আশ্বিক জামান
(ক)
মই তেতিয়া স্কুলত। ধুমধামেৰে স্বাধীনতা দিৱসৰ আয়োজন চলি আছে। ইফালে বানে বিধস্ত কৰিছে গাওঁ, পথাৰ। মানুহ পথৰ দাঁতিত পলিথিনেৰে বান্ধিছে অস্থায়ী ঘৰ। আমাৰ সহপাঠী, বন্ধু এজনৰ পৰিয়ালো পথত ঘৰ বান্ধিছে। সৰুতে সকলো বস্তুয়েই স্বাভাৱিক লাগে, সকলো বস্তুয়েই ফূৰ্তিৰ। বন্ধুহঁতৰ সেই নতুন ঘৰো আমাৰ বাবে আছিল উতসুকতাৰ এক নতুন উৎস। স্বাধীনতাৰ দিনা পুৱা প্ৰভাত ফেৰী কৰি চাইকেল লৈ আমি তিনি চাৰিজন সহপাঠী চিধাই বঙালী পাৰাৰ সেই বন্ধু জনৰ পলিথিনৰ ঘৰলৈ বুলি ৰাওনা দিলো। উদ্দেশ্য বন্ধুক চাইকেলত উঠাই লৈ অনা। স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ ফূৰ্তিত আমাৰ তত নাই, সমগ্ৰ পথচোৱা চিঞৰি গলো।
বাটত যাকে পাওঁ ধৰি সোধো - স্বাধীনতাৰ যে ৫০ বছৰ হ'ল আপুনি জানে নে নাই? মানুহবোৰে কিবা এটা কয় আৰু আমি আকৌ সমস্বৰে হাঁহো। সেয়াই ফূৰ্তি বন্ধু হঁতৰ বঙালী পাৰাৰ পথৰ দাতিত সেই শাৰি শাৰি পলিথিনৰ ঘৰৰ বাহিৰত টোপনিৰ পৰা উঠি ঘুম জৰ্জৰিত মুখেৰে থিয় হৈ আছে এগৰাকী বয়সে ভাৰাক্ৰান্ত কৰা বৃদ্ধা। আমি তেতিয়া আমাৰ খেলত মজি আছো - "ঠাকুমা, স্বাধীনতাৰ যে ৫০ বছৰ হ'ল আপুনি জানে নে নাই "? বৃদ্ধা গৰাকী আমাৰ পিনে কিছুদেৰী বেঙা লাগি চাই থাকিল, তাৰ পাছত চকুত বিষ্ময় লৈ তেওঁৰ দাঁতহীন মুখখনৰে সৈতে কঁপি কঁপি আমাক সুধিলে - "স্বাধীনতা কে গো ? কোন পাৰায় থাকে" ?
(খ)
স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ প্ৰধান কাৰ্যক্ৰম শেষ। ভাষণ আদি শুনি, চকলেট পকেটত লৈ ঘৰ আহি পাইছো। সোনকালে কিবা অলপ খাই আকৌ স্কুল ফিল্ডত যাব লাগে, ফুটবল মেচ আছে - ষ্টুডেন্ট ইলেভেন বনাম পাব্লিক ইলেভেনৰ মাজত। ষ্টুডেন্ট ইলেভেন দলত ময়ো আছো। মা ব্যস্ত হৈ কিবা ৰান্ধি আছে। এনেতে পাকঘৰৰ দুৱাৰত আহি থিয় দিলে চিনাকী এখন মুখ। আমাৰ গাওঁৰ একমাত্ৰ ভিক্ষাৰিণী, অলপ মস্তিষ্কৰ সমস্যা আছে। গাওঁৰ সৰু ল'ৰা-ছোৱালীৰ প্ৰিয় সেই ভিক্ষাৰিণী কাৰণ তেওঁ আছিল গোৱালপাৰীয়া ভাষাৰ "ছিলক" (ফকৰা যোজনা) আৰু কিচ্ছা (সাধু) ৰ ভান্ডাৰ। মই খোৱাত ব্যস্ত, মা ৰন্ধাত ব্যস্ত। উপেক্ষিত ভিক্ষাৰিণীৰ খং গৈ মূৰত ধৰিলে, মাক উদ্দেশ্যি মাত দিলে - "হেৰৌ স্বাধীনতাৰ মাক, অলপ আমাৰ ফালেও চকু দিয়া ।"
(গ)
"ভাত দে হাৰামজাদা নহলে মানচিত্ৰ খাম" - বাংলাদেশ স্বাধীন হোৱাৰ পিছে পিছে সেই দেশত ১৯৭৪ চনত ভীষণ দুৰ্ভিক্ষৰ সৃষ্টি হয়। ক্ষুধাৰ্ত মানুহৰ কষ্ট, হাহাকাৰ দেখি কবি ৰফিক আজাদ ক্ষোভত অস্থিৰ হৈ পৰে আৰু তেওঁৰ কলমেদি ওলাই সেই কালজয়ী কবিতা - " ভাত দে হাৰামজাদা তা নাহলে মানচিত্ৰ খাব"। এই কবিতাই সমগ্ৰ বাংলাদেশত মধ্যবিত্তৰ বিবেকত তীব্ৰ আঘাত কৰে ফলত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। এই কবিতা দেশ আৰু জাতিৰ বিৰোধী বুলি কবি ৰফিক আজাদক পুলিচৰ স্পেচাল ব্ৰাঞ্চে আটক কৰি উঠাই লৈ যায়। তাৰ পাছত চলে দীৰ্ঘ জিজ্ঞাসাবাদ। শেষত তেওঁক লিখিত আকাৰত এই কবিতাটো লিখাৰ কৈফিয়ত লিখিবলৈ কোৱা হয়। ৰফিক আজাদে মাজত দুকাপ চাহ খাই লৈ দীৰ্ঘ ৬১ পৃষ্ঠাৰ এক কৈফিয়তনামা লিখে। কৈফিয়তনামাত কবি ৰফিক আজাদে কয় - "এই দেশৰ মানুহ যাতে খাবলৈ নেপাই নমৰে সেই বাবেই দেশ স্বাধীন কৰা হৈছে। গতিকে, খাবলৈ নেপাই এই দেশত কোনো মানুহ মৰিব নোৱাৰিব।"
স্বাধীনতা দিৱসৰ উদযাপনৰ ক্ষণত আমাৰ দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু দেশৰ সাৰ্বভৌমত্বক সুৰক্ষিত ৰাখিবলৈ প্ৰাণ দিয়া সকলো শ্বহিদ বীৰৰ আত্মত্যাগক সন্মান জনাছো। ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। জয় হিন্দ। জয় হওক জনগণৰ, জয় দেশমাতৃৰ ।
(ঘ)
অসমীয়াৰ জাতিৰ গৌৰৱ চৈয়দ আব্দুল মালিক চাৰক কোনোবাই অপমান কৰিলে অপমানৰ প্ৰতিক্ৰিয়া হিচাপে ফেচবুকত খঙ উজাৰি একো লাভ নাই। মালিক চাৰক যদি সন্মান কৰে তেন্তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চা-আলোচনা তথা তেওঁৰ সাহিত্যৰ নতুন মূল্যায়ণ কৰাটোয়েই তেওঁৰ অপমানৰ যোগ্য উত্তৰ হব। আপোনাৰ প্ৰিয় সাহিত্যিক জনক কোনোবাই যিমান অপমান কৰিব আপুনি তেওঁৰ সাহিত্যৰ সিমান বেছি চৰ্চা কৰক, পঢ়ক আৰু আনকো পঢ়ুৱাওক। আহক, এই চেগতে মালিক চাৰৰ কিছু কিতাপ অসমৰ বিভিন্ন স্কুল/কলেজ/ব্যক্তিক উপহাৰ দিও। মৰিব ধৰা অসমীয়া কিতাপ প্ৰকাশনৰ ইন্ডাষ্ট্ৰীটিও অলপ সকাহ পাব। মই মালিক চাৰৰ ১০ খন কিতাপ উপহাৰ দিয়াৰ দায়িত্ব ললো। আপুনি ? এখন/২খন/৫খন যি পাৰে দিয়ক। এই চেগতে অসমীয়া কিতাপ পঢ়াৰ নতুন আলোড়ণ এটা গঢ়ি তুলিব পাৰিলে ভাল।
(ঙ)
উত্তৰ-প্ৰদেশ ছুন্নি ৱাকফ বৰ্ডে জনাইছে যে, বাবৰি মছজিদৰ সলনি পোৱা ৫ একৰ জমিত তেওঁলোকে এখন ইন্ডো-ইছলামিক চেন্টাৰ, এখন চিকিতসালয় আৰু এখন ৰাজহুৱা লাইব্ৰেৰী নিৰ্মাণ কৰিব। মই ভাবো ৱাকফ বৰ্ডে বৰ ভাল আৰু প্ৰগ্ৰেছিভ সিদ্ধান্ত এটি গ্ৰহণ কৰিছে। ৱাকফ বৰ্ড হ’ল মুছলমান ব্যক্তিয়ে ধৰ্মীয় আৰু ৰাইজৰ সুবিধাৰ উদ্দেশ্য়ৰে দান কৰা সম্পত্তি সমূহ পৰিচালনা কৰাৰ বাবে আইনমতে গঠিত এটি বৰ্ড নেকিবুৰ জামান ডাঙৰীয়া অসম ৱাকফ বৰ্ডৰ চেয়াৰমেন হৈ থাকোতে মাজে সময়ে তেওঁৰ লগত ৱাকফ বৰ্ডৰ যোগেদি কিদৰে বৃহত্তৰ সমাজৰ বাবে উন্নয়নমূলক কাম কৰা যায় সেই বিষয়ে কেইবা বাৰো আলোচনা কৰিছিলো। তেওঁৰ সদিচ্ছাৰ অভাৱ নাছিল, চেষ্টাও প্ৰচুৰ কৰিছিল কিন্তু হয়তো আন বাধ্যবাধকতাৰ কাৰণে ভবা ধৰণে কামবোৰ নহ’ল। তেতিয়া গম পাইছিলো অসম ৱাকফ বৰ্ডৰ হেজাৰ কোটি টকাৰ সম্পত্তি আছে, তাৰ ভিতৰত গুৱাহাটিৰ ফেঞ্চি বজাৰৰ ১৪ বিঘা, পাণবজাৰ আৰু উলুবাৰীৰ ৩০ বিঘা মাটি আৰু বৰাক উপত্যকাৰ এখন চাহ বাগান অন্যতম। নেকিবুৰ জামান চাৰে জনোৱা মতে অসম ৱাকফ বৰ্ডৰ মুঠ সম্পত্তিৰ মূল্য ৫০ হেজাৰ কোটিতকৈ বেছি তাৰ পৰা ৱাকফ বৰ্ডে প্ৰতি বছৰ ছ-হেজাৰ কোটি টকাতকৈ অধিক ৰেভেন্যু পাব লাগে কিন্তু তাৰ ঠাইত মাত্ৰ ১৫ লাখ মান টকাহে সংগ্ৰহ হৈ আছে।
জামান ডাঙৰীয়াৰ দিনত ৰেভেন্যুৰ পৰিমাণ কিছু বৃদ্ধি হৈছিল কৰ্ণাটক, মুম্বাই আদিৰ ৱাকফ বৰ্ডে চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁলোকে নিজৰ মাটিতে চুপাৰ মাৰ্কেট, শ্বপিং মল, অফিচ স্পেছ আদি নিৰ্মাণ কৰি ভাড়া দিছে আৰু তাৰ পৰা যি আয় হয় সেই আয়েৰে স্কুল, কলেজ, চিকিতসালয় আৰু সমাজৰ আন উন্নয়ণমূলক কাম-কাজ কৰে। নেকিবুৰ জামান চাৰৰ ইচ্ছা আছিল অসম ৱাকফ বৰ্ডৰ যোগেদি তেনেকুৱা উন্নয়ন মূলক কাম-কাজ কৰাৰ তেওঁৰ অনুৰোধ মৰ্মে মই, ডা: আলীম, ডা: শ্বামীম, অধ্যাপক ছফিউল ইছলাম, মীৰ্জা এৰশ্বাদ আৰু আন কেইজনমান ব্যক্তিয়ে মিলি বাঘ হাজৰিকা সাংস্কৃতিক প্ৰকল্প এটিৰ ব্লু-প্ৰিন্ট তৈয়াৰ কৰিছিলো। এটি অত্যাধুনিক সাংস্কৃতিক প্ৰকল্প যত জিকিৰ, জাৰীকে আদি কৰি অসমৰ ইছলাম ধৰ্মী মানুহৰ বিভিন্ন সাংস্কৃতিক ঐতিহ্য সমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন হ’লহেতেন আৰু অসমীয়া ভক্তি-চুফি আন্দোলনৰ পৰা আন সকলো syncretic culture ৰ গৱেষণা হ’লহেতেন। এটি আধুনিক লাইব্ৰেৰী, বিবাহ আদিৰ কাৰণে Banquet Hall আৰু এটি অত্যাধুনিক অডি’টৰিয়াম। সেই সাংস্কৃতিক প্ৰকল্পৰ কেম্পাছতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে হোষ্টেল ফেচিলিটি সহ এটি চেন্টাৰ অৱ এক্সেলেঞ্চও ভবা হৈছিল। কিন্তু দুখৰ কথা যে মুছলমান বিধায়ক সকলে ৱাকফ বৰ্ডকলৈ কেৱল ৰাজনীতিয়েই কৰি থাকিল। প্ৰকল্পটো হয়তো ডাষ্টবিনত পচি থাকিল। আমাৰ পূৰ্ব-পুৰুষ সকলে নিজৰ সতি-সন্ততিক বঞ্চিত কৰি হলেও ৰাইজৰ ভাল হওক বুলি নিজৰ সম্পত্তি ৱাকফ বৰ্ডৰ তত্ত্বাৱধানত দান কৰি গৈছে, সেই দানৰ উদ্দেশ্য সফল হৈছে নে ? সেই দানৰ যদি সঠিক ব্যৱহাৰ কৰা গ’লহেতেন আজি শিক্ষা-দীক্ষাত অসমৰ পিছপৰা মানুহৰ বহুখিনি উন্নয়ন সাধন কৰা গলহেতেন।
লেখকৰ আন লেখাবোৰ পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/UNPLUGGED
No comments:
Post a Comment