বিশ্লেষণঃ দুখীয়া লােকৰ বাবে বিদ্যুৎ সহজলভ্য নহ’ব :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ দুখীয়া লােকৰ বাবে বিদ্যুৎ সহজলভ্য নহ’ব  :: অনন্ত কলিতা

বিশ্লেষণঃ দুখীয়া লােকৰ বাবে বিদ্যুৎ সহজলভ্য নহ’ব :: অনন্ত কলিতা

Share This
দুখীয়া লােকৰ বাবে বিদ্যুৎ সহজলভ্য নহ’ব
অনন্ত কলিতা
কেন্দ্রীয় চৰকাৰে ইলেট্রিচিটি এক্ট-২০০৩ৰ সংশােধন কৰি ইলেট্রিচিটি (সংশােধী) এক্ট- ২০২০ নামৰ এক নতুন আইন প্রণয়ন কৰিৰবৰ বাবে যো-জা কৰিছে। এইখন বিধেয়ক আইনত পৰিণত হ'লে ৰাজ্যসমূহৰ বিদ্যুৎ বিতৰণ তথা ৰাজ্যবােৰে জনসাধাৰণক ৰাজ-সাহাৰ্য্যযুক্ত বিদ্যুৎ যােগানৰ কোনো অধিকাৰ নাথাকিব। তদুপৰি ভাৰতৰ সংবিধানত বিদ্যুৎ যুগ্ম তালিকাত (Concurrent List) আছে অর্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ বিদ্যুৎখণ্ডৰ ওপৰত সমান অধিকাৰ আছে। প্রস্তাবিত সংশােধনীৰ দ্বাৰা বিদ্যুতৰ ওপৰত ৰাজ্য চৰকাৰবােৰৰ অধিকাৰৰ বিলুপ্তি ঘটাই বিদ্যুৎ বিতৰণৰ দায়িত্ব সম্পূর্ণভারে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব। যদিও সমাজৰ দুর্বল অংশক বিদ্যুতৰ বাবে দিয়া ৰাজসাহাৰ্য্য প্রত্যক্ষভাৱে নগদ (DBT) আদায় দিয়াৰ ব্যৱস্থাৰ কথা কৈছে কার্যতঃ বিদ্যুৎ সকলে৷ লােকৰ বাবে অতি খৰচী হৈ পৰিব। 
প্রস্তাৱিত বিদ্যুৎ আইন সংশােধনী বিধেয়কখন আইনত পৰিণত হ'লে বিদ্যৎ যোগানৰ বাবে জনসাধাৰণে ব্যক্তিগত পুঁজিপতিৰ দয়াৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব। প্রস্তাবিত বিদ্যুৎ সংশােধনী আইনখন সদৌ ভাৰত বিদ্যুৎ কর্মচাৰী ইউনিয়ন আৰু বিষয়া ইউনিয়নে তীব্র বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে। অসমৰ ৰাজ্যসভাৰ সদস্য শ্ৰীযুত অজিত কুমাৰ ভূঞাই এই প্রস্তাবিত বিদ্যুৎ (সংশোধনী) বিধেয়কখন বিৰোধিতা কৰি কেন্দ্রীয় শক্তি মন্ত্ৰীলৈ পত্র প্রেৰণ কৰিছে। শ্রীভূঞাই অসমৰ মুখ্যমন্ত্রীকে চিঠি লিখিছে এইখন বিধেয়কৰ বিৰােধিতা কৰিবলৈ যিহেতু বিধেয়কখন আইনত পৰিণত হলে অসম চৰকাৰৰো বিদ্যুতৰ ওপৰত কোনাে অধিকাৰ নাথাকিব।

Cross Subsidy বা পাৰম্পৰিক ৰাজসাহাৰ্য্যৰ অর্থ হ’ল এই ৰাজসাহাৰ্য্য চৰকাৰে বা কোনাে কর্তৃপক্ষই বিদ্যুৎ গ্রাহকৰ মাজত এনেকুৱাকৈ বিভাজন কৰে যাতে কম বিদ্যুৎ ব্যৱহাৰকাৰী গ্রাহকসকলে গড় বিদ্যুত দামতকৈ অনেক কম দামতে বিদ্যুৎ যােগান পায়। আনফালে অধিক পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰকাৰীয়ে বিদুতৰ গড় মূল্যৰ হাৰতকৈ বেছি মূল্য দিব লগা হয়। ৰাজ্যৰ বিদ্যুৎ পৰিষদবােৰে নিয়ােজিত পুঁজিৰ ৩ শতাংশ অধিক পৰিমাণৰ পুঁজিৰ হিচাপত ধৰি বিদ্যুতৰ মাচুল নির্ধাৰণ কৰিব পাৰে। ইয়াৰ ফলত উৎপাদিত খৰচৰ লগত সামঞ্জস্য ৰাখি বিদ্যুৎ বিক্ৰী কৰাৰ ব্যৱস্থাৰ সৃষ্টি হৈছে। বিদ্যুৎ কম মূল্যতে উপলব্ধ হােৱা বাবে দুখীয়া তথা নিম্ন মধ্যবিত্ত লােকসকলে যথেষ্ট সকাহ পাইছিল আৰু পৰােক্ষভাৱে দেশব দুর্বলশ্রেণীৰ লােকসকলৰ জীৱন নির্বাহত তথা অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰীৰ মূল্য হ্রাস হৈ থকাত সহায়ক হৈছিল।

১৯৪৮ চনত প্রণয়ন কৰা বিদ্যুৎ আইনখনত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ বিদ্যুৎ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভূমিকাক স্বীকাৰ কৰি লৈছিল। ইয়াৰ ফলত বিদ্যুতৰ মূল্য নির্ধাৰণত ৰাজ্য চৰকাৰবােৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিছিল। ৰাজ্য চৰকাৰবােৰৰ বিদ্যুতৰ মূল্য নির্ধাৰণত আইনগত অধিকাৰ থকা কাৰণেই বিদ্যুৎ পৰিষদবােৰে বিদ্যুতৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লােৱাৰ পাছতাে অনেক ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰি সাধাৰণ জনগণৰ স্বাৰ্থত বিদ্যুতৰ মূল্য কমাই ৰাখিছিল।

দেশৰ বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ ধাৰণা প্রথম উদ্ভাষিত হৈছিল ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত। বাজপেয়ীৰ নেতৃত্বৰ এন ডি এ চৰকাবে বিদ্যুৎ নীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন ঘটাই বিদ্যুৎ নিয়ন্ত্রণ কমিচন নামৰ এটা সংস্থা গঠন কৰিছিল আৰু ৰাজ্য সমূহতাে গঠিত হৈছিল ৰাজ্যিক বিদ্যুৎ নিয়ন্ত্রণ কমিচন। বিদ্যুৎ নিয়ন্ত্রণ কমিচনক বিচাৰ বিভাগীয় মর্যাদা দিছিল। সামগ্রীকভাৱে বিদ্যুতৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰবোৰৰ প্রত্যক্ষ নিয়ন্ত্রণ বন্ধ কৰিছিল।

ভাৰত স্বাধীন হােৱাৰ পাছতেই জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰত চৰকাৰে পৰাধীন ভাৰতব বিদ্যুৎ আইন Indian Electric Act, 1910'ৰ আমূল পৰিবর্তন কৰি Electricity (Supply) Act, 1948 নামৰ এখন নতুন আইন প্রণয়ন কৰিছিল। এই আইনৰ দ্বাৰা বিদ্যুতক সার্বজনীন ব্যৱহাৰৰ সামগ্ৰী হিচাপে আইনী মর্যাদা অর্পণ কৰিছিল। এইখন আইনৰ ভিত্তিতে দেশব ৰাজ্য়সমূহে বিদ্যুৎ পৰিষদবােৰ গঠন কৰাৰ সুবিধা হৈছিল আৰু ৰাজ্যবোৰে নিজৰ ৰাজ্যৰ বাবে সুকীয়া বিদ্যুৎ পৰিষদ গঠন কৰিছিল। বিদ্যুৎ ভাৰতীয় সংবিধানৰ Article 246 অনুযায়ী যুগ্ম তালিকাত অন্তর্ভুক্ত। এই আইন অনুযায়ী ভাৰতবর্য কল্যাণকামী ৰাষ্ট্ৰ হিচাপে বিদ্যুতক অলাভজনক সামগ্ৰী হিচাপে গণ্য কৰাৰ উপৰি সমাজৰ সকলাে অংশৰ মানুহৰ ব্যৱহাৰৰ উপযােগী কৰাৰ কাৰণে পাৰস্পৰিক ৰাজসাহাৰ্য্যৰ (Cross subsidy) ব্যৱস্থা ৰখিছিল।

২০০৪ চনত বাওঁপন্থী দলবােৰৰ সমৰ্থনত কেন্দ্ৰত ইউ পি এ-১ চৰকাৰ প্রতিষ্ঠিত হােৱাত বাওঁদলবােৰৰ হেঁচাত ২০০৩ত প্রণয়ন কৰা বিদ্যুৎ আইনখনৰ জনস্বার্থবিৰােধী ধাৰাবােৰ সংশােধন কৰা হৈছিল, যিটোৰ ফলত দুখীয়া লােকসকলে অতি কম মূল্যতে বিদ্যুৎ যােগান পাই আছে। তদুপৰি এইখন আইনৰ ফলতে ভাৰতৰ ৯৭ শতাংশ গাঁৱলৈ বিদ্যুৎ সংযােগ হৈছে। বিজেপি চৰকাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ ছবিসহ বিজ্ঞাপন দি ইয়াব কৃৰ্তিত্ব দাবী কৰিলেও প্রকৃততে ইয়াৰ কৃৰ্তিত্ব বাওঁপন্থী দলবােৰৰহে। অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বব এন ডি এ চৰকাৰৰ দিনত প্রণয়ন কৰা আইনখন সংশােধন নহ'লে দেশৰ ৮০ কোটি লােক এতিয়াও এন্ধাৰত থাকিব লাগিলহেঁতেন।

প্রস্তাৱিত ‘বিদ্যুৎ (সংশােধনী) বিধেয়ক, ২০২০’খন আইনত পৰিণত হ'লে (ক) বর্তমান বিদ্যুৎ মাচুলৰ লগত থকা সার্বজনীন ৰাজসাহাৰ্য্যৰ ব্যৱস্থাৰ বিলুপ্তি ঘটিব আৰু ফলস্বৰূপে বিদ্যুতৰ দাম অধিক হাৰত বৃদ্ধি পাব।(খ) সামগ্রিকগভাৱে বিদ্যুৎ সেৱা লাভখােৰ ব্যক্তিগত ব্যৱসায়ী গােষ্ঠীৰ হাতলৈ গুচি যাব। ইজ অব দুয়িং বিজিনেছৰ নামত বিদ্যুতৰ গ্ৰাহকসকল লাভখােৰ ব্যৱসায়ী গােষ্ঠীৰ হাতোৰাত বন্দী হ’ব। (গ) ভাৰতৰ সংবিধান অনুযায়ী বিদ্যুৎ উমৈহতীয়া অধিকাৰৰ তালিকাত আছে কিন্তু এই প্রস্তাৱিত আইনে বিদ্যুতৰ ওপৰত ৰাজ্যবােৰৰ অধিকাৰৰ সম্পূর্ণ বিলুপ্তি ঘটাৰ বিপৰীতে লাভখােৰ ব্যৱসায়ী গােষ্ঠীৰ নিয়ন্ত্ৰণলৈ গুছি যাব সম্পূর্ণ বিদ্যুৎ যােগান ব্যৱস্থা। (ঘ) ৰাজহুৱা ধনৰে সৃষ্টি কৰা বিদ্যুৎ সেৱাৰ লগত জড়িত থকা আর্থ-সামাজিক বিষয়বােৰৰ গুৰুত্ব নােহােৱা হ'ব আৰু তাৰ ঠাইত বজাৰ নিয়ন্ত্রিত ব্যৱস্থাই গড় ল’ব। এই ব্যৱস্থাত বিদ্যুতৰ মাচুল আকাশলংঘী হ'ব।

প্রস্তাবিত আইনখনৰ দ্বাৰা বিদ্যুৎ খণ্ডত উৎপাদন প্রৱহন আৰু বিতৰণৰ ব্যক্তিখণ্ডৰ বাবে লাভজনক ব্যৱসায়ত পৰিণত কৰিছে। বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত তিনিখলপীয়া ব্যৱসায়ৰ ব্যৱস্থাৰ প্ৰস্তাৱ কৰিছে। বিতৰণ লাইচেন্সী, উপবিতৰণ লাইচেন্সী আৰু ফ্ৰেনচাইজী। ফ্ৰেনচাইজীৰ বাবে কোনাে ধৰণৰ অনুজ্ঞাপত্ৰৰ (License) প্রয়ােজন নাই। এনেদৰে বিদ্যুৎ বিতৰণ খণ্ডটো ভাঙি-চিঙি এটা অনানুষ্ঠানিক (Informal Sector)লৈ ৰূপান্তৰ কৰিব বিচাৰিছে মােডী চৰকাৰে। লাভখােৰ ফ্ৰোইচী সংস্থাবােৰে অতি কম মজুৰিতে তথা অধিক ঘণ্টাৰ কামৰ সময়ৰ বাবে শ্ৰমিকসকলক ব্যৱহাৰ কৰিব, তদুপৰি সুৰক্ষা আৰু নিৰাপত্তাৰ দিশবােৰ জলাঞ্জলি দিব। এই নতুন আইনমতে এক নতুন ধৰণৰ ‘অর্ধ-ন্যায়িক প্রাধিকাৰী’ (Electricity Contract Enforcement Authority) গঠন কৰিব যিখনৰ দ্বাৰা বিদ্যুতৰ ব্যক্তিগত গােষ্ঠীৰ ব্যৱসায়িক স্বার্থ সুৰক্ষিত কৰিব। এই নতুন ব্যৱস্থাত সর্বসাধাৰণ গ্রাহকৰ স্বাৰ্থৰ বিৰুদ্ধে গ্ৰহণ কৰা কোনাে ধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰবােৰে হস্তক্ষেপ কৰি পুনৰ বিবেচনা কৰাৰ ক্ষমতা নাথাকিব। মােডী চৰকাৰে বিদ্যুতৰ ব্যৱসায়ীসকলৰ অভিলাষ পূৰণৰ স্বাৰ্থত ঘােষণা কৰিছে যে বিদ্যুতৰ ক্ষেত্ৰত ৰাইজে যি ৰাজসাহাৰ্য্য লাভ কৰি আহিছে সেৱা কেৱল নিম্ন আয়ৰ লােকসকলৰ বাবেহে প্রযােজ্য হােৱা উচিত। লগতে এই বিদ্যুতৰ ৰাজসাহায্য প্রত্যক্ষভাৱে নগদ ধন জমা (Direct Benefit Transfer) ব্যৱহাৰে এল পি জিৰ লেখীয়া ব্যৱস্থাৰে হস্তান্তৰ কৰিব। সামগ্রিকভাৱে মােডী চৰকাৰে বিদ্যুৎ ক্ষেত্ৰক সাধাৰণ ভােগ্য পণ্যৰ বজাৰৰ নিচিনাকৈ প্রতিষ্ঠা কৰিব বিচাৰিছে।

প্ৰকৃততে এখন দেশৰ সামগ্রিক উন্নয়নৰ তথা জনসাধাৰণৰ উন্নয়নৰ চিন্তা কৰিবলৈ হ'লে বিদ্যুতৰ ক্ষেত্ৰত মােডী চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ অনুৰূপ নহয়। উৎপাদন প্রকল্প বিদ্যুৎ উৎপাদন কবি এক নির্দিষ্ট প্রবহন ব্যৱস্থাৰে প্রবাহিত কৰি আনি বিতৰণ ব্যৱস্থাৰে গ্ৰাহকসকললৈ বিদ্যুৎ সেৱা যােগান ধৰাৰ মাজেৰে কেবালানি জটিল প্রক্রিয়া অতিক্রম কৰিবলগীয়া হয়। এইটো অৱধাৰিত যে বিদ্যুৎ যােগানৰ এই সুদীর্ঘ পৰিক্ৰমাত পদার্থ বিজ্ঞানৰ নিয়ম অনুযায়ীয়েই কিছু শক্তিৰ অপচয় হৈ কিছু পৰিমাণৰ অন্তর্নিহিত লােকচান হ'বই। 

তথাপি মানৱ সভ্যতাৰ ক্ষেত্ৰত বিদ্যুৎ ইমান অপৰিহাৰ্য যে ১৯১৭ চনত ভি আই লেনিনে চোভিয়েট ইউনিয়ন প্রতিষ্ঠা কৰি জনসাধাৰণক দুখ-যন্ত্রণাৰ পৰা উন্নত জীৱন ধাৰণৰ পথলৈ লৈ তথা চোভিয়েট ইউনিয়নক এখন অতি উন্নত দেশত পৰিণত কৰিবলৈ বিদ্যুতক এক অপৰিহাৰ্য শক্তি হিচাবে আখ্যা দিছিল। 

ভাৰততো জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ আর্থিক স্বাধীনতা সমৃদ্ধ কৰাৰ বাবে ব্যাপক হাৰত বিদ্যুতৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ লক্ষ্য লৈছিল। সেই সময়ছোৱাত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে তীখা, সাৰ গধুৰ উদ্যোগকে ধৰি আন বুনিয়াদী ক্ষেত্ৰবোৰত ৰাজহুৱা প্রতিষ্ঠানবোৰ স্থাপিত হৈছিল। যুদ্ধোত্তৰ ভাৰতবৰ্ষৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে আঞ্চলিক পৰ্যায়ত বিদ্যুৎ খণ্ডৰ সহযােগিতামূলক বিকাশৰ গুৰুত্ব বাঢ়ি আহিছিল। সেই সময় দেশব কর্ণধাৰসকলে সঠিকভাবেই বুজিব পাৰিছিল যে যদিহে বিদ্যুৎ সেৱাৰ সুফলবোৰ মফচলীয় অথবা গাঁও অঞ্চললৈ দক্ষতাৰে প্ৰৱাহিত কৰা নহয়, তেন্তে সামূহিক বিকাশ সম্ভৱপৰ নহয়। বিকাশৰ পৰিসীমা কেৱল চহৰাঞ্চলতে সীমাবদ্ধ নাৰাখি সর্বস্তৰত সম্প্ৰসাৰণ কৰিব লাগিব। এক সুসংহত বিদ্যুৎ ব্যয়, য'ত উৎপাদন, প্রবাহ আৰু বিতৰণ ক্ষেত্রত আইনগত আৰু প্রতিষ্ঠানিক আধাৰত নিশ্চিত হ’ব সেই লক্ষ্যৰে বিদ্যুৎ (যােগান) আইন প্রণয়ন কৰিছিল। এই আইনৰ আধাৰতে বিভিন্ন ৰাজ্যত বিদ্যুৎ পবিষদবােৰ গঠিত হৈছিল আৰু চুকে-কোণে বিদ্যুৎ সেৱা বিয়পাই দিয়াৰ ভেটিটো গঢ়ি উঠিছিল।

বৈদ্যুতিকৰণৰ যােগেদি কৃষি, বাণিজ্য, উদ্যোগ, স্বাস্থ্য, শিক্ষা, যোগাযােগ আৰু যাতায়াতৰ দ্রুত বিকাশৰ পথ মুকলি হৈছিল। বিদ্যুৎ যােগানৰ বাবে লাভ অর্জনক গুৰুত্ব নিদিয়াকৈ ১৯৪৮ চনৰ বিদ্যৎ আইনৰ দৃষ্টিভংগীত বিদ্যুৎ সেৱা সামগ্রিকভাৱে আর্থ-সামাজিক বিকাশৰ স্বাৰ্থত অন্যতম উপাদান হিচাপে স্বীকৃত হৈছিল। লাভক লক্ষ্য হিচাপে নলৈ দেশৰ চুকে-কোনে উন্নয়ন ত্বৰান্বিত কৰাটোহে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত মূল  বিষয় আছিল। স্বাধীনতাৰ প্রথম চাৰিটা দশকত বিদ্যুৎ পৰিষদবােৰে আর্থিক লাভৰ মুখ দেখাই নাছিল। তৎসত্ত্বেও বিদ্যুৎ পৰিষদবােৰৰ কার্যাৱলীৰ মাজেৰে দেশ নির্মাণৰ এক মহান কার্য সাধিত হৈছিল। দেশৰ ১.৫ (II.P) জলসিঞ্চন পাম্পছেটলৈ শক্তি যােগান ধৰি কৃষি খণ্ডত সেউজ বিপ্লৱৰ তৰংগ বােৱাই নিয়াৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰিছিল এই বিদ্যুৎ পৰিষদবােৰে। পৰিণতিত, স্বাধীনতা সময়ৰ ক্ষুধাগ্রস্ত ভাৰতবৰ্ষই এক খাদ্য চাৰপ্লাছ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাটো সম্ভৱ হৈছিল। 

অতি গুৰুত্বপূর্ণ বিষয় হ’ল পাৰস্পৰিক ৰাজসাহাৰ্য্য (cross subsidy)। বর্তমান যিসকলৰ আর্থিক সংগতি অধিক পৰিমাণগত ভাৱে বেছি বিদ্যুৎ ব্যৱহাৰ কৰে, এওঁলােকৰ পৰা অলপ বেছি মাচুল লৈ সেই অতিৰিক্ত আয়ৰ দ্বাৰা যিসকল গৰিব লােক আৰু কম বিদ্যুৎ ব্যৱহাৰকাৰী তেওঁলােকক কিছু কম দামত বিদ্যুৎ যােগান দি আছিল। এই নতুন আইন প্ৰৱৰ্তন হ'লে অনেক বিদ্যুৎ বিতৰণ কোম্পানী থাকিব। একে অঞ্চলৰে বেলেগ বেলেগ পৰিয়ালে বেলেগ বিদ্যুৎ কোম্পানীৰ পৰা বিদ্যুৎ ল'ব পাৰিব। বর্তমান আমাৰ ৰাজ্যতে প্রায় ৭০ শতাংশ লােকে পাৰস্পৰিক ৰাজসাহাৰ্য্যৰ (cross subsidy) হাৰত বিদ্যুৎ যােগান পায়। এই আইনখন বলবৎ হলে দেশৰ ৭০ শতাংশ দুখীয়া পৰিয়ালেবােৰেও অধিক দামতহে বিদ্যুৎ যােগান পাব। ফলশ্রুতিত কম বিদ্যুৎ ব্যৱহাৰকাৰী পৰিয়ালবােৰক কোম্পানীবােৰে বিদ্যুৎ সংযােগ নিবলৈ ইচ্ছা নকৰিব। বিভিন্ন অজুহাত দেখুৱাই বিদ্যুৎ সংযােগ নিদিয়াকৈ থাকিব তথা বিভিন্ন প্রকাৰৰ হাৰাশাস্তি কৰিব। ইতিম ২০০৩ চনৰ পাছত বিদ্যুতৰ মাচুলৰ মূল্য ছয়ৰ পৰা আঠ গুণ বৃদ্ধি হৈছে। ইতিমধ্যে ৩৪টা তাপ বিদ্যুৎ উৎপাদন কেন্দ্র ব্যক্তিগত খণ্ডত গঢ়ি উঠিছে। বিদ্যুৎ কোম্পানীবােৰৰ বাণিজ্যিক বেংকবােৰত অনাদায়ী ঋণ (NPA) ছয় লাখ কোটি টকাতকৈয়াে অধিক হৈছে। সেইবাবে এওঁলােকে অধিক দামত বিদ্যুৎ বিক্ৰী কৰিব খােজে। প্রস্তাবিত নতুন ব্যৱস্থাত বিদ্যুতৰ দাম বঢ়াই দিয়াত কোনাে বাধা নাথাকিব। প্রস্তাবিত আইনখন বলবৎ হলে ব্যক্তিগত বিতৰণ কোম্পানীবােৰে তেওঁলােকৰ ইচ্ছা পুৰণ কৰিব পাৰিব। এওঁলােকৰ ইচ্ছা অনুযায়ী ঠিক কৰা দামত বিদ্যুৎ বিক্ৰী কৰিব পাৰিব। এনে ব্যৱস্থাই চিৰকাললৈ বিজুলীক সমাজৰ সমতুল বিকাশৰ বাবে 'অত্যাৱশ্যকীয়' প্ৰয়োজনৰ ধাৰণাৰ বাহিৰত, কেৱল বাণিজ্যৰ আহিলালৈ ৰূপান্তৰিত কৰি পেলাব। 
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক)
ফোনঃ ৯৪৩৫০৪১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। 

No comments:

Post a Comment