GLENMARK য়ে উলিয়ালে কোভিড-১৯ৰ ঔষধ
ক'ৰোনা অতিমাৰীৰ মাজতে আহিছে এটি ভাল খবৰ। যদিও ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ এতিয়াও কোনো ভেকচিন বজাৰলৈ ওলোৱা নাই। কিন্তু আজি GLENMARK ফাৰ্মাচিটিকেলচ নামৰ ঔষধ কোম্পানীটোৱে ঘোষণা কৰা মতে, তেওঁলোকে এণ্টি-ভাইৰেল ড্ৰাগ FAVIPIRAVIR ক FABIFLU নামৰ ব্ৰেণ্ড নেমৰ জৰিয়তে বজাৰলৈ মুকলি কৰিছে। ইয়াৰ দ্বাৰা কোভিড-১৯ৰ 'Mild to Moderate' লক্ষণ দেখা দিয়া ৰোগী সকলক চিকিতসা কৰিব পৰা যাব।
মুম্বাইৰ কোম্পানীটোৱে কালি ভাৰতৰ ড্ৰাগ কন্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)ৰ পৰা এই দৰৱৰ মেনুফেক্সাৰিং আৰু মাৰ্কেটিংৰ বাবে অনুমতি প্ৰাপ্ত কৰিছে। FABIFLU য়েই হৈছে প্ৰথম মুখেৰে খোৱা FAVIPIRAVIR ৰ অনুমোদিত দৰৱ, যাৰ দ্বাৰা কোভিড-১৯ৰ ৰোগীৰ চিকিতসা কৰাটো সম্ভৱ হব। কোম্পানীটোৰ চেয়াৰমেন তথা মেনেজিঙ ডাইৰেক্টৰে প্ৰকাশ কৰা মতে- যিটো সময়ত দেশত কোভিড-১৯ৰ ৰোগীৰ সংখ্যা অতিমাত্ৰাত বৃদ্ধি হৈছে। এই দৰৱে ৰোগী সকলক নিৰাময় দিয়াৰ ক্ষেত্ৰত অতিশয় কামত আহিব। আশা কৰা হৈছে যে ভাৰতীয় কোম্পানীৰ এই দৰৱে এই অতিমাৰীৰ মাজত এক আশাৰ ৰেঙনি হৈ দেখা দিব। এই বাতৰি ইকনমিক টাইমছে প্ৰকাশ কৰিছে।
শেহতীয়াকৈ, প্ৰতিটো দৰৱৰ দাম ১০৩ টকা নিৰ্ধাৰিত হোৱা বুলিও দ্য হিন্দু কাকতত প্ৰকাশ পাইছে।

No comments:
Post a Comment