জোনাকীঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিঃ পৰিবৰ্তনৰ লক্ষ্য বনাম প্ৰস্তুতি :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিঃ পৰিবৰ্তনৰ লক্ষ্য বনাম প্ৰস্তুতি :: ড° নগেন শইকীয়া

জোনাকীঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিঃ পৰিবৰ্তনৰ লক্ষ্য বনাম প্ৰস্তুতি :: ড° নগেন শইকীয়া

Share This
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিঃ পৰিবৰ্তনৰ লক্ষ্য বনাম প্ৰস্তুতি
ড° নগেন শইকীয়া
প্রায় চাৰিটা দশকৰ পাছত বর্তমানৰ কেন্দ্ৰীয় চৰকাৰে এটা নতুন শিক্ষানীতি প্রৱর্তনৰ বাবে গ্ৰহণ কৰিছে। এই শিক্ষানীতি অনুসৰি চৰকাৰে চাৰিটা ভাগত বিদ্যালয়ৰ শিক্ষা ভাগ কৰিছে। এই চাৰিটা হল— প্রথম পাঁচ বছৰ, দ্বিতীয় তিনি বছৰ, তৃতীয় তিনি বছৰ আৰু চতুর্থ স্তৰত চাৰি বছৰ। প্ৰাক্প্রাথমিকৰ তিনি বছৰ আৰু প্রথম আৰু দ্বিতীয় শ্রেণী ধৰি এই স্তৰটো হ’ব পাঁচ বছৰীয়া। এই স্তৰটোক ফাউণ্ডেশ্বন ষ্টেজ’ অর্থাৎ বুনিয়াদী স্তৰ, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্রস্তুতি স্তৰ, ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈকে মধ্যৱৰ্তী স্তৰ আৰু নৱমৰ পৰা দ্বাদশ শ্রেণীলৈ মাধ্যমিক স্তৰ এই চাৰিটা স্তৰত ভগােৱা হৈছে। এই শিক্ষানীতিত ষষ্ঠ শ্ৰেণীৰ পৰাই কম্পিউটাৰ শিক্ষাদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। স্কুল স্তৰৰ এই শিক্ষানীতিৰ এটা গুৰুত্বপূর্ণ দিশ হ’ল যে প্রথম স্তৰত অর্থাৎ বুনিয়াদী স্তৰত শিক্ষাৰ মাধ্যম হ’ব মাতৃভাষা বা আঞ্চলিক ভাষা। এই সিদ্ধান্ত আদৰণিযােগ্য। 

কিন্তু মই অনুভৱ কৰোঁ তৃতীয়ৰ পৰা পঞ্চম শ্রেণী পর্যন্ত এই স্তৰটোৰাে মাধ্যম হ'ব লাগে মাতৃভাষা নাইবা আঞ্চলিক ভাষা। কাৰণ এই সময়ছােৱাতহে ল'ৰা-ছােৱালীয়ে বিষয়সমূহৰ পৰিচয় লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াতকৈ কম সময়ত যি ভাষাৰ মাধ্যমেই নহওক, ল'ৰা-ছােৱালীয়ে বিষয়ৰ পৰিচয় আয়ত্ত কৰিব নােৱাৰে। ষষ্ঠ শ্রেণীৰ পৰা মাধ্যম কি হ’ব পােনপটীয়াকৈ কৈছে নে নাই এতিয়াও মােৰ বাবে স্পষ্ট হােৱা নাই৷ মই অনুভৱ কৰোঁ যে নতুন শিক্ষানীতিত তৃতীয় শ্রেণীৰ পৰাই ইংৰাজী ভাষাৰ লগতাে ল'ৰা-ছােৱালীয়ে পৰিচয় লাভ কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগিছিল। প্রশ্ন উঠিব পাৰে যে দেশৰ অন্যতম চৰকাৰী ভাষা হিন্দীৰ লগত ল'ৰাছােৱালীৰ পৰিচয় কেতিয়া হ'ব? এইক্ষেত্ৰত বােধকৰোঁ দুয়ােটা ভাষাৰ ভিতৰত এটা বাছি ল’বলৈ ছাত্র-ছাত্ৰীক সুবিধা দিব লাগে। ষষ্ঠ শ্রেণীৰ পৰাই যিহেতু কম্পিউটাৰৰ শিক্ষাও ছাত্র-ছাত্রীয়ে গ্রহণ কৰিব লাগিব, সেইবাবেই তৃতীয় শ্রেণীৰ পৰা ইংৰাজী বর্ণমালা আৰু শব্দৰ লগত প্রাথমিক পৰিচয় হলে সুবিধা হ’ব। এই শিক্ষানীতিয়ে আৰু এটা সুযােগ দিছে যাতে ল'ৰাছােৱালীৰ ওপৰত শিক্ষাৰ তথা কিতাপৰ বােজা বেছি নহয় আৰু পৰীক্ষাৰ নীতিও কিছু সালসলনি কৰি তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীতহে পৰীক্ষা লােৱাৰ ব্যৱস্থা হয়। ইয়াৰ উপৰি ছাত্রছাত্রীসকলক বেলেগ বেলেগ বিষয়ৰ শিক্ষা গ্রহণ কৰাৰ সুবিধাও ৰখা হৈছে। 

দশম শ্রেণীৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগৰ পার্থক্য নাথাকিব। উদাহৰণস্বৰূপে কোৱা হৈছে যে বিজ্ঞানৰ কোনাে বিষয় লৈ অধ্যয়ন কৰা এজন ছাত্র বা ছাত্রীয়ে। সংগীত নাইবা চিত্রাংকন নাইবা ফেশ্বন-ডিজাইনিং আদি ল’ব। পাৰে। চি বি এছ ইৰ সমস্ত পাঠ্যক্রম দুটা ভাগত অন্তর্ভুক্ত কৰা হৈছে। পঞ্চমৰ পৰা অষ্টম শ্রেণীলৈ ব'র্ডৰ পৰীক্ষাৰ সমান্তৰালকৈ দশম-দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ৰীতি সলনি কৰা হৈছে। নৱমৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত বছৰি দুটাকৈ ষান্মাসিক (চেমেষ্টাৰত ভাগ কৰি মুঠতে আঠটা ষান্মাসিক পৰীক্ষা ল'ৰা-ছােৱালীয়ে দিব লাগিব। এতেকে দেখা গৈছে যে একপ্রকাৰ পূৰ্বৰ যিটো পাঠ্যক্রম আৰু পৰীক্ষা পদ্ধতি আছিল তাৰ সালসলনি ঘটোৱা হৈছে। যিখন সমিতিয়ে এই পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতি পুনৰ নির্মাণ কৰি উলিয়াইছে সেই সমিতি ইছ’ৰ প্ৰাক্তন মুৰব্বী কস্তুৰী ৰংগনৰ অধ্যক্ষতাত গঠিত হৈছিল।

এই নতুন শিক্ষানীতিত তিনিটা ভাষাৰ লগত পৰিচিত হােৱাৰ উপৰি চাৰি বছৰৰ বি এড পাঠ্যক্ৰমৰ সমান্তৰালকৈ উচ্চশিক্ষা গ্রহণ কৰাৰ নিমিত্তে হায়াৰ এডুকেশ্বন কাউনচিল গঠনৰাে পৰামর্শ দিয়া হৈছে। তদুপৰি দেখা গৈছে যে মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে একক প্রৱেশ পৰীক্ষা লােৱাৰ ব্যৱস্থা কৰা হ'ব। স্পষ্ট হােৱা নাই এই একক প্রৱেশ পৰীক্ষা সমগ্র দেশতে একেই হ’ব নে ৰাজ্যসমূহে নিজাববীয়াকৈ ব্যৱস্থা কৰি ল'ব পাৰিব। তদুপৰি দেশত থকা ৪৫ হাজাৰ মহাবিদ্যালয় অধিক স্বায়ত্তশাসন দিয়াৰাে সুবিধা ৰখা হৈছে। উল্লেখযােগ্য যে এই শিক্ষানীতিত বিদেশৰ বছা বছা এশখন বিশ্ববিদ্যালয়ক ভাৰতবৰ্ষত তেওঁলােকৰ শাখা খুলিবৰ বাবে অনুমােদন জনােৱা হৈছে। ঠিক তেনেকৈ আমাৰ দেশৰ বিশ্ববিদ্যালয়েও যাতে বিদেশত এনেভাৱে নিজৰ নিজৰ চৌহদ খুলিব পাৰে তাৰ সুবিধাও ৰখা হৈছে। আমাৰ আই আইটিৰ দৰে অনুষ্ঠানত কলা শাখাৰ দৰে বিষয় অধ্যয়নৰাে সুযােগ দিয়াটো নিশ্চিত কৰা হৈছে। উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষার্থীয়ে নিজৰ অধ্যয়ন আৰু অনুশীলনৰ বাবে দীঘলীয়া ছুটীও ল’ব পাৰিব। উচ্চ স্তৰত ছাত্র-ছাত্রীয়ে নিজৰ পচন্দ অনুসৰি বিষয় বাছনি কৰাৰ সুযােগাে লাভ কৰিব। এতেকে ভাষা, সাহিত্য, সংগীত, নৃত্য, থিয়েটাৰ, গণিত, পৰিসংখ্যা বিজ্ঞান, অর্থনীতি, ৰাজনীতি বিজ্ঞান, দর্শন আদি বিষয় বাছি ল’ব পাৰিব। আনহাতে, এম ফিল শ্রেণী উঠাই দিয়া হৈছে।

আন এটা উল্লেখযােগ্য দিশ হৈছে যে সংস্কৃত আৰু ভাৰতীয় ভাষা শিকাত গুৰুত্ব দান কৰা হৈছে। তাৰ বাবে ইণ্ডিয়ান ইনিষ্টিটিউট অব ট্রেন্সলেশ্বন এণ্ড ইণ্টাৰপ্রিটেশ্বন গঠনৰ প্ৰস্তাৱ কৰা হৈছে। গৱেষণা কেন্দ্ৰত বিশেষ গুৰুত্ব দি বৃত্তিমূলক শিক্ষা প্ৰসাৰৰ লক্ষ্য গ্রহণ কৰা হৈছে। বিভিন্ন দেশৰ লগত শিক্ষাৰ ক্ষেত্ৰত সম্পর্কৰক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সুযােগ দিয়াৰ কথাও ভবা হৈছে। খেলা-ধূলাৰ পাঠ্যক্রমাে বিদ্যালয়ৰ শিক্ষাত ধৰা হৈছে। নতুন শিক্ষানীতিৰ লক্ষ্য হল সকলােতে উচ্চমানৰ শিক্ষা দিয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ যিকোনাে উন্নত স্তৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগত সমানে আগবাঢ়ি নিজৰ দেশ উন্নত হােৱাত তেওঁবিলাকে যাতে বৰঙণি যােগাব পাৰে। দেখা গৈছে নতুন শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত ন-কৈ বিভাজন কৰি লৈছে যাতে ল'ৰা-ছােৱালীয়ে নিজৰ নিজৰ প্রতিভাৰ উৎকর্ষ সাধন কৰিব পৰাকৈ সক্ষম হয়।

দেখা গৈছে যে এই শিক্ষানীতিয়ে নতুন দিশ কিছু মুকলি কৰিছে ঠিকেই, কিন্তু ইয়াৰ বাবে আৱশ্যকীয় অন্তঃগাঁথনি যেনেভাৱে প্ৰস্তুত কৰি ল'ব লাগিব সেইখিনি কেনেকৈ কৰা হ'ব? অন্তঃগাঁথনি নােহােৱাকৈ সমগ্ৰ দেশখনত এই শিক্ষানীতি প্রৱর্তন কৰিব কেনেকৈ? তদুপৰি বুনিয়াদী স্তৰৰ পৰাই আৱশ্যকীয় পাঠ্যপুথি প্রণয়ন কৰাই লােৱাৰাে প্রয়ােজন হ’ব। ল'ৰাছােৱালীক এই স্তৰটোতে বিষয়ৰ প্রাথমিক পৰিচয় দিব লাগিব। ৰাজ্যসমূহৰ ভৌগােলিক, প্রাকৃতিক, ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক পৰিৱেশ অনুসৰি পাঠ্যপুথিসমূহ প্রণয়ন কৰােৱাব লাগিব। ভাষাও শিকিব আৰু নিজৰ ৰাজ্যখনক, ওচৰৰ ৰাজ্যসমূহক আৰু দেশখনকো প্রাথমিকভাৱে চিনিব পৰাকৈ গল্পৰ আকাৰেৰে বিষয়সমূহৰ মূল বস্তু বুজি পােৱাকৈ দাঙি ধৰিব পাৰিব লাগিব। মােৰ মনত পৰিছে আমি প্রাথমিক স্তৰত নিজৰ বিদ্যালয়খনৰ চাৰিদিশ, মহকুমাটোৰ চাৰিদিশ, জিলাখনৰ চাৰিদিশ, ৰাজ্যখনৰ চাৰিদিশ জানিব লাগিছিল আৰু ভাৰতবৰ্ষৰ মানচিত্ৰখনৰ লগতাে পৰিচিত হ'ব লাগিছিল। ইয়াৰ উপৰি ল'ৰাছােৱালীৰ মনত সাঁচ বহুৱাব পৰাকৈ নিজৰ ৰাজ্যখনৰ আৰু লাহে লাহে দেশখনৰাে চমু ইতিহাস গল্পৰ দৰে শিক্ষা দিয়াৰ সুবিধা আছিল। আনকি সাহিত্যৰ পাঠ্যপুথিতাে এনে শুৱলা, সুন্দৰ আৰু মূল্যবােধৰ শিক্ষা পাব পৰা পদ্য আৰু আখ্যান অন্তর্ভুক্ত কৰা হৈছিল। এতিয়াও সেই পদ্যবােৰ আৰু গল্পবােৰ আমাৰ মনৰ পৰা মচ নােযােৱাকৈ সােমাই আছে। এই জ্ঞানেই আমাক, আমাৰ চাৰিওফালখনক, ৰাজ্যখনক আৰু দেশখনক চিনি পাবলৈ সুযােগ দিছিল। কেৱল শিক্ষাদানৰ নামত আমি যদি যান্ত্রিকভাৱে কার্যসূচী প্রণয়ন কৰোঁ তাৰ প্ৰভাৱ শিক্ষার্থীৰ মনত বেছি দিনলৈ নাথাকে। 

আমি যেতিয়া পাঠশালা স্কুলৰ শেষ শ্ৰেণীত পঢ়িছিলো আমাক অসমৰ নদ-নদীৰ, অসমৰ জিলা আৰু সদৰ ঠাইসমূহৰ আনকি অসমৰ ৰেল ষ্টেচনবিলাকৰাে নাম মুখস্থ কৰিবলৈ দিছিল। আমি এই নামবােৰ মুখস্থ কৰি বৰ আনন্দ পাইছিলোঁ। এতিয়াৰ ল'ৰা-ছােৱালীক বর্তমান কালৰ উপযােগীকৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰিব লাগিব। নিজৰ ৰাজ্যখনক আৰু দেশখনক নজনাকৈ ছাত্র-ছাত্রীয়ে শিক্ষা সম্পূর্ণ কৰিব নােৱাৰে। আমি সপ্তমৰ পৰা দশম শ্রেণীলৈকে সংস্কৃত ভাষা বাধ্যতামূলক বিষয় হিচাপে শিকিছিলোঁ। যিহেতু ভাৰতবৰ্ষৰ সহখিনি ভাষাই মূলতঃ সংস্কৃতৰ পৰা ওলােৱা, সেইবাবে নিজৰ ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈও প্রেৰণা লাভ কৰিছিলোঁ। কিন্তু মাজতে এইবিষয়টো উঠাই দিয়াৰ ফলত আমাৰ প্রায় যােৱা ত্রিছবছৰমানৰ ভিতৰত যিবিলাক ল'ৰা-ছােৱালী ওলাই আহিছে তেওঁবিলাকৰ সৰহখিনিয়েই ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নােৱাৰে। এতেকে সংস্কৃত ভাষা শিক্ষাত গুৰুত্ব দিয়াটো প্রশংসনীয় হৈছে বুলি ভাবোঁ। মই ভাবোঁ যে এই শিক্ষানীতি পৰীক্ষামূলকভাৱে ততালিকে প্ৰৱর্তন নকৰি সকলাে ব্যৱস্থা সম্পূর্ণ কৰি লৈহে যাতে প্ৰৱৰ্তন কৰা হয় তাৰ ওপৰত গুৰুত্ব নিদিলে ফটা জালেৰে মাছ ধৰিবলৈ যােৱাৰ দৰে হ’ব।

শইকীয়াদেৱৰ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। তেখেতৰ মৌখিক অনুমতি ক্ৰমে অসমীয়াৰ সুখ-দুখৰ পাতত তেখেতৰ প্ৰৱন্ধক Google Searchable সমল ৰূপে ইউনিকডীয় সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰেই অংশ ৰূপে পুনৰ প্ৰকাশ কৰা হৈছে। তেখেতৰ স্তম্ভ 'জোনাকী'ৰ আন আন লেখা পঢ়িবলৈ ক্লিক কৰকঃ

No comments:

Post a Comment