I met a traveler from an antique land, Who said—“Two vast and trunk-less legs of stone stand in the desert. . . . Near them, on the sand, half sunk a shattered visage lies, whose frown, and wrinkled lip, and sneer of cold command,tell that its sculptor well those passions read which yet survive, stamped on these lifeless things, the hand that mocked them, and the heart that fed; and on the pedestal, these words appear:
My name is Ozymandias, King of Kings;
Look on my Works, ye Mighty, and despair!
Nothing beside remains. Round the decay of that colossal Wreck, boundless and bare the lone and level sands stretch far away.”
~Ozymandias -Shelley
এই বিশ্বব্ৰক্ষ্মাণ্ডৰ একমাত্ৰ চিৰন্তন সত্য হ’ল-পৰিৱৰ্তন ; সময়ে প্ৰৱলপ্ৰতাপী ৰজাধিৰাজ সম্ৰাটৰ বিৰাটাকাৰ সাম্ৰাজ্যকো ধূলিৰ লগত মিলাই দিয়ে। শ্বেলীয়ে তেখেতৰ বিখ্যাত ‘Ozymandias’ উল্লেখ কৰাই দৰেই সময়ৰ কালৰথত কোনোৱে বাচি নাযায় । বেছি পুৰণি দিনৰ কথালৈ যাবই নালাগে, সৌ কেইটামান বছৰ আগতে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ এগৰাকী মহাপ্ৰতাপী নেত্ৰীয়ে নিজৰ মুখ্যমন্ত্ৰীত্বৰ কালত বনোৱা প্ৰতিমূৰ্তিবোৰ তেখেতৰ শাসনভাৰ উকলা দুদিন নহওঁতেই উত্তৰাধিকাৰী শাসকজনে ধূলিস্যাৎ কৰি পেলালে। সময় সলনি হোৱাৰ লগতে শাসক সলনি হয় আৰু তাৰ লগে লগে বদলি হয় ‘দেশপ্ৰেমী’ কিম্বা ‘ দেশদ্ৰোহীৰ’ সংজ্ঞাও।
ব্ৰিটিছ ভাৰতৰ দিনত তদানীন্তন শাসকে ‘দুধৰ্ষ সন্ত্ৰাসবাদী’ জ্ঞান কৰা শ্বহীদ ভগৎ সিং আজি আমাৰ বাবে চিৰ নমস্য ব্যক্তি । ব্ৰিটিছ শাসনৰ সময়ত চকুৰ কুটাঁ দাঁতৰ শূল বুলি ভাৱি যিগৰাকী মহাত্মা গান্ধীক বাৰে বাৰে কাৰাবন্দী কৰা হৈছিল , সেইগৰাকী গান্ধীৰে সমাধিস্থলত আজি ব্ৰিটিছ সম্ৰাজ্যৰ ৰাজ পৰিয়ালৰ সতি সন্ততিয়ে আহি সাষ্টাংগ প্ৰণিপাত কৰেহি । আন নালাগে আমাৰ অসমতেই কলাগুৰুক সমজুৱাভাৱে শিকলি বিন্ধাই জেললৈ নিয়া ৰজাঘৰে আজি প্ৰতি বছৰে ‘ৰাভা দিৱস’ পাতি তত নাপায় হ’ক । এক কথাত ক’বলৈ গ’লে প্ৰকৃত সত্য অসত্য ন্যায় অন্যায়ৰ বিচাৰ ইতিহাসে কৰিব ; বৰ্তমান এক প্ৰহেলিকা মাথোঁ- য’ত আমি বহু ক্ষেত্ৰত মৰীচিকাৰ ছায়া খেদি থাকোঁ ।
একবিংশ শতাব্দীৰ আজিৰ দশকৰ অসমত এক অন্যতম বিতৰ্কিত ব্যক্তি হৈছে অখিল গগৈ - কাৰোবাৰ বাবে প্ৰফেছনেল আন্দোলনকাৰী, কাৰোবাৰ বাবে মধ্যভোগী দালাল , কোনোৰ বাবে ভণ্ড কৃষক , কাৰোবাৰ বাবে ঘৃণনীয় বামপন্থী সুবিধাবাদী ; বহুতৰ বাবে বাংলাদেশী মিয়াৰো এজেণ্ট । অৱশ্যে গুণমুগ্ধৰ সংখ্যাও একেবাৰে কম নহয় ।
অসমৰ ৰাজ্য চৰকাৰত যিয়ে ৰাজনৈতিক দলেই নাথাকক মাগে , প্ৰতিখন চৰকাৰৰ সময়তেই অখিল গগৈৰ কাৰাগাৰৰ লগত তাঁত-বাতি চলিয়েই থাকে ! যেন কোনোবা দুধৰ্ষ সন্ত্ৰাসবাদী কিম্বা ডন ; যাক মুকলি আকাশৰ তলত এৰি দিয়া মাত্ৰেই সোণৰ অসম জ্বলি চাৰ-খাৰ হৈ যাব। সম্প্ৰতি অখিল গগৈ ২০১৯ৰ ১২ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ। দোষ ?? দোষ হ’ল যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুধিতাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তীব্ৰ জন আন্দোলন গঢ়ি তোলা; ইয়াৰ লগতে মাওবাদী সংগঠনৰে সম্বন্ধ ৰখাৰ অভিযোগৰো গোচৰ আছে।
উল্লেখ্য যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনত সমগ্ৰ অসমৰে অধিকাংশলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়াইছিল -আছু আৰু প্ৰায় সকলো জাতীয় সংগঠন , শিল্পীসমাজ -বিশেষকৈ জুবিনদা -আদি সকলোৱে ৰাজপথত এক অভূতপুৰ্ব প্ৰতিবাদৰ সূচনা কৰিছিল । সেই বিশেষ জনজাগৰণৰ এটা অংশবিশেষ অখিল গগৈয়েনো কেনেকৈ - সকলোতকৈ ‘জংগী’ ‘হিংসাত্মক’ ‘বিপজ্জনক’ হ’লগৈ সেয়া তৎপৰ্যপূৰ্ণ। যিসময়ত কৰোণা মহামাৰীৰ প্ৰকোপৰ বাবে উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত হোৱা কয়দীকো পেৰলত ঘৰলৈ যাবলৈ দিবৰ বাবে ৰাজ্যসমূহলৈ নিৰ্দেশজাৰী কৰিছে ( মুখ্য ন্যায়াধীশ ববদে ডাঙৰীয়াৰ মাৰ্চ ১৬, ২০২০ৰ নিৰ্দেশ) ; যিসময়ত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থা Observatory for the Protection of Human Rights Defenders( a partnership of the World Organisation Against Torture (OMCT) and FIDH )য়ে আৱেদন নং IND 002 / 0320 / OBS 019 , 06.03.20 ৰ জৰিয়তে অখিল গগৈক অন্তত স্বাস্থ্যজনিত কাৰনত হ’লেও মুক্তি দিবলৈ আহ্বান জনাইছে ; সেই সময়তে অখিল গগৈৰ উপৰত এটাৰ ওপৰত এটা গোচৰ দি জামিন পোৱাটোও একেবাৰে কঠিন-প্ৰায় অসম্ভৱ কৰি তোলা হৈছে।
যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহ , অপৰাধ পৰিকল্পনাৰ গোচৰ Indian Penal Code Sections 120 (B), 124 (A), 153 (A), 153 (B)ৰ অধীনত তৰা হৈছে । ইয়াৰ লগতে আছে Sections 18 -39 - Unlawful Activities Prevention Act (UAPA)ৰ গোচৰ । নিয়াৰ বিষয়াই গগৈৰ ঘৰত তালাচীও লৈছে। কিতাপ পঢ়াৰ অভিযোগত মাওবাদী হোৱাৰ অভিযোগো তোলাৰ হাস্যকৰ কথাও পোহৰলৈ আহিছে। এইবোৰ দেখি তেওঁক গোটেই জীৱনৰ বাবে কাৰাদণ্ড বিহাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰেই উমান পোৱা গৈছে।
অসমৰ এচাম বুদ্ধিজীৱী , ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই এজন মানৱধিকাৰ কৰ্মী ( লগতে অসম কংগ্ৰেছৰো কিছুসংখ্যক বলিষ্ঠ নেতা, যাৰ শাসন কালতো গগৈয়ে জেল যাব লগা হৈছিল -কেইবাবাৰো) , নগণ্যসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্ংগঠন; এখেতলোকে অখিল গগৈৰ মুক্তিৰ বাবে আৰু তেখেতৰ দীৰ্ঘদিনীয়া কাৰাদণ্ডৰ বিৰুদ্ধে মাত মাতছে -কিন্তু সেয়া এপাছি শাকত এটা জালুক মাথোঁ । প্ৰশ্ন হয় -সচাঁয়ে ইমান বেয়া আৰু ভয়ানক নে অখিল ?? লগতে একেখন নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত উলাই অহা সৰহসংখ্যক প্ৰতিবাদী অখিলৰ ক্ষেত্ৰত ইমান নীৰৱ কিয়?? যদি লক্ষ্য একেই , উদ্দেশ্য একেই আছিল , যদি একেখন অসম আৰু অসমীয়াৰ বাবেই সকলো উলাই আহিছিল , তেন্তে ইমান বৈষম্য কিয় ?? এই নীৰৱতা এক মিঠা গৰলটো নহয় ?
আজিৰ তাৰিখত অখিল গগৈৰ সেই পুৰণা জনপ্ৰিয়তা নাই । অখিল গগৈৰ প্ৰতিবাদী সত্তাকো সৰহ সংখ্যক শিক্ষিত মধ্যমবৰ্গীয় অসমীয়াই সন্মানৰ চকুৰে নাচায় । কিন্তু সেইবুলি এই কথাটোও পাহৰি গ’লে নহ’ব যে এইজন সেইগৰাকী অখিল গগৈয়েই যাৰ এটা আহ্বানত লাখ লাখ খাটি খোৱা কৃষক বনুৱা শ্ৰেণীৰ মানুহ উলাই আহে। সেয়া লাগিলে নদী বান্ধ বিৰোধী আন্দোলনেই হওঁক কিম্বা ভূমিহীন খেতিয়কক মাটি পট্টা দিবৰ বাবে কৰা আন্দোলনেই হওঁক। টেঙানিৰ ভূমি অধিকাৰ আন্দোলন ( যাৰ বিনিময়ত চৰকাৰে বহু সংখ্যক লোকক মাটি পট্টা দিবলৈ বাধ্য হৈছিল ), দূৰ্নীতি বিৰোধী আন্দোলন ( এ পি এস চি ৰ কেলেংকাৰি) , গুৱাহাটীৰ ভূমিহীন লোকৰ আন্দোলন -ইত্যাদি বহুতো কাম অখিল গগৈয়ে কৰিছে যিবোৰ হয়তো অসমৰ ইতিহাসে বহুদিনলৈ জীয়াই ৰাখিব ।
হয়তু অখিল গগৈক লৈ আমাৰেই এচামৰ আৰু বেছি আশা-আকাংক্ষা আছিল যাৰ বাবে বহুতৰে গগৈৰ প্ৰতি মোহভংগও হ’ল । কিন্তু গগৈক সমালোচনাৰে থকা-সৰকা কৰাৰ আগতে আমি নিজকো এবাৰ চিকুটি চোৱা দৰকাৰ -পাৰিছোঁনে আমিবোৰে গাৱে ভূয়েঁ বোকা মাটি খচকি ৰ’দ বৰষুণ একাকাৰ কৰি আৰ্তজনৰ ওচৰত থিয় দিবলৈ? বিখ্যাত বিপ্লৱী চে গোৱেভৰাই কৈ গৈছে - The true revolutionary is guided by a great feeling of love. It is impossible to think of a genuine revolutionary lacking this quality. খাটি খোৱা মানুহৰ প্ৰতি আৱেগ আৰু মৰম নাথাকিলে হয়তু অখিল গগৈ আজি ‘পুলিচ চকীত বান্দৰামী’ কৰিছে বুলি আমি ক’ব সুবিধা নাপালোঁ হয় ; হয়তু তেখেতো শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৰোণাৰ বাবে ‘Home Quarantine’ হৈ থাকিলহেঁতেন-অতি বেছি খোৱা টেবুলত বহি চৰকাৰক গালি পাৰিল হয় কিম্বা বেলকনিত ঠিয় হৈ থালি বজালে হয় । এনেদৰে হয়তু কাৰাগাৰৰ ৰুদ্ধদ্বাৰত ৰুগ্ন শৰীৰেৰে যুজিঁব নালাগিলহেতেনঁ ; বৃদ্ধা মাতৃৰ আচঁল এনেদৰে চকুলোৰে সেমেকিব লগা নহ’লহেতেঁন-হয়তু !!
সময় গতিশীল , এই সময়ো পাৰ হৈ যাব - আৰু প্ৰকৃত দেশপ্ৰেম বা দেশদ্ৰোহৰ আৱিৰো আতঁৰিব । এয়াই কামনা যাতে কোন কেতিয়াও গণতন্ত্ৰত বিশ্বাসী প্ৰতিবাদী সত্তা এইদৰে কেৱল কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলত পোতাশালত বন্দী হৈ থাকিব লগা নহয়। আৰু আশাকৰো অসমীয়া জাতিসত্তাৰ জাতীয় প্ৰশ্নবোৰ পৰি নৰয়, শীতল গৃহৰ কোনোবা কোনত! অসমীয়া জাতিৰ আজিৰ নিৰৱতা, এই শীতলতা সঁচাই আশ্চৰ্যকৰ। প্ৰশ্ন হয়, এয়া যাতে ধুমুহাৰ আগৰ নিস্তব্ধতা নহয়!!!
No comments:
Post a Comment