অসমীয়াৰ ঢৌ খেলা জাতীয়তাবাদ আৰু নেতৃত্বৰ আপোচকামী সংস্কৃতি
মৃদু প্ৰসাদ নাথ
এটা সময়ত অসমত পিচিঅ' সংস্কৃতি গঢ় লৈ উঠিছিল।ইয়াৰ পৰবৰ্তী পৰ্যায়ত ট্ৰেভেলাৰ সংস্কৃতিৰ লগতে মেজিক লোৱা সংস্কৃতিৰ ধুমটোৱে অসমীয়া ডেকা বোৰক বৰকৈ আকৃষ্ট কৰিছিল।শেষত "দেখাক দেখি কুকুৰে একাদশী কৰা"ৰ দৰে এই বোৰ চম্ভালিব নোৱাৰি সকলোৱে আধামূলীয়াকৈ আনক বিক্ৰী কৰি ৰাগিয়াল বস্তুৰ নিচাত আসক্তহৈ নিজৰ সৰ্বনাশক নিজেই আমন্ত্ৰন জনোৱা সকলোৱেই দেখি আহিছোঁ।
এতিয়া আকৌ অসমত নতুন সংস্কৃতিৰ আগমন হৈছে।প্ৰথমে জাতীয় সংগঠন খুলি দেশৰ/দহৰ উন্নতি চিন্তা কৰা দেশপ্ৰেমিক সকলে সম্প্ৰতি দেশক উদ্ধাৰ কৰিবলৈ ৰাজনৈতিক সংগঠন খোলাৰ প্ৰতিযোগিতাত নামি পৰা দেখিবলৈ পোৱা গৈছে।যেন" আত্ম সহায়ক গোট"হে খুলিবলৈ ওলাইছে।লক্ষ্যনীয় যে এটা সংগঠনেও আনটো সংগঠনৰ কথা নুশুনে। কোনেও অসম আৰু অসমীয়াৰ স্বাৰ্থত মাৰ বান্ধি ঠিয় হবলৈ আগ্ৰহী নহয়।সকলো সংগঠনৰ নেতাৰে ৰাজগাদীৰ লোভহে মুখ্য,বাকী সকলো গৌণ।এটা সংগঠনৰ নেতাক যদি চৰকাৰে দমন কৰাৰ উদ্দেশ্যত জেলৰ আলহী কৰিছে আন সংগঠনৰ নেতাই নিজৰ সংগঠনৰ কথাহে ভাবিছে। ভাতৃ-প্ৰতীম একে উদ্দেশ্যৰ সংগঠনৰ নেতাক উদ্ধাৰৰ কোনো কান সাৰেই দিয়া নাই।
এনে চৰিএৰ বাবেই সংগঠন বোৰে সাধাৰণ ৰাইজৰ ওচৰত সমৰ্থন হেৰুৱাই পেলাইছে।কিছুমানে পূৰ্বৰ ৰাজনৈতিক দলৰ লগত ভিতৰুৱা বুজাবুজি কৰি আত্ম স্বাৰ্থ পুৰণৰ বাবেই বিৰোধীৰ ভোট কমোৱাৰ বা চৰকাৰীবিৰোধী ভোটৰ বিভাজানৰ ৰাজনীতি আৰম্ভ কৰাৰহে অভিসন্ধি কৰা দেখা গৈছে। নিজেই কোনোদিনাই কষ্ট কৰি জীৱন জীৱিকা চলাই নিজ পৰিয়ালটিৰে আৰ্দশ হ'বলৈ সক্ষম নোহোৱা এচামে আকৌ দেশ চলোৱাৰ সপোন দেখে?কোনো স্বাভিমানি অসমীয়াই যদি ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানেই হওক বা উদ্যোগ প্ৰতিষ্ঠান খুলিছে তাত গৈ সংগঠনৰ নামত দাদাগিৰি দেখাই টকা ডিমাণ্ড কৰিছে। নিজেইটো একো নকৰেই আনে কৰিলেও তাৰ দেধাৰ কেনা উলিয়াই ইজিমানি ঘটাৰ ৰঘুমলা হোৱা নিজেই দেখি আহিছোঁ। দুনীৰ্তিৰ প্ৰতিবাদ কৰাৰ ভয় ভীতি প্ৰৰ্দশন কৰি টকালৈ নিশ্চুপহৈ পৰা আজিকালি যে এক নতুন ফেশ্যন সি সৰ্বজন বিদিত। একো কাম বন কৰিবলৈ মন নকৰা কিছুমানে য'ৰ তৰ পৰা টকা সংগ্ৰহ কৰি নামী দামী গাড়ী মটৰৰ/সা সম্পতিৰ গৰাকীহৈ পৰা দেখিবলৈ পোৱা যায়। জীৱনৰ আধা সময় সংগঠন কৰি দলাৰ বগৰী হৈ কেনেকৈ শেষত কোটিপতিহৈ মন্ত্ৰী বিধায়ক উঠিব পৰা মানুহ হৈ পৰে সেই কথা অনুসন্ধানৰ অতীৱ প্ৰয়োজন। সাংবাদিকে এই কাম কৰিব বুলি ভাবিলেও বৃথা, কাৰণ আজিৰ এচাম সাংবাদিকে বাতৰি প্ৰকাশ কৰি যি কেইটা দৰমহা পায়, তাৰ বিপৰীতে "বাতৰি-প্ৰকাশ নকৰা"ৰ প্ৰতিশ্ৰুতি বিক্ৰীতহে আৰ্জন বেছি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সমাজৰ ৰখীয়া বুলি ভবাটোও এতিয়া সামাজিক হতাশাৰ কথালৈহে ৰূপান্তৰ ঘটিছে।
"কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা"। আমি কাক বিশ্বাস কৰিম এতিয়া?য'ত নিজা সন্তানৰ ওপৰতে পিতৃমাতৃৰ বিশ্বাস নোহোৱা হৈ পৰিছে তাত আমি ন-নতুন অথাৎ আধুনিক দেশপ্ৰেমিক জাতীয় নায়ক বোৰক কোন সতেৰে বিশ্বাস আৰু আস্থাত ল'ম! কৃষিজীৱী জনমানসত এষাৰ কথা বিশ্বাস কৰা হয় যে "আগৰ গৰু যেনি যায়,পিছৰ গৰুও তেনিয়েই যায়।" গতিকে পূৰ্বৰে পৰা দেখি অহা দৃশ্যই অসমীয়া মানুহক আমুৱাইছেগৈ বুলিব পাৰি।সহজ সৰল অসমীয়াক ঠগিবলৈ সকলো নৱাগত জাতিপ্ৰেমীয়ে নতুন কৌশল ললেহে সফল হ'ব পাৰিব। নহ'লে জাতীয়তাৰ এই গতানুগতিক অভিনয় বা ভাও বোৰ দেখি আমাৰ সকলোৰে আমনি লাগিল আৰু। নিৰ্দিষ্ট নেতৃত্ব নোহোৱাকৈয়ো যি সময়ত কাঁ আন্দোলনত আবাল,বৃদ্ধ,বণিতা সকলোৱেই প্ৰথমে স্ব-ইচ্ছাই জপিয়াই পৰিছিল।লাহে লাহে যেতিয়া কোনোৱাই নেতা হোৱাৰ দুস্বপ্নত আগ ভাগ লোৱাৰ মন মেলিলে, তেতিয়াই সমগ্ৰ জনতাই ইয়াৰ পৰা ফালৰি কাটিল। আন্দোলন ৰাজপথৰ পৰা খেল পথাৰ আৰু শেষত খেলপথাৰৰ পৰা কেৱল নেতৃত্বৰ খোৱা কামোৰাত ব্যস্ত নেতা সংগঠনৰ কাষতে সীমিত হৈ পৰিলগৈ বুলিব পাৰি। এতিয়া কাঁ বিৰোধী আন্দোলনত নিহত পঞ্চ শ্বহীদৰ বছৰেকীয়া শ্ৰাদ্ধ হবলৈকে নাপালে, উদ্দাত্ত ভাষণ দিয়া, তেজ গৰম কৰা গান ৰচা সকল ৰাজদৰবাৰৰ ব্ৰেণ্ড এম্বেচাদৰ হবলৈ ৰাজধানীত উপস্থিত হোৱাৰ খবৰেও মানুহৰ মনত প্ৰশ্ন জাগ্ৰত কৰিছে। অসমীয়া আন্দোলনৰ এই আপোচকামীতাই বাৰু অসমৰ জাতীয়তাবাদৰ ৰাজনৈতিক চিন্তাকে বাৰে বাৰে বাধাগ্ৰস্ত কৰা নাইনে?
কথা হ'ল দেশৰ প্ৰতি ইমানেই যদি প্ৰেম আছে তেনে সদা জাগ্ৰত প্ৰহৰী হওক সকলো। দুৰ্নীতিৰ প্ৰতিবাদ কৰক। জনবিৰোধী, অসম বিৰোধী নীতি গ্ৰহণ কৰা ৰাজনৈতিক দলৰ শাসন যন্ত্ৰ ওফৰাবলৈ আকাশ বতাহ তাল ফাল লগাওক, গনতান্ত্ৰিক প্ৰতিবাদেৰে। তাকে নকৰি আপোচকামীতাৰ গোপন খেল, অথবা প্ৰকাশ্য ৰাজগাদীলৈ ঢাপলি মেলাৰ অৰ্থ কি?কোন সতেৰে দেশৰ মানুহে এই সকলক বিশ্বাসতলৈ গাদী লৈ আনিব !সাধাৰণ ৰাইজে ভাবিবলৈ নিশ্চয় বাধ্য হৈছে আৰু হ'ব এই প্ৰতিবাদ আৰু তালফাল খোৱা আটাহৰ অৰ্থ হ'ল সাধাৰণ আসমীয়াৰ আবেগক ব্যৱহাৰ কৰি জাতিৰ নামত,মাটিৰ নামত,ভাষাৰ নামত সস্তীয়া আবেগেৰে উতলাই নিজেই ৰজা হোৱা কৰ্ষণৰ অনুশীলনহে বুলি।
No comments:
Post a Comment