মনৰ কথাঃ অযোধ্যা বিবাদ, UPSC ত মুছলিম প্ৰাৰ্থীৰ ৰিজাল্ট ইত্যাদিঃ কৰণীয় কি? :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অযোধ্যা বিবাদ, UPSC ত মুছলিম প্ৰাৰ্থীৰ ৰিজাল্ট ইত্যাদিঃ কৰণীয়  কি? :: আশ্বিক জামান

মনৰ কথাঃ অযোধ্যা বিবাদ, UPSC ত মুছলিম প্ৰাৰ্থীৰ ৰিজাল্ট ইত্যাদিঃ কৰণীয় কি? :: আশ্বিক জামান

Share This
অযোধ্যা বিবাদ, UPSC ত মুছলিম প্ৰাৰ্থীৰ ৰিজাল্ট ইত্যাদিঃ কৰণীয়  কি?
আশ্বিক জামান
(১)

অল ইন্ডিয়া মুছলিম পাৰ্ছনেল ল’ বৰ্ড, জামায়াতে ইছলামী হিন্দ, নিখিল ভাৰত মুছলিম মজলিছ মুছওৱাৰাত, জমিয়তে উলামা হিন্দ, অল ইন্ডিয়া ছিয়া কাউঞ্চিল আদি ভাৰতৰ মুছলমান সকলৰ মূখ্য ১৭ টা সংগঠনে মিলি 'অযোধ্যা বিবাদ' বিষয়ত এক যৌথ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। বিজ্ঞপ্তিৰ যোগেদি তেওঁলোকে ভাৰতৰ মুছলমান সকলক দেশৰ সৰ্বোচ্চ আদালতৰ আদেশ পূৰ্বতে যিদৰে সন্মান-সহকাৰে সম্প্ৰদায়টোৱে গ্ৰহণ কৰিছে আজিও সেই একে স্থিতিতে অটুট থাকিবলৈ আহ্বান জনাইছে। মই ভাবো এয়া মুছলমান সংগঠন সমূহৰ এটি অতি matured পদক্ষেপ, তেওঁলোকে বাবৰি মছজিদৰ বিবাদক ধৰ্মীয় বিবাদ হিচাপে নহয় বৰং এক ন্যায়িক বিবাদ হিচাপে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা।

দেশৰ সাধাৰণ মুছলমান নাগৰিকো এই ক্ষেত্ৰত ধন্যবাদৰ প্ৰাপ্য। কাৰণ, বিভিন্ন ৰাজনৈতিক প্ৰৰোচনা, প্ৰপাগান্ডাৰ পাছতো ভাৰতীয় মুছলমানে যিদৰে দেশৰ ন্যায় ব্যৱস্থাক সন্মান জনাই উচ্চতম ন্যায়লয়ৰ ৰায়ক গাম্ভীৰ্যতাৰে গ্ৰহণ কৰিছে, সেয়া নিশ্চিতভাবে আদৰণীয় কথা। ঐতিহাসিক ইমাৰত এটাক যিদৰে ভঙা হৈছিল তাক লৈ ক্ষোভ থকাটো স্বাভাৱিক, উচ্চতম ন্যায়ালয়েও তাৰ কঠোৰ নিন্দা কৰিছে, সকলো সুস্থ-চিন্তাৰ মানুহে তাৰ নিন্দা কৰে। এনেকুৱা ঘটনাৰ আৰু কেতিয়াও পুনৰাবৃত্তি নহওক তাৰ কামনা কৰাৰ লগতে কোটি কোটি হিন্দু মানুহৰ আস্থাৰ প্ৰতি সন্মান জনাই ৰাম-জন্মভূমিক স্বাগতম জনাওক। ধৰ্ম লৈ দশক দশক জুৰি চলি থকা বিভেদ, বিতৃষ্ণাৰ অন্ত পৰক।

এনেয়েও এই দেশৰ মুছলমানে শ্ৰীৰামক সদায় সন্মানজনক স্থানেই দিছে। ৰামায়ণৰ কাহিনী শুনিয়েই সকলো ডাঙৰ হয়। আল্লামা ইকবালে শ্ৰীৰামৰ বিষয়ে কৈছে -হ্যায় ৰাম কে ৱাজুদ পে হিন্দুস্থান কো নাজ, আহল-এ-নজৰ ছামাছতে হ্যায় ইছকো ইমাম-এ-হিন্দ, এজাজ ইছ চিৰাগ-এ-হিদায়ত কা হ্যায় য়েহী, ৰৌশ্বন-তাৰ-অজ-ছাহৰ হ্যায় জামানে মে শ্বাম-এ-হিন্দ। ( ৰামৰ অস্তিত্ব/জীৱনীক লৈ সমগ্ৰ ভাৰতেই গৰ্ব কৰে, দূৰদৰ্শী সকলে তেওঁক ভাৰতৰ ইমাম বুলি কয়, তেওঁৰ শিক্ষা/দিকদৰ্শন ৰ এনেকুৱা চমতকাৰ, যে আজি ভাৰতৰ সন্ধিয়াও বিশ্বৰ ৰাতিপুৱাতকৈ উজ্জ্বল।)

(২)
মুছলমান বন্ধু - বান্ধৱী সকলে মন্দিৰ-মছজিদৰ বিতৰ্ক বাদ দি 'গুৰুত্বপূৰ্ণ' কামৰ বিতৰ্ক কৰক। এইবাৰ UPSC য়ে অনুষ্ঠিত কৰা অসামৰিক সেৱাৰ পৰীক্ষাত মুছলমান প্ৰাৰ্থীৰ ৰিজাল্ট আন বছৰতকৈ ভাল হৈছে। আন বছৰ সংখ্যা ৩০ ৰ তলতে থাকে, এইবাৰ মুঠ ৪৩ জন চয়নিত হৈছে। তথাপি এই সংখ্যা মুঠ চয়নিত প্ৰাৰ্থীৰ মাত্ৰ ৫% অথচ ভাৰতত মুছলমান জনসংখ্যা প্ৰায় ১৫%।| গতিকে ৰিজাল্ট মুঠেও সমানুপাতিক নহয়।

এই বেয়া ফলাফলৰ মূল কাৰণ হ’ল খুব কম সংখ্যক মুছলমান প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে। অসমৰ পৰা, আপোনাৰ চিনাকী কেইজন মুছলমান ল’ৰা-ছোৱালীয়ে এই পৰীক্ষাত বহিছিল কওকচোন ? একে অৱস্থা পশ্চিম বঙ্গৰো। অথচ কাশ্মীৰৰ পাছতে জনসংখ্যাৰ অনুপাতে অসম আৰু বঙ্গত মুছলমানৰ জনসংখ্যা অধিক।| কেৰেলাতো প্ৰায় এক চতুৰ্থাংশ জনসংখ্যা ইছলাম ধৰ্মী যদিও তাৰ পৰা প্ৰতি বছৰ দুই-তিনিজন প্ৰাৰ্থীয়েহে চয়নিত হয়। ২০১০ চনত কাশ্মীৰৰ শ্বাহ ফায়জালে প্ৰথম স্থান দখল কৰাৰ পাছৰে পৰা কাশ্মীৰৰ পৰা ভালে সংখ্যাক প্ৰাৰ্থীয়ে প্ৰতি বছৰ এই পৰীক্ষাত অৱতীৰ্ণ হবলৈ আৰম্ভ কৰিছে। তাৰ ফলাফলো তেওঁলোকে পাই আছে, এই বছৰও কশ্মীৰৰ পৰা ১২ জন মুছলমান প্ৰাৰ্থী চয়নিত হৈছে। কেৰেলাৰ ছাত্ৰী ছাফনা নাজৰুদ্দীন মুছলমান প্ৰাৰ্থীৰ ভিতৰত প্ৰথম হৈছে, ৪৫ তম স্থান দখল কৰিছে। 

আপোনালোকে গোস্ত-পোলাও খাই কেৱল বানাত মাদ্ৰাছা বনাই থাকিলে অসমৰ মুছলমান ছোৱালীয়ে কিদৰে আই.এ.এছ হব ? খোৱা-বোৱাত কম খৰচ কৰি সন্তানৰ পঢ়া-শুনাত টকা পইছা ইনভেষ্ট কৰক। সত্তৰ হেজাৰ টকা দি কুৰবানীৰ কাৰণে গৰু কিনি আনে অথচ আপোনাৰ প্ৰতিবেশীৰ ছোৱালীজনী টকাৰ অভাৱত বিজ্ঞান শাখাত নামভৰ্তি কৰিব নোৱাৰে। এনেকুৱা ধাৰ্মিক নহলেও ক্ষতি নাই।

প্ৰতি বছৰে ভাৰতবৰ্ষত ৪০ হেজাৰ কোটি টকা জাকাতৰ বাবে দান কৰা হয়। এই বিশাল ধন ৰাশি সম্পূৰ্ণ ভাবে অসংগঠিত আৰু উদ্দেশ্যহীন ভাবে ব্যয় হয়। যুগ যুগ ধৰি এচাম পৰজীৱিয়ে মাদ্ৰাছাৰ নামত জাকাতৰ ধন সংগ্ৰহৰ নামত আত্মসাতৰ বাহিৰে আন একো কৰা নাই। দুই-চাৰিটা মাদ্ৰাছা হৈছে, তাৰ বাহিৰে সম্প্ৰদায়টো লাভ কৰিছে বৃহত এক অশ্বডিম্ব। এই বিশাল ৰাশি যদি সম্প্ৰদায়টোৰ পঢ়া-শুনাৰ বাবে খৰচ কৰা গ’লহেতেন তেন্তে ভাৰতীয় মুছলমানৰ অৱস্থা কি হ’ল হয় এবাৰ চিন্তা কৰক | এই বাৰ আপোনাৰ জাকাতৰ টকা দান কৰাৰ আগত কথাবোৰ অলপ চিন্তা কৰিব |
(৩)
সংযোজন হিচাবে এক স্পষ্টীকৰণঃ মন্দিৰ-মছজিদৰ বিতৰ্কৰ পৰা আতৰি UPSC ত কিয় মুছলমান ছাত্ৰ-ছাত্ৰীৰ ফলাফল ভাল নহয় সেই বিষয়ে বিতৰ্ক কৰিবলৈ আহ্বান দিয়া কাৰণে এচামে আমাক বেয়া পাইছে। কিয় কেৱল মুছলমানকহে আহ্বান দিয়া হ’ল সেয়াই প্ৰধান আপত্তি।

হয়, আপাত দৃষ্টিত আপোনালোকৰ আপত্তি অতি যুক্তিপূৰ্ণ। সেই বিষয়ে উত্তৰ দিয়াৰ আগতে এটা কথা উনুকিয়াই দিওঁ যে, আজি ০৬-০৮-২০২০ তাৰিখৰ "আমাৰ অসম" কাকতত অসম তথা উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীয়ে UPSC ত ফলাফল কিয় ভাল কৰিব নোৱাৰে তাৰ বিতং বিশ্লেষণ আমি কৰিছো, অভিভাৱক, সমাজ, চৰকাৰৰ কৰণীয় কি তাৰো আলোচনা কৰি প্ৰয়োজন হলে চৰকাৰে বিচাৰিলে ব্যক্তিগত ভাবেও সহায়-সহযোগিতা কৰিবলৈ প্ৰস্তাব দিছো।

সেই প্ৰবন্ধত আমি অসম তথা উত্তৰ-পূৱৰ ট্ৰাইবেল ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ আলোচনাও কৰিছো। কাৰণ প্ৰশাসন যন্ত্ৰ কেতিয়াও representative হব নোৱাৰিব যদি ট্ৰাইবেল, দলিত, সংখ্যালঘু, মহিলা, দেৱাংগ, গাওঁ অঞ্চলৰ, মাতৃভাষা মাধ্যমৰ আৰু দুখীয়া তথা নিম্নমধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশাসনিক সেৱাৰ বাবে চয়নিত নহয়। আমাৰ সমাজৰ এই সকল Weaker Section - এয়াই আমাৰ সমাজৰ বাস্তৱতা। প্ৰতিটো গোটৰে সমস্যা আৰু আৰ্থ-সামাজিক বাস্তৱতা ভিন্ন, গতিকে স্বাভাৱিকতে তেওঁলোকৰ উন্নয়ণৰ পথো ভিন্ন হব। সমাজত যিহেতু ভিন্নতা আছে, সেই ভিন্ন গোট সমূহৰ আলোচনা হব, কৰিব লাগিব। ভাৰতীয়, অসমীয়া আৰু আমাৰ জনগোষ্ঠীয় পৰিচয়ৰ বাহিৰেও আমাৰ ধৰ্মীয় সম্প্ৰদায়গত পৰিচয় এটাও আছে। আৰু সেই সূত্ৰে সেই সম্প্ৰদায়ৰ মানুহৰ সমস্যা আৰু আশা-আকাংখা, দোষ-ত্ৰুটি সম্পৰ্কে আমাৰ সম্যক ধাৰণা আনতকৈ স্বাভাৱিকতে বেছি। মুছলমানৰ শিক্ষাৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন। আৰ্থ-সামাজিক অৱস্থাও দলিত সকলতকৈ বেয়া। অথচ সেই সম্প্ৰদায়তে প্ৰতি বছৰ ৪০ হেজাৰ কোটি টকা ধৰ্মীয় দানৰ নামত খৰচ কৰাৰ বিলাসিতা কৰা হয়। এই বিশাল ৰাশি উন্নত-বিজ্ঞানসন্মত তথা আনুষ্ঠানিক শিক্ষা-দীক্ষাত খৰচ কৰিবলৈ জনোৱা আহ্বানত কিবা ভুল থাকিব পাৰে বুলি আমাৰ বোধগম্য হোৱা নাই। বিজ্ঞ জনে আঙুলিয়াই দিলে ভাল পাম।
লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment