জোনাকীঃ অসমৰ নিৰ্বাচনী ৰাজনীতিঃ জোঁৰ পুৰি হাত পালেহি :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ অসমৰ নিৰ্বাচনী ৰাজনীতিঃ জোঁৰ পুৰি হাত পালেহি  :: ড° নগেন শইকীয়া

জোনাকীঃ অসমৰ নিৰ্বাচনী ৰাজনীতিঃ জোঁৰ পুৰি হাত পালেহি :: ড° নগেন শইকীয়া

Share This
অসমৰ নিৰ্বাচনী ৰাজনীতিঃ জোঁৰ পুৰি হাত পালেহি  
ড° নগেন শইকীয়া
চলিত বছৰটো অর্থাৎ ২০২০ খ্রীষ্টাব্দ আৰম্ভ হােৱাৰ আগৰে পৰাই ২০২১ খ্রীষ্টাব্দত হ'বলগীয়া অসম বিধান সভাৰ নিবাচন সম্পর্কে সচেতনসকল সজাগ হৈ উঠিলেই যদিও যােৱা মার্চ মাহৰ পৰা কৰ'নাই সমগ্র বিশ্বৰ লগতে আমাৰ দেশতাে, আমাৰ ৰাজ্যখনতাে সন্ত্রাস সৃষ্টি কৰি আহিছে। তথাপি তাৰ মাজতাে নির্বাচন সংক্রান্তীয় আলােচনা-বিলােচনা, সভা সমিতি, দল-সংগঠন হ'বলৈ আৰম্ভ কৰিছে। কৰোনা নােহােৱা হ'লে এই আয়ােজনৰ ব্যাপকতা বাঢ়িলহেঁতেন।
বিজেপিৰ শাসনত ইতিমধ্যেই আস্থা হেৰুওৱা সমাজ সচেতনসকলে যােৱা বছৰৰ পৰাই ঠায়ে ঠায়ে ডাঙৰ সভা-সমিতি নহ'লেও সৰু-সুৰা সভা সমিতিৰ আয়ােজন কৰি আহিছিল। এতিয়া ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বাহিৰেও অসম গণমঞ্চ, সংযুক্ত অসম দল, অসম জাতীয় পৰিষদ আৰু সংযুক্ত অসম দললৈকে ৰাইজৰ দল এইকেইটি দলে মূৰ দাঙি উঠিছে। অসম জাতীয় পৰিষদ সদৌ অসম ছাত্ৰ সন্থাৰ অনানুষ্ঠানিক উদ্যোগতে হলেও অসমৰ গৰিষ্ঠসংখ্যক সচেতন লােকেই হ'বলৈ ধৰা এই দলটোৰ লগতে আঞ্চলিকতাবাদী গেটিসমূহ ঐক্যবদ্ধ হ'ব পাৰিলে ধনবল, ক্ষমতাবল, পদবীবল, এই সকলােকে লৈ চৰকাৰী দল হিচাপে শক্তিশালী বিজেপিৰ লগত এঘড়ী যুঁজা সম্ভৱ হ'ব বুলি ভাবে। কিন্তু চৰকাৰী দলবিৰােধী শক্তি গােটসমূহ ওলাই আহোঁতেই যদি কেৰােণ লগাৰ শংকা হয় তেতিয়া কিমান দূৰ কৃতকার্য হ'ব পৰা যাব সেই প্রশ্নটো নুঠাকৈ নাথাকিব। এতেকে এনে শংকা কলিতে নাইকিয়া কৰিব লাগিব। 

সৰু-ডাঙৰ কোনােধৰণৰ পৃথকতা ঘটিব খােজা যেন লাগিলে তাক আৰম্ভণিতেই ততালিকে দূৰ কৰি ল'ব লাগিব। আঞ্চলিকতাবাদী শক্তিৰ গােটসমূহে চকুৰ আগতে দেখি আছে যে এই বছৰৰ আৰম্ভণিৰ পৰাই বিজেপিয়ে ল'ৰা-ছােৱালী, ছাত্র-ছাত্রী, কৃষক বনুৱা, পুৰুষ-মহিলা, চৰকাৰী কর্মী কৰ্মচাৰী সমন্বিতে সকলােৰে সমর্থন লাভ কৰাৰ বাবে “হিতাধিকাৰীৰ তালিকা" প্রস্তুত কৰি লৈছে। আঞ্চলিকতাবাদী গােটসমূহে মনত ৰাখিব লাগিব যে সর্বসাধাৰণ মানুহেই হ’ল নিবার্চনৰ সময়ত আটাইতকৈ ডাঙৰ শক্তি। তদুপৰি শিক্ষিত মধ্যবিত্ত শ্রেণীটোৰৰ একাংশই সাময়িক ব্যক্তিগত লাভ-লােকচানৰ প্রতি দেশৰ লাভ-ক্ষতিতকৈ বেছি সচেতন। 

সচেতন মধ্যবিত্ত  সকলে কৈছে আৰু ক'ব যে কেন্দ্রীয় চৰকাৰে সকলাে ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যৱসায় বাণিজ্য প্রতিষ্ঠানসমুহ হয় ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ নাইবা বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। তেওঁবিলাকে এই কথাও ক'ব যে বর্তমানৰ দিল্লীৰ চৰকাৰে সম্পূর্ণ পুঁজিবাদী অর্থনীতিৰে দেশৰ সংবিধানৰ প্ৰস্তাৱনাতে থকা সমাজবাদী চৰিত্ৰ বৰ্জন কৰিছে, ৰাজকোষ উদং কৰিছে, ৰাষ্ট্ৰীয়কৃত বেংকবিলাকো ব্যক্তিগত খণ্ডক বিক্রী কৰাৰ যাে-জা কৰিছে। এহাতে ‘বি পি এল' অর্থাৎ দৰিদ্ৰতাৰ নিম্নস্তৰত পৰা বুলি ধৰাসকলৰ পৰিয়ালৰ প্রত্যেককে মাহে পাঁচ কিলােগ্রামকৈ চাউল বিনা পইচাই দিছে যদিও আনহাতে বজাৰৰ চাউল, ঘেঁহু, ডাইল, আলু, পিঁয়াজ তেল আদি খাদ্য সামগ্রীক অত্যাৱশ্যকীয় শ্রেণীৰ পৰা আঁতৰাই আৰু এই সামগ্ৰীসমূহৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্রণাে উঠাই লৈ সম্পূর্ণৰূপে ব্যৱসায়ীৰ মর্জিলৈ এৰি দিছে। 

এনেভাৱে নিম্নমধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীটোৰ সম্পূর্ণ আয় একপ্রকাৰ কাঢ়ি নিয়াৰ ব্যৱস্থা কৰা হৈছে। কিন্তু চৰকাৰ মধ্যবিত্ত শ্রেণীটোক লৈ চিন্তাগ্রস্ত নহয়, বৰং মধ্যবিত্ত শ্রেণীটোক হয় লােভ দেখুৱাই নিজৰ ফাললৈ নিব, নহয় সর্বশ্রান্ত কৰি এৰি দিব এয়ে বােধকৰোঁ পৰিকল্পনা। কাৰণ পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতে মধ্যবিত্ত শ্ৰেণীটোৱেই। সর্বসাধাৰণ মানুহে অর্থনীতিৰ তত্ত্ব বুজি নাপায়। অথচ এইসকল লােকৰ সংখ্যাই যিহেতু বেছি গতিকে তেওঁবিলাকক সামান্য কিবা দি হলেও সন্তুষ্ট কৰিব পাৰিলে তেওঁবিলাকৰসমর্থন যে শাসকীয় দলে লাভ কৰিব সেই বিষয়ে চৰকাৰ নিশ্চিত।

এইটোও এটা উল্লেখযােগ্য দিশ যে চৰকাৰ-বিৰােধী শক্তিৰ জন্ম হয় মধ্যবিত্ত শ্ৰেণীৰ মাজতে। যদি এই শ্রেণীটোৰ মাজত একেলগ হােৱা গােট সমূহক কোনাে উপায়েৰে ভাগ ভাগ কৰি দিব পাৰি তেওঁবিলাকৰ শক্তি নিস্তেজ হৈ যাব। এতেকে এই প্ৰসংগতে সদৌ অসম ছাত্ৰ সন্থাৰ মাজত কেইগৰাকীমান কৰা বিদ্রোহ যাতে তেওঁবিলাকক বুজাই বঢ়াই দূৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে। নহ'লে এনে মনােভাব থাকিবলৈ দিলে বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকি যাব।  মই সেইবাবে ক'ব খােজোঁ যে আমি চাব লাগিব যিটো আমাৰ ডাঙৰ ক্ষতি সেই ক্ষতি যাতে নােহােৱা কৰিব পাৰি তালৈহে চকু দিব লাগে। আনুষ্ঠানিকতাৰ কিবা ভুল থাকিলে তাক শুধৰাই ল'ব পৰা যাব, কিন্তু ৰাজ্যখনৰ তথা জাতিটোৰ ভৱিষ্যত নষ্ট কৰিব পৰা কেনেবাকৈ বাট ওলালে জাতিটোৰ কঁকাল ভাগিব। সেইবাবে ব্যক্তিগত অসন্তুষ্টিৰ বাবে যাতে আমি জাতিটোৰ ক্ষতি নকৰোঁ তাৰ প্ৰতি সকলাে সময়তে সজাগ হৈ থাকিব লাগিব।

সর্বসাধাৰণ মানুহে ধর্মীয় আচৰণসমূহকে ধর্ম বুলি গভীৰ বিশ্বাসেৰে গ্রহণ কৰে। ইয়াৰ পৰাই ধৰ্মান্ধতা সৃষ্টি কৰিব খোজা সকলে সহজেই ধৰ্মান্ধতা সৃষ্টি কৰিব পাৰে। অসমত মহাপুৰুষ শংকৰদেৱে “পৰৰ ধৰ্মক নিহিংসিবা কদাচিত” বুলি যিদৰে পঞ্চদশ শতিকাতে শিকাই থৈ গৈছে ঠিক তেনেদৰে ইয়াৰ ডেৰশ-দুশ বছৰৰ পিছত আজান পীৰে শিকাই থৈ গৈছে, “হিন্দু কি মুছলমান/একে আল্লাৰ ফৰমানমােৰ মনত একটি ভাব”—এই শিক্ষা। এতেকে ধর্ম বিভ্রাট ঘটোৱাৰ সলনি আমাৰ দেশত বসবাস কৰা বিভিন্ন ধৰ্মৰ মূল তত্ত্বৰ ঐক্য দাঙি ধৰাটোহে মানুহ আৰু দেশৰ প্ৰতি কৰিব পৰা এই ক্ষেত্ৰত ডাঙৰ সেৱা। মনত ৰাখিব লাগিব প্রাকৃতিক পৰিৱেশ আৰু সামাজিক সংস্কাৰ অনুসৰি ধৰ্মৰ আচাৰবিলাকতহে পৃথকতা আছে। আচাৰকে ধর্ম বুলি নাভাবি ধৰ্মৰ মূল শিক্ষাৰ প্রতি সাধাৰণ মানুহকো সচেতন কৰি তুলিব পাৰিলে ধর্মান্ধতাৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী স্থিতি গ্রহণ কৰিব পৰা হ'ব। 

শেহতীয়াকৈ এইকথা জানিব পাৰি অত্যন্ত আচৰিত হৈছে৷ যে অসমৰ চিৰিয়াখনাৰ বাঘ আৰু সিংহক খুৱাবলৈ গাে-মাংস দিয়াৰ বিৰুদ্ধে হিন্দুত্ববাদী এটা দল থিয় দিছে। তেওঁবিলাকৰ গুৰুসকলে এই শিক্ষা দিয়া নাই যে গৰু আৰু পহুৰ মাজত বা ছাগলীৰ মাজত কোনাে পার্থক্য নাই। তেওঁবিলাকৰ মনত ভাৰতবৰ্ষত গৰুক নাে কিয় উচ্চ স্থান দিছিল সেই বিষয়ৰ জ্ঞানৰ সঁফুৰাটো খুলি বুজাই দিয়া নাই। ট্রেক্টৰৰ বহুল ব্যৱহাৰৰ দিনত যে বলদ গৰুৰ প্রয়ােজন প্ৰায় নাইকিয়া হৈ গৈছে সেই কথাও তেওঁলােকক শিকোৱা নাই। তেওঁবিলাকক লাঠি ল'বলৈ শিকাইছে; কিন্তু তত্ত্ব আৰু তথ্যৰ লাঠিডাল ল'বলৈ শিকোৱা নাই। এইটোৱেই হ'ল দেশৰ অন্যতম দুৰ্ভাগ্যৰ কথা। প্রত্যেকেই নিজৰ নিজৰ ধৰ্ম ভাল পাওক, কিন্তু এতিয়া শিক্ষা-দীক্ষাই উচ্চতম স্থান পােৱাৰ সময়ত ধৰ্মান্ধতাসকলক শিক্ষিত বুলি কোৱা কঠিন হ'ব।

যােৱা ২০১৬ খ্রীষ্টাব্দৰ পৰা বিজেপিয়ে এতিয়ালৈকে অসমত যিমানবােৰ প্রতিশ্রুতি দি আহিছে আঞ্চলিকতাবাদী দলে এতিয়া তাৰ এখন তালিকা কৰক আৰু প্রতিশ্রুতি মতে কিমান কাম হ'ল তাকো দাঙি ধৰক। তেতিয়াহে ধৰা পৰিব বিজেপি দল কেনেকৈ কেৱল মৌখিক প্রতিশ্রুতিৰ বানপানীৰে যুদ্ধ জয়ৰ বাবে সাজু হৈছে। তদুপৰি শেহতীয়াকৈ আৰক্ষী বিভাগৰ উপ আৰক্ষী পৰিদৰ্শক পদৰ বাবে কোনসকলে কেনেকৈ কেতিয়া জাল পাতি কোটি কোটি টকা প্রার্থীৰ পৰা উৎকোচ লৈ গােটাইছিল সেই হিচাপ কাকতে-পত্ৰয় ওলাই আছে। এতিয়া দেখা যাওক মুখ্যমন্ত্ৰীৰ হাতত থকা এই বিভাগটোৰ কোন কোন বাঘ, সিংহ জালত পৰে। 

আঞ্চলিক গােটসমূহে এই সকলােবােৰ কথা তথ্য-পাতিৰে, সৰ্বসাধাৰণ মানুহে সহজে বুজিব পৰা ভাষাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰচাৰ কৰক। কাৰােবাৰ আপত্তি থাকিলেও কওঁ যে সকলাে আঞ্চলিকতাবাদী গােট ঐক্যবদ্ধ নহ'লে বেলেগ বেলেগ স্থিতিৰে যুদ্ধ জয় কৰিব নােৱাৰিব। সমষ্টি ভাগ কৰোঁতেও সম্ভাৱনা থকা প্রার্থীক যাতে দিয়া হয় তাৰ প্ৰতি চকু দিয়ক। আনকি অকলশৰে চৰকাৰ গঠন কৰিব নােৱাৰিলে বিজেপি বিৰােধী আন দলৰাে বাহিৰৰ পৰা সহায় ল'বলৈ বাট খােলা ৰাখক। সময়, অৱস্থা আৰু প্রয়োজন চাই ব্যৱস্থা গ্রহণ কৰিবৰ বাবে মন মুকলি কৰি ঐক্যবদ্ধ হওক। জোঁৰ পুৰি হাত পালেহি।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতি ক্ৰমে ইউনিকড ৰূপান্তৰ, প্ৰকাশ ও সংৰক্ষণ কৰা হৈছে। 
লেখকৰ আন আন পূৰ্বে প্ৰকাশিত  লেখা পঢ়িবলৈ ক্লিক কৰক, একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/JONAKI

No comments:

Post a Comment