চিন্তনঃ যুক্তিৰে সমৃদ্ধিৰ আলিবাট গঢ়োঁ আহক ::কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ যুক্তিৰে সমৃদ্ধিৰ আলিবাট গঢ়োঁ আহক  ::কুমাৰ নৱজ্যোতি

চিন্তনঃ যুক্তিৰে সমৃদ্ধিৰ আলিবাট গঢ়োঁ আহক ::কুমাৰ নৱজ্যোতি

Share This
যুক্তিৰে সমৃদ্ধিৰ আলিবাট গঢ়োঁ আহক 
কুমাৰ নৱজ্যোতি
যিসকলে জীৱনত সফলতাৰ স্বপ্ন দেখে আৰু কেৱল স্বপ্নমগ্ন নহৈ সেই স্বপ্ন যুক্তিৰে চালিজাৰি চোৱাৰ প্ৰয়াস কৰে আৰু। সফলতা-বিফলতা যি ৰূপতেই নাহক কিয়, বাস্তৱক হাঁহিমুখেৰে গ্রহণ কৰিব জানে; লগতে ব্যর্থতাক বাৰে বাৰে প্রত্যাহ্বান জনােৱাৰ সাহস কৰে তথা প্ৰতিটো মুহূর্তক অর্থৱহ কৰি তােলাৰ প্রচেষ্টা কৰাৰ মাধ্যমত ব্যক্তিগত তথা সমাজ জীৱনক গঢ়ি তুলিব খােজে, সেইসকলৰ নামত মােৰ এইলানি লেখা উৎসর্গিত। 
কার্যতঃ ব্যক্তিগত জীৱনতেই নহয়, সামাজিক জীৱনতাে যথাসম্ভব যুক্তি অনুশীলন কৰাসকল মােৰ বাবে অধিক শ্রদ্ধেয়। যুক্তিৰ এনে অনুশীলন কৰিবৰ বাবে ব্যক্তি এগৰাকী তথাকথিত উচ্চশিক্ষিত হ'বই লাগিব বুলিও কোনাে কথা নাই। ব্যক্তিগত অভিজ্ঞতাৰেও দেখিছোঁ যে নিৰক্ষৰ ব্যক্তি এগৰাকীয়েও যুক্তিনিষ্ঠ, পৰিশীলিত জীৱন কটোৱাৰ উদাহৰণ থকাৰ বিপৰীতে ‘উচ্চশিক্ষিত', আনকি বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰা ব্যক্তি এগৰাকীয়েও বহু ক্ষেত্ৰত নিজকে যুক্তিনিষ্ঠ কৰি গঢ়ি তােলাৰ প্ৰয়াস নচলায়। একেদিনাই কোনাে এগৰাকী ব্যক্তি হওঁ বুলিলেই সম্পূর্ণ যুক্তিনিষ্ঠ হৈ উঠিব নােৱাৰিব পাৰে। কিন্তু, ক্ৰমশঃ নিজৰ হেঁপাহ আৰু প্রয়াসেৰে নিজকে যুক্তিগত চেতনাৰ গৰাকী কৰি তুলিলে।

সংশ্লিষ্ট ব্যক্তিগৰাকীৰ লগতে সকলােৰে ভাল হ'ব। কিছুমান পৰম্পৰা বা। সংস্থাৰ হয়তােবা আমি অভ্যাসবশতঃ এৰিব পৰা নাই। কিন্তু, যদিহে সেইবােৰে উপকাৰ নকৰিলেও অন্ততঃ অপকাৰ নকৰে; তেনেহ'লে সেইসমূহ সমাজৰ পৰা তৎকালেই আঁতৰাব নােৱাৰিলেও বিশেষ অসুবিধা নিশ্চয় নহ'ব। কিন্তু, যিসমূহ আচাৰ-আচৰণ, তথাকথিত ‘সংস্কাৰ বা অন্ধভাৱে গ্ৰহণ কৰা বিশ্বাসে আমাৰ সমাজখন ৰঘুমলাৰ দৰে ছাটি ধৰি ক্ৰমশঃ অৱনতিৰ দিশলৈ ঠেলি নিছে সেইসমূহ আঁতৰাই সমাজখনক সমৃদ্ধিশালী ৰূপত গঢ়ি তােলাৰ বাবে সকলােৱে, বিশেষকৈ নৱাগত আৰু সমাগত প্রজন্মই আৱেগতকৈ যুক্তিক প্রাধান্য দিবলৈ শিকিবই লাগিব। জীৱনৰ নানা ঘাত-প্রতিঘাতৰ চাকনৈয়াত বহুতৰে স্বপ্ন ভাগি থানবান হয়, ব্যর্থতাৰ বন্যাত উটি-ভাহি যায়। বহুতৰে স্বপ্ন আকৌ চাকনৈয়াৰ অভিজ্ঞতাৰে অধিক সমৃদ্ধ হৈ আগতকৈ সুদৃঢ়হে হয়। স্বপ্নৰ ফুল বােটলাত, জীৱনৰ ৰওঁক আলিংগন কৰাত এনেকৈয়ে কোনােবা সফল হয়; কোনােবা হয়তাে ব্যর্থ হয়। এই সংঘাতক সুমিষ্ট প্রত্যাহ্বান ৰূপে গ্রহণ কৰিব পাৰিলে সফলতা হয়তাে সকলােৰে বাবেই আহিব। হাঁহি আৰু কান্দোন, সুখ আৰু দুখে যে ঠিক আন্ধাৰ আৰু লােহবৰ দৰেই সহাবস্থান কৰে, সেই কথা জীৱন তৃষ্ণাতুৰগৰাকীয়ে বুজিব লাগিব। জীৱনক গ্ৰহণ কৰাৰ সুতীব্র স্পৃহাই যিমানেই বাধা নাথাকক, মই সফল হমেই' অথবা ৰাতি যিমানেই গভীৰ নহওঁক, পুৱাবই' জাতীয় মনােভাব এটাৰ জন্ম দিয়ে। জীৱনৰ ৰং হেৰাই যােৱা যেন অনুভৱ হ'লেও যথার্থতে জীয়াই থাকিব জনা লােক কেতিয়াও হতাশ নহয়, আগতকৈও অধিক উজ্জ্বল ৰঙেৰে জীৱনক ন-ন ৰূপত সজাই তােলাৰ কামতহে ব্রতী হয়।

এনে যােগাত্মক চিন্তা-চৰ্চা তথা ইয়াক কার্যকৰী কৰাৰ বাস্তৱ | প্রয়াস আৰু সফলতা পর্যন্ত থাকিবলগীয়া ধৈর্য আদি কথাবােৰ আত্মস্থ কৰিব। পাৰিলেই ব্যক্তি এগৰাকী সাধাৰণতে সফল হ'ব পাৰে। আন এটা গুরুত্বপূর্ণ। কথা হ'ল, কেতিয়াবা কিবা ‘ভুল’ সংঘটিত হলেও, সেই ‘ভুল’ৰ বাবেই থমকি নৰৈ তেনে ভুলৰ বাস্তৱ পর্যালােচনাৰে তেনে ভুল কিয় হল, কিদৰে তেনে ‘ভুল’সমাগত সময়ত নকৰাকৈ থাকিব পাৰি; সেই সম্পর্কীয় সমাধানসূত্র বিচাৰি উলিয়াই ‘ভুল’টোক ভবিষ্যতৰ বাবে ‘ফুললৈ পৰিৱৰ্তন কৰিব পৰাতেই লুকাই থাকে প্রকৃত জীৱন-প্রয়াসীৰ সাফল্য। এই কথাবােৰ ব্যক্তি জীৱনৰ স্বাস্থ্য, অধ্যয়ন, কর্মসংস্থান, সাংসাৰিক জীৱন আদিৰ লগতে সমাজ জীৱনতাে খুবেই গুৰুত্বপূৰ্ণ। জীৱনৰ খলা-বমা পথত, সেইগৰাকী ব্যক্তিয়েই সফল বুলি স্বীকৃত হ'ব পাৰে; যিগৰাকীয়ে বিভিন্ন প্রত্যাহ্বান নেওচিও নিজৰ স্বপ্ন প্রাপ্তিৰ বাবে, সাফল্যৰ ফুলপাহি আঁজুৰি আনিবৰ বাবে দৃঢ় সংকল্পবদ্ধ।

আমি সকলােৱে যদি কেরল ব্যক্তি জীৱনতেই নহয়, সামাজিক জীৱনতাে কেৱল আৱেগক গুৰুত্ব নিদি যুক্তিক প্রাধান্য দিবলৈ শিকো, নিশ্চিতভাবে আমাৰ সমাজখন আৰু ক্ৰমশঃ বিভিন্ন সমস্যাৰে আক্রান্ত হােৱা জাতিটোও সমৃদ্ধ হ'ব বুলি মই ভাবো। আৱেগ আমাক লাগিব। কিন্তু, যুক্তিৰ অনুশীলনে আমাৰ জাতিটোৰ নিজৰ মাজতে থকা অসূয়া-অপ্রীতি তথা অবিশ্বাস-সংশয়ৰ দুৰ্ভাৱনাৰবাৰাে ক্ৰমশঃ আঁতৰ কৰিব বুলি মই প্রত্যয়শীল। গণমাধ্যমৰ বিশাল সম্প্ৰসাৰণৰ দিনত এই যুক্তিৰ অনুশীলনে আমাক বহু পৰিমাণে সংযত কৰি তুলিব বুলিও মই আশাবাদী। প্রিয় পাঠক, যুক্তিৰ আধাৰত চৌপাশৰ সমাজ-জীৱনৰ বৰ্ণিল সংঘটনসমূহৰ যােগাত্মক দিশবােৰৰ অৱলােকনেৰে লিখিবলৈ লােৱা লেখালানিৰ পাঠক হিচাপে আপােনাৰ সঁহাৰি বিচাৰিছোঁ।
লেখকৰ ম'বাইলঃ ৯৮৫৪৪-৩১৮৬৮

No comments:

Post a Comment