ৰূপালী পৰ্দাঃ ব্যৱস্থাৰ সলনিক দৰ্শোৱা ইৰফান খানৰ তিনিখন ছবি ::মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ ব্যৱস্থাৰ সলনিক দৰ্শোৱা  ইৰফান খানৰ তিনিখন ছবি ::মণিকংকনা দাস

ৰূপালী পৰ্দাঃ ব্যৱস্থাৰ সলনিক দৰ্শোৱা ইৰফান খানৰ তিনিখন ছবি ::মণিকংকনা দাস

Share This
 যশ-খ্যাতি আৰু কীৰ্তিৰে খুব কম বয়সতে কেৰিয়াৰৰ উচ্চ শিখৰ আৰোহণ কৰা এগৰাকী হৃদৰোগৰ চিকিৎসক৷ নিজৰ পথত আগুৱাই যাবলৈ লক্ষ্য স্থিৰ আৰু দৃঢ় সংকল্পৱদ্ধ৷ কণমানি কন্যা সন্তান আৰু পত্নীৰে সুখী সাংসাৰিক জীৱন৷ কিন্তু এদিন হঠাৎ যেন এই সকলোবোৰ সুখ-সমৃদ্ধিত বিধাতাৰ কোপ দৃষ্টি পৰিল৷ চিকিৎসাৰ ক্ষেত্ৰখনত চৰম প্ৰাপ্তি হিচাপে বিশেষ পুৰষ্কাৰ এটি লাভ কৰাৰ দিনটোতে অপহৰণ হ'ল তেওঁৰ সন্তানটি৷ এই অপহৰণ কাণ্ডৰ আঁৰত আছিল এহাল দম্পত্তি৷ প্ৰথমে ধনৰ দাবী৷ সেইখিনি যোগাৰ হোৱাৰ পাছত পুনৰ অধিক ধনৰ দাবীৰে অপহৰণকাৰীয়ে ৰং চাবলৈ ধৰিলে চিকিৎসকজনৰ অসহায় অৱস্থাৰ৷ আৰু এক বিশেষ মুহূৰ্তত সেই সমস্ত ধন লৈ নোহোৱা হ'ল অপহৰণকাৰী৷

এতিয়া বিশ্বমহামাৰীৰ সময়, সকলো স্তব্ধ৷ আমাৰ দেশতো গৃহবন্দী মানুহ, স্থবিৰ জনজীৱন৷ লকডাউনৰ মাজতে এদিন অগা-পিছাকৈ অহা বলীউডৰ দুটাকৈ বেয়া খবৰে শোকস্তব্ধ কৰে দেশবাসীক৷ এপ্ৰিলৰ শেষৰ দিন দুটাত অহা বলীউডৰ জনপ্ৰিয় তথা সুদক্ষ অভিনেতা ইৰফান খান আৰু ঋষি কাপুৰৰ মৃত্যুৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছে৷ ইৰফান খানৰ অকাল মৃত্যুৰ খবৰত অতিকৈ ব্যথিত হৈছিলোঁ আমিও৷ সিদিনা নিশা ইৰফান খানে অভিনয় কৰা এখন পুৰণি ছবি খুঁচৰি উলিয়াই সেইখনকে চাবলৈ ল'লো৷ নাম- 'ডেডলাইন : ছিৰ্ফ ২৪ ঘন্টে'৷ লিখনিৰ আৰম্ভণিতে উনুকিওৱা চিকিৎসকৰ কাহিনীটো এই ছবিখনৰে এটুকুৰা৷ ছবিখনত অপহৰণকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খানে৷ আনহাতে, চিকিৎসকৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে কংকনা সেন শৰ্মাই৷ এক কথাত ছবিখন উপভোগ কৰি আলোড়িত হ'লো৷ চিকিৎসা সেৱাক ব্যৱসায়লৈ পৰ্যৱসিত কৰা চিকিৎসকসকললৈ এটি সৱল বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে ছবিখনৰ জৰিয়তে৷ চিকিৎসকৰ ধনৰ লোভ আৰু ব্যক্তিগত চিকিৎসাখণ্ডৰ জঘন্য বেপাৰৰ বাবে সেই অপহৰণকাৰী দম্পত্তিয়ে চিৰদিনলৈ হেৰুৱাইছিল তেওঁলোকৰ একমাত্ৰ সন্তানটিক৷ পৰিণতিত তেওঁলোক হৈ উঠিছিল বিদ্ৰোহী৷ সমাজত ভব্য-গব্য চিকিৎসকজনক নিজৰ কৰ্মফল সোঁৱৰাই এশিকনী দিবলৈয়ে তেওঁৰ সন্তানটিক অপহৰণ কৰিছিল সেই দূৰ্ভগীয়া দম্পত্তিয়ে৷ 

মহামাৰীৰ এই সময়চোৱাত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি কৰ্তব্য পালন কৰিছে চিকিৎসকসকলে৷ নিজৰ জীৱনক তুচ্ছ কৰি তেখেতসকলে একনিষ্ঠভাৱে কাম কৰি গৈছে৷ চিকিৎসকৰ এনে উৎসৰ্গিত মনোভাৱৰ বাবেই চিকিৎসা বৃত্তিক  মহান বৃত্তি আৰু চিকিৎসকক ভগৱান বুলি গণ্য কৰা হয়৷ যি বৃত্তিৰ আন একোৰে সৈতে তুলনা নহয়৷ তাৰ বিপৰীতে এই কথাও সঁচা যে আজিৰ ব্যক্তিগত চিকিৎসাখণ্ডৰ বাণিজ্য বিস্তাৰৰ বাবে এচাম চিকিৎসকে পাহৰি পেলায় নিজৰ বৃত্তিৰ প্ৰতি সেৱাৰ মনোভাৱ৷ উপৰোক্ত ছবিখনে সেই বাৰ্তাই বহন কৰিছে৷ চিকিৎসা বৃত্তিক কিয় 'মহান বৃত্তি' বুলি কোৱা হয়, সেই কথা ছবিখনত খুব সাৱলীলভাৱে দাঙি ধৰা হৈছে৷ 

সাধাৰণ পৰিয়াল এটাৰ পৰা আহি নিজৰ পৰিচয় গঢ়া ইৰফান খানে অভিনয় কৰা প্ৰতিখন ছবিয়ে দৰ্শকক অনন্য আমেজ দিয়ে, নতুন চিন্তাৰ খোৰাক দিয়ে৷ নিৰ্বাচিত কিছুমান ছবিতহে কাম কৰা অভিনেতাগৰাকীৰ প্ৰায়বোৰ ছবিয়ে দিব বিচাৰে সমাজলৈ একোটা বিশেষ বাৰ্তা৷ যি বাৰ্তাই ক'ব বিচাৰে ব্যৱস্থাৰ সলনিৰ কথা৷ তেওঁৰ মৃত্যুৰ পাছত পুনৰ এবাৰ উপভোগ কৰিলোঁ ২০১০ চনত নিৰ্মাণ হোৱা 'পান সিং টোমাৰ' নামৰ ছবিখন৷ এছিয়ান গেমছত ভাৰতক প্ৰতিনিদিত্ব কৰা এসময়ৰ ভাৰতীয় সেনা জোৱান পান সিং টোমাৰৰ কাহিনী সকলোৰে মাজলৈ লৈ আহিছিল এই ছবিখনে৷ টোমাৰৰ জীৱনভিত্তিত নিৰ্মাণ কৰা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খানে৷ কিদৰে চৰকাৰী ব্যৱস্থাবোৰৰ প্ৰতি আস্থা হেৰুৱাই ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা এজন দুৰন্ত দৌৰবিদ ৰূপান্তৰিত হৈছিল বিদ্ৰোহী তথা চম্বলৰ কুখ্যাত ডকাইতলৈ! ভূমিজনিত পাৰিবাৰিক কন্দল মীমাংসাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনীয় লোকৰ পৰা সময়োচিত সঁহাৰি পোৱাহেঁতেন টোমাৰ খেলুৱৈ সৈনিক হিচাপে চিৰদিন পৰিচিত হৈয়ে ৰ'লহেঁতেন৷ কিন্তু পৰিতাপৰ কথা যে আৰক্ষীৰ অভিযানত বিদ্ৰোহী হিচাপেহে টোমাৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷ এই কাহিনীয়ে কেৱল এজন টোমাৰৰ কথাই কৈছেনে? এই কাহিনীয়ে সেই ব্যৱস্থাৰ আঁসোৱাহৰ কথা কয়, যি ব্যৱস্থাই এটি উজ্জল নক্ষত্ৰক ঠেলি দিয়ে অন্ধকাৰৰ শেষ সীমনালৈ৷

কাকতলীয় সংযোগ বুলি ক'লেও হয়তো ভুল নহ'ব; ইৰফান খানৰ মৃত্যুৰ ঠিক কিছুদিন আগেয়ে উপভোগ কৰিছিলোঁ মন মগজু আন্দোলিত কৰা তেওঁৰে আন এখন ছবি 'মাদাৰী'৷ বান্দৰ অথবা ভালুক নচুওৱা মানুহজনেই মাদাৰী নহয় জানো? এই ছবিখনত দেশৰ গৃহমন্ত্ৰীৰ সন্তানক অপহৰণ কৰি নি মন্ত্ৰীজনৰ লগতে শাসন ব্যৱস্থাৰ লগত জড়িত গোটেই মানুহখিনিকে নচুৱায় অপহৰণকাৰীৰ চৰিত্ৰত অভিনয় কৰা ইৰফান খানে৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰে কোঙা কৰা দেশখনত উন্নয়ণমূলক কামবোৰ কিদৰে নিম্নমানেৰে কৰা হয়, ৰাজকোষৰ ধনবোৰৰে কাৰ পকেট গৰম হয় আৰু সাধাৰণ জনতাই তাৰ কি দুখদায়ক পৰিণাম ভূগিবলগীয়া হয়… সেইবোৰ খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে ছবিখনত৷ অতি নিম্নমানেৰে নিৰ্মাণ কৰা উৰণীয়া সেঁতু এখন খহি পৰাত নিজৰ একমাত্ৰ সন্তানটি হেৰুৱাই এদিন প্ৰতিশোধ পৰায়ণ হৈ উঠে এগৰাকী হতভগা পিতৃ৷ হেৰুৱাবলৈ একো নাই, সেয়ে জীৱনৰ প্ৰতি কোনো ভয় নাই৷ বিদ্ৰোহী পিতৃগৰাকীয়ে এদিন অতি চাতুৰালিৰে অপহৰণ কৰে গৃহমন্ত্ৰীৰ সন্তানক৷ তাৰ পাছত সেঁতু নিৰ্মাণৰ কামত গাফিলতি কৰা প্ৰতিজন চৰকাৰী বিষয়া, অভিযন্তা আৰু শাসকীয় দলৰ নেতাক জনতাৰ আগত জবাবদিহি হ'বলৈ বাধ্য কৰা হয়৷ এই ছবিখনতো খুবে সৱল আৰু সংবেদনশীলভাৱে দাঙি ধৰা হয় ব্যৱস্থাৰ আঁসোৱাহৰ কথা৷  

ছবি তথা চিনেমা আজিও শক্তিশালী গণমাধ্যম৷ যাৰ জৰিয়তে সৱল জনমত গঠন কৰিব পাৰি, মানুহক সজাগ-সচেতন কৰিব পাৰি৷ একোখন চিনেমাই মাত্ৰ এটা কাহিনীয়ে নকয়, সমাজ তথা দেশত হৈ থকা অনেক কাহিনী সেই এটা কাহিনীৰ মাজেৰে দাঙি ধৰাৰ যত্ন কৰা হয়৷ ব্যৱস্থাৰ আঁসোৱাহ, দুৰ্নীতি-অনিয়ম, সমাজ পৰিৱৰ্তনৰ বাৰ্তাৰে সময়ে সময়ে বহু চিনেমা নিৰ্মাণ হৈ আহিছে৷ শেহতীয়াকৈ উপভোগ কৰা ইৰফান খানৰ এই তিনিওখন ছবিয়ে সমাজ ব্যৱস্থাৰ আঁসোৱাহৰ একোটা জীয়া কাহিনী দাঙি ধৰিছে দৰ্শকৰ সম্মুখত৷

No comments:

Post a Comment