প্ৰৱন্ধঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভ্ৰান্তিকৰ দিশবোৰ ::ড° দীনেশ বৈশ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভ্ৰান্তিকৰ দিশবোৰ ::ড° দীনেশ বৈশ্য

প্ৰৱন্ধঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভ্ৰান্তিকৰ দিশবোৰ ::ড° দীনেশ বৈশ্য

Share This
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভ্ৰান্তিকৰ দিশবোৰ
ড° দীনেশ বৈশ্য
বহু অপেক্ষা আৰু বহুত বিতর্ক, আপত্তি, আসোঁৱাহৰ অন্ত পেলাই অৱশেষত যােৱা ২৯ জুলাইত ভাৰত চৰকাৰৰ কেবিনেটৰ বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গৃহীত কৰা হয়। এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অন্তর্গত কেইটামান উল্লেখযােগ্য নীতি হ'ল চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম প্রৱর্তন। এম ফিল পর্যায়ৰ পাঠ্যক্রম উঠাই দিয়া হ'ল। উচ্চ শিক্ষা নিয়ন্ত্ৰণৰ বাবে হায়াৰ এডুকেছন ৰেগুলেটৰী অথৰিটি এটা হ'ব। এই ৰেগুলেটৰী বডিটোৱে চৰকাৰী-বেচৰকাৰী, ব্যক্তিগত খণ্ডৰ মাচুল আৰু অন্যান্য কথাৰ তদাৰকী কৰিব। প্রাক প্রাথমিক শিক্ষাক সর্বশিক্ষাৰ অধীনৰ অর্থাৎ শিক্ষাৰ অধিকাৰ আইনৰ আওতালৈ আনিব। আগেয়ে প্রাক্-প্রাথমিক শিক্ষা শিক্ষাৰ অধিকাৰৰ আওতাত নাছিল। এতিয়া তিনিৰ পৰা ছবছৰ বয়সলৈ শিশুসকলকো শিক্ষাৰ অধিকাৰ আইনৰ ভিতৰত লােৱা হ'ব।
পঞ্চম শ্ৰেণীলৈকে শিশুসকলে মাতৃভাষাতেই শিক্ষা লাভ কৰিব। যােৱা ৩৪ বছৰত এইখনেই প্রথম নতুন শিক্ষানীতি। বিজেপি দলটোৱে ২০১৪ৰ নিৰ্বাচনৰ সময়তেই এটা নতুন শিক্ষানীতি প্রবর্তন কৰাৰ কথা কৈছিল। ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানৰ মুৰব্বী কস্তুৰীৰংগণৰ নেতৃত্বত গঠিত কমিটী এখনে ২০১৮ৰ ডিচেম্বৰতেই এখন খচৰা নীতি চৰকাৰৰ ওচৰত জমা দিলে। ২০১৯ লােকসভা নির্বাচনত জয়লাভ কৰি এই খচৰা নীতি আলােচনাৰ বাৰে জনসাধাৰণৰ মাজত মুকলি কৰি দিলে আৰু যােৱা ২৯ জুলাইত মন্ত্রীসভাৰ কেবিনেটত এইখন গ্ৰহণ কৰা হয়। 

প্রথম অৱস্থাত খচৰা নীতিত হিন্দী ভাষা শিক্ষা সমগ্র দেশতেই বাধ্যতামূলক কৰিছিল যদিও খচৰা প্ৰকাশৰ লগে লগ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। ফলস্বৰূপে হিন্দী ভাষাক বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ উঠাই লয়। এতিয়া মাতৃভাষাত পঞ্চম শ্রেণীলৈ শিক্ষা লাভ ৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে সংস্কৃত সকলাে পর্যায়ত এক বিকল্প ভাষা। হিচাপে থাকিব। প্রশ্ন উঠিছে ৰাজ্যসমূহে এই নীতি আখৰে আখৰে পালন কৰিব লাগিব নে সাল-সলনি কৰিব পাৰিব। যিহেতু শিক্ষা ৰাজ্য আৰু কেন্দ্র উভয় তালিকাত আছে সেইমতে ৰাজ্যসমূহে ইচ্ছা কৰিলে সাল-সলনি কৰিব লাগিছিল; কিন্তু সংশ্লিষ্ট সকলে কোৱা মতে সাল-সলনি কৰাৰ কোনাে অৱকাশ নাই। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গৃহীত নীতি গ্ৰহণ কৰিব লাগিবই। প্রয়ােজন হ'লে ৰাজ্য চৰকাৰৰ সংস্থাসমূহে তদ্রুপ ঘােষণা কৰিব। ষষ্ঠ শ্রেণীৰ পাছৰ পৰা কৌশল শিক্ষা অর্থাৎ ভকেচনেল শিক্ষা প্রদান কৰা হ’ব। নতুন শিক্ষানীতিৰ আন এক উল্লেখযােগ্য দিশ হ'ল থলুৱা জ্ঞান শিক্ষাৰাে ব্যৱস্থা থাকিব। এতিয়া কেনেকৈ থলুৱা জ্ঞান পাঠ্যক্রমত সংযােজন কৰা হয়, সেইটোও এটা প্রশ্ন। 

মন কৰিব লগীয়া কথা যে, এই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ক ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসৰ এক ট্রেজেডী বুলি অভিহিত কৰিছে একাংশ ভাৰতীয় শিক্ষাবিদে। তেওঁলােকে এই শিক্ষানীতিক ভাৰতবৰ্ষৰ দুখীয়া-দৰিদ্ৰ, পিছপৰা জাতি-জনজাতি, সংখ্যালঘু সম্প্রদায়ৰ শিক্ষানুৰাগী শিশু আৰু যুৱক যুৱতীসকলৰ বিৰুদ্ধে এক গভীৰ যড়যন্ত্র বুলি অভিহিত কৰিছে। আনহাতে, বহুত শিক্ষাবিদ তথা কলেজ, বিশ্ববিদ্যালয়ৰ অধ্যাপক, অধ্যক্ষই এই শিক্ষানীতিক সমর্থন কৰিছে আৰু এই শিক্ষানীতিয়ে দেশলৈ এক শৈক্ষিক বিপ্লৱ আনিব বুলি কৈছে। এনেকুৱা এক পৰিস্থিতিৰ দেশত সৃষ্টি হােৱাটো অতি দুর্ভাগ্যজনক। কেনেকৈ একেখন শিক্ষানীতিৰ আলােচনা কৰিবলৈ গৈ দেশৰ শিক্ষাবিদসকল দুটা ভাগত বিভক্ত হৈ পৰিল। একাংশই এই নীতিয়ে দেশৰ শিক্ষা ক্ষেত্ৰৰ উন্নতি কৰিব বুলি ক'লে, আন একাংশই ক'লে এই শিক্ষানীতিয়ে দেশৰ শৈক্ষিক ব্যৱস্থাটো ভাঙি-ছিডি থানবান কৰি পেলাব বুলি ক'লে। এনেকৈ দেশৰ শিক্ষাবিদসকল কেতিয়াও দ্বিবিভক্ত হােৱা নাছিল। সম্প্রতি মাত্র ৬০ পৃষ্ঠাৰ এখন সৰু পুস্তিকা নতুন শিক্ষানীতিৰ ঘাই প্রস্তাৱবিলাক সামৰি প্ৰকাশ কৰা হৈছে। এই ৬০ পৃষ্ঠাৰ পুস্তিকাখনত যিহেতু সকলাে কথাৰ উল্লেখ নাই আৰু প্রাথমিকভাবে কি কৰি ভাল নতুন নীতি প্ৰৱৰ্তন কৰিব, সেই কথাহে উল্লেখ কৰা হৈছে, সেইবাবেই বহুতে এইখন এখন ভাল নীতি বুলি থােৰতে সমর্থন কৰিবলৈ সুবিধা পাইছে; কিন্তু পাঁচশ পৃষ্ঠাৰ খচৰা প্ৰস্তাৱটো মাত্র ৬০ পৃষ্ঠাত হাতী মাৰি ভুৰুকাত ভৰােৱাৰ দৰে ভৰালে জনসাধাৰণ বিভ্রান্ত হােৱাই স্বাভাবিক। আচলতে এই নতুন শিক্ষানীতিৰ আন এক প্রাথমিক উদ্দেশ্য হ'ল দেশৰ শিক্ষক-শিক্ষাবিদসকলক বিভ্রান্ত কৰি দ্বিবিভক্ত কৰা। ইতিমধ্যে চৰকাৰ এই কার্যত সফল হৈছে। নতুন শিক্ষানীতিক লৈ শিক্ষাক্ষেত্ৰৰ লােকসকল দুটা ভাগত বিভক্ত হৈছে।

একাংশই এই নীতি মুকলিভাৱে সমর্থন কৰিছে, একাংশই মুকলিভাৱে তীব্র বিৰােধিতা কৰিছে। নতুন শিক্ষানীতি ২০২০ৰ এটা নতুন প্রস্তাৱ হ'ল যে শিক্ষা ব্যৱস্থাটোক নিয়ন্ত্রণ কৰিবলৈ নিয়ন্ত্রক কমিটী থাকিব। এই নিয়ন্ত্রক কমিটীয়ে সকলাে কথা নিয়ন্ত্ৰণ কৰিব। কিন্তু শিক্ষা আজিৰ তাৰিখতাে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ উভয় তালিকাত থকা এক বিষয়। নতুন শিক্ষানীতিয়ে শিক্ষা বিষয়ক ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা লৈ গ'ল। যিটো সংবিধানৰ পৰিপন্থী। আনহাতে নতুন শিক্ষানীতি ২০২০ শিক্ষক প্রশিক্ষণৰ এক নতুন নীতি বান্ধি দিলে। এই মতে ৰাজ্য চৰকাৰে শিক্ষক প্রশিক্ষণ আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত নিজাববীয়াকৈ একো সিদ্ধান্ত ল'ব নােৱাৰিব। অর্থাৎ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া একো নাথাকিল! 

নতুন শিক্ষানীতি ২০২০ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ভূমিকা ল'ব সেই বিষয়ত একপ্রকাৰ মৌন হৈ থাকিল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিৰলা আম্বানীয়ে দিয়া পৰামর্শ মতেই নতুন শিক্ষানীতিয়ে যে আগবাঢ়িব সেই কথা প্রায় স্পষ্ট হৈছে। উচ্চ শিক্ষা সম্পূর্ণভাবে ব্যক্তিগত খণ্ডলৈ যােৱাৰ এক স্পষ্ট আভাস এই নীতিত প্রতিফলিত হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোনাে বিশেষ সুবিধা বা ৰেহাইৰ কথা ৬০ পৃষ্ঠাৰ পুস্তিকাখনত কতাে উল্লেখ কৰা নহ'ল। ঐতিহাসিক আৰু পাৰম্পৰিক শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰা এই শিক্ষানীতি একলব্য আৰু দ্রোণাচার্য শিক্ষানীতিৰ দৰে হােৱাৰ সম্ভাৱনা প্ৰকট হৈছে। উচ্চ শিক্ষা কেৱল ধনী আৰু সমাজৰ বিশিষ্ট শ্ৰেণীটোৰ বাবেহে উপলব্ধ হ'ব। একলব্যৰ দৰে সমাজৰ পিছপৰা জাতি জনগােষ্ঠীৰ দুখীয়া ছাত্র-ছাত্রীসকলৰ বাবে অভিজাত উচ্চ শিক্ষাৰ দুৱাৰ বন্ধ হ'ব। একলব্যৰ দৰে কেৱল দূৰ শিক্ষা ব্যৱস্থাতেই দুখীয়া ছাত্র-ছাত্ৰীসকল থাকিব লাগিব। হয়তাে একলব্যৰ দৰেই সোঁহাতৰ বুঢ়া আঙুলি কাটি গুৰু-দক্ষিণা দিবলগীয়াও হ'ব। নতুন শিক্ষানীতিত কলেজ, বিশ্ববিদ্যালয়সমূহত গণতান্ত্রিক ব্যবস্থা কেনেকৈ বর্তি থাকিব সেই কথা উল্লেখ কৰা হােৱা নাই। প্রশাসন, শিক্ষক আৰু ছাত্ৰসকলে কেনেকৈ গণতান্ত্রিক ব্যৱস্থাটো তেওঁলােকৰ মাজত বৰ্তাই ৰাখিব সেই কথাৰাে উল্লেখ নাই। এই নীতিৰ আন এক উল্লেখযােগ্য কথা হ'ল দুখীয়া আৰু জনজাতীয় লােকৰ বাবে বৃত্তিৰ কথা উল্লেখ নাই। অর্থাৎ নতুন শিক্ষানীতি ২০২০ত ছাত্র বৃত্তিৰ কোনাে ব্যৱস্থা নাথাকিবও পাৰে। তেনে পৰিস্থিতিত দুখীয়া ছাত্ৰৰ বাবে উচ্চ শিক্ষা | লাভৰ বাট বন্ধ নহ'বনে?

উচ্চ শিক্ষাৰ আটাইতকৈ বেছি ছাত্রই শিক্ষা লাভ কৰা স্তৰটো হ’ল স্নাতক স্তৰ। এতিয়ালৈকে স্নাতক শ্ৰেণীটো তিনি বছৰীয়া আছিল। নতুন শিক্ষানীতিৰ অধানত স্নাতক শ্ৰেণীটো চাৰি বছৰীয়া হ'ল। আনহাতে, এই শ্ৰেণীত এক মডিউলাৰ ব্যৱস্থা ৰখা হৈছে। অর্থাৎ কোনােবাই যদি স্নাতক শ্রেণীত মাত্ৰ এবছৰ পঢ়ি ওলাই আহিব খােজে তেওঁ এখন চার্টিফিকেট লৈ ওলাই আহিব পাৰে। কোনােবাই যদি দুবছৰ পঢ়ি ওলাই আহিব খােজে তেওঁ এখন ডিপ্লমা লৈ ওলাই আহিব পাৰে। এনে এক পৰিস্থিতিত দুখীয়া ছাত্র-ছাত্রীসকলে এবছৰ বা দুবছৰ পঢ়ি চার্টিফিকেট বা ডিপ্লমা লৈ ওলাই অহাৰ সম্ভাবনাই বেছি। দেখা যায় উচ্চ শিক্ষা আধাতে সমাপ্ত কৰাৰ প্ৰধান কাৰণটো হ'ল অর্থনৈতিক সমস্যা। সাধাৰণতে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে | এই সমস্যাৰ সন্মুখীন হৈ পঢ়া অসমাপ্ত কৰি ওলাই আহে। নতুন শিক্ষানীতিৰ অধীনত উচ্চ শিক্ষা ব্যক্তিগত খণ্ডত বাণিজ্যিক হােৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তেনে ক্ষেত্ৰত দুখীয়া ছাত্র-ছাত্রীসকলক উচ্চ শিক্ষা ল’বলৈ শৈক্ষিক ঋণ দিয়া ব্যৱস্থাটো প্ৰকট হৈ উঠিব। উচ্চ শিক্ষাত ঋণ ব্যৱস্থাৰ জালত পৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক ভয়ানকভাৱে ঋণগ্রস্ত হ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত ছাত্ৰসকলে ছেমিষ্টাৰ পদ্ধতিৰে নিজৰ নিজৰ পছন্দ বিষয় পঢ়িবলৈ পাব। তেনে ক্ষেত্ৰত ছাত্রসকল কোনাে এটা বিষয়তেই পাৰদৰ্শী নহ'ব। অর্থাৎ উচ্চ শিক্ষাত জ্ঞান আৰু মূল্যবােধ প্ৰদানৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো ব্যাহত হ’ব। এহাতেৰে অতি কমসংখ্যক ছাত্র-ছাত্রীহে চাৰি বছৰীয়া স্নাতক পৰীক্ষা পাছ কৰিব। বেছি ভাগেই আধাতে এৰিব। স্নাতকোত্তৰ শ্ৰেণীলৈ অতি কম সংখ্যক ছাত্র-ছাত্রীহে যাবলৈ সক্ষম হ'ব।

দুখীয়া ছাত্র-ছাত্রীসকলে আখনীয়া শিক্ষা লাভ কৰি কোম্পানীৰ সৰু সৰু চাকৰি কৰিবলৈ বাধ্য হ'ব। ইয়াৰ বিপৰীতে ধনী, বিত্তবানসকলৰ ল'ৰা-ছােৱালীয়ে স্নাতক শ্রেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলে উচ্চ শিক্ষাৰ সকলাে সুবিধা ভােগ কৰিব। আন এক ভয়াৱহ সম্ভাৱনা হ'ল এয়ে যে, চৰকাৰী কলেজৰ অপমৃত্যু হ'ব। কলেজসমূহক স্বতন্ত্রতা প্রদান কৰা হ'ব। এই অটনমী কেৱল শৈক্ষিক নহয় বিত্তীয় অটনমীও হ’ব! বহু কলেজৰ বাৰে বিত্তীয় অটনমী এক ভয়ংকৰ কথা হ'ব পাৰে। বিশেষকৈ গাঁও অঞ্চল তথা পিছপৰা অঞ্চলৰ কলেজবিলাকৰ বাবে বিত্তীয় অটমীয়ে স্ব-নিৰ্ভৰশীল হোৱা অসম্ভৱ হ'ব। আনকি শিক্ষকসকলক দৰমহা দিয়াটোও জটিল হৈ পৰিব। শিক্ষকৰ দৰমহা আৰু অন্যান্য খৰচৰ বাৰে ছাত্ৰৰ মাচুল বঢ়াব লাগিব। অর্থাৎ চৰকাৰে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত গা এৰা দিব। এই প্রসংগত মন্ত্ৰীয়ে দান-বৰম্ভণিৰ কথাও কৈছে। দান-বৰঙণিৰ ঠাইত লাহে লাহে পি পি পি মােডলৈ পর্যবসিত হব। অর্থাৎ লাহে লাহে শিক্ষানুষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত হ'ব। পাঠদানৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী শিক্ষকৰ কথা কোৱা হৈছে। স্বেচ্ছাসেৱী শিক্ষকৰ দ্বাৰা হােৱা শিক্ষা কেনেকুৱা হ'ব সেই কথা সহজে অনুমান কৰিব পাৰি৷
লেখকৰ ফোন: ৯৮৬৪০-২০১১। লেখাটি অগ্ৰদূত কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DRDINESHBAISHYA

No comments:

Post a Comment