জোনাকীঃ মূল্যবােধৰ ৰাজনীতিঃ ভাষণ বনাম বাস্তৱ :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ মূল্যবােধৰ ৰাজনীতিঃ ভাষণ বনাম বাস্তৱ :: ড° নগেন শইকীয়া

জোনাকীঃ মূল্যবােধৰ ৰাজনীতিঃ ভাষণ বনাম বাস্তৱ :: ড° নগেন শইকীয়া

Share This
মূল্যবােধৰ ৰাজনীতিৰ ভাওনা বনাম আঞ্চলিকতাবাদৰ নতুন জোৱাৰ 
ড° নগেন শইকীয়া 
কেইদিনমানৰ আগতে উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হােৱা ১৬,৯৪৪ গৰাকী ছাত্র-ছাত্রীক লেপ্ট কিনিবৰ বাবে বিছ হাজাৰকৈ ধন বিতৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবােধৰ  শিক্ষা গ্রহণ কৰাৰ পৰামর্শ দিছে। বাক্যটো প্রশংসনীয় আৰু উদ্ধৃতিযােগ্য। চৰকাৰে কেৱল ছাত্র-ছাত্ৰীসকলকে বঁটা প্ৰদান কৰা নাই, ল'ৰা, বুঢ়া, মহিলা, কৃষক, বনুৱা সকলােলৈকে এইবছৰত চৰকাৰৰ মনত পৰিছে আৰু প্রত্যেক গােট মানুহৰ ভিতৰত কোনে চৰকাৰী ধন, উপটৌকন, সা-সুবিধা লাভ কৰিব সেইসকলৰ নাম হিতাধিকাৰী হিচাপে নামভর্তি কৰি লােৱা হৈছে। অৱশ্যে কোনাে কোনাে সমালােচকে হিতাধিকাৰীৰ সৰহসংখ্যক বিজেপিৰ সদস্য বুলিও কবলৈ প্ৰয়াস কৰিছে। আনকি একেবাৰে শেহতীয়াকৈ একলাখ খিলঞ্জীয়া লােকক মাটিৰ ম্যাদীপট্টা দিব বুলিও ঘােষণা কৰিছে। তদুপৰি এইবছৰটোৰ ভিতৰত প্রায় একডজনমান মেডিকেল কলেজ, বিশ্ববিদ্যালয় স্থাপনৰ উপৰিও চাহবাগিচাত প্রায় দুকুৰি উচ্চ নে উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ ঘোষণাও  মূল্যবােধৰ ৰাজনীতি ইতিমধ্যেই হৈ গৈছে। কোনাে সন্দেহ নাই।  
কভিডে মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে আৰু অনেকেই ইতিমধ্যে প্রাণ হেৰুৱাবলগীয়া হৈছে। চৰকাৰে ক'ভিড হস্পিটেল অস্থায়ীভাৱে স্থাপন কৰিছে আৰু আনকি হস্পিটেলত যত আই চি ইউ নাই তাতাে আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে বুলি কৈছে। কেৱল অনেক কভিড ৰােগীৰ কেন্দ্ৰত শৌচাগাৰৰ অৱস্থাই বেমাৰ মাতি অনাৰ সম্ভাৱনা বুলি কোৱা শুনা গৈছে আৰু খাদ্যৰ ক্ষেত্ৰতাে কোনাে স্তৰত পেলাব নােৱৰা খাদ্যও ক'ৰবাত ক'ৰবাত পৰিৱেশন কৰা হৈছে বুলি অভিযােগ উঠি আছে। জানিবৰ কোনাে উপায় নাই।  এই সমগ্ৰ কাৰবাৰটোত কিমান শ কোটি টকা চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে।

শেহতীয়াকৈ আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্রশ্নকাকত, দহৰ পৰা পােন্ধৰ লাখ পর্যন্ত ধনৰ বিনিময়ত পৰীক্ষাৰ আগতে বিক্ৰীকৰাৰ ঘটনাই মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহবিভাগৰ স্বৰূপটো অতি ভয়ংকৰভাৱে উদঙাই দিছে। কেৱল সেয়ে নহয়  টিংখাং সমষ্টিৰ বিধায়কে পৰীক্ষাৰ আগত বছা বছা কিছু পৰীক্ষাৰ্থীক প্রশ্ন কাকত লৈ ক'চিং' কৰাৰাে খা-খবৰ বাতৰি কাকতত ওলাই গৈছে। ইয়াৰ উপৰিও লকডাউনৰ সময়ত ৰাতি ৰাতি জাৰি কৰা সান্ধ্যআইন চলি থকাৰ সময়ত ডাঙৰ ডাঙৰ আঢ়ৈশ-তিনিশ ট্রাকেৰে লিড়ু-মাৰ্ঘেৰিটাৰ পৰা চোৰাং কয়লা আৰক্ষীৰ চকুৰ আগদিয়েই লৈ যােৱাৰ ঘটনাও ঘটি আছিল। আনকি বাংলাদেশলৈ অসমৰ গুৰু-ম'হৰ চোৰাং বেপাৰাে চলি থকাৰ নানা বৰা কাকত-পত্ৰত ওলাই গৈছে। এ পি এছ চিৰ কেলেংকাৰী ধৰা পৰাৰ সময়ৰ পৰা মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতা অৱলম্বন কৰিব আৰু কোনাে সাৰি যাব নােৱাৰিব বুলি জোৰেৰে ঘােষণা কৰি আছে। যদিও মুখ্যমন্ত্ৰীৰ বিভাগৰ চকুৰ আগেদি ঘটনাবােৰ ঘটি আছে।

ইয়াৰ উপৰিও অসম চুক্তিৰ ছয় নম্বৰ দফা আখৰে আখৰে পালন কৰিব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে | ঘােষণা কৰাৰ পিছতাে কেন্দ্রীয় গৃহমন্ত্ৰীয়ে তদন্ত সমিতি প্ৰতিৱেদন গ্ৰহণ নকৰিলে আৰু ৰাজ্য চৰকাৰলৈ ঠেলিলে। মুখ্যমন্ত্ৰীয়ে সম্পূর্ণ ব্যৱস্থা ল'ব বুলি ঘােষণা কৰাৰ মাজতে শুনা গ'ল যে ইতিমধ্যে পোন্ধৰ হাজাৰ বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা হৈছেই। ব্রহ্মপুত্র নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা ব্যয় কৰি পূজা-পাতল কৰা চৰকাৰে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে এপ্রেছ হাইৱে বান্ধি উলিয়াব বুলি কৰা ঘােষণা সৰু ল'ৰা-ছােৱালীক ওমলাবলৈ কোৱা সাধুকথাৰ শাৰীলৈ পর্যবসিত হ'ল। আনকি ভাৰতবৰ্ষৰ অন্যান্য প্ৰায়বােৰ ৰাজ্যত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ ক'ৰবাত ক'ৰবাত শৰীয়া হলেও আমাৰ অসমৰ ৰাজহাড়স্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথ দুটা বিশেষকৈ নগাঁৱৰ পৰা উজনিৰ ফালে বিধ্বস্ত  হৈ গৈ আছে। 

উল্লিখিত ইত্যাদি ইত্যাদি ঘটনাবােৰেই বােধকৰোঁ মূল্যবােধৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ উদাহৰণ। মূল্যবােধ শব্দটো শাসকীয় দলৰ ৰাজনীতিকৰ মুখত ‘ভূতৰ মুখত ৰামনাম’ যেন লগা হৈছে। আমাৰ ৰাজনীতিকসকলে এনেবােৰ কথা আৰু কামেৰেই দেশৰ ল'ৰা-ছােৱালীক মূল্যবােধৰ শিক্ষা দিবনে, তেওঁবিলাকৰ | নৈতিক মূল্যবােধৰ ৰাজহাড় ভাঙি পেলাব? কিছুদিনৰ আগতে মই কৈছিলোঁ যে হিতাধিকাৰী আঁচনিৰ আধাৰত ল'ৰা-ছােৱালীৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে বিভিন্ন স্তৰৰ লােকৰ হাতত বিনা পৰিশ্রমে তুলি দিয়া ধন অৰুি উপঢৌকন হ’ল, আইনৰ পৰা হাত সাৰিবলৈ নিবাচনৰ দিন ঘােষণা কৰাৰ যথেষ্ট আগতে তুলি দিয়া ভেটী। অসমৰ মুখ্যমন্ত্ৰীয়ে ভেটী দিয়াটোৱেই নহয় লােৱাটোও সমান দোষী বুলি কৈছে। যদি সেয়ে হয় চৰকাৰে বিনা পইচাই মানুহৰ হাতত তুলি দিয়া চাউলকে ধৰি বিভিন্ন উপঢৌকন দিয়াজনতকৈয়াে এতিয়া লােৱাজনহে দোষী হােৱাৰ ইংগিত ফুটিও উঠিছে বুলি কোৱাৰ বাট ওলােৱা নাইনে? 

২০১৪ খ্রীষ্টাব্দত নৰেন্দ্র মােদীৰ উদাত্ত ভাষণ শুনি দেশৰ মানুহে কংগ্ৰেছৰ দুর্দিনৰ ঠাইত শুভ দিন আহিছে বুলি ভাবি আনন্দেৰে বিজেপিৰ পক্ষত থিয় দিছিল। ইন্দিৰা গান্ধীৰ দিনৰ পৰা কংগ্ৰেছত ধীৰে ধীৰে আৰম্ভ হােৱা মূল্যবােধৰ অৱনমনে যেতিয়া চূড়ান্ত ৰূপ পালেহি মানুহ অতিষ্ঠ হ'ল। অসমতো পােন্ধৰ বছৰীয়া কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈ উঠা মানুহ বিজেপিক আদৰি লােৱা চাৰে চাৰিবছৰ পাৰ হৈ নৌ যাওঁতেই এতিয়া বিৰক্ত আৰু অতিষ্ঠ হৈ উঠিছে। অসমক ভাৰতবৰ্ষৰ 'ইঞ্জিন' বুলি কোৱা প্রধানমন্ত্ৰীৰ বাণীৰ অসার্থকতা মর্মে মর্মে মানুহে অনুভৱ কৰিছে। কংগ্ৰেছৰ কেৱল দুর্নীতি বহু ওপৰলৈ উঠিছিল। কিন্তু এওঁবিলাকৰ দিনত এতিয়া দুর্নীতিৰ লগতে পুঁজিবাদ আৰু ধর্মান্ধতা এই দুটাও লগ লাগি এক সহ্যাতীত অৱস্থাৰ সৃষ্টি কৰিছে। মূল্যবােধ সম্পূৰ্ণৰূপে মূল্যহীন হৈ পৰিছে। মূল্যবােধৰ ৰাজহাড় ভাঙি পেলােৱা হৈছে। মন্ত্রীসকলে, বিধায়কসকলে নিজেই নিজৰ মস্তিঙ্কক সােধক তেওঁবিলাক গাদীৰক্ষাৰ বাবে কোন স্তৰলৈ নামি  গৈছে। এই পটভূমিত মানুহে নতুন আঞ্চলিকতাবাদী শক্তিৰ উত্থান বিচাৰিছে। কিন্তু ১৯৮৫ খ্রীষ্টাব্দত আৱেগত সৃষ্টি হােৱা আঞ্চলিক দলৰ চৰিত্ৰৰ প্ৰতিৰূপ এটা বিচৰা নাই। বিচাৰিছে সম্পূর্ণরূপে তত্ত্ব, তথ্য আৰু যুক্তিৰ ভিত্তিত গঢ়ি উঠিব পৰা এটা আঞ্চলিক শক্তি। ইয়াৰ লগত নিশ্চয় ৰাজ্যখনক ভালপােৱা, দেশখনক ভালপােৱা আৱেগ থাকিব। কিন্তু আবেগ পৰিচালনাৰ শক্তিলৈ ৰূপান্তৰিত হ'ব নালাগিব বা নােৱাৰিব। স্বাভাৱিকতেই আৱেগ-পৰিচালিত গােট যে নাথাকিব এনে নহয়, কিন্তু আঞ্চলিক শক্তি থিয় হ'ব লাগিব পূর্বে কৈ অহা তত্ত্ব, তথ্য আৰু যুক্তিৰ ওপৰত।

নিঃসন্দেহে ৰাজনীতি হল অর্থনীতিৰ এটা ঘণীভূত ৰূপ। এতেকে অর্থনৈতিক দৃষ্টি অবিহনে ৰাজনীতি গঢ়ি নুঠে। স্বাধীনতাৰ পৰৱৰ্তী কালৰ পৰা ভাৰতবৰ্ষই গ্রহণ কৰি অহা মিশ্র অর্থনীতি বিজেপিৰ শাসনত পুঁজিবাদী অর্থনীতিলৈ ৰূপান্তৰিত হৈছে। এতেকে নতুন আঞ্চলিক দলে সমাজবাদী আদৰ্শক চকুৰ আগত ৰাখি অসমৰ লগত খাপ খােৱাকৈ তাৰ পুনর্গঠন কৰি ল'ব লাগিব। বিজেপিৰ ধর্মান্ধতাৰ ঠাইত নতুন আঞ্চলিক শক্তিয়ে ধর্মনিৰপেক্ষ উদাৰ মানৱীয় দৃষ্টিভংগীক আধাৰ কৰিব লাগিব। তদুপৰি নেতাসকলে নিজৰ ক্ষুদ্র স্বার্থ কিবা থাকিলে তাক বলি দিবলৈ সকলো সময়তে সাজু হৈ থাকিব লাগিব। তেহে মূল্যবোধ গঢ় লৈ উঠিব আৰু জাতিটোৰ মেৰুদণ্ড পােন আৰু শক্তিশালী হ'ব। 

ইতিমধ্যে অসম জাতীয় পৰিষদে ধীৰ-স্থিৰভাৱে নিজক প্ৰস্তুত কৰিবলৈ যত্ন কৰিছে। আনহাতেদি ৰাইজৰ দল' নামেৰে আৰু "অসম গণমঞ্চ” নামেৰে আন দলাে গঠিত হৈছে। মই পূর্বে কৈ অহাৰ দৰে তত্ত্ব, তথ্য আৰু যুক্তিৰ ভিত্তিত সকলােকে ঐক্যবদ্ধ হবলৈ আগতে অনুৰােধ কৰিছোঁ আৰু এতিয়াওঁ অনুৰােধ কৰোঁ। ৰাজনীতিটো যেন আৱেগৰ খেলা বুলি আৰু ব্যক্তিগত স্বার্থপূৰণৰ থল বুলি এই নতুনসকলৰ কোনেও ভাবি নলয়। ইতিমধ্যে এনেভাৱে কেইবাটিও দল হােৱাৰ নিমিত্তে অসমৰ বিজেপিৰ নেতাৰ সৰু-ডাঙৰ কোনাে কোনােৱে কটাক্ষপাট কৰিবলৈ ধৰা দেখা গৈছে। মােকো ক'ৰবাত ক'ৰবাত নাজোঁৰাকৈ থকা নাই। | কিন্তু মই জানাে, মােৰ বয়সটোৰ বাহিৰে সমালােচকসকলৰ সমান মই জ্ঞানীও নহওঁ, বুদ্ধিজীৱীও নহওঁ আৰু ৰাজনীতিজ্ঞও নহওঁ। মই প্ৰথমতে মােৰ জন্মভূমি অসমক আৰু দেশ ভাৰবৰ্ষক মনেপ্রাণে ভালপােৱা এজন সাধাৰণ মানুহ। মই আশা কৰোঁ অসমৰ ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিকসকলেও প্ৰথমতে অসমৰ কথা ভাবিবলৈ যত্ন কৰিলে তেওঁলােকৰ মাজত থকা বা থাকিব পৰা সংকীর্ণতা, স্বার্থপৰতা, ক্ষুদ্রতা, সর্বজ্ঞানী মনােভাব আৰু অহংবােধ দূৰ হব আৰু অসমৰ মংগল সাধনাত তেওঁবিলাকৰ বৰঙনি নিশ্চয় প্রশংসনীয় ইব। মূল্যবােধ প্রতিষ্ঠাৰ তেনে এটা দিনলৈ বাট চালোঁ।
(লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতি সাপেক্ষে ইউনিকড ৰূপান্তৰ কৰি সংৰক্ষণ কৰা হৈছে)

No comments:

Post a Comment