মনৰ কথাঃ "জুবিন আক্ৰমণ" আৰু ধিক্কাৰ জন্মা কিছু কথা :: অমৰেন্দ্ৰ ডেকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ "জুবিন আক্ৰমণ" আৰু ধিক্কাৰ জন্মা কিছু কথা :: অমৰেন্দ্ৰ ডেকা

মনৰ কথাঃ "জুবিন আক্ৰমণ" আৰু ধিক্কাৰ জন্মা কিছু কথা :: অমৰেন্দ্ৰ ডেকা

Share This
"জুবিন আক্ৰমণ" আৰু ধিক্কাৰ জন্মা কিছু কথা 
অমৰেন্দ্ৰ ডেকা
(১)
জুবিনৰ ওপৰত কৰা আক্ৰমণ গ্রহণযোগ্য হ'ব নোৱাৰে। জুবিনৰ কিছু কাণ্ডক অসমৰ মানুহে সমালোচনা কৰে । অসমীয়াই গণতান্ত্ৰিক ভাবে "জুবিনালি" কিছুমানৰ বিৰোধিতা কৰে। কৰিবই। অসমৰ ৰাইজে জুবিনক আস্থাত লওক বা নলওক ঘৰৰ ল'ৰা বুলি জুবিনে কৰা সাত খুন মাফ কৰিবলৈও ৰাইজ সদায় সাজু হৈ থাকে বা আছে। জুবিনে CAA ৰ বিৰোধিতা কৰিছিল। বিজেপিক ওফৰাবলৈকো আহ্বান জনাইছিল। বিজেপিক অসমৰ শত্ৰু বুলিছিল। অসমৰ তৰুণ প্ৰজন্মৰ ওপৰত জুবিনৰ প্ৰভাব নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। CAA খায়েই নে পিন্ধেই সেয়া নজনাকৈয়ে হেজাৰ জন জুবিন প্ৰেমী যে CAA আন্দোলনৰ সমদলত যোগ দিছিল সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। CAA বিৰোধী পক্ষৰ বৰ্দ্ধিত সংখ্যাৰ ক্ষেত্ৰত জুবিনৰ ভূমিকা আছিল । 

ৰাইজে বিশ্বাস কৰিব লৈছিল- লাহে লাহে মনোৰঞ্জনৰ জাক-জমক দুনীয়া খনৰ পৰিধি ভাঙি গণ-শিল্পীত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে জুবিন। পিছে ৰাইজৰ বিশ্বাসত চেঁচা পানী ঢালিলে খোদ জুবিনেই। CAA আন্দোলনৰ উন্মেষ ঘটোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈকে ধৰি কেইবাজনোকো গ্ৰেপ্তাৰ কৰা হ'ল। জুবিনৰ মাত সৰু হৈ আহিল। অখিল, বিতু, ধৈৰ্যৰ ওপৰত দেশদ্ৰোহীতাৰ গোচৰ জাপি দিয়া হ'ল । জুবিনে ফিল্মফেয়াৰ চাবলৈ গ'ল। ৬ জনকৈ ডেকাৰ মৃত্যু শোকৰ পৰা আত্মীয়, পৰিয়াল মুক্ত নহ'ল। জুবিনে মস্ত বেপাৰৰ সপোন দেখি মুখ্যমন্ত্ৰীৰ কাষত ফটোৰ বাবে থিয় হ'ল। 

ৰাইজে কি হ'ব কি নহ'ব ভাবি থাকোতেই জুবিন গৈ একেছাটে চৰকাৰী মানুহ হ'ল। ব্ৰেণ্ড এম্বেচাদৰ। ৰাইজৰ খং উঠিবই, স্বাভাৱিক। ক্ষোভ থাকিবই। আৰু সেইবাবে ৰাইজে খং উজাৰিছিলে। আহে যদি ঘূৰি আহক ,জুবিন ৰাজনীতিৰ পাক-চক্ৰত নপৰক- এই ভাবিহে। কিন্তু নাহিল। ৰাইজেও যি কৰ কৰ বুলি লাহে লাহে এৰিবলৈ আৰম্ভ কৰিছিলে। কাৰণ অসমৰ ৰাইজৰ বিচাৰ বিবেচনা আছে। অসমৰ ৰাইজে জুবিনক অসম আৰু অসমীয়াৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপত চাব বিচাৰিছিল। জুবিন কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ'লগৈ। সেইটো কৃষি বিভাগৰ- যিটো কৃষি বিভাগৰ মন্ত্ৰী বিষয়াই আজিলৈকে অসমৰ কৃষকক শস্য বীমা আঁচনিৰ বাবে উৎসাহিত কৰিব নোৱাৰিলে বা ফচল বীমা আঁচনিক অসমত flop showত পৰিণত কৰালে। সেইটো কৃষি বিভাগৰ- যাৰ হাতত কৃষকৰ উৎপাদিত শস্য ৰখাৰ বাবে শীতল ভঁৰাল নাই। যিটো বিভাগে কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য পথাৰতে গেলি পচি যোৱা নীৰৱে চাই থাকিবলৈ বাধ্য হয়। সেইটো কৃষি বিভাগ যাৰ দ্বাৰা বিতৰণ কৰা বীজ কেতিয়াবা নগজে, কেতিয়াবা গজিলেও ফল নধৰে। সেইটো কৃষি বিভাগ যিয়ে শুৰ পোক,চৰহা পোকৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৃষকক পৰিত্ৰাণৰ উপায় দিব নোৱাৰে। এই কৃষি বিভাগটোৰ ব্ৰেণ্ড এম্বেচাদৰ হৈ যদি কৃষি ক্ষেত্ৰৰ এনেবোৰ সমস্যাৰ পৰা জুবিনে অসমৰ কৃষকক মুক্তি দিব পাৰে, ব্ৰেণ্ড এম্বেচাদৰ কিয় জুবিন অসমৰ কৃষি মন্ত্ৰী হওঁক। আপত্তি কৰিবলগীয়া কি আছে। কিন্তু অসমৰ ৰাইজে বুজি উঠিছে এইয়া এক অন্ত:সাৰ শূণ্য ৰাজনৈতিক চমক। এই চমকৰ অংশ হিচাপেই জুবিন হয়তো দুদিন পথাৰলৈ যাব। চাৰিওফালে হৈ ছৈ লাগিব। মেডিয়া দৌৰিবলৈ বাধ্য হ'ব আৰু তিনি দিনৰ দিনা সকলো ফুটুকাৰ ফেন হ'ব।সেই বাবেই ৰাইজৰ আপত্তি আছে। তাতোকৈ ডাঙৰ কথা CAA আন্দোলন কৰি গৰম গৰম ডাইলগ নিদিয়া হেতেঁনো হয়তো ৰাইজৰ আপত্তি নাথাকিলেহেঁতেন।
গৰিমা গাৰ্গৰ কথা আছিল, "Just Wait and Watch"
এতিয়া প্ৰশ্ন হয়, ৰাইজৰ এই আপত্তিৰ সৈতে জুবিনৰ ওপৰত হোৱা আক্ৰমণৰ সম্পর্ক কি? আক্ৰমণ কোনো ব্যক্তিগত আখেজত নে অন্য কাৰণত? কোনে আক্ৰমণ কৰিলে? উগ্ৰ জাতীয়বাদীয়ে নেকি? খবৰ ওলাইছে আক্ৰমনকাৰী জন কংগ্ৰেছৰ সদস্য। যদি সেয়া হয়, কংগ্ৰেছে ব্যৱস্থা ল'ব লাগে। অন্যথা কংগ্ৰেছক ৰাইজে মনত পেলাই দিব যে জুবিনে অসমৰ বাবে কৰা ক্ষতিতকৈ কংগ্ৰেছে কৰা ক্ষতিৰ পৰিমাণ বহুত বেছি আৰু এটা কথা অসমৰ ৰাইজে CAA ৰ বিৰুদ্ধে যি স্বতঃস্ফূৰ্ত আন্দোলন কৰিছিল সেই আন্দোলনৰ সৈতে এটা পৰ্যায়ত কংগ্ৰেছ বা বাওঁপন্থী সকলৰ মিল আছিল যদিও এটা বৃহৎ প্ৰশ্ন বোধক কিন্তু সদায় আছে। এই CAA ৰ নিৰ্যাতিত হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী ৰ লগতে যদি ইছলাম শব্দটোও লগ লাগিলে হয়, তেতিয়া এই আন্দোলনৰ ব্যাপকতা কিমান বেছি হ'ল হেঁতেন তাক লৈ মোৰ মনত আজিও সন্দেহ আছে। CAA আন্দোলনৰ কৰি বিজেপিলৈ যোৱা নেতাক আমি একো কৰিব নোৱাৰো, কিন্তু শিল্পীক আক্ৰমণ কৰিব পাৰো। কেনেকৈ? জুবিনক যে ইমান গালি পৰা হ'ল , সিমান গালি CAA আন্দোলন কৰি বিজেপিলৈ ঠেং দাঙি থকা Non political লিডাৰ সকলক পাৰি থকা হোৱা নাই। কিয়? কাৰণ জুবিনৰ প্ৰতি আগ্ৰহ,হেঁপাহ,কৌতুহল,মৰম সকলোৰে আছে। অসমৰ ৰাইজে এইজন জুবিনক সমালোচনা কৰিব পাৰে, কিন্তু কোনোবাই ৰাজপথত আক্ৰমণ কৰিব তাক মানি ল'ব নোৱাৰে।

(সান্ধ্য আইনৰ মাজত ইমান ৰাতি দুয়োখন গাড়ী ক'লৈ, কিয় গৈছিল সেইবোৰ এতিয়া আলোচনা কৰা নাই যদিও, সেইবোৰো গুৰুত্বপূৰ্ণ কথা।)
(২)
প্ৰশ্ন হয়, কোনে কাৰ সৈতে প্ৰতাৰণা কৰিছে? বিশেষকৈ অসমৰ সাম্প্ৰতিক পৰিস্থিতিত অসমৰ ৰাইজ আজি সন্দিহান হৈছে। কাৰণ, বিজেপিয়ে CAA আনিম বুলি কৈছিল। অন্য দেশত নিৰ্যাতনৰ বলি(?) হোৱা হিন্দু সকলক ভাৰতলৈ অনাৰ প্ৰতিশ্ৰুতি দিছিল গেৰুৱা দলটোৱে। CAA আনিছে। ইস্তাহাৰত সেই কথা আছিল। আপুনি মই Vote দিয়াৰ সময়ত যদি সেই কথা মানি লৈছিলো, alliance কৰাৰ আগতে যদি মানি লৈছিলোঁ,চৰকাৰ গঠনৰ সময়ত যদি ঊৰ্ধবাহু নৃত্য কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ আহ্বান জনাইছিলো ভুল কাৰ? যদি লোকক দেখুৱাই মস্ত জাতীয়তাবাদী সাজি ৰাজপথত উদাত্ত ভাষণ দিওঁ, ফুকলীয় ছাত্ৰক গুলী খুউৱাই মাৰো আৰু তলে তলে সিন্ধি চোৰৰ দৰেই বিজেপিৰ লগতে বেপাৰৰ দৰ দাম,টিকেটৰ দৰদাম কৰি থাকো,মিত্ৰতাৰ দৰ দাম কৰি থাকো ভুল কাৰ? কোনে জাতিক প্ৰতাৰণা কৰিছে? বিজেপিৰ নীতি আদর্শই বৃহৎ হিন্দু ৰাষ্ট্ৰ মানে অখণ্ড ভাৰতৰ সপোন দেখে, যিখন ভাৰতত বাংলাদেশ,আফগানিস্তানো সোমাই আছে( সেই ভাৰতত অসম এটা সময়ত নাছিল, সেইটো বেলেগ কথা), সেই দলে জাতি বুলি ক'লে ধর্মীয় দৃষ্টিকোণৰ পৰা স্বাভাৱিকতেই হিন্দু জাতিৰ কথা ক'ব। One nation, one religion ৰ মাজত অসম অসমীয়াৰ কথা শুনিবলৈ, ক'বলৈ কোন থাকিব!! বিজেপি প্ৰতাৰক নে আমাৰ মাজৰ বিভীষণ সকল??

(লেখক গুৱাহাটীস্থ প্ৰতিদিন টাইম চেনেলৰ সাংবাদিক ৰূপে কৰ্মৰত আৰু মতামত তেখেতৰ নিজা।)

No comments:

Post a Comment