মনৰ কথাঃ ৰাম মন্দিৰ বনাম ভোকৰ ৰাজনীতি আৰু কিছু অন্ধ অনুগামী :: দেৱব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ ৰাম মন্দিৰ বনাম ভোকৰ ৰাজনীতি আৰু কিছু অন্ধ অনুগামী :: দেৱব্ৰত গগৈ

মনৰ কথাঃ ৰাম মন্দিৰ বনাম ভোকৰ ৰাজনীতি আৰু কিছু অন্ধ অনুগামী :: দেৱব্ৰত গগৈ

Share This
ৰাম মন্দিৰ বনাম ভোকৰ ৰাজনীতি আৰু কিছু অন্ধ অনুগামী
দেবব্ৰত গগৈ
(১)
বৃটিছে এৰি থৈ‌ যোৱা ভাৰতখন এখন নতুন ভাৰত আছিল । ৰাজনৈতিক ভাবে তেনেকুৱা ভাৰতৰ অস্তিত্ব বৃটিছ অহাৰ আগতে নাছিল । আমাৰ সৰ্ম্পকবোৰ সাংস্কৃতিক আৰু ধৰ্মীয় আছিল ৰাজনৈতিক নাছিল । যি নহওক , বৃটিছে আমাক দি থৈ যোৱা নতুন ভাৰতখন যেনেকৈ আছিল আমি তেনেকৈয়ে লৈ আৰম্ভ কৰিব পাৰিব লাগিছিল। ক'ৰবাত যদি মছজিদ এটা আছে সেইটোক তেনেকৈয়ে থব পৰাৰ পৰিপক্কতাখিনি থাকিব পাৰিব লাগিছিল।
"পাঁচশ বছৰৰ গোলামি" , "দুশ বছৰৰ গোলামি" , এইবোৰ কি কথা ! আমিটো গোলাম হৈ থকা নাই ! আমি স্বাধীন হৈ জন্ম পাই জীয়াই আছো । বৰ্তমানৰ ভাৰতখন যেনেকৈ আছে সেই ৰূপত আগুৱাই লৈ যোৱাৰ বাবেহে চিন্তা কৰিব লাগে । চাৰিশ বছৰৰ আগতে কোনোবা বাবৰে মন্দিৰ ভাঙি মচজিদ সাজিছিলে এতিয়া সেইটো ভাঙি পুনৰ মন্দিৰ সজিব লাগে । এয়া কেনে কথা ! মন্দিৰ মচজিদৰ উৰ্ধত গৈ আমি যে চিন্তা কৰিব পৰা নাই , এজন ভাৰতীয় হিচাবে এয়া আমাৰ বাবে লজ্জাজনক কথা । দেশৰ কোটি কোটি দৰিদ্ৰ মানুহে ভাত কাপোৰ বাসস্থানৰ বাবে হাহাকাৰ কৰি আছে আৰু ইয়াৰ বিপৰীতে এখিনি মধ্যবিত্ত ভাৰতীয়ৰ ধৰ্মীয় হেঁপাহক অগ্ৰাধিকাৰ দিয়া হৈছে ।

বৃটিছৰ পৰা ভাৰতখন লোৱাৰ সময়ত আমাৰ অগ্ৰজসকলে কেতিয়াও মন্দিৰ মচজিদ ভাঙিম বুলি লোৱা নাছিল । তেওঁলোকে লৈছিল বিদ্যালয় , চিকিৎসালয় , বাসগৃহ , গৱেষণা কেন্দ্ৰ , ষ্টেচন , এয়াৰপৰ্ট, জলবিদ্যুৎ প্ৰকল্প , দলং , উৰাজাহাজ , মটৰগাড়ী , মহাকাশ যান আদিবোৰ নিৰ্মাণ কৰিম বুলিহে । যত যি যেনেকৈ আছে তেনেকৈ থৈ আমি এখন নতুন ভাৰত নিৰ্মাণত অগ্ৰসৰ হ'ব লাগিছিল । কিন্তু আমি নোৱাৰিলো । এক পশ্চাতগামী চিন্তাৰে , ধৰ্মীয়ভাবে আসক্ত হৈ আমি মন্দিৰ মচজিদ ভঙাত নামি পৰিলোঁ । এয়া স্বাধীনোত্তৰ ভাৰতৰ ভাৰতীয় সকলৰ আটাইতকৈ লজ্জাজনক আচৰণ । এই আচৰণত দেশৰ সত্তৰ কোটি দৰিদ্ৰ জনগণৰ কোনো অংশীদাৰী নাই , অংশীদাৰী আছে শিক্ষিত আৰু অতি উচ্চ শিক্ষিত এচাম ভাত কাপোৰৰ সমস্যা নথকা ভাৰতীয়ৰ । সেইচাম ভাৰতীয়ই ধৰ্মীয় বিশ্বাসৰ নামত এটা মছজিদ ভাঙি তাত সাজিবলৈ লোৱা মন্দিৰ এটাৰ বাবে আজি উল্লাসিত । এই উল্লাসৰ বিপৰীতে আধুনিক বিজ্ঞানৰে উন্নতিৰ শিখৰত উঠাৰ সপোন দেখা এজন ধৰ্মনিৰপেক্ষ ভাৰতীয় হিচাবে আমি লজ্জিত ।
(২)
কংগ্ৰেছৰ দৰে কৌশলী ৰাজনীতি কৰিবলৈ বিজেপিৰ আৰু সময় লাগিব । দেশৰ অৱস্থা বেয়া , কৰোণা, দুৰ্বল অৰ্থনীতি আৰু চীনৰ ইচ্যুটোৱে বৰ বেয়াকৈ লম্ভিছে । ৰাফেল আৰু ৰাম মন্দিৰেও মানুহৰ মন সলাব পৰা নাই । পেটত জুই জলি থাকিলে এইবোৰে বিশেষ পাত্তা নাপায় । এনে সময়ত অন্ততঃ অৰ্থনীতি অলপ উন্নত হ'লেও কথা নাছিল । সাধাৰণ মানুহৰ হাতত ধন নাই । তেওঁলোকৰ হাতত অন্ততঃ দহ হেজাৰ মান টকা‌ চৰকাৰে দিলেও অৱস্থা অলপ ভাল হলহেঁতেন । এই টকা দিয়া কৌশলটো কংগ্ৰেছে জানে , সেয়ে বিজেপিয়ে মানে মোদীয়ে ঘোষণা কৰাৰ আগতেই ৰাহুলৰ মুখেদি কংগ্ৰেছে কৈ দিলে । ৰাহুলে‌ পৰামৰ্শ দিয়াৰ দৰে কলে , ফলত বিজেপি ফচি গল । নগদ ধন দিলে ৰাহুলৰ পৰাৰ্মশ লোৱা বুলি ওলাব আৰু নিদিয়াৰ বাবে ৰাইজৰ গালি খাই আছে । কংগ্ৰেছৰ কৌশলী ৰাজনীতি নহয় এয়া কি !

দুদিনমান আগতে মনমোহন সিঙে পৰামৰ্শ দি প্ৰৱন্ধ লিখিছে । তাত নগদ ধন দিয়াৰ উপৰিও বিশ্ব বেংক , আই এম এফৰ পৰা ঋণ ল'বলৈ লিখিছে লগতে নতুন নোট ছপা কৰিবলৈ পৰাৰ্মশ দিছে । এইকেইটা ভাগি পৰা অৰ্থনীতি উঠাবলৈ অন্যতম পথ । কথাটো কংগ্ৰেছে ভালকৈ জানে , সেয়ে মোদীয়ে কিবা কৰাৰ আগতেই মনমোহনৰ দ্বাৰা কংগ্ৰেছে উলিয়াই দিছে । অহমিকাৰে ভৰপুৰ বিজেপিয়ে এতিয়া কংগ্ৰেছৰ পৰাৰ্মশ কেনেকৈ মানিব আৰু নামানিলেও ৰাইজৰ গালি খাব ।

সেয়ে দেশ আৰু চৰকাৰ চলাবলৈ বিজেপিয়ে কংগ্ৰেছৰ পৰা শিকিবলগীয়া বহুত আছে । মন্দিৰ আৰু ধৰ্মৰ কথা কৈ নিৰ্বাচন জিকিব পাৰি কিন্তু ‌দেশ চলাব নোৱাৰি ।

বাকী চীনৰ কথা , ৬২ৰ ভাৰত যদি নাই , ৬২ৰ নেহেৰুৰ কংগ্ৰেছো নাই । মনমোহনে দহ বছৰ শাসন কৰিলে , চীনৰ অতপালিৰ কথা শুনিলেনে লগতে মনমোহনে চীনৰ ৰাষ্ট্ৰপতিৰ লগত ঝুলনা খেলাও দেখিছিলনে ?

কালিৰে পৰা চ'চিয়েল মেডিয়াত প্ৰচাৰ হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ঙ্কা গান্ধীও এইবাৰ ৰাম ভক্তিৰ নিদৰ্শনেৰে পূজা দিয়াৰ ছবি। কমল নাথৰ হনুমান চালিছাৰ অনুষ্ঠানো টিভিত। আনকি ৰবাৰ্ট ভদ্ৰাই টুইটাৰত ৰাম মন্দিৰে দেশলৈ সৌদাৰ্য অনাৰ কামনা কৰিছে। কংগ্ৰেছে ৰাম মন্দিৰ প্ৰসংগত ৰাজীৱ গান্ধীয়ে সেই কালত লোৱা পদক্ষেপৰ বিষয়েও প্ৰচাৰ-প্ৰপাগাণ্ডা চলাইছে। দেশত হিন্দুত্বৰ ৰাজনীতিয়ে ঢৌ তুলি থকাৰ বতৰত কংগ্ৰেছৰ এনে নতুন ৰঙৰ প্ৰচাৰ অথবা ৰামৰ চৰণত শৰণ, এক ৰাজনৈতিক কৌশলৰে অংশ নেকি সেয়াও বিচাৰ্য হৈ পৰিছে।
(৩)
বুৰঞ্জীৰ কথা এটা উনুকিয়াই থও। দ্বিতীয় বিশ্বযুদ্ধ তেতিয়া শেষ হওঁ হওঁ , হিটলাৰ তেতিয়ালৈকে মৰা নাই । ৰুছ সেনা বাৰ্লিন পালেহি , হিটলাৰে তেতিয়াও কৈ আছে , আমাৰ জয় হ'বই ! হিটলাৰৰ ভাষণ শুনি জাৰ্মানীৰ অসামৰিক কিশোৰ আৰু যুৱকবোৰে বাৰ্লিনৰ ৰাজপথত‌ দৈত্যকায় চেহেৰাৰ ৰুছ সেনাৰ লগত খণ্ডযুদ্ধত নামি পৰিছিল । নেতাৰ ভাষণ শুনি ছগাৰ দৰে মৰিবলৈ যোৱা এই জাৰ্মানসকলৰ কথাবোৰ ভাবি আচৰিত হওঁ। নিজৰ দেশখন যিজন‌ নেতাই তিল তিলকৈ ধ্বংস কৰিলে, সেইজন নেতাই নিজৰ ধ্বংসৰ আগমুৰ্হুততো দিয়া ভুৱা ভাষণবোৰ ইহঁতে কেনেকৈ বিশ্বাস কৰিব পাৰে ? যি দেখিছোঁ , হিটলাৰহঁত যেনেকৈ যুগে যুগে জন্ম লাভ কৰে ঠিক তেনেকৈ হিটলাৰহঁতৰ লাখ লাখ অনুগামীও যুগে যুগে জন্ম লাভ কৰে। সিহঁতে জন্ম লাভ কৰে কেৱল হিটলাৰহঁতৰ ভুৱা ভাষণবোৰ বিশ্বাস কৰি ধ্বংস হবলৈকে ।

No comments:

Post a comment