সুৰা-নিৰ্ভৰতাঃ সমাজৰ বিপদজনক বিকাৰ
টুৱাৰাম দত্ত
অতিমাৰীৰ এই সময়ৰ লকডাউন- আনলকডাউনৰ মাজতে অসমতো সুৰাৰ দোকানবিলাক খুলি দিয়া হ'ল। যিটো সময়ত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে অন্য বেহা-বেপাৰ সম্পূর্ণ বন্ধ আছিল, সেই সময়ত সুৰাৰ দোকানবিলাক খুলি দি চৰকাৰীপক্ষই বিনাদ্বিধাই প্রমাণ কৰিব বিচাৰিলে যে সুৰাও ঔষধ, ভাত-দাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীয়েই। অত্যাৱশ্যকীয় শব্দটোৰ সংজ্ঞাৰেই পৰিৱৰ্তন কৰি দিয়া হ'ল। ‘পৰিৱৰ্তন আনিব বুলি প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰখনৰ বাবে এয়া সঁচাকৈয়ে চমকপ্রদ পৰিৱৰ্তন।
কানি খােৱা, সােৰােপা বুলি বদনাম থকা জাতি এটাৰ বাবে সহজলভ্য সুৰা চৰকাৰী নীতি অনুসৰি অভিশাপ নহয় যেন অনন্য বৰদান। সাধু এটা মনলৈ আহিছে। এটা কর্মবিমুখ চৰাই আছিল। পােক-পৰুৱা নিজে চিকাৰ কৰি খাবলৈ তাৰ বৰ এলাহ। এদিন সি বাটত এজন কীট-পতংগৰ চিকাৰীক লগ পালে। চিকাৰীজনৰ আকৌ চৰাইৰ পাখিৰ প্রতি আগ্রহ বেছি। চৰাইৰ পাখি বাহিৰত বেচাটো তেওঁৰ অন্যতম পেছা। চিকাৰীজনৰ লগত তাৰ চুক্তি হ’ল যে প্রত্যেক দিনাই চিকাৰীয়ে তাক দিনটোৰ প্রয়ােজনীয় পােক-পৰুৱা যােগান ধৰিব, বিনিময়ত তাৰ গাৰপৰা এটা পাখি চিকাৰীটোৱে লাভ কৰিব। এনেকৈয়ে দিনবােৰ চলি থাকিল। প্রতিদিনে এটা এটা পাখিৰ বিনিময়ত কোনাে কষ্ট নকৰাকৈ, কাম নকৰাকৈ এলো চৰাইটোৱে তাৰ দিনটোৰ খাদ্য পাই থাকিবলৈ ধৰিলে। এটা ভােগবিলাসী, আৰামদায়ক জীৱনে সময়বােৰ ৰঙীন কৰি তােলা চৰাইটোৱে ক্ৰমশঃ উৰিবলৈও পাহৰি থাকিল। সময় গৈ থাকিল। আৰু এদিন সি আচম্বিতে উপলব্ধি কৰিলে যে তাৰ গাৰ পাখিবিলাক কমি কমি নাইকিয়া হৈ আহিবলৈ ধৰিছে। সর্বশেষত এদিন সি তাৰ শেষ পাখিটোও চিকাৰীটোক দিয়াৰ পাছত তাৰ নিত্য প্রয়ােজনীয় খাদ্য সংগ্ৰহৰ বাবে বেলেগ কোনাে পথ খােলা নাথাকিল। নিজে পােক-পৰুৱা সংগ্রহ কৰিবলৈ মন মেলিলেও পাখিবিহীন শৰীৰটো লৈ এতিয়া সি হাজাৰ চেষ্টা কৰিও উৰিব নােৱৰা হ'ল। অৱশেষত চৰাইটোৰ মৃত্যু হল। সুৰাৰ ৰাজহৰ প্রতি চৰকাৰৰ নিৰ্ভৰতা তথা আসক্তি লক্ষ্য কৰিলে এই সাধুটোৰ কথা মনলৈ আহে। সহজলভ্য ধনৰ প্রতি লালসাই যিদৰে এজন সুস্থ মনৰ মানুহক তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে; ঠিক তেনেদৰে সহজলভ্য সুৰাৰ ৰাজহে আমাৰ সমগ্র জাতিটো বা সমাজ ব্যৱস্থাটোকেই ধ্বংসৰ মুখলৈ ঠেলি দিব। সেই কথা সূৰ্যৰ পােহৰৰ দৰে জলজল পটপট।
তথাপি আমি সকলাে আশ্চর্যজনকভাৱে ভীষণ নির্বিকাৰ, নিৰুদ্বেগ। এতিয়া দেশৰ, ৰাজ্যৰ অর্থনীতিৰ গধুৰ বােজা কঢ়িওৱাৰ দায়িত্ব যেন সুৰাপায়ীৰ হাতত। ‘মুক্তকণ্ঠে সুৰাপান কৰক। তেতিয়াহে দেশ বাচিব’। শাসকপক্ষৰপৰা দেশবাসীলৈ এয়াই যেন অমােঘ বাণী। সুৰাৰ সামাজিক বিকাৰক উদগনি দিয়া বিজেপি নেতৃত্বাধীন শাসকপক্ষৰ মাজত কিন্তু অহর্নিশে ভাৰতীয় মূল্যবােধ, সনাতন হিন্দু ধর্ম আৰু আধ্যাত্মিকতাৰ বাণী আখৈ ফুটাদি ফুটে। কি যে এক বিড়ম্বনা? এয়াই আমাৰ দেশ ভাৰতবৰ্ষ; আৰু আমি তাৰ ভিতৰৰে অসম নামৰ ভূখণ্ডৰ বাসিন্দা।
ভাৰতীয় সংবিধান মতে মাদক দ্রব্য বা ‘এলকহল’ এটা ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। সেয়ে মাদকদ্রব্য বিষয়ৰ আইন কানুনসমূহ ৰাজ্য অনুসৰি বেলেগ বেলেগ। গুজৰাট, নাগালেণ্ড, বিহাৰ, মণিপুৰ, লাক্ষাদ্বীপ আদিত মাদকদ্রব্য সম্পূর্ণ ৰূপেই নিষিদ্ধ। আমাৰ অসমত আকৌ তাৰ সম্পূর্ণ বিপৰীত চিত্র। ৰাজহৰ দোহাই দি অসমক এতিয়া সুৰাৰ ক্ষেত্ৰত এক সু-সম্পদশালী জাতি বা সুৰাৰ অনুৰাগী জাতি হিচাপে বিশ্ব পর্যায়ত প্রতিষ্ঠা কৰিব পৰাটোৱেই যেন আমাৰ ৰাইজৰ চৰকাৰৰ আপ্রাণ প্রচেষ্টা। এনেকৈয়ে যেন পুনৰ উদ্ধাৰ হ’ব জাতি, মাটি, ভেটি। বিজয়ী হ’ব শৰাইঘাটৰ দ্বিতীয় ৰণ।
আজি আমি প্রতিটো কথাতে গুজৰাট মডেলক অনুকৰণ কৰাৰ কথা কৈ থাকো। গুজৰাটৰ বেপাৰ-বাণিজ্য, পর্যটন, উন্নয়ন, শিক্ষা, বিকাশ আদিক আমি আদর্শ হিচাপে ল'ব বিচাৰোঁ। আনকি ৰাজ্যৰ অনেক বিভাগীয় বিষয়া, কর্মচাৰী, শিক্ষক-ছাত্র সমাজক গুজৰাটৰ গুৰুত্বপূর্ণ বিভাগবােৰৰপৰা প্রশিক্ষণ গ্রহণ কৰিবলৈ চৰকাৰী নির্দেশ প্ৰেৰণ কৰা হয়। কিন্তু পৰিতাপৰ কথাটো হ'ল— গুজৰাটৰ সুৰানিষিদ্ধ আদর্শটো আমাৰ চৰকাৰে এৰাই চলিব বিচৰাটো। আন নালাগে সৌ সিদিনালৈকে অসমতকৈ বহুত ক্ষেত্ৰত পিছপৰি থকা বিহাৰৰ নীতীশ কুমাৰে বিহাৰত সুৰা নিষিদ্ধ কৰি সমগ্র ৰাজ্যবাসীৰ প্রশংসাৰ পাত্ৰ হ’ব পাৰিছিল। আজি বিহাৰত অপৰাধ কম, দুর্ঘটনা কম, পাৰিবাৰিক অশান্তি কম। বিহাৰী লােকৰ কর্মোদ্যম বাঢ়িছে। সুৰাবর্জিত বিহাৰ দোপতদোপে উন্নতিৰ পথত। সাম্প্রতিক সময়ত আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল আমাৰ যুৱ-প্রজন্ম মদ, ভাং, ড্ৰাগছ। আদিৰ কৱলত পৰাটো। ই সমগ্র জাতিটোকেই বিকাৰগ্রস্ত তথা দুর্বল কৰি আনি আছে। আজি নগৰে-চহৰে, গাঁৱেভূঞ, অলিয়ে-গলিয়ে সুৰা তেনেই সহজলভ্য। ই বহু পৰিয়াললৈ কাল অমানিশা নমাই আনিছে। সন্ধিয়া মদৰ বটল লৈ ঘৰ সােমাই নিজৰ সন্তান, পত্নী, মাক-দেউতাকৰ লগত দুৰ্ঘোৰ কাজিয়াত লিপ্ত হােৱা, পত্নীসন্তানক অৱর্ণনীয় অত্যাচাৰ কৰা মানুহৰ সংখ্যা দিনকদিনে বাঢ়ি গৈ আছে। কেৱল ডেকাচামটোৱেই নহয়, সৰু-সুৰা খাটি খােৱা পৰিয়াল, দোকানী, ব্যৱসায়ীৰ পৰা উচ্চপদস্থ বিষয়া কৰ্মচাৰীলৈকে সর্বস্তৰতে সুৰাই যিদৰে গ্রাস কৰিছে ই ৰাজ্যখনৰ তথা জাতিটোৰ ভৱিষ্যতৰ বাবেই যথেষ্ট চিন্তনীয়। কোনােদিনে মদৰ নাম নুশুনা, গােন্ধ নােপােৱা গাঁৱৰ তিনিআলি, চাৰিআলিবােৰত এতিয়া মদৰ সুলভ আড্ডা। পাণ-তামােলৰ দৰে। সহজতেই মদ পােৱা যায়। ই সমাজখনক, জাতিটোক কেনেকুৱা এক সংকটৰ মুখলৈ লৈ গৈ আছে তাক ভাবিবলৈকে ভয় লগা। আমাৰ চকুৰ সন্মুখতে সুৰাৰ প্রকোপত ক'ত পৰিয়াল ধ্বংস হৈছে, কত লােকৰ মৃত্যু হৈছে। সমাজত অপৰাধৰ পৰিমাণ বাঢ়িছে, দুর্ঘটনা বাঢ়িছে, অকাল মৃত্যুৰ সংখ্যা বাঢ়িছে। তথাপি সুৰাৰ দোকানৰ সন্মুখত লানি নিছিগা শাৰী। ৰজা-প্রজা সকলাে যেন নির্লিপ্ত, নিৰুদ্বেগ। সুৰাৰ দোকানৰ সন্মুখত শাৰী পাতিবলৈ আমাৰ লজ্জাবােধ নহয়।
মুকলিমূৰীয়াভাৱে মদ্যপান কৰাটো আমাৰ সমাজত এতিয়াও নিষিদ্ধ। সুৰাই আমাৰ মন-মগজু নিষ্ক্রিয় কৰি অসুস্থ চিন্তাধাৰা বা অস্বাভাৱিক কাম-কাজ আৰু আচৰণ কৰিবলৈ বাধ্য কৰে। এই সামান্য কথাটো জানিবলৈ কোনাে লােক বিশেষজ্ঞ বা চিকিৎসক হােৱাৰ প্ৰয়ােজন নাই। বাৰ, ৰেস্তোৰাঁ আদিত সুৰাপানৰ চৰকাৰী অনুমতিয়ে আমাৰ সমাজ ব্যৱস্থাত ৰাজহুৱা মদ্যপানৰ স্বীকৃতিৰ কথা নুসূচায়। তথাপি ৰাজহৰ বাবে চৰকাৰৰ দ্বাৰা সুৰা এতিয়া সুলভ। ৰাজভঁৰাল টনকিয়াল কৰিবলৈ সু-নিৰ্ভৰশীলতাও একপ্রকাৰ বিকাৰগ্ৰস্ত শাসন প্রণালীৰে প্রতীক। নির্বাচন খেলিবলৈ ৰাজনৈতিক দলসমূহক সুৰাৰ বিয়াগােম বিয়াগােম বণিক গােষ্ঠীয়ে প্ৰচুৰ পৰিমাণৰ ধনৰ যােগান ধৰে। এই তথাকথিত “লিকাৰ লবী’ক সন্তুষ্ট কৰি ৰখাটো শাসকপক্ষৰ এক প্ৰকাৰৰ বাধ্যবাধকতা। আচলতে মহামাৰীৰ দুর্যোগৰ সময়ত সুৰাৰ দোকান খােলা ৰখাটো চৰকাৰৰ বাবে ৰাজহ সংগ্রহতকৈও ‘লিকাৰ লবী’ক সন্তুষ্ট ৰখাটোহে বেছি গুৰুত্বপূর্ণ নেকি?
লেখকৰ ই-মেইলঃ tuwaramdutta@gmail.com । লেখাটি আমাৰ অসম কাকততো পূৰ্বতে প্ৰকাশ পাইছে।
search labels: Wine dependencies, Society, Wine and Taxation.
অন্যান্য প্ৰাংসিগক লেখাৰ লিংকঃ
আপুনি কেইপেগ সুৰা সেৱন কৰে? সঞ্জীত কুমাৰ বৰদলৈৰ লেখাৰ লিংকঃ
https://www.xukhdukh.com/2020/06/DRINK.html
অন্যান্য প্ৰাংসিগক লেখাৰ লিংকঃ
আপুনি কেইপেগ সুৰা সেৱন কৰে? সঞ্জীত কুমাৰ বৰদলৈৰ লেখাৰ লিংকঃ
https://www.xukhdukh.com/2020/06/DRINK.html
No comments:
Post a Comment