বছৰৰ এইখিনি সময়ত যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলায় তেতিয়া স্থান পোৱাসকলক লৈ অনাবশ্যক বাগড়াম্বৰ হোৱা পৰিলক্ষিত হয়। কোনো কোনোয়ে কব খোজে যে এই ব্যৱস্থাটো বেয়া । ই স্থান নোপোৱাসকলক হতাশাগ্ৰস্ত কৰে আৰু কমবয়সীয়া লৰাছোৱালীবোৰক মানসিক চাপত পেলায়। এনেধৰণৰ আলোচনাবোৰত স্থানপ্ৰাপ্তসকলকো অকাৰণত সমালোচনাৰে থকাসৰকা কৰা দেখা যায় । এনেদৰেও কোনোবাই কব খোজে যে স্থানপ্ৰাপ্তসকলৰ দ্বাৰা কেতিয়াও দেশৰ বা দহৰ কোনো মংগল সাধন হোৱা নাই বা স্থানপ্ৰাপ্তসকল পিছলৈ সাধাৰণতে অসফল হয়। অবশ্যে 'সফলতা'ৰ মাপকাঠিও এইক্ষেত্ৰত জনা নেযায় । এইক্ষেত্ৰত আমাৰ ওচৰত যোৱা পঞ্চাশবছৰৰ বস্তুনিষ্ঠ অধ্যয়নগত তথ্যও নাই যে স্থানপ্ৰাপ্তসকল পিছতনো কি হল বা কলৈ গল আমি পৰিষ্কাৰকৈ কব পাৰো। এইবিষয়ে গৱেষণাৰ থল এটা সদায় আছে। কিন্তু এইক্ষেত্ৰত বেলেগ কিছুমান কথাহে কব খুজিছো।
সকলো ইতিবাচক মানৱীয় উদ্যমৰ অত্নৰালত মহৎ আৰু মহত্তৰ অনুপ্ৰেৰণাবোৰৰ যাদুকৰী আৰু সন্মোহনী চালিকা শক্তিয়ে এক অলৌকিক আৰু অদ্ভূত পৰমাৰ্থিক প্ৰভাৱ স্বৰূপ হৈ আমাৰ সমগ্ৰ সত্বাক উদ্বুদ্ধ কৰি আমাক অতিমানৱীয় কৰ্মক্ষমতা আৰু পাৰদৰ্শিতা অৰ্জনত সহায় কৰে । সেই পাৰদৰ্শিতাৰ আহ্বানে যদি কোনোবা টেনজিঙক কেতিয়াবা সুউচ্চ এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ উদ্গণি জনাইছে , তেন্তে আন কোনোবা নীল আৰ্মষ্ট্ৰঙক চন্দ্ৰত প্ৰথমটো মানৱ খোজ দিবলৈ অনুপ্ৰেৰণা যোগাইছে। পৰীক্ষাত প্ৰথম বা দ্বিতীয় স্থান হবলৈ চেষ্টাশীল হোৱা বা এশৰ ভিতৰত এশ নম্বৰ পাবলৈ ঐকান্তিকভাৱে যত্ন কৰাৰ মাজত মানসিক চাপৰ প্ৰসংগটোক টানি আজুৰি অনা কথাটোক মহাপুৰুষ শংকৰদেৱৰ ভাষাত ‘বিপৰীত বুদ্ধি’ বুলিয়েই কব লাগিব। পৰীক্ষাত প্ৰথম দহজনৰ মাজত থকাৰ লক্ষ্য ঠিক কৰা প্ৰচেষ্টাবোৰৰ মাজত সদা-অগ্ৰগতিকামী প্ৰগতিশীল আৰু পৰিপক্কতাপ্ৰয়াসী মানৱৰ চিৰন্তন উদ্দীপনাকহে বিচাৰি পোৱা যায়। এনেধৰণৰ হতাশাগ্ৰস্ত নেতিবাচক চিন্তাৰ সোঁতেৰে আগৱাঢ়িলে আমি হয়তো এদিন অলিম্পিক ক্ৰীড়াতো কোনো প্ৰথম বা দ্বিতীয় স্থান নৰখাৰ দৰে অবান্তৰ যুক্তি আগৱঢ়াম। এই প্ৰথম বা দ্বিতীয় স্থানবোৰ কিছুমান অনুপ্ৰেৰণাময় প্ৰতীক যিবোৰে আমাক পাঠ্যবস্তুক বস্তুনিষ্ঠভাৱে অধ্যয়ণ কৰি তৃতীয় বিভাগৰ পৰা দ্বিতীয় বিভাগ আাৰু দ্বিতীয় বিভাগৰপৰা প্ৰথম বিভাগলৈ উত্তৰণ ঘটোৱাতো পৰোক্ষ ভাৱে সহায় কৰে। প্ৰথম দহোটা স্থানৰ আমন্ত্ৰণৰ প্ৰৰোচণাই বহুতকে অধ্যয়ন-সাধনাত ব্ৰতী কৰে আৰু এই স্থানসমূহৰ অৱলুপ্তিয়ে তেনে প্ৰেৰণাৰ অৱসান ঘটাব।
ইফালে যিসকলে মাত্ৰ কেইটামান নম্বৰৰ কাৰণে স্থান নেপালে তেওঁলোক বা যিসকলে ঈপ্সিত প্ৰথম বিভাগৰ সলনি দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ পালে তেওঁলোকো হতাশ হোৱা অনুচিত। অলিম্পিকত পদক নোপোৱাজন যেনেকৈ বেয়া নহয় তেওঁলোকেও তেনেকৈ কথাটো লৈ ভৱিষ্যতে ভুল ত্ৰুটিৰ সংশোধন ঘটাই দুগুণ উৎসাহেৰে জীবনৰ আচল যুদ্ধক্ষেত্ৰলৈ অগ্ৰসৰ হোৱা উচিত। এই আপাত ব্যৰ্থতাই তেওঁলোকক উচ্চ মাধ্যমিক বা তাৰ পিছৰ পৰীক্ষাবোৰলৈ বেছিকৈ জেদী কৰিহে তুলিব যদিহে যুজাৰু মনোভাবৰে কথাবোৰ লোৱা হয়। মেট্ৰিক মাত্ৰ এটা আৰম্ভণিহে। মেট্ৰিকতে সকলো শেষ নহয়। বহুত ক্ষেত্ৰত দেখা যায় যে আজি যিসকলে প্ৰথম দহোটা স্থান পোৱা নাই তেওঁলোকে আশাসুধীয়া প্ৰচেষ্টাৰ বলত আজিৰ স্থান পোৱা সকলতকৈ পৰবৰ্তী জীৱনত বেছিকৈহে সফল বুলি পৰিগণিত হৈছে। আমাৰ মনোভাৱলৈ ইতিবাচকতা অনাটোহে বেছি প্ৰয়োজনীয় । কিন্তু এইটোও সত্য যে স্থানপ্ৰাপ্তিৰ সন্মুখ-লক্ষ্যই কিছুমান ছাত্ৰক উদ্বুদ্ধ কৰে আৰু কঠোৰ শ্ৰমেৰে তাত উপনীত হবলৈ প্ৰেৰণা দিয়ে। স্থানসমুহ প্ৰেৰণাদায়ক লক্ষ্যহে মাত্ৰ যি ছাত্ৰ এজনৰ মাজত সুপ্ত হৈ থকা সৰ্বোৎকৃষ্টখিনিক উলিয়াই অনাত সহায় কৰে। এই লক্ষ্যবোৰ মানব উত্তৰণৰ প্ৰতীকহে মাত্ৰ । লক্ষ্যত উপনীত হব নোৱাৰিলেই হতাশাগ্ৰস্ত হৈ হীনমন্যতাত ভোগাৰো কোনো কাৰণ নাই । মানব জাতিলৈ যুগান্তকাৰী অবদান যোগোৱা সৰহসংখ্যকেই শ্ৰেণীত বা বিশ্ববিদ্যালয়ত স্থানপ্ৰাপ্ত ছাত্ৰ নাছিল বুলি কলে বোধকৰো সত্যৰ অপলাপ নহয় ।
কিন্তু যিসকলে কঠোৰ শ্ৰমেৰে আজি স্থান লাভ কৰিছে তেওঁলোকৰ বৰ্তমানৰ সফলতাক স্বীকৃতি নিদিয়াটোও একপ্ৰকাৰৰ নঞৰ্থকতা। তেওঁলোক মাত্ৰ আজিৰ সন্মানখিনিত অতিশয় আত্মবিশ্বাসী হৈ আত্মহাৰা হোৱা অনুচিত । অভিনন্দনৰ বন্যাত ( আজিৰপৰা ত্ৰিশ চল্লিশ বছৰৰ আগতেও স্থানপ্ৰাপ্ত দহজনক যথেষ্ট সন্মান দিয়া হৈছিল কিন্তু এতিয়াৰ দৰে মাত্ৰাধিক উখলমাখলৰ আতিশয্য নাছিল । প্ৰান্তিকত অকল ল'ৰাৰ প্ৰথমজন আৰু ছোৱালীৰ প্ৰথম গৰাকীৰ সাক্ষাৎকাৰ প্ৰকাশ হৈছিল । উদগণিমূলকভাবে মৌচাকত প্ৰথম দহজনৰ বিষয়ে চুটিকৈ ওলাইছিল । টেষ্ট পেপাৰবোৰত প্ৰতিটো বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱাজনৰ নাম প্ৰকাশ পাইছিল। অবশ্যে আছুৰ কেন্দ্ৰীয় সম্বৰ্দ্ধনাৰ নিয়মটো তেতিয়াও আছিল। অত্যাধিক আড়ম্বৰবোৰ নাছিল। এইচ্ এম্ টি কোম্পানীয়ে প্ৰথম তিনিজনক এটাকৈ হাতঘড়ী দিছিল ) স্থানপ্ৰাপ্তসকলে জীৱনৰ আগন্তুক মূল লক্ষ্যৰপৰা বিচ্যুত হৈ উটি ভাঁহি যাব নেলাগে। খোজ ভূমিত থাকিব লাগিব ।
সমস্যাটো স্থানপ্ৰাপ্তিত, স্থানপ্ৰাপ্তসকলত বা স্থানপ্ৰদান কৰা ব্যৱস্থাটোত নাই। সমস্যাটো সৃষ্টি কৰিছে আমাৰ মানে চৌপাশৰ মানুহবোৰৰ দৃষ্টিভংগীয়েহে যি এই ব্যৱস্থাটোৰ লগত অকাৰণত জিকাহৰাৰ ধাৰণা এটাৰ সৃষ্টি কৰিছে । সমস্যাৰ সৃষ্টি সেই পৰিপ্ৰেক্ষিততাইহে কৰে যিটোৰে আমি স্থান পোৱা নোপোৱাটোক চাব খোজো। স্থানবোৰ প্ৰতীকহে মাত্ৰ । জিকা হৰা বুলি কিয় ধৰিব লাগে? জীৱন নামৰ দীঘলীয়া যাত্ৰাত এইবোৰ ক্ষন্তেকীয়া মাইলৰ খুঁটিহে মাত্ৰ। মাইলৰ খুঁটিবোৰ থাকিবই আগুৱাবলৈ । সেইবোৰ উঘালিব নেলাগে। এইবোৰে আমাক পৰিপক্কতা আৰু পৰিপূৰ্ণতা অৰ্জনৰ বাবে বা উৎকৰ্ষ সাধনৰ বাবে উৎসাহ যোগায়। জীৱনত এখন ৰণত হাৰিলেই যুদ্ধৰ অৱসান নঘটে। ৰণৰ অভিজ্ঞতাই যুদ্ধলৈ সাজুহে কৰে। জীৱন যুঁজৰ এইয়া আৰম্ভণি মাত্ৰ।
লেখক অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ তথা সহযোগী অধ্যাপক। তেখেতো যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিকত অসমৰ ভিতৰতে স্থানপ্ৰাপ্ত ছাত্ৰ আছিল।
No comments:
Post a Comment