মনৰ কথাঃ আপুনি কেইপেগ সুৰা পান কৰে? :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ আপুনি কেইপেগ সুৰা পান কৰে?  :: সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ আপুনি কেইপেগ সুৰা পান কৰে? :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
আপুনি কেইপেগ সুৰা পান কৰে?
সঞ্জীত কুমাৰ বৰদলৈ
এটা সময়ত আমাৰ সমাজখন কানি তথা আফিংৰ কবলত পৰাৰ কথা আমি সকলোৱে জানো৷কানিৰ নিচাত সমাজখনৰ বহু ক্ষয়ক্ষতি হৈছিল৷সেইবিষয়ে বহুকেই গৰাকী প্ৰাতঃস্মৰণীয় লেখকৰ সৃষ্টি কৰ্মত পঢ়িবলৈ পাওঁ৷ ১৮শতিকাৰ শেষৰ ফালে কানিৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি হৈছিল৷
মহাত্মা গান্ধীৰ আহ্বানত গোপীনাথ বৰদলৈকে আদি কৰি সেই সময়ৰ এচাম কংগ্ৰেছীয়ে চাবুৱাৰ দিনজান সত্ৰৰ সত্ৰাধিকাৰ স’তে লগ লাগি কানিৰ বিৰুদ্ধে সজাগতা তথা কানিক নিসিদ্ধ কৰাৰ হকে সৰৱ হৈছিল৷ মন কৰিবলগীয়া কথাটো হ’ল ৰায়-বাহাদুৰ মাধৱ বৰদলৈ,গুণভিৰাম বৰুৱা,জগন্নাথ বৰুৱা আদিৰ দৰে স্বনামধন্য এচামে কানি ঈশ্বৰৰ দান বুলি কৈ অসমত কানিৰ প্ৰচলনৰ সপক্ষে পোষকতা কৰিছিল৷এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল উপেন বৰুৱা৷১৮৯৩চনত বিলাতৰ পৰা অহা "ৰয়েল অপিয়াম কমিছন" কলকাতাত বহে৷উক্ত কমিছনত উপেন বৰুৱাই কানি নিসিদ্ধ কৰাৰ সপক্ষে যুক্তি প্ৰদান কৰিছিল৷তেওঁ ৰায়বাহাদুৰ সকলে জনগনৰ হৈ নহয়,চৰকাৰৰ হৈ উকালতি কৰি কানিৰ সপক্ষে মতপোষণ কৰা বুলি স্পষ্টকৈ কমিছনৰ আগত নিজৰ মত প্ৰদান কৰিছিল৷উল্লেখ যোগ্য যে গুণাভিমাৰ বৰুৱা,জগন্নাথ বৰুৱা আদিয়ে যোৰহাটৰ "সাৰ্বজনিক সভা"ৰহৈ অসমত কানিৰ প্ৰচলনৰ সপক্ষে প্ৰস্তাৱ গ্ৰহন কৰি উক্ত প্ৰস্তাৱ অপিয়াম কমিছনলৈ পঠাইছি৷অৱশ্যে পাচলৈ উপেন বৰুৱাৰ দৰে এচাম দুৰদৰ্শী আৰু সচেতন ব্যক্তিৰে নৈতিক জয় প্ৰতিপন্ন হৈছিল৷অসমত কানি নিসিদ্ধ কৰা হৈছিল৷সি যি হওক,এই কানিৰ প্ৰসংগটো মনলৈ অহাৰ এটা কাৰন আছে৷আমাৰ ধাৰনা হৈছে সেই তাহানিতে অসমৰ ৰাইজ কেইটামান দশকৰ বাবে কানিৰ পৰা মুক্ত পাবলৈ সক্ষম হৈছিল যদিও দৰাচলতে অসমীয়া সমাজখন নীচাজাতীয় সামগ্ৰি তথা মাদকদ্ৰব্যৰ পৰা আজিও মুক্ত হ’ব পৰা নাই৷এটা সময়ত ভয়াবহ সামাজিক সমস্যাৰ সৃষ্টি কৰা কানিৰ ঠাই লৈছে এতিয়া মাদকদ্ৰব্যই৷ অবাধ সুৰাৰ প্ৰচলনে আমাৰ সমাজখন ভিতৰৰ পৰা ফোপোলা কৰি নিব ধৰিছে৷সুৰা হৈ পৰিছে আজিৰ সমাজৰ এক অন্যতম প্ৰধান সমস্যা আৰু উদ্বেগৰ কাৰন৷ প্ৰফুল্ল মহন্তৰ দিনত ৰাজহৰ দোহাই দি সুৰাৰ প্ৰচলন ব্যাপক কৰা হৈছিল৷সেইধাৰা দুৰ্ভাগ্যজনক ভাবে অধিক তৰাম্বিত কৰা হ’ল৷মোৰ ঘৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত চাৰি খনকৈ ৱাইন শ্ব’প আছে৷সুুুৰাৰ ৰাজহৰ অবিহনে ৰাজ্য যেন অচল৷ অথচ চুবুৰীয়া নগালেণ্ডকেে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সুুুুৰা নিসিদ্ধ কৰা হৈছে৷

অনুজ বন্ধু,লেখক,অধ্যাপক নৱজ্যোতি দত্ত যোৰহাট চহৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ এখন ভিতৰুৱা গাৱত লালিত পালিত হৈছিল৷ অঞ্চলটো দুৰ্গম যদিও(আজি কালি বাটপথ উন্নত হৈছে)শিক্ষা,সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া আছিল৷দিনে দহ বাৰ কিলোমিটাৰ চাইকেলখন চলাই ইমুৰৰ পৰা সিমুৰ ঘুৰি ফুৰা নৱজ্যোতিয়ে উচ্চ শিক্ষা আহৰণ কৰি এতিয়া ডিব্ৰুগড়ৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যাপক৷ নিজৰ গাওঁখনৰ প্ৰতি সকলোৰে এক টান থাকে৷কৰ্মসুত্ৰে ডিব্ৰুগড়ৰ বাসিন্দা যদিও নৱজ্যোতিয়ে নিজৰ গাওঁখনলৈ সঘনাই আহযাহ কৰে৷ কিন্তু এটা কথা নিজ চকুৰে উপলব্ধি কৰি নৱজ্যোতি এতিয়া চিন্তিত আৰু উদিগ্ন হৈ পৰিছে৷ সেইটো হৈছে -তেওঁৰ আশেপাশে বহু অঞ্চলত সুৰাপায়ী লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে আৰু সুৰাৰ কবলত পৰা বেছিভাগেই কম-বয়সীয়া৷ 

গাঁৱৰ সৰু সৰু পান দোকান বা গেলামালৰ দোকানত অবৈধ ভাবে সুৰা বিক্ৰী কৰা হয়৷,এচামে আনকি ঘৰতো সুৰা বিক্ৰী কৰে৷আজি কিছুদিনৰ আগতে নৱজ্যোতিৰ স’তে মই নিজেও সুৰাৰ বন্যাত পৰি অধঃপতিত হোৱা বহু লোকক লগ পাইছিলো৷ব হুপৰিয়াল তিল তিলকৈ ধংস হোৱা দেখিছো কেবল সুৰাৰ বাবে৷ বৃদ্ধ মাক বাপেক,পত্নী আনিকি অবুজ শিশুহতো ৰাতি হ’লে উদিগ্ন হৈ থাকিব লগা অৱস্থা হৈছে৷ তেওঁলোকৰ দুচকুত টোপনি নহাৰ স্পষ্ট চিন আমি দেখিছিলো৷বহুজনৰ দুচকু আমাৰ স’তে কথা পাতোতে সেমেকি যোৱা দেখিছিলো৷ সীমাহীন বিষাদ আৰু যন্ত্ৰণাৰে পিষ্ট এনে অসহায় আৰু দুৰ্ভগীয়া এচামক দেখি শুনি এক বোবা বেদনাত আমাৰ বুকুখন গধুৰ হৈ গৈছিল৷

"গাওঁখনলৈ কিবা এটা ইতিবাচক দেখি সকাহ পাও বুলি আহো কিন্তু মনবোৰ বেয়া হে হয়,এনেকৈ হ’লে গাঁৱলৈ অহা বাদ দিব লাগিব"-- ক্ষোভ আৰু হতাশাৰ সুৰত নৱজ্যোতিয়ে কৈছিল৷ কাৰোবাৰ বাবে পুত্ৰ,কাৰোবাৰ বাবে স্বামী,কাৰোবাৰ বাবে পিতৃ,ককাই ভাই এনে এচাম তথাকথিত পুৰুষৰ বাবে একো একোটা পৰিয়াল ধংস হ’ব ধৰিছে৷ ৰাতি যিমানেই বাঢ়ি যায় সিমানেই বাঢ়ি যায় দুশ্চিন্তা আৰু উদিগ্নতা-আজি বা গেলা এসোপা খাই কি বিহু দেখুৱাই!কাৰ ওপৰত পুৰুষালি দেখুৱাই! নিস্পাপ শিশুহতৰ বাবেও নিজৰ পিতৃ ভয়াৱহ হৈ পৰিছে৷ স্বাভাৱিক অৱস্থাত দেখা শান্ত মানুহজন ৰাতি হ’লে গেলা এসোপা খাই অসুৰৰ দৰে হৈ পৰে কিয়!অবুজ শিশুৰ দুচকুত উত্তৰহীন ভাৱনা৷এইয়া কেবল উদাহৰণহে৷ সকলো নহলেও কেবল নৱজ্যোতিৰ গাওঁখনেই নহয়,আপোনাৰ মোৰ চৌ পাশৰ সমাজখনো সুৰাৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত হ’ব ধৰিছে৷পাৰিবাৰিক অশান্তি,দুৰ্ঘটনা আৰু অপৰাধজনিত ঘটনাৰ এক অন্যতম কাৰক হৈছে মদ৷

আমাৰ জনজাতীয় সমাজত প্ৰচলিত ঘৰুৱাভাৱে প্ৰস্তুত কৰা সাজঁ,ৰহী,ছাইমদ,চুজে আদিৰ প্ৰচলন অতিজৰে পৰা আছে আৰু এতিয়া সেইয়া কেবল জনজাতীয় সকলৰ মাজতেই সীমাবদ্ধ নহয়৷উন্নত আৰু স্বাস্থ্য সন্মত ভাবে প্ৰস্তুত কৰিব পাৰিলে তেনে থলুৱা পানীয়ৰ ব্যৱসায়ীক চাহিদা আছে৷ সকলো মাদক দ্ৰব্যই কমবেছি পৰিমানে ক্ষতিকাৰক যদিও এটা কথা ক’বই লাগিব থলুৱা ভাবে প্ৰস্তুত কৰা বা পৰম্পৰা হিচাপে চলি অহা সাজ,আপং আদিয়ে বৰ বিশেষ পাৰিবাৰিক বা সামাজিক সমস্যা সৃষ্টি কৰাৰ নজীৰ কম৷তুলনামুলক ভাবে কম এলকহল থকা এই থলুুৱা পানীয়ত কিছুপৰিমাণে ঔষধি গুণাগুণো আছে৷তাৰোপৰি তেনে পানীয় আমাৰ পৰিবেশৰ স’তে খাপখোৱা৷ বিদেশী বা আমদানি কৃত সুৰাৰ পৰিবৰ্তে দেশীয় সুৰাৰ প্ৰচলনৰ ব্যৱস্থা কৰিব পাৰিলে বহু ক্ষেত্ৰত উপকৃত হোৱাৰ অৱকাশ আছে৷ আমাৰ দৰে দেশত গৰিষ্ঠসংখ্যক সুুুৰাপায়ী দৰিদ্ৰ,অভাৱী৷গতিকে স্বাভাবিকতে তেওঁলোকে সস্তীয়া আৰু নিন্মমানৰ সুৰা সেৱন কৰে৷ সেইবোৰ আক্ষৰিক অৰ্থতে বৰবিহ বুলি কব পাৰি৷। তেনে সস্তীয়া সুুুুৰা সেৱন কৰা সকলৰ ভয়ংকৰ ভাবে শাৰীৰিক ক্ষতি হয়৷এটা সময়ত এনে সুৰাপায়ী সকল পৰিয়ালৰ বাবে বোজা হৈ পৰে৷ তেওঁলোকৰ শিৰাবোত তেজৰ স’তে দৌৰিবলৈ ধৰে এলকহলে৷ শৰীৰৰ অংগবোৰ বিকল হৈ আহে,মগজু হৈ পৰে অকামিলা৷ পৰিয়াল,সমাজ সকলোৰ পৰা ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ তেনে মদ্যপায়ী বোৰ সাধাৰণতে ঘৃণা,অৱজ্ঞাৰ পাত্ৰহৈ সিপুৰীলৈ গতি কৰে৷

মদ্যপানৰ সতে আমাৰ দেশৰ আৰ্থসামাজিক দিশটো জৰিত হৈ আছে৷ স্বপ্নভংগ,অভাৱ অনাতনে বহুতৰে স্বভাৱ নষ্ট কৰে৷ কিন্তু সেইয়া অন্যতম কাৰন হলেও মদ্যপানৰ আৰৰ একমাত্ৰ কাৰক হ’ব নোৱাৰে,- বহুতৰে বাবে সেইয়া অজুহাতহে,মদ্যপান স্বভাৱগত দোষহে৷ আমি নিজেও কেতিয়াবা বহুজনক বুজাবলৈ চেষ্টা কৰি কওঁ,-দিনটো জীৱিকাৰ বাবে কষ্ট কৰি সন্ধিয়া হলে কেতিয়াবা পৰিমিতি ভাবে মদ্যপান কৰা,কিন্ত কামবন নকৰি দিনৰ দিন শুই বহি থাকি বা নামমাত্ৰ উপাৰ্জন কৰি সন্ধিয়া হলেই গেলাসোপা খাই নিজৰ লগতে পৰিয়ালটোক কিয় অশান্তি কৰা?দিনৰ দিনটো পৰিশ্ৰম কৰা ঘৰৰ মানুহজনীৰ আগত গেলা এসোপা গিলি পুৰুষালি কিয় কৰা?তেনে কৰি তুমি যে অকমন্য আৰু কাপুৰুষ তাকেই প্ৰমান কৰা নাইনে? 

এঢাপ আগুৱাই কেতিয়াবা নিজৰ উদাহৰণ দিও কওঁ-"তুমি বা মোৰ পৰিচিত বহুতে হয়তো নাজানে যে মইও কেতিয়াবা নামমাত্ৰ সুৰা পান কৰোঁ৷ কিন্তু সুৰাক মই উপভোগ কৰোঁ৷ সি মোৰ বাবে বিলাসিতাও হ’ব পাৰে৷ কিন্তু সুৰাই মোক নিয়ন্ত্ৰিত কৰিব নোৱাৰে,মইহে সুৰাক নিয়ন্ত্ৰিত কৰোঁ৷ কিন্তু তোমালোকে সুৰা সেৱন কৰা জানো?,তোমালোকহে সুৰাই গিলি পেলায়৷ "কোৱা বাহুল্য,মোৰ এনে ভাষনে দুৰ্ঘোৰ মদাহীৰ বাবে একো কামত নাহে৷ মই এই কথাও জানো যি সকলে মাত্ৰাধিক সুৰা সেৱন কৰি নিজৰ লগতে আনকো অশান্তি কৰি আছে তেওঁলোকৰ ৯৫%লোকেই মোৰ এই ৰচনা নপঢ়ে বা পঢ়িলেও একো কামত নাহে বৰঞ্চ ৰাতি হলে সস্তীয়া বৰ বিহ গিলি তেনে বহুজনে হয়তো ক’ব-"আব্বে,মোৰ পইছা মই মদ খাইছোঁ তই ক’বলৈ কোন ?হু আৰ ইউ?"কৈছোৱেই নহয়,দিনত নিবোকা হৈ থাকি ৰাতি এঢোক গিলাৰ লগে লগে এচাম মহাবীৰ হৈ পৰে!

শেষত,ইয়াকে কও --মদৰ অবাধ প্ৰচলনে আমাৰ সমাজখত বহু ভয়ংকৰ প্ৰভাব পেলাইছে৷ নিজৰ লগতে একোটা পৰিয়াল ধংস হ’ব ধৰিছে কেবল এচাম মদপীৰ বাবে৷এই দিশত কি কৰিব পাৰি আমাৰ মনোবিজ্ঞানীসকল আৰু চৰকাৰী সংশ্লিষ্ট পক্ষই মিলি কিবা এটা কৰক৷ মদৰ প্ৰচলন ক্ৰমে সংকুচিত বা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে৷ গ্ৰীক সকলে কোৱাৰ দৰে "সুস্থ দেহত সুস্থ মন”ৰ তাৎপৰ্য আমি বুজি পোৱা উচিত৷আমাৰ দেহা সুস্থ হলেহে আমাৰ মন তথা আমাৰ কামবোৰ ইতিবাচক আৰু গঠনমূলক হ’ব৷ নিচাগ্ৰস্ত,ৰোগীয়া শৰীৰেৰে সুস্থ সমাজ গঢ়িব নোৱাৰি৷ ভৱেন্দ্ৰ নাথ শইকীয়াই কোৱাৰ দৰে ’আমি আনক উপকাৰ কৰিব নোৱাৰিলেও কাকো অপকাৰ নকৰাকৈতো থাকিব পাৰো৷" সুৰা পান কৰাৰ মুহূৰ্তত সকলোৱে এই কথা মনত ৰখা ভাল-নিজৰ পৰিয়াল বৰ্গক পৰ্যাপ্ত শান্তি দিব নোৱাৰিলেও অশান্তি কৰাৰ নৈতিক অধিকাৰ আমাৰ নাই৷গতিকে যথাসম্ভৱ মদ্যপান ত্যাগ কৰক বা নিয়ন্ত্ৰিত কৰক৷ সুৰাক উপভোগ কৰিবলৈ শিকক তেতিয়া সুৰা আপোনাৰ বিশ্বাসযোগ্য বন্ধু হৈ উঠিব পাৰে৷ অন্যথা সুৰা আপোনাৰ বাবে কেৱল বিষাক্ত হৈ পৰিব৷ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোকো,আপুনি বাস কৰা সমাজখনকো তিল তিলকৈ ধংসৰ মুখলৈ দিব৷
লেখকৰ ফোনঃ ৯৮৫৪৬০৪৩৬৬

No comments:

Post a Comment