জোনাকীঃ অসমত ৰাজনৈতিক বিকল্পৰ সূর্যোদয়ৰ অপেক্ষাত ::ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ অসমত ৰাজনৈতিক বিকল্পৰ সূর্যোদয়ৰ অপেক্ষাত ::ড° নগেন শইকীয়া

জোনাকীঃ অসমত ৰাজনৈতিক বিকল্পৰ সূর্যোদয়ৰ অপেক্ষাত ::ড° নগেন শইকীয়া

Share This
অসমত ৰাজনৈতিক বিকল্পৰ সূর্যোদয়ৰ অপেক্ষাত
ড° নগেন শইকীয়া
কংগ্রেছৰ একেলেথাৰিয়ে পােন্ধৰ বছৰীয়া শাসনে সৃষ্টি কৰা দুর্নীতিকে ধৰি নানা অকার্য আৰু দুষ্কাৰ্যৰ অন্ত পৰক বুলি আৰু মােদীৰ ঢৌৱে নিৰ্বাচনত বিজেপি দল জিকি অসমত চৰকাৰ গঠন কৰাৰ - লগে লগে অবৈধ বিদেশী নাগৰিকক খেদিব বুলি কৰা ঘােষণাত মুগ্ধ হৈবিজেপিক শাসনত বহুৱালে। জনসাধাৰণক অতিষ্ঠ কৰিবলৈ কংগ্ৰেছক লাগিছিল পােন্ধৰ বছৰ। কিন্তু অসমৰ জনসাধাৰণৰ আশা ভংগ কৰিবলৈ বিজেপিক চাৰি বছৰাে নালাগিল। প্রতিটো ঘােষণা মিথ্যাচাৰত পৰিণত হ'বলৈ ধৰিলে। নাজানাে আকৌ ২০২১ চনৰ আগভাগতে হ'বলগীয়া নির্বাচনৰ আগে আগে বিজেপিয়ে কি ‘ভেল্কবাজি’ দেখুৱায়। এনে প্রেক্ষাপটত অসমক ভাল পােৱা সকলােৱে এটা নতুন শক্তিশালী আঞ্চলিক দল হওক এই আশা কৰিছে।
ইতিমধ্যে ৰাজ্য সভালৈ নিৰ্বাচিত নতুন  সাংসদ, সাংবাদিক শ্ৰীঅজিত ভূঞাৰ নেতৃত্বত আঞ্চলিক গণমঞ্চৰ জন্ম হৈছে। কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ক পিছফালৰ শক্তিস্বৰূপে লােৱাৰ কথা ওলােৱাত সংবেদনশীল মানুহৰ মন উৎফুল্লিত হ'ব পৰা নাই।আনহাতে চিন্তাশীল জনসাধাৰণে শ্রীঅৰূপ বৰবৰাৰ নেতৃত্বত প্রাথমিক সভা-সমিতি হােৱা আঞ্চলিকতাবাদ সুৰক্ষা সমিতিয়ে এটা আদর্শগতভাৱে মিলাসকলক লৈ দল গঠন কৰাৰ পৰিকল্পনা কৰি আছে। 

একে সময়তে সদৌ অসম ছাত্ৰ সন্থাই এটা দল গঠন কৰিব বুলি ওলােৱা কথাই মানুহৰ মনত কিছু আশাৰ সঞ্চাৰ কৰিছে। কিন্তু ছাত্ৰ সন্থাৰ উদ্যোগত হ'ব পৰা দল যাতে দ্বিতীয় এটা ‘অগপ’দল নহয় তাৰ প্রতি ছাত্ৰ সন্থা হ'ব লাগিব নীতি আৰু স্থিতিত অচল-অটল। ছাত্ৰ সন্থাৰ জাপিটো স্বাভাৱিকতে ডাঙৰ। মােৰ ভাব হৈছে আঞ্চলিকতাবাদ সুৰক্ষা সমিতিকো এই জাপিৰ তললৈ আহ্বান কৰি ল’ব পাৰিলে দলটো সুদৃঢ় হ’ব। অৱশ্যে তাৰ বাবে দুয়ােপক্ষ সন্মত হৈ নীতি-নিয়ম প্রস্তুত কৰি ল’ব লাগিব। এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু নেছ’ৰ আহ্বায়ক ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব। তেওঁৰ সুদীর্ঘ কালৰ অভিজ্ঞতাই আৰু অসমৰ প্রতিটো সমস্যা সম্পর্কে থকা জ্ঞানে দলটোক শক্তিশালী হােৱাত প্ৰচুৰ সহায় কৰিব পাৰিব। তেওঁক মই নিজে কেইবাবাৰাে কৈছে, কিন্তু তেওঁ আগবাঢ়ি কিয় আহিব নােখােজে সেই কথা তেওঁহে জানিব। মইতাে ভাবোঁ ক'ৰবাত যদি কিবা বাধ্য-বাধকতা আছে, তেওঁ সেইখিনি জাতীয় স্বাৰ্থত ডেই আহিব পাৰিবই লাগিব। 

আৰু এজনৰ কথা মােৰ মনলৈ আহিছে। তেওঁ হ’ল শ্রীজগদীশ ভূঞা। তেওঁৰাে ৰাজনৈতিক অভিজ্ঞতা প্রায় ত্রিছ-পঁয়ত্রিছ বছৰৰ। তদুপৰি তেওঁ অসমৰ বিজেপি চৰকাৰে দিয়া কেবিনেট স্তৰৰ পদবীও অসমৰ স্বাৰ্থত ত্যাগ কৰি ওলাই আহিবলৈ কুণ্ঠাবােধ কৰা নাই। মই ভাবো সদৌ অসম ছাত্ৰ সন্থাই দল গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে সমুজ্জ্বল ভট্টাচার্য, অৰূপ বৰবৰা, জগদীশ ভূঞাৰ দৰে লােকসকলৰ কথা মনত ৰাখিলে ভাল হ’ব। আনহাতে অনুপ চেতিয়াৰ দৰে সুদীর্ঘ কাল অসমৰ বাবে সংগ্রাম কৰাসকলৰ কথাও পাহৰিব নালাগে বুলি ভাবো।
'আমাৰ অসম' কাকতত ১ আগষ্ট ২০২০ত প্ৰকাশিত
অসমৰ ৰাজনৈতিক বিকল্প 'প্ৰকল্পৰ সাৰাংশ'


মােৰ স্বাৰ্থ এটাই যে আঞ্চলিকতাবাদৰ নামত বর্তমানৰ অগপৰ দৰে আঞ্চলিক দল এটা অসমে নিবিচাৰে। নতুন দল গঠন কৰাৰ বাবে পানী নসৰকা এখন নিয়মাৱলী লাগিব। মই বহুবাৰ কৈ আহিছোঁ আৰু লিখিও আহিছোঁ যে ভাৰতবৰ্ষত আঞ্চলিক দল একোটা বেছি দিনলৈ থাকিব নােৱৰাৰ কাৰণ এটাই আঞ্চলিক দলসমূহৰ কোনাে নিয়ম সন্মত ‘হাইকমাণ্ড’ নাই। দলৰ সভাপতি জন বা চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্রীজনেই হাইকমাণ্ডৰ দৰে হয়। ফলত দলত উপদলীয় সংঘাত আৰম্ভ হয়। এতেকে নতুন আঞ্চলিক দল কৰোঁতে অন্ততঃ তিনিজনীয়া এটা হাইকমাণ্ড গােট’নিয়মাৱলীত অন্তর্ভুক্ত কৰি দল আৰু চৰকাৰৰ কাম-কাজ নিৰীক্ষণ কৰাৰ আৰু নিয়ন্ত্রণ কৰাৰ সম্পূর্ণ ক্ষমতা এই গােটটোৰ থাকিব লাগিব।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক দুয়ােগৰাকীয়েই অসমৰ সমস্যাবােৰ অধ্যয়ন কৰি আছে বুলি অনুভৱ কৰো। এতিয়া ছাত্ৰ সন্থাৰ বৰজাপিটোৰ তলত মনে মিলা সকলাে একত্রিত হওক আৰু ধন, ক্ষমতা, পদবীৰ চিন্তাক ঠাই নিদিয়াকৈ অসমৰ ভৌগােলিক, প্রাকৃতিক, ঔদ্যোগিক, অর্থনৈতিক আৰু ভাষিক-সাংস্কৃতিক জাতীয় স্বার্থ ৰক্ষাৰ বাবে ৰাজ্যখনৰ জাতি-বর্ণধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে সদৌটিকে ঐক্যবদ্ধ কৰক। অসম তেতিয়াহে জী উঠিব। পণ্ডিত ডিম্বেশ্বৰ নেওগে কৈছিল, “জীয়ে অসম মৰে কোন? মৰে অসম জীয়ে কোন?”আমাৰাে এয়ে ধ্বনি হওক।
লেখকৰ ফোনঃ ৯৪৩৫০-৩০৩৪০, তেখেতৰ এই লেখাটি দৈনিক জনমভূমি কাকতত পূৰ্বে প্ৰকাশ পাইছে। অসমৰ নিৰ্বাচিত লেখক সকলৰ প্ৰকাশিত লেখা অসমীয়া ইউনিকোডলৈ ৰূপান্তৰ কৰি গুগোল চাৰ্চেবল সমল ৰূপে সংৰক্ষণ কৰা প্ৰকল্পৰ অংশ ৰূপে শইকীয়াদেৱৰ অনুমতি মৰ্মে লেখাবোৰ এতিয়াৰ পৰা অসমীয়াৰ সুখ-দুখ xukhdukh.com ত প্ৰকাশ তথা সংৰক্ষিত হব। তেখেতৰ লেখা সমূহ একত্ৰে পোৱাৰ লিংকঃ https://www.xukhdukh.com/search/label/DRNAGENSAIKIA

No comments:

Post a Comment