তাজাখবৰঃ ঘৰমূৱা শ্ৰমিকৰ সংকটৰ বিষয়ত উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিলে নতুন নিৰ্দেশনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ ঘৰমূৱা শ্ৰমিকৰ সংকটৰ বিষয়ত উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিলে নতুন নিৰ্দেশনা

তাজাখবৰঃ ঘৰমূৱা শ্ৰমিকৰ সংকটৰ বিষয়ত উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিলে নতুন নিৰ্দেশনা

Share This

 আজি উচ্চতম ন্য়ায়ালয়ে ভিন্ন ৰাজ্যত কৰ্মৰত শ্ৰমিক সকলক গৃহ ৰাজ্য তথা জিলালৈ ঘূৰি যোৱাৰ সময়ত দেখা দিয়া সংকটক লৈ স্ব-জ্ঞানে ৰুজু কৰা গোচৰত কিছুমান নিৰ্দেশনা জাৰি কৰাৰ খবৰ প্ৰকাশ কৰিলে লাইভ-ল নামৰ ৱেব পৰ্টেলে। সেই সমূহ এনেধৰণৰ-

১. সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে 'আৱদ্ধ শ্ৰমিক' সকৰ চিনাক্ত কৰি ১৫ দিনৰ ভিতৰত নিজ নিজ গৃহ ৰাজ্যলৈ উভতাই নিবলৈ পদক্ষেপ লব লাগিব।

২. ঘৰ অভিমুখে পদব্ৰজে ৰাওনা হোৱা বা ট্ৰেইনৰ ষ্টেচন ভিৰ কৰা আদি লকডাউনৰ নীতি ভংগৰ কেচ সমূহ উঠাই লোৱাৰ বাবে ৰাজ্য সমূহে বিচাৰ কৰিব লাগিব।


৩. শ্ৰমিক ট্ৰেইন বিচাৰিলে ২৪ঘণ্টাৰ ভিতৰত ৰেলৱেই শ্ৰমিক ট্ৰেইন দিবলৈ নিৰ্দেশ।

৪. প্ৰব্ৰজিত শ্ৰমিকৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ ৰাজহুৱা কৰাৰ লগতে প্ৰচাৰ কৰক আৰু কাম হেৰুওৱা সকলক সহায়ৰ বাবে হেল্প-ডেক্সৰ ব্যৱস্থা কৰক।

৫. ঘৰমূৱা শ্ৰমিকৰ এক পদ্ধতিগত তালিকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব লাগিব।

৬. নিবনুৱা সাহাৰ্যৰ কথা বিবেচনা কৰক আৰু দক্ষতা থকা সকলৰ দক্ষতাৰ সূচী তৈয়াৰ কৰিব লাগিব।

৭. ঘৰমূৱা হব বিচৰা সকলৰ বাবে পৰামৰ্শ সেৱা কেন্দ্ৰ মুকলি কৰক।


অহা ৮ জুনত পৰবৰ্তী শুনানিত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়টো পুনৰীক্ষণ কৰিব উচ্চতম ন্যায়ালয়ে। ২৬ মেত Suo moto হিচাবে গ্ৰহণ কৰা গোচৰটোত ২৯মে' ত উচ্চতম ন্যায়ালয়ে শ্ৰমিকৰ বাবে বিনামূলীয়া ঘৰমূৱা ভ্ৰমণ, খোৱাবস্তু আৰু পানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিছিল। পূৰ্বতে দেশৰ আগশাৰীৰ ২০গৰাকী অধিবক্তা, পূৰ্ব-জাজ সকলে ন্যায়ালয়ে এই বিশাল মানৱতাৰ সংকট বিষয়ত নিস্পৃহ ভূমিকা লোৱা বুলিও সমালোচনা কৰিছিল। 

No comments:

Post a Comment