স্বাস্থ্য-কথাঃ ক'ভিড-১৯ ৰ চিকিৎসাত আমি কিমান আগবাঢ়িছোঁ? :: ডা° ৰিফাত মান্নান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্য-কথাঃ ক'ভিড-১৯ ৰ চিকিৎসাত আমি কিমান আগবাঢ়িছোঁ? :: ডা° ৰিফাত মান্নান

স্বাস্থ্য-কথাঃ ক'ভিড-১৯ ৰ চিকিৎসাত আমি কিমান আগবাঢ়িছোঁ? :: ডা° ৰিফাত মান্নান

Share This
ক'ভিড-১৯ ৰ চিকিৎসাত আমি কিমান আগবাঢ়িছোঁ? 
ডা° ৰিফাত মান্নান
ক'ভিড-১৯-এ সমগ্র বিশ্বতে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। দ্বিতীয় মহাসমৰৰ পাছত মানৱ সমাজে প্রত্যক্ষ কৰা ই এক অন্যতম প্রত্যাহ্বান বুলি ক'লেও নিশ্চয় বঢ়াই কোৱা নহ'ব। সেই দৃষ্টিভংগীৰে ক’ভিড-১৯-ক তৃতীয় মহাসমৰ হিচাপেও আখ্যা দিব পাৰি!
কর্মসূত্ৰে এজন চিকিৎসক হিচাপে প্ৰথমৰে পৰাই ক’ভিড-১৯ৰ সমৰক্ষেত্ৰৰ আগশাৰীত থাকিবলগীয়া হৈছে। মার্চ মাহৰ পৰা আজি তিনি মাহেই হ’ল। আমেৰিকাত যিহেতু কৰনাৰ প্রাদুর্ভাৱ বেছি, সেয়ে সন্মুখৰ পৰাই এই বিভীষিকাৰ তাণ্ডৱ লীলা দেখিবলৈ পাইছাে আৰু বহুখিনি কথা হৃদয়ংগম কৰিব পাৰিছোঁ। চিকিৎসক হিচাপে মই পেথলজী বিভাগৰ বিশেষজ্ঞ। সঠিককৈ ৰােগৰ কাৰণ নিৰূপণ কৰাটো মােৰ প্রধান কর্তব্য। পেথ’লজী বুলি কলেই আমাৰ সততে মনলৈ আহে তেজ, প্রস্রাৱ আদিৰ পৰীক্ষাৰ কথা। তদুপৰি আমি সকলােৱেই পেথলজী ৰিপৰ্টটোহে চিনি পাওঁ। ৰিপ'ৰ্টটো যুগুতােৱা ব্যক্তিজনৰ কথা সাধাৰণতে মনলৈ নাহে। বহু সময়ত ৰিপ'ৰ্টৰ আঁৰত লুকাই থকা ব্যক্তিজনে নানা পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে এটা অন্তিম ৰিপৰ্ট তৈয়াৰ কৰে আৰু এনে ৰিপর্টে ৰােগীৰ শুদ্ধ চিকিৎসা নিৰূপণ তথা প্রদান কৰাত বিশেষ ভূমিকা পালন কৰে। 

ক’ভিড-১৯ আৰু পৰিসংখ্যাৰ যেন এক ওতঃপ্রােত সম্বন্ধ আছে। কথাটো অলপ চিন্তনীয়। আমি সচৰাচৰ পঢ়িবলৈ পাওঁ কৰ’না ভাইৰাছৰ বিভিন্ন সাংখ্যিক বিশ্লেষণ ও কিমানসংখ্যক ক’ভিড পজিটিভ, কিমানসংখ্যক মৃত, কিমান শতাংশ মৃত, কিমানসংখ্যক বৃদ্ধ বা যুৱক আক্রান্ত হৈছে, তাৰে কিমান শতাংশ মৃত, প্রতিদিনে কিমানসংখ্যক নতুন ৰােগী ধৰা পৰিছে, প্রতিদিনে মৃত্যুৰ সংখ্যা কিমান, কোনখন দেশত কিমানসংখ্যক ৰােগী...ইত্যাদি। সংখ্যাৰ কথা নক'লে যেন মহামাৰীটোৰ বিষয়ে একো ব্যাখ্যাই সম্ভৱ নহয় এনে এটা ভাবাে হয়। এই সন্দৰ্ভত ২৪ মে'ত The New York Times প্রকাশিত এটা মর্মান্তিক তথা তাৎপর্যপূর্ণ লেখাৰ কথা উনুকিয়াব খুজিছে। "US DEATHS NEAR 100,000, AN INCALCULABLE LOSS" 43 লেখাটোত আমেৰিকাত ক’ভিড-১৯-ত মৃত্যু হােৱা ১০০০ লােকৰ নাম আৰু ঠিকনা সন্নিৱিষ্ট কৰা হৈছে। লগতে এইবুলিও লিখা হৈছিল, "They were not simply Names on a list. They were US. কথাটো ভাবিলগীয়া— এই এহাজাৰ মাথোঁ এটা সংখ্যা নহয়; এয়া এহাজাৰজন লােক কাৰােবাৰ বাবে পিতৃ-মাতৃ, ভগ্নী-ভ্রাতৃ, পত্নী-পতি.... সেই পৰিয়ালটোৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁলােকৰ বাবে ক’ভিড-১৯ এক অভিশাপ। সামাজিক দূৰত্ব ৰক্ষাৰ খাতিৰত বহুতেই হয়তাে প্রিয়জনৰ শেষ কর্মতাে উপস্থিত থকাৰ সুবিধা নাপালে।

সম্প্রতি সকলােৱে সততে শুনি থকা এটা শব্দ ‘টেষ্টিং হৈছে নে নাই, কিমান টেষ্ট কৰা হ’ল’, ‘কিমান টেষ্ট পজিটিভ বা নিগেটিভ হ’ল’, ‘কোনখন দেশে কিমান টেষ্ট কৰিলে, “টেষ্টৰ ৰিপৰ্ট কিমান দিনত পােৱা যায়, .... ইত্যাদি অন্তহীন চর্চা। বিশ্বজুৰি প্ৰায়বােৰ দেশতে টেষ্টিক কৰ’না ভাইৰাছৰ বিৰুদ্ধে সমৰৰ অন্যতম অস্ত্র হিচাপে গণ্য কৰা হৈছে। এই ক্ষেত্ৰত ভাৰতবর্ষ তথা অসমাে পিছ পৰি থকা নাই। এইটো সহজেই অনুমেয় যে টেষ্ট কৰিলেহে কৰনা আক্রান্ত ৰােগী এজনক চিনাক্ত কৰিব পাৰি। আকৌ তেতিয়াহে সেই ৰােগীজনৰ সংস্পৰ্শলৈ অহা আন লােককো চিনাক্ত কৰি টেষ্ট কৰিব পৰা যায়। ফলত কৰনা ভাইৰাছৰ সকলাে টেষ্টিং পেথলজী লেবৰেটৰীত সম্পন্ন হয়। গতিকে ইয়াৰ আঁৰত আছে এজন পেথলজিষ্ট তথা লেবৰেটৰীত কৰ্মৰত আন লােক। কিন্তু পেথল'জিষ্টজনৰ দায়িত্ব কেৱল টেষ্টৰ ৰিপৰ্ট দিয়াতে সীমিত নাথাকে। ৰােগীৰ পৰা কেনেকৈ নমুনা সংগ্রহ কৰিব লাগিব, টেষ্টটো ভুল নােহােৱাকৈ সম্পন্ন কৰিব লাগিব, কেনেকৈ শুদ্ধ ফলাফল কম সময়ৰ ভিতৰতে দিব পৰা যাব— এই সকলাে কামৰ দায়িত্ব এজন পেথলজিষ্টৰ ওপৰতে ন্যস্ত থাকে। ক'ৰনা ভাইৰাছৰ টেষ্ট নানা প্রকাৰৰ হ’ব পাৰে যেনে antibody test, PCR test ইত্যাদি। কোনটো টেষ্ট কৰিলে বেছি ভাল ফল আশা কৰিব পাৰি, কেতিয়া কৰিলে ভাল হ’ব সেই কথাও পেথলজিষ্টজনেই নির্ধাৰণ কৰিব লাগিব। 

মৃতদেহত সম্পন্ন কৰা মৰণােত্তৰ পৰীক্ষাৰ এটা অতি গুৰুত্বপূর্ণ ভূমিকা আছে। এই পৰীক্ষাৰ দ্বাৰা মৃত্যুৰ কাৰণ জানিব পৰা যায়। তাতােকৈ গুৰুত্বপূৰ্ণ কথা যে, দেহৰ কোনটো অংগ বেছিকৈ ক্ষতিগ্রস্ত হৈছে বা কোনটো অংগত কেনে ধৰণে প্ৰভাৱ পৰিছে সেয়াও মৰণােত্তৰ পৰীক্ষাৰ পৰা নিৰ্ধাৰণ কৰিব পাৰি। যিহেতু ক’ভিড-১৯ এটা নতুন ৰােগ, এনে ধৰণৰ তথ্যবােৰ অতি প্রয়ােজনীয়। এই তথ্যবােৰৰ ওপৰত ভিত্তি কৰি চিকিৎসক তথা বিজ্ঞানীসকলে ভৱিষ্যতে কেনে চিকিৎসা কৰিলে সফল হ’ব পৰা যাব সেই বিষয়ে গৱেষণা কৰিব পাৰে বা চিন্তা-চৰ্চা কৰিব পাৰে। এই মৰণােত্তৰ পৰীক্ষা সম্পন্ন কৰা ব্যক্তিজনাে হ’ল এজন পেথলজিষ্ট। বহু সময়ত পেথলজিষ্টসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি থকা বিপদ আওকাণ কৰিও মৰণােত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ কুণ্ঠাবােধ কৰা নাই।

আন এটা সততে চকুত নপৰা দিশ হৈছে ‘প্লাজমা থেৰাপী। আমি এই শব্দটোও প্ৰচাৰ। মাধ্যমত মাজে-সময়ে শুনিবলৈ পাইছাে। প্লাজমা হৈছে মানৱ ৰক্তৰ ৰংবিহীন জুলীয়া অংশ, যত এন্টিবডিকে ধৰি বিভিন্ন প্রটিন জাতীয় পদার্থবােৰ থাকে। কোনাে বীজাণুৱে শৰীৰক আক্রমণ কৰিলে তাক প্রতিহত কৰিবলৈ দেহত এন্টিবডি প্রস্তুত হয় আৰু সেয়া প্লাজমাত ঘনীভূত হৈ থাকে। কৰ’না ভাইৰাছৰ পৰা আক্ৰান্ত হৈ ৰােগমুক্ত হােৱা ব্যক্তি এজনৰ প্লাজমা যদি এজন নতুন ৰােগীৰ শৰীৰত বেজীৰে সুমুৱাই দিব পৰা যায়, তেতিয়া সেই পুৰনা ৰােগীজনৰ এন্টিবডিবােৰে নতুন ৰােগীজনৰ শৰীৰত ভাইৰাছক আক্রমণ কৰাত সহায় কৰিব পাৰে। প্লাজমা থেৰাপীৰ লগত জড়িত এই সকলােখিনি কামাে কৰে এজন পেথলজিষ্টে। কৰনা ভাইৰাছৰ বিৰুদ্ধে এই বিশ্বজুৰি চলি থকা মহাসমৰত পেথলজিষ্টৰ ভূমিকা ইমানতেই সীমাৱদ্ধ হৈ থকা নাই।

বিশ্বৰ বহু দেশত দুর্যোগৰ এই সময়ত চিকিৎসক অভাৱ হ'লে পেথলজিষ্টসকলেও ৰােগীক প্রত্যক্ষভাৱে চিকিৎসা কৰিছে। আনকি প্রতিজন ৰােগীৰ স্বাস্থ্যৰ খবৰ সংগ্ৰহ কৰি পৰিয়ালৰ লােককো জনাই পৰিয়ালসমূহৰ মাজত বার্তাবাহকৰাে কাম কৰিছে। কৰনাৰ পৃথিৱীখন বিশ্ব মানৱৰ বাবে এতিয়াও এক অচিন সাঁথৰ হৈয়ে আছে। আমি সকলাে আশাবাদী! এই সমৰত শেষ জয় মানৱজাতিৰেই হ'ব। কিন্তু সেয়া বাস্তৱায়িত নােহােৱা পর্যন্ত আমাৰ প্রত্যেকৰে এয়া প্রধান দায়িত্ব কেনেকৈ আমি অত্যধিক সচেতনতা আৰু সাৱধানতা অৱলম্বন কৰি নিজক আৰু প্রিয়জনৰ লগতে ওচৰ-চুবুৰীয়া, সমাজখনকো ক'না ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰাে। আমি ক’ভিড-১৯ এক পৰিসংখ্যা বুলি গণ্য নকৰি প্ৰতিজন ৰােগীক একো একোজন ব্যক্তি আৰু প্ৰতিজন মৃতকক এটা সংখ্যাতীত অপূৰণীয় মানৱ জীৱনৰ ক্ষতি বুলি ভাবিবলৈ চেষ্টা কৰিব লাগিব।
(লেখক আমেৰিকাৰ পেনচিলভেনীয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক) ই-মেইল : rifatmannan313@gmail.com, লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতিমৰ্মে ইউনিকডত পুনৰ প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment