মনৰ কথাঃ লাল চালামৰ 'কমৰেড' নে কেৱল 'কলাগুৰু' বিষ্ণু ৰাভা :: ড° দীনেশ বৈশ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ লাল চালামৰ 'কমৰেড' নে কেৱল 'কলাগুৰু' বিষ্ণু ৰাভা :: ড° দীনেশ বৈশ্য

মনৰ কথাঃ লাল চালামৰ 'কমৰেড' নে কেৱল 'কলাগুৰু' বিষ্ণু ৰাভা :: ড° দীনেশ বৈশ্য

Share This
(১)
প্ৰসংগঃ বগা পাঠা কলা পাঠা

কলেজৰ চৌহদ আৰু চাহাবৰ ঘৰত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰিছিল ৰাতি। আৰু দেৱালত লিখিছিল সেই কালজয়ী বাক্য "ৰাজ্যত আছে দুটা পাঠা এটা বগা এটা ক'লা। ৰাজ্যৰ যদি ভাল বিচৰা দুয়োটা পঠাকেই বলি দিয়া"
সেই অপৰাধ ৰ বাবে তেওঁ সেই কলেজৰ পৰা বহিস্কৃত হ'ল। দেশ স্বাধীন হ'ল। স্বাধীন দেশত সেইজন বিষ্ণু ৰাভাক কঁকালত বান্ধি জেললৈ নিয়া হ'ল।

আজি তেওঁৰেই স্মৃতি দিবস।

বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন। বাহিৰলৈ যাব চিকিৎসাৰ বাবে। গুৱাহাটীৰ মানুহে চিকিৎসা সাহাৰ্য্য আগবঢ়াই স্ব-ইচ্ছাই।

আমাৰ ককাও সেই উদ্দেশ্যে মেডিকেল কলেজলৈ গৈছিল ভৰলুমুখৰ পৰা। ককাৰ লগত মোকো লৈ গৈছিলোঁ। ককাই কৈছিল এইজন অসমৰ এজন বৰ ডাঙৰ মানুহ। দুই হাজাৰ বিঘা মাটিৰ মালিক। আজি চিকিৎসা কৰিবলৈ হাতত ধন নাই।

তেতিয়া বিষ্ণুপ্ৰসাদৰ বিষয়ে একো নাজানো।

তাৰ আগতে কোনোবা এখন থিয়েটাৰ ত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই একেলগে অভিনয় কৰিছিল। মই বৰ সৰু লৰা বিশেষ নুবুজো। তেওঁলোকৰ সেই বিস্ময়কৰ অভিনয় চাইছিলো।

সত্তৰৰ দশকৰ মাজভাগত দুধনৈৰ নাতিদূৰত মেঘালয়ৰ ডাইনাডুবি নামৰ ঠাই এখনত মোৰ বন্ধু এজনৰ হাতী ধৰা কেম্প আছিল।

মই কেতিয়াও হাতী ধৰা দেখা নাই। দুধনৈৰ পৰা চাইকেল মাৰি ডাইনাডুবি পালোগৈ। তাতেই থকাৰ ব্যৱস্থা। বন্ধু গধুলি হলেই অলপ নিচা কৰে। তাতে আকৌ হাতী ধৰা কেম্পত।

গধূলি দুয়ো ওচৰৰ গাওঁ এখনৰ মানুহ এঘৰলৈ গ'লো নিচাৰ সামগ্ৰী বিচাৰি। মানুহ জন নাই। ঘৈণীয়েকে অলপ বহিবলৈ কলে। সৰু ঘৰ এটাত বাহৰ চা‍ং এখন আছিল দুয়ো তাতেই বহালে।

কিছু সময় পিছত গৃহস্থ পুৰুষ জন আহিল। আহিয়েই আমাক গালি। আমি কাৰ অনুমতি লৈ ছাঙত বহিছো সুধিলে। ধমকি মাৰি আমাক ছাঙৰ পৰা নমালে। অলপ পিছত তেওঁ কলহৰ মদ আনি বন্ধুক দিলে।

মদ্যপান ৰ সময়ত বন্ধু ৱে সুধিলে আমাক কিয় ছাঙত বহা বাবে গালি পাৰিলে।

তেতিয়া তেওঁ কলে যে কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা তেওঁৰ ঘৰত ভালেমান দিন আছিল। এইখন ছাঙতেই শুইছিল। ইয়াতে ৰাইজৰ লগত কথা পাতিছিল। দেশৰ কথা কৈছিল। বিপ্লৱৰ অথা কৈছিল। তেওঁ গুছি গল। পিছত বেমাৰ হৈ মৰি থাকিল। তেতিয়া ৰ পৰা এইখন ছাঙত মই পূজা কৰো। কাৰণ ইয়াতে ভগৱান শুইছিল। গালি পাৰা বাবে তঁহতে বেয়া নাপাবি।
(২)
কেইবছৰমান আগতে বাঘমাৰালৈ গৈছিলোঁ। বিষ্ণু ৰাভা দিৱস। তাতগৈ লগ পালো বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে বিপ্লৱ কৰা কমৰেড কেইজনমানক। বুঢ়া হৈছে। দৰিদ্ৰ অৱস্থা।

তেওঁলোকে কৈছিল কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাই সেই অঞ্চলত গেৰিলা প্ৰশিক্ষণ দিছিল। তেওঁলোকে প্ৰশিক্ষণ লৈছিল আৰু গেৰিলা প্ৰশিক্ষণ প্ৰক্ৰিয়াত সহায় কৰিছিল। পুলিচ আহিলে বিশেষ ধৰণে শব্দ কৰি জাননী দিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী কমৰেড সকলৰ খবৰ নললো আমি বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা সকলে। তেওঁলোকৰ বেছিভাগ অনাদৰ অৱহেলাত দুখৰ জীৱন যাপন কৰিলে।

বাঘমাৰাৰ পৰা ভূটান লৈ যোৱা পথত আছিল সেই গেৰিলা প্ৰশিক্ষণ অৰণ্যৰ অঞ্চল। সভাৰ পিছত গৈ চাই আহিলো। বিশ্বাসেই নহয়। তেতিয়া কি অটব্য অৰণ্য আছিল এই অঞ্চল।

অসম আন্দোলনৰ সময়ৰ কথা। গুৱাহাটীৰ কলেজ বিশ্ববিদ্যালয়ত কমিউনিষ্ট ছাত্ৰ সকলৰ ওপৰত অত্যাচাৰ চলিছে। কাৰ্ল মাৰ্ক্সৰ কিতাপ পঢ়া সাম্যবাদ ৰ কথা কোৱা, কমিউনিষ্ট দল সংগঠনৰ সদস্য হোৱাটো তেতিয়া অপৰাধ আছিল।

গুৱাহাটীৰ বি বৰুৱা কলেজৰ একমাত্ৰ ছাত্ৰাবাসত মই ডেকা অধীক্ষক। ছাত্ৰ আবাসী সকলৰ লগতেই থাকো একেলগে। এদিন হোষ্টেল পৰিদৰ্শন কৰি থাকোতে এঠাইত দেখিলোঁ এটা বাকচ অলপ কাপোৰ আৰু কিতাপ বহী পৰি আছে। হোষ্টেলৰ সেই বিলাক কাৰ আৰু কিয় এনেকৈ পৰি আছে সুধিলো।

উদ্ধাৰ হোৱা 'ৰাভা দেৱৰ ফটোখন'
পিয়নজনে কলে এইজন এজন কমিউনিষ্ট ছাত্ৰৰ বস্তু। তাক মাৰি ধৰি খেদি দিয়া হ'ল। বস্তবিলাক এনেকৈ থাকি গ'ল। পিয়নজনে আকৌ কলে ছাৰ কালিলৈ জুই লগাই দিম।

মই কিতাপ বিলাক চাই দেখিলোঁ বহুত মূল্যবান কিতাপ আছে। কিতাপখিনি চাফা কৰি মোৰ ৰূমত থবলৈ কলো। ৰাতি কিতাপ বিলাক মোৰ টেবুল ত সজাই থৈ পিয়ন জনে মোক সুধিলে ছাৰ আপুনি ও কমিউনিষ্ট নেকি ?

মই কলো মই কমিউনিষ্ট নহয়। কমিউনিষ্ট হোৱা সহজ নহয়। বহুত পঢ়াশুনা অধ্যয়ন লাগে কমিউনিষ্ট হ'বলৈ। সেই বিলাক কিতাপৰ এখনৰ মাজত এখন বৰ ধুনীয়া ফটো আছিল। ফটোখন বিষ্ণু ৰাভাৰ।

হোষ্টেলৰ কেমেৰাৰ কাম কৰা ছাত্ৰ এজনক ফটোখন ভালকৈ চপাই আনিবলৈ পইচা দিলো। সেইবছৰ অসমত ব্যাপক ভাবে বিষ্ণু ৰাভাৰ দিৱসৰ আয়োজন কৰা হৈছিল।

উল্লেখযোগ্য যে কমিউনিষ্ট ছাত্ৰ এজনৰ কিতাপৰ মাজত পোৱা সেই ফটো খন বিক্ৰী কৰি সেই ছাত্ৰ জনে বহুত পইচা পালে। অসম আন্দোলনৰ সময়ত কমিউনিষ্ট সকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। অসম আন্দোলনৰ সময়তেই কমিউনিষ্ট বিষ্ণু ৰাভাৰ দিৱস ব্যাপকভাৱে আয়োজন কৰা হৈছিল।

আচলতে তেতিয়াৰ পৰাই কমিউনিষ্ট কমৰেড বিষ্ণু ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হ'ল আৰু তেওঁৰ স্মৰণত বিষ্ণু ৰাভা দিৱস ৰজাঘৰে প্ৰজাঘৰে আয়োজন কৰা হ'ল।

কমৰেড বিষ্ণু ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হ'ল।
(৩)
এই ফটোখন কোনে কি কেমেৰাৰে কেতিয়া তুলিছিল আজিও নাজানিলো। কমিউনিষ্ট হোৱাৰ অপৰাধ ত হোষ্টেলৰ পৰা খেদি পঠিয়াই দিয়া ছাত্ৰ এজনৰ কিতাপৰ মাজত পাইছিলো এইখন ফটো। পিছে মই সেইখন সদায়েই সযতনে ৰাখিলো।

মোৰ ঘৰৰ দেৱালত আৰি থোৱা এইফটো খন চাই বহুতে পোনে পোনে মোক সোধে তোমাৰ দেউতা নেকি ?

মই হয় বুলি কওঁ।

সম্পাদকীয় সংযোজনঃ
'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে আজিৰ দিনটোত চ'চিয়েল মেডিয়াত অসমৰ সাম্প্ৰতিক পৰিস্থিতিত তুলি ধৰা এটা 'প্ৰাসংগিক দিশ' ইয়াত পাঠকৰ জ্ঞাতাৰ্থে ইয়াতে তুলি দিয়া হৈছে-
"মাথোঁ 'কমৰেড' সম্বোধন আৰু 'লালচালাম' জ্ঞাপনৰ বাবে আজি বিভিন্ন লোকক লৈ যিদৰে প্ৰশ্ন তোলা হৈছে আনকি গ্ৰেপ্তাৰ কৰি জেলতো ভৰোৱা হৈছে---সেই সময়ত হয়তো স্বঘোষিত কমিউনিষ্ট বিষ্ণু ৰাভাৰ প্ৰাসংগিকতাও সলনি হব। ৰাভাৰ জীৱন আৰু ৰচনাত দুয়োটা শব্দৰ বহুল প্ৰয়োগে এই কথা ভাবিবলৈ বাধ্য কৰালে। আজি ৰাভাৰ মৃত্যু দিৱসত বাতৰিকাকতত চৰকাৰী বিজ্ঞাপন দেখি ভাবিছো শীঘ্ৰেই হয়তো চৰকাৰী স্পষ্টীকৰণ আহিব পাৰে--আমি ৰাভাৰ সাংস্কৃতিক মননকহে স্বীকৃতি দিও, ৰাজনৈতিক মতাদৰ্শক নহয় ( যদিও ৰাভাৰ সাংস্কৃতিক সৃষ্টি তেওঁৰ ৰাজনৈতিক আদৰ্শৰ ফচল মাত্ৰ)। বা পৰৱৰ্তীকালত ৰাভাদিৱস তথা ৰাভাৰ মৃত্যু দিবসত এনে চৰকাৰী বিজ্ঞাপনেই বন্ধ হৈ যাব পাৰে। নহলে দেখোন চৰকাৰ চৰম পৰস্পৰবিৰোধিতাত অভিযুক্ত হব ।"

No comments:

Post a Comment