প্ৰৱন্ধঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰঃ উজ্বল অতীত বনাম শংকাময় ভৱিষ্যত :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰঃ উজ্বল অতীত বনাম শংকাময় ভৱিষ্যত :: কিশোৰ কুমাৰ কলিতা

প্ৰৱন্ধঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰঃ উজ্বল অতীত বনাম শংকাময় ভৱিষ্যত :: কিশোৰ কুমাৰ কলিতা

Share This
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰঃ উজ্বল অতীত বনাম শংকাময় ভৱিষ্যত
কিশোৰ কুমাৰ কলিতা
১৯৬৩ চনৰ ২ অক্টোবৰ তদানীন্তন অবিভক্ত কামৰূপ জিলাৰ এখন সৰু মচলীয় চহৰ পাঠশালাৰ এটা সন্ধিয়া। চহৰখনৰ মূল পথকেইটাৰ সমীপৰ দুই-এখন দোকানৰ পৰা মেন্থল লাইটৰ পোহৰ পথলৈ বিচ্ছুৰিত হৈ আহিছে। | তেতিয়াও চহৰখনত বিজুলী সৰবৰাহ আৰম্ভ হােৱা নাই (পাঠশালাত ১৯৬৮ চনৰ ২০ ডিচেম্বৰত বিজুলী সৰবাহ | আৰম্ভ হৈছিল)। গ্রাম্য অৱগুণ্ঠন আঁতৰাই ক্রমাগতভাৱে চহৰীয়া পােছাক পিন্ধিবলৈ আৰম্ভ কৰা পাঠশালা চহৰলৈ সেই সন্ধিয়াটোত নিকটৱর্তী গ্রামাঞ্চলৰ আলেখ লােকে ভিৰ কৰিছিল। চহৰখনৰ চৌদিশ ঘেৰি থকা অন্ধকাৰ আচ্ছাদন ঠেলি আলেখ পােহৰ যেন আগবাঢ়ি আহিছিল পাঠশালাৰ সোঁমাজত অৱস্থিত হৰিমন্দিৰ প্ৰাগংণলৈ।
অৱশেষত প্রতীক্ষাৰ অন্ত পৰিছিল। অসমৰ নাট্য ইতিহাসৰ আটাইতকৈ গুৰুত্বপুর্ণ এটা দিন সূচিত কৰি পাঠশালাৰ মাজমজিয়াৰ পৰা নটৰাজ থিয়েটাৰে আৰম্ভ কৰিছিল ভ্রাম্যমাণ থিয়েটাৰৰ প্ৰথম নিশাটিৰ শুভাৰম্ভ। প্রয়াত অচ্যুত লহকৰ আৰু তেওঁৰ ভাতৃ প্রয়াত সদা লহকৰৰ যৌথ প্রযােজনাত আৰম্ভ হােৱা অসমৰ প্ৰথমখন ভ্রাম্যমাণ | থিয়েটাৰ নটৰাজৰ মঞ্চত পৰিৱেশিত হৈছিল ফণী শৰ্মা ৰচিত আৰু চন্দ্র চৌধুৰী পৰিচালিত নাট ‘ভােগজৰা'। হাজাৰ দর্শকৰ উৎকণ্ঠিত চকুৰ আগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণৰ অস্থায়ী মঞ্চত আধুনিক যন্ত্রসংগীত, পােহৰ ব্যৱস্থাপনাৰ প্রথমবাৰৰ বাবে উপস্থাপন হৈছিল। আধুনিক থিয়েটাৰৰ সমস্ত সমল আহৰণ কৰি তাক ভ্রাম্যমাণৰ ৰূপ দিয়া ভ্রাম্যমাণ থিয়েটাৰ নটৰাজৰ প্ৰথমবৰ্ষৰ ৰংগমঞ্চখন চলন্ত (ট্রলী ব্যৱস্থাৰ) আছিল। ঠেলি দিয়া স্তেজ বা ৰিভলভিং ষ্টেজৰ বিশেষত্ব আছিল এয়ে যে এখন মঞ্চত নাট চলি থকা সময়ত আনখন স্টেজত ছেটটো সজোৱা থাকে। ড্রপ পৰিলেই পূর্বৰ ষ্টেজখনক ঠেলা মাৰি আঁতৰাই আনখন ষ্টেজক আগৰখনৰ ঠাইত ৰখা হয়। ড্রপ আৰু আঁৰ কাপােৰৰ আঁৰত ষ্টেজৰ ছেটিং চলি থাকে বাবে দর্শকে ইয়াৰ একো উমঘাম নাপায়। ইয়াৰ ফলত নাটকৰ মঞ্চায়নত কোনাে যতি নপৰে আৰু কোনােধৰণৰ বিৰতি নােলােৱাকৈ ধাৰাবাহিকভাৱে নাট চলি থাকে। এনেদৰে নটৰাজে পাঠশালাৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰিলে আৰু এই থিয়েটাৰ ৰাজ্যখনৰ সকলাে প্রান্তলৈ বিয়পি গ'ল। প্রথমবর্ষৰ আটাইকেইখন নাট, বিশেষকৈ 'হায়দৰ আলী' আৰু ‘জেৰেঙাৰ সতী' নাট দুখনক অসমীয়া দর্শকে বিপুলভাৱে আদৰি লৈছিল। 

ভ্রাম্যমাণ থিয়েটাৰত প্ৰাৰম্ভিক অৱস্থাত গেলাৰীৰ ব্যৱস্থা নাছিল। বৰ্জালীৰ সন্তান হৰেন দাসৰ ‘ডায়মণ্ড চাৰ্কাছৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে গেলাৰী ব্যৱস্থাটো ভ্রাম্যমাণতাে আৰম্ভ কৰাৰ পৰিকল্পনা কৰে আৰু তৃতীয়বর্ষৰ পৰা নটৰাজত গেলাৰী প্ৰৱৰ্তন কৰে। বিৰতিবিহীনভাৱে পেণ্ডেল কৰা ধাৰণাটোও প্ৰাৰম্ভিক বর্ষ কেইটামানত নাছিল। প্রথম বছৰটোৰ পৰা আৰম্ভ কৰি পৰৱর্তী কেইটামান বছৰলৈ নটৰাজ থিয়েটাৰে দুটা পেণ্ডেলৰ মাজত বিৰতি ল'ব লগা হৈছিল আৰু সেই সময়ছােৱাতে পৰৱর্তী পেণ্ডেলটো প্ৰস্তুত কৰা হৈছিল। পাছলৈ যেতিয়া নটৰাজ থিয়েটাৰ প্রেক্ষাগৃহটোৰ দুটাকৈ ছেট প্রস্তুত কৰা হ'ল, তেতিয়াহে পেণ্ডেলবোৰ ধাৰাবাহিকভাৱে ৰাখিব পৰাৰ এক ব্যৱস্থা গঢ়ি উঠিল। প্রথমবর্ষত টায়াৰ লগোৱাৰ বাবে ষ্টেজখন কপি উঠিছিল আৰু পাছলৈ দ্বিতীয় বর্ষ সৰুপেটাৰ নিকটৱৰ্তী কর্দৈগুৰি নামৰ ঠাইত পেণ্ডেল চলি থকা সময়তে টায়াৰৰ চকা গুচাই সর্বপ্রথম লােৰ চকা লগােৱা হৈছিল। প্ৰথম অৱস্থাত এই নাট্য দলটিক ভ্রাম্যমাণ বুলি কোনােৱে কোৱা নাছিল। নটৰাজৰ আগত ভ্রাম্যমাণৰ উপাধিটো লগাই দিছিল সিংহপুৰুষ ৰাধাগােবিন্দ বৰুৱাই। ১৯৬৩-৬৪ বৰ্ষত গুৱাহাটীৰ জজ খেলপথাৰত গুৱাহাটী টাউন ক্লাবৰ সাহায্যার্থে নটৰাজক নিমন্ত্রণ কৰি অনা হৈছিল। নাটক চলি থকা সময়তে বৰুৱাই স্বচক্ষে এই বিস্ময়কৰ নাট পৰিৱেশন উপভােগ কৰে আৰু নাটক চাই অভিভূত হৈ পৰে। পৰিৱেশনৰ এই ৰূপটো অভূতপূর্ব বুলি গণ্য কৰি বৰুৱাই ইয়াক 'ভ্রাম্যমাণ থিয়েটাৰ' বুলি আখ্যা দিয়ে। নাটক চোৱাৰ দ্বিতীয় দিনাখন তেওঁ নিজৰ বাতৰিকাকতত এনেধৰণৰ এক বাতৰি পৰিৱেশন কৰিছিল— “যাৰ নিজৰ শব্দযন্ত্র আছে, বৈদ্যুতিক কৌশল প্রয়ােগ কৰা যন্ত্রপাতি আছে, নিজা মঞ্চ আছে, নিজা প্রেক্ষাগৃহ আছে, আনকি গাঁত খন্দা খণ্টাৰ পৰা কেৰাহি, বাল্টি সকলাে আছে, গতিকে এনে একক আৰু অনন্য থিয়েটাৰ পৃথিৱীৰ আন ঠাইত নাই বুলিয়েই বিশ্বৰ সর্বপ্রথম ভ্রাম্যমাণ থিয়েটাৰ বুলি নামকৰণ কৰা হ'ল। 

দুর্ভাগ্যৰ কথা যে সেই ভ্রাম্যমাণ থিয়েটাৰ, যাক অসমৰ অন্যতম একক সাংস্কৃতিক ঐতিহ্য বুলি ধৰা হয়, আজি যেন মৃত্যুৰ দুৱাৰডলিতহে। অব্যৱস্থাপনা, ঋণগ্রস্ততা, চৰকাৰী সাহায্যহীনতা, বৈষম্যমূলক মাননি আদি অলেখ কাৰণৰ বাবে অসমত ইতিমধ্যে অলেখ ভ্রাম্যমাণৰ মৃত্যু হৈছে। কিন্তু এইবেলি ক'ভিড-১৯ৰ প্ৰেক্ষাপটত সম্পূর্ণ দুটা বছৰৰ বাবে ভ্রাম্যমাণ যেনেদৰে স্থায়ীভাৱে বন্ধ হৈ পৰিল, সিয়ে এই উদ্যোগটোৰ বাবে চিৰকলীয়া যেন অন্ধকাৰ নমাই আনিলে। দুটা বছৰ বুলি এই কাৰণেই উল্লেখ কৰিছে যে বিগত এপ্রিলত ভ্রাম্যমাণ বর্ষ একোটাৰ সমাপ্তি ঘটিব লাগিছিল যদিও লক-ডাউনৰ বাবে মাৰ্চতে থিয়েটাৰ দলসমূহৰ প্রদর্শনী বন্ধ হৈ পৰিল। তদুপৰি সচৰাচৰ নলবাৰী ৰাসৰ সময়ছােৱাতে অসমৰ সৰহভাগ ভ্রাম্যমাণ দলে পৰৱর্তী বৰ্ষৰ বাবে অভিনেতা-অভিনেত্রীৰ লগত চুক্তি কৰে বা বুজাবুজি কৰে। ২০১৯ নৱেম্বৰৰ চুক্তি এইবেলি ৰূপায়ণ কৰাৰ সুযােগ এতিয়ালৈ নহ'ল। প্রত্যেক বছৰৰ জুন মাহমানত ভ্রাম্যমাণ দলবােৰে নাট্যবৰ্ষ (ভ্রাম্যমাণৰ নাট্যবৰ্ষ সমাপ্ত হয় ব'হাগ বিহু আৰম্ভ হােৱাৰ আগতে) আৰম্ভ কৰে আৰু নাটবােৰ মঞ্চায়ন কৰে আগষ্টৰ পৰা। যিহেতু লকডাউনৰ বাবে এইবেলি কোনাে থিয়েটাৰে নাট্যবৰ্ষ আৰম্ভ কৰিব নােৱাৰিলে, সেয়েহে সমগ্র বছৰটোৰ বাবে ভ্রাম্যমাণ থিয়েটাৰৰ নাট পৰিৱেশনো বন্ধ হৈ পৰিল। 

যদিহে এই লকডাউন সদৃশ পৰিৱেশ অব্যাহত থাকে আৰু মঞ্চ, প্রেক্ষাগৃহ খােলাৰ অনুমতি দিয়া নহয়, তেন্তে সমাগত বছৰতো হয়তো ভ্রাম্যমাণ থিয়েটাৰে মূৰ দাঙি উঠিব নােৱাৰিব। অসমৰ হাজাৰ-বিজাৰ শিল্পী, কলাকুশলী জড়িত এই সাংস্কৃতিক উদ্যোগটো বন্ধ হৈ গলে তাৰ নিশ্চিত প্রভাৱ অসমৰ অলেখ পৰিয়ালত পৰিব। 

ভ্রাম্যমাণ থিয়েটাৰৰ লগত জড়িত কেইটামান বাজেট প্রস্তাৱঃ
অসম চৰকাৰে বিগত কেইটামান বৰ্ষত ভ্রাম্যমাণ থিয়েটাৰ বিষয়ক কেইটামান প্ৰস্তাৱ বাজেটসমূহত সন্নিৱিষ্ট কৰিছিল। প্ৰস্তাৱসমূহ আছিল এনেধৰণৰ-

(১) ভ্রাম্যমাণ থিয়েটাৰৰ জনক প্রয়াত অচ্যুত লহকৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ অৱদানৰাজিক প্রতিফলিত কৰি বৰপেটা জিলাত থকা তেওঁৰ গৃহ গাঁৱত এটা স্মাৰক প্রতিষ্ঠা কৰাৰ প্ৰস্তাৱ (২০১৬-১৭ বিত্তীয় বর্ষ)। 

(২) ভ্রাম্যমাণ থিয়েটাৰৰ কলা-কুশলী আৰু শিল্পীলৈ উদগনিঃ এনে থিয়েটাৰত অন্ততঃ পাঁচ বছৰ কটোৱা প্রতিজন শিল্পী আৰু কলাকুশলীলৈ তেওঁলোকৰ প্রচেষ্টা আৰু বহুমূলীয়া অৱদানৰ কথালৈ লক্ষ্য ৰাখি ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা। সাংস্কৃতিক বিভাগে এই আঁচনি কার্যকৰণ কৰিব আৰু এই বাজেটত ৫ কোটি টকা আবণ্টন (২০১৯-২০ বিত্তীয় বর্ষ)। 

(৩) ১,০০০জন ভ্রাম্যমাণ থিয়েটাৰৰ লােকলৈ ৫০,০০০ টকাকৈ এককালীন উদগনিমূলক ধনৰাশি আগবঢ়োৱা হ'ব (২০২০-২১ বিত্তীয় বর্ষ)। 

দুখৰ কথা যে যৎসামান্য অর্থৰে উদগনি দি এতিয়া আৰু ভ্রাম্যমাণ থিয়েটাৰ উদ্যোগটো বচাব পৰা নাযাব। এই বৃহৎ সাংস্কৃতিক উদ্যোগটো জীয়াই ৰাখিবলৈ অসম চৰকাৰে অন্ততঃ এটা বছৰৰ বাবে বাজেটত সুকীয়াকৈ ধন আবণ্টন কৰিব লাগিব। অসমৰ অন্যতম বৃহৎ এই সাংস্কৃতিক উদ্যোগটোৰ পুনৰুজ্জীৱনৰ স্বাৰ্থত অসম চৰকাৰে সমাগত সময়ত তেনে এক পদক্ষেপ লােৱাৰ সাহস দেখুৱাব পাৰিবনে? এই কথা সময়ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।
ই-মেইল : kishorassam@gmail.com লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ 

No comments:

Post a Comment