বিশ্লেষণঃ ৰঙ সলোৱা "সাংবাদিক আৰু আধুনিক সংবাদ মাধ্যম" :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰঙ সলোৱা "সাংবাদিক আৰু আধুনিক সংবাদ মাধ্যম" :: শোণিত কুমাৰ গোস্বামী

বিশ্লেষণঃ ৰঙ সলোৱা "সাংবাদিক আৰু আধুনিক সংবাদ মাধ্যম" :: শোণিত কুমাৰ গোস্বামী

Share This

ঙ সলোৱা "সাংবাদিক আৰু আধুনিক সংবাদ মাধ্যম" 

শোণিত কুমাৰ গোস্বামী

বৰ্তমান সততে উত্থাপিত এটা অভিযোগ হৈছে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত চৰিত্ৰ। ৰাষ্ট্ৰৰ বন্দনা, শাসকীয় পক্ষৰ ধনাত্মক বাতৰি পৰিৱেশন, সমাজৰ অন্যান্য লঘু বিষয়বোৰক গৌণ বিষয় কৰি সজাই-পৰাই সৰৱ আলোচনা কৰা(সুশান্ত-বলীউড-ড্ৰাগচ) আদিবোৰ আমি সঘনাই দেখিবলৈ পাওঁ। মুকলিকৈ আলোচনা কৰা কঠিন কিন্তু এনে হোৱাৰ আঁৰত কেতবোৰ অনেক কাৰণ থাকিব পাৰে। আপোনালোকে মনত পেলাব পাৰে কৰ’নাৰ আবিৰ্ভাৱৰ সময়ত তবলিগী জামাতক লৈ চলা টিভি মাধ্যমৰ বাতৰিবোৰ। সেই সময়ত সত্য, সঁচা যেন লগা একাংশ টিভি সম্পাদকৰ কথাবোৰ যেন আজিৰ তাৰিখত কোনো মূল্য নথকা বেবেৰিবাং কথালৈ পৰিণত হৈছে। 

যদিহে সেই সময়ত কৰ’না ভাইৰাছক লৈ সুস্থ আৰু গঠনমূলক জনমত গঠনৰ বাতৰি সম্প্ৰচাৰ হ’লহেতেন তেন্তে এতিয়া আমি অন্য এখন ছৱি লাভ কৰিবলৈ সক্ষম হ’লোহেতেন। সংবাদ মাধ্যম মানে সাংবাদিকৰ চৰিত্ৰ সলনি কৰা যুগান্তকাৰী ঘটনাটো হৈছে ২০০১ চনৰ ১১ ছেপ্তেম্বৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ওছামা বিন লাডেনে সংঘটিত কৰা ধাৰাবাহিক বিস্ফোৰণ। 

বিশ্ব বাণিজ্য কেন্দ্ৰ, টুইন টাৱাৰ আৰু পেন্টাগনৰ সামৰিক কাৰ্যালয়ত বিস্ফোৰণ সংঘটিত কৰা আল কায়দাৰ সেই আক্ৰমণে তিনি হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটাইছিল। পাছলৈ ৯/১১ নামেৰে কুখ্যাত হোৱা সেই ঘটনাই আমেৰিকান নাগৰিকৰ মনস্তত্ব সলনি কৰি পেলাইছিল। কোনো এটা ঘটনা-খবৰৰ পৰ্যবেক্ষণ কৰি নিৰপেক্ষ সংবাদ প্ৰদান কৰাৰ পেছাৰূপে খ্যাত সাংবাদিকতা ৯/১১ৰ পাছত একে হৈ নাথাকিল। সেই সময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডাব্লিও বুশ্বে ঘোষণা কৰি কৈছিল যে “আপোনালোক আমাৰ সৈতে আছে নে সন্ত্ৰাসবাদীৰ সৈতে আছে?”- এই এক শাৰীৰ ঘোষিত বাক্যই সাংবাদিকৰ চৰিত্ৰ সলনি কৰি পেলাইছিল। আল জাজিৰা নামৰ আন্তঃৰাষ্ট্ৰীয় টিভি সংবাদ মাধ্যমৰ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন সংবাদদাতা পীটাৰ গ্ৰেছে (Peter Greste) তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে ৯/১১ৰ ঘটনাৰ পাছত সাংবাদিকসকল মূলত পশ্চিমীয়া সভ্যতাৰ চিন্তা আৰু ইছলামিক উগ্ৰবাদৰ ধাৰণাৰ মাজত পৃষ্ঠ হৈ সাংবাদিকতা কৰিবলৈ বাধ্য হৈ পৰিছিল। কিন্তু মন কৰিবলগীয়া কথা এয়াই যে ৯/১১ৰ পাছত বাতৰি পৰিৱেশন আৰু সংবাদিকৰ চৰিত্ৰ আচৰিতধৰণে সলনি কৰি পেলাইছে। এতিয়া আপুনি যদিহে বিদেশৰ ফক্স নিউজ, আমেৰিকা-ইংলেণ্ডৰ কেতবোৰ আলোচনী-কাকত কিম্বা ভাৰতৰ ৰিপাব্লিক টিভি আদি বা অতি সোপন্থী সংবাদ প্ৰতিষ্ঠানৰ বাতৰি পৰ্যবেক্ষণ কৰে তেন্তে মন কৰিব যে এটা উমৈহতীয়া উদ্দেশ্য “ৰাষ্ট্ৰীয় স্বাৰ্থই” (National Interest) সকলোকে একগোট কৰি ৰাখিছে।

ৰাষ্ট্ৰীয় স্বাৰ্থই সৃষ্টি কৰা এই একতাৰ বান্ধোনে সংবাদ মাধ্যম তথা সাংবাদিকক সংখ্যলঘুৰ বিপৰীতে সংখ্যাগুৰুৰ বন্দনা, শাসকীয় পক্ষৰ মতামতৰ বিপক্ষে প্ৰকাশ কৰা অসন্তুষ্টিক ৰাষ্ট্ৰ বিৰোধী মানে এন্টি নেচ’নেলিষ্ট নামৰ সঘনে উচ্চাৰিত হোৱা শব্দলানিৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰা, ৰাজনৈতিক নেতাৰ অতি-বন্দনা, জাতিৰ সংকটৰ দোহাই দি বাতৰি পৰিৱেশন কৰা আদি চৰিত্ৰলৈ পৰিণত কৰিছে। এনে হোৱাৰ আৰম্ভনি আমি মূলত ৯/১১ৰ পাছত সংঘটিত হোৱা চিন্তাধাৰাৰ পৰিৱৰ্তনে সৃষ্টি কৰিছে। এতিয়া সাংবাদিকৰো এটা নতুন পৰিচয় লাভ কৰিছে। উল্লেখ্য যে ৯/১১ৰ ঘটনাৰ পাছত আফগানিস্তানৰ কাবুলৰ পৰা কোনো এক অজান গ্ৰামাঞ্চললৈ গৈ আত্মগোপন কৰি থকা অৱস্থাত ওছামা বিন লাডেনে নিজৰ লগত এখন ছেটেলাইন সংযোগ থকা মিডিয়া ভান লৈ গৈছিল আৰু প্ৰতিদিনে তেওঁ বিশ্বৰ সংবাদ মাধ্যমত চলা বাতৰিবোৰত চকু দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ আঁৰত থকা মুখ্য উদ্দেশ্যৰ সফলতাত ওছমা বিন লাডেন (প্ৰয়াত) নিশ্চিতভাৱে সফল হৈছিল। কিয়নো ৯/১১ৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ টিভিবোৰত কেৱল ইছলামী সন্ত্ৰাসৰ আগ্ৰাসনৰ চৰ্চা, বিস্ফোৰণত বিধ্বস্ত লোকৰ ছৱিবোৰ আৰু সাধাৰণ জনসাধাৰণৰ পৰিৱৰ্তিত জনমত প্ৰতিফলিত হৈছিল। ক’ব নোৱাৰাকৈ বিশ্ব দুভাগত বিভক্ত হৈ পৰিছিল। 

২০ বছৰৰ পাছত এই বিভেদ অধিক গাঢ় হৈ পৰিছে। ২০০১ চনৰ পাছৰ পৰা ২০১৯চনলৈ আমেৰিকা-ইউৰোপৰ দেশবোৰত হোৱা বোমা বিস্ফোৰণৰ ঘটনাবোৰৰ বাতৰি পৰিৱেশনত ব্যৱহৃত ভাষা, তৰ্কৰ চৰিত্ৰ যথেষ্ট সলনি হৈছে। ইছলামী উগ্ৰবাদৰ তত্বৰ পাছত সাংবাদিক ব্যস্ত হৈ পৰাৰ লগতে নিজৰ চৰিত্ৰক সো, বাওঁ তথা মধ্যম পন্থাৰ মাজৰ কোনটোত ৰাখিব তাক লৈ বিবুধিত পৰিছে। তদনুৰূপ ছৱি আমি ভাৰতবৰ্ষতো প্ৰত্যক্ষ কৰিছো। একাংশ সংবাদমাধ্যমে যিদৰে প্ৰকৃত ঘটনাৰ প্ৰতিবেনৰ পৰা আঁতৰি থাকি অন্যান্য বিষয়বোৰক মুখ্য বিষয় হিচাপে লৈ পৰিৱেশনত গুৰুত্ব দি সন্তুষ্টি লভিবলৈ আৰম্ভ কৰিছে সেয়া নিশ্চিতভাৱে চিন্তনীয়। অৰ্থনীতিৰ বিপৰ্যয়, ভাইৰাছৰ প্ৰকোপৰ বাতৰিবোৰৰ সলনি আমি দিনে-নিশাই ড্ৰাগচ আসক্ত বলীউডী অভিনেতা-অভিনেত্ৰীৰ খবৰবোৰ শুনি থাকিবলৈ বাধ্য হৈছো।

৯/১১ৰ পাছত আমেৰিকান মেডিয়াই আৰম্ভ কৰা এটা খবৰ আপোনালোকৰ নিশ্চয় মনত আছ। Weapon of Mass Destruction নামেৰে খ্যাত বাক্যশাৰীৰ প্ৰয়োগৰে আমেৰিকান সংবাদে যিধৰণে আমেৰিকানবাসীৰ মনত এই ধাৰণা প্ৰতিষ্ঠা কৰিছিল যে ইৰাকত ছাদ্দাম হুছেইনে মজুত কৰি ৰখা অস্ত্ৰ ভাণ্ডাৰে যুক্তৰাষ্ট্ৰত পুনৰ ৯/১১ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। গতিকে ইৰাক-আফগানিস্তান আক্ৰমণ কৰি সকলো নিঃশেষ কৰি দিব লাগে। এই ক্ষেত্ৰত জৰ্জ ডাব্লিউ বুশ্ব এশ শতাংশই সফল হৈছিল। আৰু সেই কাৰণেই এটা সময়ত ছাদ্দাম, ওছামা সকোলোৰে নিধন হোৱাৰ লগতে আজিৰ মধ্য প্ৰাচ্যৰ দেশত অশান্তি অপৰিৰ্তিত হৈ আছে। এই ক্ষেত্ৰত আমি সাংবাদিক প্ৰকৃত সত্যৰ পৰা বিচলিত হোৱা বুলি অভিযোগ তুলিব নোৱাৰো কিয়নো ৰাষ্ট্ৰীয় সুৰক্ষা বা স্বাৰ্থ সকলোৰে আগত। অসমীয়া টিভি চেনেলত আমি অবৈধ নাগৰিকক উচ্ছেদ, অবৈধ নাগৰিকৰ দ্বাৰা ঘটনা সংঘটিত কৰা আদি-ইত্যাদি কথাবোৰ প্ৰায়েই শুনিবলৈ পাওঁ, কিন্তু এই ক্ষেত্ৰত সংবাদকৰ্মীক প্ৰশ্ন কৰা নহয়। কিয়নো কথাটো জাতিৰ সুৰক্ষাৰ সৈতে জড়িত হৈ আছে। সাংবাদিকে কথাবোৰ শুদ্ধকৈয়ে উপস্থাপন কৰিছে বুলি আমি ধৰি লৈ চলি আহিছো। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰৰ শাসনলৈ অহাৰ পাছৰ পৰা সংবাদ মাধ্যমত পাকিস্তান বিৰোধী স্থিতি, বিগত লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দুৰ্ভাগ্যজনকভাৱে কাশ্মীৰৰ পুলৱামাত হোৱা ঘটনা আৰু তাৰ পাছৰ পৰ্যায়ত হোৱা সংবাদ পৰিৱেশনৰ আঁৰত সাংবাদিকৰ পৰিৱৰ্তিত চৰিত্ৰ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন টোৱেই জড়িত হৈ আছে বুলি বহুতেই অনুভৱ কৰিছে।

কিন্তু, শেহতীয়াকৈ ভাৰতৰ সংবাদ মাধ্যমত বহু সাংবাদিকে চৰকাৰী বাগধাৰাক প্ৰচাৰৰ একমাত্ৰ সমল হিচাবে গ্ৰহণ কৰাৰো অভিযোগ উঠিছে। 'অতি ৰাষ্ট্ৰ-প্ৰেম'ৰ নামত যুদ্ধৰ দামামাৰে শিৰোনামা ঢাকি, দেশৰ বহু মৌলিক বিষয়ক যেন আলোচনাৰ পৰা আঁতৰাই ৰখাৰো ব্যৱস্থা কৰাও হৈছে। একেদৰেই, তাৰ বিপৰীত মেৰুত আছে আন কিছু সংবাদ মাধ্যম আৰু শক্তিশালী ৰূপত কিছু ডিজিটেল মেডিয়াৰ ৱেব পৰ্টেলো, যাৰ স্থিতি কেৱল চৰকাৰী বিৰোধীহে!! সংবাদ আৰু সাংবাদিকৰ স্থিতি আৰু প্ৰচাৰৰ এই ভিন্ন ৰঙৰ সমাগমত ভাৰতীয় সংবাদ মাধ্যমো ক্ৰেডিবিলিটিৰ প্ৰশ্নত ৰাইজৰ দৃষ্টিত তুলাচনীত উঠিবলৈ বাধ্য হৈছে। কেৱল প্ৰপাগাণ্ডাৰ বাহক হোৱাটো নে প্ৰশ্ন তোলাৰ সাহস থকা সংবাদ মাধ্যম থকাহে উচিত, তাকো নৈতিকতাৰ নতুন মাপকাঠিৰে জোখাৰ সময়ো দেশত সমাগত হৈ পৰিছে।

লেখক নতুন দিল্লীত কৰ্মৰত এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখকৰ ফোনঃ ৯৮৯৯৬৬০৫৮২

No comments:

Post a Comment