
সংবাদ শিৰোনাম দখল কৰা বাঘজান চাই আহিলোঁ। বুকুত ক্ষোভ লৈ আহিলোঁ। প্ৰশ্ন হৈছিল, ভুল কাৰ, ভোক কাৰ, প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্য আৰু বাঘজানবাসীৰ দুৰৱস্থাৰ অন্ত কেতিয়ালৈ। সঁচাকৈ সম্ভৱ হবনে দেশী-বিদেশী বিশেষজ্ঞৰ দলৰ দ্বাৰা বাঘজান তৈলক্ষেত্ৰৰ ব্ল-আউট হোৱা বিজিআৰ#৫ নম্বৰ তৈলকূপৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাটো। যোৱা ২৭ মে' ২০২০ৰ পুৱা ১০.৩০ বজাৰ পৰা অঞ্চলটোত এক হাহাকাৰ অৱস্থা। খবৰ আহিল তৈল সম্পদত ভাৰতৰ ভিতৰতে চহকী অঞ্চলটোত এক তৈল আপদ আৰম্ভ হ'ল। প্ৰচণ্ড শব্দ আহিল ৰীগ চাইটৰ পৰা। লগে লগে খবৰ বিয়পিল অইলৰ ৰিগত ব্ল-আউট!! ৰাইজৰ মাজত হাহাকাৰ, কৰ্মীৰ মাজত হাহাঁকাৰ। এতিয়া দহদিন পাৰ হৈ গ'ল, কি হৈছে কপিকূলৰ, কি হৈছে ৰাইজৰ? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে চাক্ষুস ভাৱে চাবলৈ গৈছিলো, এই সমস্যা-জৰ্জৰ পৰিস্থিতিটো, তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্ৰলৈ।
ভিডিঅ' সৌজন্যঃ fb.com/PROilIndiaLimited/
প্ৰথমেই এই তৈলক্ষেত্ৰখনৰৰ বিষয়ে প্ৰথমেই অলপ জানি লও আহকচোন। অইল ইণ্ডিয়া লিমিটেডে বাঘজানৰ পৰা দুলীয়াজনৰ সমীপৰ মধুবনস্থিত অইলৰ কেন্দ্ৰীয় গেছ সংগ্ৰহ কেন্দ্ৰ CGGS লৈ নীৰ্মিত পাইপ লাইন প্ৰকল্পত এই বুলি উল্লেখ কৰিছে "অইলে ২০২৩-২০২৯ বৰ্ষলৈ বাঘজানৰ পৰা প্ৰতিদিনে ৪.৫ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাড কিউবিক মিটাৰ গেছ উৎপাদন কৰিব পাৰিব আৰু ২০২৮ বৰ্ষত এই উৎপাদন সৰ্বোচ্চতম ৫.১৩৪ মিমিষ্টেকিমি প্ৰতিদিনে হব। আৰু ইয়াৰ বাবেই এক উচ্চ বহনক্ষম পাইপ লাইন বাঘজানৰ পৰা মধুবনলৈ নিৰ্মান কৰাটো অতি জৰুৰী। " ওপৰৰ তথ্যৰ পৰা এই কথা অনুমান কৰিব পাৰি যে বাঘজান গেছ ক্ষেত্ৰত কিমান পৰিমানৰ ৰাষ্ট্ৰীয় ৰাজহ (national revenue ) সম্পদ মজুত হৈ আছে।
প্ৰতিবদকে সংগ্ৰহ কৰা ভিডিঅ' আৰু ফটো
ক্ষতিগ্ৰস্ত ৰাইজ পথত বহি ৰৈছে এইদৰে। ফটো সৌজন্যঃ কনক গগৈ |
আমি দুপৰীয়া তিনিচুকীয়াৰ গুইজানহৈ ১২.২০ বজাত মাগুৰিত (নতুন গাওঁত) উপস্থিত হৈছিলোঁ। গাড়ী সমূহ তাতে ৰাখি আমি খোজেৰে তৈল বিস্ফোৰণ স্থলীৰ দিশে আগুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। তৈল বিস্ফোৰণস্থলী দিশে আগুৱাই যাওঁতে পোৱা দলংৰ ওপৰত আছিল এক মানবীয় হাহাকাৰ। ভূক্তভোগীৰ আৰ্তনাদ। কাষত কোনো নাই। প্ৰতিবাদ কৰিছে জীয়াই থাকিবলৈ। কি অৱস্থা। মাগুৰি বিলকে জীৱনৰ সমলৰ কৰি জীয়াই থকা বহু পৰিয়ালৰ এতিয়া কোনো উপাৰ্জন নাই। মাগুৰিয়ে এতিয়া তেওঁলোকৰ ভোক নিবাৰণ কৰিব নোৱাৰে। মাগুৰি এতিয়া প্ৰদূষিত । ভুল কাৰ? ভোক কাৰ? মনত দগমগাই উঠিল এই প্ৰশ্ন।
আমাক প্ৰতিবাদস্থলীৰ কিছু দূৰ আগুৱাই দিলে স্থানীয় উদ্যমী তথা প্ৰকৃতি পৰ্যটনেৰে অঞ্চলটোক তুলি ধৰা নিৰন্তৰ গোহাঁই দেৱে। তেওঁ মুখখন চাই লাগিল যুঁজি যুঁজি যেন তেওঁৱো যেন ভাগৰুৱা হৈ পৰিছে। তথাপি উপায়হীন কিন্তু যুঁজিবটো লাগিবই।
আমি তৈল বিস্ফোৰণস্থলী দিশে আগুৱালো। স্থানীয় ব্যক্তিক সুধি গম পালো দুই কিলোমিটাৰ দূৰত্ব হব । আগুৱাই গ'লো। অনুসৰণ কৰিলো বিৰাট শব্দৰে মাগুৰিক কঁপাই থকা এক উৎস । তেতিয়ালৈকে আমি একো দেখা নাই।
বাটত দেখিলোঁ গছৰ পাতবোৰত তেল বিৰিঙিছে। কিছু আগলৈ গৈ দেখিলো সেউজীয়া বনবোৰ ৰঙা পৰি মৰি গৈছে। বৈ অহা পানীৰ সোঁতবোৰত তেল উপঙিছে। কি ভয়ানক অৱস্থা। বুকুত বুজাব নোৱাৰা এক ক্ষোভ । কাৰ ভুল, কিয় এই অত্যাচাৰ? প্ৰশ্নবোৰ আকৌ মূৰ দাঙি উঠিল। ক্ৰমাত আমি আগলৈ গৈ থাকিলো। কৰ'বাত দেখিলো গছৰ পাতবোৰ সৰি গছবোৰ টকলা হৈছে। ক'ৰবাত দেখিলো ওখ বনানীবোৰ ৰঙাহৈ জ্বলি গৈছে। মুঠতে এক সেউজ আৰ্তনাদ চৌদিশে।
এনেদৰে প্ৰায় ১ কিলোমিটাৰ যোৱাৰ পিছত দূৰৈৰ আকাশত দেখা পালো ধোঁৱাময় এক অঞ্চল। বুজিবলৈ বাকী নাথাকিল। মাজে মাজে তৈল ৰিগৰ কিছু অংশ দেখা পাওঁ। ওচৰ চাপিব বিচাৰি ৰৈ গ'লো। তৈল চিটিকনি মুখত লাগিল। চকুবোৰ পুৰিব ধৰিল। মোবাইলৰ স্ক্ৰিন তৈল সামগ্ৰীৰ চিটিকনিয়ে ঢাকি পেলালে। আমি উভতি অহা সিদ্ধান্ত ল'লো। সেই সময়তেই দেখিলো কোবাকুবিকৈ এগৰাকী মহিলাই সঁজা এটাত কুকুৰা পোৱালী কেইটামানলৈ তৈল বিস্ফোৰণস্থলীৰ পিনৰ পৰা আহি আছে। ফটো এখন লবলৈ সাহস নহ'ল। নিজৰ লগতে আনক জীয়াই ৰখাৰ কি হাবিয়াস? আকৌ মনত ক্ষোভ জাগিল । ভুল কাৰ? ভোক কাৰ?
উভতি আহোঁতে বন্ধু দেৱশ্ৰী য়ে সংগ দিলে। বন্ধু লগত কথা পাতি আহি থাকোতে ভাইটি এজনে দেৱৰ্ষীক কোৱা কথা কেইষাৰে মোক বৰ মানসিকভাৱে ভাঙি পেলালে। "ছাৰ কেমেৰা আনিছে যদি সৌ গছ জোপাত থকা চৰাই বাঁহটো তুলি থৈ দিয়ক। চৰাইজনী বেছিদিন নাথাকিব ছাগে। "
আকৌ সেই ক্ষোভ ভুল কাৰ ? ভোক কাৰ? কিমান দিনলৈ চৰাই নাহিব , মাছ নাথাকিব? কাকলৈ মাগুৰি জীয়াই থাকিব? মাগুৰিৰ সেউজীয়াক ৰঙা কৰি পেলোৱাৰ বাবে দায়ী কোনো নহয় নে?
প্ৰতিটোৰ প্ৰশ্নৰ উত্তৰ আমি পাব লাগিব। এইয়া আমাৰ প্ৰাপ্য। বিষয় সংযুক্ত বহু কথা আলোচনা কৰি আমি উভতি আহিলোঁ।
চাবলৈ গ'লে ইমানতেই যাত্ৰা শেষ কিন্তু নহয়। কাৰণ আমি সময়ৰ অসুবিধাৰ বাবে বাঘজানৰ আশ্ৰয় শিবিৰৰ আৰ্তনাদৰ কাষত ঠিয় দিব নোৱাৰিলোঁ। আমি চেষ্টা কৰিম তেওঁলোকৰ কাষত সোনকালেই ঠিয় হবলৈ।
আজি এই বৰ্ণনাত আমি ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণ কৰা বিৰত আছোঁ। ইয়াৰো কাৰণ আছে। আমি বিশ্বাস কৰোঁ যেতিয়ালৈকে আমাৰ সাধাৰণ জনগণৰ বিবেক মাগুৰিৰ পৰিৱেশ বিনষ্টকলৈ আবেগিক নহব তেতিয়ালৈকে সমগ্ৰ ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণ তাত্ত্বিকৰ আগত তত্ত্ব জ্ঞান দিয়াৰ বাদে একো নহব । সাধাৰণ জনগণ সদায় এই বিষয় সমূহৰ পৰা আঁতৰি থাকিব। কালিলৈ বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা হব তাৰ পিছতেই আমাৰ সকলো হৈ চৈ হাহাকাৰ নিশ্চূপ হৈ যাব। কোনো নেতা হয়তো ধনী হব ,ৰাজনৈতিক মহানেতালৈ ৰূপান্তৰ হব।
সম্পাদকৰ সংযোজনঃ
বাঘজান তৈলক্ষেত্ৰৰ বিজিআৰ-৫ত গ্ৰহণ কৰা EMERGENCY RESPONSE ৰ শেহতীয়া স্থিতি কি? এই সন্দৰ্ভত OIL ৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা শেহতীয়া সাৰাংশ তলৰ ফটোত দেখিবলৈ পোৱা গৈছে।
![]() |
ফটো সৌজন্যঃ fb.com/PROilIndiaLimited/ |
কিন্তু, শেহতীয়াকৈ 09-06-2020 তাৰিখে এই তৈল কূপত জুই লগাৰ খবৰে সকলোকে হতভম্ব কৰিছে।
এই জুই ওচৰৰ গাঁৱলৈকো বিয়পাৰ খবৰ আহি পৰিছে।
#তাজাখবৰ বাঘজানৰ জুই লগা খাদৰ সমীপবৰ্তী গাঁৱৰ ৰাইজ সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে। প্ৰশাসনক ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ @CMOfficeAssam য়ে দিলে নিৰ্দেশ। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰেও আলোচনা মুখ্যমন্ত্ৰী @sarbanandsonwal ৰ।
প্ৰতিবেদক 'সন্মিলিত প্ৰয়াস' অনুষ্ঠানৰ এগৰাকী কৰ্ণধাৰ, ভূ-তত্ববিদ তথা xukhdukh.com ৰ সমল সম্পাদক।এই জুই ওচৰৰ গাঁৱলৈকো বিয়পাৰ খবৰ আহি পৰিছে।
#তাজাখবৰ বাঘজানৰ জুই লগা খাদৰ সমীপবৰ্তী গাঁৱৰ ৰাইজ সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে। প্ৰশাসনক ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ @CMOfficeAssam য়ে দিলে নিৰ্দেশ। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰেও আলোচনা মুখ্যমন্ত্ৰী @sarbanandsonwal ৰ।
No comments:
Post a Comment