ কর্তৃপক্ষ আৰু পাইকাৰি বেপাৰীৰ মাজত যি নেক্সাছ গঢ়ি উঠিছিল, সেই নেক্সাছৰ শােষণৰ পৰা কৃষক আইনখনে মুক্ত কৰিলে। এতিয়াৰ পৰা কৃষকৰ সামগ্ৰী তেওঁ য'তেই ইচ্ছা, যাকে ইচ্ছা বিক্ৰী কৰিব পাৰিব। কৃষকে যাৰ ওচৰত বেছি দাম পাঁব, তেওঁকে বিক্ৰী কৰিব পাৰিব স্থান, কাল বা মাধ্যমৰ কোনাে বাধ্যবাধকতা বা প্রতিবন্ধকতা থাকে।

APMC আইনৰ অধীনত যিবােৰ ৰাজ্যত কৃষিজাত সামগ্ৰীৰ বাবে নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডীৰ ব্যৱস্থা আছে, সেই ৰাজ্যসমূহত মাণ্ডীসমূহৰ নােটিফাইড এৰিয়াৰ বাহিৰতাে এতিয়াৰে পৰা কৃষকে নিজৰ উৎপাদিত সামগ্রী বিক্ৰী কৰিব পাৰিব। তাৰ বাবে তােক কোনােধৰণৰ লাইচেঞ্চ বা অনুজ্ঞাপত্ৰৰ প্রয়ােজন নাই, কেৱল PAN কার্ড হলেই হ'ব। কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ীসকলে ইচ্ছা কৰিলে ব্যক্তিগত মাণ্ডীও স্থাপন কৰিব পাৰিব। মাণ্ডীৰ বাহিৰত যিহেতু মুক্ত বজাৰতাে কৃষকে সামগ্রী বিক্ৰী কৰিব পাৰিব, গতিকে আন ৰাজ্যৰ বেপাৰীয়ে শাৰীৰিকভাৱে উপস্থিত থাকি অথবা অনলাইন প্লেটফৰ্মৰ জৰিয়তে পােনে পােনে কৃষকৰ পৰা শস্য ক্ৰয় কৰিব পাৰিব। গতিকে ক্ৰেতাৰ সংখ্যা বৃদ্ধি হােৱাৰ ফলত স্বাভাৱিকতে বজাৰত প্রতিযােগিতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে, ফলত কৃষকে অধিক দাম লাভ কৰাৰ নিশ্চয়তাৰ সৃষ্টি হ'ব। মাণ্ডীত দিবলগীয়া বিভিন্ন কৰ-কাটল আৰু কমিছন তথা মাণ্ডীলৈকে লৈ যােৱাৰ পৰিবহণ খৰচৰ পৰাওঁ কৃষক মুক্ত হব। স্বাভাৱিকতে কৃষকৰ উপার্জন বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

কৃষিজাত সামগ্ৰীৰ আন্তঃ-ৰাজ্যিক ব্যৱসায়ক যিহেতু এতিয়া সকলাে প্রতিবন্ধকৰ পৰা মুক্ত কৰা হ'ল, গতিকে সমগ্র দেশ এতিয়া কৃষিজাত সামগ্রী এটা একক বজাৰ বা মার্কেটত পৰিণত হ'ল— দেশৰ এটা অংশৰ ক্রেতাই আন প্ৰান্তৰ সামগ্রী বিনা দ্বিধাই ক্ৰয় কৰিব পাৰিব। ফলত ফচল চপােৱাৰ সময়ৰ বা বাম্পাৰ উংপাদনৰ সময়ত স্থানীয় সংপৃক্ত বজাৰত চাহিদাজনিত মূল্য হ্রাস হলেও দেশৰ আন অঞ্চলৰ অসংপৃক্ত বজাৰৰ ক্ৰেতাৰ চাহিদাই কৃষক উচিত মূল্যৰ নিৰাপত্তা প্রদান কৰিব। ধৰক পঞ্জাবৰ দৰে ঘেঁহু উৎপাদিত অঞ্চলত ঘেঁহু চপােৱাৰ সময়ত যেতিয়া বজাৰত যােগানৰ তুলনাত চাহিদা কম হােৱা বাবে দাম কমিলে, তেতিয়া কৃষকে অনলাইন প্লেটফৰ্মৰ যােগেদি অসমৰ দৰে ঘেঁহু উৎপাদন নােহােৱা অঞ্চলৰ বজাৰ দৰ লাভ উঠাব পাৰিব। গতিকে, কৃষকে আনকি বাম্পাৰ উৎপাদনৰ বছৰতাে নিজৰ সামগ্ৰীৰ উচিত আৰু শ্রেষ্ঠ মূল্য পাবলৈ সক্ষম হব।

আইনখনে কৃষিজাত সামগ্ৰীৰ মুক্ত মার্কেট স্থাপনৰ লগতে কৃষিজাত সামগ্রী নির্বাধ আন্তঃৰাজ্যিক প্ৰবহন নিশ্চিত কৰিছে। গতিকে পুঁজিপতি আৰু ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীসমূহে আন্তঃৰাজ্যিক কৃষি ব্যৱসায়ৰ সুবিধা গ্রহণ কৰিব আৰু তাৰ ফলত সমগ্ৰ দেশতে কল্ড ষ্টৰেজকে ধৰি কৃষিজাত সামগ্ৰীৰ সংগ্রহ, আহৰণ আৰু পৰিবহণ আন্তঃগাঁথনিৰ অভূতপূর্ব উন্নয়ন হ'ব।

আইনখনৰ বিপক্ষে দিয়া যুক্তিসমূহঃ 
বিৰােধী ৰাজনৈতিক দল, দেশৰ কৃষক সংগঠনসমূহ তথা বহুকেইজন স্বতন্ত্র অর্থনীতিবিদে আইনখনৰ তীব্ৰতাৰে বিৰােধ কৰি আছে। আনকি শাসকীয় ৰাজনৈতিক জোটৰ পুৰণা সহযােগী মিত্রদল পঞ্জাবৰ আকালী দলৰ কেন্দ্রীয় মন্ত্ৰীয়ে পদত্যাগাে কৰিছে, এনডিএৰ মিত্ৰতাও ত্যাগ কৰিছে। হাতীৰ খােৱা দাঁত আৰু দেখুওৱা দাঁত ভিন্ন হােৱাৰ দৰে আইনখনৰাে তাত্ত্বিক আৰু প্রকৃত উদ্দেশ্যৰ মাজত বৃহৎ পার্থক্য আছে বুলি বিৰােধীপক্ষই অভিযােগ কৰিছে। চৰকাৰীপক্ষই আইনখনৰ যিবােৰ সুবিধা আৰু উপকাৰিতা দাঙি ধৰিছে, সেই সকলাে বাহ্যিক তথা তাত্ত্বিক, বাস্তু জীৱনত এই সকলাে তথাকথিত উপকাৰিতাই দৰাচলতে কৃষকৰ বাবে গম্ভীৰ সমস্যাৰহে সৃষ্টি কৰিব বুলি তেওঁলােকে দাবী কৰে। 

আইনখনৰ বিৰােধ কৰাসকলৰ মূল অভিযোগসমূহ হ'ল—
ভাৰতীয় কৃষক স্বাধীন নাছিল, এতিয়াহে কৃষক স্বাধীন কৰা হ'ল, মুক্ত কৰা হ'ল— এই চৰকাৰী দাবী অত্যুক্তি আৰু অপমানজনক। ভাৰতৰ কৃষকে আগতেওঁ যাকে ইচ্ছা, যতেই ইচ্ছা নিজৰ কৃষিজাত সামগ্রী বিক্ৰী কৰিব পাৰিছিল, আইনগত কোনাে বাধা নাছিল। তেওঁলােকৰ মতে এতিয়াও দেশৰ মাত্র ৬ শতাংশ কৃষকেহ APMC আইনৰ অধীনস্থ বাধ্যতামূলক মাণ্ডীসমূহত নিজ সামগ্রী বিক্ৰী কৰে, গতিকে ভাৰতৰ সকলাে কৃষককে পূৰ্বৰ ব্যৱস্থাৰ আৰু মাণ্ডীৰ কমিছনপ্রাপ্ত মধ্যভােগীৰ পৰা স্বাধীন কৰাৰ দাবী ভিত্তিহীন। এতিয়াও ভাৰতৰ ৯৪ শতাংশ কৃষকে মুক্ত বজাৰতে নিজ কৃষিজাত সামগ্রী বিক্ৰী কৰে, 

কিন্তু মুক্ত বজাৰ কেৱল নামতহে মুক্ত, আচলতে তাতাে পাইকাৰি, মধ্যভােগী আৰু মহাজনৰ একেচেটীয়া আধিপত্য চলে। এই আইনৰ দ্বাৰা চৰকাৰে কেৱল মহাজন আৰু স্থানীয় সৰু সুৰা মধ্যভােগীক স্থানান্তৰিত কৰি তাৰ ঠাইত আম্বানী, আদানী, ৱালমার্টৰ দৰে বৃহৎ পুঁজিপতিক মুক্ত ৰজাৰৰ নামত মন'পলী স্থাপন কৰিবলৈ সুবিধা কৰি দিছে তথা আইনখনৰ দ্বাৰা ভাৰতৰ কৃষি সামগ্ৰীৰ বৃহৎ বজাৰখনক নকৈ সজাই আম্বানী, আদানী আৰু ৱালমার্টৰ দৰে পুঁজিপতি তথা কৰ্প'ৰেট গােষ্ঠীৰ হাতত গতাই দিয়া হ'ল, কৃষকৰ সুৰক্ষা বা নিশ্চিত আয়ৰ কোনাে চিন্তা বা পদক্ষেপ এই আইনত গ্ৰহণ কৰা নাই বুলি বিৰােধীয়ে গুৰুতৰ অভিযােগ উত্থাপন কৰিছে। 

বর্তমান পঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যত যত APMC আইনৰ অধীনত স্থাপিত নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডী ব্যৱস্থা আছে, কেৱল সেইবােৰ ৰাজ্যইহে ন্যূনতম সমর্থন মুল্যৰ ব্যৱস্থা কার্যকৰী কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত মাণ্ডীৰ বিভিন্ন কৰ-কাটল, কমিছন দিয়াৰ পাছতাে পঞ্জাব, হাৰিয়ানাৰ নিয়ন্ত্রিত তথা বাধ্যতামূলক মাণ্ডীত কৃষকে নিজৰ সামগ্ৰীৰ যি মূল্য লাভ কৰে, সেয়া আন ৰাজ্যৰ কৃষকে মুক্ত বজাৰত বিক্ৰী কৰি পােৱা দামতকৈ বেছি। সেয়েহে আন ৰাজ্যৰ কৃষকেও পাঞ্জাব, হাৰিয়ানাৰ মাতি বস্তু বেচিবলৈ হেঁপাহ কৰে। নতুন আইনত নূন্যতম সমর্থন মূল্য বা মাণ্ডীসমূহ উঠাই দিয়াৰ কথা নাই যদিও আইনখনৰ বিৰােধ কৰাসকলৰ মতে যদি APMC আইনৰ অধীনস্থ বাধ্যতামূলক মাণ্ডীৰ নােটিফাইড এৰিয়াৰ বাহিৰতাে কৃষিজাত সামগ্রী ব্যৱসায়ীয়ে ক্রয় কৰিবলৈ সক্ষম হয়, তেন্তে কৰ-কাটল, কমিছন আদি দি সামগ্রী কিনিবলৈ ক্রেতা নিয়ন্ত্রিত তথা বাধ্যতামূলক মাণ্ডীলৈ কিয় আহিব? ক্রেতাৰ অভাৱত নিয়ন্ত্রিত তথা বাধ্যতামূলক মণ্ডীসমূহ অদূৰ ভৱিষ্যতত নিজে নিজেই বন্ধ হৈ যাব। 

আনহাতে, মাণ্ডীত ক্রেতাৰ অভাৱত কৃষকে বাহিৰত মুক্ত বজাৰত নিজৰ সামগ্রী বেচিব লাগিব, ফলত ন্যূনতম সমর্থন মুল্যৰ যি সুৰক্ষাকণ বর্তমান পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যৰ কৃষকে লাভ কৰি আছে, তাৰ সুবিধাৰ পৰাও তেওঁলােক বঞ্চিত হ'ব। আইনৰ বিৰােধ কৰাসকলৰ মতে APMC আইন বলবত নকৰা ৰাজ্যতাে ন্যূনতম সমর্থন মুল্য প্রতিবছৰেই ঘােষণা কৰা হয় ঠিকই, কিন্তু সেই মূল্য বলৱত কৰাৰ কোনাে মেকানিজম যেনে নিয়ন্ত্রিত তথা বাধ্যতামূলক মাণ্ডী আদি নথকাৰ ফলত সেই ঘােষণা কেবল ঘােষণাই হৈ থাকে, বাস্তৱায়িত নহয়।

গতিকে, এই আইনে নূন্যতম সমর্থন মূলক সমগ্র দেশতে নিস্ক্রিয় তথা অকার্যকৰী এটা, ঘােষণাত পৰিণত কৰিলে বুলি তেওঁলােকে অভিযােগ উত্থাপন কৰিছে। আইনৰ বিৰােধীসকলে প্ৰত্যাহ্বান জনাইছে যে APMC আইনৰ অধীনস্থ নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডী নথকা এনেকুৱা এখন ৰাজ্য চৰকাৰে দেখুৱাওক যাৰ কৃষকে মুক্ত বজাৰত ন্যূনতম সমর্থন মূলাৰ সমান বা বেছি মূল্য লাভ কৰিবলৈ সক্ষম হৈছে অথবা নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডীসমূহত কৃষকে পােৱা মূলতকৈ বেছি মূল্য কৃষকে দেশৰ যিকোনাে প্রান্তত মুক্ত বজাৰত পাবলৈ সক্ষম হৈছে। ইমানদিনে যদি দেশৰ ৯৪ শতাংশ কৃষকে মুক্ত বজাৰত ন্যূনতম সমর্থন মূল্যৰ সমান বা অধিক মূল্য পাবলৈ সক্ষম হােৱা নাই, তেন্তে নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডীসমূহ— যত অন্তত ৬ শতাংশ কৃষকে দেশৰ ভিতৰতে সর্বাধিক মূলা পাবলৈ সক্ষম হৈছিল, সেয়াও প্রকান্তৰে বন্ধ কবি দি কৃষকৰ কি হিত সাধন কৰা হ'ল? ইমানদিনে মুক্ত বজাৰত যদি কৃষকে উচিত মূল্য পাবলৈ সক্ষম হােৱা নাই, তেন্তে এতিয়া মুক্ত বজাৰত চৰকাৰে কি মেকানিজমৰ দ্বাৰা কৃষকক উচিত বা আগতকৈ অধিক মূল্য দিয়াৰ বিচাৰিছে, সেয়া স্পষ্ট কৰক বুলি দাবী কৰিছে। 

তেওঁলােকৰ মতে চৰকাৰী পক্ষৰ সমগ্র যুক্তি এই ধাৰণাৰ ওপৰত প্রতিষ্ঠিত যে মুক্ত বজাৰৰ বর্ধিত প্রতিযােগিতাই স্বয়ংক্রিয়ভাৱে কৃষকক অধিক মূল্য প্রদান কৰিব। অথচ স্বাধীনতাৰ পাছৰে পৰা আজিলৈকে দেশৰ ৯৪ শতাংশ কৃষকে মুক্ত বজাৰতে নিজৰ সামগ্রী বিক্ৰী কৰি আছে, অধিক মূল্য দূৰৰ কথা চৰকাৰে ঘোষণা কৰা নুনতম সমর্থন মুল্যৰ ওচৰা-উচৰি মূল্যও কৃষকে নাপায়। এই কথা সঁচা যে APMC আইন বা তাৰ অধীনত স্থাপিত নিয়ন্ত্রিত আৰু বাধ্যতামূলক মাণ্ডীসমূহৰ সংস্কাৰ বা সংশােধন প্রয়ােজন হৈছে। গতিকে বিৰােধীৰ মতে, মাণ্ডী কর্তৃপক্ষ আৰু বৃহৎ পাইকাৰি বেপাৰীৰ  নেক্সাছৰ পৰা কৃষকক মুক্ত কৰিবলৈ আৰু মুক্ত বজাৰৰ মধ্যভােগী আৰু মহাজনৰ শােষণ আৰু বঞ্চনাৰ পৰা দৰিদ্ৰ কৃষকক মুক্ত কৰিবলৈ কৃষি খণ্ডৰ সংশােধন কৰি কৃষকে যাতে উচিত মূল্য লাভ কৰে, সেয়া নিশ্চিত কৰিব লাগিছিল, তাৰ ঠাইত চৰকাৰে নুনতম সমর্থন মূল্যৰ ধাৰণাকে নাইকিয়া বা গুৰুত্বহীন কৰাৰ ব্যৱস্থা কৰি কৃষকক মূল্য নিশ্চয়তা প্রদানৰ দাবী কৰাটো আশ্চর্যজনক। এইকথা সঁচা যে অন্তনিহিত সমস্যা থাকিলেও নূন্যতম সমর্থন মূল্য বলবত কৰাৰ মেকানিজম থকা ৰাজ্যসমূহৰ প্রান্তীয় আৰু ক্ষুদ্র কৃষকেও চৰকাৰী ক্রয় সংস্থা— ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পি ডি এছৰ (ৰাজহ্বা যােগান ব্যৱস্থা) বাবে ক্রয় কৰা চাউল-ঘেঁহু আদি যােগান দিব পাৰিছিল আৰু চৰকাৰী আহৰণৰ চাউল-ঘেহুৰ বিনিময়ত কৃষকে অন্ততঃ ন্যূনতম সমর্থন মূল্য পাবলৈ সক্ষম হৈছিল। বিৰােধীৰ মতে, নতুন আইনত যিহেতু ন্যূনতম সমর্থন মূল্য বলবৎ বা কার্যকৰী কৰাৰ কোনাে মেকানিজম নাই, বৰং এই আইনে নুন্যতম সমর্থন মূল্য অন্তঃসাৰশূন্য ঘােষণাতহে পৰিণত কৰিব, গতিকে চৰকাৰী ক্ৰয়ৰ নামত। কৃষকে ন্যূনতম সমৰ্থন মূল্যৰ যি নিশ্চয়তা লাভ কৰিছিল, তাৰ পৰাও বঞ্চিত হ'ব। আগন্তুক দিনত চৰকাৰে মুক্ত বজাৰ আৰু সুস্থ প্রতিযােগিতাৰ নামত যাৰ পৰা সর্বনিম্ন মূল্য লাভ কৰিব, তাৰ পৰাই খাদ্য নিগমে পি ডি এছৰ চাউলঘেঁহু ক্ৰয় কৰিব বুলি ঘােষণা কৰিব, লগতে বিক্রেতাৰ এনেকুৱা যােগ্যতা নির্ধাৰণ হ'ব যিটো কেতিয়াও ক্ষুদ্র বা মজলীয়া কোনাে কৃষক পূৰা কৰিব নােৱাৰিব, ফলত খাদ্য নিগমৰ চাউল যােগানৰ ঠিকাও লাভ কৰিব আদানী, আম্বানী, ৱালমার্টৰ দৰে বৃহৎ পুঁজিপতি আৰু কৰ্প'ৰেটে। আৰু পুঁজিপতিয়ে মুক্ত বজাৰত কৃষকৰ পৰা কমতকৈ কম দামত খাদ্যশস্য ক্রয় কৰি খাদ্য নিগমক উচ্চ দামত বিক্ৰী কৰিব পাৰিব। দৰাচলতে ভাৰতীয় খাদ্য নিগমৰ বৃহৎ পৰিমাণৰ বার্ষিক পুঁজি কিছুমান চয়নিত পুঁজিপতি গােষ্ঠীক প্রদান উদ্দেশ্যে চৰকাৰে এই আইন গৃহিত কৰিছে বুলি গুৰুতৰ অভিযােগ উত্থাপন কৰিছে। 

আইনখনৰ দ্বাৰা এখন দেশ, এখন বজাৰ সৃষ্টি কৰাৰ যি দাবী চৰকাৰে কৰি আছে, সেয়াও সঠিক নহয় বুলি বিৰােধীয়ে অভিযােগ কৰিছে। বিৰােধীৰ মতে, প্রধান মন্ত্ৰীয়ে যিহেতু ৰাজ্যসমূহক আশ্বস্ত কৰিছে যে APMC আইনৰ অধীনস্থ নিয়ন্ত্রিত মাণ্ডীসমূহ বন্ধ কৰি দিয়া নহয়, গতিকে মাণ্ডীৰ ভিতৰত এখন নিয়ন্ত্রিত বজাৰ আৰু মাণ্ডীৰ বাহিৰত মুক্ত বজাৰ এই আইনৰ অধীনতাে থাকিব। আইন পাছ হােৱাৰ আগতে ভাৰতত কৃষিজাত সামগ্ৰীৰ দুখন বজাৰ আছিল নিয়ন্ত্রিত আৰু মুক্ত, এতিয়াও সেই দ্বি-বজাৰ এতিয়াও বাহাল থাকিব। তেনেহ'লে চৰকাৰে দাবী কৰা মতে এখন দেশ, এখন বজাৰ কিদৰে হ'ল বুলি বিৰােধীয়ে প্রশ্ন উত্থাপন কৰিছে। বিৰােধীৰ অভিযােগ মতে এখন দেশ, এখন বজাৰ আচলতে জি এছ টিৰ শ্লোগান—এক দেশ এক টেক্স’ৰ দৰেই এটা নির্বাচনকেন্দ্রিক শ্লোগানৰ বাহিৰে আন একো নহয়।

বিৰােধীৰ মতে অনলাইন পৰ্টেলৰ যােগেদি কৃষিজাত সামগ্রী বিক্ৰী কৰাত কোনাে নতুনত্ব নাই। ইতিমধ্যে কৃষিজাত সামগ্ৰীৰ ক্রয়-বিক্রয় অনলাইন পৰ্টেলৰ যােগেদি কৰাৰ চৰকাৰী আৰু বেচৰকাৰী পৰ্টেল মজুত আছে। কিন্তু ভাৰতৰ ৮৬ শতাংশ কৃষকেই য'ত প্রান্তীয় তথা ক্ষুদ্র কৃষক, স্টোৰে আৰু পৰিবহণ খৰচৰ অভাৱত তেওঁলােকে স্থানীয় বজাৰতে নিজৰ সামগ্রী বিক্ৰী কৰিব নােৱাৰে, পথাৰতে বজাৰ দামতকৈ কম দামত বিক্ৰী কৰিব লাগে! তেনেক্ষেত্ৰত ক্ষুদ্র বা প্রান্তীয় কৃষকে নিজৰ এক বা দুই কুইণ্টল শস্য ভিন ৰাজ্যৰ গ্ৰাহকক অনলাইন প'ৰ্টেলৰ যােগেদি বিক্ৰী কৰিব পাৰিব এনেকুৱা আশা কৃষকৰ অৱস্থাৰ বাস্তৱ জ্ঞান নথকাসকলে কৰিব পাৰে বুলি বিৰােধীয়ে গুৰুতৰ অভিযােগ উত্থাপন কৰিছে। 

ক্ষুদ্র বা প্রান্তীয় কৃষকৰ থাকিবলৈ ঘৰৰ সমস্যা, শস্য স্টোৰেজ ক'ত কৰিব, পেকেজিং কত কৰিব, কুৰিয়াৰৰ খৰচ কিমান হব সেইবােৰ কথা আইন প্রণেতাসকলে চিন্তাও কৰা নাই। এয়া কেৱল কৃষি খণ্ডক হাই-টেক কৰাৰ সাফল্য দাবী কৰি মধ্যবিত্ত, চহৰীয়া ভােটাৰক প্ৰভাৱিত ৰাৰ এটি চৰকাৰী প্ৰয়াসহে মাথােন বুলি তেওঁলােকে অভিযোগ কৰিছে। এনেকুৱা অনলাইন পটেলে বি-টু-বি অর্থাৎ বেপাৰীৰ সৈতে বেপাৰীৰ ব্যৱসায়ত সহায়ক হব পাৰে, কিন্তু তাৰ দ্বাৰা কৃষকৰ মূল্যৰ অনিশ্চয়তা একো পৰিৱৰ্তন নাহে। এতিয়াও দেশত ইণ্ডিয়া-মাৰ্টৰ দৰে বহুতো বৃহৎ আৰু বহুল প্রচলিত পৰ্টেলৰ যােগেদি কৃষিজাত সামগ্ৰীৰ বি-টু-বি বেপাৰ চলি আছে, তেনেকুৱা আৰু এটা নতুন পর্টেলে কৃষকৰ কিনাে উন্নতি সাধিব বুলি বিৰােধীয়ে প্রশ্ন উত্থাপন কৰিছে।

অনুকূলতম নীতি কি হব পাৰিলেহেঁতেন?
কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবর্ধন আৰু সৰলীকৰণ) আইন, ২০২০'ৰ সপক্ষে আৰু বিপক্ষে থকা যুক্তিসমূহ চালি জাৰি চোৱাৰ। পাছত এটা কথা নিঃসন্দেহে ক'বপৰা যায় যে ভাৰতীয় কৃষি খণ্ডৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ আইন। আইনখনৰ সপক্ষে কৰা দাবীসমূহ যদি সঁচাকৈয়ে বাস্তৱত পৰিণত হয়, তেন্তে ভাৰতীয় কৃষি বিপণন খণ্ডৰ অভূতপূর্ব উন্নয়ন সাধন হ'ব। কিন্তু যদি আইনখনৰ বিপক্ষে কৰা দাবীসমূহ সঁচা হয়, তেন্তে ভাৰতীয় কৃষকৰ অৱস্থা এতিয়াতকৈ অধিক শােচনীয় হব! দুয়োফালে চৰম ফলাফল হ'ব পাৰে। চৰকাৰী পক্ষৰ দাবী সঁচা হলে যুগান্তকাৰী হ'ব আৰু বিপক্ষৰ দাবী সঁচা হলে কৃষৰ অৱস্থা বর্তমানতকৈ বেয়া হােৱাৰ আশংকা আছে।

আইনখনত নিঃসন্দেহে কিছুমান অতি দূৰদৰ্শী আৰু শক্তিশালী প্রবিধানৰ ব্যৱস্থা আছে। বিশেষকৈ কৃষিজাত সামগ্ৰীৰ অন্তৰাজ্যিক আৰু আন্তঃৰাজ্যিক ব্যৱসায়ক সকলাে প্রতিবন্ধকতাৰ পৰা মুক্ত কৰাটো অত্যন্ত প্রয়ােজনীয় আছিল। এতিয়া দেশত কৃষিজাত সামগ্ৰীৰ বাধাহীন প্রবহন, যােগান, পৰিবহণ সম্ভৱ হব। কৃষিখণ্ডৰ পৰা লাইচেঞ্চৰাজৰ সমাপ্তি এই আইনখনৰ আন এটা গুৰুত্বপূর্ণ পদক্ষেপ। অর্থনীতিৰ উদাৰীকৰণৰ তিনি দশকৰ পাছতাে কৃষি খণ্ডত লাইচেঞ্চৰাজ থকাটোৱেই এক আচৰিত কথা। 

এই আইনে নিঃসন্দেহে ভাৰতীয় কৃষি বিপণন ক্ষেত্ৰক ব্যক্তিগত কোম্পানী, বৃহৎ পুঁজিপতি আৰু বহুৱাতিক কপাৰেট গােষ্ঠীৰ বাবে আকর্ষণীয় কৰি তুলিব। ব্যক্তিগত বৃহৎ পুঁজিৰ আগমনৰ লগে লগে আশা কৰিব পাৰি যে ভাৰতীয় কৃষি ক্ষেত্ৰৰ বহুপ্রত্যাশিত আধুনিকীকৰণৰ আৰম্ভণি হব। কৃষকৰ স্বার্থত নহলেও ব্যক্তিগত পুজিয়ে নিজৰ স্বাৰ্থতে ভাৰতীয় কৃষি খণ্ডৰ প্রযুক্তিগত আৰু কৌশলগত উন্নয়ন সাধন কৰিব। কৃষি বিপণনৰ বাবে প্রয়ােজনীয় ষ্টোৰেজ, লজিষ্টিকছ আৰু পৰিবহণৰ আন্তঃগাঁথনিৰ বৃহৎ উন্নয়ন সাধন হ'ব বুলি আশা কৰিব পাৰি। মহাজন, মধাভােগীৰ সামন্তযুগীয়া শােষণ শেষ হ'ব আৰু এক নতুন কৃষি বিপণন ব্যবস্থা প্রতিষ্ঠা হ'ব।

উন্নত প্রযুক্তি, উন্নত বীজ আৰু কৌশলে কৃষকৰ উতপাদন ক্ষমতাও নিঃসন্দেহে বৃদ্ধি কৰিব। কিন্তু ব্যক্তিগত পুঁজি আৰু কৰ্প'ৰেট গােষ্ঠীৰ দ্বাৰা স্থাপিত নতুন, আধুনিক বিপণন ব্যৱস্থাত ফচলৰ উচিত মুলা যে কৃষকে লাভ কৰিব, তাৰ নিশ্চয়তা প্রদান কৰিবলৈ আইনখনত কোনাে ন্যায়িক প্রবিধানৰ ব্যৱস্থা নাই। আইনখনৰ দ্বাৰা কৃষকৰ মূল অনিশ্চয়তাৰ সমস্যাটোৰ কোনাে স্থায়ী আৰু ন্যায়িক সমিধানৰ প্রবিধান নাই। ফুটা চালেৰে বৰষুণৰ পানী সােমােৱা কাৰণে ওৰে ৰাতি শুব নােৱাৰা ভাৰতৰ কৃষকে পুৱতি নিশা ভগৱানক প্রার্থনা কৰে যে কাইলৈ যাতে আকৌ বৰষুণ হয়। প্রাকৃতিক কাৰক এতিয়াও ভাৰতৰ কৃষিৰ মূল নিয়ন্ত্রক । বৰষুণৰ নিৰ্ভৰশীলতা বা অনিশ্চয়তাৰ পৰা কৃষক তেতিয়াহে মুক্ত হব যেতিয়া কৃষকে আধুনিক প্রযুক্তিবিদ্যাৰ নতুন আৰু উন্নত কৌশল আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিব পাৰিব । উন্নত কৃষি বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে কৃষকে টকা বিনিয়োগ কৰিব পাৰিব লাগিব, কিন্তু তাৰ বাবে কৃষকৰ হাতত টকা থকাটো জৰুৰী। 

কিন্তু ভাৰতৰ কৃষকৰ উপাৰ্জন অতি দুখ লগা কৈ সামান্য। এনেকুৱা নহয় যে ভাৰতীয় বজাৰত কৃষিজাত সামগ্রিৰ মূল্য নাই, ওপৰত ফার্ম-টু ফর্ক মূল্যৰ পার্থক্য উল্লেখ কৰা হৈছে। মূল্য আছে কিন্তু সেই মূল্য তিলমানাে কৃষকৰ জেপত নোসােমায় । ভাৰতীয় কৃষকে নিজৰ শস্যৰ উচিত মূল্য নপােৱাৰ মূল কাৰণ হ'ল মধ্যভােগীৰ শােষণ আৰু মধ্যভােগীয়ে শােষণ কৰিব পাৰে কাৰণ কৃষিজাত সামগ্রীৰ মূল্যৰ ওপৰত কৃষক বা চৰকাৰৰ নিয়ন্ত্রণ নাই। কৃষিজাত সামগ্ৰীৰ মূল্য নির্ণয় কৰে মধ্যভােগীয়ে আৰু এই মূল্য সম্পূর্ণ ৰূপে এটি কৃত্রিম মূল্য কৃষকে নিজৰ সামগ্ৰীৰ উচিত মূল্য কেতিয়াও নেপায় । এই মূল্য অনিশ্চয়তাই কৃষক আৰু কৃষি খণ্ডক কোঙা কৰি পেলাইছে। কৃষিজাত সামগ্ৰীৰ মূল্য নির্ধাৰণ পদ্ধতিটো এনেকুৱা এটা অন্যায়, ধূর্ত ব্যৱস্থাৰ সৃষ্টি কৰিছে যত সকলােৱেই - যােগানীয়া, পাইকাৰৰ দালালৰ পৰা আৰম্ভ কৰি পাইকাৰ, মধ্যভােগী, বৃহত বেপাৰী, সৰু বেপাৰী, ক্ষুদ্র দোকানী, বজাৰ সমিতি, কর্তৃপক্ষ, চৰকাৰী বাবু - সকলােৱেই মুনাফা লাভ কৰে কেৱল যিজনে তেজক পানী কৰি সেই শস্যৰ সৃষ্টি কৰে সেই কৃষকে মুনাফা দূৰৰ কথা উচিত মূল্যকণো নেপায়। কৃষকক নিজৰ শস্যৰ ন্যূনতম মূল্যৰ গেৰান্টী যেতিয়ালৈকে বিধিগত ভাৱে প্ৰদান কৰা নহব, যেতিয়া লৈকে কৃষিজাত সামগ্ৰীৰ মূল্য অনিশ্চয়তা থাকিব- তেতিয়া লৈকে কৃষকৰ শােষণ জাৰী থাকিব। কৃষকৰ শােচনীয় অৱস্থাৰৰ পৰিবৰ্তন নহব। 

স্বতন্ত্ৰ অর্থনীতিবিদ আৰু কৃষিবিদ সকলৰ মতে এই নতুন আইনৰ দ্বাৰা চৰকাৰে ভাৰতীয় কৃষি খণ্ডৰ পৰা চিৰদিনৰ বাবে সেই মূল্য অনিশ্চয়তা দূৰ কৰিব পাৰিলেহেতেন। নূন্যতম সমৰ্থন মূল্যৰ যি ব্যৱস্থা ইতিমধ্যে দেশত প্ৰচলিত হৈ আছিল তাক অধিক শক্তিশালী কৰি, আইনগত ভাবে কার্যকৰী কৰি দেশৰ সমগ্র কৃষকক ন্যূনতম সমর্থন মূল্যৰ আওতাত আনিব পাৰিলেহে। দেশৰ কোনাে প্রান্ততে কোনেও কৃষিজাত সামগ্ৰিৰ প্রথম ক্রয় নূন্য়তম সমর্থন মূল্যতকৈ কম কৰিব নােৱাৰিব – এনেকুৱা এক বিধিগত নিশ্চয়তা প্রদান কৰি আইনখনে ভাৰতৰ কৃষি বিপননৰ ক্ষেত্ৰ খনত এক অভূতপূর্ব বিকাশ সাধন কৰিব পাৰিলেহেতেন।

ভাৰতত নিজৰ ফচলৰ মূল্য নির্ণয় কৰিবলৈ নিজা স্বাধীনতা আছে। দেশৰ সকলাে উতপাদকে নিজৰ সামগ্ৰীৰ মূল্য নিজে নির্ধাৰণ নকৰে। নিঃসন্দেহে এই মূল্য নির্ধাৰণত বজাৰৰ বিভিন্ন কাৰকে ক্রিয়া কৰে। কিন্তু উদ্যোগ উতপাদিত বস্তু বিধৰ উচ্চতম খুচুৰা-বিক্রী মূল্য  কিমান হয় সেয়া উতপাদক কোম্পানীয়েই নির্ধাৰণ কৰে। আচৰিত কথা যে কেৱল কৃষকেই একমাত্র উতপাদক যিয়ে নিজৰ সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰিব নােৱাৰে। তথাকথিত মার্কেট এই ফোর্চ'-য়ে সেই মূল্য নির্ধাৰণৰ নামত যুগ যুগ ধৰি কৃষকক কেৱল শােষণহে কৰি আহিছে। কৃষিজাত সামগ্রীৰ মূলা নির্ধাৰণত কৃষকৰ বার্গেইনিং পাৱাৰ বা দৰ-দাম কৰাৰ ক্ষমতা নথকাৰ মূল কাৰণ হ'ল স্টোৰেজ বা সংৰক্ষণ, বজাৰ সংযােগ আৰু লজিষ্টিকৰ অভাৱ। তাৰ বাবে ভাৰতৰ গ্রামীন ক্ষেত্ৰত কোল্ড স্টোৰেজৰ পৰা আৰম্ভ কৰি যাতায়ত যােগাযােগলৈকে উন্নত কৃষি আন্তঃ গাথনি সৃষ্টি কৰিবলৈ চৰকাৰে পদ্ধতিগত ভাৱে বৃহত নিবেশ কৰাৰ ন্যায়িক আৰু উদাৰীকৃত প্রবিধান আইনখনত থাকিব লাগিছিল । স্বতন্ত্র অর্থনীতিবিদ আৰু কৃষিবিজ্ঞানীৰ মতে আইনখনে কৃষি আন্তঃগাঁথনিত বৃহৎ নিৱেশৰ সেই দায়িত্ব চৰকাৰৰ কান্ধৰ পৰা আঁতৰাই ব্যক্তিগত খণ্ডৰ পুঁজিপতি আৰু কৰ্প'ৰেট গােষ্ঠীৰ কান্ধত তুলি দিয়া পৰিলক্ষিত হৈছে। বিশেষজ্ঞৰ মতে, এই আইনৰ দ্বাৰা চৰকাৰে কৃষি আন্তঃগাঁথনি সৃষ্টি আৰু উন্নয়নৰ চৰকাৰী দায়িত্বক এক বিধিগত বুনিয়াদ প্রদান কৰি গ্রামীণ আৰু কৃষি ক্ষেত্ৰৰ কাংক্ষিত উন্নয়নক বাস্তবায়িত কৰিব পাৰিলেহেঁতেন।
(প্রকাশিত মতামত সম্পূর্ণৰূপে লেখকৰ ব্যক্তিগত তথা শৈক্ষিক, পদবী-কার্যালয়ৰ সৈতে কোনাে সম্পর্ক নাই), ফোনঃ ৯১৯৬৭-৪৮৩৫৮, লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখাবোৰ পাবলৈ একত্ৰ লিংকত ক্লিক কৰকঃ

No comments:

Post a comment